কম্পিউটাৰ বিজ্ঞানত ‘০’ আৰু ‘১’ৰ ধাৰণা

লেখক- দেৱজ্যোতি বৰা

গাণিতিক বা সাংখ্যিকীয় দৰ্শন কম্পিউটাৰ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু। আধুনিক কম্পিউটাৰৰ আভ্যন্তৰীণ পৰিচালন পদ্ধতিৰ অধিকাংশই এই সাংখ্যিকীয় দৰ্শনৰ দ্বাৰাই পৰিচালিত হয়। এই দৰ্শনৰ মূল ভিত্তি হৈছে কেৱল দুটা অংক – ‘০’আৰু ‘১’। আধুনিক ডিজিটেল কম্পিউটাৰসমূহ এই দুটা অংকৰ বহুবিলাক জটিল গাঁঠনিৰ সমন্বয়তে কার্যক্ষম হৈ উঠে। সেই দিশৰ পৰা এই দুটা অংকক আধুনিক কম্পিউটাৰৰ প্ৰাথমিক উপাদান বুলিও ক’ব পৰা যায়।

পৰম্পৰাগত কম্পিউটাৰ শিক্ষাত সাংখ্যিকীয় দৰ্শনৰ কথা কওঁতে এইবুলি বুজোৱা হয় যে, কম্পিউটাৰক দিয়া সকলোবিলাক তথ্য বা নির্দেশক ই তৎমুহূর্ততে ‘০’ আৰু ‘১’ৰ কিছুমান সজ্জালৈ পৰিৱৰ্তন কৰি লয় আৰু মেমৰিত জমা কৰি ৰাখিব লগাখিনিও সেই ৰূপতে জমা কৰি ৰাখে । উদাহৰণস্বৰূপে, আমি যদি ‘অসম’ শব্দটো কম্পিউটাৰৰ মেমৰিত জমা ৰাখিব খোজোঁ তেনেহ’লে কম্পিউটাৰে সৰ্বপ্ৰথমে শব্দটো ‘০’ আৰু ‘১’-লৈ ৰূপান্তৰ কৰিব বা অনুবাদ কৰিব আৰু তাৰ পাছত সেই নতুন ৰূপতে মেমৰিত ভৰাই থ’ব। পাছত যেতিয়া আমাক সেই জমা কৰি থোৱা শব্দটো দৰকাৰ হ’ব তেতিয়া কম্পিউটাৰে মেমৰিত থকা সেই ‘০১’ সজ্জাটোক মানুহৰ ভাষালৈ অনুবাদ কৰি মণিটৰৰ যোগে প্ৰদৰ্শন কৰিব। কেৱল আখৰৰ ক্ষেত্ৰতে নহয়; ‘০’–ৰ পৰা ‘৯’-লৈ যিকোনো এটা অংকৰ ক্ষেত্ৰত বা সংখ্যাৰ ক্ষেত্ৰতো সেই একেটা কথাই প্রযোজ্য। উদাহৰণস্বৰূপে, ‘৩’ অংকটোক কম্পিউটাৰে ‘৩’ বুলি নুবুজে; দ্বি-ৰাশি (binary) সংখ্যা পদ্ধতিৰ ক্ষেত্ৰত বুজিব ‘০১১’ বুলি। সেইদৰে, ‘৩৫’ সংখ্যাটোক বুজিব ‘১০০০১১’ বুলিহে। ক’ত ‘৩৫’ আৰু ক’ত ‘১০০০১১’! কম্পিউটাৰে সহজ সংখ্যা এটাক অযথা জটিল কৰিহে গ্ৰহণ কৰে কিয়?

ঠিক এইখিনিতে অনুসন্ধিৎসু পঢ়ুৱৈ বা শিকাৰুৰ মনত প্ৰশ্ন হ’ব পাৰে যে, কম্পিউটাৰহেন এটা ‘বুদ্ধিমান’ তথা অত্যাধুনিক প্রযুক্তিৰে নিৰ্মিত যন্ত্ৰই যে কেৱল দুটা অংকহে চিনি পায় বা বুজি পায়, আনবিলাক অংকনো বুজি নাপায় কিয়? হয়, উচিত প্রশ্ন। অন্ততঃ সাংখ্যিকীয় দৰ্শন অধ্যয়ন কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে মনত এবাৰলৈ হ’লেও এই প্ৰশ্নটোৱে ভূমুকি মৰা উচিত। কিন্তু পৰিতাপৰ কথা যে, অধিকাংশ শিক্ষার্থীয়ে এইবিলাক কথা চিন্তা নকৰাকৈয়ে কেৱল সাংখ্যিকীয় দৰ্শনৰ গাণিতিক কলা কৌশলখিনি আয়ত্ত কৰি মূল বিষয়বস্তু নুবুজাকৈয়ে উচ্চ শিক্ষাৰ ডিগ্ৰী লাভ কৰে। অৱশ্যে, এইক্ষেত্ৰত পাঠ্যক্রমসমূহো কিছু পৰিমাণে জগৰীয়া। অধিকাংশ পাঠ্যপুথিতে চালে-বেৰে কোবাই মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি কৌশলতহে অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। এইখিনিতে উল্লেখযোগ্য যে গাণিতিক কলা-কৌশলৰ গুৰুত্ব কম্পিউটাৰ বিজ্ঞানত যথেষ্ট পৰিমাণে আছে আৰু শিক্ষার্থী এজনে এইখিনি ভালদৰে আয়ত্ত কৰাটো অতিকে প্রয়োজনীয় কথা। কিন্তু সেই একে সময়তে তেওঁলোকে এইখিনি কথানো কিহৰ বাবে শিকিছে, সেইখিনিৰ ব্যাৱহাৰিক গুৰুত্ব ক’ত সেয়া জনাও দৰকাৰ। অন্যথা, সেই শিক্ষা এক নীৰস চৰ্বিত-চৰ্বনৰ বাদে আন একো নহ’ব। কোনোবাই কথাটো বুজাই ক’ব লাগিব – কম্পিউটাৰেনো – কেৱল ‘০’ আৰু ‘১’ অংক দুটাকহে কিয় বুজি পায়; আনবিলাক সংখ্যা বা বর্ণকনো বুজি নাপায় কিয়?

প্ৰকৃততে কম্পিউটাৰে ‘০’ আৰু ‘১’ অংক দুটাও বুজি নাপায়। কম্পিউটাৰে ব্যৱহাৰকাৰীৰ নিৰ্দেশ বা তাৰ মেমৰিত জমা কৰিব খোজা কথাবিলাক বুজি পায় কেৱল তাৰ নিজস্ব বৈদ্যুতিক সংকেতপূর্ণ ৰূপতহে; যিখিনি সংকেত প্রত্যক্ষভাৱে পাঠোদ্ধাৰ কৰাটো মানুহৰ বাবে কোনোমতেই সম্ভৱ নহয়। মানুহে ধৰিহে লৈছে যে কম্পিউটাৰৰ এই বৈদ্যুতিক সংকেতপূর্ণ ভাষাটো কেৱল ‘০’ আৰু ‘১’ অংক দুটাৰ দ্বাৰা গঠিত। সাংখ্যিকীয় দৰ্শনৰ দ্বাৰা কম্পিউটাৰৰ ভাষাক মানুহে বুজিব পৰাকৈ বা সাংখ্যিকীয়ভাৱে প্ৰকাশ কৰিব পৰাকৈ সম্ভাৱ্য এটা ৰূপত উপস্থাপন কৰিবলৈহে প্ৰয়াস কৰা হৈছে। ইয়াৰ গুৰুত্ব এইখিনিতে যে এই দৰ্শনৰ দ্বাৰাহে কম্পিউটাৰৰ আভ্যন্তৰীণ কার্যপদ্ধতি বুজিব পৰা যায় আৰু এয়া বুজিলেহে কম্পিউটাৰৰ ন ন যন্ত্রাংশ নিৰ্মাণ কৰিব পৰা যায়।

অধিক কাৰিকৰী জটিলতালৈ নগৈ কম্পিউটাৰ মেমৰিতনো কি ৰূপত তথ্যসমূহ জমা হৈ থাকে সেই সম্পর্কে আলোচনা কৰা হওক । কম্পিউটাৰ মেমৰিক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হয় – প্রাথমিক (Primary) মেমৰি আৰু গৌণ (Secondary) মেমৰি। প্ৰাথমিক মেমৰি হৈছে কম্পিউটাৰ এটা সচল হ’বৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। RAM, ROM আদিবিলাক হৈছে প্ৰাথমিক মেমৰিৰ উদাহৰণ। প্রাথমিক মেমৰি অতিকে ক্ষীপ্ৰ, উন্নত আৰু দামী। আনহাতে গৌণ মেমৰি হৈছে কম্পিউটাৰৰ দ্বাৰা দীর্ঘ সময়ৰ বাবে তথ্য জমা কৰি ৰাখিব পৰা একোপদ আহিলা। হার্ড ডিস্ক, চিডি বা ডিভিডি, ফ্লপি, পে’ন ড্ৰাইভ আদিবিলাক হৈছে গৌণ মেমৰিৰ উদাহৰণ ৷ এই দুয়োবিধ মেমৰিত তথ্য সংৰক্ষণ পদ্ধতিৰ ক্ষেত্ৰত পার্থক্য আছে। প্রাথমিক মেমৰিত তথ্য সংৰক্ষণ কৰা হয় প্রত্যক্ষ বিদ্যুৎ সংকেতৰ দ্বাৰা; আনহাতে, পে’ন ড্ৰাইভৰ বাদে আনবিলাক গৌণ মেমৰিত তথ্য সংৰক্ষণ কৰা হয় বিদ্যুৎ চুম্বকীয় সংকেতৰ দ্বাৰা। আলোচনাৰ সুবিধার্থে এই লেখাত কেৱল প্রাথমিক মেমৰিৰ কথাই বিবেচনা কৰা হওক।

প্রাথমিক মেমৰি গঠিত হয় কিছুমান অৰ্ধ পৰিবাহী মাইক্ৰ’চিপ্‌চৰ দ্বাৰা। এটা RAM-ত এনে ধৰণৰ মাইক্ৰ’চিপ্ চাৰিটাৰ পৰা আঠোটা পর্যন্ত থাকিব পাৰি। এই চিপ্ সমূহত থকা অসংখ্য ক্ষুদ্রাতিক্ষুদ্র কোষ (Cell)-ক ধনাত্মক বা ঋণাত্মক বিদ্যুতেৰে আহিত কৰি তথ্য সংৰক্ষণ কৰা হয়। আনকথাত ক’বলৈ গ’লে প্ৰাথমিক মেমৰিত সঞ্চিত কৰিব লগা তথ্যৰাজিক কম্পিউটাৰৰ নিৰ্দিষ্ট বৰ্তনীয়ে ধনাত্মক আৰু ঋণাত্মক ৰূপেৰে সূচিত কৰি উল্লিখিত চিপ্ সমূহত থকা কোষবিলাকত লিপিবদ্ধ কৰে। এই কাৰ্য ই ইমান সুচাৰুৰূপে সমাধা কৰে যে এনেধৰণে লিপিবদ্ধ কৰা হাজাৰটা তথ্যৰ মাজৰ পৰা নিৰ্দিষ্ট তথ্যটো তৎমুহূৰ্ততে বিচাৰি আনিবলৈ কোনো অসুবিধা নহয়৷ এয়া সম্ভৱ হয় তথ্য সংৰক্ষণৰ এক প্ৰণালীবদ্ধ পদ্ধতিৰ জৰিয়তে।

প্রাথমিক মেমৰিত নিচেই কম সময়ৰ বাবেহে তথ্য সংৰক্ষণ কৰা হয়। সাধাৰণতে, এই চিপ্ সমূহলৈ বিদ্যুৎ সৰবৰাহ বন্ধ হ’লেই ইয়াত থকা তথ্যৰাজি মুহূৰ্ততে লুপ্ত হয়। তেনে অৱস্থাত এনে এটা চিপ্‌ৰ কোষসমূহ ঋণাত্মকৰূপে আহিত হৈ থাকে। এনে অৱস্থাত ইয়ালৈ বিদ্যুৎ সৰবৰাহ কৰিলেও কোষসমূহ ঋণাত্মকৰূপতে থাকে আৰু ই তথ্য সংৰক্ষণ কৰিব পৰাকৈ সাজু হয়। কম্পিউটাৰে ইয়াত কোনো তথ্য জমা ৰাখিবৰ সময়ত প্ৰয়োজনীয় সংখ্যক কোষক ধনাত্মক বা ঋণাত্মকভাৱে আহিত কৰে। ধৰা হ’ল, কিবা এটা তথ্য জমা কৰিবৰ বাবে কম্পিউটাৰে মেমৰি চিপৰ চাৰিটা কোষত ধনাত্মক আৰু ঋণাত্মক বিদ্যুৎ সংকেতেৰে আহিত কৰিলে। আকৌ ধৰা হ’ল, ইয়াৰ সজ্জাটো – ‘ধনাত্মক-ধনাত্মক-ঋণাত্মক-ধনাত্মক’ ধৰণৰ । এই সজ্জাটোক কিছু সহজকৈ আমি লিখিব পাৰোঁ – ‘চাৰ্জ আছে-চাৰ্জ আছে-চার্জ নাই-চার্জ আছে’; অথবা, ‘আছে-আছে-নাই-আছে’; অথবা, ‘হয়-হয়-নহয়-হয়’ (YYNY); অথবা, ‘শুদ্ধ-শুদ্ধ-অশুদ্ধ-শুদ্ধ’ (TTFT); অথবা,‘১১০১’। বিশ্লেষণৰ সুবিধার্থে বিজ্ঞানীসকলে বহুলভাৱে গ্ৰহণ কৰিলে এই শেষৰটো ধৰণক। যিহেতু ইয়াক বুজিবলৈ আৰু প্ৰকাশ কৰিবলৈ সহজ, ইয়াক গাণিতিকভাৱে উপস্থাপন কৰিব পৰা যায় আৰু এনেদৰে বিশ্লেষণ কৰোঁতে নিচেই কম সময়ৰ প্ৰয়োজন হয়। কথাটো ভালদৰে বুজিবলৈ শিপিনীসকলে কাপোৰত ফুল তুলিবলৈ ব্যৱহাৰ কৰা গ্ৰাফ পেপাৰত অংকিত চানেকিৰ উদাহৰণ দিব পৰা যায়। প্রথম অৱস্থাত গ্ৰাফ পেপাৰখনৰ সৰু সৰু ঘৰসমূহত একো নাথাকে (ঋণাত্মক); ফুলৰ চানেকি অংকণৰ সময়ত নিৰ্দিষ্ট ঘৰসমূহত পূৰণ চিন দি ডাঠকৈ ৰঙেৰে বোলাই লোৱা হয় (ধনাত্মক)। এনেদৰে গ্ৰাফখনৰ ঘৰসমূহ পূৰ্ণ কৰি অথবা উকাকৈ ৰাখি একোটা অর্থপূর্ণ চানেকি তৈয়াৰ কৰা হয়। মেমৰি চিৰ ক্ষেত্ৰতো কথাটো এনেদৰে ভাবিব পৰা যায়।

গতিকে দেখা গ’ল যে, কম্পিউটাৰে বুজা ভাষাটো হ’ল চার্জ আছে – চাৰ্জ নাই ধৰণৰ এক বিমূর্ত (Abstract) ৰূপৰ; তাকে যেনিবা মানুহে বুজিবলৈ ‘০’ আৰু ‘১’ ৰূপত উপস্থাপন কৰা হ’ল। উল্লেখযোগ্য যে, কম্পিউটাৰে বিদ্যুৎ সাংকেতিকভাৱে যি ৰূপত মেমৰি চিপত কোষসমূহ আহিত কৰে সেয়া আমি কল্পনাহে কৰিব পাৰোঁ; সম্পূৰ্ণ শুদ্ধ ৰূপত উদঘাটন কৰিব নোৱাৰোঁ।

আকৌ, গৌণ মেমৰিত চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ধৰ্ম অনুসৰি কোষসমূহ বিদ্যুৎ চুম্বকীয়ভাৱে আহিত কৰা হয়। এনেক্ষেত্ৰতো এক বিশেষ পদ্ধতিৰে সঞ্চিত তথ্যৰাজিক ‘০’ আৰু ‘১’ ৰূপত উপস্থাপন কৰিবলৈ যত্ন কৰা হয়। এইখিনিতে উল্লেখযোগ্য যে গৌণ মেমৰিৰ ক্ষেত্ৰত তথ্য সংৰক্ষণৰ বেলিকা পে’ন ড্ৰাইভ আৰু মেমৰি কাৰ্ডত এক ব্যতিক্রম পৰিলক্ষিত হয়। ইয়াত বিদ্যুৎ চুম্বকীয় সংকেতৰ পৰিৱৰ্তে প্রাথমিক মেমৰিৰ দৰে প্ৰত্যক্ষ বিদ্যুৎ সংকেতৰ দ্বাৰাহে তথ্য সংৰক্ষণ কৰা হয়।

কম্পিউটাৰ বিজ্ঞানত ‘০’ আৰু ‘১’ৰ ধাৰণাটো বিশ্লেষণৰ বাবে আমি উল্লিখিত মেমৰিৰ উদাহৰণটো ল’লো যদিও এটা কথা মনত ৰখা ভাল যে আধুনিক কম্পিউটাৰৰ আভ্যন্তৰীণ অধিকাংশ কার্যকলাপ বিশ্লেষণৰ ক্ষেত্ৰতে এই দৰ্শন ব্যৱহাৰ কৰা হয়। কম্পিউটাৰৰ উপৰি মাইক্ৰ’চিপ্‌ ব্যৱহৃত অন্যান্য বহুবিলাক সামগ্ৰীৰ বৈদ্যুতিক বর্তনীৰ কাৰ্যকলাপো এই সাংখ্যিকীয় দৰ্শনৰ দ্বাৰাই ব্যাখ্যা কৰিব পৰা যায়। সাংখ্যিকীয় দৰ্শনৰ শুদ্ধ জ্ঞানৰ অবিহনে তেনেধৰণৰ সামগ্ৰীসমূহ মেৰামতি কৰা বা উদ্ভাৱন কৰাটো সম্ভৱ নহয়।

পৰিশেষত, এটা কথা কৈ থোৱাটো ভাল হ’ব যে কম্পিউটাৰ বিজ্ঞানত ‘০’ আৰু ‘১’ৰ ধাৰণা সম্পর্কে এই নিবন্ধত সন্নিৱিষ্ট কথাকেইটাই শেষ বা সম্পূৰ্ণ নহয়। ইয়াৰ বিস্তৃতি ইমান বেছি যে সেয়া এনে এটা নাতিদৈঘ্যৰ লেখাত সামৰাৰ কথা ভবাটোও বাতুলতাহে মাথোঁ। এই লেখাত পঢ়ুৱৈৰ প্ৰাথমিক কৌতুহল নিৰ্শন কৰিবলৈ যত্ন কৰাৰ লগতে এই সম্পর্কে এক চমু আলোকপাত কৰা হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments