গণিত-কেম্ব্ৰিজৰ ৰেংলাৰ আৰু অসম

লেখক- ইমানদাৰ শইকীয়া

‘গণিত’ নামটো শুনিলেই আমাৰ বহুতৰে পেট কামোৰে, মূৰৰ বিষ নাইবা পেটৰ অসুখ হয়। প্ৰায় সংখ্যক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে এয়া দৈনন্দিন ঘটনা বুলি ক’লেও ভুল কোৱা নহ’ব। মানৱ জাতিয়ে লাভ কৰা সুন্দৰতৰ সম্পদবোৰৰ ভিতৰত গণিত অন্যতম। গণিততেই চলি আছে এই পৃথিৱী। তাৰ পিছতো কিন্তু গণিতৰ প্ৰতি আমাৰ ভয় আঁতৰি নাযায়। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যদি এটা জৰীপ চলোৱা হয় আৰু সোধা হয় যে তেওঁলোকে বেয়া পোৱা বিষয়টো কি? এয়া নিশ্চিত যে গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীৰে উত্তৰ আহিব একেটাই—গণিত। কিন্তু গণিতৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মাজত এই ভয়ৰ জন্ম কিয় হয়? ইয়াৰ উত্তৰ জানিব খুজিলে আমি একেবাৰে প্ৰাথমিক বিদ্যালয় স্তৰৰ পৰা সমস্যাৰ গুৰিটো বিচাৰিব লাগিব। দৰাচলতে বহুতৰে গণিত বিষয়টোৰ প্ৰতি ভয়ৰ কাৰণ হ’ল সৰুৰে পৰা লাভ কৰা পৰিৱেশ। অসমত আমি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছোঁ যে, গণিত মানেই যেন এটা কঠিন বিষয়, এটা বুজিবলৈ টান বিষয়। গণিতৰ শিক্ষকসকলকো জনমানসত একোজন খঙাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা দেখা যায়। এই কাৰকবোৰে শিশু এটিৰ মনত সৰুতেই গণিতৰ প্ৰতি ভয় সুমুৱাই দিয়ে আৰু এই ভয় বহুতৰে মনত স্থায়ীভাৱে ৰৈ যায়। তাৰ মাজতো কিন্তু এই অসম মুলুকৰ পৰাই বহুজনে গণিত শাস্ত্ৰত বিশ্বখ্যাতি লাভ কৰিছে। এইক্ষেত্ৰত আমাৰ মনলৈ প্ৰথমে অহা ব্যক্তিজনেই হ’ল প্ৰথম আৰু একমাত্ৰ অসমীয়া ৰেংলাৰ অনুপম শইকীয়া।

অনুপম শইকীয়াৰ জন্ম হৈছিল ১৯৭৩ চনৰ ১৩ মাৰ্চত গোলাঘাটত। পিতৃ আছিল হৰিপ্ৰসাদ শইকীয়া আৰু মাতৃ আছিল ঊষা শইকীয়া। গোলাঘাটৰ চানমাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত শিক্ষাজীৱনৰ আৰম্ভণি কৰি গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা অনুপম শইকীয়া সৰুৰে পৰা গণিতৰ প্ৰতি আকৰ্ষিত হৈছিল। অসম গণিত শিক্ষায়তনৰ তৰফৰ পৰা আয়োজন কৰা ‘‘ৰিজিঅ’নেল মেথেমেটিকেল অলিম্পিয়াড’’ত দশম শ্ৰেণীত দ্বিতীয় স্থান আৰু পিছৰ দুবছৰত প্ৰথম স্থান লাভ কৰা শইকীয়াদেৱে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত নামভৰ্তি কৰে। তাৰ পৰা ১৯৯৪ চনত গণিত শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰি তেখেতে বিখ্যাত ট্ৰিনিটি কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে। ১৯৭৭ চনত ট্ৰিনিটি কলেজৰ পৰা গণিতত উচ্চ শিক্ষা সমাপ্ত কৰি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ‘বিশুদ্ধ গণিত আৰু গাণিতিক পৰিসংখ্যা বিভাগ’ত গৱেষণাৰ বাবে অন্তৰ্ভুক্ত হয়। ২০০১ চনত তাৰ পৰাই “Iwasawa Theory of Lubin- Tate Divisions Towers and p-Adic L-functions.” শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰে। কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ত প্ৰায় আঢ়ৈ বছৰ (জানুৱাৰী ২০০২- জুন ২০০৪) তেওঁ CRM-ISM পষ্ট ডক্টৰেল ফেল'( post-doctoral fellow) হিচাপে আছিল। মেকগিলৰ পাছত তেওঁ প্ৰায় ডেৰ বছৰ আই আই টি, বোম্বেত আছিল। মেকগিলৰ আগতে তেওঁ এখন অতি আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান IHES, ফ্ৰান্সত গৱেষণা কৰিছিল। ইয়াৰ পিছত ২০০৫ চনত তেখেতে আই আই টি গুৱাহাটীত যোগদান কৰে আৰু ২০১৫ চনৰ পৰা তাৰে গণিতৰ অধ্যপক হিচাপে স্থায়ীভাৱে কৰ্মৰত হয়। ট্ৰিনিটি কলেজত পঢ়ি থাকোঁতে ১৯৯৬ চনত অনুপম শইকীয়াই সন্মানীয় ৰেংলাৰ উপাধি লাভ কৰে।

এতিয়া প্ৰশ্ন হৈছে এই ৰেংলাৰ মানে কি? ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহত এজন “ৰেংলাৰ” হৈছে সেইজন শিক্ষাৰ্থী, যিজনে গণিতত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰাৰ অন্তিম বছৰত প্ৰথম শ্ৰেণীৰ সন্মান লাভ কৰে। সৰ্বাধিক নম্বৰ পোৱা শিক্ষাৰ্থীজন হৈছে ছিনিয়ৰ ৰেংলাৰ, দ্বিতীয় সৰ্বাধিক নম্বৰ পোৱা শিক্ষাৰ্থীজন হৈছে দ্বিতীয় ৰেংলাৰ, ইত্যাদি। ছিনিয়ৰ ৰেংলাৰ শব্দৰ অৰ্থ হৈছে, ‘‘শৈক্ষিক দিশত আধিপত্য দেখুওৱা ব্যক্তি’’। ৰেংলাৰ সন্মানক ইংলেণ্ডত প্ৰাপ্ত কৰিব পৰা আটাইতকৈ ডাঙৰ বৌদ্ধিক সাফল্য হিচাপে অভিহিত কৰা হয়। ইয়াৰ কাৰণ হ’ল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰৰ পাঠ্যক্ৰম বিশ্বৰ ভিতৰতে এক কঠিন পাঠ্যক্ৰম আৰু এই কঠিন পাঠ্যক্ৰম সফলতাৰে প্ৰথম শ্ৰেণী লাভ কৰি সমাপ্ত কৰাজনকহে ৰেংলাৰ সন্মানেৰে সন্মানিত কৰা হয়। বৰ্তমান সময়ত প্ৰতিজন ছাত্ৰকে তেওঁলোকৰ চূড়ান্ত পৰীক্ষাৰ স্থান ব্যক্তিগতভাৱে জনোৱা হয় যদিও ছিনিয়ৰ ৰেংলাৰজনৰ নাম পৰীক্ষকে সমজুৱাকৈ ঘোষণা কৰে। পৰম্পৰা অনুসৰি ছিনিয়ৰ ৰেংলাৰৰ নাম ঘোষণা কৰোঁতে পৰীক্ষকে তেওঁৰ একাডেমিক টুপীটো দাঙি ধৰিব লাগে। এয়া ছিনিয়ৰ ৰেংলাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন। বৰ্তমানলৈকে ২৫০ৰো অধিক ব্যক্তি চিনিয়ৰ ৰেংলাৰ হিচাপে নিৰ্বাচিত হৈছে। কিন্তু ছিনিয়ৰ ৰেংলাৰৰ খিতাপ পোৱা ভাৰতীয় বা ভাৰতীয় মূলৰ ব্যক্তিৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। প্ৰথমজন ভাৰতীয় ছিনিয়ৰ ৰেংলাৰ আছিল ১৮৯৯ চনত এই সন্মান পোৱা ছাৰ ৰঘুনাথ পুৰুষোত্তম পৰাঞ্জপে। ভাৰতীয় মূলৰ আন এজন ছিনিয়ৰ ৰেংলাৰ হ’ল জয়ন্ত বিষ্ণু নাৰ্লিকাৰ। ১৯৫৯ চনত তেখেতে ছিনিয়ৰ ৰেংলাৰৰ সন্মান অর্জন কৰিছিল। অসমৰ পৰা ৰেংলাৰ সন্মান লাভ কৰা প্ৰথম আৰু বৰ্তমানলৈকে একমাত্ৰ ব্যক্তিজন হ’ল অনুপম শইকীয়া। অসম আৰু অসমীয়াৰ বাবে তেখেত গৌৰৱৰ উৎস।

ইয়াৰ উপৰি কেম্ব্ৰিজত অধ্যয়নৰ বাবে অনুপম শইকীয়াই লাভ কৰিছিল সন্মানীয় ৰামানুজন বৃত্তি। তাৰ লগতে ২০০০-২০০১ চনত তেওঁ কৰা কামৰ বাবে ট্ৰিনিটি কলেজৰ চিনিয়ৰ ৰাউছবল জলপানিও লাভ কৰিবলৈ সক্ষম হৈছিল। বীজগণিতীয় সংখ্যাতত্ত্ব(algebraic number theory)ৰ লগত জড়িত বিভিন্ন গৱেষণা বিশেষকৈ, ইৱাচাৱা তত্ত্ব আৰু p-adic পৰিমাপৰ বাবে জনাজাত অনুপম শইকীয়াৰ গাণিতিক সংকেতবিদ্যা(mathematical cryptography)ৰ ওপৰতো বহুকেইখন গৱেষণা পত্ৰ প্ৰকাশিত হৈছে।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ পাঠ্যক্ৰমক একেলগে Mathematical Tripos বুলি কোৱা হয়। ২০১৮ চনৰ পৰা জাৰি কৰা নিয়ম অনুসৰি Mathematical Tripos পাঠ্যক্ৰমত তিনিটা স্নাতক বৰ্ষ (IA, IB আৰু II) অন্তৰ্ভুক্ত থাকে আৰু এই তিনিটা বৰ্ষৰ সমাপ্তিৰ অন্তত এজন শিক্ষাৰ্থীক বি.এ. ডিগ্ৰী প্ৰদান কৰা হয়, লগতে এক বৈকল্পিক এক বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰো সুবিধা থাকে (অংশ III) যিয়ে এজন শিক্ষাৰ্থীক গণিতৰ স্নাতকোত্তৰ (এম.এম.এ.টি.) ডিগ্ৰী (বি.এ.-ৰ সৈতে) লাভ কৰাৰ বাবে যোগ্যতা প্ৰদান কৰে । পাঠ্যক্ৰমৰ স্নাতক অংশত, শিক্ষাৰ্থীসকলে প্ৰতি সপ্তাহত গড়ে প্ৰায় ১২ টা এক ঘণ্টাৰ বক্তৃতাত অংশগ্ৰহণ কৰিব লাগে ,লগতে দুটা তত্ত্বাৱধান। তত্ত্বাৱধান হৈছে অনানুষ্ঠানিক অধিৱেশন য’ত শিক্ষাৰ্থীৰ এটা সৰু গোট – সাধাৰণতে দুজনকৈ শিক্ষাৰ্থী- এজন ফেকাল্টি মেম্বাৰ, মহাবিদ্যালয়ৰ শিক্ষক বা স্নাতক শিক্ষাৰ্থীৰ নিৰ্দেশনাত আগতে সম্পূৰ্ণ কৰা উদাহৰণ পত্ৰিকাবোৰৰ মাজেৰে যায়। এইদৰে সম্পূৰ্ণ পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত শিক্ষাৰ্থীজনে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ স্নাতক অথবা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

বৰ্তমানলৈকে অসমৰ পৰা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰ বিভাগত অধ্যয়ন কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা খুবেই কম যদিও অনাগত দিনত এই সংখ্যা বঢ়াৰ আশা কৰিব পাৰি। কিয়নো আজিৰ বিশ্বায়নৰ যুগত প্ৰচলিত ধ্যান-ধাৰণাৰ পৰা নিজকে মুক্ত কৰি যুৱচামে গণিতক ভাল পাবলৈ লৈছে। গণিতৰ সুন্দৰতাক উপভোগ কৰিবলৈ লৈছে। শেহতীয়াকৈ অসমৰ সন্তান অয়ন নাথে সন্মানীয় স্পিৰিট অৱ ৰামানুজন ফেল’শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে। এয়া নিশ্চিতভাৱে অসম আৰু অসমীয়া তথা অসমৰ গণিত জগতখনলৈ আশাৰ বতৰা।

( লেখকৰ ঠিকনা: শান্তিপুৰ, ডিমৌ, শিৱসাগৰ জিলা, ই-মেইল: [email protected] )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!