কেৰিয়াৰ হিচাপে গণিত শাস্ত্ৰ

লেখক- ড° বুলজিৎ বুঢ়াগোহাঁই

গণিত শাস্ত্ৰ অধ্যয়ন কৰি ছাত্র-ছাত্রীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে। আমাৰ দৈনন্দিন জীৱনত সকলো মুহূৰ্ততে গণিতৰ প্ৰয়োগ হয়৷ গণিত বিষয়টো দুটা ভাগত বিভক্ত, যেনে – বিশুদ্ধ গণিত আৰু প্ৰায়োগিক গণিত ৷
এজন সফল গণিতজ্ঞ হবলৈ হ’লে শিক্ষাৰ্থীগৰাকী গাণিতিক সমস্যাৰ পৰীক্ষা আৰু সমাধানৰ দক্ষতা, যুক্তিপূৰ্ণ, সমালোচনাত্মক নিৰ্ভুল চিন্তাধাৰাৰ ব্যক্তি হোৱাৰ লগতে কম্পিউটাৰ বিষয়তো পাৰ্গত হোৱাটো প্ৰয়োজন ৷
গণিত বিষয়সহ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্র-ছাত্রীসকলে ‘গণিত’ বিষয়ত স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি গণিত বিষয়ত স্নাতকোত্তৰ, এম.ফিল. আৰু পিএইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে ।

১) দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো গণিত বিষয়ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে । অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ত (http://www.gauhati.ac.in) গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৮০ খন। লগতে এম.ফিল. আৰু পি. এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

২) ডিব্রুগড় বিশ্ববিদ্যালয়ত (http://www.dibru.ac.in) গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৪৪ খন। লগতে এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে ।

৩) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত (www.iitg.ac.in) গণিত বিষয়ত স্নাতক (B.Tech.) আৰু স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে। লগতে পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে ।

৪) অসম বিশ্ববিদ্যালয়ত (http://www.aus.ac.in) গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৫২ খন। লগতে এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।

৫) তেজপুৰ বিশ্ববিদ্যালয়ত (http://www.tezu.ernet.in) গণিত বিষয়ত স্নাতকোত্তৰ (MSc) পাঠ্যক্রমত আসনৰ সংখ্যা ৪৩ খন, সংযুক্ত স্নাতকোত্তৰ (Integrated MSc) পাঠ্যক্রমত আসনৰ সংখ্যা ২১ খন আৰু Integrated B.Sc B.Ed পাঠ্যক্রমত আসনৰ সংখ্যা ১১ খন। লগতে পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।

৬) কটন বিশ্ববিদ্যালয়তো (https://cottonuniversity.ac.in) গণিত বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে। লগতে পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে ।

৭) বড়োলেণ্ড বিশ্ববিদ্যালয়ত (www.bodolanduniversity.ac.in) গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৬০ খন। লগতে এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।

৮) ভট্টদেৱ বিশ্ববিদ্যালয়ত (http://www.bajalicollege.ac.in) গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।

৯) আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত (http://www.avcollege.ac.in) গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৫০ খন।

১০) জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত (http://www.jncollegeboko.ac.in) গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০ খন।

১১) কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত (http://www.kgc.edu.in) গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০ খন।

১২) যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানত (http://www.jist.ac.in) গণিত বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে। লগতে পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।

১৩) অসম ডনবস্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), আছাম ডাউন টাউন ইউনিভাৰ্চিটি (https://www.dbuniversity.ac.in), ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় (https://rgu.ac), কাজিৰঙা বিশ্ববিদ্যালয় (https://kazirangauniversity.in) আদিতো গণিত বিষয়ত বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

১৪) ইয়াৰ উপৰি অসমৰ সকলো জিলাতে উচ্চতৰ মাধ্যমিকত ‘গণিত’ ঐচ্ছিক বিষয় হিচাপে বা স্নাতক পাঠ্যক্রমত অধ্যয়ন কৰিব পৰা সুবিধা থকা শিক্ষানুষ্ঠান আছে।

গণিতৰ শিক্ষা গ্রহণ কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান উল্লেখযোগ্য শিক্ষানুষ্ঠান হ’ল – চেন্নাই মেথেমেটিকেল ইনষ্টিটিউট (https://www.cmi.ac.in), ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান (www.isical.ac.in), টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (https://www.tifr.res.in), দি ইনষ্টিটিউট অৱ মেথেমেটিকেল ছায়েন্স (https://www.imsc.res.in), ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স এডুকেচন এণ্ড ৰিচাৰ্চ (http://www.iiseradmission.in) আদি।

এই শিক্ষানুষ্ঠানসমূহত গণিতৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিবৰ বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানসমূহৰ ৱেবছাইটত চাব পাৰে আৰু নামভৰ্তিৰ বাবে বাতৰি কাকতত বিজ্ঞাপনো প্রকাশ কৰা হয়।
ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ গণিত বিষয়ৰ বৃত্তি প্রদান কৰা অনুষ্ঠান-প্রতিষ্ঠানসমূহে নিজস্ব ৱেবছাইটত প্রচাৰ কৰা বৃত্তিসমূহৰ সবিশেষ খবৰ ছাত্র-ছাত্রীসকলে ৰাখিব লাগে। বৃত্তিপ্রাপ্তসকলৰ বিষয়ে বাতৰি কাকত, আলোচনী আদিত প্রকাশ কৰা হয়। তেনে ব্যক্তিক ছাত্র-ছাত্রীসকলে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিলেও বিশেষভাবে লাভৱান্বিত হ’ব। কিছুমান বৃত্তি হ’ল-
ক) NBHM Scholarships for Masters (http://www.nbhm.dae.gov.in/msc.html) আৰু NBHM Scholarships for PhD (http://www.nbhm.dae.gov.in)
খ) CSIR research fellowship (https://csirhrdg.res.in)
গ) Kishore Vaigyanik Protsahan Yojana (KVPY) (http://www.kvpy.iisc.ernet.in)
ঘ) Mathematics Olympiad (http://www.nbhm.dae.gov.in/olympiad.html) আদি।

গণিত বিষয়ত শিক্ষাগ্রহণ কৰা শিক্ষাৰ্থীসকলৰ বাবে বিভিন্নধৰণৰ কেৰিয়াৰৰ সুবিধা আছে। গণিতজ্ঞসকলে নিযুক্তি লাভ কৰিব পৰা ক্ষেত্রবোৰ হ’ল – বায়ু-গতিবিজ্ঞান, এনিমেটেড্ ফিল্মছ্, প্ৰায়োগিক পদাৰ্থবিজ্ঞান, জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ অন্বেষণ, বেংক, চনদপ্ৰাপ্ত গাণনিক, জলবায়ু অধ্যয়ন, কম্পিউটাৰ প্ৰণালী বিশ্লেষক, কম্পিউটাৰ প্ৰণালীৰ চানেকি, ঔদ্যোগিক গৱেষণা আৰু উন্নয়ন, ইনফৰ্মেশ্বন এণ্ড ডেটা প্ৰচেছিং, হাট গৱেষণা, চিকিৎসা, ৰাষ্ট্ৰীয় নিৰাপত্তা, সাংখ্যিক বিশ্লেষণ, অপাৰেশ্বন ৰিচাৰ্ছ্ এনালিষ্ট্, অপাৰেশ্বন ৰিচাৰ্ছ্, জনসংখ্যা অধ্যয়ন আৰু ব্যৱসায়িক জৰীপ, গৱেষণা, ৰ’ব’টিক্স্, ছফটৱেৰ অভিযন্তা, ছফটৱেৰ প্ৰগ্ৰেমিং আদি ।

গণিত বিভাগত বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত অধ্যাপনাৰ চাকৰি কৰিব পাৰি। গণিতজ্ঞসকলে বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে। যেনে- গাণনিক, বীমাৰ নিৰিখ নিৰ্ধাৰক (Actuary), বাণিজ্য বিশ্লেষক, ব্যয় নিৰ্ধাৰক (cost estimator), কম্পিউটাৰ প্ৰগ্ৰেমাৰ, তথ্য বিশ্লেষক, তথ্য বিজ্ঞানী, অৰ্থনীতিবিদ, বিনিয়োগকাৰী বেংকাৰ, হাট গৱেষক (market researcher), পৰিসংখ্যাবিদ আদি।

শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি গণিতজ্ঞসকলে চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে। যেনে – বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR , https://csirhrdg.res.in), হিন্দুস্তান এৰোন’টিকছ্ লিমিটেড (HAL, https://hal-india.co.in), ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO, https://www.isro.gov.in ), বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (DST, https://dst.gov.in ), নেশ্বনেল এৰোস্পেছ্ লেবৰেট’ৰীজ্ (NAL, https://www.nal.res.in ), প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO, https://www.drdo.gov.in ) আদি।

গণিত বিষয়ত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ (এ.পি.এছ.চি.) পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগৰ (ইউ.পি.এছ.চি.) পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

(লেখক, কেৰিয়াৰ পৰামৰ্শদাতা তথা মূৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়, ফোন: ৯৪৩৫১৮৮৬৩০, ই-মেইল: [email protected] , www.buljit.com )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!