পৰিমেয় অপৰিমেয়
লেখক- ধ্ৰুৱ জ্য়োতি ওজা
হাইস্কুলত চুতীয়া ছাৰে ৰাজহঁতক গণিত পঢ়ুৱাইছিল। ছাৰে পঢ়ুওৱা কিছুমান উপপাদ্য আজিও তাৰ ভালকৈ মনত আছে। যেন সিদিনাহে পঢ়িছিল সি! তাৰে এটা হ’ল, “দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক অপৰিমেয় সংখ্যা থাকে! ।”
টিট…. টিট…. টিট….
ৱাটছাপৰ মেচেজ ট’নৰ মাতত সি বাস্তৱ জগতখনলৈ ঘূৰি আহিল,
: “ছ’ৰী, বেয়া নাপাবা হা; এতিয়া মানে নয়ণাই লগ ধৰিছে মোক বজাৰলৈ। তাই বিয়াৰ বজাৰ কৰিব হেনো। গতিকে তোমাৰ লগত চিনেমা চাবলৈ যাব নোৱাৰিম। বেলেগ এদিন কৰিবা প্ৰগ্ৰেমটো!”
খংটো টিঙিচকৈ উঠি আহিল তাৰ! কিন্তু কিয় জানো চুতীয়া ছাৰৰ মুখখনো একেলগে মনলৈ আহিল তাৰ! মেচেজ এটা টাইপ কৰিলে সি,
:“এটা কথা কি জানা দুটা পৰিমেয় সংখ্যাৰ মাজত অন্তত এটা অবুজন অপৰিমেয় সংখ্যা খাটাং থাকিব! তুম নেহি চমঝোগি চিন’ৰিটা!”
ছাৰে ব’ৰ্ডখন মচি ডাঙৰ ডাঙৰকৈ লিখিবলৈ লৈছে উপপাদ্যটো।
————————————–
গুটিৰ বাৰ্থদে পাৰ্টী! তাৰ ৰূমত দতাঁল, চিগেট, লায়ন, বগাই, ৰাজ চব মিলি জঘন্য আড্ডা এটা দি আছে। হঠাতে ৰাজৰ ফোনটো বাজি উঠিল। মীৰাৰ ফোন। ফোনটো ৰিচিভ কৰিবলৈ বাহিৰলৈ ওলাই আহিল সি,
: “এটা কাম কৰিব পাৰিবানে! কাইলৈ মই অফিচলৈ যাব নোৱাৰিম। লিভ এপ্লিকেচনখন লিখি থৈছোঁ। এতিয়াই লৈ যোৱাহি! ৰাতিপুৱা তোমাৰ লৰালৰি হয়তো!”
: “ৰ’বা চাওঁচোন। মই মানে এফালে আছোঁহি!”
পিঠিফালে ঢকা এটা পাই ঘূৰি চালে সি! গুটি উঠি আহিছে ঢলং পলংকৈ।
: “চুপ, একদম চুপ! কেনিও যাব নোৱাৰ তই! চালা মই পটাই দিয়া ঘৈণীয়েৰৰ কথামতে তই মোকেই এৰি যাবিনেকি! ব’ল ভিতৰলৈ ব’ল!”
: “ছ’ৰী, বেয়া নাপাবা হা! কাইলৈ পুৱাই কিবা, এটা মেনেজ কৰিম দিয়া!”
মীৰালৈ টাইপ কৰিলে সি।
: “এটা কথা কি জানা সিদিনা তুমি যে কৈছিলা কথাটো অলপ ভুল। দুটা পৰিমেয় সংখ্যাৰ মাজত চাৰি পাচঁটামান দস্যু টাইপ অপৰিমেয় সংখ্যা থাকে। আজি ভালকৈ বুজিলোঁ!”
মীৰাৰ ৰিপ্লাই!
চুতীয়া ছাৰে মুখেৰে কিবাকিবি কৈ ব’ৰ্ডত লিখি থকাৰ পৰা গুটিয়ে চুলি টনাত পিছফালে চাই তাক থাপৰ এটা দিবলৈ লোৱা ৰাজলৈ চক এডাল মাৰি পঠাইছে।
————————————–
অৱশেষত বহুত মিলোৱাৰ পিছত আজি সিহঁতৰ চিনেমা চাবলৈ যোৱা প্ৰগ্ৰেমটো মিলিছে। টিকেট গুটিয়ে কৰি থৈছে। ৰাজে কাপোৰত ইস্ত্ৰি মাৰি আছে,
: “ওলালানে তুমি! , মই ৰেডি”
মীৰাৰ মেচেজ।
: “উমম, ওলাই হৈছেগৈ আৰু।সোনকালেই গৈ আছো দুয়োটাই চিনেমা…”
: “ৰাজ, এইফালে আহছোন। দেউতাৰৰ কি হ’ল চাচোন”
মাকৰ মাত শুনি পিছফালে দৌৰ মাৰিলে সি!
পিছফালৰ বাৰাণ্ডাত পিচল খাই পৰিল দেউতাক। কাষতে কোৰ এখন আছিল। কাটিলে ভৰিত। সি ঘাঁ টুকুৰা ধুই চালে। বেছি দলৈ সোমোৱা নাই। হ’লেও ভালকৈ ড্ৰেচিং কৰিব লাগিব। সি ডেটল অলপ ঢালি কাপোৰ এখনেৰে বান্ধি বগাইলৈ ফোন লগালে!
: “ঐ ভাই সোনকালে আহছোন ঘৰলৈ। দেউতাই দুখ পালে।”
: “গৈ আছো ৰ! পাঁচ মিনিটত। টেনচন নলবি!”
বগাইয়ে ফোন কাটি দিলে। মীৰাৰ মেচেজ
: “কি হ’ল, সোনকালে আহা আকৌ!”
: “ছ’ৰী, দেউতাই দুখ পালে অলপ। মই যাব নোৱাৰিম। বেয়া নাপাবা হা।”
: “নাই নাপাওঁ দিয়া। দেউতাৰ কেনে এতিয়া? বেছি দুখ পালে নেকি?”
: “নাই থিকেই আছে এতিয়া। বেছি দুখ পোৱা নাই। কিন্তু ড্ৰেচিং ভালকৈ কৰিব লাগিব। বগাই আহি আছে! টেনছন ন’লবা”
: “থিক আছে দিয়া। সিদিনা মই কোৱা কথাটোও অলপ ভুল আছিল। দুটা পৰিমেয় সংখ্যাৰ মাজত আৰু দুটা এৰাব নোৱাৰা অপৰিমেয় সংখ্যা থাকে সেয়া হ’ল মা দেউতা। চিন্তা কৰি নাথাকিবা দেই। খবৰ দি থাকিবা।”
ৰাজৰ মনটো ভাল লাগিল। চুতীয়া ছাৰ আকৌ আহিল। ছাৰে ব’ৰ্ডত উপপাদ্যটো লিখি শেষ কৰি সিহঁতৰ বেন্সখনৰ ফালে আহিছে। ফাৰ্ষ্ট বয় ৰাজৰ পিঠিত হাতখন থৈ কৈছে,
: “এটা উদাহৰণ মই দিলো অলপ আগতে, তই পিছফালে চাই আছিলি। আৰু এটা দেচোন তই!”