ইন্দ্ৰকিলৰ পৰা পৰ্বতৰ ৰাণীলৈকে সাতটা দিন

লেখক- জ্যোতিৰ্ময়ী শইকীয়া

নতুন ঠাই ফুৰা, নতুন কথা শিকাৰ আগ্ৰহ  এটা সদায়ে বুকুৰ মাজত কঢ়িয়াই ফুৰোঁ। সুবিধা পালেই গুচি যাবলৈ মন যায় নতুন ঠাইলৈ, কঢ়িয়াই আনিবলৈ মন যায় ন-ন তথ্যৰ সঁফুৰা। অসমৰ বাহিৰলৈ যোৱাৰ এটা দুৰ্বাৰ হেপাঁহ সৰুৰে পৰা সদায় বুকুত বান্ধি ৰাখিছিলোঁ। ২০১৬ চনৰ ডিচেম্বৰ মাহত প্ৰথম বাৰৰ বাবে লাভ কৰিছিলোঁ সেই সুবিধা। মই  অধ্যয়ন কৰা যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ৰসায়ন বিজ্ঞান বিভাগৰ তৰফৰ পৰা প্ৰতি বছৰে আয়োজন কৰা হয় শিক্ষামূলক ভ্ৰমণৰ। এই  সুযোগতে গোৱা, মুন্নাৰ, কেৰালাৰ কিছু অংশ, মুম্বাই ভ্ৰমণ কৰিবলৈ সক্ষম হৈছিলোঁ। ঘৰত কোৱা মাত্ৰেই মা-দেউতাই অনুমতি দিছিল। নিজকে ভাগ্যৱান অনুভৱ হয়, কিয়নো এনেকুৱা কামবোৰত মা-দেউতাৰ পৰা সদায়ে পূৰ্ণ সমৰ্থন লাভ কৰি আহিছোঁ। এই সুযোগটো দ্বিতীয়বাৰৰ বাবে আহিছিল ২০১৮ চনৰ ডিচেম্বৰ মাহত। আজিৰ এই লিখনিত মই মোৰ এই দ্বিতীয়তো ভ্ৰমণৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিছোঁ। ভাষাৰ মাজেৰে লৈ যাবলৈ চেষ্টা কৰিছোঁ তিস্তাৰ পাৰে পাৰে ছিক্কিম আৰু দাৰ্জিলিঙলৈ।

”ঐ এক্সকাৰ্ছন এটা উলিয়াব লাগিছিল নহয়।” 

“উম, ফ’ৰ্থ চেমত যাবলৈ নাপালোঁ, এইবাৰ  যাওঁ ব’ল কৰবাত। লাষ্ট চেম এইবাৰ নগ’লে আৰু এনেকৈ লগৰবোৰৰ লগত ফুৰিবলৈ যাবলৈ নাপাওঁ আৰু!” 

“ঐ অক্টোবৰ পাবহিয়ে চোন, সোনকালে ঠিক কৰ নহ’লে পাছত ৰিজার্ভেচন নাপাম।”

পূজা বন্ধ দিবলৈ বেছি দিন নাই। শ্ৰেণীৰ একোটা কালাংশ শেষ হোৱাৰ লগে লগে এনেধৰণৰ কথাৰে আলোচনা আৰম্ভ হৈ যায় সকলোৰে। উদ্যমী, সকলো কামতে আগৰণুৱা বন্ধু কেইজনৰ উৎসাহ সকলোতকৈ বেছি। নিজে যোৱাৰ লগতে বিভাগৰ নিজৰ একেই ষাণ্মাসিকৰ লগৰ আৰু অন্যান্য ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আলোচনা চলিছে। এদিন  বিভাগৰ সমূহ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত আলোচনাৰ অন্তত স্থিৰ কৰা হ’ল যে এইবাৰ ছিক্কিম আৰু দাৰ্জিলিং যোৱা হওক। বৰফ চোৱাৰ মোৰ যি হেপাঁহ সেয়া যেন লাহে লাহে পূৰ্ণৰ পথত।

আগতীয়াকৈ ৰে’লৰ টিকেট কৰা, ট্ৰেভেল এজেন্সিৰ লগত যোগাযোগ কৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা এই সকলোবোৰ ঠিক কৰি ৩০/১২/২০১৮  তাৰিখে অসমৰ পৰা আমাৰ যাত্ৰাৰ দিন ঠিক কৰা হ’ল। নানা ঘাত-প্ৰতিঘাত(যিবোৰ  উল্লেখ কৰিবলৈ গ’লে বহুত দীঘল হ’ব, সেইবাবে বাদ দিয়া হৈছে)অতিক্ৰম কৰি অৱশেষত ৩০/১২/২০১৮ তাৰিখে মৰিয়নি জংচনৰ পৰা অৱধ আসাম এক্সপ্ৰেছত আমি আৰম্ভ কৰিলোঁ আমাৰ বহু প্ৰত্যাশিত যাত্ৰা। এই যাত্ৰাত আমাৰ গাইড হিচাপে গৈছিল পাটকাই ট্ৰেভেলছৰ ঋতু দা। মহাবিদ্যালয়ৰ মৃণাল শইকীয়া ছাৰ, ৰিমঝিম গগৈ বা, ৰিমঝিম বাৰ সম্পৰ্কীয় ভগ্নী (আৰু তেওঁৰ সন্তান)  আমাৰ যাত্ৰাৰ অভিভাৱক আছিল। মুঠ ৩৩ জন সদস্যৰে আমাৰ দলটো ৩১ ডিচেম্বৰ, ২০১৮ তাৰিখে পুৱা প্ৰায় ৫.৫০ বজাত নিউ জলপাইগুৰি জংচনত উপস্থিত হওঁগৈ। তাৰ পৰা টাটা চুমো গাড়ীৰে আমি গেংটক অভিমুখে ৰাওনা হওঁ। ৰাস্তাৰ একাষে তিস্তা নদী আৰু আনকাষে ওখ ওখ পাহাৰৰ মাজেৰে গৈ থাকোঁতে নতুন ঠাই চোৱাৰ হেঁপাহ তীব্ৰ হৈ উঠিছিল। গাড়ীৰ চালকজনে দূৰৈত জিলিকি থকা কাঞ্চনজংঘাৰ শিখৰ আঙুলিয়াই দেখুৱাই দিওঁতে পুলকিত হৈ পৰিছিলোঁ। ৰাস্তাৰ কাষৰ এখন হোটেলত পুৱাৰ আহাৰ গ্ৰহণ কৰি আকৌ আৰম্ভ কৰিছিলোঁ আমাৰ যাত্ৰা। দুপৰীয়া প্ৰায় ১২.৩০ মান বজাত আমাৰ বাবে ব্যৱস্থা কৰি থোৱা হোটেলখন পাইছিলোঁগৈ।

আমাৰ বাবে তাত আগতীয়াকৈ  কোঠা বুক কৰা হৈছিল। তলৰ মহলাৰ অভ্যৰ্থনা কক্ষৰ কাষৰ এটা কোঠাত মই  আৰু  বান্ধৱী নিকি আৰু সুকন্যা আছিলোঁ। সেইদৰে বাকী সকলোৰে বাবে এটা কোঠাত তিনি-চাৰিজন থাকিব পৰাকৈ সুবিধা কৰি কেইবাটাও কোঠা বুক কৰা হৈছিল।

ডিচেম্বৰ মাহ হোৱা বাবে যথেষ্ট ঠাণ্ডা পৰিছিল। গৰম পানীৰে গা ধুই আমি সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ হোটেলৰ ভোজন কক্ষলৈ আহিছিলোঁ। উত্তৰ ভাৰতীয় খাদ্যৰে (ভাত, মাংস, আলু-ফুলকবি ভাজি, পাপৰ, চালাড আদি) পেট পূজা কৰি লোৱাৰ পাছত আমাৰ উদ্যম ঘূৰি আহিছিল। সেইদিনা গৈ পাইছিলোঁহে বাবে দূৰলৈ যোৱাৰ কোনো আঁচনি ট্ৰেভেল আঁচনিৰ ফালৰ পৰা তৈয়াৰ কৰা হোৱা নাছিল। আমি থকা হোটেলখন আছিল গেংটকৰ MG মাৰ্গত। সেয়ে আমি ওচৰতে ফুৰিবলৈ ওলাই আহিলোঁ। ফুৰাৰ আগ্ৰহে আমাৰ ভাগৰকো নেওচা দিছিল। প্ৰথমে আমি ৰ’পৱেত উঠিছিলোঁ। এই ৰ’পৱেৰ পৰা গোটেই চহৰখন ধুনীয়াকৈ দেখা গৈছিল। ইয়াৰ পাছতে আমি ওচৰৰে এটা পইণ্টলৈ গৈছিলোঁ, তাৰ নাম আছিল নাম নাম ভিউ পইণ্ট বা চুইচাইড পইণ্ট। সেউজীয়াৰে আৱৰা পাহাৰ আৰু উপত্যকাৰ চালে চকুৰোৱা সৌন্দৰ্যই মন ভৰাই তুলিছিল। এই ভিউ পইণ্টৰ ওচৰতে Sikkim Legislative Assembly অৱস্থিত। ইয়াৰ পাছত আমি  সকলোৱে MG মাৰ্গৰ ব্যস্ত পথত ভৰি দিছিলোঁ। ছিক্কিমৰ ধুনীয়া ধুনীয়া থলুৱা কাৰুকাৰ্য খচিত বস্তুৰে দোকানবোৰ ভৰি আছিল। বৈদ্যুতিক বাতিৰে জিলিকি থকা সন্ধিয়াৰ MG মাৰ্গত খোজকঢ়াৰ আমেজেই সুকীয়া। আমাৰ ৰাজ্যখনতকৈ ছিক্কিমখন কিছু ক্ষেত্ৰত বেছি নিৰাপদ যেন অনুভৱ হৈছিল। হোটেললৈ উভতি আহি প্ৰায়  ৯ বজাত নিশাৰ আহাৰ গ্ৰহণ কৰি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লোঁ ।

এক জানুৱাৰী, ২০১৯-এটা নতুন বছৰৰ আৰম্ভণি। পুৱা ওলাই অহা বেলিটোৱে উমাল স্বাগতম জনাইছিল ২০১৯ক। সকলোৱে সাজু হৈছিলোঁ ছিক্কিমৰ বিভিন্ন পৰ্য্যটন স্থলসমূহ দৰ্শনৰ বাবে। তাত সৰু সৰু বিভিন্ন গাড়ী যেনে- চুমো, এলত’, ইন্ডিকা আদিৰে পৰ্যটকসকলক নানা পৰ্য্যটন স্থলসমূহলৈ লৈ যোৱা হয়। উল্লেখযোগ্য যে, ছিক্কিমৰ অৰ্থনীতিৰ এক অংশ এই পৰ্য্যটন উদ্যোগৰ ওপৰতে নিৰ্ভৰশীল। মই, নিকি, সুকন্যা আৰু বিবেক আমি চাৰিজন একেখন গাড়ীৰে আৰম্ভ কৰিছিলোঁ আমাৰ দ্বিতীয় দিনৰ যাত্ৰা। বাকী সকলোৱে এইদৰে কেইবাটাও ভাগত বিভক্ত হৈ, বেলেগ বেলেগ গাড়ীৰে আগবাঢ়িছিল গন্তব্যস্থল অভিমুখে। আমাৰ বাবে ছিক্কিম অচিনাকি আছিল যদিও, চালকজনৰ কথা-বতৰা, বন্ধুত্বসুলভ ব্যৱহাৰে আমাক মুগ্ধ কৰিছিল, নিৰাপদ অনুভৱ কৰিছিলোঁ। প্ৰথমে আমাক লৈ যোৱা হৈছিল Banjhakri Falls and Energy Park অভিমুখে। ছিক্কিমৰ shamanic পৰম্পৰাক (এই পৰম্পৰাত জলপ্ৰপাতৰ ওচৰত থকা গুহাত বাস কৰা শক্তিক যিকোনো ৰোগ, সমস্যাৰ পৰা আৰোগ্য লাভৰ বাবে আৰাধনা কৰা হয়।) মূল হিচাপে লৈ এই পার্কখন প্ৰতিষ্ঠা কৰা হৈছিল। সেউজীয়া পাহাৰ, শিলেৰে নিৰ্মিত পথ আৰু জলপ্ৰপাতৰ শব্দই এই উদ্যানখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ সুবিধাও ইয়াত উপলব্ধ। তাৰ পিছত আমি সকলোৱে ৰাওনা হৈছিলোঁ Gonjang Monastery অভিমুখে। বৌদ্ধধৰ্মাৱলম্বী সকলৰ উপাসনাৰ এই স্থল গেংটকৰ পৰা প্ৰায় ৬ কি.মি. নিলগত অৱস্থিত। ছিক্কিমত এনে বহুত Monastery আছে। Monasteryৰ অন্তৰ্ভাগ অতি শান্ত সমাহিত। ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে, মনটো যেন পৱিত্ৰ হৈ পৰিল তেনে অনুভৱ হৈছিল। Monasteryৰ চৌহদত আমি সকলোৱে স্মৃতিৰূপে এখন গ্ৰুপ ফটো উঠিলোঁ। Gonjang Monasteryৰ পৰা ওলাই আমাৰ যাত্ৰা আৰম্ভ হ’ল তাশি ভিউ পইণ্ট অভিমুখে(Tashi View Point)। এইটো নিৰ্মাণ কৰিছিল ছিক্কিমৰ ৰজা Tashi Namgyal এ আৰু সেয়ে এই ভিউ পইণ্টটোক তেওঁৰ নামেৰে জনা যায়। বহুত চিৰি বগাই আমি উঠি গৈছিলোঁ ভিউ পইণ্টলৈ। এই ভিউ পইণ্টৰ পৰা উপভোগ কৰিছিলোঁ বৰফেৰে আৱৰা কাঞ্চনজংঘা পৰ্বতৰ সুউচ্চ শুকুলা শিখৰ। অসংখ্য পৰ্য্যটকৰে ভৰি আছিল সেইস্থান। তাৰ পৰা আমাক গাড়ীৰ চালকজনে এখন ফুলৰ উদ্যানলৈ লৈ গৈছিল। বহু ঠাই আগুৰি থকা এই উদ্যানখন নানা প্ৰজাতিৰ ফুলৰ গছ আৰু অৰ্কিডেৰে ভৰি আছিল। শীতকাল হোৱা বাবে কিছুমান ফুল ফুলা নাছিল। তাৰ পাছত আমি উপস্থিত হৈছিলোঁ হিন্দুসকলৰ উপাস্য দেৱতা গণেশৰ মন্দিৰ ‘গণেশ টক’ত। নৱবৰ্ষৰ প্ৰথম দিনটোত বন্তি জ্বলাই আশীষ লৈ গাড়ীত বহিছিলোঁ। ইয়াৰ পাছত একা-বেঁকা পথেৰে আমি ৰাওনা হৈছিলোঁ পূব ছিক্কিম জিলাত অৱস্থিত ‘হনুমান টক’ অভিমুখে। ১৯৫২ চনতে স্থাপিত হনুমানৰ এই মন্দিৰ ভাৰতীয় সৈন্যবাহিনীয়ে পৰিচালনা কৰে। প্ৰায় ৭,২০০ ফুট উচ্চতাত অৱস্থিত এই মন্দিৰৰ আশে পাশে লক্ষ্য কৰিছিলোঁ বৰফৰ সৰু সৰু টুকুৰা। ৰ’দৰ তাপত গলিবলৈ আৰম্ভ কৰা বৰফৰ অৱশিষ্ট অংশই যেন পুনৰবাৰ প্ৰমাণ কৰিছিল শীতৰ প্ৰকোপ। তাৰ পিছতে আমি পুনৰ উভতি আহিলোঁ আমাৰ MG MARG ত অৱস্থিত হোটেললৈ। দ্বিতীয় দিনৰ ভ্ৰমণ সিমানতে সামৰণি পৰিছিল। হোটেলৰ কোঠাত কিছু সময় জিৰণি লোৱাৰ পাছত সন্ধিয়া আকৌ ওলাই আহিছিলোঁ, সন্ধিয়াৰ ৰঙীন গেংটকে যেন আমাক হাত বাউলি দি মাতিছিল। MG মাৰ্গৰ দোকানৰ পৰা স্মৃতি হিচাপে কিছু সামগ্ৰী ক্ৰয় কৰাৰ পাছত খোজকাঢ়ি উপভোগ কৰিছিলোঁ গেংটকৰ শীতৰ মাদকতা। পাছদিনা আমি চাংগো হ্রদলৈ যোৱা কথা আছিল। কিন্তু বৰফৰ বাবে সেই যাত্ৰা কিমান সফল হ’ব তাক লৈ সকলো দোধোৰ-মোধোৰত আছিলোঁ। আমি যোৱা দুদিনমানৰ আগত বৰফ পৰি ৰাস্তা বন্ধ হোৱা বাবে বহু যাত্ৰী ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰিছিল। সেইবাবে হোটেললৈ আহি আহাৰ গ্ৰহণ কৰি পাছদিনাৰ যাত্ৰাৰ বাবে থকা উৎসুকতা বুকুত সামৰি সোনকালেই শুই পৰিছিলোঁ; ভয় আছিল কিজানি দেৰি হ’লে আমাক এৰি যায়গৈ লগৰবোৰ, গালিও খাব লাগিব।  

তৃতীয় দিনা ( ২ জানুৱাৰী) পুৱা সোনকালে উঠি গা পা ধুই, যিমান পাৰি সিমান গৰম চুৱেটাৰ, টপ, ডাঙৰ জেকেট, গৰম পেন্ট, জিন্স, জোতা-মোজা টুপী পিন্ধি সাজু হ’লোঁ! ইমানবোৰ পিন্ধাৰ পাছতো ভয় লাগি আছিল, যদি বৰফ পৰে, ঠাণ্ডা লাগিলে বা কি কৰিম! আহাৰ গ্ৰহণ কৰিয়ে লৰালৰিকৈ গৈ গাড়ীত বহিলোঁ। চাংগো হ্ৰদ অভিমুখে ৰাওনা হ’লোঁ গাইডৰ সৈতে দলৰ মুঠ ৩৪ জন যাত্ৰী। গেংটক-নাথুলা পথেৰে গ’লে গেংটকৰ পৰা প্ৰায় ৪০কি.মি.নিলগত অৱস্থিত এই হ্ৰদ। প্ৰায় ১২,৩১৩ ফুট উচ্চতাত অৱস্থিত এই হ্ৰদলৈ যোৱা ৰাস্তা আছিল যথেষ্ট অকোঁৱ-পকোঁৱা, একাষে ওখ পাহাৰ আৰু একাষে চকুৰে নমনালৈকে কেৱল দ খাৱৈ। এঠাইত আমি গাড়ীৰ পৰা নামি খোজকাঢ়িবলগীয়া হৈছিল। থিয় ৰাস্তা হোৱা বাবে সেইঠাইত চালকে গাড়ীখন যাত্ৰী নমাই ওপৰলৈ চলাই নিছিল। খোজ কাঢ়িবলৈ লৈ অনুভৱ কৰিছিলোঁ বেছি উচ্চতাত থকাটো কিমান কষ্টকৰ! ভৈয়ামৰ পৰা যোৱা মানুহৰ অক্সিজেনৰ অভাৱ  অনুভৱ হোৱা, মূৰ ঘূৰোৱা, বমি হোৱা আদি উপসৰ্গই দেখা দিয়ে। খোজ কাঢ়ি যাওঁতে সেই ২০-৩০ মিটাৰ মান দূৰত্বৰ বাট বৰ দীঘল যেন লাগিছিল আৰু যথেষ্ট ভাগৰ অনুভৱ হৈছিল। ৰাস্তাৰে যাওঁতে দেখিছিলোঁ পাহাৰৰ পৰা বৈ অহা পানীৰ সৰু সৰু নিজৰাবোৰ বৰফ হৈ স্থিৰ হৈ পৰা। ইমানে ঠাণ্ডা আছিল যে, সূৰ্যৰ পোহৰতো সেইসমূহ সম্পূৰ্ণ গলি যোৱা নাছিল। হ্ৰদ পোৱাৰ আগেয়ে এঠাইত নামি আমি সকলোৱে বুট জোতা ভাড়ালৈ লৈ পিন্ধি লৈছিলোঁ। একা-বেঁকা ৰাস্তাৰে গৈ অৱশেষত আমি উপস্থিত হ’লোঁগৈ বহু প্ৰত্যাশিত চাংগো হ্ৰদত। জানুৱাৰী মাহৰ শীতৰ প্ৰকোপত হ্ৰদৰ পানী বৰফ হৈ গোট মাৰি আছিল। সকলোৱে তাত বহুত ফটো উঠিলোঁ। ছিক্কিমৰ থলুৱা জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি ফটো উঠা, য়াকৰ পিঠিত উঠিব পৰা সুবিধাও তাত উপলব্ধ। হ্ৰদৰ কাষতে আৰু এটা ৰ’পৱে আছিল। সেই সম্পূৰ্ণ কাঁচেৰে নিৰ্মিত ৰ’পৱেৰে পাহাৰৰ ওপৰেদি গৈ সম্পূৰ্ণ বৰফৰ আবৃত অংশলৈ যাব পাৰি। তাত বৰফৰ লগত খেলিব বা বেলেগ আমোদ-প্ৰমোদৰ সুবিধাও আছে। হ্ৰদৰ পৰা আৰু ওপৰলৈ উঠি গ’লে পোৱা যায় বাবা মন্দিৰ। আমাৰ বাবে কেৱল যিকোনো এঠাইলৈ যোৱাৰ পথহে আছিল। বাবা মন্দিৰলৈ গ’লে ৰ’পৱেত উঠিবলৈ সময় নহ’ব আৰু তেনেদৰে ৰ’পৱেত উঠিলে বাবা মন্দিৰলৈ যাবলৈ সময়ৰ নাটনি হ’ব। কিয়নো গাড়ীৰ চালকৰ মতে যিকোনো সময়ত বতৰ বেয়া কৰিলে বৰফ পৰি  ৰাস্তা বন্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। দুঃসাহসিক কাম কৰিবলৈ ভাল পোৱা বাবেই চাগৈ মোৰ ৰ’পৱেত উঠি স্বচ্ছ কাঁচৰ মাজেৰে চকুৰে নমনালৈকে বিস্তৃত হৈ থকা বৰফৰ দেশখন উপভোগ কৰিবলৈ বহুত মন গৈছিল। কিন্তু পিছ মুহূৰ্ততে ভাবিলোঁ ইমান দূৰ আহিলোঁ যেতিয়া বাবামন্দিৰ দৰ্শন কৰি অহাই উত্তম হ’ব। আকৌ বা আহিব পাওঁ নে নাপাওঁ! শেষত দলটো আমি দুটা ভাগত বিভক্ত হ’লোঁ, লগৰ কেইবাজনো বন্ধুই ৰ’পৱেত উঠিবলৈ সিদ্ধান্ত ল’লে আৰু আমি বাকীবোৰে বাবা মন্দিৰ অভিমুখে ৰাওনা হ’লোঁ। ৰাস্তাৰ কাষে কাষে  মাজে মাজে দেখা পাইছিলোঁ বৰফেৰে আৱৰা ঠাই। দূৰ দূৰণিলৈকে কেৱল পাহাৰ আৰু বৰফ। বাবা হৰভজন সিঙৰ মন্দিৰ বুলি জনাজাত এই মন্দিৰটো ইয়াৰ লগত জড়িত এক আখ্যানৰ বাবে যথেষ্ট বিখ্যাত। বিশ্বাস কৰা হয় যে, বাবা হৰভজন সিঙৰ আত্মাই পূব হিমালয়ৰ বৰফেৰে আৱৰি থকা অঞ্চলত কৰ্মৰত সৈন্যসকলক সুৰক্ষা দি আহিছে। মন্দিৰত যদি পানীত বটল জমা কৰা হয় আৰু এক সপ্তাহৰ পিছত সেই পানী ব্যৱহাৰ কৰিলে মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। এটা কোঠাত তেওঁ ব্যৱহাৰ কৰা কাপোৰ, জোতা, বিচনা আচবাব আদি থৈ দিয়া হৈছে। চীনা সীমান্তত প্ৰায় ১৩,১২৩ উচ্চতাত অৱস্থিত এই মন্দিৰত কিছু সময় কটাই আমাৰ নামনিমুখী উভতনি যাত্ৰা আৰম্ভ কৰোঁ। উভতনি যাত্ৰাত এঠাইত আমাৰ আগ্ৰহক নেওচা দিব নোৱাৰি গাইড ঋতু দাই গাড়ীৰ চালকক কৈ ৰাস্তাৰ কাষত বৰফেৰে ঢাকি ৰখা এঠাইত গাড়ীখন ৰখাই দিবলৈ কয়। ৰখোৱাৰ লগে লগে মই, সুকন্যা আৰু নিকিয়ে গাড়ীৰ পৰা নামি গৈ বৰফৰ দলিছাত জঁপিয়াই পৰিলোঁ। টুকুৰা-টুকুৰ বৰফবোৰ হাতেৰে ধৰি কি যে আনন্দ লাভ কৰিছিলোঁ। আমাৰ মাজত লুকাই থকা শিশু সুলভ মনটো জাগি উঠিছিল। ইজনীয়ে সিজনীলৈ বৰফ দলিয়াই  ফুৰ্তি কৰি কিমান যে ফটো উঠিলোঁ। অৱশ্যে বেছিকৈ বৰফ চুই থাকিলে গা বেয়া হ’লে বাকী ফুৰিবলৈ নাপাম বুলি আমাক ঋতুদাই সোনকালে লৈ আহিল।

চাংগো হ্ৰদৰ ওচৰতে বাকী থকা লগৰ বন্ধুকেইজনক উঠাই আমি উপস্থিত হ’লোঁহি এমজি মাৰ্গৰ হোটেলত। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁতে প্ৰায় আবেলিয়ে হৈছিল। সন্ধিয়া সেইদিনা জিৰণি লৈ নিশাৰ আহাৰ গ্ৰহণ কৰি দাৰ্জিলিং ভ্ৰমণৰ  সপোন বুকুত বান্ধি শুই পৰিলোঁ। উল্লেখযোগ্য যে আমি থকা হোটেলখনত থকাৰ লগতে পুৱা, দুপৰীয়া আৰু নিশাৰ বাবে আহাৰৰ ব্যৱস্থা আছিল। পুৱাৰ আহাৰত প্ৰতিদিনে ব্ৰেড, নানান ফলমূল, ৰুটি, পৰঠা, কণী, ঘুগুনী , চাহ, কফি আদি নানা সুস্বাদু আৰু সুষম খাদ্যৰ ব্যৱস্থা আছিল। ঠিক সেইদৰে প্ৰতিদিনেই দুপৰীয়া আৰু ৰাতিৰ আহাৰত ভাত, পোলাও, লুচী, ডাইল, মাংস, মাছ, চালাড, আচাৰ, পাপৰ আৰু কত যে কি বেলেগ ৰন্ধন প্ৰণালীৰ খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। মোৰ দৰে ভোজনবিলাসীৰ বাবে ইয়াতকৈ আৰু আনন্দৰ কথা কি হ’ব পাৰে! ছিক্কিম আৰু দাৰ্জিলিঙৰ গোটেই যাত্ৰাটোত প্ৰথমে এজনৰ পৰা ৮৫০০ কৈ লোৱা হৈছিল। ইয়াতে ৰে’লৰ অহা-যোৱা টিকেট, হোটেলত থকা-খোৱাৰ পইচা, প্ৰতিদিনে গাড়ীৰে ঠাই দৰ্শনৰ পইচা সকলো অন্তৰ্গত আছিল। কেৱল নিজাববীয়াকৈ কৰা বজাৰ, দুঃসাহসিক ক্ৰীড়া বা অন্যান্য নিজৰ মন পছন্দৰ খাদ্যৰ বাবে নিজৰ ফালৰ পৰা পইচা পৰিশোধ কৰিবলগীয়া হৈছিল।

তিনি জানুৱাৰী, ২০১৯ তাৰিখ-তিনিদিনৰ ভিতৰতে আপোন হৈ পৰা এম জি মাৰ্গ তথা গেংটক চহৰ এৰি যোৱাৰ সময় চমু চাপি আহিছিল। পুৱাই গা ধুই, আহাৰ গ্ৰহণ কৰি সকলো বয়-বস্তু সামৰি আমি সকলোৱে কেইবাটাও গোটত ভাগ হৈ পূৰ্বৰে পৰা নিৰ্ধাৰণ কৰি থোৱা বাহনত উঠি পুনৰ অহাৰ আশা বুকুত বান্ধি ছিক্কিম এৰি, দাৰ্জিলিং অভিমুখে  যাত্ৰা আৰম্ভ কৰোঁ। অকোঁৱা-পকোঁৱা বাটেৰে সেউজীয়া ফালি ক্ৰমান্বয়ে আমাৰ গাড়ীখন আগবাঢ়িছিল। পাহাৰ কাটি বনোৱা পথেৰে, ছাঁ-পোহৰৰ মাজেৰে দাৰ্জিলিং অভিমুখী এই যাত্ৰা ৰোমাঞ্চকৰ হৈ পৰিছিল। প্ৰায় সন্ধিয়াৰ আগে আগে আমি উপস্থিত হৈছিলোঁগৈ জন্মসূত্ৰে অসমীয়া, বিবাহসূত্ৰে দাৰ্জিলিঙৰ বাসিন্দা হোৱা এগৰাকী উদ্যমী অসমীয়া মহিলা আৰু তেওঁৰ স্বামীয়ে পৰিচালনা কৰা গেষ্ট হাউচত। হাড় কঁপোৱা ঠাণ্ডাই আমাক কোঙা কৰি পেলাইছিল। তথাপিও গৰম পানীৰে মুখ হাত ধুই প্ৰয়োজনীয় কিছুমান সামগ্ৰী ক্ৰয় কৰিবলৈ আমি ওলাই আহিছিলোঁ। বাহিৰত ফেৰফেৰীয়া ঠাণ্ডা বতাহ বলি আছিল। হাত মোজা, টুপী পিন্ধি কিছু পৰিমানে সেই ঠাণ্ডাৰ পৰা আমি পৰিত্ৰাণ পাইছিলোঁ। ওচৰতে এটা ডাঙৰ বহু দোকানেৰে ঠাহ খাই থকা  কমপ্লেক্স আছিল। বৰদিনৰ বাবে কৰা আলোকসজ্জাই বৰ ধুনীয়াকৈ পোহৰাই ৰাখিছিল। কেইবাখনো ফটো উঠাৰ পাছত আমাৰ চকুত পৰিল ডমিন’জ পিজ্জাৰ দোকান। পেটৰ ভোক আৰু জিভাৰ পানীয়ে আমাক টানি নি তাত বহুৱাই হে এৰিলে। পাঁচজনৰ মাজত প্ৰায় ১০০০ টকা পৰিশোধ কৰি গধুৰ পেট লৈ আমি ঘূৰি আহি গেষ্ট হাউচ পালোহি। বিছনাত জিৰণি লোৱাৰ কিছু সময়ৰ পাছতে নৈশ আহাৰৰ নিমন্ত্ৰণ আহিল। কি ভাগ্য, গেষ্ট হাউচৰ মালিক খুৰীগৰাকীয়েও আমালৈ ৰাতিৰ আহাৰত মা-মছলা নিদিয়াকৈ  নিজে তদাৰক কৰি ভাত, দাইল, ভাজি আৰু মাংসৰ আঞ্জা ৰান্ধিছিল। ইমান আদৰ যত্নৰে সজা ভাতসাঁজ খাই বহুত দিনৰ মূৰত ঘৰত খোৱা যেন অনুভৱ হ’ল। আহাৰ গ্ৰহণ কৰিয়ে বিছনাত পৰিলোঁ। পাছদিনা আমাৰ বাবে ৰৈ আছিল অন্য এক অভিজ্ঞতা।

৪ জানুৱাৰীৰ দিনা পুৱতি নিশা ৩ বজাৰ লগে লগে এলাৰ্মৰ শব্দত সাৰ পাই লৰালৰিকৈ মই আৰু নিকি ব্ৰাছ কৰি সাজু হ’লোঁ টাইগাৰ হিলছৰ সূৰ্যোদয় দৰ্শন কৰিবলৈ। চেষ্টা কৰিও সুকন্যাক উঠাব নোৱাৰি তাইক এৰি দৌৰি-দৌৰি তলৰ মহলালৈ নামি আহিলোঁ। ইমান দূৰ আহি যদি  সূৰ্যোদয়ৰ মনোৰম দৃশ্য উপভোগ কৰিব নাপাওঁ দাৰ্জিলিং অহাৰ সার্থকতাই বা ক’ত! ইতিমধ্যে পুৱাৰ টোপনি জয় কৰিবলৈ সক্ষম হোৱা জুনিয়ৰ ভাইটি-ভন্টী কেইবাগৰাকী, লগৰ বন্ধু কেইবাজনো আহি গেষ্ট হাউচৰ অভ্যৰ্থনা কক্ষত গোট খাইছিল। গাড়ী আহি পোৱা লগে লগে সকলোৱে নিশাৰ আন্ধাৰ ফালি ৰাওনা হ’লোঁ টাইগাৰ হিলছ অভিমুখে। সূৰ্যোদয়ৰ দৃশ্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ বহু পৰ্যটকে নিশাৰ পৰাই সমবেত হয়হি। পলম কৰিলে কেতিয়াবা থিয় হ’বলৈও ঠাইৰ অভাৱ হয়। কোনোবাই যদি ভৱিষ্যতে তালৈ যোৱাৰ মন বান্ধে তেন্তে যিমান পাৰি সিমান সোনকালে টাইগাৰ হিলছত উপস্থিত হ’লেহে সূৰ্য উদয়ৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব। মূল স্থানৰ বহু দূৰতে গাড়ী ৰখাই দিয়া হয়, অন্যথা ঘূৰি আহিবৰ সময়ত গাড়ীৰ যি ভিৰ হয়, সেই ভিৰ ফালি সোনকালে ওলাবলৈও যথেষ্ট সময়ৰ প্ৰয়োজন হয়। আমাকো গাড়ীৰ পৰা যথেষ্ট আঁতৰত নমাই দিয়ে। তাৰ পৰা বৰফ পৰি থকা পিছল বাটেৰে খুপি খুপি আমি ওপৰলৈ উঠি যাওঁ। বহু দূৰ বাট খোজ কাঢ়ি গৈ একেবাৰে ওপৰৰ অংশত উপস্থিত হওঁগৈ। তেতিয়াও আন্ধাৰ হৈ আছিল। আকাশ ডাৱৰে আগুৰি আছিল। আন্ধাৰত আকৌ মই ডাৱৰবোৰ দেখি ভাবিছিলোঁ আমাৰ পৰা অলপ আঁতৰত সমান্তৰাল ভাৱে থকা  পাহাৰৰ গছৰ আগ অংশ আৰু তাৰ মাজেৰে সূৰ্য ওলাই আহিব। লাহে লাহে  ৫.৩০ বজাৰ পৰা আকাশখন মুকলি হৈছিল। ৰঙা পোহৰ দেখা গৈছিল আৰু তেতিয়াহে মই গম পাইছিলোঁ যে মই গছ বুলি ভবাবোৰ আচলতে আকাশত ভাঁহি থকা ডাৱৰৰ অংশ। ডাৱৰ থকা বাবে বহুতে সূৰ্য উদয় দেখা পোৱা কঠিন হ’ব বুলি কৈ আছিল। মনটো বেয়া লাগি গৈছিল, যদি দেখা নাপাওঁ আজি, আকৌ কেতিয়াবাকৈ বা আহিবলৈ পাম। কিন্তু এই সকলোবোৰ ধাৰণা নস্যাৎ কৰি ওলাই আহিছিল বেলিটো। সকলোৰে হৰ্ষ উল্লাসে প্ৰমাণ কৰিছিল সেই মনোৰম দৃশ্য দেখাৰ আনন্দ। সূৰ্যৰ পোহৰ পৰি বিপৰীত দিশৰ পৰ্বতমালা ৰঙচুৱা হৈ পৰিছিল। সেই দৃশ্য মই গোটেই জীৱনতো পাহৰিব নোৱাৰোঁ। প্ৰাণভৰি সেই দৃশ্য উপভোগ কৰি আমি গাড়ীলৈ উভতি আহিলোঁ। ইতিমধ্যে পোহৰ হৈছিল। দাৰ্জিলিং চহৰৰ ব্যস্ততাপূৰ্ণ জীৱনৰ আৰম্ভ হৈছিল। উভতনি যাত্ৰাত আমাক গাড়ীৰ চালকজনে প্ৰথমে লৈ গ’ল বাতাশিয়া লুপ আৰু গোর্খা যোদ্ধাৰ স্মৃতিস্থলীলৈ। এই ঠাইৰ পৰা ফৰকাল বতৰত কাঞ্চনজংঘাৰ অনুপম দৃশ্য উপভোগ কৰিব পাৰি। আমি উপস্থিত হওঁতে তাৰ ফুলগছবোৰত বৰফৰ সৰু সৰু কণিকা মুকুতাৰ দৰে তিৰবিৰাই আছিল। তাৰ থলুৱা ব্যৱসায়ীসকলৰ পৰা গৰম কাপোৰ ক্ৰয় কৰোঁ। ইয়াৰ পৰা ওলাই আমি উপস্থিত হওগৈ Dali Monastery  বা  Dali Gomba ত, যাক  Druk Thupten Sangag Choeling Monastery বুলিও জনা যায়। সময়ৰ অভাৱৰ বাবে কেৱল বাহিৰৰ পৰাই দৰ্শন কৰোঁ। স্মৃতি ৰূপে ফটো তোলাৰ পাছত আমি আমাৰ অস্থায়ী আৱাসস্থলীলৈ উভতি আহোঁ। ইফালে গেষ্ট হাউছত মোলৈ অপেক্ষা কৰি আছিল এটা অন্য বিপদে। টাইগাৰ হিলছ চাবলৈ যাওঁতে গা ধুই যোৱা নাছিলোঁ। ঠাণ্ডাই হওক বা গৰমে হওক শোৱাৰ পৰা উঠিয়ে গা ধোৱাটো মোৰ নিয়মিত অভ্যাস। গা নোধোৱাকৈ ক’লৈকো ওলাই যাব নোৱাৰোঁ। আগদিনা সন্ধিয়া ৫ বজাত গা ধোৱা বাবে পুৱতি নিশা ৩ বজাত গা নোধোৱাকৈ ওলাই গৈছিলোঁ। কিন্তু উভতি আহি গা ধুব লওঁতে দেখোঁ ইতিমধ্যেই বিদ্যুৎ যোগান কাটি দিছে। গ্ৰীজাৰৰ গৰম পানীও শেষ হোৱাৰ পথত। কাৰেণ্ট আহিবলৈ অপেক্ষা কৰোঁ মানে পুনৰ নতুন স্থানলৈ যাবলৈ গাড়ী আহি উপস্থিত হ’বহি। গা নোধোৱাকৈ যাবলৈ অলপো মন নাই। যি হয় হ’ব আৰু, ঠাণ্ডা পানীৰে স্নান কৰিম  বুলি গা ধোৱা ঘৰত সোমালোঁ। বাকী থকা গৰম পানীৰে ধুই থাকোঁতে লাহে লাহে সেই গৰম পানী শেষ হৈ টেপৰ পৰা ঠাণ্ডা পানী ওলাবলৈ ধৰিলে। উফ কি চেঁচা পানী! গাত ঢালি দিয়াৰ লগে লগে ভিতৰৰ হাড়লৈকে বিষাই গ’ল। যি হয় হওক আৰু বুলি সেই ঠাণ্ডা পানীৰেই গা ভালকৈ ধুই ওলাই আহিলোঁ। গৰম কাপোৰ পিন্ধিহে তত পাইছোঁ। মোবাইলত চাই দেখোঁ তাপমাত্ৰা ৩℃ ! এই অভিজ্ঞতা জীৱনত নাপাহৰোঁ। ভাগ্য ভাল আছিল একো অসুখে দেখা নিদিলে। তাৰ পাছত সকলোৱে সাজু হৈ আহি গাড়ীত বহিলোঁহি আৰু আৰম্ভ হ’ল দাৰ্জিলিঙৰ নানা ঠাই দৰ্শনৰ যাত্ৰা। প্ৰথমে আমি উপস্থিত হ’লোঁগৈ ‘ৰক গাৰ্ডেন’ত। ইয়াতে Chunnu Summer Falls নামেৰে এটা জলপ্ৰপাত আছে। শিল কাটি বনোৱা পথেৰে পাহাৰ বগাই আমি উদ্যানখনৰ ওপৰলৈ উঠি গ’লোঁ। বহুত ধুনীয়াকৈ  এই উদ্যানখন সাজি উলিওৱা হৈছে। দাৰ্জিলিঙৰ থলুৱা জনগোষ্ঠীৰ সাজ-পাৰ পৰিধান কৰি ফটো উঠিলোঁ। গৰম গৰম  সুস্বাদু মেগী খাই ‘ৰক গাৰ্ডেন’ এৰি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাস্তাত পোৱা এখন বাগানৰ পৰা জৈৱিক চাহপাত ক্ৰয় কৰিলোঁ। ‘টেঞ্জিং ৰক’ নামৰ এটা ডাঙৰ শিলত ৰক ক্লাইম্বিঙৰ সুবিধা আছে। আমাৰ লগৰ বহুতে এই সুবিধা গ্ৰহণ কৰিলে। আমাক গাড়ী চালকজনে ৰাস্তাৰ কাষত থকা আৰু কিছুমান উল্লেখযোগ্য ঠাই যেনে ৰামকৃষ্ণ মিছন আদি দেখুৱাই নিছিল। ইয়াৰ পাছত আমি উপস্থিত হ’লোঁগৈ পদ্মজা নাইডু হিমালয়ান জু-লজিকেল পাৰ্কত। এই চিৰিয়াখানা খনত নানা ধৰণৰ পশু-পক্ষী দেখা পাইছিলোঁ। এক বৃহৎ এলেকা জুৰি থকা এই চিৰিয়াখানাখনত নানা প্ৰজাতিৰ পশু, পাকিস্তানৰ  ৰাষ্ট্ৰীয় পশু MARKHOR, য়াক, বাঘ, ভালুক, নানা প্ৰজাতিৰ চৰাই, কত  যে কি দেখা পাইছিলোঁ। নিজ চকুৰে ইমানবোৰ জীৱ-জন্তু চাবলৈ পাই ধন্য মানিছিলোঁ। ইয়াৰ পাছতে আমি গেষ্ট হাউছলৈ উভতি আহিছিলোঁ। সন্ধিয়া কিছু সময়ৰ বাবে শেষ দিনৰ বাবে দাৰ্জিলিং চহৰ চাবলৈ ওলাই আহিলোঁ। নৈশ আহাৰ গ্ৰহণ কৰি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লওঁ। পাছদিনা আছিল আমাৰ উভতনি যাত্ৰা।

৫ জানুৱাৰীৰ পুৱাই উঠি বেগ বান্ধি গাড়ীত উঠি আমি ৰাওনা হ’লোঁ নিউ জলপাইগুৰি অভিমুখে। উভতনি যাত্ৰাত গাড়ী ৰখাই আমি প্ৰৱেশ কৰোঁ নেপালত। নেপালত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ নেটৱৰ্ক নাইকিয়া হৈ গৈছিল। নেপালৰ পশুপতি মাৰ্কেটত কিছুমান বস্তু যথেষ্ট কম দামত পোৱা যায়। মই তাৰ পৰা দুডাল লেকমি আইকনিক কাজল ৬০ টকা দি ক্ৰয় কৰোঁ। বেগ, কিছুমান সজোৱা বস্তু, নানা ধৰণৰ প্ৰসাধনৰ সামগ্ৰী যথেষ্ট কম দামত পোৱা যায়। তাৰ পৰা ওলাই আহি গাড়ীত উঠি পুনৰ যাত্ৰা আৰম্ভ কৰোঁ। এইবাৰ আমি উপস্থিত হওঁ মিৰিক হ্ৰদত। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পুনৰ যাত্ৰা আৰম্ভ হয়। সেউজীয়া পাহাৰৰ মাজেৰে, চাহ বাগিচাৰ মাজে মাজে আমি লাহে লাহে সমতললৈ আহি থাকোঁ। সেই সময়ত আমাৰ বহুতৰে কাণবোৰত এক অন্য অনুভৱ হৈছিল। শব্দ কৰি কাণবোৰ  যেন খুলি গৈছে তেনে অনুভৱ হয়। লাহে লাহে আমি প্ৰৱেশ কৰিলোঁ পশ্চিমবংগৰ ব্যস্ত ৰাজপথত। শিলিগুড়িৰ গাড়ীৰ ব্যস্ত ভিৰ পাৰ হৈ উপস্থিত হ’লোঁহি নিউ জলপাইগুৰি জংচনত। নিশা ১২.০৫ মানত প্ৰায় ৫ ঘণ্টা পলমকৈ উপস্থিত হোৱা অৱধ আসাম এক্সপ্ৰেছত উঠাৰ লগে লগে মনটো দুখত ভাৰাক্ৰান্ত হৈ পৰিছিল। আকৌ বা  কেতিয়ালৈ আহিবলৈ পাম! প্ৰায় ২৪ ঘণ্টাৰ যাত্ৰাৰ অন্তত নিশাৰ ১১.৪৫ মানত মৰিয়নি জংচনত ৰে’লৰ পৰা নামো। নিশা শিৱসাগৰৰ ঘৰলৈ অহাৰ অসুবিধা হেতুকে সুকন্যাৰ ঘৰলৈকে যাওঁ। গৰম পানীৰে গা ধুই  সুকন্যাৰ মা-ই ৰান্ধি থোৱা গৰম ভাত আৰু মাংসৰ আঞ্জাৰে ভাত খাই আমি দুয়োজনী শুই পৰোঁ। পাছদিনা যথেষ্ট দেৰিকৈ সাৰ পাওঁ আমি। শুই উঠি গা ধুই ভাত খাই সুকন্যা, মা-দেউতা আৰু ভন্টীৰ পৰা বিদায় লৈ ট্ৰেভেলাৰত উঠি অৱশেষত ৬ ডিচেম্বৰৰ সন্ধিয়া ৬ মান বজাত ঘৰত উপস্থিত হওঁ।

এইদৰে অন্ত পৰে মোৰ প্ৰায় ৮ দিনীয়া ছিক্কিম-দাৰ্জিলিং ভ্ৰমণ। ঘৰ পাই পিছে ঘৰৰ মানুহৰ আগত বহু দিনলৈ যাত্ৰা অভিজ্ঞতাৰ কথাকে বৰ্ণনা কৰি থাকিলোঁ। এতিয়াও সুবিধা পালেই ক’বলৈ পালে ভাল পাওঁ। মাজে মাজে লেপটপৰ ফল্ডাৰ খুলি চাই থাকোঁ সেইকেইটা দিনৰ স্মৃতি বহন কৰা ফটোবোৰ। অবিস্মৰণীয় অভিজ্ঞতাবোৰ মনত পেলোৱাৰ মজাই যে সুকীয়া।   

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments