নৱম অধ্যায়: সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যঃ প্ৰথম পৰ্ব (১৯৭০-১৯৯০)

লেখক- মৃণাল জ্যোতি গোস্বামী

৯.২ তদানীন্তন কালৰ অসমীয়া সাহিত্য

সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যৰ প্ৰথম পৰ্বটোৰ সাহিত্যৰ পটভূমি নিৰ্মাণত বিভিন্ন কাৰকে— বিশেষকৈ দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৌদ্ধিক পৰিৱৰ্তন আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ সেই কথা ইতিমধ্যে কৰা আলোচনাতে প্ৰকাশ পাইছে৷ তথাপিতো আৰু দুটা মান কথা দোহৰাৰ প্ৰয়োজনীয়তা বোধ কৰা হ’ল৷

আমাৰ আলোচ্য সময়ছোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা ৰূপে চিহ্নিত হৈছিল প্ৰব্ৰজন৷ আনহাতে সমাজত ব্যক্তিকেন্দ্ৰিক ভোগবাদে প্ৰবল ৰূপ ধাৰণ কৰিলে৷ ফলস্বৰূপে কৃষক শ্ৰেণীটো দৰিদ্ৰৰ পৰা দৰিদ্ৰতৰ হৈ পৰিল৷ ভোগবাদৰ লালসাত এটা শ্ৰেণীয়ে মানৱীয়তা আৰু নৈতিক প্ৰমূল্যক বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ মানসিকতাৰ এনে অধঃপতন উপলব্ধি কৰি সৃষ্টিশীল লেখক-লেখিকাসকলে সাহিত্যতো এই নগ্ন বাস্তৱ, নৈতিক স্খলন, কূটিল ৰাজনীতি, আদৰ্শৰ মৃত্যু আদিৰ চিত্ৰ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ লগতে এই সময়ছোৱাত আত্মপ্ৰকাশ কৰা বিচ্ছিন্নতাবাদী বিপ্লৱ আৰু তাৰ ফলত সৃষ্টি হোৱা নিৰাপত্তাহীনতা, সন্দেহ, সংশয় আদিয়ে অসমৰ সমাজ জীৱন আলোড়িত কৰাৰ দৰে সাহিত্যিকসকলৰ মানসিক জগতখনকো উদ্বেলিত কৰিলে৷ সমাজৰ বাস্তৱ জীৱনৰ পৰা সমল আহৰণ কৰি তেওঁলোক সৃষ্টিকৰ্মত ব্ৰতী হ’ল৷

এই সময়ছোৱাৰ অসমীয়া সাহিত্যতো ৰোমাণ্টিকতাৰ বিপৰীতে বাস্তৱতাৰ প্ৰকাশেই প্ৰধান বিষয় হিচাপে বিবেচিত হৈছে৷ মন কৰিবলগীয়া যে ইয়াৰ আগৰ যুগৰ সাহিত্যিকসকলেই হ’ল এই যুগটোৰো প্ৰধান লিখক, কিন্তু তেওঁলোকৰ ৰচনাৰ প্ৰকৃতি আৰু প্ৰকাশ শৈলীৰ পৰিৱৰ্তন সাধন হৈছিল৷ আনহাতে অসমীয়া সাহিত্যৰ পূৰ্বৱৰ্তী যুগ বিভাজনৰ সময়ত লক্ষ্য কৰা গৈছে যে একোখন আলোচনীক কেন্দ্ৰ কৰিয়েই সাহিত্যৰ ৰূপ সলনি হৈছিল৷ কিন্তু আমাৰ আলোচ্য সময়ছোৱাৰ পৰাই অসমীয়া সাহিত্যই ক্ৰমান্বয়ে আলোচনীকেন্দ্ৰীক বৃত্ত পৰা বাহিৰ হ’বলৈ ধৰে৷ ‘ৰামধেনু’ আলোচনীৰ প্ৰকাশ বন্ধ হৈ যোৱাৰ পৰৱৰ্তী সময়ত ‘মণিদীপ’, ‘আমাৰ প্ৰতিনিধি’ আদি নতুন আলোচনী প্ৰকাশ হ’বলৈ ধৰে যদিও একোটা যুগ সৃষ্টি কৰিব পৰাকৈ সেই আলোচনীসমূহে প্ৰসাৰতা লাভ নকৰিলে৷ প্ৰসংগত উল্লেখ খৰি যাওঁ যে, কোনো কোনো সমালোচকে এই যুগটোক বুজাবলৈ ‘‘যুদ্ধোত্তৰ যুগঃ দ্বিতীয় পৰ্ব বা দ্বিতীয় স্তৰ’’ অভিধাটিও ব্যৱহাৰ কৰে৷

• কবিতা

মহেশ্বৰ নেওগে এই সময়ছোৱাৰ কবিতাৰ বিষয়ে আলোচনা কৰাৰ প্ৰসংগত উল্লেখ কৰি গৈছে– ‘‘দ্বিতীয় স্তৰৰ যুদ্ধোত্তৰ অসমীয়া কবিতা আৰু এটা কেঁকুৰি ঘূৰি আহিল৷ কিবা সাম্প্ৰতিকতালৈ লক্ষ্য কৰি এই নৱতম স্তৰৰ কবিতাৰ নাম ৰখা হৈছে সাম্প্ৰতিক কবিতা৷ জগতত উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকি খুলি ৰখা সাম্প্ৰতিক কবিতাৰ ধৰ্ম৷ ’’ এই প্ৰসংগত তেওঁ বাংলা কবিতাৰ প্ৰসংগ টানি আনি এই সময়ৰ কবিতাৰ কিছু বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে৷ তাৰে কেইটামান হ’ল–

ক) ধৰ্ম, প্ৰেম, সৌন্দৰ্য আদিৰ প্ৰতি প্ৰতিষ্ঠিত মূল্যবোধত সংশয়,
খ) জৈৱ দেহজ কামনা আৰু প্ৰেমৰ ৰক্তমাংসস্থূল শৰীৰ সৰ্বস্ব ৰূপৰ প্ৰত্যক্ষীকৰণ,
গ) নগৰকেন্দ্ৰিক যান্ত্ৰিক সভ্যতাৰ অভিঘাট,
ঘ) নৈৰাশ্য আৰু ক্লান্তিবোধ,
ঙ) ভাষা প্ৰয়োগত যুগ মানসৰ ছায়াৰ দৰে দুৰ্বোধ্যতা,
চ) বিশ্বৰ বিভিন্ন ঐতিহ্যৰ পৰা সমল আহৰণ,
ছ) ফ্ৰয়েড, য়ুং, মাৰ্ক্স আদি চিন্তানায়কৰ চিন্তাৰ প্ৰকাশ,
জ) আংগিকৰ দিশত ৰোমাণ্টিকতাৰ তীব্ৰ বিৰোধ,
ঝ) প্ৰচলিত কবি প্ৰসিদ্ধিৰ ঠাইত নিজা প্ৰতীক-চিত্ৰকল্পৰ প্ৰয়োগ
ঞ) যত্ৰ-তত্ৰ উদ্ধৃতি,
ট) বাক্য গঠনত অৰ্থঘনত্বৰ সৃষ্টি
ঠ) প্ৰাচ্য-পাশ্চাত্যৰ বিভিন্ন কবিৰ আৰ্হি গ্ৰহণ ইত্যাদি৷

এই সকলোখিনি আমাৰ আলোচ্য কালছোৱাৰ কবিতাৰ মাজত প্ৰতিভাত হৈছে৷ মহেশ্বৰ নেওগৰ ভাষাৰেই– ‘‘নতুন অসমীয়া কবিতাৰ মুকুৰতো বিশ্বৰূপদৰ্শন আজি সম্ভৱ হৈছে৷ অন্তৰ্মুখী আৰু বহিৰ্মুখী নানা শক্তিৰ দ্বন্দ্বৰ মাজেদি আজিৰ কবিতা আজিৰ কবি-মানসৰ প্ৰতিভূ হৈছে৷ সাম্প্ৰতিক কবিতা কোনো একোখন সত্ৰৰ শিষ্য নহয় বা কোনো এক বৰ্ণৰ চিহ্নৰ দ্বাৰাও চিহ্নিত নহয়৷ গোষ্ঠীবন্ধনৰ চেষ্টা থাকিলেও একেই দলত সমাজ সচেতনাৰপৰা জীৱন-পলাতক ব্যক্তিবাদীলৈকে থিয় দিছে৷ এফালে যেনেকৈ নব্যৰোমাণ্টিক ক্লান্তি-নৈৰাশ্য আৰু আলসুৱা জীৱনৰ মোহ ফুটি উঠিছে, আনফালে বামপন্থী সুৰো তেনেকৈ অনিস্তব্ধ৷ ভাষা-শৈলী, চিত্ৰকল্প আৰু আৰু অভিন্ন শব্দ আৰু খণ্ড-বাক্যৰ প্ৰয়োগ আদি কিছুমান বাহ্যিক সামঞ্জস্যই কেতিয়াবা অৱশ্যে সম্প্ৰদায়-ৰূপ নিদেৰ্শ কৰে৷ ’’ মহেশ্বৰ নেওগৰ এই বক্তব্যৰ আধাৰতে আমি ধাৰণা কৰিব পাৰোঁ যে সাম্প্ৰতিক যুগৰ প্ৰথম পৰ্বৰ কবিতা কোনো এটা নিৰ্দিষ্ট সূত্ৰ, বিষয়বস্তু বা শ্ৰেণীৰ মাজত আবদ্ধ কৰিব নোৱাৰি; এই সময়ৰ কবিতাত বিভিন্ন মতবাদ-বাদ [ism]ৰ প্ৰকাশো মন কৰিবলগীয়া৷

এই সময়ছোৱাৰ অসমীয়া কবিতাৰ ইতিহাস সম্পৰ্কে আলোচনা কৰিবলৈ গ’লে দেখা যায় যে তদানীন্তন কালৰ কবিকূলৰ প্ৰধান কবি কেইজনে ইয়াৰ আগৰ যুগটোতে আত্মপ্ৰকাশ কৰিছিল৷ তাৰে ভিতৰত নৱকান্ত বৰুৱা, ভবেন বৰুৱা, নীলমণি ফুকন, অজিত বৰুৱা, হীৰেণ ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ আদি প্ৰতিষ্ঠিত কবিৰ নাম এই প্ৰসঙ্গত উল্লেখনীয়৷

যুদ্ধোত্তৰ কালত প্ৰগতিশীল কবিতাৰ ধাৰাটোৰ ধব্জা বাহক আছিল মূলতঃ নলিনীধৰ ভট্টাচাৰ্য আৰু ৰাম গগৈ৷ সমাজবাদী ধাৰণাৰে উদ্বুদ্ধ নলিনীধৰ ভট্টাচাৰ্যই আলোচ্য সময়ছোৱাত তিনিখন কবিতাৰ সংকলনৰ প্ৰকাশ কৰিছে– ‘এই কুঁৱলীতে’ (১৯৭৯), ‘চেৰশালিৰ মালিতা’ (১৯৮৩) আৰু ‘আহত সপোন’ (১৯৮৫)৷ পূৰ্বৱৰ্তী যুগটোতে আত্মপ্ৰকাশ কৰা প্ৰগতিবাদী কবি, ‘পথাৰ’ৰ কবিৰূপে খ্যাত ৰাম গগৈয়ে এই সময়ছোৱাত লিখা কাব্য পুথিখন হ’ল ‘হে পৃথিৱী অন্তৰাতমা’ (১৯৮৬)৷ উল্লেখযোগ্য যে মাটি, মানুহ, পথাৰ, ঘাম, শোষণ-নিষ্পেষণ গগৈৰ কবিতাৰ বিষয়বস্তু৷

এই সময়ৰ এগৰাকী প্ৰসিদ্ধ কবি হ’ল নৱকান্ত বৰুৱা৷ তেওঁৰ কাব্যৰ পৰিধি আটাইতকৈ বহল; ৰবীন্দ্ৰনাথৰ পৰা এলিয়টলৈ, প্ৰাচ্য আৰু পাশ্চাত্য কেইবাগৰাকীও বিখ্যাত কবিৰ সুখকৰ প্ৰভাৱ তেওঁৰ কবিতাত জড়িত হৈ আছে; কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুৰ ক্ষেত্ৰত ন-ন পৰীক্ষাৰে তেওঁ আধুনিক অসমীয়া কবিতাক ঐশ্বৰ্যশালী কৰি তুলিছে৷ এই সময়ছোৱাত প্ৰকাশিত তেওঁৰ কবিতাৰ সংকলনকেইটি হ’ল– ‘ৰত্নাকৰ আৰু অন্যান্য কবিতা’ (১৯৮৬), ‘এখন স্বচ্ছ মুখাৰে’ (১৯৯০)৷ মন কৰিবলগীয়া যে বিষয়ৰ উপযোগী ছন্দৰ প্ৰয়োগ, প্ৰকাশভঙ্গীৰ সংযম আৰু সৰলতা, গভীৰ ইতিহাস চেতনা এওঁৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য৷

আধুনিক অসমীয়া কবিতাৰ বুদ্ধিদীপ্ত কাব্যিক ধাৰাটো সাৰ্থকভাৱে প্ৰকাশিত হৈছে ভবেন বৰুৱাৰ কবিতাতো৷ তেওঁৰ একমাত্ৰ কাব্য সংকলনখন হ’ল ‘সোণালী জাহাজ’ (১৯৭৭)৷ বৌদ্ধিক জিজ্ঞাসা, তীব্ৰ অনুভূতি, মননশীলতাৰ লগতে জীৱন আৰু জগত সম্বন্ধে ৰহস্য সন্ধানী দৃষ্টিভঙ্গী ভবেন বৰুৱাৰ কবিতাৰ মূল বৈশিষ্ট্য৷ ৷ প্ৰেমক মূল বিষয়বস্তু হিচাপে লৈ, ছন্দ কুশলতাৰে কবিতা ৰচনা কৰা এগৰাকী কবি হ’ল হৰি বৰকাকতি৷

নীলমণি ফুকনৰ কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগ ঘটে৷ এই সময়ছোৱাত প্ৰকাশিত তেওঁৰ কাব্য গ্ৰন্থকেইখন হ’ল– ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’ (১৯৭২), ‘কাঁইট গোলাপ আৰু কাঁইট’ (১৯৭৫), ‘গোলাপী জামুৰ লগ্ন’ (১৯৭৫), ‘কবিতা’ (১৯৮১), ‘নৃত্যৰতা পৃথিৱী’ (১৯৮৫)৷ এই সময়ৰ কবি অজিৎ বৰুৱাৰ কবিতাতো কুৰি শতিকাৰ আধুনিক মানসিকতা, আঙ্গিক আৰু কলা-কুশলতাৰ এক অপূৰ্ব সংমিশ্ৰণ পৰিলক্ষিত হয়৷

নতুন প্ৰজন্মৰ মাজত ‘হীৰুদা’ নামেৰে জনপ্ৰিয়তা অৰ্জন কৰা হীৰেন ভট্টাচাৰ্যই শব্দসম্ভাৰ আৰু অনুভূতিৰ তীব্ৰতাৰে অসমীয়া কাব্য জগতলৈ এক নতুন সম্ভাৱনা কঢ়িয়াই আনে৷ অসমীয়া ভাষাৰ কালিকাৰ সফল প্ৰয়োগেৰে ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰকল্প নিৰ্মাণ কৰি, এশাৰী বা দুশাৰী কবিতাৰ যোগেদিয়েই তেওঁ গভীৰ তাৎপৰ্যপূৰ্ণ ভাব তথা অৰ্থ প্ৰকাশ কৰিব পাৰে৷ এই সময়ছোৱাত প্ৰকাশিত হীৰেন ভট্টাচাৰ্যৰ কাব্য পুথিকেইখন হ’ল– ‘মোৰ দেশ, মোৰ প্ৰেমৰ কবিতা’ (১৯৭২), ‘বিভিন্ন দিনৰ কবিতা’ (১৯৭৪), ‘কবিতাৰ ৰ’দ’ (১৯৭৭), ‘সুগন্ধি পখিলা’ (১৯৮১) আদি৷

আলোচ্য কালৰ মহিলা কবিসকলৰ ভিতৰত সাহিত্য অকাদেমি বঁটা প্ৰাপক নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ কবিতাত গীতিধৰ্মিতাৰে বিভিন্ন প্ৰতীক, চিত্ৰকল্প নিৰ্মাণ কৰি মানুহৰ মনোজগত, স্মৃতি-বিষাদ আদি ব্যক্তিনিষ্ঠ ভাব-অনুভূতি প্ৰকাশ কৰিছে৷ আনহাতে, তেওঁৰ কবিতাত নাৰীমনৰ শংকা, ক্ষোভ, যন্ত্ৰণা, বিদ্ৰোহ, গোপন কামনা-বাসনা আদিৰো উন্মুক্তভাৱে প্ৰকাশ পাইছে৷ ‘দিনৰ পিছত দিন’ (১৯৭৭), ‘সমীপেষু’ (১৯৭৭) আৰু ‘অন্তৰঙ্গ’ (১৯৭৮) আদি এই সময়ত প্ৰকাশ পোৱা তেওঁৰ কবিতাৰ সংকলন৷

গভীৰ জীৱনবোধ, আঙ্গিকৰ নিজস্ব ৰীতিৰে আধুনিক অসমীয়া কবিসকলৰ মাজত মৰ্যাদাপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হেৰকৃষ্ণ ডেকাই এই সময়ত ৰচনা কৰে – ‘স্বত্ত্ববোৰ’ (১৯৭৩), ‘ৰাতিৰ শোভাযাত্ৰা’ (১৯৮২) আৰু ‘আন এজন’ (১৯৮৬)৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ডেকাই ‘আন এজন’ কাব্য-পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছে৷ এই সময়ছোৱাত কম সংখ্যক কবিতা লিখিও গুণগত দিশত এক উচ্চতম স্থানত উপৱিষ্ট হোৱা আন এগৰাকী কবি হ’ল হীৰেন্দ্ৰনাথ দত্ত৷ সাহিত্য অকাদেমি বঁটা লাভ কৰা এওঁৰ কবিতাৰ ভাষা ব্যঞ্জনাময়; লোককথা, লোকগাঁথা আৰু জতুৱা ঠাঁচৰ সফল প্ৰয়োগেৰে ল’ৰালিৰ স্মৃতি অংকন কৰি এওঁ আধুনিক কবিতাৰ কৃত্ৰিমতাৰ বিপক্ষে সুস্পষ্টভাৱে প্ৰতিৰোধ আগবাঢ়াইছে৷ তেওঁৰ একমাত্ৰ কাব্যগ্ৰন্থখন হ’ল ‘সোমধিৰিৰ সোঁৱৰণি আৰু অন্যান্য কবিতা’ (১৯৮১)৷

অসমীয়া কবিতা প্ৰসাৰৰ ক্ষেত্ৰত গভীৰ ভূমিকা গ্ৰহণ কৰা মহেন্দ্ৰ বৰাইও এই সময়ছোৱাত ‘ৰূপ টিলিঙাৰ মাত’ (১৯৮১) প্ৰকাশ কৰে৷ মহেন্দ্ৰ বৰাৰ কবিতাত বলিষ্ঠ, উদ্দাম, উচ্ছাস ভাব এটা প্ৰায়েই অনুভূত হয় আৰু ভাষাৰ জতুৱা প্ৰয়োগ মন কৰিবলগীয়া৷

শতিকাটোৰ অষ্টম দশকত ন-ৰূপেৰে মহেশ্বৰ নেওগেও আত্মপ্ৰকাশ কৰে৷ এই সময়ছোৱতে তেওঁৰ ‘মুছাফিৰখানা’ (১৯৭৪) আৰু ‘সঞ্চাৰিণী দীপশিখা’ (১৯৭৮) প্ৰকাশ পায়৷ নেওগৰ কবিতা সংকলন কেইখনে কবিৰ কাব্যিক সংবেদনশীলতা আৰু নিমজ ভাষাশৈলীৰ নিদৰ্শন দাঙি ধৰে৷

আমাৰ আলোচ্য কালছোৱাত কবি হিচাপে আবিৰ্ভাৱ হোৱা কবিসকলৰ ভিতৰত দিনেশ গোস্বামী, বীৰেণ বৰকটকী, নিত্য দত্ত, হোমেন বৰগোহাঞি আদিৰ নাম উল্লেখযোগ্য৷ দিনেশ গোস্বামীৰ ‘আলোড়িত অন্ধকাৰ’ (১৯৭৩), বীৰেণ বৰকটকীৰ ‘চিৰন্তন’ (১৯৭৯), নিত্যা দত্তৰ ‘পান্থশালা’, হোমেন বৰগোহাঞিৰ ‘হৈমন্তী’ (১৯৮৭) আদি এই সময়ৰ উল্লেখযোগ্য কাব্যপুথি৷

এই যুগত নতুন কৈ কেইবাগৰাকী কবিয়েও আত্মপ্ৰকাশ কৰিছিল৷ তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য কেইগৰাকীমান হ’ল– ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, সমীৰ তাঁতী, সনন্ত তাঁতী, জ্ঞান পূজাৰী, আব্দুল হালিম, অৱনী চক্ৰৱৰ্তী, মনজিৎ সিং, সুমিত্ৰা গোস্বামী, কবীন ফুকন, ৰফিকূল হুছেইন, কৌস্তুভমণি শইকীয়া, ৰাজীৱ বৰুৱা, ৰাজীৱ কুমাৰ ফুকন, বিপুলজ্যোতি শইকীয়া, নীলিম কুমাৰ, অনুভৱ তুলসী, অনুপমা বসুমতাৰী, মীৰা ঠাকুৰ, ইছমাইল হোছেইন, জীৱন নৰহ, পূৰ্ণ ভট্টাচাৰ্য, অৰ্চনা পূজাৰী, উদয়কুমাৰ শৰ্মা, অতনু ভট্টাচাৰ্য, মীৰা ঠাকুৰ, সৌৰভ শইকীয়া, আনিছ উজ জামান, সুমিত্ৰা গোস্বামী, প্ৰয়াগ শইকীয়া, লুট্‌ফা হানুম ছেলিমা বেগম আদি৷ মন কৰিবলগীয়া যে এইচাম কবিয়ে তেওঁলোকৰ কবিতাত শোষণৰ বিৰুদ্ধে সংগ্ৰাম আৰু নতুন সমাজ এখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে৷

‘জয়ন্তী’ কাকতত অমূল্য বৰুৱা প্ৰভৃতি কবিসকলৰ হাতত আত্মপ্ৰকাশ কৰা সমাজবাদী ধাৰাটো এই সময়ছোৱাত ৰবীন্দ্ৰ সৰকাৰ, সমীৰ তাঁতী, অৱনী চক্ৰৱৰ্তীৰ আদিৰ কবিতাত সাৰ্থক পৰিণতি লাভ কৰিছে৷ বাওঁপন্থী ভাবাদৰ্শেৰে সমৃদ্ধ এই কবিসকলে তেওঁলোকৰ দৃষ্টি কেৱল ৰুছ আৰু চীন দেশৰ কবিতাতেই সীমাবদ্ধ নাৰাখি স্পেইন আৰু তৃতীয় বিশ্বৰ; বিশেষকৈ লেটিন আমেৰিকাৰ কবিসকলৰ কাব্যদৃষ্টিৰ প্ৰতিও দৃষ্টি নিক্ষেপ কৰিছে৷

ৰবীন্দ্ৰ সৰকাৰে প্ৰচলিত সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ কামনা কৰি সমাজৰ ভংগুৰতাৰ স্বৰূপ উদঘাটন আৰু এখন সুস্থ সমাজৰ কল্পিত সম্ভাৱনাৰে ৰচনা কৰিলে ‘শান্তি, কল্যাণ কবিতা’ (১৯৮৮), ‘নিজানত ৰাতিৰ শব্দ’ (১৯৯০), ‘কালান্তৰৰ কবিতা’ (১৯৮২), ‘সত্তৰৰ পদাতিক’ (১৯৮০), ‘তুমি মোক স্পৰ্শ কৰা’ (১৯৮৭)৷ প্ৰতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগ আৰু কল্পনাৰ বলিষ্ঠতা তেওঁৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য৷

ৰবীন্দ্ৰ বৰাই এখন উঁৱলি যোৱা সমাজ ভাঙি পেলোৱাৰ দুৰ্বাৰ আকাংক্ষা বলিষ্ঠ ভাষাত প্ৰকাশ কৰিছে তেওঁৰ ‘শইচৰ মানুহ’ (১৯৯০) নামৰ কাব্য সংকলনখনত৷ সমীৰ তাঁতী আৰু সনন্ত তাঁতীয়ে শ্ৰমজীৱী মানুহে শোষণ আৰু নিপীড়ণত পিষ্ট হোৱা ছবি অংকন কৰি তাৰ প্ৰত্যাহ্বান জনাই কবিতা ৰচনা কৰিছে৷ সেইবাবেই উপেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে যে– জীৱন সংগ্ৰামত বিধ্বস্ত শ্ৰমিকৰ জীৱন যাত্ৰাৰ লগত সম্যক পৰিচয় নথকাৰ বাবে সৰহভাগ তৰুণ কবিৰ প্ৰতিৰোধধৰ্মী কবিতা নিস্তেজ আৰু আবেগসৰ্বস্ব৷ আনুভূতিক গভীৰতাৰ অভাৱত এনে ধৰণৰ কবিতা যথোপযুক্ত আঙ্গিক পৰিগ্ৰহ কৰিবলৈ অক্ষম৷ কিন্তু সমীৰ তাঁতী আৰু সনন্ত তাঁতীৰ কবিতাত এই পৰিণতিৰ ব্যতিক্ৰম চকুত পৰে৷ সমীৰ তাঁতীৰ ‘যুদ্ধভূমিৰ কবিতা’ (১৯৮৫), ‘শোকাকুল উপত্যাকা’ (১৯৯০) তাৰেই প্ৰকৃষ্ট নিদৰ্শন৷ একেদৰে সনন্ত তাঁতীয়ে ৰচনা কৰিছে ‘উজ্জ্বল নক্ষত্ৰৰ সন্ধানত’ (১৯৮১) আৰু ‘মই মানুহৰ অমল উৎসৱ’ (১৯৮৫)৷ এই ধাৰাটোৰ বলিষ্ঠ কণ্ঠস্বৰ শুনা যায় অৱনী চক্ৰৱৰ্তীৰ কবিতাতো৷ তেওঁ বচনভঙ্গীৰ ক্ষুৰধাৰ শ্লেষেৰে লিখি উলিয়াইছে ‘কবিকণ্ঠ’ (১৯৮৬)৷

এই সময়ছোৱাত প্ৰকাশিত জ্ঞান পূজাৰীৰ ‘দুঃসাহসৰ সময়’ (১৯৮৩) এখন উৎকৃষ্ট কবিতাৰ সংকলন৷ এওঁৰ ভাষা বলিষ্ঠ, চিত্ৰকল্প অনুভূতিৰ বাহক৷ অৰ্চনা পূজাৰী আৰু উদয় কুমাৰ শৰ্মাই এই সময়ছোৱতে নিৰালস্যভাৱে কাব্য সাধনা কৰি আছে৷ অৱশ্যে তেওঁলোকৰ বেছিসংখ্যক কবিতা বিভিন্ন আলোচনীৰ পাততহে সিঁচৰতি হৈ আছে৷ মদন শৰ্মাই এই সময়ছোৱাতে প্ৰকাশ কৰে ‘অতবোৰ তৰা ফুল’ (১৯৮৭); অকালতে মৃত্যু বৰণ কৰা মোহন কৃষ্ণ মিশ্ৰই ‘সমদল’ (১৯৮৬); বিপুলজ্যোতি শইকীয়াই ‘মহাকাব্যৰ প্ৰথম পাত’ (১৯৮১)৷ নীলিম কুমাৰে ‘বাৰী কোঁৱৰ’ (১৯৮৮), ‘অচিনাৰ অসুখ’ (১৯৮৫); অনুভৱ তুলসীয়ে ‘কাব্যপীঠ’, ‘নাজমা’, ‘দোৰোণ ফুল’; আনিছ উজ জামানে ‘অজ্ঞাতে’ (১৯৮৯); ৰফিকুল হুছেইনৰ ‘শৰবিদ্ধ আকাশ’ (১৯৮৪), সুমিত্ৰা গোস্বামীয়ে ‘ইপ্সিত সময়’ (১৯৮৯), প্ৰয়াস শইকীয়াই ‘বাউসীত দুখন ডেউকা’ (১৯৯০), ‘পৃথিৱী প্ৰেয়সী’ (১৯৮৭); লুট্‌ফা হানুম ছেলিমা বেগমে ‘অথন্তৰ ঘটিছে’ (১৯৮৫) আদি৷ এই সংকলনসমূহে আধুনিক অসমীয়া কবিতাৰ ধাৰাটোক সমৃদ্ধিশালী কৰি তোলাত সহায় কৰিছে৷

এই ক্ষেত্ৰত প্ৰসংগক্ৰমে আৰু এটা কথা উল্লেখযোগ্য যে আলোচ্য কালছোৱাত প্ৰবীণ-নবীন শতাধিক কবিয়ে অসমীয়া কাব্যজগতত ভূমুকি মাৰিছে৷ তাৰে ভিতৰত বহুতে ইতিমধ্যে প্ৰতিভাৰ স্বাক্ষৰ দিবলৈও সক্ষম হৈছে৷

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments