আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিসংখ্যাবিদ অসম-সন্তান ড° জ্যোতিপ্ৰসাদ মেধিৰ কথাৰে

লেখক- ময়ূৰ বৰা

ক’ৰণাই ভৰপক লোৱা সময়তে ২০২০ চনৰ কোনোবা এটা সময়ত এদিন আমেৰিকাৰ এগৰাকী চিকিৎসকৰ কথা জানিবলৈ পাইছিলোঁ। বহু চিকিৎসকৰ মাজৰ পৰা বিশেষ এগৰাকীৰ কথা এইবাবেই কোৱা হৈছে কিয়নো তেওঁৰ বিশেষ কথা কিছুমানে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। দায়িত্বত এগৰাকী শিশু বৃক্ক বিশেষজ্ঞ হৈও তেওঁ নিজ ইচ্ছাৰে প্ৰাপ্তবয়স্ক ক’ৰ’ণা ৰোগাগ্ৰস্তক চিকিৎসা কৰিছিল। আমেৰিকাৰ নিউয়ৰ্ক চহৰত অতিমাৰীটোৱে চলোৱা ধ্বংসযজ্ঞৰ বাবেই তেওঁ স্বেচ্ছাই এই সেৱা আগবঢ়াবলৈ ওলাই আহিছিল। এই সম্পৰ্কে তেওঁ কৈছিল যে তেনে কৰিবলৈ তেওঁক নিজৰ বিবেকেই কৈছিল কিয়নো নিউয়ৰ্ক চহৰে তেওঁৰ জীৱনত বহু অৱদান আগবঢ়াইছে। এইখন চহৰতে তেওঁ চিকিৎসা বিজ্ঞানৰ শিক্ষা লাভ কৰিছে আৰু উপলব্ধি কৰিছে যে বিপদ-আপদৰ সময়ত ৰোগীৰ কাষত সহমৰ্মিতাৰে থিয় হ’ব পৰা কথাটোতে চিকিৎসাবিজ্ঞানৰ সাৰ্থকতা লুকাই আছে।

স্বাভাৱিকতে মোৰ তেওঁৰ প্ৰতি শ্ৰদ্ধাভাৱ আহিছিল। তেওঁৰ দৰে মহানুভৱৰ উদাহৰণ হ’ব পৰা চিকিৎসক আৰু যে নাই মই তেনে কথা কোৱা নাই। কিন্তু তেওঁক মনত ৰৈ যোৱাৰ আনটো কাৰণ আছিল তেওঁ ভাৰতীয়। নাম ড° নম্ৰতা জৈন। ইয়াৰ পিছতে আচৰিত কথাটো হ’ল মই যাৰ পৰা এইগৰাকী চিকিৎসকৰ বিষয়ে গম পাইছিলোঁ, তেওঁ যেতিয়া ড° নম্ৰতা জৈন যে অসমীয়া মূলৰ আৰু তেওঁৰ মাকৰ ফালৰ ককা-দেউতাকৰ কথা ক’লে, মোৰ মন গৰ্ব আৰু আনন্দেৰে ভৰি পৰিল । কিয়নো নম্ৰতাৰ ককাদেউতাক আন কোনো নহয়, এজন স্বনামধন্য গণিতজ্ঞ, যিজনৰ মহাপ্ৰতিভাক আমি অসমীয়াই যেন আজিও উচিত সন্মান দিব পৰা নাই। মোৰ এনে লাগে যেন নম্ৰতাৰ ককাদেউতাকৰ ওচৰত সমগ্ৰ অসমীয়া সচেতন বৌদ্ধিক সমাজখনেই যেন দোষী। সঁচা অৰ্থত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এনে কৃতবিদ পণ্ডিতক অসমীয়া সমাজখনে না বুজিব পাৰিলে না প্রকৃত সন্মান যাচিব পাৰিলে। সন্মান জনোৱাত আমি কৰা কৃপনালিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভাবমূর্তিত কোনো হীনদেড়ি হোৱা নাছিল। তদুপৰি পুৰস্কাৰ, সন্মান আদিক তুচ্ছ কথা বুলি ভবা বাবেই মানুহজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য পদটো গ্ৰহণ কৰা নাছিল। তেওঁৰ এটাই যুক্তি আছিল যে যিকোনো এটা গধুৰ প্রশাসনিক দায়িত্ব মূৰ পাতি পালে তেওঁৰ গৱেষণাৰ কামত বিঘিনি ঘটিব। সেয়েহে তেওঁ অসমর্থতা প্রকাশ কৰিলে।

নম্ৰতাৰ ককাদেউতাকৰ নামটো কোৱাৰ লগতে মই আন এটা বিৰল ঘটনা ক’ব বিচাৰিছোঁ। প্ৰতিজন অসমীয়াকে গৌৰৱান্বিত কৰিব পৰা সেই ঘটনাটো ঘটিছিল আমেৰিকা যুক্তৰাষ্ট্ৰতে। ১৯৯৩ চনত নম্ৰতাৰ ককাদেউতাক তথা প্রখ্যাত গবেষক পণ্ডিতজন আমেৰিকালৈ হৈছিল। নম্ৰতাৰ মাক-দেউতাক (অর্থাৎ তেওঁৰ জী-জোঁৱাই) আৰু আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত কম্পিউটাৰ চায়েন্স বিভাগৰ অধ্যাপক পুত্ৰৰ পৰিয়ালৰ লগত সময় কটাবলৈকে তেওঁ আমেৰিকালৈ গৈছিল। ভ্রমণটো আছিল সম্পূর্ণ ব্যক্তিগত । জ্ঞানযোগী পণ্ডিতজনৰ আমেৰিকা ভ্রমণৰ কথাটো বিখ্যাত কোম্পানী মটৰ’লাই গম পালে। কোম্পানীটোৰ বিষয়াই সুধিলে যে তেওঁলোকৰ স্বাৰ্থত তেওঁ কিছুদিন বেছিকৈ আমেৰিকাত থাকি যাব নেকি? থাকি গ’লে কোম্পানীটোৰ এটা বিশেষ প্রজেক্টত খুব সুবিধা হ’ব বুলি তেওঁক কোৱা হ’ল। তেওঁ সন্মতি প্ৰকাশ কৰাৰ পাছতে কোম্পানীটোৰ উচ্চপদস্থ বিষয়াই আমেৰিকাৰ ইমিগ্রেচনছ আৰু নেচাৰেলাইজেচন ছার্ভিচক অনুৰোধ কৰে তেওঁৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰিবলৈ। অর্থাৎ আমেৰিকাত থকা জী-জোঁৱাই আৰু পুত্র-বোৱাৰীৰ ওচৰলৈ ফুৰিবলৈ অহা পণ্ডিতজনক বহুৰাষ্ট্ৰীয় কোম্পানীটোৱে ঠিকেই চিনি পাইছিল আৰু তেওঁৰ পাণ্ডিত্যৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব বিচাৰিছিল।

এইজনেই হৈছে অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী কালিৰাম মেধিৰ জী-নাতি প্ৰখ্যাত পৰিসংখ্যাবিদ আৰু গণিতজ্ঞ ড° জ্যোতিপ্ৰসাদ মেধি। চাকৰি কালত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বিভিন্ন নামজ্বলা বিশ্ববিদ্যালয়ৰ ভিজিটিং প্রফেছৰ ৰূপে কাম কৰা ড° জ্যোতিপ্ৰসাদ মেধিয়ে ১৯৮৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ পৰা অৱসৰ গ্রহণ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত এম এছ চি পাছ কৰোঁতে তেওঁ দুটা সোণৰ পদক লাভ কৰিছিল। তাৰে এটা আছিল প্রথম স্থান পোৱাৰ বাবে আৰু আনটো আছিল পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ বাবে।

নিজৰ প্ৰতিভা আৰু মেধাৰ বলত খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা ড° জ্যোতিপ্ৰসাদ মেধিৰ জন্ম হৈছিল ১৯২৪ চনত কামৰূপ জিলাৰ ৰামদিয়াত। তেওঁৰ পিতৃ আছিল বিনন্দী চন্দ্ৰ মেধি আৰু মাতৃ কাদম্বৰী মেধি। উল্লেখযোগ্য যে পঢ়ুৱৈ সমাজত ‘সৌৰভ কুমাৰ চলিহা’ ছদ্মনামেৰে পৰিচিত তেওঁৰ মামাক সুৰেন্দ্ৰনাথ মেধি হৈছে অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ আৰু বিজ্ঞান লেখক।

দেউতাকৰ কৰ্মসূত্ৰে ডিব্ৰুগড়ত আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলা জ্যোতিপ্ৰসাদ মেধিয়ে কটন কলেজৰ পৰা গণিতত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেতিয়া তেওঁ অসাধাৰণ কৃতিত্বৰ চিন স্বৰূপে লাভ কৰিছিল চুডমাৰ্ছন স্বৰ্ণপদক আৰু ৰজনীকান্ত বৰা স্বৰ্ণপদক। ইয়াৰ পিছতে ১৯৪৮ চনত তেওঁ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা মৌলিক গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে যাৰ বাবে তেওঁক দেৱেন্দ্ৰনাথ গংগোপধ্যায় স্বৰ্ণপদকেৰে বিভূষিত কৰা হয়। এইদৰে সাফল্যমণ্ডিত শিক্ষা জীৱনৰ লগতে তেওঁৰ কৰ্ম জীৱনো দুগুণে সফল হৈছিল। কটন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা মেধিয়ে কৰ্মজীৱনৰ মাজতে ১৯৫২ চনত বিদেশলৈ গৈ ১৯৫৪ চনত মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা ‘মাষ্টাৰ অৱ ষ্টেটিছটিকছ’ উপাধি লাভ কৰে। ইয়াৰ পিছত তেওঁ ফৰাছী মাধ্যমতে গৱেষণা কৰি তেওঁ পেৰিছৰ ছৰবন বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৫ চনত ডি. এছ. ছি. ডিগ্ৰী লাভ কৰে। উল্লেখযোগ্য যে, ফৰাছী ভাষাত আনুষ্ঠানিক শিক্ষা লৈ গৱেষণা কৰা কৃষ্ণকান্ত সন্দিকৈৰ পাছতে তেখেত আছিল দ্বিতীয়জন অসমীয়া পণ্ডিত।

অতি সৰল, নম্ৰ আৰু বিৰল ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী পৰিসংখ্যাবিদে কেইবাখনো পৰিসংখ্যাবিদ্যাৰ কিতাপ ৰচনা কৰি বিশ্বক অমূল্য অৱদান দি গৈছে। গৱেষণা সম্বন্ধীয় উচ্চস্তৰৰ কিতাপসমূহৰ উপৰিও তেওঁ অতি সহজ ভাষাৰে অসমীয়া ভাষাত লিখি গৈছে এখন অনন্য গ্ৰন্থ “এক-দুই যোগ বিয়োগ – সসীম গণিতৰ আদি কথা”। পৰিসংখ্যা বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক ১৯৮৭ চনত ‘প্ৰফেছৰ এমেৰিটাছ’ সন্মান প্ৰদান কৰে। আজীৱন খ্যাতি, প্ৰচাৰৰ পৰা আঁতৰত থাকি নীৰৱে জ্ঞানান্বেষণ তথা জ্ঞান প্ৰদানত জড়িত হৈ থকা জ্যোতিপ্ৰসাদ মেধিৰ ২০১৭ চনৰ ৩ ফেব্ৰুৱাৰীত ৯৩ বছৰ বয়সত মৃত্যু হয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments