শৈশৱৰ গণিতক সুঁৱৰি

লেখক- অশ্বিনী বৰুৱা

গণিত হৈছে এক বিশাল বিষয়। গণিত বিনা পৃথিৱী অচল। জীৱনৰ আদিৰে পৰা শেষ দিনলৈকে মানুহৰ জীৱনত গণিতৰেই একাধিপত্য বুলিলেও বঢ়াই কোৱা নহয়। আমি নিজে গণিতৰ বিষয়ত ইমান পটু নাছিলোঁ। অৱশ্যে এতিয়াও আমাৰ মনত আছে, মেট্ৰিকুলেশ্যনৰ সময়ত এজন শিক্ষকে গণিত বিষয়টো আমাৰ আটাইৰে বাবে পানীৰ দৰে সহজ কৰি দিছিল। সেই শিক্ষকজনৰ নাম আছিল শ্ৰীলক্ষ্মীন্দৰ ভূঞা। উল্লেখ কৰি থও যে গণিতৰ বাহিৰে আমাৰ প্ৰিয় বিষয় আছিল ভূগোল, বুৰঞ্জী আৰু সংস্কৃত। সেয়ে গণিতৰ বিষয়ে লিখিবলৈ মই উপযুক্ত লোক নহও। তথাপি শৈশৱৰ গণিতক সুঁৱৰি অলপ কলম তুলি ল’বলৈ মন গ’ল।

শূন্য এটা সংখ্যা নহ’লেও, ভাৰতবৰ্ষৰে মহান মুনিবৰ আৰ্য্যভট্টই শূন্য আৱিষ্কাৰ কৰি পৃথিৱীক চহকী কৰি গৈছে। সংখ্যাৰ পিঠিত শূন্য ওলমিলেই সেই সংখ্যাৰ গুৰুত্ব বাঢ়ে প্ৰতি বাৰে। সময়ৰ লগে লগে শূন্যৰ সংখ্যা আৰু শক্তি বাঢ়িছে যেন লাগে। কিয়নো আগৰ দিনত দহ অৰ্থাৎ ১০(এটা শূন্য থকা) টকাৰ কামটো এতিয়া এহেজাৰ অৰ্থাৎ ১০০০ (তিনিটা শূন্য থকা) টকাৰ প্ৰয়োজন। টুলুঙা যেন লাগিলেও উদাহৰণটো আজিৰ গণিতৰ প্ৰতি আকৰ্ষিত প্ৰতিজন নৱ প্ৰজন্মৰ বাবে এক প্ৰয়োজনীয় তথ্য।

আগতেই উনুকিওৱা হৈছে যে পৃথিৱী নচলে আজি গণিতৰ বিনে। ব্যৱসায়-বাণিজ্য, শিক্ষা-সংস্কৃতি আদি সকলোতে এতিয়া গণিতৰ প্ৰয়োজন। গণিতৰ বিষয়ে ভাবিলেই ভাৰতৰ বিখ্যাত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনলৈ মনত পৰে। গণিতৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত ৰামানুজনৰ অমূল্য অৱদান স্বীকাৰ কৰিবই লাগিব।

আমাৰ সৰুকালৰ দিনলৈ যদি মনত পেলাওঁ, পঢ়াশালিত পঢ়োঁতে মাটিত ভোলৰ গুটিৰে এটা দুটাকৈ পাৰি অংক শিক্ষাৰ পাতনি মেলাৰ স্মৃতিয়ে দোলা দিয়ে। একৰপৰা এশলৈ নেওতা পঢ়োঁতে চোতালত থিয় হৈ সুৰ লগাই চিঞৰি চিঞৰি যে মুখস্থ কৰিছিলো –

“একে একে দুই,
দুয়ে একে তিনি,
তিনিয়ে একে চাৰি,
… … …
একৰ এক গ’ল থাকিল শূন্য,
দুইৰ এক গ’ল থাকিল এক,
… … …
দুই এক গুণ দুই,
দুই দুগুণ চাৰি
… … …”

ইত্যাদি ধৰণে আমি সৰুতেই যি যোগ, বিয়োগ, পূৰণ, হৰণৰ নেওতা মুখস্থ কৰিছিলো তাক আজি আশীবছৰ কালতো পাহৰিব পৰা নাই। পাহৰিব পৰা নাই তাৰ সাংগীতিক ধ্বনি। আজি কালি অৱশ্যে নেওতা শিকাৰ ধৰণ কেনেকুৱা সেয়া নাজানো।

এইটো কথা আজিকালি অনেকৰে জ্ঞাত নহয় যে অসমৰ কামৰূপৰ ফালে “কাইথেলি” নামৰ এবিধ জনপ্ৰিয় অংকশাস্ত্ৰ আছিল। ব্যৱহাৰ আৰু পৃষ্ঠপোষকতাৰ অভাৱত এই বিদ্যা এতিয়া লুপ্তপ্ৰায়। ৰাজ্যৰ চৰকাৰে এই বিষয়ত কাণসাৰ দিলে বিষয়টোৰ প্ৰতি মানুহৰ ধাউতি বাঢ়িব আৰু অসমৰ কিবা এটা আপুৰুগীয়া বিদ্যা আছে বুলি দেশক জনাই গৌৰৱ অনুভৱ কৰিব পাৰিমহঁক।
(বিঃদ্ৰঃ লেখক ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!