গণিতৰ বাবে এটি গীত

লেখক- মইনা গোস্বামী

মানুহৰ যিকোনো সৃষ্টিৰ আঁৰত অনেক মানুহ থাকে। যিকোনো কাম এটা অকলে কৰা যেন লাগিলেও পিছফালে অজস্ৰজনৰ সৌহার্দমূলক সহযোগিতা থাকে। এইযে মই লিখি আছোঁ, দেখাত। অকলে লিখি থকা যেন লাগিলেও এনেদৰে অ-আ-ক-খ ৰ পৰা কত কথা লিখিবলৈ শিকিছোঁ, কিমানৰ লেখা পঢ়িছোঁ তাৰ হিচাপ নাই। তদুপৰি এই লিখাটোৰ বাবে শিৱসাগৰৰ অনামিকা বড়াৰ তাগিদা আছে। নহ’লে লিখাই নহ’লহেঁতেন। আনহাতে যি বিষয়ে লিখিবলৈ লৈছোঁ তাৰ লগত ‘অসম গণিত শিক্ষায়তন’ৰ সম্পর্ক আছে। সেয়ে লিখাৰ পৰত প্রতি পল অনুভৱ কৰোঁ কিমানৰ ধাৰেৰে ধৰুৱা আমি! এইযে লিখি আছোঁ, ধাৰ মাৰিবলৈ কিঞ্চিৎ প্রচেষ্টা মাথোঁ।

এতেকে মানুহ স্বয়ংসৃষ্ট নহয়। সন্তান এটি উপজিবলৈ, মন-মগজুৰে পৰিবৰ্ধিত হ’বলৈ পিতৃ-মাতৃয়েই নহয়, অলেখজন পিছফালে থিয় হৈ থাকে। এই কথাখিনি প্রায় মানুহেই জানে; কেৱল মনত নাৰাখে। মনত ৰাখিব পাৰিলে অদকাৰী অহঙ্কাৰৰ পৰা মুক্ত হয়। ভাল কামত নিজকে ব্রতী কৰাৰ ইচ্ছা জাগে।
ক্ষমা কৰিব। লিখিব ওলাইছিলোঁ এটি গীত সৃষ্টিৰ আঁৰৰ কথা। পিছে লিখিবলৈ লওঁতেই বাটে পোৱালি দিলে।

এতিয়া আচল কথালৈ আহোঁ। ২০১৬ চনৰ ২২ অক্টোবৰ তেতিয়া। অসম গণিত শিক্ষায়তনে অনুষ্ঠিত কৰিছিল শান্তিৰাম দাস দেৱৰ প্রথম স্মাৰক বক্তৃতা অনুষ্ঠান। শান্তিৰাম দাস হ’ল এজন সফল গণিতবিদ। তেওঁৰ জন্ম হৈছিল ১৮৯৫ চনত দক্ষিণ কামৰূপৰ পলাশবাৰী অন্তর্গত পাল্লী গাঁৱত। তেওঁ সেই সময়তে লিখা গণিতৰ কিতাপবোৰ আছিল— উজু গণিত, ন পাটী গণিত, উজু নেতা, জ্যামিতি প্রৱেশ (১ম খণ্ড – ৪ র্থ খণ্ড) ত্রিকোণমিতি, গণিত শিক্ষক ইত্যাদি।
এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল পলাশবাৰী সংস্কৃতি বিকাশ ভৱনত। সেই অনুষ্ঠানৰ বক্তা আছিল গণিতৰ দুগৰাকী প্রত্যয়দীপ্ত অধ্যাপক ড° তাৰকেশ্বৰ চৌধুৰী আৰু ড° দিলীপ শৰ্মা ছাৰ। আমি আছিলোঁ স্থানীয় কমিটিখনৰ উপদষ্টামণ্ডলীৰ এজন। আহ্বায়ক আছিল কবি সুৰেশ কলিতা।

যিকোনো কামেই আমাৰ সতীৰ্থসকলে সুচাৰুৰূপে কৰিব খোজে। সেই অনুষ্ঠানটাও আমি নিয়াৰিকৈ কৰিবলৈ নেৰানেপেৰা প্রচেষ্টা চলাইছিলোঁ। অনুষ্ঠানত গাবলৈ আমাক দুটা গীত লিখিবলৈ কোৱা হৈছিল। তাৰে এটি গীত ‘অসম গণিত শিক্ষায়তন’ৰ শ্রদ্ধেয় সুধীসকলে বৰ ভাল পাইছিল। গীতটিৰ সুৰ কৰিছিল প্রিয় সুহৃদ গীতিকাৰ, সুৰকাৰ, গায়ক শ্রীআনন্দ দাসে।

সেই গীতটি আছিল—

যিদিনাই মানুহৰ মুকলি হ’ল দুখনি হাত
সাৰ পালে গীত, সাৰ পালে গণিত
দুয়োটি আমাৰ আছে ধমনীত।।

সংখ্যাৰো জানা মহাবিশ্ব আছে।
অসীম আকাশৰ দৰে
সংখ্যাৰো জানা মহা যাদু আছে
ই আন্ধাৰক পোহৰ কৰে
বিমূর্ত অংকৰ কত যে ভাষা
ই সুৰীয়া কৰে— সুৰীয়া কৰে মানুহৰ চিত।।

অংক এক সৃষ্টিৰ সাগৰ
পথাৰ সজোৱা ককায়ো জানে
অংকক আতংক বুলি নাভাবিবা
ই সত্যক আদৰি আনে
অংকই জানা নকৰে আপোচ
তাৰ এটিয়েই লক্ষ্য- সকলোৰে হিত৷।

এই গীতটি শেষলৈ অসম গণিত শিক্ষায়তনে তেওঁলোকৰ গীত হিচাপে আদৰি লৈছিল। এই সুযোগতে আমি এই অনুষ্ঠানলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

এই কথাখিনি পঢ়ুৱৈৰ কিমান কামত আহে নাজানো। মানুহৰ জীৱনলৈ কিন্তু যিদৰে গীত আহিছিল, একেদৰেই আহিছিল গণিত। আদিম মানুহে খাদ্য সংগ্রহ কৰিয়েই হওক বা খাদ্য গ্রহণ কৰিয়েই হওক যি স্বতঃস্ফূর্ত সহজাত আনন্দ পাইছিল তাৰ মাজেদি প্রকাশ পাইছিল কিছুমান ধ্বনি—এক প্রকাৰ সুৰ। এনেদৰেই গানে গজালি মেলিছিল। আনহাতে চিকাৰী জীৱনত কিমান চিকাৰ কৰা হ’ল, নিজৰ চালুকীয়া বুদ্ধিৰে গছ-বনৰ ডাল ভাঙি হিচাপ ৰাখিছিল। গণিতৰ পোখা গজিছিল। আজি চাব জানিলেই দেখি গীততো আছে গণিত, গণিততো আছে গীত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments