সাক্ষাৎকাৰ: ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰৰ

‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে এইবাৰ সাক্ষাৎ কৰা হৈছিল প্ৰখ্যাত গণিত শিক্ষক ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰৰ। গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ গণিত শিক্ষক ডঃ মজুমদাৰে সৃজনীশীল গণিত শিক্ষাৰ বাবে ‘ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰটিত ডঃ মজুমদাৰে ছাত্ৰ-ছাত্ৰীসকলে গণিত অধ্যয়নৰ সময়ত সততে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে ব্যাখ্যা কৰিছে। তেখেতৰ দ্বাৰা ইতিমধ্যে সম্পন্ন হোৱা গণিত বিষয়ক বিভিন্ন প্ৰকল্প সম্পৰ্কেও তেখেতে উক্ত সাক্ষাৎকাৰটিত বৰ্ণনা কৰিছে। ২০১৮ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ডঃ মজুমদাৰে তেখেতৰ দ্বাৰা প্ৰণীত গ্ৰন্থ তথা তেখেতক প্ৰদান কৰা বিভিন্ন স্বীকৃতি সম্পৰ্কেও এই সাক্ষাৎকাৰটিত উল্লেখ কৰিছে।

সাহিত্য ডট অৰ্গৰ হৈ উক্ত সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰীঅনামিকা বড়া তথা ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য ক্ৰমে শ্ৰীমৃদুল কুমাৰ শৰ্মা, শ্ৰীবিকাশ দত্ত আৰু শ্ৰীঅভিজিত দত্তই।

সাক্ষাৎকাৰৰ অনুলেখন কৰিছে শ্ৰীস্মিতা চেতিয়া, শ্ৰীকাব্যশ্ৰী হাজৰিকা, শ্ৰীমৃণাল ঠাকুৰীয়া, শ্ৰীকৌশিকা বৰদলৈ, শ্ৰীলক্ষিপ্ৰভা দাস আৰু শ্ৰীপ্ৰিয়াংকুশ ডেকাই।  ইয়াক বাণীবদ্ধ ৰূপত প্ৰকাশ কৰিছে শ্ৰীবিকাশ দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি আৰু সংশোধিত ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰীমৃদুল কুমাৰ শৰ্মাই। সাহিত্য ডট অৰ্গ’ৰ অন্যান্য শিতানৰ দৰেই সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডঃ মনোজ মন কলিতা আৰু ডঃ দীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গ: ছাৰ, সাহিত্য ডট অৰ্গৰ এই মাহৰ সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে আপুনি সন্মতি জনোৱা বাবে আপোনাক কৃতজ্ঞতা জনালোঁ। সাক্ষাৎকাৰৰ আৰম্ভণিতেই আপুনি গণিতৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হৈ পৰিছিল সেইবিষয়ে অলপ কথা জানিবলৈ বিচাৰিছোঁ।

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ:  সেয়া সৰুকালৰ কথা। মোৰ আচল ঘৰ হ’ল নলবাৰী জিলাৰ ভদ্ৰা গাঁৱত। সেই সময়ত মই বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ। বিদ্যালয়ৰ ছাত্ৰ হৈ থকাৰ সময়ত ‘গণিত’ বুলি ক’লেই মই ভয় খাইছিলোঁ। অৱশ্যে এই গণিত ভীতি যে অকল মোৰহে আছিল, তেনে নহয়।  সৰহ সংখ্যক ল’ৰা-ছোৱালীয়ে গণিতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়। নৱম শ্ৰেণীলৈকে গণিত বুলিলে মোৰ পেটত হাত ভৰি লুকাইছিল।  মই যেতিয়া নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণী পাওঁ তেতিয়া মই গণিতত মাত্ৰ ২৫ নম্বৰ পাইছিলো। সেই সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম আৰু দশম শ্ৰেণীৰ গণিতৰ পাঠসমূহৰ পৰাই প্ৰশ্নসমূহ আহিছিল।

মোৰ দেউতাৰ নাম আছিল পুলীন্দ্ৰ মজুমদাৰ। মোৰ গণিত ভীতিৰ ভয়টোৰ কথা মোৰ দেউতাই অনুধাৱন কৰিলে। দেউতা আছিল এগৰাকী শিক্ষক। সেই সময়তেই আমাৰ কাষৰ চুবুৰীটোত বিজ্ঞান শাখাত স্নাতক পঢ়ি থকা ল’ৰা এজন আছিল। সেই ল’ৰাজনক মোক গণিত শিকাই দিবলৈ দেউতাই অনুৰোধ কৰিলে। তেওঁ দেউতাৰ অনুৰোধ ৰাখি মোক মাজে মাজে সময়-সুবিধা পালে গণিত শিকাবলৈ ল’লে। লাহে লাহে মই গণিত পৰা হ’লোঁ। মোক গণিত শিকোৱা সেই ল’ৰাজন আছিল মুকুল তালুকদাৰ। তেখেতে মোক গণিতৰ সাধাৰণ জ্ঞান আহৰণ কৰাত সহায় কৰিলে। লাহে লাহে মই যেতিয়া গণিত পৰা হ’লোঁ, তেতিয়া তেওঁ মোক উচ্চ গণিত ল’বলৈ উৎসাহিত কৰিলে। পিছলৈ তেওঁ মোক উচ্চ গণিত শিকাবলৈ ল’লে। লাহে লাহে মই উচ্চগণিতৰ প্ৰতিও আকৰ্ষণ অনুভৱ কৰিবলৈ ধৰিলোঁ। 

সেয়া গৰম বন্ধৰ সময়ৰ কথা। সেই সময়তেই মুকুল দাদাই মোক উচ্চগণিতৰ প্ৰতিও আকৰ্ষিত কৰি তুলিলে। গৰম বন্ধৰ পিছত মই আমাৰ বিদ্যালয়ৰ ছাৰক ঐচ্ছিক বিষয় উচ্চগণিত ল’ম বুলি ক’লোঁ। ছাৰে মোক অলপ নিৰাশ কৰিলে যদিও মুকুল দাদাৰ সহযোগত মই ঘৰতেই গণিতৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰিলোঁ। বাছনি পৰীক্ষাত মই উচ্চ গণিতত সৰ্বোচ্চ নম্বৰ পালোঁ। বিদ্যালয়ৰ ছাৰেও মোক ভূয়সী প্ৰশংসা কৰিলে। এনেদৰেই শ্ৰীমুকুল তালুকদাৰ দাদাই মোক গণিতৰ প্ৰতি আকৃষ্ট কৰি তুলিলে। পিছলৈ মই গণিততেই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পি এইচ ডি ডিগ্ৰীও লাভ কৰিলোঁ।

সাহিত্য ডট অৰ্গ:  পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ আপুনি উচ্চশিক্ষা গ্ৰহণৰ সময়ত আপুনি গণিত অধ্যয়ন কৰিবলৈ কেনেদৰে আগ্ৰহী হৈ পৰিল? শ্ৰীযুত মুকুল তালুকদাৰৰ দৰেই আন কোনো ব্যক্তি অথবা শিক্ষকে আপোনাক গণিত অধ্যয়ন কৰিবলৈ প্ৰেৰণা যোগাইছিল নেকি?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ:  আচলতে মুকুল তালুকদাৰ দাদাই মোক গণিত অধ্যয়ন কৰিবলৈ প্ৰেৰণা যোগালে। অৱশ্যে পিছলৈ মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত মোক গণিত অধ্যয়ন কৰিবলৈ মোৰ শিক্ষাগুৰুসকলে অনুপ্ৰেৰণা যোগালে।

প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত প্ৰথমতে গণিত পঢ়াৰ সুযোগ পোৱা নাছিলোঁ। পিছে মহাবিদ্যালয়ৰ টাৰ্মিনেল পৰীক্ষাত মই গণিতৰ পৰীক্ষাত বহি স্থান লাভ কৰিলোঁ। এনেদৰে মই শিক্ষাগুৰুসকলৰ চকুত পৰিলোঁ আৰু গণিত মোৰ গুৰু বিষয় হৈ পৰিল।

সাহিত্য ডট অৰ্গ: এগৰাকী শিক্ষক হিচাপে শৈশৱ তথা অধ্যয়নৰ কালছোৱাত লাভ কৰা উপৰ্যুক্ত অভিজ্ঞতাসমূহক সাৰথি কৰি আপুনি শিক্ষকতাৰ দৰে পবিত্ৰ কৰ্মত হয়তো আজি পৰ্যন্ত নিয়োজিত হৈ আছে। এই সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ: হয়। শিক্ষাদানৰ সময়ত মই সাধাৰণতে মোৰ শৈশৱৰ স্মৃতিক সাৰথি কৰিয়েই কামত আগবাঢ়োঁ। যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে গণিতত আশানুৰূপ সফলতা লাভ কৰিবলৈ সক্ষম নহয়, তেওঁলোকক মই অধিক গুৰুত্ব আৰোপ কৰোঁ।  সেইবাবেই তেনেধৰণৰ ছাত্ৰ-ছাত্ৰীৰ বুনিয়াদী জ্ঞান বিকশিত কৰিবলৈ মই অহোপুৰুষাৰ্থ কৰোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, ছাত্ৰ-ছাত্ৰীৰ মনত হয়তো অজানিতেই গণিতৰ প্ৰতি এক ভয় সোমাই থাকে। এইবিষয়ে আপুনি কি ভাবে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ: আচলতে আমাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ প্ৰতি যি ভয় আছিল, সেয়া আজিৰ তাৰিখতকৈ অলপ হ’লেও বেলেগ আছিল। আজিকালি হয়তো ভয়তকৈ অনীহা এটাৰহে সৃষ্টি হৈছে। বহুতো ছাত্ৰ-ছাত্ৰীয়ে গণিতৰ প্ৰতি আকৰ্ষণ হেৰুৱাই পেলাইছে আৰু লাহে লাহে বিষয়টোৰ সৈতে সংপৃক্ত নোহোৱাৰ বাবে বিষয়টোৰ প্ৰতিয়েই মনটোত এক ভয়ৰ ভাব সোমাই পৰিছে। এইক্ষেত্ৰত অভিভাৱকসকলৰো কৰণীয় আছে। গণিত বিষয়টোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিবলৈ অভিভাৱকসকলে চেষ্টা কৰা উচিত বুলি মই প্ৰায়েই অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গ: এগৰাকী শিক্ষক হিচাপে এই ভয় অথবা গণিতৰ প্ৰতি থকা অনীহা কেনেদৰে দূৰ কৰিবলৈ চেষ্টা কৰে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ: এনে ক্ষেত্ৰত শিক্ষক হিচাপে মই ছাত্ৰ-ছাত্ৰীসকলক গণিত জানিবলৈ প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ আভাস দিওঁ। পিছলৈ ছাত্ৰ বা ছাত্ৰী অনুযায়ী আমি ছাত্ৰ-ছাত্ৰী সকলক বিষয়টোৰ প্ৰতি আকৰ্ষিত কৰি তোলোঁ।

এই গণিত ভীতি আঁতৰাবলৈ আমি বিভিন্ন পন্থা হাতত লওঁ। দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক বাচি উলিয়াই তেওঁলোকৰ সতে মই অধিক সময় ব্যয় কৰোঁ। আচলতে যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ অধ্যয়নৰ প্ৰতি এটা আকৰ্ষণ অনুভৱ কৰে, তেওঁলোকক গুৰুত্ব দি তেওঁলোকৰ সমস্যাসমূহ সহজেই আঁতৰ কৰিব পৰা যায়।

সাহিত্য ডট অৰ্গ: ছাত্ৰ-ছাত্ৰীয়ে কোনো এটা পৰীক্ষাত ভাল নম্বৰ পোৱা মানেই তেওঁ সেই বিষয়টোত প্ৰকৃত জ্ঞান পোৱা নুবুজায়। সেই একেটা কথা হয়তো গণিতৰ ক্ষেত্ৰতো খাটে। এই বিষয়ত আপোনাৰ মতামত সম্পৰ্কে আমাক অলপ জনাবনে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ:  কথাটো হয়। আচলতে এটা ভাল নম্বৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিবই লাগিব। আমি যেতিয়া ছাত্ৰ আছিলোঁ, সেই সময়ত পৰীক্ষাত প্ৰথম বিভাগ পোৱাটোৱেই ডাঙৰ কথা আছিল। পিছে আজিকালি কথাবোৰ সলনি হ’ল। ছাত্ৰগৰাকীয়ে প্ৰতিযোগিতাৰ ধামখুমীয়াত যথেষ্ট ভাল নম্বৰ লাভ কৰিলেহে নিজকে চম্ভালিব পাৰিব। পিছে সেই একে সময়তেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বিষয়টোৰ ওপৰতো সম্যক জ্ঞান আহৰণ কৰাটো উচিত। বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলে নব্বৈৰ শতাংশৰ ওপৰত নম্বৰ পায়ো ভাল অনুষ্ঠান এটাত নাম ভৰ্তি কৰিবলৈ সক্ষম নহয়। চাৰিওফালে এক আচৰিত প্ৰতিযোগিতা! এনেধৰণৰ শিক্ষা ব্যৱস্থাই আচলতে ছাত্ৰ-ছাত্ৰীৰ উন্নতি কেনেদৰে সাধন কৰিব, সেইবিষয়ে এতিয়া চিন্তা-চৰ্চা আৰম্ভ হৈছে। শিক্ষা প্ৰণালীত দেখা দিয়া এনেধৰণৰ সমস্যাসমূহ ৰোধ কৰিবলৈ ‘নেশ্যনেল ইডুকেশ্বন পলিচি’ চমুকৈ NEP য়ে কেতবোৰ কাৰ্য হাতত লৈছে। মানৱ সম্পদৰ বিকাশৰ বাবে চৰকাৰৰ এনেধৰণৰ অনুষ্ঠানসমূহৰ কৰণীয় আছে।

ছাত্ৰ-ছাত্ৰীসকলে ভাল নম্বৰ আহৰণ কৰাৰ উপৰি বৃত্তিমুখী শিক্ষাৰ দ্বাৰা লাভৱান্বিত হোৱাৰ ক্ষেত্ৰত এনেধৰণৰ অনুষ্ঠানসমূহে চিন্তা-চৰ্চা কৰি আছে। এই ক্ষেত্ৰত ‘নেশ্যনেল ইডুকেশ্বন পলিচি, ২০২০’ য়ে শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে। এনেধৰণৰ আঁচনিসমূহে অকল নম্বৰৰ ওপৰত গুৰুত্ব নিদি আন বহু ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি মানৱ সম্পদক পৰিপূৰ্ণতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে।

সাহিত্য ডট অৰ্গ: মহাশয়, এইবাৰ আমি আপোনাৰ পৰা গণিতৰ ইতিহাস সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ। পৃথিৱীৰ কোন ঠাইত কেতিয়া গণিত অধ্যয়ন আৰম্ভ হৈছিল সেই সম্পৰ্কে আমাক অলপ জনাবনে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ: এই ক্ষেত্ৰত আমি প্ৰথমতে নাম ল’ব লাগিব ভাৰতবৰ্ষৰ। গণিতৰ মূল বিষয় শূন্যৰ আৱিষ্কাৰ হৈছিল ভাৰতবৰ্ষতেই। একেদৰেই গণিতৰ ‘ইণ্ডো আৰবিক পদ্ধতি’ আৱিষ্কৃত হৈছিল ভাৰতবৰ্ষত আৰু সেইয়া সমগ্ৰ বিশ্বই আগলৈ গ্ৰহণ কৰিছিল। একেদৰে গ্ৰীচ দেশৰ পাইথাগ’ৰাছ, ইউক্লিড, আৰ্কিমিডিছ আদিয়েও প্ৰাচীন গণিত অধ্যয়ন আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এনেদৰে গণিত অধ্যয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ দৰে গ্ৰীচ দেশেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সাহিত্য ডট অৰ্গ:  আপুনি প্ৰাচীন গণিত বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহিছে কাইথেলী অঙ্কৰ কথা। কাইথেলী অঙ্ক সম্পৰ্কে আমাক অলপ জনাবনে? ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন ঠাইৰ গণিতৰ সতে এইবিধ অঙ্কৰ কিবা সাদৃশ্য আছে নেকি?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ:  কাইথেলী অঙ্ক আচলতে অসম তথা বঙ্গদেশত কায়স্থ সকলে অভ্যাস কৰিছিল। মাটি-বাৰী, স্থাৱৰ-অস্থাৱৰ সম্পত্তি আদি গণনাৰ বাবে এইবিধ অঙ্কৰ সহায় লোৱা হৈছিল।

যিহেতু এইবিধ অঙ্ক ভাৰতবৰ্ষৰ বঙ্গদেশ আৰু অসমতহে প্ৰচলিত আছিল, সেয়েহে কাইথেলী অঙ্কৰ সতে ভাৰতবৰ্ষ অথবা বিশ্বৰ আন ঠাইৰ অঙ্কৰ বিশেষ মিল পৰিলক্ষিত নহয়। অৱশ্যে গণিতৰ এক ভাগ হোৱা হেতুকে কাইথেলী অঙ্কৰ সৈতে সাধাৰণ গণিতৰ কেতবোৰ সাদৃশ্য দেখা পোৱা যায়।

সাহিত্য ডট অৰ্গ: বৰ্তমান সময়ত কৰ’না মহামাৰীৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ঘৰত থাকিয়েই ‘অনলাইন’ মাধ্যমত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। এগৰাকী শিক্ষক হিচাপে আপুনি ‘অনলাইন’ ব্যৱস্থাৰ যোগেৰে শিক্ষাদান কৰিবলৈ আগ্ৰহী নে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ: আচলতে গণিত শিকাবলৈ মই ‘অনলাইন’ পদ্ধতি পছন্দ নকৰোঁ। সাধাৰণতে শ্ৰেণীত পাঠদান কৰিলে শিক্ষক হিচাপে মই ছাত্ৰ-ছাত্ৰীৰ সতে প্ৰত্যক্ষ যোগাযোগ ৰাখিব পাৰোঁ। পিছে অনলাইন শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে পাঠদান প্ৰক্ৰিয়াৰ সতে একাত্মতা অনুভৱ কৰিছে নে নাই, সেইবিষয়ে সম্পূৰ্ণকৈ জনাটো অলপ অসম্ভৱ হৈ পৰে। বৰ্তমান ‘গুগল ক্লাছৰুম’ আদিৰ দ্বাৰাও ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰকল্প অথবা ‘হ’মৱৰ্ক’ কৰিবলৈ দিয়া হৈছে। পিছে মোৰ মতে এইবোৰ বিশেষ ফলপ্ৰসূ হোৱা নাই। কাৰণ ছাত্ৰ বা ছাত্ৰী এগৰাকীক আমি তেওঁলোকে কৰা ভুলটো বিশদভাৱে বুজাই দিব পৰা নাই। আচলতে গণিত শিক্ষাৰ ক্ষেত্ৰত মোৰ মতে ছাত্ৰ-ছাত্ৰী তথা শিক্ষকজনৰ শাৰীৰিক উপস্থিতি অতিকৈ প্ৰয়োজনীয়।

সাহিত্য ডট অৰ্গ: বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ গণিত শিক্ষাই প্ৰসাৰতা লাভ কৰিছে। এগৰাকী শিক্ষক হিচাপে অধ্যয়নৰ কোনটো স্তৰত গণিত শিক্ষণৰ প্ৰয়োজনীয়তা অধিক বুলি আপুনি অনুভৱ কৰে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ: আচলতে বিদ্যালয়ৰ স্তৰতেই গণিতৰ বুনিয়াদী শিক্ষা আহৰণ কৰাটো আৱশ্যক। তেনেস্থলত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰ্যায়ত বিষয়টো ছাত্ৰ ছাত্ৰীসকলৰ বাবে সহজ হৈ পৰে। বিদ্যালয় এখনৰ গণিতৰ শিক্ষক হ’বলৈ অধিক পৰিশ্ৰম কৰিবলগীয়া হয়। যিহেতু বিদ্যালয়ৰ স্তৰতেই ছাত্ৰ ছাত্ৰীসকলক গণিতৰ সাধাৰণ জ্ঞানৰ দিবলগীয়া হয়, সেয়েহে বিদ্যালয়ৰ শিক্ষকসকলে এই বিষয়ত অধিক পৰিশ্ৰম কৰিবলগীয়া হয়। অৱশ্যে কথাটো অন্যান্য বিষয়ৰ ওপৰতো প্ৰযোজ্য হয়।

সাহিত্য ডট অৰ্গ: গণিত শিক্ষক হিচাপে আপুনি ইতিমধ্যে অসম তথা ভাৰতবৰ্ষত স্বীকৃতি লাভ কৰিছে। সংবাদ মাধ্যমতো আপোনাৰ ওপৰত লেখা প্ৰকাশ হৈছে। একেদৰে বিভিন্ন অনুষ্ঠানত-প্ৰতিষ্ঠানৰ দ্বাৰা আপুনি আপোনাৰ কৰ্মৰ বাবে পুৰস্কৃত হৈছে। আপোনাক প্ৰদান কৰা এই স্বীকৃতি সম্পৰ্কে আমাক অলপ জনাবনে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ: নিশ্চয়। ২০২১ চনত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে মোক বাছনি কৰা হৈছিল। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে এই বঁটাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত বঁটা প্ৰাপক হিচাপে অকল মোকেই বাছনি কৰা হৈছে। আনহাতে ২০১৮ চনত মই ‘বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়’ৰ পৰা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছোঁ।

সৃজনীমূলক গণিত শিক্ষাৰ বাবে মই ২০১৯-২০ বৰ্ষৰ এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছোঁ।

সাহিত্য ডট অৰ্গ:  এই বঁটাসমূহেৰে আপুনি পুৰস্কৃত হোৱাৰ সময়ৰ কিবা স্মৰণীয় ঘটনাই আপোনাক আজিও হয়তো সুখী কৰি তোলে। তেনেধৰণৰ অভিজ্ঞতা সম্পৰ্কে আমাক অলপ জনাবনে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ:  হয়। বিভিন্ন বঁটা প্ৰদানেৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মোৰ কৰ্মক স্বীকৃতি দিছে। এই সম্পৰ্কে মোৰ বহু অভিজ্ঞতা আছে।

বিভিন্ন বঁটাৰ ভিতৰত মই যে ‘কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ ৰাষ্ট্ৰীয় শিক্ষক বঁটা’ৰ বাবে নিৰ্বাচিত হ’লোঁ, সেই কথাটোৱে মোক সদায়েই সুখী কৰি তোলে। এই বঁটাটোৰ প্ৰাপকে শ্ৰেণীকোঠাৰ শিক্ষাদানৰ উপৰিও সমাজখনলৈ কেনেধৰণৰ বৰঙনি আগবঢ়াইছে, সেইয়া বঁটা প্ৰদানৰ আগেয়ে চাই লোৱা হয়। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে বিভিন্ন কৰ্মশালা আয়োজন কৰি মই সমাজলৈ অলপ হ’লেও বৰঙনি যোগাবলৈ সক্ষম হৈছোঁ। চৰকাৰী সহযোগিতা অবিহনেই মই ব্যক্তিগতভাৱেই এনেবোৰ কৰ্মত নিয়োজিত হৈ আছোঁ। কেতিয়াবা মই মোৰ জন্মস্থান নলবাৰীলৈ গৈ মোৰ চিনা পৰিচয় থকা শিক্ষকসকল লগ ধৰি তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলকো পাঠদান কৰিছোঁ। এনেদৰে মই সমাজখনলৈ যি পাৰোঁ বৰঙনি আগবঢ়াইছোঁ।

সাহিত্য ডট অৰ্গ:  গণিতৰ ওপৰত প্ৰস্তুত কৰা বিভিন্ন প্ৰকল্পৰ বাবে আপোনাৰ নাম বাতৰি কাকততো প্ৰকাশ পাইছে। একেদৰে বিভিন্ন নিবন্ধ তথা গ্ৰন্থ প্ৰণয়ন কৰি গণিতৰ ক্ষেত্ৰখনলৈও আপুনি নিৰৱচ্ছিন্নভাবে বৰঙনি আগবঢ়াই আহিছে। এই সম্পৰ্কে আমাক অলপ জনাবনে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ:  নিশ্চয়। ইতিমধ্যে গণিতৰ ওপৰত মই কেতবোৰ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ। বিভিন্ন কৰ্মশালা-সভা আদিত গণিতৰ ওপৰত মই কেতবোৰ প্ৰকল্প উপস্থাপন কৰিছো। এইবোৰ হল ‘Importance of Mathematics’,  ‘Laboratory in School’, ‘Error and Misconception’ আদি। ভাৰতবৰ্ষৰ বাহিৰতো যেনে বেংকক আদি ঠাইত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানত মই যোগদান কৰিছোঁ। আনহাতে বিভিন্ন আলোচনীত মই গণিতৰ ওপৰত লিখা প্ৰবন্ধসমূহেও পঢ়ুৱৈৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে। ‘গণিত: এক বৌদ্ধিক যাত্ৰা’ নামৰ মই লিখা গ্ৰন্থখনে ইতিমধ্যে পঢ়ুৱৈৰ পৰা সমাদৰ লাভ কৰিছে। অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থখনত মই গণিতৰ ওপৰত বহু কথা বিতংকৈ আলোচনা কৰিছোঁ। একেদৰে ‘অংক মানে আতংক নহয়’, ‘বিনোদন গণিত’, সংখ্যাৰ যাদু’, I love Math, Math Project, Everyday Math আদিয়েও পাঠকসকলৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে।

সাহিত্য ডট অৰ্গ:  আমি ইতিমধ্যে আপোনাৰ সৈতে গণিত সম্পৰ্কীয় বিভিন্ন কথা-বতৰা পাতি উপকৃত হ’লোঁ। যিহেতু আমি সাহিত্য ডট অৰ্গ নামৰ ই-মেগাজিনখনৰ তৰফৰ পৰা আহিছোঁ, সেয়েহে গণিত শিক্ষাৰ প্ৰসাৰৰ বাবে আমাৰ কৰণীয় কি আছে সেইবিষয়ে আপোনাৰ মন্তব্য ব্যক্ত কৰিবনে?

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ:  হয়, গণিতক জনপ্ৰিয় কৰি তুলিবলৈ সাহিত্য ডট অৰ্গৰ দৰে জনপ্ৰিয় আলোচনীখনে এক বিশেষ দায়িত্ব পালন কৰিব পাৰে। যিহেতু আপোনালোকৰ পঢ়ুৱৈৰ সংখ্যা অধিক, সেয়েহে গণিতৰ ওপৰত প্ৰবন্ধ আদি প্ৰকাশ কৰিলে বিষয়টোৱে পাঠকসকলক আকৰ্ষিত কৰিব। আলোচনীখনত প্ৰকাশিত গণিত বিষয়ক লেখাসমূহেও নতুন চিন্তাৰ বাট মুকলি কৰিব আৰু এনেদৰেই গণিত অধিক জনপ্ৰিয় হৈ পৰিব। মোৰ মতে আপোনালোকৰ আলোচনীখনে গণিত জনপ্ৰিয় কৰি তুলিবলৈ এনেধৰণৰ কাম-কাজত হাত দিব পাৰে।

সাহিত্য ডট অৰ্গ:  ধন্যবাদ মহাশয়। গণিতৰ বিষয়ে আপুনি আজি আমাক বহু তথ্যৰ যোগান ধৰিলে। একেদৰে এগৰাকী সফল গণিত শিক্ষক হিচাপেও আপুনি লাভ কৰা বিভিন্ন স্বীকৃতি তথা আপোনাৰ দ্বাৰা ৰচিত গ্ৰন্থ সমূহ সম্পৰ্কে আমাক অৱগত কৰিলে। আপোনাক পুনৰবাৰ ধন্যবাদ জনালোঁ।

ডঃ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ:  মোৰ কথাবোৰ ক’বলৈ সুবিধা দিয়া বাবে আপোনালোককো ধন্যবাদ জনালোঁ। আপোনালোকৰ ই- আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ সতে জড়িত সকলোকে মই এই আপাহতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!