"১২ ষ্ট্ৰং”ৰ দৃষ্টিৰে আফগানিস্তান

লেখক- বিকাশ দত্ত

২০০১ চনৰ বিশ্ব বাণিজ্য কেন্দ্ৰত হোৱা আক্ৰমণ আমেৰিকাৰ ইতিহাসত এক কলংকিত অধ্যায়। আৰু এই আক্ৰমণেই আমেৰিকাক আফগানিস্তানত প্ৰৱেশ কৰাৰ অজুহাত দিছিল। অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত আমেৰিকাৰ অৱস্থা আছিল খুবেই পুতৌজনক। কাৰণ ইতিহাসৰ পাতত আফগানিস্তানৰ নাম সন্নিৱিষ্ট হৈ আছিল Graveyard of Empires। প্ৰথমতে ব্ৰিটিছ, তাৰ পিছত ছোভিয়েট ইউনিয়ন আৰু চলিত বৰ্ষত আমেৰিকাৰ প্ৰস্থানে এই কথাকেই উনুকিয়াই যায়। ২০টা বছৰত প্ৰায় ২ ট্ৰিলিয়ন ডলাৰ ব্যয়ৰ পিছতো আমেৰিকাই যিধৰণে আফগানিস্তানত মুখ থেকেঁচা খালে, তাক হয়তো আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আফগানিস্তান আৰু মধ্য প্ৰাচ্যক লৈ হলিউদে পূৰ্বতে বহুকেইখন ছবি নিৰ্মাণ কৰিছে। বাণিজ্যিক ভাৱে সফল হোৱাৰ উপৰি দৰ্শক সমালোচকৰ সঁ‌হাৰি লাভ কৰা ছবিসমূহৰ ভিতৰত কেথৰিণ বিগেলোৰ ২০০৮ চনৰ “দ্য হাৰ্ট লকাৰ” আৰু ২০১২ ৰ “জিৰো ডাৰ্ক থাৰ্টী”ৰ কথা পোনপ্ৰথমে মনলৈ আহে। লগতে ২০০১ চনৰ ৰিডলী স্কটৰ “ব্লেক হক ডাউন” মোৰ অন্যতম প্ৰিয় ছবি। এই ছবিখন নিৰ্মাণ হৈছিল ছোমালিয়াৰ ৰাজধানী মগাদিছুৰ ১৯৯৩ ৰ আমেৰিকাৰ ইতিহাসৰ আন এক কলংকিত অধ্যায় ব্লেক হক ডাউন। কিন্তু সময়ে সময়ে নিৰ্মাণ হোৱা যুদ্ধভিত্তিক ছবিসমূহৰ ভিতৰৰেই এখন ছবি ২০১৮ চনত মুক্তিপ্ৰাপ্ত “১২ ষ্ট্ৰং”। অভিনয়ত আছে ক্ৰিছ হেমছৱৰ্থ, মাইকেল শ্বেনন, মাইকেল পেনা, এলছা পাতাকী আদি। পৰিচালনা নিকোলাছ ফুগশ্লিগ।

ছবিখনৰ আৰম্ভণি হয় ছেপ্টেম্বৰ ১১ৰ সেই ভয়াৱহ দিনটোৰ সৈতে। হঠাতে হোৱা এই আক্ৰমণৰ বাবে আমেৰিকাৰ অভ্যন্তৰীণ স্থিতি নিমিষতে যেন ধূলিসাৎ হৈ পৰিছিল সিদিনাখন। কেৱল প্ৰশিক্ষণ শিবিৰতেই আৱদ্ধ আৰু কোনোধৰণৰ যুদ্ধৰ অভিজ্ঞতা নথকা কেপ্তেইন মিটছ নেলচন উপস্থিত হয় আমেৰিকাৰ সেনা শিবিৰত আৰু নিজৰ ডেস্ক জবৰ পৰা আহৰি বিচাৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰে আফগানিস্তানত। আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফ চহৰ আৰু সমগ্ৰ উত্তৰ সীমান্ত মিত্ৰজোট বাহিনীৰ জেনেৰেল ডষ্টুমৰ বিশ্বাসযোগ্য হৈ মাজাৰ-ই-শ্বৰীফ তালিবান আৰু অলকাইডাৰ পৰা মুক্ত কৰাৰ মানস কৰি মিটছ আৰু তেওঁৰ ১১জন সতীৰ্থ উপস্থিত হয় আফগানিস্তানত। ছবিখনৰ আৰম্ভণিতেই আমাক উনুকিয়াই দিয়া হয় যে আফগানিস্তানৰ পৰিৱেশ সম্পূৰ্ণ পৃথক। এইয়াৰ ইৰাক বা ছোমালিয়াৰ দৰে নহয়। আৰু তাৰ প্ৰমাণ দিয়া হয় তেতিয়া, যেতিয়া হেলিকপ্টাৰত যাত্ৰা কৰি থকা সেনাজোৱান সকলে লাভ কৰে বিভিন্ন ধৰণৰ অসাধাৰণ বতৰৰ অভিজ্ঞতা। মৰুভূমিৰ মাজতেই হোৱা হিমপাত, হিন্দুকুশ পৰ্বতৰ পৰা শীতৰ ধুমুহা আদিয়ে আমেৰিকাৰ সেনাবাহিনীক যে কিমান আলৈ-আথানি কৰিছিল তাক সুন্দৰকৈ উপস্থাপন কৰা হৈছে “১২ ষ্ট্ৰং” ছবিখনত।

“১২ ষ্ট্ৰং”ৰ মুখ্য অভিনেতা ক্ৰিছ হেমছৱৰ্থ। “এভেঞ্জাৰ্ছ” আৰু “থৰ”ৰ ভূমিকাত দেখি থকা ক্ৰিছক এগৰাকী সেনা বিষয়া হিচাপে দেখা পাওঁতে অকণমান আচহুৱা লাগিছিল যদিও একছন হিৰো হিচাপে ক্ৰিছৰ অভিনয় এই ছবিখনতো ঠিকেই লক্ষ্য কৰিব পাৰি। অৱশ্যে ছবিখনৰ চিত্ৰনাট্য আৰু কিছুসংখ্যক দৃশ্যাংশক বেছিকৈ টানি লৈ যোৱা যেন অনুভৱ হয়। তদুপৰি আমেৰিকাৰ সেনাবাহিনীৰ নামত উৎসৰ্গিত চিনেমাসমূহত প্ৰায়েই দেখা পোৱা যুদ্ধপ্ৰীতি এই ছবিখনতো পৰিলক্ষিত হয়। অৱশ্যে ছবিখন যুদ্ধৰ সপক্ষে নে বিপক্ষে সেইয়া নিৰ্মাতাই অতি কৌশলপূৰ্ণভাৱে এক সাম্যক ধাৰণাৰে পৰিপুষ্ট কৰিবলৈ চেষ্টা কৰিছে। পৰিচালক নিকোলাছ ফুগশ্লিগৰ এইখন পৰিচালক হিচাপে প্ৰথমখন ছবি। ছবি পৰিচালনা কৰাৰ পূৰ্বে নিকোলাছ এগৰাকী প্ৰতিভাশালী আলোকচিত্ৰ সাংবাদিক। পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁ এগৰাকী ফটো জাৰ্নেলিষ্ট হিচাপে কাম কৰিছে। আৰু তাত পৰশ আমি ছবিখনত দেখিবলৈ পাওঁ‌। আফগানিস্তানৰ অমলিন মৰু অঞ্চলৰ দৃশ্যাংসমূহ, পাৰ্বত্য অঞ্চলৰ ৱাইড এংগল শ্বট, ড্ৰোণ কেমেৰাৰ জৰিয়তে BM-21 মিছাইল সমূহৰ নিক্ষেপণৰ চিত্ৰগ্ৰহণসমূহ, মুভিঙ কেমেৰাৰ সুন্দৰ প্ৰয়োগ আৰু ন্যূনতম অথচ নান্দনিক ভিজুৱেল এফেক্টছৰ সুন্দৰ সমাহাৰ হ’ল নিকোলাছৰ পৰিচালনাৰ অন্যতম সফলতা। অৱশ্যে কাহিনীৰ কথনশৈলী আৰু চিত্ৰনাট্যৰ কিছু অংশত ছবিখন জঠৰ হৈ যোৱাতো আমি অনুভৱ কৰোঁ। প্ৰথমাৰ্দ্ধত এই অনুভৱ প্ৰবল যদিও ছবিখনৰ দ্বিতীয়াৰ্দ্ধত কাহিনীয়ে গতি লয়। তদুপৰি বহুত যুদ্ধভিত্তিক ছবিত কাহিনী আৰু চৰিত্ৰৰ সামঞ্জস্য ৰাখি সমান্তৰালভাৱে লৈ যোৱা চৰিত্ৰসমূহৰ ব্যক্তিগত জীৱনৰ আৱেগিক দৃষ্টিভংগীৰ অভাৱে ছবিখনক পূৰ্বৰ যুদ্ধভিত্তিক সফল ছবিসমূহৰ পৰা অকণমান একাষৰীয়া কৰি অনা যেন অনুভৱ হয়। কাৰণ যুদ্ধভিত্তিক ছবিসমূহত আৱেগিক দৃষ্টিভংগী জৰুৰী। সেইয়া আমি দেখিবলৈ পাইছিলোঁ টেৰেঞ্চ মালেকৰ “দ্য থীন ৰেড লাইন” (১৯৯৮), ষ্টিভেন স্পিলবাৰ্গৰ “দ্য ছেভিং ৰায়ান” (১৯৯৮) বা পিটাৰ বাৰ্গৰ “দ্য লোন ছাৰভাইভাৰ” (১৯৯৮) ত দেখিবলৈ পাওঁ‌। অৱশ্যে ছবিখনৰ এক শক্তিশালী দিশ হ’ল আফাগানিস্তানৰ থলুৱা জনসাধাৰণৰ প্ৰকৃত উপস্থাপন। তালিবান আৰু অলকাইদাৰ ধূসৰিত আৰু ৰক্তাক্ত কৰি তোলা হিন্দুকুশ পৰ্বতৰ থলুৱা জাতি-জনজাতি আৰু শিশুসকলৰ দৈনীয় পৰিস্থিতিক পৰিচালক নিকোলাছ ফুগশ্লিগে উপস্থাপন কৰাত কৃপণালি কৰা নাই।

প্ৰায় দুঘাণ্টা যোৰা ছবিখনৰ অন্তিম অংশত জেনেৰেল ডষ্টুম আৰু কেপ্তেইন নিটছ নেলচনৰ মাজত এক কথোপকথনে মোৰ দৃষ্টি আকৰ্ষণ কৰে। মাজাৰ-ই-শ্বৰীফ দখল কৰাৰ সময়ত মিটছ আৰু তেওঁৰ ১১জন সতীৰ্থই ঘোঁ‌ৰাত আৰোহণ কৰি আক্ৰমণ কৰে চহৰখনৰ মূল ভূখণ্ডত। আমেৰিকাৰ যুদ্ধ বিশেষজ্ঞৰ মতে এই চহৰখন দখল কৰোঁতে আমেৰিকাৰ প্ৰায় ১০ বছৰ সময় লাগিব। কাৰণ প্ৰতিকূল বতৰ আৰু যাতায়ত অসুচল পৰিৱেশত এইয়া অসম্ভৱ। কিন্তু মিটছ আৰু তেওঁ‌ৰ সতীৰ্থই জেনেৰেল ডষ্টুমৰ সেনাৰ সৈতে কেৱল তিনি সপ্তাহতেই কষ্টসাধ্য কাম কৰিবলৈ সক্ষম হয়। দুয়োজন নেতাই একেলগে যুদ্ধ কৰি গৈছিল এটাৰ পিছত এটাকৈ তালিবানী দলৰ সৈতে। অৱশেষত দুয়োগৰাকীয়ে যৌথভাৱে মাজাৰ-ই-শ্বৰীফত উপস্থিত হয়।

সেই সময়তে জেনেৰেল ডষ্টুমে মিটছক কয়, “There is no right choices here. This is Afghanistan. The graveyard of many empires. Today you are our friend, and tomorrow you will be our enemy. Soon Americans will become another tribe here. You will be cowards if you leave, and you will be our enemies if you stay. Just know that you will always be my brother. If I get to the city I will raise your flag too.”

তেতিয়া মিটছে কয়, “No General it’s your city, you raise your own flag.”

বিগত দুটা মাহত আফগানিস্তানত যি হৈ আছে বা শ শ বছৰ ধৰি হৈ আছে, সেইয়া আধুনিক বিশ্বৰ বাবে এক পৰিতাপৰ বিষয়। শতিকাযোৰা ইতিহাস গৰকা আফগানিস্তানৰ বৰ্তমানৰ পৰিস্থিতিক আমি নুই কৰিব নোৱাৰোঁ। কিন্তু ছবি এক শক্তিশালী গণমাধ্যম। সেয়েহে “১২ ষ্ট্ৰং”ৰ দৰে ছবিসমূহ সময়ে সময়ে নিৰ্মাণ হৈ থাকিলেহে আমি আফগানিস্তানৰ দৰে ঘটনাসমূহৰ গভীৰতা অনুধাৱন কৰিব পাৰিম। আমেৰিকাৰ বৈদেশিক নীতিৰ জঠৰতা আমি সকলোৱেই জানো। তথাপি ২০০১ চনৰ অক্টোৱৰ নৱেম্বৰ মাহৰ যি ঘটনাক পটভূমি হিচাপে লৈ এই ছবিখন নিৰ্মাণ হৈছে সেইয়াও এক শক্তিশালী উপস্থাপন সেনা বাহিনীৰ বীৰত্বৰ। কাৰণ মিটছ নেলচনৰ নেতৃত্বৰ এই ১২ জনীয় সামৰিক দলটো আছিল ৯/১১ ৰ পিছত আফগানিস্তানত আমেৰিজাৰ First Response Unit। আৰু যুদ্ধ বিশেষজ্ঞসমূহৰ ১০ বছৰৰ যাত্ৰাক মাত্ৰ তিনি সপ্তাহত সমাপ্ত কৰা মিটছ নেলচন আৰু তেওঁৰ ১১জন সতীৰ্থৰ এই বীৰত্বক সন্মান জনাই আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ সেই ঠাইখিনিতেই এজন ঘোঁ‌ৰা আৰোহী সেনাজোৱানৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হয়। কাৰণ এই ১২ জনীয়া অশ্বাৰোহী দলটোৱেই আফগানিস্তানত আমেৰিকাৰ প্ৰথমটো বিজয়গাঁ‌থা অংকিত কৰিবলৈ সক্ষম হৈছিল। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!