এলগ'ৰিথম

লেখক- জিতুৰাজ ৰায়

দুলি দুলি সময়বোৰ
এদিন ৰৈ যাব

ৰৈ যোৱা স্থানাংকত
সি হৈ উঠিব এটা এলগ’ৰিথম

এলগ’ৰিথমে ব্যাখ্যা কৰিব
কিদৰে সাংখ্যিক ব্যৱচ্ছেদে ভাঙি যায়
সংখ্যাৰ ভূগোল

ডিভাইড এণ্ড ৰুলত
শিঁয়ৰি উঠিব অংকৰ ঈশ্বৰ
মৌন শূন্য

পাটীগণিতেই ভাল আছিল
মন গ’লেই ধৰি ল’লোঁ চলক
চালুকীয়া সময়ৰ

সম্প্ৰতি…

আদিপাঠৰ বুলনিত
বন্ধ্যাকৰণ হ’ব সংখ্যাৰ বিস্তৃতি

এব্ছট্ৰেক্ট সন্ধিয়া এটাত
উৰি ফুৰা এলগ’ৰিথমে
কঢ়িয়াব চৰম সত্য
শূন্য…।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!