অন্ধি-সন্ধি

লেখক- শ্ৰী খনিন্দ্র ভূষণ মহন্ত

ক’ৰবাত কিবা এটা ঘটিল। কিন্তু ইতিমধ্যে ঘটি যোৱা ঘটনাটোক আকস্মিক বুলি অভিহিত কৰিলে অতিৰঞ্জিত কৰা যেনহে হ’ব। ক’ত ঘটিল, কি ঘটিল সেয়া মই তৎ ধৰিব পৰাকৈ সস্তম হৈ থকা নাছিলোঁ। মাথোঁ মোৰ এনে লাগিল, যেন কোনোবাই বজ্রকঠিন হাতেৰে মোৰ পদযুগলত ধৰিলে আৰু চোঁচৰাই নি এক অচিনাকি ঠাই পোৱালেগৈ।

বিগত পোন্ধৰটা দিন বিশেষ প্রজেক্ট এটাত ব্যস্ত হৈ থকাৰ বাবে খাৱন-শোৱনৰ নিয়মটোক নীতি-বিৰুদ্ধ কথাৰ দৰে গণ্য কৰিছিলোঁ। কালি কিবাকৈ কামটোৰ হাতী অংশ সমাধা হোৱাত সাময়িক সকাহ এটা পালোঁ। অৱধাৰিতভাৱে অতদিনে ধোঁৱা-চাঙত তুলি থোৱা শতিকাৰ সমস্ত ভাগৰে আহি মোৰ শৰীৰত বাহৰ পাতিছিলহি। টোপনিৰ আৱেশৰ মায়াবন্ধনৰ পৰা তেতিয়াও মই নিজকে উদ্ধাৰ কৰিব পৰা নাই যদিও অর্ধ নিমীলিত দুচকুৰ পতাত এখিনি উজ্জ্বল পোহৰে ভুমুকি মৰাৰ কথা মই অনুভৱ কৰিলোঁ।

কালি শোৱাৰ সময়ততো আকাশত জোন-তৰাৰ চকু টিপিওৱা খেলখন নাছিল! দক্ষিণৰ পৰা উঠি অহা পানীগছা এখিনিয়ে ভয়ানক দৈত্য এটাৰ ৰূপ লোৱা আৰু পুৱতি নিশা আসুৰিক গর্জনৰ সৈতে জাক-জাক বৰষুণে ঘৰৰ মূধচত নাচি থকাহে মনত আছে! তেন্তে ইমান পোহৰ-পোহৰ ভাব কিয় আহিছে?

কিছু নিস্তৰংগ প্রহৰৰ ব্যৱধানত তেনেই কাষতে কাৰোবাৰ বার্তালাপৰ ভগা-ছিগা অংশ উৰি আহি মোৰ কর্ণপটহত আঘাত কৰিছেহি। এপাকত দেখোঁ সেই শব্দৰ প্রাবল্য বাঢ়ি বাঢ়ি আহি মোৰ তেনেই কাষতে ৰ’লহি,

: “ছাৰ, আমাক চিনি পাইছেনে?”

মই সেহা-বেঙা লাগি মোৰ সন্মুখত দণ্ডায়মান হৈ থকা দুখন অচিনাকি মুখলৈ দৃষ্টি দি থাকিলোঁ। একে সময়তে মোৰ স্মৃতিকোষবোৰ জাগ্রত কৰি সেইবোৰৰ ক’ৰবাত এই মাত – এই মুখৰ অৱশিষ্ট হ’লেও লাগি আছে নেকি বিচাৰি হাবাথুৰি খাই থাকিলোঁ। নাই। ৰিক্ত সংহতি একোটাৰ বাদে একোৱেই ঘূৰি নাহিল প্রত্যুত্তৰত,

: “কত যুগৰ আগতেই সাঙোৰ খালোঁ আপোনাৰ লগত। অৱশ্যে আপুনি পাহৰি যোৱাটো ইমান আচৰিত কথা নহয় আৰু আমাৰ কামৰ তুলনাত নামকেইটা ইমান প্রয়োজনীয়ও নহয়। তাতে আপোনাৰ নাম সলাই দিয়া অভ্যাসটোৰ বিষয়েও আমি জ্ঞাত। ধৰি লওক মই আলফুল আৰু ই বিতোপন।” – সন্মুখত ৰৈ থকা ছোৱালীজনীয়ে কৈ গ’ল।

তাইৰ কথাখিনিৰ পৰা অনুমান কৰিলোঁ যে ইহঁতক হয়তো মই পঢ়াইছিলোঁ। ক্লাচত নিজৰ সুবিধা মতে এনে কিমান নাম ব্যৱহাৰ কৰিলোঁ, কিমান পাহৰিলোঁ – তাৰ সীমা-সংখ্যা নাই। হয়তো এই দুটা নামো স্মৃতিৰ চহৰৰ পৰা নিখোজ হৈ গৈছে। আচলতে মানুহে মনত ৰাখিবলৈ অতি কমেও এটা কাৰণ লাগে। ভাল-বেয়া সেইবোৰ এই ক্ষেত্রত অনর্থক। চাপ বহুৱাব পৰাকৈ কিবা এটা কৰাটো নিতান্তই প্রয়োজন। কিছু ব্যতিক্রম – কিছু আকর্ষণীয়। এনেও মনত ৰাখিবলৈ যিমান টান, পাহৰিবলৈ সিমানেই সহজ। গ’ উইথ ডা ফ্ল’ হৈ থাকিলে কোনে কাক মনত ৰাখিব? ৰাখিবই বা কিয়? তাকে নকৰাখিনিয়েই সময়ৰ পকনীয়াত পৰি নিঃচিহ্ন হৈ পৰাৰ উপক্রম হয় আৰু উভতি আহি অভিযোগ তোলে – মানুহতকৈ স্বার্থপৰ জীৱ আন কিবা আছে জানো! অৱশ্যে প্রয়োজনত মূৰৰ ওপৰত তুলি ৰখাজনকে স্বার্থসিদ্ধি হোৱাৰ লগে-লগে মূৰৰ পৰা ঠেকেচা মাৰি পেলাই দিয়াসকলক এইটো বৃত্তত সামৰি ল’ব পৰা নাযাব।

হয়তো আলফুল আৰু বিতোপনেও মোৰ সংস্পর্শত থকা সময়ছোৱাত তেনে বিশেষ একো কৰি দেখুৱাব পৰা নাছিল, যাক পুনঃ আওৰাই মই উৎফুল্লিতই বা ক্রোধান্বিত – একোৱেই হ’ব পৰা নাছিলোঁ। কথাখিনি মনতে পাগুলি নিজলৈকে চৰম ঘৃণা উপজিল যদিও একো নাই হোৱা ভাবত উত্তৰ দিলোঁ,

:”তোমালোকৰ মনত থাকে, কাৰণ তোমালোকে আমাৰ দৰে এজনকে পোৱা। কিন্তু, আমি যে তোমালোকৰ দৰে বহুত পাওঁ। সেয়ে খেলি-মেলি হৈ যায়।”

মই জানো, এই যুক্তিটো ইমান সুবিধাজনক নহয়। কিন্তু এনে অনাহুত পৰিস্থিতিবোৰৰ পৰা পলাবলৈ ই এক ব্রহ্মাস্ত্র ৰূপে সহায় কৰে। অৱশ্যে নিজৰ পৰা পলোৱা কি ইমান সহজ কথা? সাময়িকভাৱে পাহৰি থকাৰ অভিনয় কৰিব পাৰি। কিন্তু সেইটোকে খামুচি থাকিবতো নোৱাৰি।

ক’ত আছোঁহি – এইখিনি কেনেকৈ পালোঁহি জাতীয় হাজাৰটা প্রশ্নই মনৰ মহাকাশত উল্কাপাতৰ দৰে ভিতৰি-ভিতৰি অসহজ কৰি ৰখা স্বত্তেও, সকলো সহি-সামৰি সহজ যেন দেখুৱাবলৈ যিমানখিনি ৰূপ-ৰঙৰ প্রয়োজন, সেইখিনি অভিব্যক্তি চকুৱে-মুখে সানি ল’লোঁ আৰু যিমান পাৰি দৃঢ়তাৰে সুধিলোঁ – মোক ইয়ালৈ লৈ অনাৰ অর্থ কি? কি বিচাৰা তোমালোকে? এই প্ৰশ্নকেইটাৰ পোনপটীয়া উত্তৰ আজিলৈকে কোনোবাই পাইছে বুলি মোৰ মনে নধৰে৷ মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা তথা তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশৰ মাধ্যম হিচাপেহে মই সেইখিনি ব্যৱহাৰ কৰিলোঁ৷ লগতে কোঠাটোত থম-থম মদন গোপাল হৈ বহি থকা আড়ষ্টতাখিনিক তচ-নচ কৰিবলৈকো শব্দকেইটাৰ প্ৰয়োজন আছিল৷ আলফুল আৰু বিতোপন যেন এই প্রশ্নটোৰ বাবেহে ৰৈ আছিল!

গছৰ পৰা পকা পাত এটা সৰি মাটিত পৰিবলৈ লগা সময়ক দুভাগ কৰি এটা ভাগ ল’লে যিমান সময় পোৱা যাব – ঠিক সিমানখিনি নহ’লেও তাৰ সমকক্ষ প্রহৰৰ ব্যৱধানত মোৰ কাষতে থকা মেজখনত এদ’ম কাগজ ধমহকৈ পৰিল আৰু নতুন প্রশ্নবোধক কিছুমান উৰি আহি মোক আমনি কৰিলেহি। একে সময়তে, মোৰ এনে ভাব হ’ল – ক’ৰবাত মোৰ ফোনটো ৰিং হৈছে। কিন্তু সেই মুহূর্তত ফোনকলটোতকৈ ডাঙৰ প্রহেলিকা এটাই মোৰ বাবে বাট চাই আছিল,

: “ছাৰ, এই কাগজখিনিত আমি ইতিমধ্যে সমাপন কৰা কিছু কামৰ খতিয়ান আছে। ক’ৰবাত যদি আমি গোটেই কামটোৰ নেতৃত্ব লৈছোঁ, ক’ৰবাত আমি মাজতে সোমাই সহায়ক হিচাপে আছোঁ। দুই এঠাইত অনুঘটক হিচাপেও থাকিব পাৰোঁ – পাহৰিছোঁ। মুঠতে আপোনাক প্রয়োজন হোৱা আটাইবোৰ ‘ডাটা’ ইয়াতেই পাব।” – প্রথমবাৰৰ বাবে বিতোপনে মুখ খুলিলে।

: “কিন্তু মই কি কৰিব লাগে? ময়েই বা কিয়? হোৱাই অনলি মি?” – অকোৱা-পকোৱা ৰেখা কিছুমানে আহি মোৰ কপালত থিতাপি লৈছেহি।

ধৈর্যৰ সমস্ত সীমা অতিক্রম কৰি এই যেন উষ্মাত ফাটি পৰিম আৰু চকুৱে-মুখে লাভাহে বাহিৰ হ’ব মোৰ! নিজকে ক্রমাৎ কিবা উত্তৰহীন সাঁথৰ একোটাৰ অংশ যেনহে লাগিবলৈ ধৰিলে,

: “ছাৰ, আমি আপোনাক জানো। কাম একোটাত আপোনাৰ ‘ডেডিকেচন’ কিমান সেয়াও দেখি আহিছোঁ। তাতে কামটো যদি গণিত বিষয়ক হয়, আপোনাৰ যে কামটোৰ প্রতি থকা স্পৃহা কেইবাগুণো বৃদ্ধি পায়, সেয়াও জানো।আপুনি ৰিপর্টখিনি ভালকৈ চাওক আৰু সন্নিৱিষ্ট হৈ থকা তথ্যখিনিৰ ওপৰত ভিত্তি কৰি শেষত এটা তুলনামূলক সিদ্ধান্ত দিব – আমাৰ মাজত কোন শ্রেষ্ঠ! লগতে সেই বিচাৰৰ সত্যতা নিৰূপণৰ বাবে মনোগ্রাহী যুক্তিও অৱশ্যেই দিব।”

চিন্তাৰ নতুন পাহাৰ এটা মোৰ মূৰৰ ওপৰত জাপি দি আলফুল আৰু বিতোপনে সেই ঠাই ত্যাগ কৰিলে। আনকি মই প্রত্যুত্তৰ হিচাপে হাঁ-না একো ক’বলৈয়ো সুবিধা নাপালোঁ।

আলফুল কোন – বিতোপন কোন – মোৰ গণিতৰ প্রতি থকা দুর্বলতা ইহঁতে কেনেকৈ জানিলে – মোৰ ওপৰত ইমান অগাধ বিশ্বাস কিয় – এনে হাজাৰ-বিজাৰ প্রশ্নৰ ধুমুহাই মোক এফালৰ পৰা যেন বিধ্বস্ত কৰিবলৈ আৰম্ভ কৰিলে।

সৌভাগ্যক্রমে সকাহ বুলিবলৈ এটা সমল আছিল – সন্মুখত মোৰ ফালে ট-ট কৈ চাই থকা কাগজবোৰ।

নাই নাই। মই তাত আবদ্ধ হৈ থকা ৰহস্য ভেদ কৰিবই লাগিব। সমাধান কি ওলায় বর্তমানৰ প্রেক্ষাপটত সেয়া মোৰ বাবে বিচার্যৰ বিষয় নহয়। এই অহৌবলিয়া সময়খিনিতো লেকামহীন মনটোত জীৱনৰ লগত ৰজিতা খোৱা দর্শন এখিনি ক’ৰবাত কেতিয়াবা পঢ়া যেন লাগিল। অৱশ্যে তাক আওৰোৱাৰ পৰিৱেশ আৰু সময় এটাও মোৰ হাতত নাছিল।

লগৰবোৰে আগতে মোক লৈ ৰগৰ কৰিছিল – সাধুকথাৰ দেশত যদি আমাৰ জন্ম হ’লহেঁতেন, ইয়াৰ জীউটো গণিতৰ মাজতেহে সোমাই থাকিলেহেঁতেন। সৌ তাহানিতে শিকা সৰল অংকৰ পৰা ‘টেনচৰ এনালাইচিচ’লৈকে, দ্বিঘাত সমীকৰণৰ পৰা নিউটনৰ ইণ্টাৰপলেচন ফর্মূলালৈকে…! কিমান ভাগৰত উখহা দুচকু, কিমান হাঁহিফুলৰ আখৰাৰ সাক্ষী হৈ আছে এইবোৰ। ‘কেলকুলাচ’ সদায় লগতে থাকেই! গোটেই জীৱন গণিতৰ নামতেই উছর্গা কৰাৰ পণ লৈছোঁ হয় – যিমানেই গণিতৰ ব্যৱহাৰিক দিশটোৰ প্রতি ধাউতি বঢ়াই দিছোঁ – জীৱনৰ গণিতে যে পাটীগণিত বা বীজগণিতৰ সূত্র-স্বীকার্য-উপপাদ্য একোৱেই মানি নচলে – ইতিমধ্যে বুজি উঠিছোঁ। কিন্তু এই সহজ সত্যটোকে আনক বুজাবলৈ যে কিমান পন্থা অৱলম্বন কৰিব লগা হয়!

যিমানেই কাগজখিনিৰ পাঠোদ্ধাৰৰ বাবে নিজকে নিমজ্জিত কৰিলোঁ – যিমানেই ইটোৰ পাছত সিটো সমীকৰণ আৰু তাৰ লগত থকা তত্ত্ববোৰ পঢ়ি গ’লোঁ – সমাধানৰ বাটত খোজ দিলোঁ – আলফুল-বিতোপনক মোৰ তেনেই চিনাকি যেন লাগিবলৈ আৰম্ভ কৰিলে। আনকি সিহঁতৰ দ্বাৰা সমাপিত হোৱা কর্মৰাজিখিনিৰ লগতো যেন কিবা এটা যোগসূত্র লুকাই আছে – মোৰ এনে লাগিল। নহ’ব। সুদুত্তৰ নোপোৱালৈকে মোৰ শান্তি নহ’ব।

কিন্তু কি সেই অদেখা সূতাৰ বান্ধোন – য’ত একাকাৰ হৈ গৈছে অসীমত থকা দুটা বিন্দু! নহয় নহয়। অসীমত বুলিলে সম্পূর্ণৰূপে প্রতীয়মান কৰা নহ’ব! কিয়নো বিস্তৃতি অথবা পৰিসৰ নজনাকৈ মতামত দিয়াটো নীতি বিৰূদ্ধ বুলিয়েই গণ্য কৰি আহিছোঁ মই। আচলতে আমি ভুলবোৰ এনেকুৱাতে কৰি পেলাওঁ। আগ-গুৰি ভালকৈ নজনাকৈয়ে – ওপৰ চকুৱাৰ দৰে আচৰণ কৰোঁ আৰু নিজেই সাজি লোৱা আদালতত নিজৰ যুক্তিকে চূড়ান্ত বুলি ৰায়দান কৰোঁ! শেষত যেতিয়া সত্যটো আহি আমাৰ হাতত পৰেহি তেতিয়ালৈ মূল বিষয়টোৱে নিজেই প্রাসংগিকতা হেৰুৱাই পেলায়। এয়া আমাৰ সৌভাগ্য নে দুৰ্ভাগ্য – নাজানো!

ফোনটো আকৌ বাজি বাজি বন্ধ হ’ল। এবাৰ – দুবাৰ – কেইবাবাৰ। বাজি থাকিবলৈ দিলোঁ।

তুলনামূলক সিদ্ধান্ত – কোন শ্রেষ্ঠ আদি শব্দবোৰে বতাহত কঁপনি তুলি ৰিণি-ৰিণিকৈ অনুৰণিত হৈ থাকিল। ইমান সহজ নে? তুলনা কৰা – সিদ্ধান্ত দিয়া – শ্রেষ্ঠত্বৰ খিতাপ প্রদান কৰা! সঁচাকৈ ইমান সহজ হয় জানো? প্রতিযোগিতাৰ কথাটো অলপ বেলেগ। কিন্তু জীৱনৰ আর্জিত অভিজ্ঞতা আৰু গৰিমাক যোগ্যতাৰ তুলাচনীৰে কেনেকৈ জুখিব পাৰি? অ’, আত্মসমালোচনাৰ বাট এটা নিশ্চয়কৈ খোলা থাকে বাৰু। সেই বাটত দিয়া খোজবোৰৰ শব্দ আনে নুশুনে – পদচিহ্ন আনে নেদেখে। মাত্র গন্তব্য স্থান পোৱাৰ পাছতহে হৈ-চৈ আৰম্ভ হয়।

কিন্তু আলফুল-বিতোপনৰ ক্ষেত্রততো তেনে একো নাই হোৱা। সিহঁত যেন নাচোৰবান্দা! সিহঁতৰ কথা-বতৰাৰ পৰা এনে লাগিবলৈ ধৰিছে যেন ফলাফলটো মই নিদিলে আন কোনোবাই দিব। এনে অনাহক বৈপৰীত্য দেখি মোৰ খং উঠাটো স্বাভাৱিক।

দেৱালৰ পৰা নিৰন্তৰ টিক-টিক শব্দ এটা ভাহি আহি আছিল…মই পৃষ্ঠাবোৰ লুটিয়াই গৈ থাকিলোঁ। সাধ্যানুসাৰে গোটেই ‘ৰিপর্ট’টো নিজৰ আয়ত্বলৈ আনিবলৈ চেষ্টাও কৰি আঁত এটা পোৱা যেনো লাগিল।

ইতিমধ্যে আলফুল আৰু বিতোপন কোঠাটোলৈ উভতি আহিল। মোৰ অভিব্যক্তিৰ পৰাই হয়তো সিহঁতে কিবা এটা ধাৰণা কৰিব পাৰিছে,

: “আমাৰ হাতত বেছি সময় নাই। সোনকালে জনাওক। আমি বেলেগ এফালে যাব লাগে। – দুয়োৰে কণ্ঠ সমৱেত স্বৰত ঝংকাৰিত হৈ উঠিল।”

সময় নাই? মোৰ ইচ্ছাৰ বিৰূদ্ধে এনে এখন বেহুৰ মাজত মোক সুমুৱাই থৈ ইহঁত ক’লৈ যাব খুজিছে?

কমনীয়তা বর্জন কৰি জুকিয়াই থোৱা কথাখিনি ক’বলৈ আৰম্ভ কৰিলোঁ,

:”আমি প্রত্যেকেই একক আৰু অনন্য। তুলনাই আমাক অসুখী কৰে – ঈর্ষাণ্বিত কৰে – আৰু সেই ঈর্ষাই জুই হৈ নিজৰ অন্তৰকে তিল-তিলকৈ দহে। আমি নুবুজোঁ। নহয় নহয় – বুজি নাপাওঁ অথবা বুজিবলৈ চেষ্টা নকৰোঁ। দোষ কিন্তু আমাৰেই। কষ্টও আমাৰেই হয়। লগতে তোমালোকৰ যিখিনি তথ্য মই পালোঁ, এটা কথা নিশ্চিতভাৱে ক’ব পাৰোঁ যে তোমালোক দুয়ো ইজন-সিজনৰ পৰিপূৰক। একক-অনন্য আৰু পৰিপূৰক বোলাটো আপাত দৃষ্টিত স্ববিৰোধী যেন লাগিলেও গভীৰকৈ চিন্তা কৰিলেই সমিধানটো তোমালোকৰ সন্মুখত জলজল-পটপট হৈ পৰিব। হয় – কোনো-কোনো বিশেষ পৰিস্থিতিত এজনৰ বৰঙণিৰ পৰিমাণ আনজনতকৈ বেছি যেন লাগিছে। কিন্তু ইয়াৰ অর্থ এইটো নহয় যে সকলো সময়তে একেই হৈ আছে। ক’ৰবাত দুয়ো একাকাৰ হৈ গৈছা। আনকি ক’ৰবাত কল্পনাৰ জগত এখনত থকাৰ দৰেহে লাগিছে! কিয় বুলি নুসুধিবা। সেই প্রশ্নৰ উত্তৰ মই দিব বিচৰা নাই। আৰু তোমালোকে জানানে – এজন আনজনৰ পৰা আঁতৰি গ’লে যে তোমালোকৰ এই আতোলতোল পৃথিৱীখনেই হেৰাই যাব! নাম সলনি হ’ব পাৰে। ৰূপ সলনি হ’ব পাৰে। কিন্তু দুজন থাকিবই লাগিব।”

একে উশাহতে কথাখিনি কৈ আঁৰ চকুৰে দেখিছোঁ – দুয়োৰে মুখত এক অনির্বচনীয় পোহৰ! চকুত কিছু দোষী-দোষী ভাব। হয়তো উত্তৰটোত সিহঁত সুখী হৈছে – সমানে কিছু লজ্জ্বান্বিতও।

গোমা-গোমা বতাহ এজাক বলি থাকোঁতেই আকৌ মোৰ ফোনটো বাজিল। এইবাৰ ফোনটো খেপিয়ালোঁ। এহাতে ফোনটো লৈ কিবা ক’বলৈ লওঁতেই দেখিছোঁ আলফুল-বিতোপন বক্র পথ এটাত ধোঁৱাৰ দৰে ৰূপ লৈ বতাহত মিলি যোৱাৰ উপক্রম হৈছে।
: “ইমান ফোন কৰি আছিলোঁ আপোনাক। ভাল খবৰ এটা আছে। আপোনাৰ ‘A qualitative study of roots of quadratic equation and its similarity in human psychology’ পেপাৰখন International Mathematics Forumত অন্তর্ভুক্ত হৈছে। আটাইতকৈ ভাল লগা কথাটো কি জানেনে? আপুনি দিয়া ‘ভেৰিয়েবল’ দুটা কমিটিৰ সদস্যসকলে বৰ পছন্দ কৰিছে। কি নাম দিছিল? ‘আলফা’টোক আলফুল আৰু ‘বিটা’ক?”

: “বিতোপন। আলফুল আৰু বিতোপন…।”

বিছনাত শুই-শুই মই উত্তৰ দিলোঁ। অৱচেতন মনত তেতিয়াও আলফুল-বিতোপনৰ দৰে বহুতো অচিন-চিনাকি চৰিত্ৰই কিবা-কিবি বিৰবিৰাই থকাৰ উমান মই পাই থাকিলোঁ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments