ধূসৰিত প্ৰতিবিম্বঃ এটা পদাৰ্থবিজ্ঞানীয় গল্প

লেখক- পাৰবীন চুলতানা

এটা সৎ আৰু ওলোটা প্ৰতিবিম্বৰ পম খেদি মই গুচি গৈছিলোঁ ‘ইউ’ টাৰ্ণ লোৱা কোনো এক নিৰ্জন কেঁকুৰিয়েদি। বসন্তৰ কোনো এক শ্যামলী আবেলিৰ কথা আছিল। পৃথিৱীখনে আহ-পাহ মেলি সুশোভন সুদৰ্শন হৈ বাসন্তী-ৰাণীক আলিংগন কৰা সময়ৰ কথা। মই হৈ উঠিছিলোঁ উদ্ভিন্না নাৰীৰ দৰে। যিফালেই দৃষ্টি দিছিলোঁ, প্ৰকৃতিৰ প্ৰতিটো বস্তু মোহনীয় ভংগীমাৰে ধৰা দিছিল মোৰ চকুৰ আগত। সেই তেতিয়াই মই প্ৰেমত পৰিছিলোঁ নিজ চকুযোৰৰ। চকুযোৰো আছিল সেউজীয়া আৰু চপচপীয়া। এই যেন বসন্তৰ প্ৰথমজাকে বৰষুণ মেল খুৱাই দিয়া এনথুৰিয়ামৰ কোমল কুঁহিপাতখিলাহে। আয়ে কৈছিল, মোৰ চকুৰ সেউজীয়াই সজীৱতাৰ নীতি নিয়ম জানে। সেই সেউজীয়া চকুৰ দৃষ্টিত বান্ধ খাই পৰিছিল আনে নেদেখা সৰু-সৰু দৃশ্যবোৰ। আনে ভাল দেখা বা নেদেখা সকলো দৃশ্যক সামৰি লৈছিল মোৰ চকু দুটাই। কুৎসিৎ কদৰ্য ৰূপ এটাকো বন্দী কৰি চকুটোৱে মগজুলৈ পঠিওৱা সংকেত ৰেখাবোৰত এনেকৈ আউল লগাই দিছিল যে, গোটেই পৃথিৱীখনেই সুন্দৰ হৈ পৰিছিল মোৰ বাবে। মোৰ চকুৰ সন্মোহনত মুগ্ধ হৈ তুমি মোক এদিন সুধি পেলাইছিলাঁ, আনে ধুনীয়া নেদেখা ল’ৰাজনক মই কিদৰে সুন্দৰৰ শীৰ্ষতম আসনখন দি পেলাইছোঁ।

তুমি যে দেখাত অসুন্দৰ আছিলা, এই কথাটো কেৱল তুমিয়েই নহয়, মোৰ বন্ধু-বান্ধৱৰ বহুতেই কৈছিল। সকলোৱে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যে মোৰ দৰে মগজু আৰু সৌন্দৰ্যৰ সমাহাৰত অহংকাৰী হ’ব পৰা ছোৱালী এজনীয়ে তোমাৰ মাজত কি সৌন্দৰ্য দেখা পালোঁ। সৌন্দৰ্যৰ এই ধাৰণাটো মোৰ বাবে একেবাৰেই আচৰিত। পৃথিৱীৰ আটাইতকৈ সুন্দৰী নাৰীগৰাকী যদি মোৰ মা, পৃথিৱীৰ আটাইতকৈ সুপুৰুষজনতো তুমিয়েই হোৱা।

সেইদিনা তোমাৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাছিল। চকুৰ উত্তল লেন্সৰুপী ৰেটিনাত বন্দী হোৱা প্ৰতিবিম্বটোত হয়তো সন্মোহনৰ কোনো কাৰণ নাছিল, এই প্ৰতিবিম্বটো যে মগজুৱে গাণিতিক শক্তিৰে দৈৰ্ঘ্য-প্ৰস্থ মিলাই মোৰ দুচকুৰ সন্মুখত এটা সুন্দৰ প্ৰতিচ্ছবি এৰি গৈছিল, সন্মোহনৰ মূল কাৰণ সেইটোৱেইতো আছিল। ফকাছ বিন্দুৰ ভিতৰৰ দূৰত্বত উত্তল লেন্সৰ প্ৰতিবিম্বসমূহ সৎ আৰু ওলোটা হয়- পোহৰৰ প্ৰতিফলনৰ এই সামান্য জ্ঞানকণ মোৰ আছিল। পদাৰ্থবিজ্ঞানৰ সৎ প্ৰতিবিম্বৰ ধাৰণাটো সেই তেতিয়াই কিছু খৰচি মাৰি বুজি লৈছিলোঁ। মোৰ চকুৰ অভ্যন্তৰৰ পৰ্দাত তুমি বৰ স্পষ্টকৈ প্ৰতিফলিত হৈছিলা। তোমাকেই, হুবহু তোমাকেই, পৰ্দাত আপতিত কৰিছিল মোৰ চকুৰ ৰেটিনাই, মাথোঁ ওলোটা প্ৰতিবিম্বৰূপে, ওপৰৰ বিন্দুবোৰ তলত নতুবা তলৰ বিন্দুবোৰ ওপৰত। বিন্দুবোৰ চিধা কৰা কামটো মগজুৰ আছিল। আৰু তাতেই হয়তো সমস্ত খেলিমেলি হৈ গৈছিল। তোমাৰ সুন্দৰতাৰ এটা ব্যাখ্যা মই বিচাৰি পাইছিলোঁ, বিচাৰি পাইছিলোঁ মোৰ দৃষ্টিৰ লগত সংযুক্ত হৈ পৰা মগজুৰ সম্পৰ্কটোৰ কথা। নিজ মগজুৰ এই দক্ষতা দেখি মই কিছু গৌৰৱান্বিত হৈছিলোঁ।

কথাটো জানি তোমাৰ চকু দুটা সৰু হৈ পৰিছিল। প্ৰেমৰ উজ্জ্বল পোহৰৰ চমকনিত তোমাৰ চকুৰ পিউপিলটো মোৰ দৰেই জাপ খাই গৈছিল। মুঠতে মই মোৰ চকু দুটাৰ প্ৰেমত নপৰাকৈ থাকিব নোৱাৰিলোঁ। তুমি প্ৰেমত পৰিছিলা মোৰ এই মুগ্ধতাৰ। সম্পৰ্কটো বৰ্ষাঋতুৰ দৰে প্ৰতিশ্ৰুতিময় হৈ আহিছিল। সামান্য অনীহা, অনুযোগতে জৰজৰকৈ অভিমানৰ বৰষুণ এজাক সৰি পৰিছিল। ইজনে সিজনৰ বিন্দু দুটাক কেন্দ্ৰ কৰি কক্ষপথ দুটাত ঘূৰ্ণীয়মান হৈ থাকোঁতে সামান্য তাল আৰু গতিৰ হেৰ-ফেৰত কিদৰে জোঁটপোট খাইছিলোঁ, সেয়া মই জানিছিলোঁ, নিশ্চয়কৈ জানিছিলোঁ। মই নিজৰ চকুৰ প্ৰেমত পৰা মানুহ। মই নিজৰ মগজুৰ প্ৰেমত পৰা মানুহ। মই স্ব-বিজ্ঞাপনৰ জাকজমকতাত মোহাবিষ্ট হোৱা মানুহ। এই জাকজমকতা দেখি তোমাৰ চকুৰ পিউপিলটো সৰু হৈ পৰিছিল, প্ৰত্যেকবাৰৰ দৰেই।

কোনোবাটো মুহূৰ্তত তুমি মোৰ এই মুগ্ধতাক বস্তুবাদী যুক্তি এটা দিবলৈ আগবাঢ়িছিলা। তুমি মোৰ চকু দুটাক এটা উচ্চ মানবিশিষ্ট কেমেৰাৰ লগত ৰিজাইছিলা। যদিওবা মই জানিছিলোঁ যে তোমাৰ ব্যাখ্যা শুদ্ধ নহয়, কিয়নো মই সকলোকে ধুনীয়া নেদেখোঁ, কেতিয়াবাতো এনেকুৱা হয় যে আনে দেখা সুন্দৰ বস্তু এটাৰ মাজত মই সৌন্দৰ্য বিচাৰি নাপাই হাহাকাৰ কৰি ফুৰোঁ। মোৰ সৌন্দৰ্যৰ ধাৰণা যে এটা দৃষ্টিভ্ৰমৰ বাদে একো নহয়, সেয়াও মই উপলব্ধি কৰি উঠিছিলোঁ। হৃদয়ৰ লগত সংপৃক্ত নোহোৱা কোনো কথাকে মগজুৱে গ্ৰহণ কৰা নাছিল আৰু এই গ্ৰহণযোগ্যতাৰ আধাৰতহে মোৰ সৌন্দৰ্যৰ ধাৰণা আৰোপিত হৈ পৰিছিল। যিয়েই নহওক, চকু আৰু কেমেৰাৰ এই ৰিজনিয়ে মোক এইবাৰ কেমেৰাটোৰ প্ৰেমত পেলাইছিল। আনে ধুনীয়া দেখা দৃশ্যবোৰৰ লগতে কেতিয়াবা কাৰো চকুত নপৰা দৃশ্যবোৰ কেমেৰাই বন্দী কৰি পেলাইছিল। দৃশ্যবোৰ ধুনীয়া আছিল নে কেমেৰাই বন্দী কৰা দৃশ্যবোৰ একো একোটা ধুনীয়া বিভ্ৰমৰ ছবি হৈ চকুৰ কেমেৰাৰে মগজু স্পৰ্শ কৰিছিল নাজানো। কেমেৰাটোৱে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। কেমেৰাটো হৈ পৰিছিল এটা নিচা। উগ্ৰ নিচা।

এই উগ্ৰ নিচাৰ জালতে চলন্ত ৰেলগাড়ীয়ে পিষ্ট কৰা দেহ দুটা মই প্ৰবল উৎফুল্লতাৰে কেমেৰাত বন্দী কৰিছিলোঁ। বাৰুদৰ অনলে মেৰিয়াই ধৰা দেহকেইটা মই ভিডিও কৰি গৈছিলোঁ। আনকি সৌ সিদিনা বজ্ৰপাতত বিদ্যুৎপৃষ্ট হৈ মৃতদেহত পৰিণত হোৱা হস্তীকুলৰ ফটো মই কোনো হৃদয়ৰ প্ৰয়োগ নোহোৱাকৈ তুলি আনিছিলোঁ। মই মাথোঁ নিচাগ্ৰস্তৰ দৰে কেমেৰাটো ঘূৰাই গৈছিলোঁ, ক্লিক, ক্লিক, ক্লিক। ঠিক যেন কেভিন কাৰ্টাৰে কেমেৰাত বন্দী কৰা শগুণে খাদ্যৰ বাবে চোপ লোৱা প্ৰাণহীনপ্ৰায় শিশুটিৰ আলোকচিত্ৰখনহে।

কেমেৰাৰ নিচা মোৰ বাৰুকৈয়ে লাগিছিল। তুমি কিছু কথাত আপত্তি কৰিবলৈ আৰম্ভ কৰিছিলা। যুৰীয়া নাগৰ সংগমৰত দৃশ্য বন্দী কৰোঁতে তুমি মোক প্ৰাইভেচীৰ কথা কৈছিলা। সাপৰ আকৌ প্ৰাইভেচী! কেনে হাস্যকৰ কথা! মোৰ কেমেৰাই বন্দী কৰা ‘মাণ্ডাৰিণ ডাক’ৰ সেই মনোমোহা ৰূপবোৰৰ মাজত তুমি দেখা পাইছিলা হাঁহজনীৰ চকুৰ ভয়াৰ্ত দৃষ্টি। কি যে বিড়ম্বনা! মোৰ সকলোবোৰ সুন্দৰ কথাৰ লগত তোমাৰ প্ৰত্যয়হীনতাৰ তাল মিলৰ পাৰ্থক্য বাৰুকৈয়ে ঘটিছিল।

ক্ৰমান্বয়ে মই মোৰ চকুযোৰেৰে কেৱল মোকেই দেখিবলৈ লৈছিলোঁ। আন সকলোবোৰ মোৰ তুলনাত যেন তেনেই নিঃস্ব হৈ পৰিছিল। মোৰ এই নাৰ্চিচিজিমৰ মাজতো মই অনুভৱ কৰিছিলোঁ তোমাৰ বুকুত উশাহ বন্ধ হোৱাকৈ মৰমৰ আধিক্য আছিল। সেই আধিক্যই মোৰ গতিৰুদ্ধ কৰিব খুজিছিল। মৰমৰ ভিৰে মোক জপটিয়াই ধৰিছিল। মই মুকলি আকাশৰ তললৈ আহি উৰণীয়া পখিলাৰ দৰে চঞ্চল হৈ পৰিছিলোঁ। তোমাৰ ধীৰ-স্থিৰ স্বভাৱৰ বিপৰীতে মই আছিলোঁ অস্থিৰ, অধৈৰ্যশীল আৰু কেতিয়াবা অভিমানী-উদাসী। মোৰ এই সমস্ত আচৰণকে আৱৰি থ’ব পৰাকৈ বুকুখন উচ্চৈ-বিস্তৃত কৰাৰ বাদে তুমিনো আৰু কৰিবা কি! তাল-মিলৰ পাৰ্থক্য বাঢ়ি আহিলেও আমাৰ বিয়াৰ দিনটো আহি পৰিছিল।

প্ৰি-ৱেডিং ফটোশ্বুট কৰিছিলোঁ আমি। মুখত মেক-আপেৰে চিনিব নোৱাৰাজনী হৈ মই তোমাৰ সৈতে হাতে-হাত ধৰি নৈৰ গৰাত বহি ফটো উঠিছিলোঁ। বুকু আৰু নিতম্বত কৃত্ৰিম প্ৰলেপৰ প্ৰয়োগেৰে মই সিদিনাৰ ছবিখনত হৈ পৰিছিলোঁ আটাইতকৈ আবেদনময়ী নাৰীগৰাকী। এই যেন প্ৰথমবাৰৰ বাবে মোৰ চকু আৰু মগজু সংগতিহীন হৈ পৰিছিল। চকুৰ ৰেটিনাই বন্দী কৰা তোমাৰ ছবিখন মগজুৱে কনভাৰ্ট কৰিবলৈ পাহৰি গৈছিল। আনৰ দৃষ্টিৰ দৰেই তোমাৰ প্ৰতি মোৰ দৃষ্টিও হৈ পৰিছিল মুগ্ধতাহীন।

সেইখিনি ছবিত তোমাক বৰ ম্লান দেখিছিলোঁ। যেন কিবা এক বিশেষত্বহীন, বৰণহীন। কিয়? কাৰণটো খুঁচৰি খুঁচৰি পাইছিলোঁ মই। মোৰ মুগ্ধতাৰ পৰিসৰৰ ওচৰত কিজানি তুমি হীনমনা হৈ পৰিছা। মই যি মুগ্ধতাৰে নিজ সত্তাত অৱগাহন কৰিছিলোঁ, সেই মুগ্ধতাত জানোচা তুমি সন্দেহৰ প্ৰলেপ সানিবলৈ লৈছা। হয়, হয়, সেয়াই হৈছিল বুলি মোৰ অনুমান হৈছিল। অথচ সন্দেহৰ জাল ফালি তোমাৰ বৃত্তীয় পৰিধি চেৰাই মই নিজা কক্ষপথ এটা গঢ়ি তোলা কি ইমান সহজ কথা আছিল!

চিন্তাৰ একোণত প্ৰকাশ্য হৈ উঠা এই পৰিভাষাই মোৰ চকু দুটাক প্ৰথমবাৰলৈ সংশয়ৰ আৱৰ্তলৈ আনিছিল। তাৰ পিছতো তোমাৰ মৰমৰ আশ্ৰয়ত জগত জিনাৰ কথা আছিল মোৰ। কিন্তু সমস্যা আৰম্ভ হৈছিল মোৰ মনৰ মাজত। মই তোমাক অসুন্দৰ দেখিবলৈ আৰম্ভ কৰিছিলোঁ। এলাৰ্জিৰ টেমুনা এটা গঢ়ি উঠিছিল মনৰ মাজত। খজুৱতি উঠিছিল। এক দ্ৰুতগামী বিকৰ্ষণ শক্তিয়ে তোমাৰ পৰা দূৰৰ কোনো প্ৰান্তলৈ মোক লৈ যাব খুজিছিল। বিপৰীতে মই ব্যস্ত হৈ পৰিছিলোঁ মোৰ কেমেৰাটো লৈ। কেমেৰাটোৱে মোক সন্মান দিছিল, সংগ দিছিল। শ্ৰেষ্ঠ ফটোগ্ৰাফীৰ বঁটাসমূহে মোক মেৰিয়াই ধৰিবলৈ আৰম্ভ কৰিছিল। বঁটাসমূহৰ জিলিকনিত তুমি আৰু বেছিকৈ অনুজ্জ্বল হ’বলৈ ধৰিছিলা। কেৰিয়াৰ আৰু সংসাৰ দুয়োটা সমানে ধৰি ৰখাটো মোৰ বাবে বৰ প্ৰয়োজনীয় কথাও নাছিল।

মোৰ কেৰিয়াৰৰ শীৰ্ষবিন্দু স্পৰ্শ কৰাৰ সময় আছিল সেয়া। তুমি মোক ঋতুকালীন গছ আৰু ছাঁ দিয়া গছৰ পাৰ্থক্যটো বুজাব খুজিছিলা। মই যেন এজোপা ঋতুকালীন গছৰ ফলহে। খুব সোনকালে বাঢ়ি গৈ সৰি পৰোঁ। তুমি মোক ছাঁ দিয়া গছৰ দৰে লাহে-লাহে বাঢ়িবলৈ পৰামৰ্শ দিছিলা। মোৰ ভাল লগা নাছিল, মোৰ সোণ, তোমাৰ একো কথাই মোৰ ভাল নলগা হৈ আহিছিল। ভাল নলগা বাবেই মই এটা ব্যৱধান ৰাখিব বিচাৰিছিলোঁ। ইয়াতনো মোৰ দোষ কি! মই সদায় নিজৰ ওচৰত দায়বদ্ধ আছিলোঁ। নিজৰ সততাক ফাঁকি দি তোমাৰ সংগ উদযাপন কৰোঁ কিদৰে? নিজস্বতাক ত্যাগ কৰি সম্পৰ্কটোত আপোচ কৰাৰ কথাটোত মোৰ ভিতৰৰ পৰা প্ৰবল আপত্তি এটা আহি পৰিছিল। হয় হয়, বিৰক্তিকৰ সংগতকৈ নিঃসংগ হোৱাই ভাল। মোৰ মনৰ পৰা নিঃসংগ হোৱাৰ প্ৰবল দাবী এটা আহি পৰিছিল।

গতিকে এদিন মই কায়দা কৰি জনালোঁ তোমাক যে, তোমাৰ এই আধিপত্য আৰু আধিক্যৰ ভৰে মোক ধীৰে ধীৰে শ্ল’ পইজনৰ দৰে বশীভূত কৰি পেলাইছে আৰু সেই বশীকৰণ মন্ত্ৰত মোৰ জীৱন ধৰফৰাবলৈ ধৰিছে। মোৰ স্বীকাৰোক্তি শুনি তুমি দৰক লাগিছিলা। মোৰ স্পষ্টকৈ মনত আছে, মোৰ সিদ্ধান্তটো শুনাৰ পাছত তোমাৰ অনুজ্জ্বল মুখখনত গভীৰ এক শুষ্কতা বিয়পি পৰিছিল। আমি যেন দুডাল সমান্তৰাল ৰেখালৈ ৰূপান্তৰিত হৈছিলোঁ। দুডাল সমান্তৰাল সৰলৰেখা কেতিয়াও লগ নালাগে, আইনষ্টাইনৰ সমান্তৰাল ৰেখাৰ এই সূত্ৰটো জনাৰ পিছতো আমি পিছে যাত্ৰাটো সামৰিব পৰা নাছিলোঁ। সামৰিমনো কেনেকৈ, সামৰণি বিন্দুটো যে বিৰাটাকাৰৰ অৱয়ব এটা লৈ পৰ্বতসম উচ্চতা এটাত বহি ৰৈছিল। যেন এটা দৃঢ় ত্ৰিমাত্ৰিক গঠনত বান্ধি থোৱা, নিকপকপীয়া, সহযোজী বান্ধোন এটাত বান্ধ খাই থকা হীৰাৰ মৌলৰে গঠিত এই বিন্দু। যি বিন্দুটোৰ পৰাই সামৰণি কৰাৰ কথা আছিল, সেই বিন্দুটোতে বাৰম্বাৰ গজি উঠিছিল সমান্তৰাল ৰেখা দুডালৰ শিপামূল। আকৌ বসন্ত আহিছিল, আকৌ কুঁহিপাতে মেৰিয়াই ধৰিছিল, আকৌ ন-পানীৰ বৰষুণজাকত আমি জুৰুলি-জুপুৰি হৈছিলোঁ। জেঠৰ বাৰটা খৰে হায়ৰাণ কৰিছিল পুনৰ। আমি উত্তাপ সহিব নোৱাৰি ছিন্নমূল হৈছিলোঁ। ঋতুৰ দৰেই চক্ৰাকাৰ পৰিক্ৰমা এটাৰে গৈ গৈ অৱশেষত আমি সামৰণি বিন্দুটো অতিক্ৰম কৰিলোঁ। কিদৰে অতিক্ৰম কৰিলোঁ? আমিতো সমান্তৰাল ৰেখা দুডালতহে বিশ্বাসী আছিলোঁ। উল্কাপিণ্ডৰ দৰে বৃহৎ খণ্ড এটা সৰি পৰি বুকুখন হেঁচি ধৰিছিল। বোবা আৰ্তি এটাত মই আছাৰ খাই পৰিছিলোঁ। মোৰ চকু দুটা থৰ লাগিছিল। চৌপাশৰ বিষাক্ত বতাহে আমাৰ উশাহবোৰ বন্ধকত লৈছিল। যেন কোনোবাখিনিত ভীষণ ভুল হৈ গৈছিল।

ছাঁ দিয়া গছৰ কথা কোৱা মানুহজনৰ মাজত অম্লজানৰ এইদৰে নাটনি হ’ব বুলি মই যদি পূৰ্বানুমান কৰিব পাৰিলোঁহেতেন। যদি মই জানিলোঁহেতেন আধিক্যৰ সিপাৰে থকা তোমাৰ ভেকুৱামখিনিৰ কথা। যদি মই জানিলোহেঁতেন তোমাৰ নিৰ্মোহ নিৰ্বাসনৰ উত্তাপত চাৰখাৰ হোৱা মোৰ অহংকাৰখিনিৰ কথা।

যদি মই জানিলোঁহেঁতেন….
যদি মই জানিলোঁহেঁতেন….

এনেকুৱা বহুতকেইটা ‘যদি’ আৰু ‘হেঁতেন’ৰ প্ৰকোপত মোৰ হাজাৰ সূত্ৰ ভুল হৈছিল, মোৰ হাজাৰ তত্বৰ অপব্যাখ্যা হৈছিল।

হয়, হয়, মোৰ উপেক্ষাই একাকী কৰিছিল তোমাক। সেই একাকীত্ব ইমানেই ভয়ংকৰ আছিল যে ছিলিং ফেন আৰু ৰছীৰ স’তে তুমি নিঃসংগতা উদযাপন কৰাৰ সিদ্ধান্ত ল’লা। প্ৰিয় মানুহৰ আত্মাৰে বান্ধিব নোৱাৰা দূৰত্বলৈ গুচি গৈছিলা তুমি। চিতাত উঠি নেজাল ধোঁৱাত ধৰি তুমি গৈ আছিলা ওপৰলৈ। তোমাৰ সেই শান্তিৰ যাত্ৰা দেখি মোৰ বুকুৰ ভিতৰতো ক্ষোভৰ (নে অনুতাপৰ!) চিতা এখন জ্বলিবলৈ লৈছিল। দিনৰ পিছত দিন ধৰি এনেকুৱা চিতা একোখনকৈ জাপি জাপি মই ভাগৰি পৰিছিলোঁ। ছাঁ দিয়া গছৰ কথা বাদেই, ঋতুকালীন গছ এজোপাও নাছিল ওচৰত। চৌপাশে খৰাঙৰ উত্তাপ আৰু খৰাঙৰ উত্তাপত ছাইলৈ পৰিণত হোৱা মোৰ অহংকাৰ এখিনি। জুই-পানী-অগ্নিক সাক্ষী কৰি এদিন মই মোক মোৰ কাঠগৰাত থিয় কৰাই ল’লোঁ। বিচাৰকক্ষত থাকিল মোৰ মগজুৰ যুক্তি, হৃদয়ৰ উক্তি আৰু চকুৰে দেখা নোপোৱা আত্মাৰ বিলাপ বিননি।

মোৰ কাতৰ আত্মাই বিলাপ জুৰিছিল, “কিদৰে পাৰিলা তুমি? যি দূৰত্বত তোমাক ঢুকি পোৱা নাযায়, চুব পৰা নাযায়, সেই দূৰত্ব কিদৰে অতিক্ৰম কৰিলা তুমি?”

অভিমানী হৃদয়ে স্বীকাৰোক্তি দিছিল, “এয়াইতো হ’ব লগা আছিল। মোৰ চকুৰ চমকনিয়ে হৃদয়ৰ কপাট যে বন্ধ কৰি থৈছিল, সেয়া বুজি নোপোৱাটো মোৰেই ভুল।”

বৰ শীতলতাৰে মগজুৱে পদাৰ্থবিজ্ঞানীয় যুক্তি দাঙি ধৰিছিল, “যি দূৰত্বত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি প্ৰভাৱশূন্য হৈ যায়, তেনে দূৰত্ব অতিক্ৰম কৰিলা তুমি। হয়তো বিশাল ব্ৰহ্মাণ্ডৰ আন কোনো নক্ষত্ৰৰ মহাকৰ্ষণ শক্তিৰ বান্ধোনত তুমি অতএৱ বান্ধ খাই পৰিলা। কোনে জানে? কোনে জানে?”

কিয় এনে হৈ গ’ল? বান্ধোন খহাই কিদৰে যাবগৈ পাৰিলা? এসময়ত মই যে তোমাক পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহজন বুলি ভাবিছিলোঁ, এয়াতো কোনো ছলনা নাছিল। হাজাৰজনৰ ভিৰৰ মাজতো মই তোমাক চিনি পাই গৈছিলোঁ। সমুদ্ৰ তীৰত, পৰ্বতৰ ট্ৰেকিঙত, ঘোৰ অৰণ্যৰ মাজত কেম্প পাতি থকা অকলশৰীয়া মুহূৰ্তবোৰতো তোমাৰ প্ৰতিচ্ছবিয়ে মোৰ চকুৰ আগত দোলা দি আছিল। অথচ লক্ষ্যবস্তুৰ অবিহনে প্ৰতিবিম্ব নিৰ্মাণৰ ব্যাখ্যা দেখোন বিজ্ঞানেও দিব নোৱাৰে। আৰু যিদিনা হঠাতে আন্ধাৰ নামি আহিছিল, ঘিটমিটিয়া আন্ধাৰৰ সতে মিতিৰালি কৰি লোৱাৰ প্ৰতিশ্ৰুতি দিছিল মোৰ চকুৰ ডায়’ফ্ৰামে।

এতিয়া এই প্ৰতিশ্ৰুতি কিয় ৰাখিব পৰা নাই মোৰ চকু দুটাই? চকু দুটাক ক্ৰমান্বয়ে ভৰসা কৰিব নোৱৰা হৈ পৰিছোঁ মই। দেৱালত আঁৰি থোৱা তোমাৰ ছবিৰ সন্মুখত মই আনমনা হৈ পৰোঁ প্ৰায়ে। ঠিক কি কথাই বিচলিত কৰে মোক, সেই উমান মই ল’ব নোৱাৰোঁ। কেমেৰাটোকতো সিদিনাই বিসৰ্জন দিলোঁ, যিদিনা তোমাৰ শেষযাত্ৰাৰ নিস্তব্ধতাখিনি বেদখল কৰি বহি লৈছিল বিভিন্নজনৰ বিভিন্ন এংগোলৰ কেমেৰাৰ পৰা নিৰ্গত হোৱা সেই অবিৰাম ধ্বনি-প্ৰতিধ্বনি – ক্লিক ক্লিক ক্লিক। ঊফ! কি কৰ্কশ ধ্বনি আছিল সেয়া!

সেই কৰ্কশ ধ্বনিৰ পৰা বহু দূৰলৈ পলাই গ’লোঁ মই। এক প্ৰচণ্ড বিশৃংখলতাই তালফাল কৰি যোৱা মোৰ স্মৃতিকোষৰ তৰপসমূহ চিজিল লগাব পৰাকৈ মই কোনোদিনেই সুস্থ নহ’লোঁ। কি কাৰণ, কি ঘটনা এইবোৰ একো আওভাও নাপাওঁ মই। মগজুৰ শ্বাটাৰখন বন্ধ হৈ যায় ঘপহকৈ। সন্মুখৰ খিৰিকীৰ এৰিকা পামৰ জালিকটা পাতৰ মাজেৰে বিবৰ্ণী জোনটো ওলমি থাকে। ওলমি থাকে কৃত্ৰিম উপগ্ৰহবোৰো। পৃথিৱীয়ে নিজৰ শক্তিৰে সকলোকে বান্ধি ৰাখে। কেৱল বান্ধি ৰাখিব নোৱাৰিলে তোমাক। বৰকৈ অভিমান হয় মোৰ। গোমা আকাশখন বুকুত ওন্দোলাই থমথমকৈ বহি থাকোঁ মই। হু-হু ধুমুহাৰ উন্মাদ, সশব্দ, অবিচ্ছিন্ন শব্দতৰংগ এখিনিৰ মাজত মই বিচ্ছিন্ন হৈ ৰৈ যাওঁ। উচুপিবলৈ মন যায় মোৰ। অক্ষম, কৃত্ৰিম, অৰ্থহীন শব্দৰ ভৰত মোৰ অন্তৰ বিদীৰ্ণ হৈ যায়। মই নিজকে শান্ত কৰিব নোৱাৰোঁ। মই নিজকে ক্ষান্ত কৰাব নোৱাৰোঁ।

টেবুলৰ সন্মুখৰ দেৱালৰ পৰা যেন তুমি চাই থাকা থৰ লাগি। মই তোমালৈ চকু মিলাব খোজোঁ। এই হাহাকাৰ চিন্তা-চেতনাৰ মাজত তোমাৰ প্ৰতিবিম্বটো কোনোপধ্যেই মোৰ চকুৰ পৰ্দাত আপতিত নহয়। মোৰ উত্তল লেন্সৰ চকুৰ মণি আৰু চকুপানীৰ টোপালৰ সংযোজনত তোমাৰ প্ৰতিবিম্বটো এটা অসীম দূৰত্বত আপতিত হয়গৈ। যেন এয়া তোমাৰ ছবি নহয়। যেন দিগবলয়ৰ সিপাৰৰ দূৰ নক্ষত্ৰত বিলীন হৈ যোৱা এটা ধূসৰিত প্ৰতিবিম্বহে মাথোঁ এয়া।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments