বিষ্ণুৰ চিহ্ন

লেখক- ৰশ্মিৰেখা বৰা হাজৰিকা

The Mark of Vishnu
মূল (ইংৰাজী): খুছৱন্ত সিং
তৰ্জমা: ৰশ্মিৰেখা বৰা হাজৰিকা।

“এয়া কালসৰ্পৰ কাৰণে” প্লেইটখনত গাখীৰ ঢালি গঙ্গাৰামে ক’লে ।

“সদায় ৰাতি মই এনেকৈ বেৰৰ কাষৰ গাঁতটোৰ মুখত থৈ আহোঁ আৰু ৰাতিপুৱালৈ খালী হৈ থাকে ।”

“মেকুৰীয়ে খায় ছাগে” আমি ডেকা ল’ৰাবোৰে ক’লোঁ ।

“মেকুৰী!” গঙ্গাৰামে বিতৃষ্ণাৰে ক’লে ।

“সেই গাঁতটোৰ ওচৰলৈ মেকুৰী নাযায় । তাত কালসৰ্প বাস কৰে । তেওঁক গাখীৰ খুৱাই থাকিলে আমাৰ ঘৰৰ কাকো নোখোটে । তহঁতে খালী ভৰিৰেই ঘূৰি ফুৰিব পাৰিবি, য’তে মন যায় খেলিব পাৰিবি ।”

আমি গঙ্গাৰামৰ পৃষ্ঠপোষকতা লোৱাৰ পক্ষপাতী নাছিলোঁ ।

“আপুনি এজন মূৰ্খ বুঢ়া বামুণ” মই ক’লোঁ । “সাপে গাখীৰ নাখায় বুলি নাজানে নেকি? অন্ততঃ প্ৰত্যেক দিনাই এক প্লেইট গাখীৰ খাব নোৱাৰে । ছাৰে আমাক সাপে কেইবাদিনৰ মূৰতহে এবাৰ খায় বুলি কৈছিল । আমি এদিন ঢোঁৰা সাপ এডালে ভেকুলী এটা খোৱা দেখিছিলোঁ । ভেকুলীটো তাৰ ডিঙিত বেলুন এটাৰ নিচিনাকৈ ফুলি আছিল, সেইটো পমি নেজৰ গুৰি পোৱালৈ কেইবাদিনো লাগিল । তেনেকুৱা অনেক সাপ পৰীক্ষাগাৰত মিথাইলেটেড স্পিৰিটত ডুবাই থোৱা আছে । কিয়, যোৱা মাহতে দেখোন ছাৰে সাপ নচুওৱা মানুহ এজনৰ পৰা দুমুখীয়া সাপ এটা কিনি আনিছিল । তাৰ নেজৰ ফালেও এযোৰা চকুৰে সৈতে আন এটা মূৰ আছিল । তাক বৈয়ামত ভৰাওঁতে যিখনহে কৰিছিল আপুনি দেখিব লাগিছিল । পৰীক্ষাগাৰত খালী বৈয়াম নাছিল । সেইকাৰণে ছাৰে তাক ৰাছেল ভাইপাৰ এটা সুমুৱাই থোৱা বৈয়াম এটাতে ভৰাই দিলে । তেওঁ ফৰচেপ এডালেৰে তাৰ দুয়োটা মূৰ ধৰি বৈয়ামটোত সুমুৱাই দিলে আৰু তৎক্ষণাৎ সাঁফৰটো মাৰি দিলে । আইনাৰ বৈয়ামটোত ঘূৰি ঘূৰি জহি যোৱা ভাইপাৰটো ছিন্ন ভিন্ন কৰোঁতে সি যিহে তাণ্ডৱৰ সৃষ্টি কৰিছিল!”

গঙ্গাৰামে ত্ৰাসিত হৈ চকু মুদি দিলে ।

“ইয়াৰ পৰিণাম ভূগিবি এদিন । ভূগিবি চাবি!”

গঙ্গাৰামৰ লগত তৰ্ক কৰাৰ অৰ্থ নাই । আন ভাল হিন্দুসকলৰ দৰে তেৱো ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ – সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা, এই ত্ৰিমূৰ্তিত বিশ্বাস কৰে । সবাতোকৈ ভক্তি কৰে বিষ্ণুক । প্ৰত্যেক ৰাতিপুৱা তেওঁ কপালত বিষ্ণু দেৱতাক সেৱা জনাই ইংৰাজী ভি আখৰটোৰ দৰে চন্দনেৰে তিলক আঁকি লৈছিল । ব্ৰাহ্মণ যদিও তেওঁ আছিল অশিক্ষিত আৰু অন্ধবিশ্বাসী । তেওঁৰ কাৰণে প্ৰতিটো প্ৰাণীয়েই পবিত্ৰ, লাগে সি সাপ বা বিছা অথবা কেৰেলুৱাই নহওক কিয় । তেনে প্ৰাণী এটা দেখা মাত্ৰকে তেওঁ আমি মাৰি পেলাওঁ বুলি লৰালৰিকৈ খেদাই দিছিল । আমি বেডমিণ্টনৰ ৰেকেটেৰে চেপেটা কৰা বৰলবোৰ তুলি নি তেওঁ সিহঁতৰ ভগা পাখিবোৰ মেৰামতি কৰিছিলগৈ । কেতিয়াবা তেওঁক বৰলে বিন্ধিছিল । তথাপিও তেওঁৰ বিশ্বাসৰ হৰণ-ভগন হোৱা নাছিল । প্ৰাণীটো যিমানেই ভয়ংকৰ আছিল, তাৰ স্থিতিৰ প্ৰতি গঙ্গাৰাম সিমানেই অনুগত আছিল । সেয়ে সাপলৈয়ো শ্ৰদ্ধা। সবাতোপৰি, ফেঁটী সাপৰ প্ৰতি যাক বোলা হয় কালসৰ্প ।

“আমি আপোনাৰ কালসৰ্পক দেখা পালে মাৰি পেলাম ।”

“মই তহঁতক সুদাই নেৰোঁ । সাপটোৱে এশটা কণী পাৰিছে আৰু তহঁতে যদি সাপটো মাৰি পেলাৱ, গোটেইসোপা কণী ফুটি ফেঁটী সাপ ওলাব আৰু ঘৰ ভৰি পৰিব । তেতিয়া তহঁতে কি কৰিবিহঁত?”

“আমি সিহঁতক জীয়াই জীয়াই ধৰি মুম্বাইলৈ পঠিয়াই দিম । তাত সিহঁতৰ পৰা সাপৰ বিহ প্ৰতিৰোধী ছিৰাম নিষ্কাশন কৰা হ’ব । এটা জীৱিত ফেঁটী সাপৰ বাবদ তেওঁলোকে দুটকা দিয়ে । আমি চিধাচিধি দুশটকা পাম ।”

“তহঁতৰ চিকিৎসকসকলৰ ওহাৰ থাকিব লাগিব । সাপৰ ওহাৰ মই আজিলৈকে দেখা নাই । কিন্তু এইটো সাপক চুবলৈ সাহ নকৰিবি । এইটো ফণীধৰ সৰ্প – ফণা আছে তাৰ । মই দেখিছোঁ । ই তিনি হাত দীঘল তাৰ ফণাটো।” গঙ্গাৰামে হাতৰ তলুৱা দেখুৱাই মূৰটো ইফালে সিফালে ঘূৰালে । “তহঁতে তাক ঘাঁহনিত ৰ’দ লোৱা চাবি ।”

“তাতে প্ৰমাণ আপুনি কিমান মিছলীয়া । ফণা থকা সাপ মতা । সেয়ে সি এশ কণী পৰা সম্ভৱ নহয় । কণীকেইটা আপুনি নিজে পাৰিছে ।”

ল’ৰাজাক হাঁহিত ফাটি পৰিল ।

“গঙ্গাৰামৰ কণীয়েই হ’ব লাগিব । অতি শীঘ্ৰে আমি এশজন গঙ্গাৰাম পাম ।”

গঙ্গাৰামে মুখথেকেচা খালে । চাকৰ এটাই এনেকৈ সদায় সদায় মুখথেকেচা খাবলগীয়া হয় । কিন্তু ঘৰখনৰ ল’ৰা-ছোৱালীবোৰে তাক লৈ ঠাট্টা মস্কৰা কৰাটো গঙ্গাৰামৰ কাৰণে অতি অসহ্য । সিহঁতে সদায় সদায় সিহঁতৰ নতুন বাৰেভচহু ধাৰণাবোৰৰ জৰিয়তে তাক হেয় প্ৰতিপন্ন কৰি আহিছে । সিহঁতে ধৰ্মগ্ৰন্থ নপঢ়ে । আনকি অহিংসা নীতিৰ বিষয়ে মহাত্মাই কি কৈ গৈছে সেয়াও নুশুনে । সিহঁতক মাত্ৰ চৰাই মাৰিবলৈ একোটা বন্দুক আৰু সাপ ডুবাই ৰাখিবলৈ মিথাইলেটেড স্পিৰিটৰ বৈয়াম একোটাহঁত লাগে । গঙ্গাৰাম জীৱনৰ পৱিত্ৰতাৰ ওপৰত থকা বিশ্বাসত অটল হৈ থাকে। তেওঁ সাপক খুৱাই-বুৱাই ৰক্ষা কৰিব কাৰণ পৃথিৱীত ঈশ্বৰৰ সৃষ্টিসমূহৰ ভিতৰত সাপেই হ’ল আটাইতকৈ জঘন্য । যদি সিহঁতক মৰাৰ পৰিবৰ্তে ভাল পাব পাৰা, তেতিয়া তোমাৰ কথা প্ৰমাণিত হ’ব ।গঙ্গাৰামে কোনটো কথা প্ৰমাণ কৰিব খুজিছিল সেয়া স্পষ্ট নাছিল । তেওঁ মাত্ৰ সাপৰ গাঁতটোৰ মুখত প্ৰত্যেক ৰাতি একপ্লেইট গাখীৰ থৈ ৰাতিপুৱা নাইকিয়া হোৱা ঘটনাটোৰ দ্বাৰাই সেই কথা প্ৰমাণ কৰিছিল ।

এদিন আমি কালসৰ্পক দেখা পালোঁ । বৰ্ষাঋতু প্ৰবল প্ৰতাপেৰে আৰম্ভ হৈছিল । গোটেই ৰাতি বৰষুণ দিছিল । গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত তৃষ্ণাৰ্ত্ত আৰু শুকান হৈ পৰা পৃথিৱীখনে প্ৰাণ পাই উঠিছিল । সৰু সৰু খাল-ডোংবোৰত ভেকুলীয়ে টোৰটোৰাইছিল । বোকাময় মাটি কেঁচু-কুমটি, কেৰেলুৱা আৰু মখমলী গুবৰুৱাৰে ভৰি পৰিছিল । ঘাঁহ-বন গজিবলৈ ধৰিছিল । কলপাতবোৰ উজ্জ্বল সেউজীয়া ৰঙেৰে তেল পিচলাদি জিলিকি উঠিছিল । বৰষুণত কালসৰ্পৰ গাঁতত পানী সোমাইছিল । ঘাঁহনিৰ মুকলি ঠাইটুকুৰাতে সি পৰি আছিল । তাৰ চিকচিকীয়া ক’লা ফণাখন ৰ’দত জিলিকি আছিল । সাপটো ডাঙৰ – দীঘলে প্ৰায় ছফুট, মোৰ হাতৰ ঠাৰিৰ দৰে গোল আৰু মঙহাল ।

“দেখাত ৰজাফেঁটী যেন লাগিছে । ধৰোঁ ব’লা ।”

কালসৰ্পই পলাবলৈ বৰ এটা সুবিধা নাপালে । মাটি পিছল হৈ আছিল, গাঁত আৰু নলাবোৰ পানীৰে পূৰ্ণ হৈ আছিল । সহায় কৰিবলৈ গঙ্গাৰাম ঘৰত নাছিল । সি বিপদৰ গোন্ধ পোৱাৰ আগতেই আমি দীঘল দীঘল বাঁহৰ লাঠী লৈ সাপটোক ঘেৰি ধৰিলোঁ । আমাক দেখি তাৰ চকু জুইৰ নিচিনা ৰঙা হৈ পৰিল । সি ফোঁচফোঁচাই চৌদিশে বিষ ছটিয়াবলৈ ধৰিলে । তেনেতে কালসৰ্পই বিজুলী গতিৰে কলবাৰীৰ ফালে পোনালে । মাটি ইমানেই বোকা হৈ আছিল যে সি পিছল খাই যাব নোৱাৰা হ’ল । পাঁচফুটমান নৌ যাওঁতেই তাৰ শৰীৰৰ মাজ অংশত লাঠীৰ কোব পৰিল, তাৰ পিঠি ভাগি গ’ল । ইটোৰ পাছত সিটো লাঠীৰ কোব খাই তাৰ শৰীৰটো ক’লা-বগা মণ্ডৰ দৰে হৈ পৰিল । মূৰটো তেতিয়াও অক্ষত অৱস্থাত আছিল ।

“ফণাখন নাভাঙিবা!” আমাৰ কোনোবা এজনে চিঞৰি উঠিল । “আমি কালসৰ্পক স্কুললৈ লৈ যাম ।”

সেইকাৰণে আমি ফেঁটী সাপটোৰ পেটত বাঁহৰ লাঠী এডাল ভৰাই দি তাক দাঙি ল’লোঁ । সাপটোক বিস্কুটৰ ডাঙৰ টিন এটাত ভৰাই ৰছীৰে বান্ধি টিনটো বিছনাৰ তলত লুকুৱাই থ’লোঁ ।

ৰাতি মই গঙ্গাৰামে গাখীৰৰ প্লেটখন অনালৈ ৰৈ ৰৈ ইফালে সিফালে ঘূৰি ফুৰিলোঁ ।

“কালসৰ্পক আজি গাখীৰ নুখুৱায় নেকি?”

“খুৱাম” গঙ্গাৰামে বিৰক্তিৰে ক’লে ।”শোগৈ যা!” তেওঁ বিষয়টোৰ ওপৰত তৰ্ক-বিতৰ্ক হোৱাটো নিবিচাৰিলে ।

“তাক গাখীৰ নালাগে আৰু!”

গঙ্গাৰাম থৰ লাগিল ।

“অহ, একো নাই । ইমানবোৰ ভেকুলী আছে । আপোনাৰ গাখীৰতকৈ সেইবোৰ বেছি সোৱাদ । আপুনিতো গাখীৰত চেনি নিদিয়ে ।”

পিছদিনা ৰাতিপুৱা গঙ্গাৰামে গাখীৰৰ সৈতে প্লেটখন উভোতাই আনিলে । তেওঁৰ মুখখন শুকান আৰু সন্দেহী যেন লাগিল ।

“মই কৈছিলোঁয়েই নহয় সাপে গাখীৰতকৈ ভেকুলীহে ভাল পায় বুলি ।”

আমি কাপোৰ-কানি সলাই ৰুটী-ভাজি খোৱালৈ গঙ্গাৰাম আমাৰ ওচৰ-পাজৰে ঘূৰি থাকিল । স্কুলবাছখন পালেহি আৰু আমি টিনটোৰে সৈতে বাছত উঠিলোঁ । বাছখন চলাৰ লগে লগে আমি টিনটো গঙ্গাৰামক দেখুৱালোঁ ।

“আপোনাৰ কালসৰ্প ইয়াতে আছে । এই বাকচটোত নিৰাপদে আছে । আমি তাক স্পিৰিটত ডুবাই থ’ম ।”

তেওঁ গুচি যোৱা বাছখনৰ ফালে চাই চাই বোবা লাগিল ।

স্কুলত সাংঘাতিক উত্তেজনাৰ সৃষ্টি হ’ল । আমি চাৰিজন ককাই-ভাই শক্তিশালী বুলি জনাজাত আছিলোঁ । আকৌ এবাৰ আমি সেই কথা প্ৰমাণ কৰিলোঁ ।

“ৰজাফেঁটী ।”

“ছফুট দীঘল ।”

“ফণা থকা ।”

টিনটো বিজ্ঞানৰ শিক্ষকজনক দিয়া হ’ল । শিক্ষকৰ মেজৰ ওপৰত টিনটো আৰু আমি তেখেতে টিনটো খুলি আমাৰ চিকাৰ দেখি বাঃবাঃ দিয়ালৈ অপেক্ষা কৰি আছোঁ । ছাৰে দেখিও নেদেখাৰ ভাও ধৰি আমাক অংক কেইটামান কৰিবলৈ দিলে । ইচ্ছা কৰিয়েই বৰ এটা আগ্ৰহ নেদেখুৱাকৈ তেওঁ ফ’ৰচেপ এডাল আৰু মিথাইলেটেড স্পিৰিটৰ বৈয়াম এটা আনিলে । তাত আগৰে পৰা আঁকবাঁক থকা শঙ্খচূড় সাপ এটা মেৰিয়াই সুমুৱাই থোৱা আছিল । গান এটা গুণগুণাই তেওঁ বাকচটো বান্ধি থোৱা ৰছীডাল খুলিবলৈ ধৰিলে । ৰছীডাল ঢিলা হোৱাৰ লগে লগে সাঁফৰখন উফৰি পৰিল। শিক্ষকৰ নাকটো কোনোমতেহে বাচিল । তাত আছিল কালসৰ্প । তাৰ চকুযোৰ ফিৰিঙতিৰ দৰে জ্বলি উঠিল । তাৰ ফণাখন তেতিয়াও অক্ষত অৱস্থাত আছিল । ফোঁচকৈ শব্দ কৰি সি ছাৰৰ মুখত খুটিব খুজিলে । ছাৰে নিজকে চকীখনৰ পিছলৈ ঠেলি দি সৰি পৰিল । মজিয়াত পৰাৰ পৰাই তেওঁ ভয়ত ক’ব নোৱাৰা হৈ ফেঁটীসাপটোলৈ চাই থৰ লাগিল । ল’ৰাবোৰে ডেস্কৰ ওপৰত থিয় হৈ উন্মাদৰ দৰে চিঞৰিবলৈ ধৰিলে । কালসৰ্পই তাৰ ৰক্তবৰ্ণ চকুৰে পৰিস্থিতিটো অধ্যয়ন কৰিলে ।উত্তেজনাত তাৰ ফটা জিভাখন লিকলিকাই থাকিল। সি হিংস্ৰভাৱে বিহ ছটিয়াবলৈ ধৰিলে । শেষত সি মুক্তিৰ কাৰণে বাজী লগালে । হঠাৎ সি ধামকৈ টিনটোৰ পৰা মজিয়াত সৰি পৰিল । তাৰ পিঠিটো কেবাঠাইতো ভঙা। খুব কষ্টেৰে সি দুৱাৰৰ ফালে বগাই যাবলৈ ধৰিলে । দুৱাৰডলি পোৱাৰ লগে লগে সি আকৌ ফণা তুলি আন এটা বিপদৰ সন্মুখীন হ’বলৈ সাজু হ’ল । শ্ৰেণীকোঠাৰ বাহিৰত গঙ্গাৰাম এখন প্লেট আৰু এজগ গাখীৰ লৈ ৰৈ আছিল ।কালসৰ্পক ওলাই অহা দেখি তেওঁ আঁঠু ল’লে । তেওঁ প্লেটখনত গাখীৰ বাকি দুৱাৰডলিৰ কাষত থ’লে আৰু তাৰ পিছত মাটিত মূৰ থৈ হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰিলে । ভীষণভাৱে ক্ৰোধান্বিত হৈ ফেঁটী সাপটোৱে ফোঁচফোঁচনি তুলি বিহ মাৰি পঠিয়ালে । সি গঙ্গাৰামৰ মূৰটোৰ য’তে-ত’তে খুটি বৰ কষ্টেৰে বগুৱা বাই নলা এটাত পৰিলগৈ আৰু আমাৰ দৃষ্টিৰ পৰা হেৰাই গ’ল । গঙ্গাৰাম হাতেৰে মুখখন ঢাকি বাগৰি পৰিল । প্ৰচণ্ড বিষত কেঁকাবলৈ ধৰিলে তেওঁ । বিহে তৎক্ষণাতে তেওঁৰ দৃষ্টিশক্তি লোপ পোৱালে । কেইমিনিটমানৰ ভিতৰতে তেওঁ শেঁতা পৰি আহিল, গাৰ ৰং নীলা হৈ পৰিল আৰু মুখেৰে ফেনাবলৈ ধৰিলে । তেওঁৰ কপালত সৰু সৰু তেজৰ টোপাল দেখা গ’ল । ছাৰে ৰুমাল এখন লৈ টোপালবোৰ মচি দিলে । তেজৰ টোপালকেইটাৰ তলতে আছিল ইংৰাজী ‘ভি’ আকৃতিৰ বিষ্ণুৰ চিহ্নটো।

কালসৰ্পই দংশন কৰিছিল তাতে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments