মহিলা সবলীকৰণ আৰু উদ্যমিতা

লেখক- ছন্দামিতা শৰ্মা

‘‘Women, with their inherint characteristics of compassion, patience, perseverance, honesty, sensitivity to social issues, hard work and constructive approach towards problem solving, will be able to play a vital role in realising…such women, when empowered through the democratic process and entrepreneurship can collectively produce spectacular results. “ —APJ Abdul Kalam.

“মহিলাৰ সবলীকৰণ” বৰ্তমান সমগ্ৰ বিশ্বৰেই এটা দৃষ্টি আকৰ্ষণ কৰা শব্দ। ১৯৮৫ চনত নাইজেৰিয়াত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলাসকলৰ সবলীকৰণৰ ধাৰণা প্ৰচলন কৰে। ইয়াত সংজ্ঞা দি কোৱা হয় যে মহিলাসকলক সামাজিক ক্ষমতা পুনৰ বিতৰণ কৰা আৰু তেওঁলোকৰ সপক্ষে সম্পদৰ নিয়ন্ত্ৰণ কৰাই হৈছে মহিলাৰ সবলীকৰণ। স্বাধীনতা, সমতা আৰু সামাজিক ন্যায় আদি গনতন্ত্ৰৰ আদৰ্শসমূহ পুৰুষ আৰু মহিলাই এখন সমাজত সমানে লাভ কৰি উঠিব পাৰিলেহে সু-সামঞ্জস্য ৰূপত সামাজিক বিকাশ সম্ভৱ হৈ উঠিবলৈ বাধ্য। প্ৰকৃতপক্ষে মহিলাসকলৰো সহজাত যোগ্যতা, ক্ষমতা আৰু অন্তৰ্নিহিত সম্ভাৱনীয়তা আদি থকাৰ কথা সমাজৰ সকলো লোকেই স্বীকাৰ কৰা উচিত। সেই অনুসৰি তাৰ আত্মপ্ৰকাশ আৰু বিকাশৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদান কৰা উচিত। তেওঁলোকে পুৰুষৰ সমান অংশীদাৰস্বৰূপে সবল হৈ উঠিবৰ বাবে জ্ঞান-অভিজ্ঞতা আৰু ক্ৰিয়া পটুতা আহৰণৰ শিক্ষা, সা-সুবিধা লাভ কৰি আগ বাঢ়ি যাব পাৰিব লাগে। মহিলাৰ এই সবলীকৰণে এই কথাও স্পষ্ট কৰি তোলে যে তেওঁলোকৰ প্ৰতি পুৰুষসকলে প্ৰকাশ কৰি অহা বিদ্বেষমূলক আৰু নেতিবাচক মনোভাৱ আদি গুচাই মহিলাসকলৰ আৰ্থ-সামাজিক বিকাশ সুনিশ্চিত কৰি তুলিব লাগে। আচলতে সবলীকৰণ এনে এক প্ৰক্ৰিয়া যাৰ যোগেদি মহিলাসকলে কোনো দিশ অথবা পক্ষৰ পৰা প্ৰতিবন্ধকতা নোপোৱাকৈ মুক্ত আৰু স্বাধীনভাৱে নিজ চিন্তা আৰু ক্ৰিয়া নিৰ্বাচন, সম্পাদনা আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। মহিলাৰ এই সবলীকৰণৰ মুখ্য উপাদান প্ৰধানত: পাঁচটা আৰু সেয়া হ’ল-

১) মহিলাই নিজৰ অন্তৰ্নিহিত শক্তিক অনুভৱ কৰিব পৰা ক্ষমতা।

২) তেওঁলোকৰ নিজৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত অধিকাৰ থকা।

৩) সম্পদ আৰু সুযোগ আহৰণৰ বাবে সম অধিকাৰ পোৱা।

৪) নিজৰ জীৱনৰ ৰথ কোনফালে আগুৱাই নিব তাক নিয়ন্ত্ৰণ কৰাৰ সুবিধা নিজৰ হাতৰ মুঠিত ৰখা।

৫) ঘৰৰ ভিতৰতে হওক বা ঘৰৰ বাহিৰতেই বা সমাজৰেই হওক সুপৰিৱৰ্তন আনিব পৰা যিকোনো কাৰ্যত নিজৰ মতামত দাঙি ধৰিব পৰা হোৱা।

দৰাচলতে মহিলাৰ সবলীকৰণ বা শক্তিশালীকৰণ হৈছে এক মনোবৈজ্ঞানিক আৰু সামাজিক প্ৰক্ৰিয়া; যাৰ বাবে বিকাশশীল সমাজ এখনে ব্যাপক পৰিসৰৰ আঁচনি আৰু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে। মহিলাসকলে যাতে দৃঢ় বিশ্বাসেৰে আৰু স্বাধীনভাৱে অনুভৱ, চিন্তা আৰু কাৰ্য সম্পাদন কৰিব পাৰে তাৰ বাবে সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

মহিলা সবলীকৰণৰ প্ৰধান উদ্দেশ্যই হৈছে তেওঁলোকক অৰ্থনৈতিকভাৱে স্বয়ংসম্পূৰ্ণ আৰু আত্মনিৰ্ভশীল কৰি তোলা। মহিলাসকলে পৰিয়ালৰ এগৰাকী উৎপাদনশীল আৰু দায়িত্বশীল সদস্যৰূপে অৰ্থনৈতিক দায়বদ্ধতা গ্ৰহণ কৰি উঠিব লাগিব আৰু এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰে উদ্যমিতাই। উদ্যমিতা হৈছে আধুনিক সমাজৰ ভৱিষ্যত। উদ্যোগীসমূহ হৈছে কিবা এটা কৰাৰ মনোভাৱেৰে নিত্য নতুন চিন্তাশক্তিৰে আগবাঢ়ি অহা লোক। এই নতুন চিন্তাই যিকোনো ব্যৱসায়ৰ উন্নতিৰ মূল চালিকাশক্তি। ভাৰতবৰ্ষৰ দৰে দেশৰ বাবে উদ্যমিতাৰ জৰিয়তে মহিলাৰ সবলীকৰণ কৰা এক নতুন চিন্তাৰ সফল ফচল। উদ্যমিতাৰ জৰিয়তে মহিলাৰ সবলীকৰণৰ দ্বাৰা আচলতে এখন দেশৰ প্ৰগতিৰ চালিকা শক্তিক জাগ্ৰত কৰি তোলা হয়। সম্পূৰ্ণকৈ নহ’লেও এক নিৰ্দিষ্ট গতিত মহিলাসকলে বৰ্তমান সমাজত এক সন্তোষজনক স্থিতিত উপনীত হ’বলৈ সক্ষম হৈছে। অতীত কালত তেওঁ লোকৰ উৎপাদন ক্ষমতা, নিযুক্তি লাভৰ ক্ষমতা আদিত বিভিন্ন প্ৰকাৰৰ কাৰকে বাধা প্ৰদান কৰিছিল। এই বাধাসমূহ প্ৰকৃতাৰ্থত সম্পূৰ্ণ ৰূপে ওফৰাই পেলাবলৈ দৰকাৰ বিভিন্ন ধৰণৰ অভিনৱ আৰু দক্ষতা বিকাশৰ পূৰ্ণ সম্ভাৱনা থকা প্ৰশিক্ষণ কাৰ্যসূচী।

এখন দেশৰ অৰ্থনৈতিক বিকাশ আৰু প্ৰগতিৰ বাটকটীয়া হিচাপে মহিলাসকলক মুখ্য কাৰক বুলি বৰ্তমান যুগত গ্ৰহণ কৰা হয়। প্ৰকৃততে মহিলাসকলে বিভিন্ন সময়ত মালিক, উৎপাদক, সমন্বয়ক, বিক্ৰেতা, সিদ্ধান্ত গ্ৰহণকাৰী আদি বিভিন্ন ভূমিকা গ্ৰহণ কৰিব পৰা ক্ষমতা থাকে। বিভিন্ন ক্ষেত্ৰত নিযুক্তিৰ সুবিধাৰ যোগেদি পৰিয়ালৰ জীৱন নিৰ্বাহৰ মান উন্নীতকৰণ কৰাত মহিলাসকলে মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। নিজৰ শক্তি আৰু দক্ষতাক সঠিক ৰূপত আৰু ধাৰ দি চোক বঢ়াবলৈ, মহিলাসকলক দৰকাৰ হয় উদ্যমিতাৰ বিশেষ প্ৰশিক্ষণ।

উদ্যমিতা হৈছে সদ্যহতে হাতত থকা সম্পদ বিলাকতে সীমাবদ্ধ নাৰাখি সুযোগৰ সন্ধান কৰা প্ৰক্ৰিয়া আৰু সেই সুযোগৰ সদব্যৱহাৰ কৰি ব্যক্তিৰ বাবে সম্পদৰ সৃষ্টি কৰা আৰু সমাজৰ বাবে মূল্য সংযোজন কৰাৰ উদ্দেশ্যে কিবা নতুন আৰু বেলেগ কৰাৰ প্ৰক্ৰিয়া বিকশিত কৰা। উদ্যমিতাক ব্যৱসায়ৰ এখন ক্ষেত্ৰ হিচাপে সংজ্ঞায়িত কৰিব পাৰি যি এই কথা বুজিব বিচাৰে যে বিশেষ লোকসকলে উদ্ভৱ হোৱা আৰু আৱিষ্কাৰ বা সৃষ্টি কৰা নতুন কিবা একোটা কেনেকৈ সুযোগ বিচাৰে অৰ্থাৎ নতুন সামগ্ৰী অথবা সেৱা, নতুন বজাৰ, নতুন উৎপাদন প্ৰক্ৰিয়া বা কেঁচামাল, চলিত প্ৰযুক্তিৰ নতুন ব্যৱস্থাপনা আৰু সৰ্বশেষত সিবিলাকৰ ব্যৱহাৰ বা বিকাশৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা। উদ্যমিতাৰ মূল কাৰক হৈছে প্ৰাপ্তিৰ প্ৰতি মনোনিৱেশ। প্ৰাপ্তিৰ প্ৰতি অবিৰত মনোভাব মহিলাসকলৰ এটা মুখ্য চাৰিত্ৰিক বৈশিষ্ট্য, যাৰ বাবে প্ৰত্যেক মহিলাই প্ৰতিনিয়ত ব্ৰতী হৈ থাকে নতুন ধাৰণা আৰু সুযোগৰ আৱিষ্কাৰত। এই বৈশিষ্ট্যই মহিলাক উদ্যমিতাৰ জৰিয়তে সবলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্যমিতাৰ লগত কিছুমান আশংকা জড়িত হৈ থাকে, যেনে – কৌশলগত আশংকা, বজাৰৰ আশংকা, প্ৰযুক্তিগত আশংকা, বিত্তীয় আশংকা ইত্যাদি।

একোটা ভাল ব্যৱসায়িক পৰিকল্পনা হৈছে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা একোটা পূৰ্ব চৰ্ত। কিন্তু গতিশীল জগতখনত ভালদৰে গ্ৰহণ কৰা একোটা কৌশলো পৰৱৰ্তী সময়ত ভুল বুলি প্ৰমাণিত হব পাৰে। কিন্তু পৰিস্থিতি বেয়া হ’লেও তাক সুচাৰুৰূপে মোকাবিলা কৰি সঠিক পথত আনিবলৈ সক্ষম হোৱা মহিলাসকলৰ এক বিশেষ গুণ।

মহিলা সবলীকৰণ কৰাৰ প্ৰধান উদ্দেশ্যই হৈছে তেওঁলোকক অৰ্থনৈতিকভাৱে স্বয়ং-সম্পূৰ্ণ আৰু আত্মনিৰ্ভশীল কৰি তোলা, গতিকে মহিলাসকলে পৰিয়ালৰ এগৰাকী উৎপাদনশীল আৰু দায়িত্বশীল সদস্যৰূপে অৰ্থনৈতিক দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব। তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত কৰ্মীস্বৰূপে দেশৰ জাতীয় উৎপাদনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব। দেশৰ অৰ্থনীতি উন্নত কৰি তুলিবৰ বাবে তেওঁলোকে নিজকেই কৰ্মদক্ষতা ৰূপে গঢ় দিব লাগিব। প্ৰকৃতপক্ষে অৰ্থনৈতিক লাভ কৰি উঠা স্বাধীনতাইহে মহিলাসকলক সবল কৰি তুলিব। অৰ্থনৈতিক সম্পদৰ উৎপাদনকাৰীতা আৰু অৰ্থব্যৱস্থাৰ পৰিচালনকাৰিতাইহে তেওঁলোকক শক্তিশালী কৰি তুলিব পাৰে। তেওঁলোকে কেৱল পৰিয়ালৰ মাজত বিনামূলীয়া আৰু উৎপাদনহীন ক্ৰিয়াত নিজকে আৱদ্ধ কৰি ৰাখিব নালাগিব। এনে উদ্দেশ্য সাধনৰ বাবে পিচপৰা গাঁও অঞ্চলত বেংক সেৱা মহিলাসকলৰ বাবে আগবঢ়াব পৰা যায়।

গ্ৰামীণ বেংকবোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ অৰ্থ ব্যবস্থা বা ঋণ দান ব্যবস্থা সৃষ্টি কৰি তেওঁলোকক অৰ্থনৈতিকভাৱে স্বনিয়োজনত সহায় আগবঢ়াব পাৰে। উৎপাদনমুখী ক্ৰিয়াকলাপেৰে আত্মনিয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সুবিধা দান তথা সেই বিষয়ত সঠিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি উদ্ভাৱনী শক্তি বিকশিত কৰি তুলিব পাৰি।

মহিলাসকলক এখন ৰাষ্ট্ৰৰ কেন্দ্ৰবিন্দু ৰূপে গণ্য কৰা হয়। মহিলাসকল আচলতে এখন দেশৰ প্ৰগতিৰ অনুঘটক। মহিলাসকলে বিভিন্ন ধৰণৰ আচাৰ, জাম, জেলী, পাপড়, কাপোৰৰ বুটিক, সৌন্দৰ্য চৰ্চা, চিলাই আদি উদ্যোগৰ উপৰি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰ, পৰিবহণ ক্ষেত্ৰ, চিকিৎসাবিদ্যাৰ ক্ষেত্ৰ আদি সকলোতে নতুনত্বৰ ধাৰণা সৃষ্টি কৰি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে উদ্যমিতাৰ যি প্ৰাথমিক ধাৰণা তাক বাস্তৱায়িত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰায় সক্ষম হৈছে।

উদ্যমিতাৰ জৰিয়তে মহিলাৰ সবলীকৰণত প্ৰধান তিনিটা কাৰকৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু সেয়া হ’ল – সম্পদৰ আহৰণ আৰু বজাৰ দখল, প্ৰকৃতাৰ্থত মালিকীস্বত্ব লাভ কৰা আৰু সক্ৰিয় নিয়ন্ত্ৰণ। এই প্ৰক্ৰিয়াত মহিলাসকলে নিজৰ শক্তি, দুৰ্বলতা, বজাৰ দখলৰ সুযোগ, ব্যৱসায়ত আহিব পৰা সংকট আদি নিজৰ অন্তৰ্নিহিত শক্তিৰ দ্বাৰা মোকাবিলা কৰিবলৈ সক্ষম হ’ব লাগিব। ভাৰতৰ দৰে দুৰ্বল অৰ্থনীতিৰ দেশত মহিলাৰ সবলীকৰণত এনেদৰে উদ্যমিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ইয়াৰ বাবে মহিলাসকলক প্ৰয়োজন কেৱল উদ্যমিতাৰ বিশেষ কৌশল আহৰণ কৰাৰ প্ৰচেষ্টা। মহিলাসকলৰ যিহেতু ঘৰৰ ভিতৰ আৰু ঘৰৰ বাহিৰ দুয়োটা সমান দক্ষতাৰে সুচাৰুৰূপে পৰিচালনাৰ অভিজ্ঞতা তথা অভ্যাস থাকে; গতিকে তেওঁলোকৰ সামাজিক স্থিতি, অৰ্থনৈতিক সচ্ছলতা বৃদ্ধিৰ ক্ষেত্ৰত উদ্যমিতাই উল্লেখযোগ্য ভূমিকা পালন কৰে।

ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে কৈছিল, “You can tell the condition of a nation by looking at the status of its women”- সঁচা অৰ্থত মহিলাৰ সবলীকৰণেহে এখন দেশৰ প্ৰগতিৰ ৰথৰ ঘোঁৰাক সঠিক দিশত চালিত কৰিব পাৰে।

উদ্যমিতাই সমাজৰ লিংগ বিভাজনৰ সমাপ্তি ঘটাই মহিলাসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক তথা পৰিয়ালৰ মাজত স্থিতি উন্নত কৰাত এক সুন্দৰ আৰু প্ৰশংসনীয় ভূমিকা পালন কৰে। কাৰণ যেতিয়া মহিলাসকলৰ বিভিন্ন ক্ষেত্ৰত বিকাশ হয় তেতিয়া পৰিয়ালৰ আৰু সমাজৰ বিকাশৰ সমান্তৰালভাৱে এখন দেশৰ ও বিকাশ সাধন হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!