নুমলীগড় শোধনাগাৰ আৰু মাণিক বৰা

লেখক- নয়নজ্যোতি ভট্টাচাৰ্য্য

১৯৮৭ চন। অসমত তেতিয়া অগপৰ চৰকাৰ। অসম আন্দোলনৰ সমাপ্তি হৈছিল স্বাক্ষৰিত অসম চুক্তিৰ পিছতেই। চুক্তিমতে অসমত এটা শোধনাগাৰ স্থাপন হ’ব লাগে।

উদ্যোগ বিভাগৰ আয়ুক্ত আছিল জে পি ৰাজখোৱা। বিভাগটোৰ সচিব এছ কে শ্ৰীবাস্তৱ। মুখ্য সচিব চাৰৱান। মাণিক বৰা তেতিয়া ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ জেনেৰেল মেনেজাৰ (ফাইনেঞ্চ)। শিক্ষাৰ দিশেৰে এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট। আয়ুক্ত ৰাজখুৱাই এদিন মাণিক বৰাৰ সৈতে কথা পাতিলে, ‘অসমত হ’বলৈ গৈ থকা ৰিফাইনেৰীটো স্থাপন কৰালৈকে দায়িত্বভাৰ ল’ব নেকি? এটা জটিল প্ৰশ্ন। আই অ’চি এলৰ নিচিনা সম্পূৰ্ণ পেচাগত অৰ্হতাৰে চলা সংগঠনৰ পৰা গৈ অসম চৰকাৰৰ অধীনত কোনো অস্তিত্ব নোহোৱা অফিচ খুলি এটা শোধনাগাৰ স্থাপন কৰিবৰ বাবে আগবাঢ়ি যোৱাটো যে মুৰ্খামি হ’ব- লগৰ বহুতেই বুজাইছিল কথাটো। পিছে অসমৰ হৈ কিবা এটা কৰাৰ আশা বুকুত বান্ধি লৈ, নিজৰ কেৰিয়াৰৰ সোণালী ভৱিষ্যতক জলাঞ্জলি দি আগবাঢ়ি আহিল চিৰকুমাৰ মাণিক বৰাদেৱ। এটা সাহসী পদক্ষেপ। অসমীয়া হিচাপে অসমৰ হৈ কিবা এটা কৰাৰ হেঁপাহ। অদম্য, অপ্ৰতিৰোধ্য সেই হেঁপাহ।

অসম ঔদ্যোগিক নিগমৰ অধীনত এটা বিভাগ খোলা হ’ল- ‘ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেল বিভাগ’। মাণিক বৰাদেৱে মুখ্য প্ৰবন্ধক হিচাপে যোগদান কৰিলে। সিন্ধান্ত হ’ল যে বৰাদেৱৰ দৰমহা আদি আই অ’চি এলেই বহন কৰিব। অসম অইল কোম্পানীৰ দুজন বিষয়াক লৈ বৰাদেৱে আৰম্ভ কৰিলে শোধনাগাৰ স্থাপনৰ পৰিকল্পনা।
শোধনাগাৰটো ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ এটা অংশ হ’ব। মাণিক বৰাদেৱে কথাটোত আপত্তি দৰ্শালে। এই শোধনাগাৰটো অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হ’ব। গতিকে ই অসমৰ খিলঞ্জীয়া মানুহৰ আৱেগ-অনুভূতি ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ স্বাৰ্থকো সুৰক্ষিত কৰিব লাগিব। আই অ’চি এলৰ অধীনত চলি থকা নুনমাটিৰ শোধনাগাৰটোৰ নিচিনা শোধনাগাৰ আমাক নালাগে। এইটো আমাৰ নিজৰ শোধনাগাৰ হ’ব লাগিব। অসম চৰকাৰে ইয়াত বিনিয়োগ কৰিব। আই অ’চি এলৰ সৈতে যৌথ উদ্যোগত স্থাপন হ’ব এই শোধনাগাৰ। ইয়াৰ মুখ্য কাৰ্যালয় থাকিব অসমত। কথা দুটাৰ মাজতনো কি পাৰ্থক্য আছিল, বহুতেই বুজিব পৰা নাছিল। উদ্যোগ বিভাগৰ সচিব এছ কে শ্ৰীবাস্তৱে মাণিক বৰাক স্পষ্টভাৱেই ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ ক’লে।

নিজৰ ক’বলগীয়াখিনি প্ৰতিবেদন আকাৰে সজাই থৈছিল বৰাদেৱে। ভাৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ আমোলা, পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ বিষয়ববীয়া, আই অ’চি এলৰ বিষয়াসকলকে আৰম্ভ কৰি বহুতো বাঘা বাঘা প্ৰতিষ্ঠিত ব্যক্তিৰ বিৰুদ্ধে প্ৰায় অকলশৰীয়াকৈয়ে যুঁজিব লাগিব তেওঁ। সেয়ে বিভিন্ন তথ্য-পাতি গোটোৱাৰ কামত নিজকে নিয়োগ কৰিলে। চাৰ্টাৰ্ড একাউণ্টেঞ্চী পঢ়া দিনবোৰৰ নিচিনাকৈয়ে পুনৰ দিনে-নিশাই পঢ়িবলৈ ল’লে। অৱশেষত সেই নিৰ্দিষ্ট দিনটো আহিল। জে পি ৰাজখোৱা আৰু শ্ৰীবাস্তৱ ছাৰৰ সন্মুখত মাণিক বৰাদেৱে তথ্য সহকাৰে নিজৰ যুক্তি প্ৰতিপন্ন কৰিবলৈ ব্যস্ত হৈ পৰি আই অ’চি এলৰ মাৰ্কেটিং ডিভিজনৰ চাকৰিত মকৰল হৈ থকা অসমীয়া কৰ্মচাৰীৰ হিচাপটো দেখুৱালে। ক্ৰুড অইল উৎপাদনৰ লগত জড়িত হৈ থকা কৰ্মচাৰীৰ সংখ্যাটোও জনালে। দৃঢ়তাৰে সৈতে ক’লে, ‘‘After 25 years of establishment also, Guwahati Refinery has failed to establish its sense of belongingness to the state of Assam. মুখ্য প্ৰবন্ধকৰ পদবীত আজিলৈকে এজনো অসমীয়া বহিব পৰা নাই আৰু ভৱিষ্যতেও যে বহিব পাৰিব, তাৰ আশা মাথোঁন শতকৰা ১.৯ শতাংশহে। নুনমাটিত থকা গুৱাহাটী ৰিফাইনেৰীটো আই অ’চি এলৰ প্ৰথমটো শোধনাগাৰ। তৎসত্ত্বেও আই অ’চি এলে অসমৰ কৰ্মচাৰীক বিমুখ কৰি ইয়াত উৎপাদন চলাই গৈছে। অসম চুক্তিৰ আধাৰত হ’বলৈ গৈ থকা এই নতুন শোধনাগাৰটোক লৈ অসমৰ খিলঞ্জীয়া ৰাইজৰ বহুতো আশা আছে। ইয়াৰ বুকুত বহুতো সপোন নিহিত হৈ আছে। এইটো শোধনাগাৰ স্থাপন কৰাৰ গুৰু দায়িত্ব হাতত লৈ মই অসমীয়া ৰাইজৰ মনত আঘাত হানিব নোৱোৰো। ’’

সাহসী, অসমপ্ৰেমী বিষয়া জে পি ৰাজখোৱাদেৱ থমকি ৰৈছিল। সচিব শ্ৰীবাস্তৱৰ লগত আলোচনা কৰি এখন ৰাজ্যিক পৰ্যায়ৰ উপদেশ কমিটী গঠনৰ সিদ্ধান্ত লোৱা হ’ল। অৱশেষত কমিটীখনত থাকিল–
অজিতকুমাৰ শৰ্মা- জনমভূমি প্ৰেছ।
পি কে পাই– অধ্যক্ষ তথা পৰিচালন সঞ্চালক, বি আৰ পি এল।
এন বুঢ়াগোহাঁই– পৰিচালন সঞ্চালক, অসম ঔদ্যোগিক নিগম।
কৰ্ণেল টি বি বি লহকৰ– পৰিচালন সঞ্চালক, অসম গেছ কোম্পানী
ড° অতুল শৰ্মা– ৰাজ্যিক পৰিকল্পনা আয়োগৰ সদস্য।
প্ৰদীপ ভূঞা– অসম ঔদ্যোগিক নিগমৰ সঞ্চালক।
এল এছ সুন্দৰাজন– প্ৰকল্প বিষয়া, পেট্ৰ’লিয়াম আৰু গেছ মন্ত্ৰণালয়।
পি চি পৰশ– সঞ্চালক।
বি এল দত্ত– কনছালটেণ্ট, আই অ’ চি এল।
সুৰজিৎ চলিহা– অধ্যক্ষ তথা পৰিচালন সঞ্চালক, অইল ইণ্ডিয়া লিমিটেড।
ৰণজিৎ দত্ত– মহাপ্ৰবন্ধক, আই অ’ চি এল।
বি কে দুৱৰা– আছাম কেনভাছ এণ্ড ছফ্ট।

মাণিক বৰাদেৱৰ উদ্যোগত অৱশেষত কমিটীৰ প্ৰতিবেদন দাখিল কৰা হ’ল। প্ৰতিবেদনত সজোৰে বুজোৱা হ’ল-
(১) অসম চৰকাৰৰ মূলধন বিনিয়োগেৰে এটা ৰাজহুৱা খণ্ডৰ কোম্পানী গঠন কৰি হ’বলগীয়া শোধনাগাৰটো চলাব লাগে।
(২) যদিহে এনেদৰে যৌথ খণ্ডৰ এটা নতুন কোম্পানী গঠনেৰে শোধনাগাৰ স্থাপন কৰা হয়, তেতিয়াহ’লে এই শোধনাগাৰৰ Growth Prospect বহু পৰিমাণে বাঢ়ি যাব।
(৩) আগন্তুক দহটা বছৰৰ ভিতৰত এই যৌথ খণ্ডৰ ৰিফাইনেৰীটো এদিন গৈ অসমৰ বাবে Noucleus of development হ’ব। এই প্ৰতিষ্ঠিত ৰিফাইনেৰীটোৱে নিজৰ লাভাংশৰ পুনৰ বিনিয়োগেৰে অসমত প্ৰায় ৪, ৮০০ কোটি টকাৰ বিনিযোগ সম্ভৱ কৰি তুলিব পাৰিব।
(৪) ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ প্ৰথমটো ৰিফাইনেৰী হিচাপে প্ৰতিষ্ঠা হোৱা গুৱাহাটী ৰিফাইনেৰীত উচ্চ পদবীত মকৰল হৈ থকা বিষয়াসকলৰ মাজত স্থান নোপোৱা অসমীয়া বিষয়াসকলৰ বিশ্লেষণ কৰিলেই বুজিব পৰা যায় যে কিয় এই নতুন ৰিফাইনেৰীটো ইণ্ডিয়ান অইলৰ আন এটা শোধনাগাৰ হ’ব নালাগে।
(৫) যৌথ খণ্ডৰ সুকীয়া কোম্পানী হ’লে ৰিফাইনেৰীৰ পৰা আন ৰাজ্যলৈ বিক্ৰী কৰিবলগীয়া সামগ্ৰীৰ ওপৰত কোম্পানীয়ে চি এছ টি (CST) প্ৰয়োগ কৰিব পাৰিব। এই চি এছ টিৰ জৰিয়তে পোৱা টকাখিনি অসম চৰকাৰে প্ৰত্যক্ষভাৱেই লাভ কৰিব। অসম চৰকাৰৰ ৰাজকোষ চহকী হ’ব।
তাকে নকৰি ইণ্ডিয়ান অইলৰ এটা অংশ হিচাপে ৰাখিলে, এই বিক্ৰীক, বিক্ৰী হিচাপে দেখুৱাই Stock-transfer হিচাপেহে দেখুৱাব লাগিব। মূৰকত গৈ অসম চৰকাৰে চি এছ টিৰ এটা টকাও নাপাব।
কমিটীৰ প্ৰতিবেদন হাতত লৈ মাণিক বৰাদেৱে বুজাই গ’ল। ইতিমধ্যে এ কে ছাৰৱানৰ বদলি হৈ এচ ডি ফেনী অসমৰ মুখ্য সচিবৰ আসনত বহিল। শ্ৰীবাস্তৱ আৰু জে পি ৰাজখোৱাদেৱৰ লগতে ফেনী চাহাবৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে মাণিক বৰাদেৱে।
মুখ্য সচিব ফেলী চাহাব সন্তুষ্ট হ’ল।

মাণিক বৰাদেবে দিল্লীত পাতি লোৱা নিজৰ অফিচৰ পৰাই যাবতীয় বিভাগসমূহৰ লগত অহা-যোৱা, চিঠি-পত্ৰৰ আদান-প্ৰদানৰ কাম আৰম্ভ কৰিলে। নতুন শোধনাগাৰ যৌথ খণ্ডত হ’ব। তেখেতে দৃঢ়তাৰে খোপনি পুতি ৰ’ল। দিল্লীত ৰেছিডেণ্ট আয়ুক্তৰ পদত তেতিয়া এ কে ছাৰৱান। আই অ’ চি এলৰ অধ্যক্ষ এছ এল খোচলা। নিজৰ মতত অটল। হয় আই অ’ চি এলৰ অংশ হিচাপে নতুন শোধনাগাৰ হ’ব, অন্যথা আই অ’ চি এলে শোধনাগাৰ নাপাতে। গৰজি উঠিছিল এ কে ছাৰৱানে ‘Who are you to decide?’ ভাৰতৰ চৰকাৰে Ray & Rayৰ প্ৰতিবেদন বিচাৰিলে। তেওঁলোকেও আই অ’ চি এলৰ অংশ হিচাপেহে নতুন শোধনাগাৰটো হ’ব লাগে বুলি মত দিলে। পুনৰ পৰ্যালোচনাৰ বাবে এইবাৰ দিয়া হ’ল Price Water Cooperক। তেওঁলোকে অসম চৰকাৰৰ বিনিয়োগতে যৌথ খণ্ডৰ এটা কোম্পানী গঠন কৰি সেই Accord Refineryৰ কাম কৰাৰ সিদ্ধান্ত দিলে। জে পি ৰাজখোৱা, শ্ৰীবাস্তৱ, ফেনী আৰু এ কে ছাৰৱানদেৱৰ চেষ্টা সফলকাম হ’ল। মাণিক বৰাদেৱৰ কষ্ট সাৰ্থক হ’ল। সপোন বাস্তৱায়িত হ’ল। অসমত মুখ্য কাৰ্যালয়েৰে, অসম চৰকাৰৰ মূলধন বিনিয়োগেৰে ১৯৯৩ চনত অসমত গঢ় লৈ উঠিল নুমলীগড় ৰিফাইনেৰী লিমিটেড। অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থক প্ৰাধান্য দি, খিলঞ্জীয়াক প্ৰাপ্য সুবিধা প্ৰদান কৰি জিলিকি উঠিল নুমলীগড় শোধনাগাৰ।

আজি নুমলীগড় শোধনাগাৰৰ ৫০% অংশীদাৰিত্বৰে আৰু ফিনলেণ্ড-নৰৱে’ৰ আন দুটা কোম্পানীৰ ৫০% অংশীদাৰিত্বৰে অসমত স্থাপন হৈছে অসম বায়’-ৰিফাইনেৰী পেট্ৰ’-কেমিকেলছ লিমিটেড। বাঁহৰ পৰা বায়’-ইথানল প্ৰস্তুত কৰা উদ্যোগ। বছৰেকত ৫, ০০, ০০০ টন বাঁহৰ প্ৰয়োজন হ’ব। অসমৰ গাঁৱে গাঁৱে খিলঞ্জীয়া ৰাইজে বাঁহৰ খেতিৰে আৰম্ভ কৰিব পাৰিব অৰ্থনৈতিক স্বাৱলম্বনৰ এটা নতুন আন্দোলন। অসমৰ গ্ৰাম্য অৰ্থনীতি বাৰুকৈয়ে সবলীকৰণ হ’ব। মাণিক বৰাদেৱে কৈছিল, ‘In next 10 years this new Refinery will re-invest its generation of profit in Assam. Investment possibility will be around 4, 800 Crs. This Refinery will be the Nucleus of development in Assam.’

১৯৮৭ চনৰ পৰা আৰম্ভ কৰি ২২ এপ্ৰিল, ১৯৯৩ৰ দিনা নুমলীগড় শোধনাগাৰ লিমিটেড কোম্পানীটো গঠন হোৱা দিনলৈকে তেখেতে কৰি থৈ যোৱা কামখিনিৰ এতিয়াও প্ৰকৃত মূল্যাংকন হৈছে বুলি ক’ব নোৱাৰি৷ আশা কৰা হৈছে যে এই বিষয়ে প্ৰকৃত মূল্যায়ন হওক আৰু অসমবাসীয়ে অচিৰে তেখেতক প্ৰাপ্য সন্মান দিয়ক৷

 

বিশেষ কৃতজ্ঞতাঃ প্ৰদীপ ভূঞা ৷

(লেখকৰ ঠিকনাঃ বিপণন ক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী। mobile number 9864391047)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!