উদ্যমিতাৰ বিকাশ আৰু মহিলা উদ্যোগীৰ সমস্যা

লেখক- সুশান্ত কুমাৰ কাশ্যপ

এখন ৰাষ্ট্ৰৰ বিকাশ আৰু উন্নয়নত অতীজৰে পৰা Entrepreneurship বা উদ্যমিতাই বিশেষ ভূমিকা পালন কৰি আহিছে। Entrepreneur শব্দটো ফৰাছী Entreprendre শব্দটোৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ “to undertake something” অৰ্থাৎ “কিবা এটা হাতত লোৱা।” ফৰাছী অৰ্থনীতিবিদ ৰিচাৰ্ড কেণ্টিলনে উদ্যমী বুলি সেইজনকেই কৈছে যিয়ে উৎপাদনৰ উপাদানসমূহ এটা নিৰ্দিষ্ট দৰত ক্ৰয় কৰি সেইবোৰৰ সহায়ত কোনো দ্ৰব্য উৎপাদন কৰি ভৱিষ্যতে এটা অনিশ্চিত দৰত বিক্ৰীৰ বাবে প্ৰস্তুত থাকে।

সেই তেতিয়াৰে পৰাই উদ্যমিতা যে এটা অনিশ্চয়তাৰ ওপৰত নিৰ্ভৰশীল বিষয় তাৰ উমান পোৱা যায়। অৰ্থাৎ উদ্যমিতা মানেই হৈছে কোনো ধৰণৰ নিশ্চয়তা নথকা এখন ক্ষেত্ৰ বা অনিশ্চয়তাৰ দিশে অগ্ৰসৰ হোৱা। কিন্তু দেশৰ উন্নয়নৰ বাবে উদ্যমিতাৰ বিকাশ জৰুৰী, অন্যথা দেশৰ অৰ্থনীতি স্থবিৰ হৈ পৰিব। লাভ লোকচানৰ কথা নাভাবি কোনোবাই নহয় কোনোবাই ব্যৱসায় বাণিজ্য কৰিব লাগিব, উদ্যোগ স্থাপনৰ দিশে অগ্ৰসৰ হ’ব লাগিব। সেয়েহে তাহানিৰ দিনৰ পৰাই ৰাষ্ট্ৰই উদ্যমিতাৰ বিকাশৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু উদ্যমীসকলক বিশেষভাৱে সহায় কৰি আহিছে। কাৰণ ন ন সামগ্ৰী উৎপাদনৰ উপৰি উদ্যমীসকলে নিয়োগ সৃষ্টি কৰি দেশৰ অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিব পাৰে।

আমি যদি উদ্যমিতাৰ বিষয়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰোঁ, তেনেহলে আমি দেখিবলৈ পাওঁ যে এজন সফল উদ্যমী হ’বলৈ তলত উল্লেখ কৰা গুণ সমূহ থকাটো জৰুৰী-
১. উদ্যমীজনৰ এখন নিখুঁত পৰিকল্পনা থাকিব লাগিব।
২. উদ্যমীজনৰ অনিশ্চয়তা বহন কৰিব পৰা যোগ্যতা থাকিব লাগিব।
৩. উদ্যমীজনৰ ক্ষতি শংকা বহন কৰিব পৰা ক্ষমতা থকাতো বাঞ্ছনীয়।
৪. উদ্যমীজনৰ উদ্ভাৱনী শক্তি থকাতো নিত্যান্তই প্ৰয়োজন।
৫. ব্যৱসায় সংগঠন চলাবলৈ উদ্যমীজনৰ সাংগঠনিক দক্ষতা থাকিব লাগিব।

অতীজৰে বৰ্তমানলৈকে সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ লগত ব্যৱসায় বাণিজ্যৰো পৰিৱৰ্তন হৈ আহিছে। উদ্যমী ব্যক্তিৰ ন ন চিন্তাৰ ফলত হোৱা নতুন নতুন সামগ্ৰী বা সেৱাৰ আৱিষ্কাৰে মানৱ সভ্যতাৰ উচ্চ শিখৰলৈ লৈ যাব পাৰিছে। সাম্প্ৰতিক সময়ত ‘কালি’ উদ্ভাৱন হোৱা বস্তু এটা ‘আজি’ পুৰণি হৈ যায়। ‘কালিলৈ’ আকৌ নতুন এটাৰ আৱিষ্কাৰ হয়। বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ ফলত উদ্যমিতাৰ ক্ষেত্ৰখনলৈও অভূতপূৰ্ব পৰিৱৰ্তন আহিছে যিয়ে অকল অৰ্থনৈতিক উন্নয়নেই সাধন কৰা নাই, মানৱ উন্নয়নৰ ক্ষেত্ৰতো উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে।

উদ্যমিতাৰ ক্ষেত্ৰখনত যদিও পুৰুষ বা মহিলা বুলি কোনো পাৰ্থক্য নাছিল বা উদ্যমিতাৰ ক্ষেত্ৰখন পুৰুষৰ ক্ষেত্ৰতেই আৱদ্ধ থাকিব লাগিব বুলি কোনোধৰণৰ নিষেধাজ্ঞা নাছিল, তথাপি এই ক্ষেত্ৰখনত মহিলাৰ অংশগ্ৰহণ আৰম্ভণি অৱস্থাত নাছিল বুলিয়েই ক’ব পাৰি। মহিলাসকলে সাধাৰণতে নিজকে চাৰিবেৰৰ মাজতে আৱদ্ধ কৰি ৰাখিছিল আৰু তাৰ মাজেৰেই কৰ্ম সম্পাদন কৰি গৈছিল। তেওঁলোকে যদিও তেওঁলোকৰ পুৰুষ সংগীজন, উদ্যমীজনকো তেওঁৰ ব্যৱসায় বাণিজ্যত পৰোক্ষভাৱে সহায় কৰিছিল, কিন্তু মহিলাসকলে এই কামৰ বাবে কোনো স্বীকৃতি পোৱা নাছিল। এয়া যেন তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য-তেনে ভাবেৰেই কাম কৰি গৈছিল। অৰ্থাৎ তেওঁলোক স্বতন্ত্ৰ উদ্যমী নাছিল। উল্লেখযোগ্য যে উদ্যমিতাৰ ক্ষেত্ৰখনত মহিলাৰ প্ৰত্যক্ষভাৱে অংশগ্ৰহণ বৰ বেছি পুৰণি নহয়। বিশেষকৈ ভাৰতত বিংশ শতিকাৰ শেষৰ ফালৰ পৰাহে এই ক্ষেত্ৰখনত স্বতন্ত্ৰ মহিলা উদ্যমীৰ প্ৰৱেশ আৰম্ভ হয়। আৰম্ভণিতে ৩ পি’ৰ( 3 P’s) অৰ্থাৎ পাপৰ, পাউদাৰ আৰু পিকল (আছাৰ) উৎপাদনৰে মহিলাসকলে এই উদ্যমিতাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। অৱশ্যে এই কাম তেওঁলোকে ঘৰুৱা কামৰ সমান্তৰালভাৱে চলাই নিছিল, কিন্তু সংগঠিত নাছিল। সংগঠিত হিচাপে ভাৰতবৰ্ষত প্ৰথম মহিলা উদ্যমী বুলিলে কল্পনা স্বৰোজৰ নামটোৱেই আহে। ‘কামানী টিউৱচ কোম্পানী’ আছিল তেওঁৰ উদ্যোগ ক্ষেত্ৰ। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে ৩পিৰে আৰম্ভণি হোৱা মহিলা উদ্যমীৰ কৰ্মক্ষেত্ৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আজি ৩ ই( 3 E’s) লৈ অৰ্থাৎ ইঞ্জিনিয়াৰিং, এনাৰ্জি আৰু ইলেকট্ৰনিকচলৈ সম্প্ৰসাৰিত হ’ল। কিন্তু আজিও মহিলা উদ্যমীসকল সমস্যাৰ পৰা মুক্ত নহ’ল। বিশেষ সামাজিক-পাৰিবাৰিক সমস্যা, অৰ্থনৈতিক সমস্যা, সাংগঠনিক সমস্যা, ব্যৱহাৰিক সমস্যা, যান্ত্ৰিক সমস্যা, প্ৰযুক্তিৰ সমস্যা, বজাৰৰ সমস্যা, কেঁচা সামগ্ৰীৰ সমস্যা, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সমস্যা আদি এশ এবুৰি সমস্যাৰে মহিলা উদ্যমীসকল ভাৰাক্ৰান্ত। উদ্যোগ বা ব্যৱসায়ৰ লগে লগে প্ৰতি গৰাকী মহিলা উদ্যমীয়ে একেলগে দায়িত্ব পালন কৰিব লগা হয় সন্তান তথা ঘৰখনৰ। পুৰুষ এজন উদ্যমী হ’লে যেনেদৰে ঘৰুৱা সকলোবোৰ কামৰ পৰা মুক্ত হয় তেনেদৰে মহিলা এগৰাকী মুক্ত নহয়। তেওঁৰ উদ্যোগক্ষেত্ৰ যিমানেই বিশাল নহওক কিয়, ঘৰখনেই কিন্তু তেওঁৰ প্ৰথম কৰ্মস্থলী, সন্তান আৰু স্বামীৰ প্ৰতি দায়িত্ব পালনেই হয় প্ৰধান কৰ্তব্য। তদুপৰি আমাৰ সমাজত এতিয়াও ‘এইটো কৰিব নাপায়’, ‘অমুকলৈ অকলে যাব নাপায়’, ‘নিশা মহিলা এগৰাকীয়ে বাহিৰত ঘূৰি ফুৰিব নাপায়’ আদি মধ্যযুগীয় ধ্যান ধাৰণাবোৰ আছেই। আনকি চৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান বা বেংক আদিলৈ গলেও বহু সময়ত মহিলা গৰাকীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয়। পৰ্যাপ্ত সুবিধা লাভৰ পৰা তেওঁলোক বঞ্চিত হয়। বহু মহিলা উদ্যমীয়ে আনকি প্ৰয়োজনীয় প্ৰশিক্ষণৰ পৰাও বিভিন্ন কাৰণত বঞ্চিত হয়, যিটো এটি উদ্যোগ চলাই নিবৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আটাইতকৈ ডাঙৰ সমস্যা হৈছে তেওঁলোক সু সংগঠিত নহয়, তেওঁলোকৰ মাজত উমৈহতীয়া প্লেটফৰ্ম নাই, য’ত তেওঁলোকে নিজৰ নিজৰ সমস্যাবোৰৰ বিষয়ে অৱগত কৰিব পাৰে, সমাধানৰ ক্ষেত্ৰত পৰামৰ্শ দিব পাৰে। বেছিভাগ মহিলা উদ্যমীৰ আইনী জ্ঞানৰ অভাৱ, যাৰ ফলত তেওঁলোক বিভিন্ন সময়ত অযথা হাৰাশাস্তিৰ সম্মুখীন হয়।

ইমানবোৰ প্ৰতিবন্ধকতাৰ মাজতো আজিৰ মহিলাসকলে এই ক্ষেত্ৰখনত নিজৰ সৱল স্থিতি প্ৰতিপন্ন কৰিবলৈ সামৰ্থ হৈছে। চৰকাৰী, বেচৰকাৰী অনুষ্ঠানসমূহে মহিলা উদ্যমীৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিভিন্ন কৰ্মপন্থা হাতত হৈছে। অদূৰ ভবিষ্যতে উদ্যমিতাৰ ক্ষেত্ৰখনলৈ মহিলা উদ্যমীসকলে বিশেষভাৱে অৱদান আগবঢ়াব বুলি আমি আশাবাদী।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments