শিক্ষাৰ বাবে উৎসৰ্গীকৃত এটি জীৱনৰ নাম - ইন্দিৰা মিৰি

লেখক- ৰঞ্জিত ভূঞা

৫ ছেপ্টেম্বৰ। সমগ্ৰ দেশতে বিশ্ববিশ্ৰুত দাৰ্শনিক, আমাৰ দেশৰ প্ৰথমজন উপ-ৰাষ্ট্ৰপতি, দ্বিতীয়জন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন “শিক্ষক দিৱস” ৰূপে পালন কৰি তেখেতৰ শ্ৰদ্ধা স্মৰণৰ লগতে দেশৰে শিক্ষক সমাজক সন্মান জনোৱা হয়। পিছে এই দিনটোতে যে এগৰাকী বিস্ময়কৰ সাহস আৰু মনোবলৰ অধিকাৰী, আজীৱন শিক্ষাব্ৰতী এগৰাকী বিদুষী নাৰী, যাৰ নেতৃত্বত আজিৰপৰা ৭৪ বছৰ আগেয়ে বাট-পথ নথকা দুৰ্গম পাহাৰীয়া অঞ্চলত অজ্ঞান-আন্ধাৰত ডুবি থকা মানুহৰ মাজত শিক্ষাৰ পোহৰ পেলাবলৈ এমুঠিমান শিক্ষক-বিষয়া-কৰ্মচাৰীয়ে অসীম কষ্ট স্বীকাৰ কৰিবলৈ ওলাই আহিছিল; সেইগৰাকী মহান শিক্ষাবিদ ইন্দিৰা মিৰি বাইদেউৰ মৃত্যু দিৱসো সেই কথাহে কাৰো মনত নপৰে। তেখেতৰ শ্ৰদ্ধা স্মৰণ, জীৱন আৰু কৃতিৰ বিষয়ে বিশেষ একো আলোচনা হোৱাও চকুত নপৰে।

৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ লগতে ইন্দিৰা বাইদেউৰ ১৭ সংখ্যক মৃত্যু দিৱস। তেখেতলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।


ইন্দিৰা বাইদেউৰ বৰ্ণময় জীৱন পৰিক্ৰমা বহুজনৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস। বাইদেউৰ দেউতাক সোণাধৰ সেনাপতি আছিল এগৰাকী শিক্ষানুৰাগী আৰু প্ৰগতিশীল চিন্তা-চেতনাৰ গৰাকী; যিগৰাকী ব্যক্তি কটন কলেজৰ প্ৰথম গৰাকী অধ্যক্ষ Frederick William Sudmerson চাহাবৰো বিশেষ প্ৰিয়ভাজন আছিল। বাইদেউ ১৯৪৪ চনত স্কট লেণ্ড ৰ Edinburgh university পঢ়ি থাকোঁতে এটা তিনিমহীয়া প্ৰশিক্ষণৰ বাবে Oxford University লৈ যাব লগা হৈছিল। তাতে লগ পাইছিল Sudmerson চাহেবৰ জোঁৱায়েকক। বাইদেউৰ লগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসময়ৰ উপাচাৰ্য, ঔপন্যাসিক বিৰিঞ্চি কুমাৰ বৰুৱা সহপাঠী হিচাপে আছিল। তেওঁলোকক অসমৰপৰা যোৱা বুলি গম পাই তেওঁ চুডমাৰ্চন চাহাবৰ ওচৰলৈ লৈ গৈছিল। তেতিয়া চুডমাৰ্চন চাহাবৰ জীৱনৰ প্ৰায় শেষ অৱস্থা-কাণেৰে নুশুনে, চকুৰে নেদেখে; কিন্তু তেখেতৰ স্মৃতি শক্তি বিস্ময়কৰভাৱে অটুট আছিল! তেখেতে ইন্দিৰা বাইদেউক অবাক কৰি কৈছিল, ”I remember your father Sonadhar Babu” তাৰ পাছত কৈ গৈছিল সোণাধৰ সেনাপতিৰ স’তে তেওঁৰ নিবিড় বন্ধুত্ব ৰ কথা; শিক্ষা আৰু সামাজিক বিষয়ৰ আলোচনাৰ কথা। এনে এগৰাকী বিদ্যানুৰাগী ব্যক্তিৰ সন্তান হোৱাৰ বাবে বাইদেৱে গৌৰৱবোধ কৰিছিল। যি সময়ত স্ত্ৰী শিক্ষাৰ কথা সমাজৰ আলোচনা আৰু চিন্তা ৰ বিষয়েই নাছিল সেই সময়তে ছোৱালীক উপযুক্ত শিক্ষা দিবলৈ তেওঁ বদ্ধপৰিকৰ আছিল। ইন্দিৰা বাইদেউৰ ঘৰত মতা নাম আছিল মেৰেং। (নামটো শুনি অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ অতি জনপ্ৰিয় উপন্যাস ‘মেৰেং’ৰ নাম নিশ্চয় মনত পৰিছে। হয়, এইখন ইন্দিৰা মিৰি বাইদেউৰে জীৱনভিত্তিক উপন্যাস। বাইদেউৰ ঘটনাবহুল জীৱনক তুলি ধৰা আন এখন উপন্যাস নিৰুপমা বৰগোহাঞি বাইদেউ ৰ “অগ্ৰ গামিনী’। )
মেৰেঙৰ জন্ম হৈছিল ১৯১০ চনৰ বিজয়া দশমী তিথিত। দেউতাকৰ বাবে মেৰেং আছিল “পিতৃ বিনিময়ী মা” কাৰণ মেৰেঙৰ জন্মৰ দিনাই ককাকৰ মৃত্যু হৈছিল। এফালে প্ৰায় একে সময়তে ককাকৰ মৃত্যু; আনফালে মেৰেঙৰ জন্ম! অন্ধবিশ্বাস আৰু কুসংস্কাৰত নিমজ্জিত তেতিয়াৰ সমাজখনত এই ঘটনাই অশুভ বুলি আখ্যা পোৱা, নৱজাত সন্তানৰ প্ৰতি অনাদৰ-অৱহেলা কঢ়িয়াই অনাৰ বাবে যথেষ্ট আছিল। কিন্তু মেৰেঙৰ আধুনিক প্ৰগতিশীল মনৰ অধিকাৰী দেউতাকৰ বাবে তেনে কথা ক’বলৈ কোনেও সাহস কৰিব পৰা নাছিল। গভীৰ মমতাৰে দেউতাকে তাইক বুকুত সাৱটি লৈছিল। মেৰেঙৰ জন্ম হৈছিল গুৱাহাটীৰ শিল পুখুৰীত আৰু শিক্ষা আৰম্ভ হৈছিল ৫ বছৰ বয়সত শ্বিলঙৰ এখন বাঙালী মাধ্যমৰ বিদ্যালয়ত। অসমীয়া পঢ়িবলৈ স্কুল নাছিল। পিছে দেউতাকে শ্বিলঙত পঢ়ি মেৰেঙৰ উন্নতি হ’ব বুলি আশ্বস্ত হ’ব নোৱাৰিলে। সৰুতেই মাতৃহাৰা কণমানি ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাসৰ ভাব জগাই তুলি নিজৰ মনকো প্ৰবোধ দি দেউতাকে মেৰেঙক কলিকতাৰ ব্ৰাহ্ম গাৰ্লছ স্কুলত দহ বছৰ বয়সতে নামভৰ্তি কৰি থৈ আহিল। তাৰপৰাই মেৰেঙে মেট্ৰিক পাছ কৰি নামভৰ্তি কৰিলে কলিকতাৰ বিখ্যাত স্কটিছ চাৰ্চ কলেজত। সেই সময়ত ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে আছিল বেথুন কলেজ। ল’ৰাৰ কলেজ বুলি খ্যাত স্কটিছ চাৰ্চ কলেজত প্ৰথমবাৰৰ বাবে মেৰেঙকে ধৰি মাত্ৰ পাঁচজনী ছোৱালীয়েহে নাম লগাইছিল আৰু সেয়া সম্ভৱ হৈছিল দেউতাকৰ প্ৰবল ইচ্ছা আৰু আগ্ৰহৰ বাবেহে। বাইদেৱে জীৱনৰ একেবাৰে শেষ বয়সত লিখা আত্মলেখা “মই আৰু নেফা”ত লিখিছে, “সেই দিনত মোক স্কটিছ চাৰ্চ(ল’ৰাৰ কলেজ )ত পঢ়িবলৈ দিয়াটোও মোৰ পিতৃদেৱৰ সূচিন্তিত প্ৰগতিশীল মনৰ এটা সুপৰিচয়।” ছোৱালীৰ বাবে সংৰক্ষিত কলেজত দেউতাকে মেৰেঙক পঢ়িবলৈ নিদি ল’ৰাৰ স’তে একেলগে পঢ়িবলৈ দিয়াৰ কাৰণ আছিল ল’ৰাৰ স’তে একেলগে পঢ়ি ছোৱালী যে বুদ্ধি-বৃত্তিত ল’ৰাতকৈ কোনো গুণে কম নহয়; সমানে সমানে আগবাঢ়ি যোৱাৰ সামৰ্থ আছে ; তাক প্ৰতিপন্ন কৰা। তেওঁ দৃঢ় বিশ্বাস আছিল যে মেৰেঙে সেই কাম কৰি দেখুৱাব পাৰিব। মেৰেঙক উচ্চ শিক্ষিত কৰি তুলি উচ্চ শিক্ষিত উপযুক্ত পাত্ৰ লৈ বিয়া দিয়াৰ পাছত তেওঁৰ দায়িত্ব শেষ হোৱা বুলি দেউতাকে ভবা নাছিল। বিয়াৰ সাত বছৰৰ পাছতে তিনিটা এমা-ডিমা সন্তানৰ মাতৃ মেৰেং যেতিয়াই স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰিছিল; বহল মনৰ দেউতাকেই তেতিয়া মেৰেঙৰ বাবে একমাত্ৰ সাহস আছিল। ইন্দিৰা বাইদেৱে সেই ঘটনা সুঁৱৰি এনেদৰে লিখিছে, “১৯৩৯ চনত অকাল বৈধৱ্যৰ বোজা লৈ তিনিটা সন্তানেৰে পুনৰ পিতৃৰ আশ্ৰয় ল’লোঁহি। মই নিৰাশ হ’লেও সময়তকৈ বহু আগতে ওপজা প্ৰগতিশীল পিতৃদেৱে পূৰ্ণ উদ্যমেৰে মোক থিয় কৰালে।” ইন্দিৰা বাইদেউক আমি আজি যি কাৰণে শ্ৰদ্ধা জনাব লাগে; বাইদেউক যোগ্য কৰি তোলাত আটাইতকৈ যাৰ বৰঙনি বেছি, যাৰ প্ৰভাৱ বাইদেউৰ জীৱনত সবাতোকৈ বেছি, সেইজনেই তেওঁৰ পিতৃ সোণাধৰ সেনাপতি, সেই সময়ত সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে আৰু স্ত্ৰী শিক্ষাৰ সপক্ষে যি আছিল অক্লান্ত যুঁজাৰু। বাইদেউৰ জীৱন আৰু কৃতিত্বৰ কথা আলোচনা কৰিলে তেখেতৰ প্ৰতি শ্ৰদ্ধা নজনোৱা কৈ আগবাঢ়িব নোৱাৰি। কণ কণ তিনিটা সন্তানৰ মাতৃ বিধৱা জীক তেওঁ মনত বিশ্বাস আৰু সাহস যোগাই আহমদাবাদলৈ শিক্ষা বিষয়ক প্ৰশিক্ষণৰ বাবে পঠিয়াইছিল; তাৰপৰাই মেধাৰ বলত বাইদেউৱে সুদূৰ স্কটলেণ্ডৰ Edinburgh University-ত B.Ed পঢ়াৰ সুযোগ পালে। কিন্তু তিনিটা কণমানি সন্তানক এৰি থৈ বাইদেউ যায় কেনেকৈ! পিছে সোণাধৰ সেনাপতিৰ দৰে দেউতাক থাকোঁতে বাইদেউ নোযোৱাকৈ পাৰেনে? দুবছৰ তাত কটাই ঘৰত আহি কিছু দিন জিৰণি লোৱাৰ পাছতে তেতিয়াৰ অজান্তি মুলুক “নেফা’(এতিয়াৰ অৰুণাচল)লৈ শীৰ্ষ শিক্ষা বিষয়া হিচাপে যাব লাগে বুলি বাইদেউলৈ প্ৰস্তাৱ আহিল। তাত শিক্ষাৰ প্ৰসাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈয়ো বাইদেউৰ ওপৰতে দায়িত্ব পৰিল। সেই কাম নিষ্ঠা আৰু দক্ষতাৰে সম্পন্ন কৰাৰ পাছত বাইদেউক শদিয়াত শিক্ষা কেন্দ্ৰ কৰি নেফাৰ শীৰ্ষ বিষয়াৰ পদত নিযুক্তি দিয়া হ’ল। নেফা অৰ্থাৎ উত্তৰ-পূব সীমান্ত প্ৰদেশৰ উপদেষ্টা আছিল ওৱাকাৰ চাহাব আৰু অসমৰ গভৰ্ণৰ আছিল ছাৰ আকবৰ হাইদৰি।
“মই আৰু নেফা”ত বাইদেৱে বৰ্ণনা কৰিছে দুৰ্গম নেফাৰ বুকুত তেওঁৰ শিক্ষা বিস্তাৰৰ ঘটনাবহুল তথা ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা, নেফাৰ সমাজ, ভৌগোলিক আৰু প্ৰশাসনিক বিষয়ৰ কথা, সীমাহীন কষ্ট আৰু ত্যাগেৰে গঢ় দিয়াৰ পাছত কিহৰ বাবে তেওঁ পদত্যাগ (১৯৫৭) কৰি নেফাৰপৰা বিদায় ল’বলগীয়া হ’ল সেই সকলোবোৰ কথা। তাৰ উপৰি কাজিৰঙাৰ প্ৰথমজন ভাৰতীয় E.A.C.F মহীচন্দ্ৰ মিৰি, যাৰ কৰ্ম দক্ষতাৰ স্বীকৃতি আৰু শলাগ লৈ বিখ্যাত প্ৰকৃতিবিদ, বন্য প্ৰাণী বিশাৰদ E.P.Gee য়ে লিখি থৈ গৈছে, “The man who put Kaziranga in the World Map, I talked with that Forest officer”-সেইজন কৰ্মদক্ষ আৰু নিষ্ঠাবান সৎ বন বিষয়াৰ পত্নী হিচাপে কাজিৰঙাত সেই সময়ৰ পৰিৱেশৰ কথা আৰু অভিজ্ঞতাৰ কথা সেই সকলোবোৰ কথাইও তাত স্থান পাইছে। নেফাৰপৰা আহি ১৯৫৭ চনত যোৰহাটত স্নাতকোত্তৰ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষাৰ দায়িত্ব লৈ লাভ কৰা অভিজ্ঞতা ৰ কথাও আছে। আছে নেফাত সান্নিধ্য লৈ অহা আৰু জীৱনত প্ৰভাৱ পেলোৱা বিভিন্নজনৰ কথা। নিৰুপমা বাইদেউ আৰু অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ উপন্যাস দুখনেও বাইদেউৰ ঘটনা বহুল জীৱন আৰু কৃতিৰ সকলো কথাই সাঙুৰিছে। বাইদেউৰ নেতৃত্বত এচাম শিক্ষাৰ সৈতে জড়িত শিক্ষক, বিষয়া-কৰ্মচাৰী নেফাৰ দৰে দুৰ্গম অঞ্চলত শিক্ষা বিস্তাৰৰ কামত লাগি যি সীমাহীন দুখ-কষ্ট ভুগিব লগা হৈছিল, পদে পদে বিপদৰ স’তে যুঁজ দিব লগা হৈছিল, আজিৰ শিক্ষা ব্যবস্থাৰ স’তে জড়িতসকলে, আজিৰ সমাজে কল্পনা কৰিব নোৱাৰা ইতিহাস সেয়া! যি সময়ত নেফা ৰজন গোষ্ঠীসমূহ আছিল একেবাৰে আদিম মানৱৰ দৰে-নতুন মানুহক দেখিলে হয় আক্ৰমণ নহয় পলায়ন কৰা বিধৰ আছিল, সামান্য একোটা কথাতে বহুতো বগা চাহাবক কাটি টুকুৰা-টুকুৰ কৰি নদীত উটুৱাই দিয়াৰ ঘটনাও প্ৰায়ে ঘটিছিল, তেনে একোখন সমাজত হাবি-বন কাটি, খৰস্ৰোতা নদী পাৰ হৈ, কেতিয়াবা বহু দূৰ খোজ কাঢ়ি, কেতিয়াবা ঘোঁৰাৰ ওপৰত উঠি পাহাৰীয়া ঠাইত শিক্ষাৰ একো ভূ-ভা নোপোৱা মানুহক বুজাই-বঢ়াই স্কুল পাতি পঢ়িবলৈ উলিয়াই অনাটো কিমান প্ৰত্যাহ্বানমূলক আছিল, এতিয়াও আমাৰ বাবে যেন ভাবিব নোৱাৰা কথা! কিন্তু অকণো হতাশ নহৈ বাইদেউৰ নেতৃত্বত বহুজনে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সেই কাম সম্ভৱ কৰি তুলিছিল, সেইবোৰ অঞ্চলত প্ৰায় ১০০০খন বিদ্যালয় স্থাপন কৰি একোটা প্ৰজন্মক শিক্ষিত কৰি তুলিছিল আৰু তাৰ মাজৰপৰাই পাছলৈ ওলাই আহিছিল লুম্বেৰ দাই, য়েছে দৰজে ঠংচিৰ দৰে অসমীয়া সাহিত্য চহকী কৰা বৰেণ্য সাহিত্যিক। তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে ভুল নীতি লৈ বাইদেউক পদত্যাগ কৰাই নেফা ত্যাগ কৰিবলৈ বাধ্য নকৰা হ’লে আজিৰ অৰুণাচল আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ স’তে আমাৰ ভাতৃত্ববোধৰ সম্পৰ্ক বহুত বেছি মজবুত হলহেঁতেন বুলি ভাবিব পাৰি।
মৃত্যুৰ সময় লৈকে শিক্ষা আৰু সামাজিক উন্নয়নৰ কামত সক্ৰিয় হৈ থাকি বাইদেৱে ৯৪ বছৰ বয়সত ২০০৪ চনৰ ৫ ছেপ্তেম্বৰৰ দিনা আমাৰ মাজৰ পৰা বিদায় লয়।
১৭ সংখ্যক মৃত্যু দিৱসত ইন্দিৰা মিৰি বাইদেউলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম!

(ফটো -বাইদেউ ৰ “মই আৰু নেফা গ্ৰন্থ”ৰপৰা লোৱা হৈছে। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments