নৱম অধ্যায়: সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যঃ প্ৰথম পৰ্ব (১৯৭০-১৯৯০)

লেখক- মৃণাল জ্যোতি গোস্বামী

৯.১ পটভূমি

‘ৰামধেনু’ আলোচনীৰ প্ৰকাশ বন্ধ হৈ যোৱাৰ পাছৰে পৰাই অসমীয়া সাহিত্যয়ো সুঁতি সলাইছিল৷ সেই বাবেই অসমীয়া সহিত্যৰ ইতিহাসকাৰ তথা সাহিত্যিক মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, যতীন্দ্ৰনাথ গোস্বামী প্ৰভৃতিয়ে সত্তৰৰ দশকৰ পৰৱৰ্তী কালৰ সাহিত্যৰাজিক বুজাবৰ কাৰণে ‘সাম্প্ৰতিক’ শব্দটি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়৷ তাৰ আধাৰতে এই আলোচনাতো তদানীন্তন কালৰ সাহিত্যৰাজি বুজাবলৈ ‘সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য’ অভিধাটি ব্যৱহাৰ কৰা গৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰি যোৱা হ’ল যে ‘সাম্প্ৰতিক’ শব্দটোৰ আভিধানিক অৰ্থ হ’ল- সম্প্ৰতি চলি থকা বা চলা, চলিত, recent, contemporary৷ ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে আজিৰ প্ৰেক্ষাপটত যিটো সাম্প্ৰতিক সেয়া কালিলৈৰ বাবে সাম্প্ৰতিক নহ’বও পাৰে; অৱশ্যে এই শব্দটোৰ অৰ্থত সময়ৰ পৰিসৰ বিস্তাৰিতও হ’ব পাৰে৷ সেই বাবেই হয়টো অসমীয়া সাহিত্যৰ ইতিহাস ৰচয়িতাসকলে কুৰি শতিকাৰ শেষৰ দশক তথা একবিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাক অসমীয়া সাহিত্যিৰ সাম্প্ৰতিক যুগ বুলি অভিহিত কৰিছে৷ বিংশ শতিকাৰ শেষৰটো দশকত পুনৰ অসমীয়া সাহিত্যৰ সুঁতি সলনি হৈছিল বাবে ১৯৭০-১৯৯০ৰ সময়সীমাৰ সাহিত্যৰাজিক ‘সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যঃ প্ৰথম পৰ্ব’ আৰু তাৰ পৰৱৰ্তী সময়খিনিক ‘সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যঃ দ্বিতীয় পৰ্ব’বুলি নামকৰণ কৰা হৈছে৷ অৱশ্যে এই বিভাজনক পানী নসৰকা বিভাজন বুলি ক’ব নোৱাৰি; কাৰণ কোনো কোনো সাহিত্যিকৰ সময়সীমা দুয়োটা যুগেই সামৰি আছে৷ এই বিভাজন কেৱল বিদ্যায়তনিক দিশৰ বাবেহে কৰি লোৱা হৈছে৷ অসমীয়া সাহিত্যৰ দুগৰাকী পুৰুধা ব্যক্তি মহেশ্বৰ নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মাই তেওঁলোকৰ লিখনিত আলোচ্য যুগটোৰ সাহিত্যৰাজি সম্পৰ্কে থূলমূল ধৰণে আলোচনা আগ বঢ়াইছে৷ লগতে এই যুগৰ সাহিত্যৰাজিৰ বিবিধ লক্ষণ আৰু বৈশিষ্ট্যসমূহো উল্লেখ কৰি গৈছে৷ তাৰ পাচতো চেগা চোৰোকাকৈ বিভিন্নজনে এই সময়ছোৱাৰ অসমীয়া সাহিত্য সম্পৰ্কে আলোচনা আগ বঢ়াইছে৷

এই সময়ৰ সাহিত্যৰাজিৰ কথা আলোচনা কৰাৰ পূৰ্বে আমি সময়ছোৱাৰ সামাজিক-ৰাজনৈতিক পটভূমি সম্পৰ্কে থোৰতে কিছু কথা আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে৷ পোনতে প্ৰহ্লাদ কুমাৰ বৰুৱাৰ ভাষাৰেই উল্লেখ কৰোঁ যে- ‘১৯৭০ চনৰ পাছৰে পৰা অসমীয়া সাহিত্যই পুনৰ মুৰ সলাইছে’৷ ইয়াৰ মূলতে হ’ল এই সময়ছোৱাত সংঘটিত হোৱা বিভিন্ন সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক পৰিৱৰ্তন৷ ভাৰতবৰ্ষই ১৯৪৭ চনতে স্বাধীনতা লাভ কৰিলে যদিও ইয়াৰে বিভিন্ন অঞ্চল আগৰ দৰেই অনগ্ৰসৰ হৈ ৰ’ল৷ অৰ্থাৎ অধিকাংশ লোকৰে স্বাধীনতা সম্পৰ্কে থকা ধাৰণাৰ সলনি ঘটিল, মোহভংগ ঘটিল৷ সেই সময়তে বাংলাদেশত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত ভাৰতৰ সহযোগে অসমত অৰ্থনৈতিক অৱক্ষয়ো সৃষ্টি কৰিলে৷ লগে লগে আৰম্ভ হ’ল জৰুৰীকালীন অৱস্থা, অস্তিত্ব ৰক্ষাৰ আন্দোলন, স্বাধীন অসমৰ আন্দোলন৷ বিভিন্ন নৃ-গোষ্ঠীয়ে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে হাতত বন্দুক তুলি লৈ সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিলে৷ কেইবাটাও আৰ্মি অপাৰেশ্যনত অসমীয়া সমাজ জীৱন জৰ্জৰ হৈ পৰিল৷ মন কৰিব লগীয়া যে ১৯৬২ চনত বিদেশী ৰাষ্ট্ৰ চীনে সীমা-বিবাদক কেন্দ্ৰ কৰি অসম আক্ৰমণ কৰে আৰু দেশৰ অখণ্ডতাত আঘাত হানে৷ তেওঁলোক অসমৰ বমডিলা পৰ্যন্ত অগ্ৰসৰ হৈছিল আৰু তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক ‘‘My heart goes to people of Assam’’ বুলি কৈ অসমক চীনা সৈন্যৰ হাততে তুলি দিছিল৷ এই ঘটনাই অসমীয়া সৰ্বসাধাৰণ ৰাইজৰ লগতে শাসনত থকা শ্ৰেণীটোকো সচকিত কৰি তোলে৷ বহু অসমীয়াই নিজৰ পিতৃভিঠা এৰি পলাবলৈ আৰম্ভ কৰে৷ অসমৰ জনসাধাৰণে ধাৰণা কৰিবলৈ সুবিধা লাভ কৰিলে যে এই ভূখণ্ডৰ অখণ্ডতাক লৈ কেন্দ্ৰীয় চৰকাৰ ইমান চিন্তিত নহয়৷ লাহে লাহে অসমীয়াৰ মনত ক্ষোভৰ জন্ম হ’ল আৰু এচামৰ মনত সাৰ্বভৌম ৰাষ্ট্ৰৰ বীজ অংকুৰিত হ’ল৷

১৯৭২ চনত অসমৰ বিশ্ববিদ্যালয় দুখনত অসমীয়া মাধ্যম চলোৱাৰ দাবী উঠিল৷ এই আন্দোলনে ভৈয়ামৰ জনগোষ্ঠীসমূহক সংগ্ৰামী কৰি তুলিলে৷ কাৰ্‌বি আৰু বড়োসকলেও স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰিলে৷ কিন্তু তেওঁলোকৰ দাবীসমূহ অসমৰ মধ্যবিত্ত প্ৰধান চৰকাৰ তথা চৰকাৰী বিষয়াসকলে উপলব্ধি নকৰি কঠোৰ হাতেৰেহে দমন কৰাৰ চেষ্টা চলালে৷ ফলশ্ৰুতিত তেওঁলোকৰ ক্ষোভ আৰু বাঢ়িহে গ’ল৷ আনহাতে সমসাময়িক সময়ছোৱাত পশ্চিম পাকিস্তানৰ বিৰুদ্ধে পূৰ্ব-পাকিস্তানে মুক্তি সংগ্ৰাম সূচনা কৰে৷ সেই সময়ত পাকিস্তানৰ চৰকাৰী বাহিনীৰ অত্যাচাৰ সহিব নোৱাৰি প্ৰায় এক কোটি বাংলাদেশী নাগৰিকে ভাৰতৰ সীমামূৰীয়া ৰাজ্যসমূহত আশ্ৰয় লয়৷ এই ব্যক্তিসকলে বাংলাদেশৰ স্বাধীনতাৰ পাছতো দেশলৈ ঘূৰি নগৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতে নিগাজীকৈ থাকিবলৈ ধৰে৷ এই আন্দোলনত ভাৰত চৰকাৰেও বাংলাদেশক সহযোগ কৰিছিল৷ কিন্তু তাৰ বেয়া ফল ভূগিলে অসমৰ ৰাইজে৷ সেই সময়ত হোৱা প্ৰব্ৰজনে অসমৰ আৰ্থ-সামাজিক দিশত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিলে৷ ইয়াৰ পাছতে দেশৰ নিৰাপত্তাৰ দোহাই দি তদানীন্তন ইন্দিৰা গান্ধী চৰকাৰে দেশত ‘আভ্যন্তৰীণ জৰুৰী অৱস্থা’ ঘোষণা কৰে৷ এই সময়ছোৱাত বিক্ষিপ্ত ঘটনাৰে দেশ উত্তাল হৈ পৰে আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰে৷ এই শাসন ব্যৱস্থা ১৯৭৭ চনলৈকে বলবৎ আছিল৷

ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপট আৰু জটিল হৈ পৰে৷ বিশেষকৈ ১৯৭৯ চনত মঙলদৈ সমষ্টিৰ সাংসদ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যু ঘটাত নিৰ্বাচন আয়োগে উপ-নিৰ্বাচন ঘোষণা কৰে৷ এই সমষ্টিটোৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়তে প্ৰায় ৭০,০০০ সন্দেহ যুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি প্ৰতিবাদ আৰম্ভ হয়৷ ক্ৰমান্বয়ে এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিলে৷ অসমত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় আৰু বিভিন্ন ঠাইত ভালেমান হিংসাত্মক ঘটনা সংঘটিত হয়৷ ১৯৮৩ চনত কেন্দ্ৰীয় চৰকাৰে মধ্যৱৰ্তীকালীন নিৰ্বাচন ঘোষণা কৰিলে৷ ফলশ্ৰুতিত আন্দোলনটোৱে অধিক তীব্ৰতৰ আৰু হিংসাত্মক ৰূপ ধাৰণ কৰে৷ এই সময়ছোৱাতে সশস্ত্ৰ পন্থাত বিশ্বাসী কেইজনমান যুৱকে ১৯৭৯ চনত ৰংঘৰ বাকৰিত স্বাধীন অসমৰ দাবীত ULFA নামেৰে এটা উগ্ৰবাদী সংগঠন প্ৰতিষ্ঠা কৰে৷ এই কালছোৱাত North East Regional Defence Army, Seven United Liberation Army, United Liberation Army of Seven States, Assam Peoples Liberation Army, Jagrata Matri Mukti Bahini আদি উগ্ৰবাদী সংগঠনেও জন্মলাভ কৰিছিল৷ এই সংগঠনসমূহৰ সৃষ্টি হোৱাৰ কাৰণ হিচাপে তেওঁলোকে তেওঁলোকৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কৰি থকা শোষণৰ কথালৈকে আঙুলিয়াই৷ ছবছৰ ধৰি চলা অসম আন্দোলনে সমগ্ৰ অসমৰ জন জীৱন একেবাৰে বিধস্ত কৰি পেলাইছিল৷ কোনো ধৰণৰ উল্লেখযোগ্য সৃষ্টিশীল কাম এই সময়ছোৱাত ৰূপায়ণ হোৱা নাছিল৷

১৯৮৫ চনৰ ১৫ আগষ্টত ‘অসম চুক্তি’সম্পাদনেৰে অসম আন্দোলনৰ সমাপ্তি ঘটে৷ অসম আন্দোলনৰ নেতৃবৰ্গই ‘অসম গণ পৰিষদ’ নামেৰে ৰাজনৈতিক সংগঠন এটা গঠন কৰি অসমত চৰকাৰ গঠন কৰে৷ অসমত নিজৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাত অসমৰ ৰাইজেও স্বস্তিৰ নিশ্বাস কাঢ়িছিল৷ তেওঁলোকে অসমলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰিছিল৷ কিন্তু সেই সময়তে আলফাৰ সক্ৰিয়তা বৃদ্ধি আৰু চৰকাৰী বাহিনীৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ সংঘাত আৰম্ভ হয়৷ ক্ৰমান্বয়ে অসমৰ সমাজ জীৱন বিভিন্ন বিক্ষিপ্ত হিংসাত্মক ঘটনাৰে জৰ্জৰিত হৈ পৰে৷ ৰাষ্ট্ৰপতি শাসন, অপাৰেচন বজৰং, অপাৰেচন ৰাইনো, আলাফা-ছালফাৰ সৃষ্টি আৰু ভাতৃঘাতী সংঘৰ্ষ, গুপ্তহত্যা, বড়োসকলে আৰম্ভ কৰা সশস্ত্ৰ সংগ্ৰাম, বড়ো-মুছলমান সংঘাত, বড়ো-চাওতাল সংঘাত, অল ক্লিয়েৰ অপাৰেচন আদি বিভিন্ন ঘটনা-পৰিঘটনাই সমগ্ৰ অসমতে আতংকৰ সৃষ্টি কৰিলে৷ অসমৰ মানুহৰ নৈতিক অধঃপতন ঘটিল৷ এই সমগ্ৰ ঘটনাবোৰৰ পৰা বিপৰ্যস্ত হ’ল সৰ্বসাধাৰণ জনতা আৰু এচাম মধ্যভোগী লাভৱান হ’ল৷

এনেদৰে পৰ্যালোচনা কৰিলে দেখা যায় যে যোৱা শতিকাৰ শেষৰ দশক দুটাত অসমৰ সামগ্ৰিক পৰিৱেশ হৈ পৰিছিল হত্যা, হিংসা আৰু আতংকৰে জৰ্জৰিত৷ চৌদিশে মাৰ-ধৰ, ভাবুকি প্ৰদান, কষ্টোপাৰ্জিত অৰ্থ-গাড়ী-মটৰ আদি বলপূৰ্বকভাৱে কাঢ়ি নিয়া, গাঁৱে-ভূঞে সামৰিক বাহিনীৰ অবাধ গতি ইত্যাদি অসমৰ সমাজ জীৱনৰ একোটা অংগলৈ ৰূপান্তৰিত হ’ল৷ ‘‘হিংসাক দৈনন্দিন জীৱনৰ এক অভিন্ন অংগলৈ ৰূপান্তৰিত কৰা হৈছিল৷ গণতান্ত্ৰিক পৰিৱেশ এটিক ব্যাহত কৰি চৰকাৰী-বেচৰকাৰী নৈৰাজ্যৰ পৰিৱেশ গঢ়ি তোলাত দুয়োটা পক্ষ সফল হৈছিল বুলি ক’ব পাৰি৷’’এনেদৰে উত্তৰ-ঔপনিৱেশিক কালত অসমৰ সমাজ জীৱন আৰু অধিক জটিলহে হৈ পৰিল, বিভিন্ন ন ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ উঠিল৷ প্ৰহ্লাদ কুমাৰ বৰুৱাই সেই বাবেই মন্তব্য কৰিছে– ‘‘সংক্ষেপে ক’বলৈ গ’লে ১৯৭০ চনৰ পিছৰ পৰা অসমৰ ৰাজনৈতিক অস্থিৰতাই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে আৰু এই অৱস্থাৰ পৰা জনসাধাৰণক মুক্ত কৰিবৰ বাবে অবিৰতভাৱে প্ৰতিবাদী কণ্ঠও ঘোষিত হৈ আহিছে৷’’

ইয়াৰ লগতে তদানীন্তন সময়ত বিশ্বৰ বিভিন্ন ভাষাৰ সাহিত্যত নতুন নতুন মতবাদৰ জোৱাৰ উঠিল৷ সেই মতবাদ, শিল্প-ভাৱনা, দৰ্শন আৰু প্ৰকাশভংগীগত বৈশিষ্ট্যসমূহে অসমীয়া সাহিত্যিকসকলকো প্ৰভাৱিত কৰিলে৷ তাৰ লগতে প্ৰাচ্যত পূৰ্বৰে পৰা প্ৰচলিত মতবাদসমূহকো নতুন ধাৰণাৰে বিশ্লেষণ কৰাত যত্নপৰ হ’ল দেশী-বিদেশী সাহিত্যকসকল ৷ এই বিশেষত্ববোৰো গ্ৰহণ কৰি অসমীয়া সাহিত্যকসকলে তেওঁলোকৰ সৃষ্টিকৰ্মত অগ্ৰসৰ হ’ল৷ লিখকসকলে নিজৰ মনৰ দুৱাৰ-খিৰিকসমূহ খুলি দিয়াৰ লগে লগে নতুন নতুন বতাহ সোমাই আহিবলৈ ধৰে, ফলস্বৰূপে আৰম্ভ হ’ল আধুনিক চিন্তাধাৰৰ সমান্তৰালভাৱে ঐতিহ্য-সচেতনতা, সমকাল চেতনা, সমাজমুখী বাস্তৱবোধৰ প্ৰকাশ, বাস্তৱধৰ্মী দৃষ্টিভঙ্গী আদিৰ দৰে বিভিন্ন ধাৰণা৷ অৱশ্যে এটা কথা ঠিক যে এই সময়ছোৱাত পাশ্চাত্যত আৰম্ভ হোৱা মতবাদসমূহেহে অসমীয়া সাহিত্যিকসকলক গভীৰভাৱে প্ৰভাৱিত কৰে, ফলস্বৰূপে পশ্চিমীয়া মূল্যবোধ আৰু জীৱনদৰ্শনে আমাৰ সাহিত্যক নতুন গতি প্ৰদান কৰে৷ অৱেশ্য ইয়াৰ ফলত বহু সমালোচকে মত পোষণ কৰে যে এনে সাহিত্যত ‘‘আমাৰ জীৱন-চেতনাত আৰু কাব্য কৌশলত দেশীয় সাহিত্যিক-সাংস্কৃতিক ঐতিহ্যৰ অনুপস্থিতিহে লক্ষ্য কৰা যায়৷’’অৱশ্যে সকলো সাহিত্যিকৰে সাহিত্যত এই বিশেষত্ব প্ৰকাশ নাপায়৷ প্ৰসংগত আৰু এটি কথা কৈ যোৱা উচিত হ’ব যে সাম্প্ৰতিক সময়লৈকে অসমৰ শিক্ষা-ব্যৱস্থা তথা সমাজ-ব্যৱস্থা প্ৰকৃতাৰ্থত আধুনিক ৰূপ লাভ কৰা নাই৷ সেই বাবে সাহিত্যত প্ৰকাশপোৱা চিন্তা আৰু বাস্তৱতাৰ মাজত বহু পৰিমাণে বিৰোধ দেখিবলৈ পোৱা যায়৷

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments