উদ্যমিতাৰ বিকাশ আৰু অৰ্থনৈতিক ভাৰসাম্য

লেখক- ৰূপম ৰিদিপ

“যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সি নিজকো ৰক্ষা কৰিব নোৱাৰে।”
‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে তাহানিৰ দিনতে কৈ যোৱা এই বাক্যফাকি যুগ-যুগান্তৰলৈ কৰ্ম আৰু স্বাধীনতাপ্ৰেমী প্ৰতিজন ব্যক্তিৰ মন-মগজুত প্ৰোথিত হৈ ৰ’ব। সুস্থ সমাজ এখন কেনেদৰে গঢ়ি তুলিব পৰা যায়, এই প্ৰশ্নটো যেতিয়াই উত্থাপিত হয়, তেতিয়াই আমাৰ মনলৈ প্ৰথমে অহা বিষয়টো হৈছে শিক্ষা। কিন্তু সুস্থ সমাজ এখনৰ বাবে তাতোকৈয়ো প্ৰয়োজনীয় দিশটো হ’ল শিক্ষিত অথবা অশিক্ষিত প্ৰতিজন নাগৰিকৰ কৰ্মস্পৃহা। এই বিষয়টো আওকাণ কৰি সুস্থ সমাজ এখন গঢ়ি তোলাৰ বিষয়ে ভবা কথাটো এটা অলীক সপোন মাথোঁন। এই কৰ্মস্পৃহা ধৰি ৰাখিবলৈ আমাৰ সমাজত প্ৰয়োজন হয় একো একোজন উদ্যমী ব্যক্তিৰ। এইসকল ব্যক্তিৰ হাতত জীপাল হৈ উঠে এক গধুৰ বিষয়- উদ্যমিতা।

উদ্যমিতা হৈছে এটি আয়ৰ উৎস অথবা এটি ব্যৱসায় য’ত উদ্যমী ব্যক্তি এগৰাকীয়ে বজাৰ এখনত প্ৰয়োজনীয় অথবা ব্যক্তিবিশেষে প্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদন কৰে নাইবা সেৱাৰ যোগান ধৰে। ইয়াত উদ্যমী ব্যক্তিগৰাকীয়ে বিপদশঙ্কাৰ ভাৰ গ্ৰহণ কৰি বিনিয়োগ কৰে। ইয়াত ব্যক্তি এগৰাকীৰ অৰ্থৰ লগতে সন্নিবিষ্ট হৈ থাকে সুদৃঢ় পৰিকল্পনা, ধৈৰ্য আৰু একাগ্ৰতা।

এগৰাকী উদ্যমী ব্যক্তিৰ মাজত কিছুমান বিশেষ গুণ থকাটো বাধ্যতামূলক। নিজকে নিজে কথা দি সেই কথা ৰাখিব পৰাকৈ সক্ষমতা, মানসিক সবলতা, দায়িত্বশীলতা, যিকোনো বিপদৰ মুখামুখি হ’ব পৰাকৈ দৃঢ়তা, কৰ্মস্পৃহা, পৰিচালনা শক্তি আৰু মুকলিকৈ ভাবিব পৰা মানসিকতাই উদ্যমিতাৰ প্ৰকৃত অৰ্থ নিৰূপণ কৰে। উদ্যমিতা বুলিলে বহুতে আয়ৰ পথ হিচাপে লোৱা অথচ আগতে কাহিনীও নভবা এটি নতুন চিন্তা বুলিও ক’বলৈ বিচাৰে। পিছে প্ৰকৃতাৰ্থত ১.৩৫ বিলিয়ন জনসংখ্যা থকা আমাৰ দেশত কেতিয়াও কোনেও নভবা এটা নতুন চিন্তা কৰাটো ইমানো সহজ নহয়। এগৰাকী উদ্যমী ব্যক্তিয়ে যদিহে উদ্যমিতাক নিজৰ সংস্থাপন হিচাপে ল’বলৈ বিচাৰে আৰু তেওঁ যদিহে কেতিয়াও কোনেও নভবা এটা নতুন পৰিকল্পনাৰে এয়া কৰিম বুলি ৰৈ থাকে, তেন্তে এইক্ষেত্ৰত তেওঁৰ আনবোৰ গুণ থাকিলেও সফল হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়। ইয়াৰ মূল কাৰণ এইটোৱেই যে কেতিয়াও কোনেও নভবা চিন্তা এটা প্ৰয়োগ কৰি নতুন এটা ব্যৱসায় আৰম্ভ কৰিবলৈ বিচৰাটো বহু পৰিমাণে কঠিন হৈ পৰে। গতিকে তেওঁ যদিহে আগতে চলি অহা চিন্তাক সাৰোগত কৰি আগবাঢ়ে আৰু তাত তেওঁৰ সৃষ্টিশীল মনটো ব্যৱহাৰ কৰে তেন্তে তেওঁ লাভান্বিত হোৱাটো সহজসাধ্য হৈ পৰে।

উদ্যমিতা বিষয়টো ‘ঋক বেদ’ৰ সমানেই পুৰণি। যি সময়ত পৌৰাণিক ভাৰতত ধাতুৰ প্ৰচলন আছিল, তেতিয়াৰ পৰাই ভাৰতবৰ্ষত উদ্যমিতাৰ সৈতে মানুহ জড়িত হৈ আছিল। যদিওবা সামগ্ৰী উৎপাদনৰ উদ্যমিতাৰ প্ৰচলন বহু পাছলৈহে হৈছিল। সেই সময়ছোৱাত প্ৰধান আসোঁৱাহ আছিল যাতায়াত পৰিবহণ আৰু যোগাযোগ। যাতায়াত ব্যৱস্থা একেবাৰেই সুচল নথকা হেতুকে সামগ্ৰীৰ আমদানি-ৰপ্তানিত ব্যাঘাত জন্মিছিল। তেতিয়া যাতায়াতৰ মূল ব্যৱস্থা আছিল নৌ-যাত্ৰা। যাৰ ফলত ভাৰতৰ কেতবোৰ নদীৰ পাৰত অৱস্থিত নগৰ যেনে বাৰাণসী, পুৰী, গয়া, আহমেদাবাদ ইত্যাদি ঠাইবোৰত কিছুসংখ্যক শিল্পী অথবা কাৰিকৰৰ উদ্ভৱ হৈছিল। কুটীৰ শিল্প আদিকে ধৰি তাত গঢ়ি উঠিছিল কেতবোৰ ক্ষুদ্ৰ উদ্যোগ। পিছে সেই সময়ৰ ভাৰতীয় মানুহৰ মূল্যবোধৰ অভাৱ অথবা উদ্যমীসকল গুণগতভাৱে দুৰ্বল হোৱা হেতুকে উদ্যমিতা বিষয়টো ঠন ধৰি উঠিব পৰা নাছিল। যাৰ ফলত ভাৰতলৈ আগমন ঘটিছিল ব্ৰহ্মদেশ, ছিংগাপুৰ, কেনিয়া ইত্যাদি দেশৰ পৰা অহা কিছুসংখ্যক লোকৰ। ব্যৱসায় কৰাৰ মানসেৰে ভাৰতত পদাৰ্পণ কৰা এইসকল লোকে উদ্যমিতাৰ এক বহল ব্যাখ্যা আগবঢ়াবলৈ সক্ষম হৈছিল আমাৰ মাতৃভূমিত।

১৭শ শতিকাত এছিয়াৰ লগতে বাকী মহাদেশসমূহতো ভাৰতীয় কপাহৰ চাহিদা বহু পৰিমাণে বাঢ়িছিল। ইয়াৰ ফলত পৰিৱেশৰ প্ৰতিবন্ধকতা নেওচি ভাৰতীয় উদ্যমীসকল আগুৱাই যাবলৈ সক্ষম হৈছিল। ইউৰোপীয়ান দেশে ভাৰতৰ কপাহ উদ্যোগত বিনিয়োগ কৰিবলৈ লৈছিল। কিন্তু ব্ৰিটিছৰ সময়ছোৱাত ভাৰতীয় উদ্যমীসকলক নিৰুৎসাহ কৰিবলৈ কিছুমান নিয়মৰ প্ৰৱৰ্তন কৰা হৈছিল আৰু ইয়াৰ ফলত আগুৱাই যাবলৈ ধৰা ভাৰতীয় উদ্যমিতা লাহে লাহে ম্লান পৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ আৰু এটা মূল কাৰণ আছিল- আয়ৰ এটা বৃহৎ পৰিমাণ ইউৰোপীয় কোম্পানীক দিবলগীয়া হোৱাটো। ভাৰতীয় বাণিজ্য ক্ষেত্ৰখন ব্ৰিটিছে সম্পূৰ্ণৰূপে হস্তগত কৰি লৈছিল। কয়লাকে আদি কৰি ভাৰতীয় প্ৰাকৃতিক সম্পদসমূহো ব্ৰিটিছৰ হাতৰ মুঠিত আছিল। একপ্ৰকাৰে ক’বলৈ গ’লে সেই সময়ত ভাৰতীয় সত্তা আৰু বাণিজ্যৰ বিপৰীতে ভাৰতত ব্ৰিটিছ উদ্যমিতাহে ঠন ধৰি উঠিছিল। এনে এক সময়তেই ৮ মে, ১৮৪৫ চনত উদ্ভৱ হৈছিল ভাৰতীয় ৰেলৱে।
১৮৫০ চনৰ পাছত ভাৰতত সামগ্ৰী উৎপাদক উদ্যমিতাৰ প্ৰচলন ঘটিছিল। ১৮৫৪ চনত ‘চি.জি. এন. ডাবৰে’ (CGN Daber) ভাৰতত প্ৰথমটো সফল কপাহ উদ্যোগ স্থাপন কৰিছিল। ইয়াৰ তিনি বছৰৰ পাছত চাৰিটা উদ্যোগ আৰু ২৫ বছৰৰ ভিতৰত ভাৰতত সৰ্বমুঠ ৫৮টা কপাহ উদ্যোগৰ জন্ম হৈছিল। তাৰপিছতে জামছেদপুৰত ষ্টীল উদ্যোগ আৰু বিভিন্ন ঠাইত ঊণ সূতা উৎপাদন উদ্যোগ গঢ়ি উঠিছিল। গুজৰাটৰ চুৰাটত ‘ইষ্ট ইণ্ডিয়া কোম্পানী’য়ে প্ৰথমটো জাহাজ সজা উদ্যোগ নিৰ্মাণ কৰিছিল।

এনেদৰেই ভাৰত স্বাধীন হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ঔদ্যোগিক আইন, ১৯৪৮ প্ৰণয়ন কৰিছিল। তেখেতে ঔদ্যোগিকৰণত সফল হ’বলৈ গুৰু উদ্যোগ স্থাপন হোৱাটো নিতান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰিছিল।

নেহৰুৱে কোৱাৰ দৰে গুৰু উদ্যোগৰ প্ৰয়োজনীয়তা আছে যদিও নিবনুৱা সমস্যা লাঘৱ কৰিবলৈ লঘু উদ্যোগৰ গুৰুত্ব কেতিয়াও নুই কৰিব নোৱাৰি। গতিকে উদ্যমিতা বিষয়টো তাহানিৰ দিনৰে পৰা অগ্ৰাহ্য কৰিব পৰা বিষয় নাছিল আৰু সেই কথাটোও নেহৰুৱে স্পষ্টকৈ জনাই দিছিল।

ভাৰতীয় উদ্যমিতাৰ ক্ষেত্ৰখনত ব্ৰিটিছ সকলৰ অৱদান সহজে নুই কৰিব পৰা নাযায়। যদিও ব্ৰিটিছে ভাৰতীয় নিবনুৱাসকলক ন্যূনতম শিক্ষাৰ হাৰ আৰু প্ৰায়োগিক শিক্ষাৰ অভাৱৰ বাবে গুৰুত্ব দিবলৈ বিচৰা নাছিল। এতিয়াৰ সময় সৌ তাহানিৰ সময়তকৈ বহুখিনি সলনি হ’ল। এতিয়া যিকোনো বিষয়ত শিক্ষা লাভ কৰাটো তেনেই উজু কথা হৈ পৰিল। প্ৰায়োগিক শিক্ষা লাভ কৰিবলৈ বিচাৰিলেও ঠায়ে ঠায়ে এই শিক্ষাদানৰ অনুষ্ঠান ভালেখিনি গঢ়ি উঠিছে। তাৰপিছতো যেন আমাৰ সমাজ ব্যৱস্থাত ক’ৰবাত কেৰোণ এটা আছে। সেয়া হৈছে বদ্ধ পৰিকৰ ৰূপে থকা চাকৰিমুখী মনোভাৱ। যুৱ সমাজৰ অধিকাংশই উদ্যমিতাক এক বিকল্প হিচাপেহে গ্ৰহণ কৰা দেখা যায়।

আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা ঘোষিত এক উক্তি হিচাপে তেখেতে অতি সোনকালেই এক লাখ নিবনুৱাক চাকৰি দিব বুলি জানিবলৈ পোৱা গৈছে। অসমৰ নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্য অনুসৰি ডিচেম্বৰ, ২০২০ লৈ অসমত নিবনুৱাৰ সংখ্যা ২০,২৪,০০০ হৈছেগৈ। নিবনুৱাৰ বৃহৎ সংখ্যাৰ বিপৰীতে চাকৰিৰ এই সংখ্যা তেনেই ক্ষুদ্ৰ। বছৰি এই সংখ্যা বাঢ়িহে গৈ থাকিব। তেনেস্থলত চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হোৱা নিবনুৱা সকলে ‘বেকাৰ’ নামৰ এটা টেগ লৈ জীয়াই নাথাকি নিজৰ মাজৰ উদ্যমী শক্তিক জগাই তুলি কৰ্মস্পৃহাৰে উদ্যমিতাক আঁকোৱালি ল’লে নিজকে আৰ্থিক দিশত স্বাৱলম্বী কৰি গঢ় দি তুলিব পাৰিব আৰু লগতে সুস্থ সমাজ এখন গঢ় দিয়াত নিজকে এটা কাৰক হিচাপেও অন্তৰ্ভুক্ত কৰিব পাৰিব।

হয়তো অদূৰ ভৱিষ্যতে উদ্যমিতাৰ বীজ ৰোপণ হ’ব অসমৰ প্ৰতিগৰাকী যুৱক-যুৱতীৰ মনত। ব্যক্তিগত উদ্যমিতাৰ এনেদৰেই বিকাশ ঘটিব। হয়তো চৰকাৰ আৰু প্ৰশাসনেও সামগ্ৰিক উদ্যমিতাৰ দিশটোত অধিক গুৰুত্ব আৰোপ কৰি উদ্যমিতাৰ দ্বাৰা আমাৰ দেশৰ তথা জাতিটোৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত এনেদৰেই সূচনা কৰিব এক নতুন দিগন্তৰ।

এই সংখ্যাটোৰ আঁৰত-

একাদশ বৰ্ষৰ দ্বিতীয় সংখ্যাটোৰ আঁৰত

‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ দ্বিতীয় সংখ্যাটিৰ আঁৰত থাকি সহায়-সহযোগিতা আগবঢ়াই যোৱা সকলো সদাশয় ব্যক্তিলৈকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এই সংখ্যাটিৰ বাবে সাক্ষাৎকাৰটি লিপিবদ্ধ কৰাত বিশেষ সহযোগিতা আগবঢ়ালে অভিজিত দত্ত আৰু বিকাশ দত্তই।
লেখাসমূহৰ বৰ্ণাশুদ্ধিৰ বিষয়ত সহযোগিতা আগবঢ়ালে মৃদুল কুমাৰ শৰ্মা, ড° মৃণাল জ্যোতি গোস্বামী, মিতালী বৰ্মন, কলচুম বিবি, দ্বীপজ্যোতি বৰা, মণ্টু কুমাৰ বৰঠাকুৰ আৰু মাধুৰ্য্য গোস্বামীয়ে।
কাৰিকৰী দিশত সহায়-সহযোগিতা আগবঢ়ালে ক্ৰমে মৃদুল কুমাৰ শৰ্মা, অভিজিত দত্ত, ড° দ্বীপজ্যোতি বৰা আৰু ড° মনোজ মন কলিতাই।
সৰ্বোপৰি বিশেষ কৃতজ্ঞতাৰ পাত্ৰ হৈছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আমাৰ শ্ৰদ্ধেয় লেখক-লেখিকাসকল যাৰ সহায়-সমৰ্থন অবিহনে এই ই-আলোচনীখনি নিৰ্ধাৰিত সময়ত পঢ়ুৱৈ ৰাইজৰ সমুখলৈ আমি উলিয়াই দিব নোৱাৰিলোঁহেঁতেন।

ধন্যবাদ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অবিনাশ শৰ্মা
1 month ago

সুন্দৰ৷