সাক্ষাৎকাৰ -- দেৱজিৎ বৰ্মন

লেখক-

’সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে এইবাৰ সাক্ষাৎ গ্ৰহণ কৰা হৈছিল প্ৰখ্যাত মীনপালক তথা সফল ব্যৱসায়ী শ্ৰীযুত দেৱজিৎ বৰ্মনৰ। নলবাৰী জিলাৰ পাইকাৰকুছিৰ সমীপত অৱস্থিত নানকাৰ ভয়ৰা নামৰ গাৱঁত শ্ৰীযুত দেৱজিৎ বৰ্মনে মাছ, গাহৰি, ছাগলী, কুকুৰা আদি প্ৰতিপালন কৰে। এগৰাকী সফল মীনপালক আৰু সফল উদ্যমী ব্যৱসায়ী হিচাপে শ্ৰীযুত বৰ্মনে লাভ কৰা বিভিন্ন অভিজ্ঞতা সম্পৰ্কে এই সাক্ষাৎকাৰটিত বৰ্ণনা কৰা হৈছে। ‘সাহিত্য ডট অৰ্গ’ৰ হৈ উক্ত সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰীৰূপম ৰিদিপে।

 

 

সাক্ষাৎকাৰৰ অনুলেখন কৰিছে শ্ৰীৰূপম ৰিদিপ, শ্ৰীবিকাশ দত্ত আৰু শ্ৰীঅভিজিত দত্তই। ইয়াক বাণীৱদ্ধ ৰূপত প্ৰকাশ কৰিছে শ্ৰীবিকাশ দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি কৰিছে কলচুম বিবিয়ে আৰু ইয়াৰ সংশোধিত ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰীমৃদুল কুমাৰ শৰ্মাই।

সাহিত্য ডট অৰ্গ: নমস্কাৰ। সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আমাক সময় দিয়া বাবে আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ পৰিয়ালৰ বিষয়ে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

দেৱজিৎ বৰ্মন: হয়, আমাৰ পৰিয়ালটো আচলতে এটা যৌথ পৰিয়াল। দেউতা, খুৰা-খুৰী, ভাইটি, মোৰ পত্নী তথা মোৰ দুজনী ছোৱালীক লৈয়েই আমাৰ পৰিয়ালটি। মোৰ দেউতাৰ নাম শ্ৰীদিবাকৰ বৰ্মন আৰু মাৰ নাম হ’ল স্বৰ্গীয়া অংগীৰা বৰ্মন। ভাইটিৰ পৰিয়ালটিও আমাৰ এই বৃহৎ পৰিয়ালতেই আছে। অৱশ্যে মোৰ পত্নী শিক্ষক বৃত্তিৰ সতে জড়িত বাবে বৰ্তমান গুৱাহাটীত বাস কৰে। আমাৰ ছোৱালী দুজনীয়েও মোৰ পত্নীৰ সতে গুৱাহাটীত থাকি অধ্যয়নত ব্যস্ত হৈ আছে। মই অৱশ্যে মোৰ এই ব্যৱসায়ৰ বাবে বেছিভাগ সময় পামতেই অতিবাহিত কৰিবলগীয়া হয়। তথাপি মই মোৰ পৰিয়ালৰ আৰু বিশেষকৈ আমাৰ সন্তানৰ সতে সময় অতিবাহিত কৰোঁ। সেই সময়খিনিয়ে মোক সদায়েই সতেজ কৰি তোলে।

সাহিত্য ডট অৰ্গ: এগৰাকী সফল ব্যৱসায়ী হোৱাৰ লগে লগে আপুনি এগৰাকী সুখী পিতৃ হিচাপেও সময় অতিবাহিত কৰিছে। আপুনি আপোনাৰ সন্তানক ভৱিষ্যত জীৱনত সফলতা লাভ কৰিবলৈ কেনেধৰণে দিহা-পৰামৰ্শ দিয়ে?

দেৱজিৎ বৰ্মন: হয়। ইতিমধ্যে মই প্ৰকাশ কৰিছোঁ যে মই দুজনী ছোৱালীৰ পিতৃ। এতিয়া সিহঁতে পঢ়ি আছে। ডাঙৰজনী ক্লাছ ছেভেনত, সৰুজনী ক্লাছ ফাইভত। সৰুজনীয়ে মোক মনে মনে কয়, “মই পাপা তোমাৰ ব্যৱসায়টো চম্ভালি দিম দিয়া।” এই ক্ষেত্ৰত তাইক মই কোনোদিনে নিৰুৎসাহ কৰা নাই। এতিয়া এই পামতেই কাৰ্যালয় এটা নিৰ্মাণৰ কামত ব্যস্ত হৈ আছোঁ। কাৰ্যালয়টোৰ অভ্যন্তৰীণ দিশটো সম্পৰ্কে তাই তদাৰক কৰি আছে। পামখনৰ প্ৰতি সিহঁতৰ যথেষ্ট মৰম আৰু আস্থা আছে। পামৰ বাবে যদি মই মাটি ক্ৰয় কৰোঁ, সিহঁত সুখী হয়। সিহঁতৰ সুখে মোকো সুখী কৰি তোলে।

সিহঁতক মই ভালদৰে শিক্ষাগ্ৰহণ কৰিবলৈ কৈছোঁ। সিহঁতৰ নিজৰ যিটো লক্ষ্য সেইটোত সফল হওক। সৰুজনীয়ে কয় যে তাই ব্যৱসায় কৰিব, ডাঙৰজনীয়ে চাকৰি কৰিবলৈ বিচাৰে। আমি আমাৰ ফালৰ পৰা আমাৰ সন্তান দুটা মানুহ হোৱাটো বিচাৰোঁ। সিহঁতে উচিত শিক্ষা লওক, সুস্থ মানুহ হওক। মানুহ হিচাপে সমাজখনলৈ যিখিনি অৰিহণা দিব লাগে, সেইখিনি যাতে সিহঁতে দিব পাৰে তাকেই অভিভাৱক হিচাপে আমি কামনা কৰোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ এই পামখনৰ মাটিকালি কিমান?

দেৱজিৎ বৰ্মন: পামখনত থকা পুখুৰীৰ মাটিকালি হৈছে প্ৰায় চাৰিশ বিঘা আৰু পুখুৰীৰ সংখ্যা হ’ল ৩৫ টা। ইয়াত গাহৰিৰ ফাৰ্ম, কুকুৰাৰ ফাৰ্ম আৰু গৰু, ছাগলীও আছে। মোৰ প্ৰধান ব্যৱসায় হ’ল মাছ আৰু মাছৰ পোনা উৎপাদন। ইয়াৰ সৈতে থকা কুকুৰাৰ ফাৰ্ম তথা গৰু-ছাগলী পুহিও মই লাভৱান হৈছোঁ।

সাহিত্য ডট অৰ্গ: এগৰাকী বিশিষ্ট মীনপালক হিচাপে আপুনি সৰ্বজনবিদিত। মীনপালনৰ লগত জড়িত হোৱাৰ প্ৰেৰণা আপুনি কেনেদৰে লাভ কৰিলে সেই সম্পৰ্কে আমাক অলপ জনাবনে?

দেৱজিৎ বৰ্মন: আচলতে এই ক্ষেত্ৰত মই মোৰ পিতৃ আৰু খুৰাৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ। মোৰ পিতৃ আৰু খুৰাও খেতিৰ লগতে মীন পালনৰ সতেও জড়িত হৈ আছিল। সৰুকালৰ পৰাই মই তেওঁলোকৰ পদাংক অনুসৰণ কৰিছিলোঁ। ১৯৯০ চন মানত মোৰ বয়স আছিল পোন্ধৰ বছৰ আৰু সেই তেতিয়াৰ পৰাই মই এই ব্যৱসায়ত জড়িত হৈ আছোঁ।

সাহিত্য ডট অৰ্গ: সাধাৰণতে দেখা যায় যে প্ৰতিজন ব্যক্তিৰেই শৈশৱৰ পৰাই জীৱনৰ এক লক্ষ্য থাকে। হয়তো কোনো এজনে সেই লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হয় আৰু আনজনে সেই লক্ষ্যত উপনীত হ’ব নোৱাৰি অলপকৈ হ’লেও হতাশা অনুভৱ কৰে। মীন পালনৰ এই ব্যৱসায়ত জড়িত হৈ আপুনি আপোনাৰ জীৱনৰ লক্ষ্য পূৰণ হোৱা বুলি ভাবেনে?

দেৱজিৎ বৰ্মন: আচলতে মই পাম এখন আৰম্ভ কৰিম বুলি সেই শৈশৱতেই কল্পনা কৰিছিলোঁ। আজি সেই কল্পনা বাস্তৱত ৰূপায়িত হৈছে। অৰ্থাৎ মোৰ জীৱনৰ লক্ষ্য পূৰণ হৈছে। যিহেতু সেই শৈশৱৰ পৰাই মই মোৰ পিতৃ আৰু খুৰাক মীন পালনত লাগি থকা দেখিছিলোঁ, সেয়েহে তেনেধৰণৰ কাম কৰিবলৈ ময়ো উৎসাহ অনুভৱ কৰিছিলোঁ। অৱশ্যে সেই সময়ত মোৰ পিতৃ আৰু খুৰাই মীন পালনৰ ক্ষেত্ৰত এক সমস্যাৰ সম্মুখীন হৈছিল। তেওঁলোকে পৰ্যাপ্ত পৰিমাণত মাছৰ পোনা পোৱা নাছিল। মীন পালনত ব্ৰতী হৈ মই এই দিশটোৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছিলোঁ। পৰ্যাপ্ত পৰিমাণৰ মাছৰ পোনা উৎপাদন কৰিবলৈ মই যথাসাধ্য চেষ্টা কৰিছিলোঁ আৰু আজি মই এই কাৰ্য সমাধা কৰাত সফল হৈছোঁ। সেই ফালৰ পৰাও চাবলৈ গ’লে মোৰ জীৱনৰ লক্ষ্য পূৰণ হৈছে। আপোনালোকক আৰু এটা কথা জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে ব্যৱসায় কৰিম বুলিয়েই মই বাণিজ্য শাখাত অধ্যয়ন কৰিছিলোঁ আৰু সেই শাখাত অধ্যয়ন কৰি আহৰণ কৰা জ্ঞানে আজি মোক সহায় কৰিছে।

সাহিত্য ডট অৰ্গ: আপুনি পামত হয়তো বিভিন্ন তৰহৰ মাছ উৎপাদন কৰে। এই বিষয়ে আমাক অলপ বিস্তৃতভাৱে জনাবনে?

দেৱজিৎ বৰ্মন: মই ইয়াত সাধাৰণতে পাঁচবিধ মাছ পোহোঁ। জয়ন্তী ৰৌ, উন্নত জাতৰ কাটলা, ভকুৱা বা বাহু, মিৰিকা, আমুৰ কাৰ্প আৰু পুখুৰীটো চাফা কৰাৰ বাবে গ্ৰাছকাৰ্প কেইটামান দিওঁ। মই শিঙি, মাগুৰ, গৰৈ ইত্যাদি মাছৰ পোৱালি উৎপাদন কৰোঁ। কিন্তু এই প্ৰজাতিৰ ডাঙৰ মাছৰ উৎপাদন নকৰোঁ। এই প্ৰজাতিৰ মাছ ডাঙৰ কৰিবলৈ আমি দৰৱ, খাদ্য আৰু পোৱালিৰ যোগান ধৰোঁ। আমি মাছৰ বাবে গুণগত মান থকা খাদ্যহে যোগান ধৰোঁ। সকলো কোম্পানীৰ পৰা মাছৰ খাদ্য আমি ক্ৰয় নকৰোঁ। কাৰণটো হ’ল বেছিভাগ কোম্পানীয়ে মাছৰ বাবে আৱশ্যকীয় খাদ্য-সামগ্ৰী কম দামত দিয়ে যদিও এনেধৰণৰ খাদ্য-সামগ্ৰীত প্ৰটিন কমকৈ থাকে। এনেধৰণৰ খাদ্যৰ ফলত এম’নিয়াৰ পৰিমাণ বাঢ়ে, পানীৰ গুণগত মান হ্ৰাস পায়। মাছবোৰো ভালদৰে ডাঙৰ নহয়। আমি যি খাদ্যবস্তুৰ যোগান ধৰোঁ তাৰ ফলত এম’নিয়া নাবাঢ়ে, প্ৰটিনৰ শতকৰা হিচাপত ঠিকে থাকে যাৰ ফলত মাছৰো বৃদ্ধি ভালদৰে হয়।

সাহিত্য ডট অৰ্গ: আপুনি শিঙি, মাগুৰ আদি প্ৰজাতিৰ ডাঙৰ আকাৰৰ মাছ উৎপাদন নকৰে বুলি ইতিমধ্যে প্ৰকাশ কৰিলে। কিন্তু বজাৰত আমি দেখিবলৈ পাওঁ যে শিঙি, মাগুৰ ইত্যাদি মাছৰ দাম ৰৌ, ভকুৱা, মিৰিকা মাছতকৈ ভালেখিনি বেছি হয়। ইয়াত আপুনি ডাঙৰ আকাৰৰ মাছ উৎপাদন নকৰাৰ কাৰণটো কি? এনেধৰণৰ মাছ উৎপাদনত লাভৰ পৰিমাণ কম নে এই মাছ কেইবিধৰ চাহিদা কম?

দেৱজিৎ বৰ্মন: আচলতে ৰৌ, ভকুৱাৰ দামটো কম যদিও উৎপাদন বেছিকৈ হয়। শিঙি, মাগুৰৰ দাম যেনেকৈ বেছি, তেনেকৈ সিহঁতক প্ৰটিনযুক্ত খাদ্যও বহুত দিব লাগে। খাদ্যবস্তুৰ খৰচ বহুখিনি বাঢ়ি যায়। প্ৰাকৃতিক খাদ্য বায়’ফ্লকত দিব নোৱাৰি। পুখুৰীৰ মাটিৰ উৰ্বৰতাৰ পৰা যিমানখিনি প্ৰাকৃতিক খাদ্য পোৱা যায় সেয়া ৰৌ-ভকুৱাৰ বাবেহে সঠিক থাকে। তদুপৰি শিঙি, মাগুৰ ইত্যাদি মাছ মানুহে ইমানো নাখায় যিমান ৰৌ, ভকুৱা আদি মাছবোৰ খায়। শিঙি, মাগুৰ ইত্যাদি মাছৰ দামো ভালেখিনি বেছি হয়। শিঙি, মাগুৰত সময়ো যথেষ্টখিনি দিব লাগে। আমাৰ কামৰ খণ্ড ভালেকেইটা আছে। মাছৰ পোৱালি উৎপাদন, অন্য মীনপালকক মাছৰ খাদ্যবস্তুৰ যোগান, ডাঙৰ মাছৰ বিক্ৰী ইত্যাদি। শিঙি, মাগুৰ আদি উৎপাদন কৰিবলৈ আচলতে আমাৰ বাবে সময়ৰো নাটনি হয়। এনেধৰণৰ বিভিন্ন কাৰণৰ বাবে এইবোৰ মাছৰ কেৱল পোৱালিহে উৎপাদন কৰোঁ।

এইবোৰ মাছ উৎপাদনত লাভৰ পৰিমাণ নথকা নহয়। নিশ্চয় আছে। কিন্তু যাৰ মাটিৰ পৰিমাণ কম, পুখুৰী খান্দিবলৈ ঠাই কম তেওঁলোকে বায়’ফ্লক কৰি এই মাছৰ উৎপাদন কৰিব পাৰে। পিছে মোৰ যিমানটা পুখুৰী আছে আৰু তাত মাছৰ উৎপাদন কৰিবলৈ যিমান কৰ্মচাৰী আছে তেওঁলোকক দৰমহা দিবলৈ হ’লে মোৰ উৎপাদন বহুখিনি বেছি হ’ব লাগিব। বায়’ফ্লকত যদি এজনে এশ কেজি শিঙি, মাগুৰৰ উৎপাদন কৰি আছে, আমি এটা পুখুৰীত দহ হাজাৰ কেজি মাছ উৎপাদন কৰি আছোঁ।

সাহিত্য ডট অৰ্গ: মীনপালনৰ ক্ষেত্ৰত নিশ্চয় সকলোৰে দৰে হয়তো আপুনিও কিছু বাধাৰ মুখামুখি হৈছিল। এই সমগ্ৰ বাধা নেওচি আপুনি কেনেদৰে আগুৱাই যাব পাৰিছে সেইবিষয়ে আমাক অলপ জনাবনে?

দেৱজিৎ বৰ্মন: আচলতে এয়া প্ৰায় বত্ৰিশ বছৰ আগৰ কথা। মই মীনপালন আৰম্ভ কৰিছিলোঁ ১৯৯০ চনত। তেতিয়া মাছৰ সামগ্ৰীবোৰ কলকাতা, বেংগালুৰুৰ পৰা আহিছিল। সেই সময়ত সামান্য জাল এখন গুঁঠিবলৈও কলকাতাৰ পৰা মানুহ আনিব লাগে। এতিয়া সেই সমস্যাবোৰ নাইকিয়া হৈ গ’ল। আমাৰ অসমৰ দোকানতে এই সামগ্ৰীবোৰ পোৱা যায়। আৰু এটা কথা, মই যেতিয়া মীন পালন কৰিছিলোঁ, তেতিয়া পানীত অক্সিজেনৰ মাত্ৰা নিৰ্ধাৰণ কৰিবলৈ ঔষধ, মাছৰ হ’ৰমনৰ বেজী এইবোৰ বাহিৰৰ পৰা সংগ্ৰহ কৰিব লাগিছিল। এতিয়া এই সমস্যাবোৰ নোহোৱা হ’ল। আমি ইয়াতেই আমাৰ লাগতিয়াল সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সুবিধা পালোঁ।

সাহিত্য ডট অৰ্গ: আপুনি বায়’ফ্লক পদ্ধতিৰে মাছ উৎপাদন কৰি পাইছেনে? বায়’ফ্লকৰ মাছ আৰু পুখুৰীৰ মাছৰ মাজত তুলনা কৰিবলৈ বিচাৰিলে সেই তুলনাটো কেনেধৰণৰ হ’ব?

দেৱজিৎ বৰ্মন: পুখুৰীত ডাঙৰ মাছ উৎপাদন কৰিব পাৰি। পিছে ৰৌ, মিৰিকা, ভকুৱা ইত্যাদি মাছ বায়’ফ্লকৰ বাবে নহয়। ৰৌ, মিৰিকাক যথেষ্ট বেছি অক্সিজেন লাগে, বহল ঠাই লাগে, প্ৰাকৃতিক খাদ্য লাগে। বায়’ফ্লকত কৃত্ৰিম খাদ্য যি দিয়া হয় সেয়া খাই মাগুৰ, শিঙি মাছ আদি ডাঙৰ হ’ব পাৰে। কিন্তু বায়’ফ্লকত ৰৌ-মিৰিকা কৰিবলৈ বিচাৰিলে সফল হ’ব নোৱাৰি।

বায়’ফ্লক মই এতিয়ালৈ কৰা নাই। মোৰ যিহেতু পুখুৰী পৰ্যাপ্ত পৰিমাণৰ আছে, লগতে মই মাছৰ পোৱালিও উৎপাদন কৰিব লাগে বাবে মই এতিয়ালৈ এই বিষয়ে একো আঁচনি হাতত লোৱা নাই।

সাহিত্য ডট অৰ্গ: বিভিন্ন প্ৰজাতিৰ মাছ একেলগে এটা পুখুৰীত পালন কৰিব পাৰি নে? কিছুমান ডাঙৰ মাছে সৰু মাছৰ পোৱালিবোৰক খাই পেলায় বুলি শুনিবলৈ পোৱা যায়। মীনপালনৰ ক্ষেত্ৰত এইটোৱে এটা সমস্যা হিচাপে দেখা দিয়ে নেকি? এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লোৱা হয়?

দেৱজিৎ বৰ্মন: দৰাচলতে আমাৰ মাছৰ পোৱালি উৎপাদন কৰা ঠাই আৰু প্ৰতিপালন কৰি ডাঙৰ কৰা পুখুৰী বেলেগ হোৱা বাবে এনে সমস্যাই দেখা নিদিয়ে। কিন্তু বজাৰত কিছুমানে ছিলভাৰ মাছ বুলি বিগ হেড কাৰ্প বিক্ৰী কৰে। এই মাছবিধ চৰকাৰীভাৱে অসমত নিষিদ্ধ কৰা হৈছে। এইবোৰ মাছৰ পোৱালি বজাৰলৈ আহি আছে আৰু এইবোৰ মাছ বিক্ৰী হৈ আছে। ইয়াৰ ওপৰত চৰকাৰে এতিয়ালৈকে একো পদক্ষেপ হাতত লোৱা দেখা নাই।

সাহিত্য ডট অৰ্গ: এই বিগ হেড কাৰ্প মাছবিধৰ দৰে আমি জনাত থাইলেণ্ড মাগুৰকো এবিধ নিষিদ্ধ মাছ হিচাপে চিহ্নিত কৰা হৈছে। এনেধৰণৰ মাছসমূহ নিষিদ্ধ হোৱাৰ কাৰণ কি?

দেৱজিৎ বৰ্মন: হয়। প্ৰথমতে মই বিগ হেড কাৰ্প মাছ নিষিদ্ধ কৰাৰ কাৰণটো ব্যাখ্যা কৰিবলৈ ওলাইছোঁ। আচলতে এই মাছবিধে প্ৰাকৃতিক উৎসৰ পৰা ৰৌ, বাহু, ভকুৱা মাছৰ খাদ্য অকলেই খাই পেলায়। বিগ হেড কাৰ্প পুখুৰীত দিলে ৰৌ, ভকুৱাৰ উৎপাদন কমি যায়। ফলত আমাৰ মানুহে মাছৰ পৰা পাবলগীয়া পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন নাপাব। আনহাতে ছিলভাৰ কাৰ্প, বিগ হেড কাৰ্প আদি মাছৰ পৰা প্ৰটিনৰ পৰিমাণ কমকৈ পোৱা যায়। পিছে এইবোৰ মাছে খাদ্যবস্তু বেছিকৈ খায়। একেদৰে থাইলেণ্ড মাগুৰে আমাৰ চৌপাশে প্ৰকৃতিত যিমান পোক-পৰুৱা, সাপ-ভেকুলী আদি আছে, সেই সকলোবোৰ খায়। ফলত এক অনুকূল পৰিৱেশৰ বাবে প্ৰয়োজনীয় অইন জীৱবোৰ নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। এই মাছবিধে পুখুৰীত নমা মানুহকো কামোৰে। আনকি মৃত শৰীৰ এটা পুখুৰীত পেলাই থ’লে এই মাছবিধে গোটেইটো খাই পেলায়। সেয়েহে থাইলেণ্ড মাগুৰ‌ আমাৰ পুখুৰী এটাত বাস কৰিবলৈ ল’লে পৰিৱেশ ভাৰসাম্যহীন হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।

আমাৰ ইয়াত এবাৰ এগৰাকীয়ে থাইলেণ্ড মাগুৰ পুহিছিল। তেতিয়া চৰকাৰৰ ফালৰ পৰা চাপ দিয়া হৈছিল যে অতি সোনকালেই এই মাছবোৰ আঁতৰ কৰিব লাগে। নহ’লে তেওঁৰ জেইল-জৰিমনা হ’ব। তেতিয়া তেওঁ সেই মাছখিনি জাল মাৰি উঠাই আনি পুতি পেলালে। তেখেতৰ যথেষ্ট লোকচান হ’ল। কথাটো ঠিকেই আছে। কিন্তু এতিয়া আকৌ জাগীৰোড বা মৰিগাঁৱত থাইলেণ্ড মাগুৰৰ পোৱালি বৃহৎ পৰিমাণত বিক্ৰী হৈ আছে। এইক্ষেত্ৰত জিলা প্ৰশাসন অথবা মীনপালন বিভাগে বিভাগীয় দায়িত্ব পালন কৰি এনেধৰণৰ মাছ নিষিদ্ধ কৰা আৱশ্যক।

সাহিত্য ডট অৰ্গ: বাৰিষা নদীত মাছে যেতিয়া কণী পাৰে, সেই সময়ত আমি মাছ নাখালে অসমত মাছৰ উৎপাদন বহুখিনি বৃদ্ধি পাব বুলি বিভিন্ন মহলত প্ৰায়েই আলোচনা হোৱা দেখা যায়। এই সম্পৰ্কে আপোনাৰ মতামত কি?

দেৱজিৎ বৰ্মন: আমাৰ চৰকাৰে এটা ভাল পদক্ষেপ হাতত লৈছে। প্ৰাকৃতিক উৎসত যিবোৰ মাছ উৎপাদন হয় সেইবোৰ ঠাইত এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈকে মাছ মৰাটো নিষিদ্ধ কৰিছে। কিন্তু যিয়ে পুখুৰীত উৎপাদন কৰি আছে তেওঁ মাছ মাৰি বিক্ৰী কৰিব পাৰে। আমাৰ অসমত বা উত্তৰ-পূৰ্বাঞ্চলত মাছ যিহেতু জনপ্ৰিয় খাদ্য, গতিকে বজাৰত মাছ উপলব্ধ হোৱাটো প্ৰয়োজনীয়। সেইটো সময়ত পুখুৰীৰ মাছ খোৱা হয়। কণী পৰাৰ সময় উকলি যোৱাৰ পাছত প্ৰাকৃতিক উৎসৰ পৰাও মানুহে মাছ খাবলৈ পায়।

সাহিত্য ডট অৰ্গ: চৰকাৰে এটা নিৰ্দিষ্ট সময়ৰ বাবে মাছ মৰাটো নিষিদ্ধ কৰাৰ যিটো পদক্ষেপ লৈছে, সেয়া কৰ্মক্ষেত্ৰত কাৰ্যকৰী হৈছে বুলি আপুনি ভাবে নে?

দেৱজিৎ বৰ্মন: কাৰ্যকৰী নিশ্চয় হৈছে। যিবোৰ ঠাইত মাছ বিক্ৰী হয়, চৰকাৰে সেইবোৰ ঠাইত জাননী জাৰি কৰি জনসাধাৰণক সজাগ কৰি দিয়ে। য’ত কিনা-বেচা হয় তাত প্ৰাকৃতিক উৎসৰ মাছ বেচিলে জেইল-জৰিমনা হয়। এই কথাবোৰ ৰাইজেও এতিয়া জনা হৈছে। আজিকালি নৈত অথবা অইন প্ৰাকৃতিক উৎসত এই সময়ছোৱাত বৰশী বোৱা মানুহো নাথাকে। আনহাতে চৰকাৰে ইয়াৰ ওপৰত লক্ষ্যও ৰাখিছে। আমি বজাৰলৈ যেতিয়া মাছ লৈ যাওঁ, ‘মহল’বোৰ মানে য’ত মাছ বিক্ৰী হয় তাত নিষিদ্ধকৰণৰ জাননী এখন আঁৰি দিয়া থাকে। মাছুৱৈ এজনে যেতিয়া মাছ বিক্ৰী কৰিব নোৱাৰে, তেতিয়া তেওঁৰ নিশ্চয় প্ৰাকৃতিক উৎসৰ পৰা মাছ মাৰি লাভ নহ’ব। এনে ঘটনা ধৰা পৰিলে মীন বিভাগৰ মানুহে আটকো কৰে। সেয়ে আজিকালি এইবোৰ সম্পূৰ্ণৰূপে বন্ধ হোৱা বুলি ক’ব পাৰি।

সাহিত্য ডট অৰ্গ: গ্ৰামাঞ্চল অথবা বিভিন্ন ঠাইত থকা পুখুৰীসমূহত বিহ অথবা অন্যান্য বহু কাৰণত মাছৰ মৃত্যু হোৱা আমি প্ৰায়েই দেখিবলৈ পাওঁ। আপোনাৰ ক্ষেত্ৰত এনে হৈছিল নে?

দেৱজিৎ বৰ্মন: হয়, প্ৰথমতে ময়ো এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। আচলতে পুখুৰীবোৰৰ পাৰত বহু গছ-গছনি থাকে। গছসমূহৰ পাতবোৰ পচি গৈ পানীত পৰে। বহুদিন বৰষুণ নিদিলে বা আকাশ মেঘাচ্ছন্ন হৈ থাকিলে পুখুৰীত অম্লজানৰ পৰিমাণ কমি আহে। পুৱাৰ ভাগত মাছবোৰে অক্সিজেন মানে অম্লজান কম পৰিমাণে পায়। পেটত কণী থকা মাছবোৰে অম্লজান কমকৈ পালে সিহঁতৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে। এতিয়া অৱশ্যে বিভিন্ন প্ৰতিষ্ঠানে পাউডাৰ, টেবলেট আদি আৱিষ্কাৰ কৰিলে। এনেবোৰ দ্ৰব্যৰ সহায়ত আজিকালি মাছবোৰৰ আয়ুসকাল বৃদ্ধি হৈছে।

সময় যোৱাৰ লগে লগে মই মোৰ চাক্ষুস অভিজ্ঞতাৰে উপলব্ধি কৰিলোঁ যে যিসমূহ পুখুৰী তিনি-চাৰিবছৰমান সিঁচা হোৱা নাই অথবা যিসমূহ পুখুৰীত গছৰ পাত যথেষ্ট পৰিমাণে পৰে, সেইবোৰ পুখুৰীত মাছ বাচি থকা বিপদজনক হৈ পৰে। আচলতে পুখুৰীৰ পাৰত নাৰিকল, তামোল, নেমু, কলগছৰ বাহিৰে অন্যান্য গছ বেছি থাকিব নালাগে। সাধাৰণতে ওখ গছৰ পাত আদি পৰি পুখুৰীৰ পানী অপৰিষ্কাৰ হৈ পৰে আৰু তেনেস্থলত মীন পালনত অসুবিধাৰ সৃষ্টি হয়।

সাহিত্য ডট অৰ্গ: আপুনি জনালে যে ৰাতিপুৱাৰ সময়ত মাছে অম্লজান কম পৰিমাণত পায়। তাৰ কাৰণ কি?

দেৱজিৎ বৰ্মন: আচলতে ৰাতিপুৱাৰ ভাগত যেতিয়া সূৰ্যৰ পোহৰ আহি পুখুৰীত পৰেহি তেতিয়া তাৰ উদ্ভিদকণাবোৰত সালোক সংশ্লেষণ হয়। তেতিয়া উদ্ভিদকণাবোৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অম্লজান এৰি দিয়ে। কিন্তু যেতিয়া সূৰ্যৰ পোহৰ কমি যায় তেতিয়া উদ্ভিদবোৰেও অম্লজান গ্ৰহণ কৰে। ৰাতি বা ৰাতিপুৱাৰ ভাগত অম্লজানৰ মাত্ৰা কমি যায়। অৱশ্যে আজিকালি বিভিন্নধৰণৰ ঔষধ ওলাইছে যিয়ে অম্লজানৰ মাত্ৰা বঢ়াই তুলিব পাৰে।

সাহিত্য ডট অৰ্গ: আমি প্ৰায়েই শুনো যে বিভিন্ন কাৰণত মাছবোৰক বেজী দিয়া হয়। ইয়াৰ কাৰণ কি? এনেধৰণৰ বেজী দিয়া মাছ খালে আমাৰ শৰীৰৰ ক্ষতি হোৱাৰ আশংকা আছে নেকি?

দেৱজিৎ বৰ্মন: আচলতে বংশবৃদ্ধিৰ বাবে মাছক হ’ৰমন দিয়া হয়। আমি পুখুৰীত কৃত্ৰিমভাৱে মাছৰ কণী পাৰিবলৈ সুবিধা কৰি দিওঁ‌। ৰৌ, মিৰিকা, বাহু মাছ আদিয়ে নদীত কণী পাৰে। পামত কণী পাৰিব লাগিলে এই মাছবোৰক বেজীৰ ৰূপত হ’ৰমন দিয়া হয়। খোৱাৰ বাবে নহয়, কেৱল পোৱালিৰ অধিক উৎপাদনৰ বাবেহে মাছক হ’ৰমন দিয়া যায়। অৰ্থাৎ এয়া এক কৃত্ৰিম প্ৰজনন ব্যৱস্থা।

সমগ্ৰ পৃথিৱীত মাছৰ কৃত্ৰিম প্ৰজনন হয়। আমাৰ গৱেষকসকলে, বৈজ্ঞানিকসকলে বিভিন্ন গৱেষণাৰ জৰিয়তে মাছৰ উৎপাদনৰ মাত্ৰা বঢ়াবলৈ কৃত্ৰিমভাৱে প্ৰজনন কৰায় আৰু তেনেদৰেই মাছৰ উৎপাদন বৃদ্ধি হয়।

মাছক হ’ৰমনৰ বেজী দিয়াৰ পিছত সিহঁতৰ বাবে এক নদীৰ সোঁতৰ সৃষ্টি কৰা হয়। যিহেতু মাছে বৰষুণৰ বতৰত কণী পাৰে সেয়েহে তাত ‘শ্বাৱাৰ’ৰ ব্যৱস্থাও কৰা যায়। এটা কৃত্ৰিম পৰিৱেশৰ সৃষ্টি মাছৰ মগজুত এনে এটা ধাৰণা দিয়া হয় যে এই পৰিৱেশ কণী পাৰিবলৈ অনুকূল। মাছেও এনে এটা পৰিৱেশত কণী পাৰিবলৈ ভাল পায়।

সাহিত্য ডট অৰ্গ: সম্প্ৰতি অসমত মীনপালন আৰু গাহৰি পালন বহুখিনি বৃদ্ধি পাইছে। ইয়াৰ ভৱিষ্যত কেনেকুৱা বুলি আপুনি ভাবে?

দেৱজিৎ বৰ্মন: মাছ আৰু গাহৰি মানেই বজাৰৰ কথা আহে। অসমত বজাৰৰ নাটনি নহয়। বজাৰ সদায়েই থাকিব। গতিকে অসমত যিখিনি মানুহে গাহৰি অথবা মাছ উৎপাদন কৰিব বিচাৰে, তেওঁলোকে ইয়াৰ গুণৰ ওপৰত লক্ষ্য ৰাখি উৎপাদনত মনোনিৱেশ কৰিব লাগিব। চাহিদা অনুযায়ী মাছ, গাহৰি আদি উৎপাদনত গুৰুত্ব আৰোপ কৰিলে ব্যৱসায়ীসকলে অধিক লাভ কৰিবলৈ সক্ষম হ’ব।

সাহিত্য ডট অৰ্গ: আমি দেখিবলৈ পাওঁ যে অসমৰ বাহিৰৰ পৰা ৰেলগাড়ী বা ডাঙৰ কণ্টেইনাৰতে হওক বহু গাহৰি আহি আছে। আমাৰ অসমত যিমানখিনি চাহিদা আছে সিমানখিনি উৎপাদন নোহোৱাৰ কাৰণবোৰ কি? মানুহে উৎপাদন কৰিবলৈ নিবিচাৰে, নে লাভৰ পৰিমাণ কম? এগৰাকী গাহৰি পালক হিচাপে আপুনি ইয়াৰ কাৰণ কি বুলি ভাবে?

দেৱজিৎ বৰ্মন: অসমৰ বাহিৰৰ ৰাজ্যত গাহৰি যিয়ে উৎপাদন কৰিছে তেওঁলোকে উদ্যোগ হিচাপে কৰিছে। আমাৰ ইয়াত আকৌ কোনোলোকে বাঁহৰ তলত দুটা গাহৰি পুহিও নিজকে পশুপালক হিচাপে চিনাকি দিবলৈ বিচাৰে। কথাবোৰ এনেদৰে সম্ভৱ নহ’ব! এই ক্ষেত্ৰত উচিত প্ৰশিক্ষণ ল’ব লাগিব, পৰিচালনা কৰিবলৈ পাৰিব লাগিব। তদুপৰি চৰকাৰীভাৱে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। এজন পশুপালকে ফাৰ্ম এখন খুলিবলৈ ঋণ আদি ধৰি যিখিনি প্ৰয়োজনীয় সা-সুবিধা সেইখিনিও পাব লাগিব। এতিয়া বেংকৰ ফালৰ পৰা যিমানখিনি ঋণ দিব লাগে সিমানখিনি দিয়া নহয়। তেনেস্থলত পশুপালকগৰাকীয়ে গাহৰি কিনি গাহৰিৰ বাবে ঘৰ সাজি পিছলৈ গাহৰিৰ বাবে খাদ্য কিনিবলৈ টকা নাইকিয়া হয়। পিছত বেংকৰ ফালৰ পৰাও ঋণ পৰিশোধ কৰিবলৈ কোৱা হয়। আনহাতে পশুপালনেই হওক বা মীনপালনেই হওক, যিখিনি প্ৰয়োজনীয় টকা খটুৱাব লাগে সিমানখিনি নকৰে। এইবোৰ কাৰণত এগৰাকী উপযুক্ত পশুপালক বা মীনপালক হিচাপে নিজৰ পৰিচয় গঢ় দি তোলা আমাৰ ইয়াত সম্ভৱপৰ হৈ নুঠে।

সাহিত্য ডট অৰ্গ: আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত কিবা চৰকাৰী সাহায্য লাভ কৰিছেনে?

দেৱজিৎ বৰ্মন: ১৯৯৭ চনত ৱৰ্ল্ড বেঙ্কৰ পৰা মই ২৫ হাজাৰ টকা লাভ কৰিছিলোঁ। ২০০৬ চনত এটা আঁচনিৰ বাবদ ১ লাখ ৩৫ হাজাৰ টকা পাইছিলোঁ। চৰকাৰী সাহায্য বুলিবলৈ এইয়াই।

সাহিত্য ডট অৰ্গ: মীন পালনৰ ক্ষেত্ৰত অসম বা ভাৰত চৰকাৰৰ ফালৰ পৰা মীনপালকৰ বাবে কেনেধৰণৰ আঁচনি আছে সেইবিষয়ে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে? আপুনি এনেধৰণৰ আঁচনিসমূহৰ পৰা কেনেধৰণৰ সুফল লাভ কৰিছে?

দেৱজিৎ বৰ্মন: হয়। এনেধৰণৰ অসংখ্য আঁচনি আছে। অসমত ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ আদি জাতীয় আঁচনি আছে। পিছে আমাৰ দৰে ডাঙৰ ফাৰ্ম কৰাৰ ক্ষেত্ৰত বাট-পথৰ উন্নতি, বিদ্যুৎ, পানী যোগান আদিৰ ব্যৱস্থা চৰকাৰে কৰা উচিত। আমাৰ এই পামলৈ অহা পথটোৰ অৱস্থা তথৈবচ। ফলত মই বহুজনক আমাৰ পামলৈ আমন্ত্ৰণ জনোৱাত কুণ্ঠাবোধ কৰোঁ। যিহেতু চৰকাৰে আমাৰ দৰে ব্যৱসায়ীৰ উদ্ধৃতি দি আনক উৎসাহিত কৰিব বিচাৰে, তেনেস্থলত আমাৰ দৰে ব্যৱসায়িক বিদ্যুৎ যোগান, পানী যোগান আদিৰ ব্যৱস্থা আমাৰ পামসমূহত সাধন কৰিব লাগে। চৰকাৰে আমাৰ পামলৈ অহা বাট-পথৰো উন্নতি সাধন কৰিব লাগে। আমি ন্যূনতম সুবিধাও পোৱা নাই। একেদৰে আমি ব্যৱসায় কৰাৰ ক্ষেত্ৰত পুলিচ বাহিনী, আৱকাৰী বিভাগ আদিৰ পৰা পোৱা আতিশয্য নিৰ্মূল কৰি আমি যাতে আমাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাব পাৰোঁ, সেইয়াও চৰকাৰে লক্ষ্য ৰাখিব লাগে।

সাহিত্য ডট অৰ্গ: আৰ্থিকভাৱে সচ্ছল নোহোৱা লোক এজনে চৰকাৰী ঋণৰ বাবে আৱেদন কৰি পশুপালন অথবা মীনপালনত নিজকে নিয়োজিত কৰিবলৈ বিচাৰিলে কাৰ্যক্ষেত্ৰত তেওঁ আজিৰ তাৰিখত সফল হ’বনে?

দেৱজিৎ বৰ্মন: আচলতে ঋণ পোৱাটো ইমানো টান নহয়, একপ্ৰকাৰৰ সহজেই। পিছে ঋণ পৰিশোধ কৰাটোহে টান কাম। গতিকে এজন খেতিয়কৰ যদিহে আৰ্থিক অৱস্থা বেয়া আৰু তেওঁ যদিহে এক লাখ টকা ঋণ ল’বলৈ বিচাৰে, তেওঁ প্ৰথমে এটা বা দুটা গাহৰি কিনি অভিজ্ঞতা আহৰণ কৰিব লাগিব। তেওঁ প্ৰথমে হিচাপ-নিকাচবোৰ কৰিব লাগিব, এটা লক্ষ্য বান্ধি ল’ব লাগিব। তাৰপাছতহে তেওঁ ঋণ লোৱাটো উচিত। অভিজ্ঞতা নোহোৱাকৈ আগতে ঋণ লৈ পিছত পৰিকল্পনা কৰিলে অসফল হোৱাৰ আশংকা বেছি দেখা যায়। কথাটো মই আৰু অলপ বহলাই ব্যাখ্যা কৰিবলৈ বিচাৰিছোঁ। যদিহে কোনো এজন ব্যক্তিয়ে মাছ উৎপাদন কৰিম বুলি ভাবিছে, তেওঁ প্ৰথমে নিজৰ ঘৰতে যদিহে সৰু পুখুৰী এটাও আছে তাত প্ৰথমে পৰিচালনা কৰিবলৈ শিকিব লাগিব। তেতিয়াহে তেওঁ সফল হ’ব পাৰিব। আৰু যদিহে তেওঁৰ ঘৰত পুখুৰী নাই কিন্তু মাটি আছে, তেন্তে আটাইখিনি মাটিতে পুখুৰী নাখান্দি কম পৰিমাণৰ মাটিত পুখুৰী খান্দি চাৰি-পাঁচবছৰ শিকি অভিজ্ঞতা লোৱা উচিত। তাৰপাছতহে তেওঁ বৃহৎ কলেৱৰৰ পুখুৰী খান্দি ভালদৰে আৰম্ভ কৰা উচিত। একেবাৰতে ডাঙৰ আকাৰৰ পুখুৰী খান্দি ল’লে তেওঁৰ নিজা অভিজ্ঞতা নথকা হেতুকে টকা-পইচাৰো হানি হ’ব, মাটিখিনিও বেয়া হ’ব। শেষত তেওঁ হতাশাত ভাগি পৰিব। গতিকে তেওঁ প্ৰথমে অভিজ্ঞতা লওক, তাৰপাছত ভালদৰে আগবাঢ়ক। তেওঁলোকক শিকাবলৈ আমিও সদা প্ৰস্তুত।

সাহিত্য ডট অৰ্গ: যিগৰাকী ব্যক্তিৰ আশে-পাশে মীনপালন কৰিব পৰাকৈ পৰ্যাপ্ত পুখুৰী নাই অথবা মাটি কিনি পুখুৰী খান্দিব পৰাকৈ সামৰ্থও নাই, তেনেগৰাকী লোকৰ বাবে বায়’ফ্লকৰ অৰিহণা কেনেকুৱা হ’ব পাৰে? বায়’ফ্লকৰ জৰিয়তে উৎপাদিত মাছ পুখুৰীৰ মাছৰ সমানেই স্বাস্থ্যকৰ নে?

দেৱজিৎ বৰ্মন: বায়’ফ্লকৰ মাছ স্বাস্থ্যকৰ হয় কাৰণ তাত প্ৰদূষিত পানী থকাৰ আশংকা বহু কমি যায়। পানীৰ গুণাগুণ, মাছৰ খাদ্যৰ ওপৰত তাত ভালদৰে লক্ষ্য ৰাখিব পাৰি। বায়’ফ্লকত মীনপালন কৰাসকল যথেষ্ট সজাগ হৈ থাকিব লাগিব। তেওঁলোকে অক্সিজেন, এম’নিয়া, pH আদি সদায়েই নজৰত ৰাখিব লাগে। তেওঁলোকে বজাৰৰ ওপৰতো লক্ষ্য ৰাখিব লাগিব। কোন সময়ত উৎপাদন কৰি কোন বজাৰত কোন সময়ত মাছখিনি উলিয়াই দিব পাৰিব এইবোৰত লক্ষ্য ৰাখিব লাগিব।

সাহিত্য ডট অৰ্গ: ধৰি লওক আমাৰ অসমৰেই চাৰি-পাঁচজন ডেকা ল’ৰাই আপোনাৰ ওচৰলৈ উদ্যমিতা (Entrepreneruship) ৰ বিষয়ে বা অন্যান্য ব্যৱসায় কৰাৰ বাবে লগ পাবলৈ আহিল। সেই ক্ষেত্ৰত আপুনি তেওঁলোকক কেনেকুৱা পৰামৰ্শ দিব?

দেৱজিৎ বৰ্মন: মোৰ প্ৰায়েই উদ্যমী যুৱক-যুৱতীৰ সৈতে সাক্ষাৎ হয়। প্ৰথমতে আমি তেওঁলোকক নিজৰ মতেই কাম কৰিবলৈ পৰামৰ্শ দিওঁ‌। প্ৰথম দুই-তিনিবছৰত তেনেদৰে কাম কৰিলে পিছৰ ফালে নিজে নিজেই জ্ঞান আহৰণ কৰিব। তাৰ পিছত আমি তেওঁলোকক চৰকাৰৰ দ্বাৰা দিয়া প্ৰশিক্ষণ, কিমান খাদ্য দিব লাগে, কিমান পৰিমাণৰ ঔষধ দিব লাগে ইদ্যাদি কথাবোৰ অৱগত কৰোঁ। একেদৰে গাহৰিৰ পামৰ ক্ষেত্ৰতো কথাটো একে হয়। প্ৰথমতে ১০টামান গাহৰিয়েই পোহক। তাৰ পিছত লাহে লাহে গাহৰিৰ সংখ্যা বঢ়াওক। তেনেদৰে প্ৰশিক্ষণ দিব পাৰিলে উৎপাদনো উৰ্দ্ধগামী হয়।

সাহিত্য ডট অৰ্গ: যদিহে এজন নৱপ্ৰজন্মৰ যুৱকে মীনপালন কৰিম বুলি ওলাই আহে তেন্তে তেওঁ আৰ্থিকভাবে সচ্ছল হ’ব পাৰিবনে?

দেৱজিৎ বৰ্মন: নিশ্চয় পাৰিব। প্ৰথমতে তেওঁৰ মনটো স্থিৰ কৰি ল’ব লাগিব। কাম কৰাৰ স্পৃহা থাকিব লাগিব। এগৰাকী সফল খেতিয়ক হ’ম বুলি মনত থিৰাং কৰি ল’ব লাগিব। ৰাতিপুৱা সোনকালে উঠিব লাগিব। কাৰণ ৰাতিপুৱাৰ সময়খিনিতেই মাছে অম্লজান কম পৰিমাণত পায়। এইখিনি পৰিশ্ৰম কৰিব পাৰিলে তেওঁ নিশ্চয় এগৰাকী সফল মীনপালক হ’ব পাৰিব।

সাহিত্য ডট অৰ্গ: অসমীয়া যুৱকৰ কৰ্মস্পৃহা কম বুলি সততে শুনিবলৈ পোৱা যায়। পিছে তাৰ বিপৰীতে আপোনাৰ ব্যৱসায়িক সফলতাই আজি যেন অসমীয়াসকলৰ উদ্যম তথা কৰ্মস্পৃহাক সূচাইছে। এগৰাকী সফল অসমীয়া মীনপালক হিচাপে এইবিষয়ত আপোনাৰ মতামত কি সেয়া আমাক জনাবনে?

দেৱজিৎ বৰ্মন: নিশ্চয়। আমাৰ অঞ্চলটোত সকলোৱেই মীনপালন কৰে। বিশেষকৈ মই আমাৰ দেউতা-খুড়াহঁ‌তক দেখি এই কামটো কৰিছোঁ। একেদৰে যোৱাতো লকডাউনে আমাৰ অসমত ব্যৱসায়ভিত্তিক এক মানসিকতা আনি দিছে। এইক্ষেত্ৰত আমি অসমীয়া যুৱকসকলক ধন্যবাদ দিবই লাগিব। অসমীয়া যুৱকসকলৰ ব্যৱসায়ভিত্তিক মানসিকতাৰ উত্তৰণ ঘটিছে। এতিয়া মই কিছুমান এনেকুৱা ল’ৰাও দেখিছোঁ যিয়ে আনকি বহুজাতিক প্ৰতিষ্ঠানৰ বিলাসী চাকৰি ত্যাগ কৰি ব্যৱসায়ত নামিছে। পোন্ধৰ বছৰ ‘এয়াৰফ’ৰ্চ’ত কাম কৰি চাকৰিৰ পৰা আজৰি হৈ এজনে আকৌ খেতি পথাৰত নামিছে। শদিয়াতো এগৰাকী ব্যক্তিৰ ল’ৰা আছে, এগৰাকী ভাল প্ৰশাসনিক বিষয়া হৈয়ো ব্যৱসায় কৰি আছে।

সাহিত্য ডট অৰ্গ: মীনপালনৰ এই সুদীৰ্ঘ সময়ছোৱাত আপোনাৰ কিবা স্মৰণীয় অভিজ্ঞতা আছেনে?

দেৱজিৎ বৰ্মন: যেতিয়া ১৯৯০ চনত প্ৰথমবাৰৰ বাবে মীনপালন আৰম্ভ কৰিছিলোঁ তেতিয়া দেউতাহঁ‌তৰ দিনত বছৰি আয় আছিল ৫০০০ টকা। কিন্তু মই যেতিয়া ৪০ দিনত ৪৫, ০০০ টকা আয় কৰিব পাৰিলোঁ, সেয়া মোৰ বাবে এক চিৰস্মৰণীয় অভিজ্ঞতা হিচাপে চিহ্নিত হ’ল। যেতিয়া মোৰ ফাৰ্মখন ১৯৯৮ ত আগবাঢ়ি যায় আৰু নিজৰ পইচাৰে ভালেকেইটা পুখুৰীত বিনিয়োগ কৰিবও পাৰিলোঁ। একেদৰে এক দুখৰ স্মৃতিও মোৰ মনত সদায়েই প্ৰবহমান হৈ আছে। সেইবাৰ পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে মোৰ পামখনৰ বিস্তৰ ক্ষতিসাধন কৰে। সেয়া মোৰ বাবে পাহৰিব নোৱৰা এক দুখ হৈ থাকিল। আচলতে মোৰ পামৰ পৰা মাত্ৰ আধা কিঃমিঃ দূৰত্বত পাগলাদিয়া নদীৰ এটা মথাউৰি আছে। সেইবাৰ বানপানীত মথাউৰি ভঙাৰ বাবে মই বিশেষ একো উপায় বিচাৰিয়েই নাপালোঁ। সেই ঘটনাটোৱে মোক আজিও দুখ দিয়ে।

সাহিত্য ডট অৰ্গ: মীন পালন, অথবা গাহৰি পালন আদিৰ ক্ষেত্ৰত আপুনি সমাজখনৰ পৰা কেনেধৰণৰ সঁহাৰি লাভ কৰিছে?

দেৱজিৎ বৰ্মন: দৰাচলতে আমাৰ এই অঞ্চলত মই ব্যৱসায় চলাই নিয়াৰ সময়ত যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। এই অঞ্চলৰ স্থানীয় বাসিন্দাসকলৰ বহুজনে মাছৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছে। তেখেতসকলে মোৰ সতে ব্যৱসায়িক দিশত এক সুসম্পৰ্ক বজাই ৰাখিছে। গাহৰি, কুকুৰা আদি প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো অসমৰ কেতবোৰ ঠাইত সংঘটিত হোৱাৰ দৰে মই কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। পিছে অসমৰ বিভিন্ন ঠাইত গাহৰি, মুৰ্গী আদি পোহাৰ ক্ষেত্ৰত পৰিয়াল একোটাক সামাজিকভাৱে বৰ্জন কৰাও আমি প্ৰায়েই শুনিবলৈ পাওঁ। আচলতে এনেধৰণৰ পুৰণিকলীয়া অন্ধবিশ্বাস আঁতৰ কৰাৰ ক্ষেত্ৰত চৰকাৰখনে বিভিন্ন পদক্ষেপ হাতত লোৱা আৱশ্যক। মোৰ দৃঢ় বিশ্বাস যে যদিহে অসমৰ প্ৰতিখন গাওঁ আমাৰ এই গাঁৱৰ দৰে হয়, তেনেস্থলত ব্যৱসায়ীসকলে মোৰ দৰে মুক্ত পৰিবেশ এটাত নিজৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হ’ব।

আমাৰ এই সমাজখন বা গাঁৱৰ আৰু এটা কথা মই আপোনালোকক জনাবলৈ পাই গৰ্ব অনুভৱ কৰিছোঁ। আমাৰ গাঁৱত এটাও চোৰ নাই। এই অঞ্চলত বাস কৰা লোকসকলৰ আৰ্থিক অৱস্থা পানীত হাঁহ নচৰাৰ লেখিয়া যদিও সকলোৱে আমাৰ গাঁৱত কষ্ট কৰি দুবেলা দুমুঠি খায়। বিশ্বাস আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধ খাই থকা এই গঞা লোকসকল আত্মনিৰ্ভৰশীল তথা নিজৰ আত্মসন্মানবোধ সম্পৰ্কে সদা সচেতন। এনে এখন গাঁৱত মই ব্যৱসায়ী হিচাপে থাকি সদায়েই এক নিৰাপত্তা অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গ: সাধাৰণতে দেখা যায় যে অসমৰ গ্ৰাম্যাঞ্চলত মাছ সম্পৰ্কীয় একাধিক জনশ্ৰুতি আজিও প্ৰচলিত হৈ আছে।

মীন পালনৰ সতেও এনেধৰণৰ কোনো বিশেষ জনশ্ৰুতি জড়িত হৈ আছে নে?

দেৱজিৎ বৰ্মন: দেউতা-ককাহঁতৰ মুখত মৎস্য সম্পৰ্কীয় বহু সাধুকথা শুনিছিলোঁ। এইবোৰ শুনি মই পিছলৈ লোক-সংস্কৃতিৰ কথাটোতহে অধিক গুৰুত্ব আৰোপ কৰিলোঁ। এই ক্ষেত্ৰত মই এক উদাহৰণ দিবলৈ প্ৰয়াস কৰিম। এইয়া ধৰক মাঘ বিহুৰ উৰুকাৰ কথা। উৰুকা বুলিলেই যে মাছৰ উৎসৱৰো কথা বুজোৱা হয়, সেইয়া চহৰাঞ্চলত বাস কৰা ল’ৰা-ছোৱালীয়ে ভালকৈ অনুধাৱন কৰিব নোৱাৰে। অৱশ্যে গাঁৱৰ ল’ৰা-ছোৱালীয়ে অভিজ্ঞতাৰ পৰা এনেধৰণৰ কথাবোৰৰ উহ পায়। এইবোৰ লোক সংস্কৃতিৰ কথা। এনেধৰণৰ কথাবোৰ আমাৰ সমাজখনৰ সতে জড়িত হৈ আছে। আমাৰ ভবিষ্যত প্ৰজন্মই এইবোৰ কথা জানিলেহে অসমীয়া সভ্যতা-সংস্কৃতি অটুট থাকিব।

সাহিত্য ডট অৰ্গ: ঘোঁৰাবাক, যখ আদি বিভিন্ন অপদেৱতা জলভূমিত থাকে বুলি বিভিন্ন বিশ্বাস এতিয়াও গ্ৰামাঞ্চলত আছে। এই বিষয়ে আপোনাৰ কিবা অভিজ্ঞতা আছে নে?

দেৱজিৎ বৰ্মন: আচলতে এইবোৰ অন্ধবিশ্বাস। কথাবোৰ আচলতে এনেধৰণৰ। ধৰক অসমত থকা বহু ৰজাদিনীয়া তথা প্ৰাচীন পুখুৰীৰ অভ্যন্তৰত শিল, গছৰ মূঢ়া আদি এতিয়াও সিঁচৰতি হৈ আছে। এইবোৰত জাল লাগিলে মাছ ধৰিবলৈ যোৱা মানুহজনে জালখন ভূতে টানি ধৰা বুলি ভাবি ভয়ত বিতত হৈ পৰে। আনহাতে বহু দ পুখুৰী সহজে সিঁচিব নোৱাৰি। সিঁচিলেও তাৰ গভীৰতা থাকে। তেতিয়াই সেই জলভূমিত ভূত থকা বুলি মাছ ধৰিবলৈ যোৱা মানুহজনে বিশ্বাস কৰে। আজিকালি অৱশ্যে মাছ ধৰিবলৈ বিভিন্ন সঁজুলি উদ্ভাৱন কৰা হ’ল। ফলত মই কৈ অহা উপৰ্যুক্ত সমস্যাসমূহ নোহোৱা হ’ল আৰু মানুহৰ মনৰ পৰাও অন্ধবিশ্বাসসমূহ আঁতৰিল।

সাহিত্য ডট অৰ্গ: আপুনি নিজৰ ব্যৱসায়কালত বিভিন্ন মানুহ লগ পাইছে। হয়তো সুযোগ সন্ধানী মানুহকো লগ পাইছে। এইবিষয়ে আপোনাৰ মনোভাৱ কি?

দেৱজিৎ বৰ্মন: আচলতে অসমীয়া জাতিটো এটা কৰ্মোদ্যমী জাতি। সামাজিক বাধ্যবাধকতাৰ বাবেই হয়তো বহুক্ষেত্ৰত আমি পিছ পৰি আছোঁ। পিছে যিসকলে সংঘাতবোৰৰ সৈতে যুঁজি নিজৰ কাম কৰি যায়, তেওঁ উন্নতিৰ শিখৰত সদায়েই অৱস্থান কৰে।

সাহিত্য ডট অৰ্গ: ২০১৩ চনত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আপোনাক শ্ৰেষ্ঠ মীনপালক বঁটা প্ৰদান কৰা হৈছিল। এই বঁটা গ্ৰহণ কৰি আপুনি কেনে অনুভৱ কৰিছিল?

দেৱজিৎ বৰ্মন: আচলতে মোক ‘দ্বিতীয় শ্ৰেষ্ঠ’ বুলিহে বঁ‌টাটো দিছিল। পিছে মোৰ হিচাপত বঁটাটোৰ আচল দাবীদাৰ আছিলোঁ মই। এয়া মোৰ গৰ্ব নহয়। বৰং এইয়া মোৰ প্ৰাপ্যহে আছিল। সেয়েহে দ্বিতীয় শ্ৰেষ্ঠ হিচাপে বঁ‌টাটো পাই মই বৰ সুখী হোৱা নাছিলোঁ। এই ক্ষেত্ৰত আজিও মোৰ অলপ আক্ষেপ আছে।

সাহিত্য ডট অৰ্গ: যোৱাবছৰ কভিডে বিভিন্ন ব্যৱসায়ত মাধমাৰ সোধাইছে। আপোনোৰ ব্যৱসায়ত হয়তো কভিডে অলপমান হ’লেও প্ৰভাৱ পেলাইছে। এই সম্পৰ্কে আমাক অলপ ক’বনে?

দেৱজিৎ বৰ্মন: হয়। আমাৰ পামত কাৰো কভিড হোৱা নাই কিন্তু আন্তঃজিলা যাতায়াতৰ বাবে বিভিন্ন পোনা মাছৰ আদান-প্ৰদানত কিছু বাধা পাইছোঁ। কাৰণ এনেকুৱা এটা ব্যৱসায়ত চাই-চিতি মাছৰ কিনা-বেচা হোৱাটো জৰুৰী। তথাপিও ফোন যোগে আমি ব্যৱসায় চলাই আছোঁ। যিসকলৰ ডাঙৰ মাছ আছে তেওঁলোকৰ বাবে অলপ বেছি সমস্যাৰ সৃষ্টি হৈছে। কাৰণ এতিয়া বজাৰত মাছ নাই। কিন্তু কভিড আঁ‌তৰিলে বজাৰত মাছত উভৈনদী হ’ব। যোগান বেছি হ’লে মাছৰ দাম কমিব। উপযুক্ত লাভাংশৰ পৰা বঞ্চিত হ’ব লগাও হ’ব পাৰে। যি সময়ত মাছ থাকিব লাগিছিল, সেই সময়ত আজি এই অতিমাৰীৰ বাবে বজাৰত মাছ পাবলৈ নাই।

সাহিত্য ডট অৰ্গ: যদিহে আপোনাক এবছৰৰ বাবে মীনমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰা হয়, তেনেস্থলত আপুনি কেনেধৰণৰ কাম হাতত ল’বলৈ প্ৰয়াস কৰিব?

দেৱজিৎ বৰ্মন: কথাটো ভাবিবলগীয়া। (ঈষৎ হাঁহি এটা মাৰি)। মই মীনমন্ত্ৰী হ’লে প্ৰথমতে জলসিঞ্চনৰ ব্যৱস্থাটো উন্নীত কৰাৰ প্ৰয়াস কৰিম। একেদৰে পাম আৰু পথাৰত বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা কৰিম। গাঁওবোৰত থকা খেতিপথাৰসমূহ উন্নত কৰিবলৈ মই অহোপুৰুষাৰ্থ কৰিম। গাঁওবোৰ ফলে-ফুলে জাতিষ্কাৰ হ’লেহে অসমৰ বিভিন্ন সমস্যা যেনে— নিবনুৱা সমস্যা, উগ্ৰপন্থী সমস্যা আদি ৰোধ কৰিব পৰা যাব। আচলতে গাঁৱত চৰকাৰে এশ শতাংশই বিদ্যুৎ যোগান ধৰিব লাগে। পথাৰসমূহত চৰকাৰে বিনামূলীয়াকৈ পানী আৰু বিদ্যুতৰ যোগান ধৰিব লাগে। একেদৰে ‘কল্ড ষ্টৰেজ’ৰ ব্যৱস্থা কৰি চৰকাৰে গাঁৱৰ উৎপাদিত সামগ্ৰীসমূহৰ সংৰক্ষণৰ ব্যৱস্থা কৰিলে কৃষকসকল তথা মোৰ দৰে মীনপালকসকলো লাভৱান্বিত হ’ব। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত সকলো বস্তুৱেই চৰকাৰে খেতিয়কৰ পৰা কিনে। এনেধৰণৰ চিন্তা-চৰ্চা আমাৰ ইয়াত এতিয়ালৈ গঢ় লৈ উঠা নাই। গাঁৱৰ উৎপাদিত সামগ্ৰীসমূহ চৰকাৰে ক্ৰয় কৰি সেইসমূহ চৰকাৰে বিক্ৰী কৰিলে চৰকাৰী কৃষি বিভাগৰ উন্নতিৰ লগতে খেতিয়কৰো বহু সুবিধা হ’ব।

সাহিত্য ডট অৰ্গ: আপোনাৰ সতে কথা পাতি মীন পালন, গাহৰি পালন, উদ্যমিতা ইত্যাদি সম্পৰ্কীয় বহু কথা জানিব পাৰিলোঁ। সাক্ষাৎকাৰৰ বাবে আমাক সময় দিয়া বাবে ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

দেৱজিৎ বৰ্মন: আপোনালোককো ধন্যবাদ জনালোঁ। আলোচনীখনৰ সতে জড়িত সকলোলৈকে মই অভিনন্দন জনাই আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।

সাক্ষাৎকাৰৰ ভিডিঅ’ চাবৰ কাৰণে ক্লিক কৰক https://youtu.be/anR4wNg3hRE

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!