MCU আৰু Ironman ৰ কথাৰে

লেখক- বিকাশ দত্ত


MCU-Marvel Cinematic Universe. এই নামটো শুনিলেই আমি সহজতেই বুজি উঠো চলচ্চিত্ৰ জগতৰ এটা বিখ্যাত ছিৰিজৰ কথা, য’ত বিভিন্ন ধৰণৰ চৰিত্ৰ আছে, যিবোৰ চৰিত্ৰৰ মাজত আছে কাহিনীৰ সামঞ্জস্য, কথনশৈলীৰ অৱধাৰিত গতি আৰু লগতে আছে প্ৰায় প্ৰতিখন ছবিৰে বক্স অফিচৰ বৃহৎ ব্যৱসায়। Marvel ৰ এই সফল চিনেমেটিক যাত্ৰাৰ আৰম্ভণি হৈছিল ২০০৮ চনত, MCUৰ প্ৰথমখন ছবি Ironman জৰিয়তে। এই Ironman কিদৰে নিৰ্মাণ হৈছিল, কিদৰে আৰম্ভ হৈছিল চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় ছুপাৰহিৰো Saga ৰ, যিয়ে বিশ্ব চলচ্চিত্ৰত সলনি কৰি দিছিল ছুপাৰহিৰো ছবিৰ Genre ৰ৷ কেনেদৰে ই নতুন দিকদৰ্শক হিচাপে কাম কৰিছিল, সেইয়া জানিবলৈ আমি উভতি যাব লাগিব অকণমান অতীতলৈ, প্ৰায় তিনিটা দশক পিছলৈ।

কাহিনীৰ আৰম্ভণি হয় ১৯৮৯ ত। সেই বছৰতে কেৱল ৪৮ নিযুত মাৰ্কিন ডলাৰৰে নিৰ্মিত টিম বাৰ্টনৰ “Batman” ছবিখনে ৪১১ নিযুত মাৰ্কিন ডলাৰৰ ব্যৱসায় কৰি বক্স অফিচত অভুতপূৰ্ব সফলতা অৰ্জন কৰে। ১৯৭৮ চনৰ Superman ৰ পিছতে হয়তো DC Comics ৰ এইখনেই আছিল বিগ বাজেটৰ ছুপাৰহিৰো ছবি। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাইকেল কিটনে আৰু জ’কাৰৰ চৰিত্ৰত শক্তিশালী অভিনয় কৰিছিল জেক নিকলছনে। ছবিখনে বিশ্বব্যাপী জনপ্ৰিয়তা লাভ কৰিছিল। দৰ্শক আৰু সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে ১৯৯০ চনৰ অস্কাৰত শ্ৰেষ্ঠ সাজ সজ্জাৰ বঁ‌টাও জয় কৰিবলৈ সক্ষম হৈছিল। এইখিনি সময়তে ছুপাৰহিৰো ছবিৰ প্ৰচুৰ সম্ভাৱনাৰ কথা উমান কৰি Universal Studios য়ে মাৰ্ভেলৰ কাষ চাপে আৰু আইৰণমেনৰ স্বত্ব ক্ৰয় কৰে। সেই সময়ত কেৱল কমিক বুক প্ৰকাশতহে ব্যস্ত থকা মাৰ্ভেলেও ধনৰ অভাৱত আইৰণমেনৰ স্বত্ব বিক্ৰী কৰি দিছিল। তদুপৰি Ironman ৰ চৰিত্ৰটোক চিনেমাৰ দৰে কমিক বুকত সিমান গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে লোৱা হোৱা নাছিল। সেয়েহে এক মোটা অংকৰ ধনৰ বিনিময়ত Universal studios ক মাৰ্ভেলে আইৰণমেনৰ স্বত্ব বিক্ৰী কৰিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল। স্বত্ব ক্ৰয় কৰাৰ ৬ বছৰ অতিবাহিত হোৱাৰ পাছতো Universal Studio য়ে ছবিখন নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে 20th century fox ষ্টুডিঅ’ক পুনৰ Ironman ৰ স্বত্ব বিক্ৰী কৰি দিয়ে। টম ক্ৰুজৰ দৰে বিখ্যাত অভিনেতাই সেই সময়ত Ironman ছবিখনত অভিনয় কৰাৰ মন মেলাৰ লগতে তেওঁ ছবিখনৰ নিৰ্মাণৰ লগতো জড়িত থাকিব বুলি বিভিন্ন প্ৰচাৰো চলিছিল। কিন্তু 20th century fox য়েও X-men, Daredevil, Fantastic 4 আদিৰ দৰে ছবি নিৰ্মাণৰ উদ্দেশ্যে New line cinema ৰ ওচৰত আইৰণমেনৰ স্বত্ব পুনৰ বিক্ৰী কৰি দিয়ে। এইয়া আছিল ১৯৯৯ চনৰ কথা। আমোদজনক কথাটো হ’ল- স্বত্ব ক্ৰয় কৰা New Line Cinema সেই সময়ত Warner Bros. Pictures ৰ অধীনত আছিল আৰু সেই একেই Warner Bros. ৰ অধীনতেই আছিল বৰ্তমান Marvel ৰ প্ৰধান প্ৰতিযোগী DC Comics। ২০০০ চনত New Line Cinema ই প্ৰথমখন Ironman ছবি নিৰ্মাণৰ কাম হাতত লয় আৰু ইয়াৰ চিত্ৰনাট্য লিখাৰ দায়িত্ব গ্ৰহণ কৰে টেড এলিয়ট আৰু টেৰী ৰুছিঅ’ই। চিত্ৰনাট্য লিখি শেষ কৰাৰ পাছত New Line Cinema ই ছবিখনৰ পৰিচালনাৰ দায়িত্ব দিবৰ বাবে Joss Whedon ৰ কাষ চাপে। কিন্তু Joss Whedon য়ে এই প্ৰস্তাৱ গ্ৰহণ নকৰিলে। এইখিনিতে কৈ থওঁ- পৰৱৰ্তী সময়ত এই Joss whedon য়েই Marvel ৰ Avengers আৰু Avengers: Age of Ultron- এই দুয়োখন ছবি পৰিচালনা কৰিছিল ক্ৰমে ২০১২ আৰু ২০১৫ চনত।

বাৰে বাৰে বিফল হৈ New Line Cinema ই অৱশেষত Ironman ৰ স্বত্ব পুনৰবাৰ মাৰ্ভেলকে বিক্ৰী কৰি দিয়ে। হয়তো New Line Cinema ৰ অধীনত থকাহেঁ‌তেন Ironman ক আমি DC ৰ ছবি হিচাপেই দেখিলোহেঁ‌তেন। সি যি কি নহওক,হেৰোৱা স্বত্ব পুনৰ অহাত মাৰ্ভেলে এইবাৰ Ironman ছবিখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু পূৰ্বতকৈ অৰ্থনৈতিকভাৱে শক্তিশালী হ’লেও তেনেধৰণৰ ছবি এখন নিৰ্মাণ কৰাৰ বাবে তেওঁলোক তেতিয়ালৈকে সক্ষম নহয় বুলিও মাৰ্ভেলে বুজি পাইছিল। সেয়েহে নিজৰ কমিক বুকৰ ক্ৰমে Ant Man, Doctor Strange, Captain America, Black Panther, Avengers আদিৰ সৈতে দহটাকৈ চৰিত্ৰ বন্ধকত ৰাখি আৰু বেংকপৰাৰা এক মোটা অংকৰ ধন ধাৰলৈ লৈ মাৰ্ভেলে Ironman নিৰ্মাণৰ সপোন আগত লৈ আগবাঢ়ে। প্ৰায় ত্ৰিশজনতকৈ অধিক চিত্ৰনাট্যকাৰ আৰু লেখকৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই থাকে যদিও কোনেও মাৰ্ভেলৰ Ironman ছবিৰ কাহিনী লিখিবলৈ মান্তি নহয়। মাৰ্ভেলৰ বৰ্তমানৰ CEO কেভিন ফাইগিয়ে এক সাক্ষাৎকাৰত কয় যে যেতিয়া তেওঁ মাৰ্ভেললৈ আহিছিল তেতিয়া তেৱোঁ ভবা নাছিল যে Ironman হিট হ’ব। ইফালে জন ফেভৰিউক পৰিচালক হিচাপে বাছনি কৰাৰ পৰা ৰবাৰ্ট ডাউনী জুনিয়ৰক অভিনেতা হিচাপে বাছনি কৰালৈকে, মাৰ্ভেলৰ ভিতৰৰে বহু লোকে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা নাছিল। কাৰণ RDJ ৰ অতীতেই আছিল অসুবিধাজনক। ড্ৰাগছৰ আসক্তিৰ বাবে কাৰাবাস খাটি থকাৰ উপৰিও বিবাহ বিচ্ছেদ আৰু পশ্চাদমুখী অভিনয় কেৰিয়াৰে তেওঁৰ লগ এৰা নাছিল। কিন্তু পৰিচালক জন ফেভৰিউ নিজৰ স্থিতিত অটল থাকে আৰু অৱশেষত মাৰ্ভেলেও ৰবাৰ্ট ডাউনীকেই টনী ষ্টাৰ্ক অৰ্থাৎ Ironman ৰ চৰিত্ৰত ল’বলৈ মান্তি হয়। এইদৰেই বিভিন্ন ঘাত-প্ৰতিঘাতৰ অন্তত Ironman য়ে অৱশেষত মুক্তিলাভ কৰে ২০০৮ চনত। লগে লগে বক্স অফিচত প্ৰায় ৫৭০ নিযুত মাৰ্কিন ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় ছবিখনে আৰু আৰম্ভ হয় MCU ৰ দুৰ্দান্ত চিনেমেটিক যাত্ৰাৰ। ইয়াৰ পাছৰখিনি হয়তো আপোনালোকক কোৱাৰ প্ৰয়োজন নাই। বৰ্তমানলৈকে মুক্তি লাভ কৰা MCU ৰ ২৪খন ছবিয়ে বিশ্বজুৰি যি জনপ্ৰিয়তা লাভ কৰিছে সেয়া হয়তো আন কোনো ছুপাৰহিৰো ফ্ৰেনছাইজে আজিলৈকে লাভ কৰা নাই। আনকি MCU ক অনুকৰণ কৰিয়েই DC ৰ DC Extended Universe চমুকৈ DCEU, Monsterverse আদিৰো আগমন হয়।

Pop Culture Reference ত MCU ৰ প্ৰভাৱ বৰ্তমান নুই কৰাটো অসম্ভৱ। ২০১৩ চনত Disney য়ে মাৰ্ভেলৰ সকলো স্বত্ব ক্ৰয় কৰে। বৰ্তমান MCU ৰ স্থান উচ্চ শিখৰত। MCU ৰ প্ৰতিখন ছবিৰ বাবেই বিশ্বৰ চুকে কোণে ৰৈ থাকে অজস্ৰ দৰ্শক। ইয়াৰ প্ৰমাণ আমি ইতিমধ্যে বিগত বছৰবোৰত লক্ষ্য কৰি আহিছো। Avengers: Endgame ৰ ব্যাপক সফলতাও তাৰ এক উল্লেখযোগ্য প্ৰমাণ। অহা তিনিটা বছৰত MCU ৰ নতুন বিভিন্ন ছবি আহিব বুলি ইতিমধ্যে বাতৰি প্ৰকাশ হৈছে। চলিত বৰ্ষতেই মুক্তিলাভ কৰিছিল Black Widow নামৰ ছবিখনে। এই বৰ্ষৰেই ছেপ্টেম্বৰৰ ৩ তাৰিখে আহিব Shang Chi: The Legend of Ten Rings আৰু নৱেম্বৰত আহিব ক্ৰমে Eternals আৰু Spiderman: No Way Home। আশাকৰোঁ পূৰ্বৰ দৰেই আগন্তুক দিনতো মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছে আমাক কল্পনা আৰু বাস্তৱৰ সমাহাৰেৰে নিৰ্মিত অনন্য চিনেমেটিক অভিজ্ঞতাৰে পুষ্ট কৰি যাব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!