ভাপত সিজোৱা কণী

লেখক- বাবী বৰা

টিফিনত ৰন্ধা ভাপত দিয়া কণীৰ ব্যঞ্জন
উপকৰণ-
১/কুকুৰাৰ কণী (প্ৰয়োজন অনুযায়ী
২/কণ বিলাহী-৬/৭টা(কণ বিলাহী নাথাকিলে টেঙা বৰ বিলাহী এটা)
৩/নহৰু – ৫ফুটা
৪/শুকান জলকীয়া-২টা
৫/আদা
৬/জালুক -৪/৫টা
৭/পানীটেঙা-১চামুচ
ৰন্ধন প্ৰণালী: প্ৰথমে কণীকেইটা ভালদৰে সিজাই ল’ব। সিজোৱা হ’লে কণীকেইটাৰ গাত চুৰি এখনেৰে সম্পূৰ্ণ দুফাল হৈ নোযোৱাকৈ সাৱধানেৰে আঁক মাৰি ল’ব। ইয়াৰ পাছত এডাল শলাত কণ বিলাহী, নহৰু, শুকান জলকীয়া আদি সুমুৱাই কম জুইত পুৰি ল’ব। পোৰা হ’লে এটা খুন্দনাত সেইখিনি লৈ তাত অকণমানি এডোখৰ আদা আৰু জালুককেইটা দি থেতেলিয়াই পেলাব। এতিয়া ষ্টিলৰ এটা টিফিনত সেই মিশ্ৰণখিনি দিব। খুন্দনাটো অকণমান পানীৰে আওখালি পানীখিনি তাত দি দিব। তাতকৈ বেছি পানী নিদিব। এতিয়া তাত আন্দাজ অনুযায়ী নিমখ, অকণমান কেঁচা মিঠাতেল, মিহিকৈ কটা আধাফাল পিঁয়াজ, সৰু আলু এটা মিহিকৈ কাটি দি দিব। এতিয়া গোটেইখিনি ধুনীয়াকৈ সানি তাত এক চামুচ পানী টেঙা মিহলাই দিব। লগতে কেইডালমান ধনীয়া মিহিকৈ কাটি তাত দিব আৰু শেষত সিজোৱা কণীকেইটা দি চামুচ এখনেৰে সাৱধানে মিশ্ৰণটোৰ লগত লৰাই মিহলাই পেলাব। এইখিনিতে কেইটামান গোটা জলকীয়াও তাত যোগ কৰিব পাৰিব। এতিয়া অকণমান নেমুৰ ৰস ইয়াৰ ওপৰত ঢালি দি টিফিনটোৰ ঢাকনিখন বন্ধ কৰি ভাত ৰান্ধিবলৈ ব্যৱহাৰ কৰা কুকাৰটোত ভাত ৰান্ধিবলৈ সাজু কৰা চাউলখিনিৰ ওপৰতে টিফিনটো দি এটা হুইছেল মৰালৈ সিজিবলৈ দিব। ইয়াৰ পাছত গেছটো বন্ধ কৰি কুকাৰটো ঠাণ্ডা হ’বলৈ দিব। কুকাৰটো খোলাৰ সময় হ’লে খুউব সাৱধানেৰে টিফিনটো কুকাৰটোৰ পৰা উলিয়াই ঢাকনিখন খুলি দিব। এতিয়া সিজোৱা কণীৰ এই সহজ ব্যঞ্জনটোৰ লোভনীয় সুগন্ধিৰ সৈতে গৰম ভাতৰ লগত পৰিৱেশন কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!