নিদান পত্ৰ

লেখক- জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

গুটি জেক্ জেক্ বেঙেনা চকলবোৰ পৰিৱেশনৰ বাবে বেচনেৰে মেক-অ’ভাৰ কৰি থকা সময়তে আহি ওলাল আকাশী। মুখমণ্ডলত দুখুনী নাৰীৰ সমষ্ট বৈশিষ্ট্য- না কাজল, না লিপষ্টিক আৰু আটাইতকৈ আচৰিত কথাটো হ’ল, দুদিনমান আগতে ষ্ট্ৰেইট কৰি অনা চুলি ঋষি-মুনিৰ খোপা হৈ একদম মূধচত। সন্ধিয়াৰ পিছত সাধাৰণতে ক’লৈকো নোযোৱা ছোৱালীজনী এনেকৈ আহি ওলোৱাত মোৰ ষষ্ঠ ইন্দ্ৰিয়ই ফণা মেলি দিলে- নিশ্চয় সাংসাৰিক শীতল যুদ্ধৰ সংকেত ধ্বনি বাজি উঠিছে। ঘড়ীটোলৈ চালোঁ, ন বাজিবলৈ দহ মিনিট আছে। বেঙেনা-বেচনক লেটিপেটি অৱস্থাতে এৰি চাহ দুকাপ কৰি আকাশীৰ সন্মুখত বহি ল’লোঁ। একো সুধিবলৈ নৌপাওঁতেই তাই আৰম্ভ কৰিলে-
“মই শেষ বাইদেউ। বিয়াৰ ছমাহতে তেওঁ মোক গুৰুত্ব নিদিয়া হ’ল।”
আকাশীহঁতৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে। ইমানেই ওচৰত যে ভালকৈ কাণ উনালে ৰাস্কিট বিস্কুট নালাগে মেৰী বিস্কুট চাহত তিয়াই খালেও সিহঁতে শুনে। অৱশ্যেই শুনিব- দুটা মানুহ, নতুনকৈ বিয়া হোৱা- নাই কোনো হাই-উৰুমি। কেতিয়াবা সন্ধিয়া মিহিকৈ ৰোমাণ্টিক গান বজায়। আমি আকৌ চুবুৰীয়াই মাইকত দবা কোবালেও গম নাপাওঁ। অহি-নকুল সম্পৰ্কৰে সদা জাগ্ৰত দুটা ল’ৰা, ৰুদ্ৰৰ দৰে গৃহস্থ আৰু সকলো কামৰে হৰ্তাকৰ্তা ৰূপত মই কালী গোসাঁনী স্বয়ং। এবেলা যদি মানুহটোৱে দবা বজাই আনটো বেলা মই বিহু দেখুৱাওঁ। কলিং বে’লটোৰ বাদে কোনেও আমাৰ উখল-মাখল ঘৰুৱা পৰিস্থিতি ব্যাহত কৰিব নোৱাৰে। এতেকে আকাশীহঁতৰ ঘৰত কিবা লাগিছে যদিও একো গম নাপাওঁ। চুবুৰীয়া আন ঘৰবোৰৰ খবৰো আকাশীয়েহে দিয়েহি মোক কেতিয়াবা।
“কি হৈছে আকাশী? কৃষ্ণ ক’ত?”
বাইদেউসূলভ গাম্ভীৰ্য বজাই ৰাখি তাইক সুধিলোঁ।
“তেওঁ ভাত ৰান্ধি আছে।”
মানুহটোৱে ভাত ৰান্ধিছে আৰু তাই কান্দিছে। চেঁচা হ’বলৈ ধৰা চাহকাপ একেকোবে গলাধঃকৰণ কৰি আকাশীৰ কপালখন আঠ আঙুলৰ হয় নে নাই এটা অনুমান কৰিবলৈ তাইৰ মুখলৈ চালোঁ। চকুৱে চকুৱে পৰাত তাই চকু আৰু নাকৰ টেপ খুলি দিলে। মই বোলো ‘শান্ত হোৱা।” নাই পানীৰ স্পীড বেছিহে হ’ল। এটা সময়ত যেতিয়া পানীৰ টেংকি খালী হ’ল, হিকটিয়াই হিকটিয়াই বোলে, “পাকঘৰৰ পৰা মোক উলিয়াই দি বন্ধুৰ সৈতে ৰন্ধা- বঢ়া কৰাত লাগিছে। আজি দহদিনে কি হৈছে জানে…”
পাতনি মেলি আকাশীয়ে মোক যি বৰ্ণনা দিলে তাৰ যোগ্য চমুটোকাটি হ’ল এনেকুৱা-
নতুনকৈ চহৰলৈ বদলি হৈ আহিছে কৃষ্ণৰ বন্ধু এটা। আজি দহ দিন ধৰি সন্ধিয়া হ’লেই আকাশীহঁতক দৰ্শন দিবলৈ আহে। সি অহাৰ পিছত কৃষ্ণই হেনো বিয়া পাতিলে নে নাই সেইটোকে মনত পেলাব নোৱৰা হয়। আড্ডা জমে, তাই আলু-তালু নোপোৱা শৈশৱ, কৈশোৰ, যৌৱন আদিক লৈ দুয়ো বন্ধু ভাং খোৱা মানুহৰ লেখীয়া হয়। এই যদি হাঁহে এই আকৌ আৱেগিক হৈ হুমনিয়াহ এৰে। মুঠতে, কৃষ্ণ আৰু আকাশীৰ ৰোমাণ্টিক সময়বোৰ শোষিত, নিষ্পেষিত হৈছে। আজি আকৌ দুই বন্ধুৱে তাইক পাকঘৰ নামৰ মহিলাৰ বাবে বিশেষভাৱে সংৰক্ষিত সাম্ৰাজ্যখনৰ পৰা উচ্ছেদ কৰাত হৃদয়ৰ ভঙা-লোহা-টিনা লৈ এই বায়েকজনীৰ ওচৰলৈ ল’ৰি আহিছে।
তাইৰ সমস্যাটো শুনি অলপ সময় চিন্তা কৰাত মূৰৰ বাল্বটো জ্বলি উঠিল। লাহেকৈ সুধিলোঁ- “সিহঁতে কি বিষয়ত আড্ডা দিয়ে? “
“এইকেইদিন অকল নিজৰ শৈশৱ, কৈশোৰ, যৌৱন এই তিনিটাক লৈয়ে কথা পাতি আছে।”
আকাশীৰ শেঁতা উত্তৰ শুনি মোৰ অন্তৰে এটা পৈশাচিক হাঁহি মাৰিলে। তাইক নিদান পত্ৰ দি দিলোঁ এইদৰে, চোৱা আকাশী, বন্ধুত্বত ফাঁট মেলোৱা আজিকালিৰ আটাইতকৈ দুবিধ শক্তিশালী বিষয়বস্তু হৈছে- ৰাজনীতি আৰু ধৰ্ম। তুমি সুযোগ বুজি এইকেইটাৰ কথা উলিয়াবা। যদি সেয়ায়ো কাম নিদিয়ে ফেচবুকত বিতৰ্কিত পোষ্ট বিচাৰিবা। একেটা চিগাৰেট ভগাই খোৱা বন্ধুত্বয়ো স্বৰ্গযাত্ৰা কৰা দেখিছোঁ বিতৰ্ক কৰি। তাৰ পিছত যদি একো নহয় মোক আহি ক’বা।
তাই একো মাত নিদিলে। হাতৰ মবাইল ফোনটোৰ কঁপনি উঠাত যাবলৈ ওলাল। আকাশী যোৱাৰ পিছত ইটো কোঠাত ভূমুকি মাৰি গম ল’লোঁ- বাকী জীৱ তিনিটা কিবা কাৰণত ভূলুণ্ঠিত হৈ পৰি আছে নেকি। নাই, ল’ৰা দুটা আমাৰ মবাইল ফোন দুটা লৈ ব্যস্ত আৰু বাপেকটোৱে টিভিত একেখিনি বাতৰিকে মুখস্থ হৈ যোৱাকৈ বাৰে বাৰে শুনি আছে। দৌৰাদৌৰিকৈ ৰাতিৰ ভাতসাঁজ সামৰি ঢেলপঙা দিলোঁ। প্ৰাৰ্থনা কৰিলোঁ আকাশী সুখী হওক। মোৰ দৰবে কাম দিয়ক।
ৰাতিপুৱা ভাত আৰু ঘুগুনিৰ কুকাৰ দুটাই জেদাজেদিত সুহুৰিয়াই থকা সময়তে হাঁহি হাঁহি সন্মুখত হাজিৰ হ’ল আকাশী-কাজল, লিপষ্টিক আৰু মেলা চুলিৰে টিপটপ্। পাতনি নেমেলাকৈ জনালে- “জানে বাইদেউ, মই একো কৰিবলগীয়া নহ’লেই। মই যোৱালৈ আমিষ-নিৰামিষক লৈ যি যুক্তিতৰ্ক চলিছে বন্ধুত্বৰ বাঁহ ফাঁটি চটা চটা হৈ গৈছে।”
তাইক সুখী দেখি হাঁহি দিলোঁ মই। মনতে আৰু এটা বিষয় টুকি থ’লোঁ- আমিষ-নিৰামিষ। কৃষ্ণলৈ বেয়াও লাগিল ইমান দিনৰ মূৰত পোৱা বাল্যবন্ধুক বিতৰ্কিত বিষয় এটাৰ বাবেই হয়তো হেৰুৱাব লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments