হকীৰ কিংবদন্তি ধ্যান চান্দ বনাম হিটলাৰ

হকীৰ কিংবদন্তি ধ্যান চান্দ বনাম হিটলাৰ

লেখক- ৰাণা গগৈ

(সুদীৰ্ঘ ৪১ বছৰৰ মূৰত ভাৰতীয় হকী দলে অলিম্পিক পদক জয়লাভ কৰাৰ আনন্দত)

১৯৩৬ চন। জাৰ্মানীৰ বাৰ্লিন অলিম্পিক।
হকীৰ ফাইনেল খেল। সন্মুখ সমৰত দুখন দেশ — ভাৰত আৰু জাৰ্মানী। অলিম্পিক খেল মানেই খেলুৱৈৰ প্ৰবল মানসিক চাপৰ কথাটো সহজে অনুধাৱন কৰিব পাৰি। সিদিনা কিন্তু ভাৰতীয় দলটোৰ বাবে এই চাপ আছিল অধিক বেছি। এফালে ফাইনেল খেল। সন্মুখত স্বৰ্ণ পদক। আনফালে প্ৰতিপক্ষত আছে ঘৰুৱা দল খোদ জাৰ্মানী। জিকিবলৈ হ’লে ঘৰুৱা দল জাৰ্মানীক স্বগৃহ খেলপথাৰতে হৰুৱাব লাগিব। ইমান সহজ নহয়। তাতে আকৌ ভাৰতে এইবাৰ জয়লাভ কৰিলে ‘হেট্ৰিক’ হ’ব। বিগত দুখন অলিম্পিকত একেৰাহে দলটোৱে সোণৰ পদক আনিবলৈ সক্ষম হৈছে। সেয়ে ভাৰতীয় প্ৰতিজন লোকৰ মনত আশা জাগিছে। অতি উৎকণ্ঠাৰে বাট চাই ৰৈছে। ডিঙি মেলি মেলি বাৰ্লিনলৈ চাইছে। দলটোৰ বাবে ই আছিল এক সুকীয়া হেঁচা।
জাৰ্মানী দলটোৰ বাবেও ইমান সহজ নাছিল। ফাইনেল খেল, স্বগৃহ খেলপথাৰতে হাৰে কেনেকৈ? ভাৰতবাসীৰ দৰে প্ৰতিজন জাৰ্মানবাসীয়েও অতি উৎকণ্ঠাৰে বাট চাই ৰৈছে। তাতোকৈ ডাঙৰ কথাটো হ’ল — সেই সময়ত জাৰ্মানীৰ শাসক আছিল হিটলাৰ। হিটলাৰে স্বয়ং নিজেও এইবাৰৰ অলিম্পিক আয়োজনত আগভাগ লৈছে। হকী খেল আৰু জাৰ্মানী দলটোৰ ওপৰত সুকীয়াকৈ নজৰ ৰাখিছে। এই ফাইনেল খেলখনৰ আৰম্ভণিত হিটলাৰ কিছু সময়ৰ বাবে ষ্টেডিয়ামত উপস্থিত থাকিব। সেইফালৰপৰা জাৰ্মান দলটোৰ ওপৰতো তীব্ৰ হেঁচা আছে। এই সকলোবোৰ হেঁচাৰ উপৰি জাৰ্মানী দলটোৰ সন্মুখত আছে আৰু এক ডাঙৰ প্ৰত্যাহ্বান। সেইটো হ’ল — ভাৰতীয় হকী দলটোত থকা এজন পাকৈত খেলুৱৈ যিজন ‘হকীৰ যাদুকৰ’ বুলিয়েই সৰ্বজনপৰিচিত। সেই পাৰ্গত হকীৰ যাদুকৰজন আন কোনো নহয়, তেওঁ হ’ল – ধ্যান চান্দ। প্ৰতিপক্ষৰ পৰা আচম্বিতে বল আজুৰি আনি প্ৰতিজন খেলুৱৈক আগা-ডেৱা দি আৰু অকোৱা-পকোৱাকৈ দুৰন্ত গতিৰে যোৱা যিজনৰ হকীৰ লাঠীত বলটো চুম্বকত লিপিত খোৱা লোৰ দৰে লাগি ধৰি থাকে — সেইজন খেলুৱৈয়েই হ’ল ধ্যান চান্দ। প্ৰতিপক্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।
হাজাৰ হাজাৰ দৰ্শকেৰে ষ্টেডিয়াম গিজগিজাই থকা ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকৰ এই খেলখন আছিল অতি ৰোমাঞ্চকৰ।
অৱশেষত ভাৰত জিকিল। একেৰাহে তিনিবাৰকৈ জিকি ভাৰতে হেট্ৰিক কৰিবলৈ সক্ষম হৈছিল। সিদিনা ভাৰতে এগ’ল দুগ’ল নহয়, বৰং মুঠ আঠটা গ’ল দি জাৰ্মানীক ধৰাশায়ী কৰিছিল।
হিটলাৰে ভালদৰে জানিছিল যে জাৰ্মানীক ধৰাশায়ী কৰাৰ আঁৰৰ আচল ব্যক্তিজন হ’ল ধ্যান চান্দ। ধ্যান চান্দে এই ৰোমাঞ্চকৰ খেলখনত সিদিনা জাৰ্মানীক চাৰি গ’ল খুৱাইছিল। এই অলিম্পিকৰ সময়ছোৱাত হিটলাৰ ইতিমধ্যে ধ্যান চান্দৰ অনুৰাগী হৈ পৰিছিল। হিটলাৰে জানিছিল যে ধ্যান চান্দ কেৱল ভাৰতৰেই নহয় বৰঞ্চ বিশ্বৰ হকীৰ এজন কিংবদন্তি। সেয়ে এই ফাইনেল খেলৰ দুদিনমানৰ পিছত, হিটলাৰে ধ্যান চান্দক লগ পোৱাৰ ইচ্ছাৰে তেওঁৰ ৰাজপ্ৰাসাদলৈ আমন্ত্ৰণ জনাইছিল।
নিজা বাসভৱনত হিটলাৰে সিদিনা ধ্যান চান্দক সোঁশৰীৰে লগ পাই নথৈ আনন্দিত হৈছিল। এই মিলনত, প্ৰসংগক্ৰমে হিটলাৰে ধ্যান চান্দক সুধিছিল যে হকী খেলাৰ উপৰি তেওঁ আৰু কি কৰে। ইয়াৰ উত্তৰত ধ্যান চান্দে জানিবলৈ দিছিল যে তেওঁ ভাৰতীয় সেনাবাহিনীত চাকৰি কৰে। কি পদবীত? হিটলাৰে আকৌ সুধিছিল। যেতিয়া হিটলাৰে গম পাইছিল যে তেওঁ ভাৰতীয় সেনাবাহিনীত এজন ‘লেঁচ নায়ক’ (Lance Nayak), তেতিয়া ধ্যান চান্দক জাৰ্মানীৰ নাগৰিকত্ব গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিছিল। যদি ধ্যান চান্দে এই প্ৰস্তাৱ স্বীকাৰ কৰে তেতিয়া তেওঁক ততালিকে জাৰ্মানীয় সেনাবাহিনীত ‘ফিল্ড মাৰ্শ্বেল’ পদবীত অধিষ্ঠিত কৰা কথা ব্যক্ত কৰিছিল। ‘ফিল্ড মাৰ্শ্বেল’ সামৰিক বাহিনীৰ এক উচ্চতৰ পদবী।
হিটলাৰৰ প্ৰস্তাৱক অস্বীকাৰ কৰা বা প্ৰত্যাখ্যান কৰা কথাটো সহজ কথা নহয়। প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা মানেই মৃত্যুৰ মুখামুখি হোৱা। সিদিনা ধ্যান চান্দে কিন্তু এই প্ৰস্তাৱ সাহসেৰে অস্বীকাৰ কৰিছিল। হিটলাৰৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ধ্যান চান্দে এই কথাকে প্ৰমাণ কৰিছিল যে তেওঁ কেৱল খেলপথাৰতেই নিপুণ খেলুৱৈ নহয়, বৰং জীৱনৰ খেলপথাৰতো তেওঁ নিপুণ আৰু সাহসী আছিল। সিদিনা ধ্যান চান্দে হিটলাৰক বিনম্ৰতাৰে কৈছিল — “ভাৰতবৰ্ষ মোৰ মাতৃভূমি। মই মোৰ আইক এৰি আঁতৰি থকাৰ কথাটো অকণমানো ভাবিব নোৱাৰোঁ।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments