বিনিময়

লেখক- অংকিতা বৰুৱা

সি বেকাৰ। শিক্ষিত যদিও হিচাপ নিকাচৰ খেলিমেলিত আজিলৈকে এটা চাকৰি যোগাৰ কৰি ল’ব নোৱাৰিলে। এতিয়া আৰু সেই আশা বাদেই দিলে। চলি আছে, চলি যাব। কিন্তু সেই বুলিয়েইতো তাৰ দায়িত্ববোৰো শেষ হৈ নাযায় । দিনকদিনে বাঢ়িহে আহে ব্যস্ততাবোৰ। দায়িত্ববোৰে যিমানে মূৰ দাঙি উঠে সিমানে তাৰ মগজুৰ কচৰৎ চলে। কলমটোৰ সৈতে হৃদয়ৰ সম্বন্ধটো গাঢ় হয়। বৰ মৰম তাৰ কলমটোলৈ। আতোলতোলকৈ ৰখা কলমটো তাৰ বুকুৰ আমঠু। তাক জীয়ন দি ৰাখিছে একমাত্ৰ এই কলমটোৱেই। কলমটোৰ বাবেই শব্দৰ সৈতে তাৰ আত্মীয়তা বাঢ়িছে । খং, ক্ষোভ, মান-অভিমান ভৰা শব্দবোৰক ভাঙি-গঢ়ি এটা সুশৃংখল গতি দিছে। কিমানৰ যে প্ৰেম-প্ৰতাৰণাক সি কলমেটোৰে ফঁহিয়াই চাইছে। কত সামাজিক অথবা ৰাজনৈতিক বিষয় একোটাক সহজ কৰি তুলিছে তাৰ এই কলমটোৰেই। তাৰ শব্দই কাৰ হৃদয়ক চুব পৰা নাই! সেয়াই তাৰ প্ৰাপ্তি। মন জুৰোৱা কথা তাৰ বাবে। সঞ্জীৱনী।

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। শাৰদীয় সংখ্যাৰ বাবে বহুকেইখন আলোচনীত গল্প বিচাৰিছে। তাৰ হাতত মজুত থকা কেইটাৰে নহ’ব। এজন নামজ্বলা লেখকৰ গল্প কেইবাখনো আলোচনীৰ বাবে মুখ্য আকৰ্ষণ। পাঠক সমাজত তাৰ গল্পৰ এক সুকীয়া জনপ্ৰিয়তা আছে। সি লিখিবই লাগিব।

সময় দৌৰিছে …
সিয়ো তাৰ কল্পনাৰ জগতখনত ঘোঁৰা চেঁকুৰাদি চেঁকুৰিছে। প্লটবোৰ মনৰ চকুৰে সজাইছে। শব্দবোৰ মনৰ ভিতৰতে লুটিয়াই বগৰাই চাইছে। মাজে মাজে দুই এটা শব্দ সি লিখিছে আৰু কাটিছে । কেতিয়াবা হৃদয়ে বিচাৰি ফুৰা শব্দবোৰেও হঠাতে ক’ত জানো আত্মগোপন কৰে, সহজে ধৰা নিদিয়ে।
শব্দৰো কি অভিমান …

তাৰ মগজুৰ কচৰৎ অহৰহ চলি থাকে।
এটা সময়ত তাৰ কলমটো অপ্ৰতিৰোধ্য হৈ উঠে। খচ্ খচ্ খচ্ … সি কেৱল লিখি গৈছে। এটাৰ পাছত এটাকৈ ইতিমধ্যে সি কেইবাটাও গল্প লিখি শেষ কৰিছে। বাস্তৱ, ভ্ৰম, সপোন, জীৱন, সুখ, প্ৰতাৰণা, ভণ্ডামী কি নাই তাৰ গল্পত! পাঠকে নিশ্চয় এইবাৰো আদৰি ল’ব!
সুখৰ হাঁহি এটাৰে উজ্জ্বলি উঠিল তাৰ মুখখন।

আৰু মাত্ৰ এটা পৰ্য্যায় …
তাৰ পাছতে কেইটামান দিনৰ বাবে সি আজৰি হ’ব। ঘৰখনলৈ ক্ষন্তেকীয়া হাঁহি অলপ আহিব। পিতৃ-মাতৃৰ লগতে কাজলসনা চকুদুটাত সি সুখৰ ফুল ছটিয়াব। আছুতীয়াকৈ সাঁচি ৰখা তাৰ সপোনৰ বৰপেৰাটোক হাতৰ মুঠিত লৈ চাব।
আস্ … কি যে ভাললগা !

সি খৰখেদাকৈ কামবোৰ শেষ কৰাত মনোনিবেশ কৰিলে। সময় টুটি আহিছে। মবাইলটো উলিয়াই সি মানুহজনলৈ ফ’ন এটা কৰিলে। অধিৰ হৈ মানুজনে তালৈকে অপেক্ষা কৰি আছে। এই সময়ত তাতকৈও, মানুহজনৰ বাবেহে তাৰ প্ৰয়োজন বেছি যেন লাগিল।

সি এটা এটাকৈ গল্পকেইটা মুগাবৰণীয়া দীঘলীয়া খামকেইটাত ভৰাই আঠা লগালে। ঠিকনা তাক দি থোৱাই আছিল। তাৰ সুন্দৰ আখৰকেইটাৰে আলোচনীকেইখনৰ ঠিকনাকেইটা খামকেইটাৰ ওপৰত গোট গোটকৈ লিখি পেলালে। মৰমতে খামকেইটাৰ ওপৰত ওঁঠেৰে এবাৰ স্পৰ্শ কৰিলে সি।

চাইকেলখন লৈ সি মানুহজনৰ ওচৰলৈ ঢপলিয়াই গ’ল।

মানুহজন সময়ৰ বৰ পাক্কা। এক মিনিটৰ হেৰফেৰ নকৰে। অৱশ্যে তেওঁ কথাৰো হেৰফেৰ নকৰে। আজিলৈকে তাক কথা দিয়াৰ মতেই তেওঁ সকলো কৰি আহিছে। এইবাৰো সি আশাবাদী।

মনতে সি হিচাপ এটা কৰিলে,
আৰু কিমান বাকী …

নিৰ্দ্ধাৰিত সময়ত সি মানুহজনৰ হাতত খামকেইটা গুজি দিলেগৈ। এক লহমাৰ বাবে দুয়োৰে মাজত অৰ্থপূৰ্ণ দৃষ্টিৰ বিনিময় হ’ল। ইমানদিনে এই দুচকুৰ ভাষা সি খুব ভালদৰেই বুজি উঠিছে।

নিশ্চিন্তমনে সি তাৰপৰা ওলাই আহিল। বহুদিনৰ বিৰতিত প্ৰিয় গীতটো চিঞৰি চিঞৰি গাবলৈ মন গ’ল তাৰ –
আকাশী গঙ্গা বিচৰা নাই
নাই বিচৰা স্বৰ্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ
আকাশীগঙ্গা বিচৰা নাই …

ৰাজআলিৰপৰা ফালৰি কাটি পথৰুৱা বাটটোৰে সি ঘৰমুৱা হৈছে। ওভতাৰ বাটত আগৰদৰেই তাৰ মেচেজবক্সটোত মেচেজ অহাৰ সংকেত আহিল। তাৰ মনটো কিছু পাতল লাগিল। সপোনবোৰ জাঁকি মাৰি ওলাই আহিব যেন …

এটা মাহৰ পাছতেই আলোচনীকেইখন প্ৰকাশ হ’ব। প্ৰায় সাত আঠখন আলোচনীত সি লিখা গল্পকেইটা মানুহজনৰ নামত প্ৰকাশ হ’ব …

তাতেনো কি কথা !
তেওঁৰ ভোক যশস্যাৰ। খ্যাতিৰ। লেখকৰ পৰিচিতি এটাই অসংবেদনশীল মানুহজনক বাৰুকৈয়ে খেদি ফুৰে।

আৰু তাক …?
সি ৰুগীয়া পিতৃ-মাতৃহালৰ শুকান চকুকেইটাত ওলমি থকা সপোনবোৰ সাৰ্থক কৰাৰ বাট বিচাৰি ফুৰে, উৰুখা চালখনেৰে সৰি পৰা বৰষুণৰ টোপালবোৰক প্ৰত্যাহ্বান জনোৱাৰ সপোন দেখে, এবছৰে কথা দি থোৱা শেৱালিজনীৰ আশাভৰা দুচকুত জোনাক সিঁচাৰ সপোন দেখে।
সি অস্থিৰ হৈ পৰে। কিমান আৰু হিচাপ নিকাচ …

চুক্তিমতে এটা মাহৰ পাছত, বাকী ৰোৱা টকাকেইটাৰ বাবে আহিবলগীয়া মেচেজৰ সংকেতটো শুনিবলৈ সি অধিৰ হৈ ৰৈ থাকিল। আঙুলিৰ মূৰত সি হিচাপ এটা কৰি চালে। তাৰ কলমেৰে ওলোৱা শব্দবোৰক আৰু কেইবাৰ বেচিলে ভনীয়েকৰ বিয়াৰ বাবে বন্ধকত থোৱা মাটিখিনি মুকলি হ’ব!

— সমাপ্ত —

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!