গ্ৰেগৰ চামচা, মই আৰু এটা আধা লিখা সপোন

লেখক- ৰাজশ্ৰী শৰ্মা

বহুত দিনৰ আগতে, সম্ভৱ স্কুলীয়া দিনত; দাদাৰ টেবুলত এখন কিতাপ দেখিছিলোঁ। লিখকৰ নাম কিবা কাফকা। পাতবোৰ লুটিয়াই চালোঁ, কিবা-কিবি সৰু-সুৰা কাহিনী। দুই এটা গল্পও। পঢ়িলোঁ, অবান্তৰ কথা কিছুমান! আমাৰ তেতিয়া প্ৰেমৰ উপন্যাস পঢ়া বয়স, টিউচনলৈ যাওঁতে কাৰ চকুত চকু পৰিলে লগৰজনীৰ বুকু ঢপঢপাই এইবোৰ খবৰ ৰাখোঁ। পঢ়া-শুনা এইবোৰ গৌণ বহুত সময়ত। দুদিনমান লক্ষ্য কৰিলোঁ দাদাই কিতাপখন খুব মনোযোগেৰে পঢ়ে, তাৰ তেতিয়া ভাবুক হোৱা বয়স। আমি ভাই-ভনী আটাইকেইটাই তেতিয়া মায়ে ৰান্ধি বাঢ়ি যতনাই দিয়া তিনিসাজ ভাত খাই বাহিৰত দায়িত্বশীল পুত্ৰ-জীয়ৰীৰ ভাও দিওঁ তেতিয়া। দেউতাৰ ভাল মানুহৰ ‘ইমেজ’টোত মাৰ যায় লাহে লাহে আমাৰ চঞ্চলামিবোৰ। ডাঙৰ হৈ অহাৰো কি যে যন্ত্ৰণা! তেতিয়ালৈকে কিন্তু মই বা মোৰ বন্ধু মহলৰ কোনো এজনেও গ্ৰেগৰ চামচাক চিনি নাপায়। পাবয়েইবা কেনেকৈ? অনুবাদ কৰা কিতাপ বহুত কম পাওঁ তেতিয়া। টম ছয়াৰ, হাকোলবাৰী ফিন, গালিভাৰ আৰু ৰাস্তিৰ অভিযানখিনি পঢ়িয়েই আমি তেতিয়া নিজকে নিজে পশ্চিমীয়া সাহিত্যৰ দায়িত্বৱান পঢ়ুৱৈ বুলি যে ভাবো! এদিন বিহু নে পূজা সংখ্যা দৈনিক অসমত দেখিলো এটা অনুবাদ গল্প, কাৰ অনুবাদ মনত নাই। ‘মেটামৰফ’চিচ’ – ল’ৰা এজন মানুহৰ পৰা পোক হোৱা এটা অবাস্তৱ কাহিনী। গ্ৰেগৰ চামচাৰ লগত সেয়াই প্ৰথম পৰিচয়। গল্পটো পঢ়ি ভাবিছিলোঁ, যেতিয়া সি পোক হৈ আছিল, তেতিয়া তাৰ কেনে অনুভৱ হৈছিল বাৰু! গল্পটোত নথকা উদ্ভৎ কথা কিছুমান চিন্তা কৰিবলৈ লৈছিলোঁ, কাফকাৰ নামটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। দাদাৰ টেবুলত কাফকাৰ কিতাপখন খুচৰি খুচৰি বিচাৰিছিলোঁ, পঢ়িছিলোঁ। কিন্তু, একো বুজি নাপালোঁ। অকণমানি মাখিৰ মূৰৰ সমান মগজু লৈ সেইবোৰ আশা কৰাই দূৰুহ। তাৰ পাছত লাহে লাহে গ্ৰেগৰ চামচাক পাহৰি পেলালোঁ। মোৰ আশে পাশে থকা কোনেও তেওঁক চিনিও নাপাইছিল যে আমি মনত পেলাম। পোক হৈ হেৰাই যোৱা বুলিয়েই ভাবিছিলোঁ।
বহুত বছৰৰ পাছত ফেচবুকৰ পাতত হঠাৎ দেখিলো চামচাক। বন্ধু বান্ধৱেৰে পৰিৱেষ্টিত তেওঁ ইয়াত। ইয়াত আটায়ে চিনি পায় তেওঁক, অকল তেওঁলোকেই নে? মোপাচাঁই যে কৈছিল নকলি হীৰাৰ হাৰডাল হেৰুওৱা তিৰোতা জনীৰ কথা সৰুতে, তেওঁকো ইয়াত চবেই চিনি পায়। এদিন ফেচবুকত ইটো-সিটো চাই থাকোঁতে হঠাতে গ্ৰেগৰে আহি মাত দিলে, “মোক বিচাৰি পালা মানে অৱশেষত? পোক হৈ যে হেৰাই যোৱা বুলি ভাবিছিলা! মই জানো হেৰাই যাবলৈ জন্ম লৈছিলোঁ? মোক অৱলম্বন কৰিয়েই কিমানৰ সাহিত্য, মোৰ কাহিনী নজনাকৈয়ে কিমানৰ কিমান কথা শুনিব লাগে। মই হেনো পোক! সঁচাকৈয়ে কোৱাচোন, মই জানো পোক?”
হঠাতে তেনেকৈ গ্ৰেগৰক দেখি মোৰ কেনেকুৱা লাগিছিল বাৰু! কিবা এটা ভাল লাগিছিল, বহুত দিনৰ মূৰত আপোন মানুহ লগ পোৱাৰ দৰে। চকুলৈ চাইছিলোঁ, বয়সৰ চাপ পৰিছিল। কিন্তু জীৱ বিজ্ঞানত যে পঢ়িছিলোঁ ‘compound eye’, সেই জটিল চকুৰ বিন্যাসৰ ভিতৰত কেটেৰেক্ট পৰিছিল নে নাই সেয়া নেদেখিলোঁ। পোকটোৰ খোলাটোৰ উজ্জ্বল ৰংটো বহুপৰিমাণে ম্লান পৰিছিল। মই সৰুতে দেখা সেই আত্মবিশ্বাসী, উজ্জ্বল খোলৰ পোকটো হৈ থকা নাছিল তেওঁ। মোৰ দুখ লাগিছিল, মানুহ হ’লে চাগে হাত এখন টানি মোৰ দুহাতৰ মাজত ল’লোঁহেঁতেন। সোতোৰা পৰা হাতখনৰ সিৰা উপসিৰাবোৰ চুই চালোঁহেঁতেন। কিন্তু এতিয়া যে মোৰ কৰিব পৰা একোৱেই নাই। তেওঁক মই একাপ গৰম কফিও যাচিব নোৱাৰোঁ। বৃদ্ধ মানুহৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছে, যিকোনো বৃদ্ধ মানুহৰ মুখত ককা আৰু দেউতাৰ মুখখন বিচাৰো মই। কিন্তু এতিয়া যে মই সেইটোও কৰিবলৈ অপাৰগ। পোক হৈ যোৱা মানুহৰ মুখত জানো বলিৰেখা পৰে! মই একো নামাতিলোঁ। মোৰ বিছনাৰ কাষতে আবেলিৰ বতাহত দুলি থকা পৰ্দাখনত আৰামত বহি ল’লে তেওঁ।

ক’লোঁ, “তোমাৰ বহুত ক্ষোভ আছে চাগে ন? মোক তো অন্ততঃ ক’ব পাৰা, কাকো নকওঁ বুলি তুমিতো জানাই।”

গ্ৰেগৰ অলপ লৰচৰ কৰি বহিল। ক’লে, “মোৰ কাহিনী লিখাজনৰ সৃষ্টি সম্পূৰ্ণ কৈ নপঢ়াকৈয়ে তোমালোকে জানো কৈ নিদিয়া যে তেওঁ অতি বাস্তৱ, অবাস্তৱ কাহিনী লিখে। অতি বাস্তৱ আৰু অবাস্তৱ! পাৰ্থক্যটো জানা জানো? তুমি কিটো জানা চব জানো। আচলতে তুমি একো নাজানা। কাফকা, চামচা, মাৰ্কুৱেজৰ নাম কেইটামান মুখস্থ কৰিলেই মানুহে বাহ বা দিব বহুত বিদ্বান বুলি! আচলতে তুমি সেইটোৱেই বিচৰা। বিখ্যাত হোৱাৰ বাসনা তোমাৰ অন্তৰত শৈশৱৰ পৰাই। কিন্তু মোকেই কিয় বাছি লোৱা প্ৰতি বাৰেই, প্ৰতি জনেই? তোমালোকৰ আচলতে আইডিয়াৰ অভাৱ ঘটিছে বুজিছা? যুগ যুগ ধৰি চলি থকা সাহিত্য, ইতিহাস, জীৱন ধাৰণৰ নীতিৰ পৰা তোমালোক ওলাই আহিব নোৱাৰা। আচলতে নোৱাৰা নহয়, নিবিচৰা। পশ্চাৎমুখী মানুহ চব, চাল্লা!”

“কিন্তু আমি এতিয়াও বহুত উন্নতি কৰিছোঁ, টেকনোলোজী ইজ এট ইটচ বেষ্ট ফেইজ। তুমি চাগে নাজানা মংগল গ্ৰহত উপনিৱেশ স্থাপনৰ কথা। তুমি চাই থাকা, এদিন মানুহে সমগ্ৰ সৌৰজগতত জয় লাভ কৰিব।” উত্তেজিত হৈ ময়ো কৈ উঠিলোঁ। হ’ল বুলি সাধাৰণ পোক এটাৰ মুখত মানুহৰ বিপক্ষে শুনিব পাৰি নেকি!

মোৰ কথা শুনি গ্ৰেগৰে তেওঁৰ স্বভাৱসিদ্ধ শান্ত হাঁহিটো মাৰিলে। ক’লে, “এইটোৱেই তোমালোকৰ ভুল! তোমালোকে সকলো বস্তু, সকলো কথা কেৱল জয় কৰিবলৈ বিচৰা। মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ যুঁজত তোমালোকে পাহৰি যোৱা যে এই বিশ্ব ব্ৰহ্মাণ্ডখন তোমালোকৰ অধীনত নহয়। তোমাৰ মতে সূৰ্য্য উদয় নহয়, তোমাৰ মতে ধুমকেতু এটাৰ কক্ষপথ সলনি নহয় অথবা ইয়াৰ পৰা কোটি কোটি আলোকবৰ্ষ দূৰৰ কোনো এখন সৌৰজগতত এটি শিশুৱে নাকান্দে। আচলতে সেই শিশুটিয়ে হাঁহে নে কান্দে আমি সেইটোৱেই নাজানো। তুমি চাগে পঢ়িছাই, কাফকাই মোক গল্পটোত মাৰি পেলাইছিল, মা দেউতা বাইদেৱে মোৰ মৃত্যুত স্বস্তিৰ নিশ্বাস এৰিছিল। কিন্তু মোৰ মৰি যোৱা কাৰণে অলপো দুখ নাই। যন্ত্ৰণাত কোঙা হৈ জীয়াই থকাতকৈ মৃত্যু শ্ৰেয়। তুমি জানো অনুভৱ কৰিব পাৰিবা, পিঠি ফালি ওলাই অহা পাখিখনৰ বিষটো? ইচ্ছা কৰিলেও লৰাব নোৱাৰা হাত, ভৰি মূৰ! সংকুচিত দেহ, সংকুচিত প্ৰতিডাল সিৰা, উপসিৰা। আস্ কি বিষ, কি কষ্ট!”

গ্ৰেগৰৰ কথাবোৰ শুনি দুখ লাগিল। বেচেৰাটো! আচ্ছা, পিঠিৰ বিষ এটা দেখোন মোৰো হয় মাজে মাজে। ঠিক যেন ৰাজহাঁড় ডালতে খুচি দিছে কোনোবাই, ঠিক যেন মুচৰি দিছে কাপোৰ মোচৰা দি। ছটফটাই উঠো, পিঠিখনত ভলিনী লগাবলৈও যে ইমান দিগদাৰ! পাখি দুখন ময়ো পোৱা হ’লে! একো ভাল নলগা মন এটা কঢ়িয়াই ফুৰোঁ হাঁহিমুখীয়া চেহেৰাটোৰ ভিতৰত। যন্ত্ৰণা, জীয়াই থকাৰ যন্ত্ৰণা! মানুহে কয় এয়া ডিপ্ৰেচন, আচলতে এয়াই সত্য।

” The meaning of life is that it stops.” – বিৰবিৰাই কোৱা কথাখিনি শুনি চকু মেলি চালোঁ। ক’ৰপৰা আহিছে জানো মাতটো! টোপনি আহিছিল নেকি হঠাতে, উৰি ফুৰা দেখিলোঁ নিজকে নিজে। পাখিও নালাগে উৰিবলৈ, মাত্ৰ দোপ দি উঠি যোৱা আৰু উৰা। এটাই চিন্তা, যদি কোনোবাই দেখা পায়! যদি কোনোবাই ৰচী লগাই টানি আনে ভৰিত.. উৰিবলৈ শিকাৰো কষ্ট, হামখুৰি খাই পৰি হাত মুখৰ ছাল বাকলি যায় কেতিয়াবা কেতিয়াবা। তথাপিও জানো উৰিবলৈ নেৰে মানুহে? অ, মানুহে নহয়, চৰায়ে, পোকে।

“এই যে তুমি ইমান চিন্তা কৰি থাকা, কিবা পোৱা জানো? “ – কাক কৈছে বুলি ইফালে সিফালে চাওঁতে আকৌ চকুত পৰিল গ্ৰেগৰক। এইবাৰ বিছনা চাদৰখনতেই মোৰ কাষত বহি লৈছেহি। চাগে মানুহ এতিয়াও ভাল পায় সি। তাৰ চকুলৈ চালোঁ, কিন্তু সুখ-দুখৰ একো খবৰ নাপায় সেইখন মুখত। মুখেইনে? দুডাল শুং, ডাঙৰ ডাঙৰ চকু আৰু মুখ এখন। চব ক’লা! চেঃ! পিঠিখন আকৌ বিষাইছে, ৰাতিলৈকে মবাইলত গেম খেলি থাকিব নালাগিছিল চোফাত বাগৰি। ইয়াৰ কথাবোৰ ভাল লগা নাই আৰু। নিজকে পৃথিৱীৰ সবাতোকৈ ভাল, ভদ্ৰ, নিৰীহ পোক সজাবলৈ গৈছে ইপিনে যে তাতকৈ বিখ্যাত পোক আৰু পৃথিৱীতে নাই। হিংসা লাগে মোৰ তাক, কি আছে তাৰ? গেলি পচি যোৱা দগমগীয়া কেঁচা ঘা এডোখৰ গাত লৈও সি ইমান বিখ্যাত! ভালে হৈছে মৰি গৈছে। মৰি গৈয়ো অস্তিত্ব নোহোৱা হৈ যোৱা নাই কিয় তাৰ।

“বাদ দিয়া বুজিছা, তুমি চিন্তা কৰা বাদ দিয়া। এইখন পৃথিৱীত বহুত ধৰণৰ পোক, বহুত ধৰণৰ মানুহ। কিন্তু মই জানো সঁচাই মৃত? তোমালোক আটাইৰে ভিতৰত আচলতে একোটাকৈ পোক আছে। ওলাই আহিব নোৱাৰাৰ যন্ত্ৰণাত কোঙা তোমালোক। খোলাৰ ভিতৰত সোমাই থকা এটা এটা সাধাৰণ পোক তোমালোক। কিন্তু সেই অন্তৰৰ পোকটোক বাহিৰৰ পৃথিৱীৰ সন্মুখীন হ’ব দিবলৈ সংকোচ তোমাৰ। আৰু তুমি কোৱা জয়ী হ’বা! অবাস্তৱ আচলতে মই নহয় বুজিছা? অবাস্তৱ তুমি, অবাস্তৱ তোমাৰ প্ৰজাতিৰ অহংকাৰ।”

গ্ৰেগৰ চামচাৰ কথাবোৰ নুই কৰিবলৈও নোৱাৰিলোঁ মই। বয়সৰ লগে লগে তেওঁৰ অভিজ্ঞতা বাঢ়িল, কথা কোৱা দক্ষতাও। মোৰহে জানো কি হ’ল! অবান্তৰ কথা কিছুমান ভাবি ভাবি ব্ৰেইনৰ গ্ৰে মেটাৰ নষ্ট হ’ল কিজানি। ইমান অস্থিৰ হৈ পৰিছোঁ, ভিতৰত যেন কিবা এটাই উকমুকাই উঠিছে ওলাই আহিবলৈ। চেপা আৰ্তনাদ এটা? কিবা এটা যেন অৱসাদ। ভাল লগা নাই একোকে। পঢ়ি থকা কিতাপখন দলিয়াই দিলোঁ। গ্ৰেগৰক কিবা এটা উত্তৰ দিবলৈ উঠি দেখো, নাই তেওঁ। গুছি গ’ল। তেওঁ অবাস্তৱ কিন্তু তেওঁ কোৱা কথাবোৰ দেখোন অতিবাস্তৱিক ধৰণৰেই। আচ্ছা, গল্পটো লিখাৰ সময়ত কাফকাই বাৰু কি ভাবিছিল! ক’ৰবাত সুধিব পালে। কিন্তু আজিৰ পৰা এশ ন বছৰ আগতে লিখা কথা, তাকো চূড়ান্ত মানসিক চাপত। মনত জানো থাকিব? আৰু, আৰু ময়েই বা কাফকাক লগ পাম ক’ত! মানুহৰ লেখাবোৰৰ মাজে মাজে অবাস্তৱ কথা বিচাৰি ফুৰোঁতে নে ঈশ্বৰৰ নামত আৰাধনা কৰোঁতে? কিন্তু এই মুহূৰ্তত মোৰ বাবে সকলোতকৈ বাস্তৱ এটাই কথা আছে। কাষতে টোপনিত লালকাল দি শুই থকা আঠবছৰীয়া ছোৱালীজনীয়ে ভৰি এখন মোৰ পিঠিত উঠাই দিছেহি, এটা যেন মৃদু বিষ অনুভৱ কৰিছোঁ পিঠিখনত। তাইক অলপ ঘূৰাই দিওঁ, মোৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কাম এইটোহে এতিয়া।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!