বিদ্যুন্মালা

লেখক- মিনাৰা হুছেইন

মোৰ চকুৰ আগত এইয়া হুগলী নদী। সূৰ্য্যৰ কিৰণবোৰে হুগলীৰ বুকুত যেন সোণালী ৰহণ সানিছে। বুঢ়ী হুগলীজনী নাচি উঠিছে। যেন নাতিনীয়েকৰ বিয়াহে। হুগলীৰ এই সৌন্দৰ্য মই উপভোগ কৰিব বিচাৰোঁ। ইমান ডাঙৰ ঢৌ! হাতেৰে ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছোঁ। ঢৌৰ হেন্দোলনিয়ে আমাৰ গালে মুখে হুগলীৰ পৰশ বুলাই দিছে। ঢৌৰ তালে তালে সৰু সৰু নাওবোৰে নাচি থকা দৃশ্যটো বৰ মনোমোহা! এজাক ফিৰফিৰীয়া বতাহ বলি আছে। এনে পৰিবেশত বাৰু মই পুলকিত নহম নে? তাতে আকৌ বিয়াৰ পিছৰ মধুচন্দ্ৰিকাৰ সময়! “ইমান ঢৌ। নালাগে দিয়া নাৱত উঠিবলৈ। ব’লা আমি ঘাটৰ পৰাই চাই ৰ’ম সুবিশাল জলৰাশি।” আদিত্যই মোৰ হাতত ধৰি ক’লে। “নৌকাবিহাৰ কৰি ঢৌৰ তালে তালে নাচিবলৈ মোৰ মন গৈছে। প্লিজ, প্লিজ..ব’লানা।” মোৰফালে মিচিকিয়া হাঁহি এটা দি কলে, “পাগলী…তেৰী ইচি আদা পে চনম…” এইয়াই মোৰ আদি, আদিত্য ৰঞ্জন বৰুৱা। মোৰ যৌৱনৰ প্ৰেম, জেইচিৰ সহপাঠী আৰু বৰ্তমানৰ স্বামী। নাও এখন আমাৰ ওচৰ পাওঁতে আমি দুয়ো উঠিলোঁ। শাৰী শাৰী নাৱৰ ভিৰৰ মাজেৰে আমাৰ নাওখনে নিজৰ বাট উলিয়াই আগুৱাই গ’ল। নাৱৰ মজিয়াত থকা চিপচিপীয়া পানীৰ শীতল স্পৰ্শ, এজাক উতনুৱা বতাহ, লগতে মোৰ আদিত্য…আহ, কি ৰোমাণ্টিক পৰিবেশ! ‘নেপকো’ৰ প্ৰকল্প এটাৰ দায়িত্ব লৈ মই কলিকতালৈ আহিছোঁ। আদিত্যই মোক থবলৈ আহিছে। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈদ্যুতিক বিভাগত ডিগ্ৰী লৈ মই ‘নেপকো’ত জইন কৰিলোঁ। আদিত্যৰ কিন্তু চাকৰিৰ প্ৰতি হাবিয়াস নাই। বি.ই ডিগ্ৰী লৈ নিজাকৈ গৱেষণা আৰম্ভ কৰিছে। বহুত বুজালো এম.টেক কৰিবলৈ। কিন্তু তাৰ স্বাধীনভাবে কিবা এটা কৰাৰ হাবিয়াস। ইণ্টাৰপ্ৰেনিউৰশ্বিপ! উদ্যমিতা! তাৰ চিন্তাবোৰ বেলেগ আছিল। তাত মোৰ ‘চিলেবাছ’ৰ বৈদ্যুতিক বৰ্তনী, বৈদ্যুতিক আবেশ, বৈদ্যুতিক ক্ষমতা, বিদ্যুৎ কোষ, বিদ্যুৎ চুম্বক আদিৰ বিষয়ে বুজিবলৈ অসুবিধা। কিন্তু আদিত্যই অধ্যয়ন কৰিছিল বিশ্ববিখ্যাত বিজ্ঞানী তথা অভিযন্তা নিকোলা টেছলাৰ আধৰুৱা গৱেষণাবোৰ। নিকোলা টেছলাৰ আত্মজীৱনী ‘মাই ইনভেনছন’ ৰ প্ৰতিখিলা পৃষ্ঠা আদিত্যৰ মন মগজুত ভ্ৰমি ফুৰিছিল। ৰাডাৰ টেকন’ল’জী, এক্স-ৰে, ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা নিকোলা টেছলাই কিন্তু পাবলগীয়া স্বীকৃতি কেতিয়াও পোৱা নাছিল। আদিত্যই প্ৰায়ে মোক তাৰ প্ৰিয় বিজ্ঞানীজনৰ কথা দুখ কৰিছিল। তেওঁৰ ভাগ্য সুপ্ৰসন্ন নাছিল। তেওঁৰ বহু কেইটা আৱিষ্কাৰৰ পেটেণ্ট তেওঁৰ পৰা চোৰ কৰা হৈছিল। তাৰবাবে তেওঁ ‘ডিপ্ৰেছন’ৰ চিকাৰ হৈছিল। আদিত্যৰ কাম কাজ, কথা বতৰাবোৰ দেখি কেতিয়াবা মোৰো ভয় লাগে। সি যিখিনি বিষয় লৈ গৱেষণাত ব্যস্ত, সেইখিনি সম্ভৱ নে? সি সপোন দেখিছিল অসমৰ প্ৰতিখন গাওঁ, প্ৰতিখন চাহবাগান, প্ৰতিটো চৰ-চাপৰিত বিজুলী যোগান ধৰিব কম মূল্যত। “অলটাৰনেটিভ কাৰেণ্টৰ সলনি ডাইৰেক্ট কাৰেণ্ট আৰু ৱায়াৰলেছ ইলেকট্ৰিচিটি….’ এইবোৰ তাৰ সপোন। আৰু মোৰ সপোন আছিল আদিত্যৰ নামৰ সেন্দূৰকণ লৈ আদিত্যৰ নামেৰে, আদিত্যৰ ৰঙেৰে ৰাঙলী হোৱাৰ। মোৰ ঘৰৰ আপত্তি আছিল। আদিত্য আছিল চাকৰি নকৰা, অযুক্তিকৰ কামত লাগি থকা অভিযন্তা ডিগ্ৰীধাৰী এজন বেকাৰ যুৱক। কিন্তু মই আদিত্যৰ সপোন সাৰ্থক কৰিবলৈ আদিত্যৰ ঢাল হ’বলৈ ওলাইছিলোঁ। ‘জেইচি’। এই ‘জেইচি’তে প্ৰথম আদিত্যক লগ পাইছিলোঁ। আদিত্যক মই বহুত ভাল পাই পেলাইছিলোঁ। প্ৰতিটো ক্লাছ, প্ৰতিটো ‘লেব’ত মই আদিত্যক বিচাৰিছিলোঁ। সকলোৰে আগত আদিত্যৰ প্ৰতি মোৰ ভালপোৱা বিনাদ্বিধাই স্বীকাৰ কৰিছিলোঁ। আদিত্যই মাথোঁ হাঁহিছিল। “মোৰ প্ৰেয়সী হ’বলৈ হ’লে ছোৱালীজনী চুইট, কিউট এণ্ড মিউট হ’ব লাগিব। আৰু মোক আজীৱন মৰমৰ মাজত ডুবাই ৰাখিব লাগিব।” আদিত্যৰ কথাখিনি শুনাৰ পিছত মই হোষ্টেল আহি বাৰে বাৰে আইনা চাইছিলোঁ। “কিউট আৰু চুইট দেখোন মই হয়। কিন্তু মিউট…!” এসপ্তাহ চেষ্টা কৰিছিলোঁ। নোৱাৰিলোঁ কথা কমকৈ ক’বলৈ। সেইদিনা মোৰ ‘বাৰ্থডে’ আছিল। মই তাক অফ পিৰিয়ডত কৈছিলোঁ “মইতো কিউট আৰু চুইট হওঁ। কিন্তু মিউট হ’বলৈ ট্ৰাই কৰি আছোঁ। আজি মোৰ বাৰ্থডে। মোক অলপ অলপ ভাল পোৱানা।” মোৰ ফালে চাই আছিল সি যেন চকুৰে কিবা এটা ইংগিত দিছিল। মই যেন বুজি উঠিছিলোঁ তাৰ চকুৰ ভাষা। “মোক তুমি ভালপোৱা…ইয়ে…” মোৰ চিঞৰত গোটেই ‘জেইচি’ ৰাঙলী হৈ উঠিছিল। “আদিত্যই মোক ভালপায়। ইয়াতকৈ বেছি মোক একো নালাগে। মই সকলোৰে আগত আদিত্যক সাবটি ধৰিছিলোঁ। আদিত্যই লাজত ৰঙা পৰি গৈছিল। আদিত্যৰ সপোন মানেই মোৰ সপোন, আদিত্যৰ জীৱন মানেই মোৰ জীৱন, আদিত্য মানেই মোৰ উদিত সূৰ্য, আদিত্য মানেই মোৰ অস্তিত্ব। মোৰ ‘নেপকো’ৰ চাকৰিটো আমাৰ সাহস হৈ উঠিছিল। আদিত্যৰ নামৰ সেন্দূৰকণ বুলাই লৈছিলোঁ। আদিত্যৰ গৱেষণা চলাই নিবলৈ, আমাৰ আহিবলগীয়া ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই মই মোৰ প্ৰিয় চহৰ গুৱাহাটী এৰি কলিকতালৈ আহিলোঁ। জীৱন আৰু জীৱিকা এটা আন এটাৰ পৰিপূৰক। আজি আদিত্য গুৱাহাটীলৈ উভতি যাব। বৰ যন্ত্ৰণাদায়ক এই সময়। টপটপকৈ গৰম টোপাল মোৰ হাতত পৰিলেহি। আদিত্য মোৰ বাবে যেন এক অভ্যাসলৈ সলনি হ’ল। তাক এৰি থকাটো মই ভাৱিবই নোৱাৰোঁ। কিন্তু এতিয়া বাধ্য। আদিত্যই যোৱা ৰাতিৰ পৰাই বুজাই আছে। আৰু ছমাহ। তাৰ পিছতে তাৰ কামখিনিয়ে স্বীকৃতি পাব লাগে। ‘পেটেণ্ট’টো লাভ কৰিলেই হৈ গ’ল। অসমত উদ্যমিতাৰ এক নতুন যুগ আৰম্ভ হ’ব। সি মোক বহু কথাই কৈ গ’ল। আদিত্যই মোক সাবটি ধৰি মোৰ দুই গাল চুমাৰে ওপচাই পেলালে। সি জানে তাৰ প্ৰাক্তন প্ৰেয়সীক, সি বুজে তাৰ পত্নীক। নতুন ঠাই, নতুন পৰিবেশ। গুৱাহাটীত আদিত্যক এৰি মোৰ একো কামতে মন নবহা হ’ল। বাহিৰৰ ৰৌদ্ৰোজ্জ্বল দুপৰীয়াৰ মাজতে হুগলী নৈত ‘চাৰ্ভে’ৰ কামত জড়িত হৈ থাকোঁ। বৰ অসহ্যকৰ কাম। আনফালে গুৱাহাটীত আদিত্য ব্যস্ত তাৰ কামৰ মাজত। কেতিয়াবা কেতিয়াবা সি মোৰ বাবে একো কৰিব পৰা নাই বুলি কৈ দুখ প্ৰকাশ কৰে। কেতিয়াবা নিৰাশ হয়, কেতিয়াবা উদাস হয়। ‘ইলেকট্ৰিচিটি ট্ৰাঞ্ছমিছন’ৰ লগত ‘ৱাই-ফাই’ সংযোগ কৰিবলৈ অহৰহ কাম কৰি আছে আদিত্যই। এবাৰ যদি সি সফল হয় অসমত বিজুলী সৰাবৰাহ বহুত কম খৰচত হ’ব। নিকোলা টেছলাৰ আধৰুৱা গৱেষণাবোৰ আদিত্যই বিস্তৃতভাবে অধ্যয়ন কৰি আছে। আদিত্যৰ বাবে দিন ৰাতি একাকাৰ হৈ পৰিছে। কেতিয়াবা মই গোটেই নিশা তাৰ সতে ভিডিঅ ক’ল কৰি সময় কটাবলৈ বিচাৰোঁ। একমাত্ৰ ফোনটোৱে সাৰথি। কেতিয়াবা মন যায় শুনিবলৈ আদিত্যৰ কণ্ঠত মোৰ প্ৰিয় গান! ‘জেইচি’ৰ দিনত যেনেদৰে গাইছিল হৃদয়ৰ সমস্ত আবেগ ঢালি! কি যাদু আছিল তাৰ কণ্ঠত। কিন্তু এতিয়া এইবোৰৰ বাবে আদিত্যৰ সময় নাই। এই সময় বৰ কঠিন। এই সময় মাথোঁ অপেক্ষাৰ সময়। মোৰ মনত অভিমানৰ সৃষ্টি হৈছিল। নিজান ৰাতি আৰু হৃদয়ৰ শূন্যতাক মই পূৰ্ণ কৰিববলৈ বিচাৰিছিলোঁ। মই ধৈৰ্য ধৰিছিলোঁ। আদিত্যৰ কামকাজবোৰ দ্ৰুতগতিত আগবাঢ়িছে। সি ইতিমধ্যে সফলভাবে ৫০কিমি ব্যাসাৰ্ধৰ এৰিয়া এটাত ৱাই-ফাইৰ সহায়ত ‘ৱায়াৰলেছ ইলেক্ট্ৰিচিটি ট্ৰানছমিছন’ কৰিলে। তাৰ আৱিষ্কাৰৰ পেটেণ্টৰ বাবে অসম চৰকাৰৰ ওচৰলৈ গৈ যাবতীয় নথি পত্ৰ জমা দিলে। মই তাক কৰো, “চোৱা তুমি ‘পেটেণ্ট’ পাই গ’লেই কিন্তু মই চাকৰি এৰি গুচি যাম তোমাৰ ওচৰলৈ। মই আৰু নোৱাৰোঁ অকলে থাকিব।” মোৰ কথা শুনি ফোনৰ সিপাৰে থকা আদিত্যৰ হাঁহি উঠে। “এজ ইউ ৱিশ্ব মাই লাভ। দিছ ইজ পছিবল বিকজ অফ ইউ। বহুত দূৰে দূৰে থাকিলোঁ। এতিয়াৰ পৰা সদায় একেলগে থাকিম।” আমাৰ আশা, আমাৰ সপোনবোৰ দিঠক হোৱাৰ পথত। ২৬ জানুৱাৰীৰ গণৰাজ্য দিবসৰ দিনা আদিত্যৰ আৱিষ্কাৰৰ ‘পেটেণ্ট’টো আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ’ব। মই পদত্যাগ কৰিলোঁ। ‘নেপকো’ৰ মোৰ সহকৰ্মীসকলে মোক বহুত বুজালে। আৰু নহ’ব। এতিয়াৰ পৰা মই প্ৰতিটো মুহূৰ্ত আদিত্যৰ সতে কটাম। ২০ জানুৱাৰী। সময় দহ বাজি বিশ মিনিট। দমদম এয়াৰপৰ্টৰ পৰা আদিত্যলৈ ফোন কৰিলোঁ। কথা পাতিয়েই বুজি পাইছিলোঁ। অনুভৱ কৰিছিলোঁ তাৰ আনন্দখিনিক। মোক আগবঢ়াই নিবলৈ আদিত্য বৰঝাৰ বিমানবন্দৰলৈকে আহিব। ইমান যে ফুৰ্তি লাগি আছে! প্ৰায় আঠ মাহৰ মূৰত আদিত্যক লগ পাম। মোৰ আদিত্য। বৰঝাৰ বিমানবন্দৰ। ফোনটো অন কৰিলোঁ। আদিত্যক ফোন কৰি আছোঁ। চুইছ অফ। চুইছ অফ। কি হ’ল বাৰু? ঘৰলৈ ফোন কৰিলোঁ। কোনেও ৰিচিভ নকৰিলে। অভিমানত মুখ মোৰ ফুলি উঠিল। কি মানে? কিয় এনেকুৱা কৰিছে? ময়ো নাযাওঁ। লাগিলে গোটেই দিন এয়াৰপৰ্টতে থাকিম। মনৰ মাজত আলাপ আলোচনাত মই ৰত হলো। বিমানবন্দৰৰ লাউঞ্জত বহি সন্মুখৰ বিশাল স্ক্ৰীনৰ টিভিটোলৈ চকু গ’ল। “দীপৰ বিলৰ সমীপত বিখ্যাত গৱেষক তথা অভিযন্তা শ্ৰী আদিত্য ৰঞ্জন বৰুৱাৰ লেবেৰটৰীত শ্বৰ্ট চাৰ্কিট। কৰ্মৰত দুজন বিষয়া সহ শ্ৰীআদিত্য ৰঞ্জন বৰুৱা ঘটনাস্থলীতে নিহত হৈছে।” মই উঠি গৈ টিভি ৰ স্ক্ৰীনখন স্পৰ্শ কৰিলোঁ। নাই, নাই…আদিত্যৰ একো হোৱা নাই। আদিত্য…আদিত্য… এসময়ত নিজকে হস্পিতালৰ বিছনাত আৱিষ্কাৰ কৰিলোঁ। আদিত্যই বাৰু কেনেকৈ মোক এৰি যাব? মই কি লৈ জীয়াই থাকিম! জীৱনে এইয়া কি ৰঙ দেখুৱালে! “দূৰে দূৰে থাকিবা কিমান আৰু..” জুবিনৰ প্ৰিয় গানটো মোৰ জীৱনৰ লগত এনেদৰে মিলি যাব বুলি কেতিয়াও ভবা নাছিলোঁ! অসম চৰকাৰৰ ফালৰ পৰা মোক যোগাযোগ কৰিছে। গণৰাজ্য দিবসৰ দিনা গুৱাহাটীত কেন্দ্ৰীয় ভাৱে আয়োজন কৰিব লগীয়া অনুষ্ঠানত আদিত্যৰ হৈ মই পেটেণ্টৰ মালিকীস্বত্ব গ্ৰহণ কৰিব লাগে। মোৰ আদিত্যৰ সপোন আজি মোৰ হাতত। সি এৰি থৈ যোৱা কামবোৰ মই আগবঢ়াম। অসমৰ চুকে-কোণে সকলোতে যাতে কম খৰচত বিজুলী লৈ যাব পাৰি তাৰ বাবে মই আজীৱন কাম কৰি যাম। সকলোৱে কাহিনী এটা বুকুত লৈ ফুৰে। কিছুমান জীৱন্ত। কিছুমান সমাধিস্থ। এইয়া মোৰ কাহিনী। এইয়া আদিত্যৰ কাহিনী। এইয়া আমাৰ কাহিনী।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments