ফিজিঅ’থেৰাপি আৰু ইয়াৰ প্ৰয়োজনীয়তা

লেখক- ডাঃ গীতাঞ্জলি ভট্টাচাৰ্য

পেছাত মই এগৰাকী ফিজিঅ’থেৰাপি চিকিৎসক। আজিৰ এই‌ উন্নত মানৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দিনত চিকিৎসা বিজ্ঞানো বহুদূৰ আগবাঢ়ি অহা দেখা গৈছে। অৱশ্যে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত কোনো কোনো দিশত বহু লোকৰ চিন্তাধাৰা পূৰ্বৰ দৰেই চলি আহিছে। এতিয়াৰ পৰা প্ৰায় ১৫/২০ বছৰৰ আগত যিবোৰ ৰোগত মানুহ অকামিলা হৈ বছৰ‌ বছৰ ধৰি বিছনাত পৰি থাকিবলগীয়া হৈছিল বা যিবোৰ ৰোগত মানুহৰ মৃত্যু পৰ্যন্ত হোৱা দেখা গৈছিল, আজিকালি সেই একেবোৰ ৰোগত ভোগা ৰোগীও উন্নত মানৰ চিকিৎসাৰ দ্বাৰা আগৰ দৰে চলা-ফুৰা কৰি নিজৰ‌ জীৱনটো সুন্দৰকৈ উপভোগ কৰি থকা দেখা পোৱা যায়। অৱশ্যে ইয়াৰ‌ কাৰণে উন্নত চিকিৎসাৰ লগতে মানুহৰ মনতো উন্নত চিকিৎসাৰ প্ৰতি স্বীকৃতি, মানুহৰ পূৰ্বৰ চিন্তাতকৈ অকণমান উন্নত চিন্তাৰ প্ৰয়োজন। এই উন্ন‌ত চিকিৎসাৰ ক্ষেত্ৰখনত ফিজিঅ’থেৰাপি চিকিৎসাও অন্যতম। এতিয়া প্ৰথম কথাটো হ’ল‌ যে আমি কেনেধৰণৰ ৰোগত কোন সময়ত এজন ফিজিঅ’থেৰাপি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। শিশুৰ জন্মৰ পাছৰ‌ ২/৩ মাহৰ পৰা শিশু সকলৰ‌ মূৰৰ নিয়ন্ত্ৰণ, চোঁচৰা, বহা, উঠা, খোজ কঢ়া এইবোৰ যদি সময়তকৈ বেছি পিছ পৰি আছে(delyed milestone, cerebral palsy) তেনেহলে এজন অভিজ্ঞ ফিজিঅ’থেৰাপি চিকিৎসকৰ পৰামৰ্শ লওক। খেলা‌ ধূলাৰ সময়ত হাত ভৰিত পোৱা আঘাত, ভৰি মোচোকা খোৱাৰ ফলত ভৰি /আঁঠু ফুলিলেও লগে লগে এজন ফিজিঅ’থেৰাপি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। বহুদিনৰ পৰা‌ কঁকালৰ বিষত ভুগি আছে। বিষৰ দৰৱ খাই, ইনজেকচন লৈ বিষ কমাই থকাতকৈ নাইবা “এগৰাকী হাড়ৰ বা নাৰ্ভৰ চিকিৎসকক দেখুৱাই x-ray /MRI এখন কৰিহে ফিজিঅ’থেৰাপি চিকিৎসকৰ ওচৰত যাম “ বুলি ভাবি মূৰামুৰি সময়লৈ ৰৈ নাথাকি সোনকালে এজন ফিজিঅ’থেৰাপিষ্টৰ লগত আলোচনা কৰকচোন। যদি তেখেতে আপোনাৰ লক্ষণ (symptoms)বোৰ শুনি দৰকাৰ অনুভৱ কৰে, তেনেস্থলত তেখেতে নিজেই আপোনাক এখন x-ray নাইবা এখন MRI কৰাই ল’বলৈ কব। হয়, কোনো কোনো ক্ষেত্ৰত ‘শ্লিপ ডিক্স’ (slip disc) ৰ গুৰুতৰ সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি ৰাজহাড়ৰ অষ্ট্ৰোপচাৰও কৰাব লগা হয়। MRI ৰিপৰ্টটো চাই ফিজিঅ’থেৰাপিষ্ট গৰাকীয়ে এইটো অষ্ট্ৰোপচাৰৰ স্তৰ (stage) নে ফিজিঅ’থেৰাপিৰ দ্বাৰা উপশম পোৱা স্তৰ এই‌ কথাটোত তেখেতে নিজেই এক সিদ্ধান্তত উপনীত হ’ব পাৰে। এই ক্ষেত্ৰত মাথোঁন আপোনালোক সকলোৰে বিশ্বাসৰ অত্যন্ত প্ৰয়োজন। পৰিয়ালৰ এজন এনে ৰোগীৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপি চিকিৎসক গৰাকীক এবাৰ বিশ্বাস কৰি‌ ললে ফিজিঅ’থেৰাপি চিকিৎসা কিমান গুৰুত্বপূৰ্ণ সেই কথা আপুনিও অনুভৱ কৰিব পাৰিব। বহু বছৰ আঁঠুৰ বিষত ভুগি আছে। বিষৰ দৰব খাই, সন্ধি (joint) ত বেজী লৈ অলপ দিন ভালে থাকি আকৌ পুনৰ বিষত ভুগি ভাগৰি পৰাৰ বহু বছৰৰ পাছত বা বিষত কষ্ট কৰি খোজ কাঢ়ি কাঢ়ি আঁঠু ভাঁজ হৈ ভালকে ভৰি চিধা কৰিব নোৱাৰা হোৱালৈ ৰৈ থাকি কিমান কষ্টত দিন কটাইছে, সেইয়া হয়টো নিজেও উপলব্ধি কৰিব পাৰিছে। নিজে ভুল কৰি যিমান কষ্টত দিন কটাইছে যাতে আপোনাৰ পিছৰ প্ৰজন্ম এনে বিষত/এনে অসুবিধাত পৰাৰ আগতেই এজন ফিজিঅ’থেৰাপি চিকিৎসকৰ পৰামৰ্শ লয় তাৰ প্ৰতি সকলোকে অৱগত কৰাওক। সঠিক সময়ত সঠিক চিকিৎসাৰ অভাৱত নাইবা ৰোগৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা অষ্ট্ৰোপচাৰেই শেষ আৰু সঠিক চিকিৎসা বুলি পৰিগণিত হৈছে। ৰাজহাঁড় / আঁঠুৰ অস্ত্ৰোপচাৰৰ পাছত সম্পূৰ্ণ সুস্থ হব নোৱাৰিলো বুলি শল্যবিদ এজনক দোষাৰোপ কৰাতকৈ অস্ত্ৰোপচাৰৰ পাছত অতি শীঘ্ৰে এগৰাকী ফিজঅ’থেৰাপি চিকিৎসকৰ পৰামৰ্শ লওকচোন। মন নকৰিব বা কেতিয়াও এটা কথাতে লাগি নাথাকিব যে অস্ত্ৰোপচাৰৰ পিছত নিউৰ’ চাৰ্জন/অৰ্থপেডিক চাৰ্জনে আপোনাক ফিজিঅ’থেৰাপিৰ চিকিৎসাৰ কথা কোৱা নাই। এই কথাটোকেই ধৰি নাথাকি আপুনি অস্ত্ৰোপচাৰৰ ১০/১৫ দিন পাছত হলেও এজন ফিজিঅ’থেৰাপি চিকিৎসকৰ ওচৰত গৈ পৰামৰ্শ ললে আপুনি দেখিব যে আপুনি আগৰ দৰেই সম্পূৰ্ণ সুস্থ হৈ উঠিছে। হাত ভৰিৰ হাড় ভাগিছে, বহু দিনৰ কাৰণে প্লাষ্টাৰত আছে। প্লাষ্টাৰ খোলাৰ পাছত ‘জইণ্ট’টো টান হৈ পৰিছে, ভালদৰে লৰচৰ কৰিব পৰা নাই, প্লাষ্টাৰ কৰিব দিয়া চিকিৎসকজনে হয়তো ফিজিঅ’থেৰাপি চিকিৎসকৰ ওচৰত পৰামৰ্শৰ বাবে পঠাইছে। অৱশ্যে যদিও কেতিয়াবা কোনো কোনো চিকিৎসকে ফিজিঅ’থেৰাপি চিকিৎসকৰ পৰামৰ্শৰ বাবে আপোনাক নজনায়, তথাপিও আপুনি তেখেতৰ অনুমতি অবিহনেও এগৰাকী ফিজঅ’থেৰাপি চিকিৎসকৰ পৰামৰ্শ লব পাৰে বা লোৱাটো উচিত। আজিকালি সকলোৱে হয়টো সঘনাই শুনা পোৱা অসুবিধা হৈছে ‘লিগামেণ্ট ইনজুৰি’(injury)। এতিয়াও প্ৰায়ে আমি এনেধৰণৰ কথাও শুনো, “মোৰ ল’ৰাটোৰ আঁঠুত/ভৰিৰ গাঁঠিত/হাতৰ মনিবন্ধ(wrist)ত ‘লিগামেণ্ট ইনজুৰি’ হৈছে। ডাক্তৰে মেডিচিন দিছে, খুৱাই আছো। ১ মাহৰ পাছত ভাল ন’হলে অপাৰেশ্যনৰ কথা কৈছে।” সেইসকল অভিভাৱকক কবলৈ বিচাৰিছো যে তেনে অৱস্থাত আপোনাৰ ল’ৰাজনক এজন ফিজিঅ’থেৰাপি চিকিৎসকৰ ওচৰত লৈ যাওক। তেখেতে আপোনাৰ ল’ৰাজনৰ CT scan নাইবা MRI ৰ ৰিপৰ্ট চাই অপাৰেশ্যন নকৰোৱাকেও ফিজিঅ’থেৰাপি চিকিৎসাৰ দ্বাৰা সুস্থ কৰি তুলিব পাৰিব। (অৱশ্যে ‘লিগামেণ্ট’ সম্পূৰ্ণ ছেদ (complete tear) গ’লে অষ্ট্ৰোপচাৰৰ নিতান্তই প্ৰয়োজনীয়। এই অষ্ট্ৰোপচাৰৰ পাছটো মাংশপেশীৰ সম্পূৰ্ণৰূপে জোৰ আনিবলৈ পুনৰ ফিজিঅ’থেৰাপি চিকিৎসাৰে প্ৰয়োজন হয়। ) ভৰিৰ গেৰুৱা(heel) ৰ বিষ, ৰাতিপুৱা ভৰি মাটিত পেলাবলৈ অসুবিধা নাইবা বাহুৰ বিষ, হাতখন সম্পূৰ্ণৰূপে ওপৰলৈ ডাঙিবলৈ অসুবিধা হ’লে কোন বিভাগৰ চিকিৎসকৰ ওচৰত পৰামৰ্শ লব লাগিব সেইয়ি ভাবি সময় নষ্ট কৰাতকৈ সোনকালে এজন ফিজিঅ’থেৰাপি চিকিৎসকৰ ওচৰলৈ গৈপৰামৰ্শ লওক। প্ৰেচাৰ ষ্ট্ৰ’ক ৰ পাছত হাত/ভৰি/মুখৰ দুৰ্বলতা(পেৰালাইচিছ) দূৰ কৰাটো ফিজিঅ’থেৰাপি চিকিৎসক সকলৰ দ্বাৰাহে সম্ভব। খোজটো সৰু সৰু ‘ষ্টেপ’ত খৰকৈ হৈছে, লগতে হাত ভৰিৰ কঁপনি উঠিছে। এনে ক্ষেত্ৰত ‘নাৰ্ভ’ৰ চিকিৎসক এজনে খাব দিয়া ঔষধ কেইটাৰ লগত ফিজিঅ’থেৰাপি চিকিৎসাও সমানে জৰুৰী। গাড়ী বা বাইকৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা ডিঙি/কঁকালত পোৱা আঘাত(spinal cord injury) ৰ ফলত খোজ কাঢ়িব নোৱাৰি বছৰ‌ বছৰ ধৰি হুইল ছেয়াৰত বহি জীৱনটোত হাৰি যোৱাতকৈ ফিজিঅ’থেৰাপি চিকিৎসাৰ সহায়ত যেতিয়া ৬ মাহ ১ বছৰৰ ভিতৰত ‘হুইল চেয়াৰ’ বাদ দি এডাল লাখুটিৰ সহায়ত খোজ কাঢ়িব পৰা হব আৰু লাহে লাহে লাখুটি এৰি কাৰো সহায় নোলোৱাকৈয়ে নিজৰ দৈনন্দিন কামবোৰ সম্পাদন কৰি সুন্দৰকৈ জীৱনটো পাৰ কৰিব পাৰিব, তেতিয়া আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লোক, বন্ধু বৰ্গ কিমান যে আনন্দিত হব নহয়নে। শিশু গৰ্ভত থকা সময়ত মাতৃ গৰাকীৰ ভৰি ফুলিছে, কঁকালত বিষ অনুভৱ কৰিছে নাইবা শিশুৰ জন্মৰ পাছত মাতৃ গৰাকীয়ে স্বাভাৱিক ভাবে প্ৰস্বাব কৰিব পৰা নাই। লগে লগেই এগৰাকী ফিজিঅ’থেৰাপি চিকিৎসকৰ ওচৰত পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। শেহতীয়াকৈ সকলোৰে জ্ঞাত যে ক’ভিড-১৯ ত ভোগা ৰোগীৰ উশাহৰ অসুবিধা, বুকুৰ বিষ, হাওঁফাওঁত কফ জমা হোৱা, এই সকলোবোৰ অসুবিধাৰ পৰা মুক্তি পাবলৈও ফিজিঅ’থেৰাপি চিকিৎসাই মুখ্য ভূমিকা গ্ৰহণ কৰি আছে। এইবোৰ কিছুমান সৰু সৰু উদাহৰণহে মাথোঁ। আৰু এনেকুৱা উদাহৰণ হয়তো সমাজত বহুত ওলাব। এই সমস্যাবোৰৰ পৰা বাছি থাকিবলৈ হ’লে চিকিৎসা বিজ্ঞানত আন আন উন্নত মানৰ চিকিৎসাৰ লগতে ফিজিঅ’থেৰাপি চিকিৎসাকো সমানে স্বীকৃতি দিয়াটো নিতান্তই প্ৰয়োজনীয়। শেষত এটাই কব বিচাৰো যে যি সকল লোকে কয় বা ভাবে “ফিজিঅ’থেৰাপি চিকিৎসা কৰাৰ পাছতো ৰোগৰ উপশম নোপোৱা বুলি ভাবে, এনে লোক সকললৈ মোৰ এটাই অনুৰোধ যে চিকিৎসক এজনৰ ওচৰলৈ যোৱাৰ আগত চিকিৎসকজন অভিজ্ঞ হয় নে নহয় সেইটো ৰোগী বা ৰোগীৰ পৰিয়ালে বিচাৰ কৰি লোৱাটো উচিত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!