ওদা ৰান্ধনীৰ আত্মকথা আৰু কেইপদমান ব্যঞ্জন (মানসী গোস্বামী)

ৰন্ধনকাৰ্য্য বোলা কথাটো কোনোদিনেই মোৰ প্ৰিয় নাছিল! জাকৰুৱা ঘৰ, মা মূল ৰান্ধনী। সৰুৰে পৰা পঢ়া-শুনাতে লাগি থাকিবলৈ ভাল পোৱাৰ আঁৰত মা-দেউতাৰ অৱদানেই আটাইতকৈ বেছি আছিল। ছোৱালী বুলিয়েই পাকঘৰত সোমাবই লাগিব— এই ধাৰণাৰ বিৰোধী মায়ে কোনোদিনেই আমাক ৰন্ধা-বঢ়া শিকিবলৈ কোৱা নাছিল। মাৰ কথা আছিল— “স্কুলৰ অংক-বিজ্ঞান-সমাজবিদ্যা-ইংৰাজী আদি বিষয়বোৰ পাৰিছ’ যেতিয়া, পেটৰ ভোক মাৰিবলৈ প্ৰয়োজনসাপেক্ষে ভাত-পানী ৰান্ধিবও পাৰিবি সময় আহিলে।” কেতিয়াবা চখতে ৰান্ধনীশাললৈ গ’লে মায়ে কৈছিল- “তোক মই সৌ বাহিৰৰ আৰামী চকীখনত বহি কিতাপ এখন হাতত লৈ থাকিলেই ভাল দেখোঁ, গতিকে হাতত হেঁতা-কেৰাহী লৈ দেখুৱাব নেলাগে।” গতিকেই ৰন্ধা কাৰ্য্য শিকা কামটো ঘৰত নহ’লগৈ। স্নাতক শ্ৰেণীত থাকোতে শেষৰটো ষান্মাসিকত “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি”ৰ বাবে নগাঁৱৰ ৰহাত আহি থাকিবলগীয়া হ’ল, লগৰ আন ন-গৰাকী ছাত্ৰীৰ সতে; ভাৰাঘৰত। তেতিয়াই সমনীয়া ৰেখাই (ৰেখাৰাণী চেতিয়া) হাতত ধৰি ভাত ৰান্ধিবলৈ শিকালে। তাতেই এদিন অকলে জীয়া শ’ল মাছ বাছি জিকাৰে টেঙা ৰন্ধাৰ দৰে দুঃসাহসী কাৰ্য্য সম্পন্ন কৰিলো প্ৰথমবাৰৰ বাবে! মনটো হিমালয় আৰোহণ কৰাৰ দৰে লাগিছিল সেইদিনা! তাৰ পিছত ঘৰলে গ’লে বয়সে জুৰুলা কৰা মাক সামান্য সকাহ দিবলৈ কেতিয়াবা কেতিয়াবা ইটো-সিটো ৰন্ধা হ’লো যদিও সেয়া কোনোদিনেই চখলৈ নাহিল। অৱশেষত তিনিবছৰ পূৰ্ৱে বিয়া হৈ এতিয়াৰ ঘৰখনলৈ আহিলো। খাদ্যাভ্যাস প্ৰায় বিপৰীত। প্ৰথমে নাজানিলেও, শাহু-শহুৰ তথা জীৱন-সংগীৰ সমূহীয়া ট্ৰেইনিং তথা ডেমনষ্ট্ৰেচনৰ পৰিণতিত এতিয়া অতি পাকৈত নহলেও ঠিক-ঠাক ৰান্ধিব পৰা হৈ উঠিছো।তথাপিও ৰন্ধনৰ প্ৰতি খুব হেঁপাহ হৈছেগৈ বুলি দাবী কৰিব নোৱাৰোঁ। সেইবাবেই তেনেই নিৰীহ-নিপানী, সহজতে হোৱা ব্যঞ্জনহে ৰান্ধি ভাল পাওঁ। সেইসূত্ৰেই, গৰমৰ ভৰ দুপৰীয়া মই ৰান্ধি আৰু খাই-খুৱাই ভাল পোৱা দুপদমান ব্যঞ্জন আপোনালোকলৈ দিলোঁ, জুতি লৈ চাবৰ বাবে—

() খৰিচাৰে কঁঠালগুটি (চিত্ৰ)


উপকৰণ-
কঁঠালগুটি_ইচ্ছানুযায়ী আৰু প্ৰয়োজন অনুসাৰে
খৰিচা- ঢেঁকীত খুন্দা বা ৰুকনিৰে মিহিকৈ পিহি কৰা খৰিচা দুই বা তিনি টেবুল চামুচ (কঁঠালগুটিৰ পৰিমাণ বেছি হ’লে পৰিমাণ বঢ়াই ল’ব পাৰে)
পাঁচফোৰণ- আন্দাজমতে,
পিঁয়াজ- তেনেই অলপ, মিহিকৈ কুটি লোৱা
কেঁচা জলকীয়া _ দুটা-তিনিটা
নিমখ- আন্দাজমতে
মিঠাতেল- চাহ চামুচেৰে দুচামুচ

প্ৰস্তুত প্ৰণালী প্ৰথমে কঁঠালগুটিৰ বাকলি গুচাই লওক। (হাতত আঠা আৰু ক’লা দাগ লগাটো কমাবলৈ হাত আৰু কটাৰীত মিঠাতেল সানি ল’ব।) এতিয়া কঁঠালগুটিখিনি কুকাৰত পানী দি সিজিবলৈ দিয়ক। দুটা হুইছেল মাৰিলে নমাই থওক। ঠাণ্ডা হোৱাৰ পাছত উলিয়াই ওপৰৰ ৰঙা বাকলিখিনি হাতেৰে মোহাৰি আঁতৰাই লওক আৰু এবাৰ ঠাণ্ডা পানীৰে ধুই লওক।
এতিয়া কেৰাহীখন গৰম হ’বলৈ দি মিঠাতেল দিয়ক। তেল গৰম হোৱাৰ পাছত পাঁচফোৰণখিনি দি ফুটিবলৈ দিয়ক। এইবাৰ কুটা পিয়াঁজ আৰু জলকীয়া দি সামান্য ৰঙচুৱা হোৱালৈ ভাজক। ইয়াৰ পাছতে কঁঠালগুটিখিনি হাতেৰে ভাঙি লৈ (সম্পূৰ্ণ পিটিকা নকৰিব) কেৰাহীত দি দিয়ক। নিমখ-হালধি দি ভালদৰে লৰাই ভাজি থাকক। মাজতে কিছুসময়ৰ বাবে ঢাকোনেৰে ঢাকি দিয়ক। পুনৰ লৰাই দিয়ক। লাহেকৈ দেখিব কঁঠালগুটিখিনিয়ে সামান্য ৰঙচুৱা বৰণ লৈছে। এইবাৰ খৰিচাখিনি দি পুনৰ ভালদৰে লৰাই ঢাকি দিয়ক। জুই চিমত ৰাখিব। লাহেকৈ খৰিচাৰ ভজা গোন্ধটো ওলালে নমাই থওক। বচ্, আপোনাৰ জুতি লগা খৰিচা-কঁঠালগুটি উদৰস্থ কৰিব পৰাকৈ সাজু !

() শুকান ঔৰে সৰু মাছ (চিত্ৰ)


ফাগুণ-চ’ত মাহত পকা ঔৰে মাছৰ জুতি সততে লোৱা যায়। কিন্তু ঔটেঙাৰ জুতি বিচাৰিলেও এই গৰমৰ দিনত পাবলৈ দিগদাৰ। এনে ক্ষেত্ৰত সৰহকৈ ঔ টেঙা ওলোৱাৰ দিনতে ঔ কাটি শুকুৱাই থৈ পিছত নাটনিৰ দিনত ব্যৱহাৰ কৰিব পাৰি।

উপকৰণ (দুজনৰ বাবে) –

সৰু মাছ- ভাঙোন, বৰিয়লা জাতীয় মাছ ৬ টা
শুকান ঔ- সৰু সৰুকৈ কাটি থোৱা, প্ৰায় পোন্ধৰ-বিশ টুকুৰা
আলু- মজলীয়া চাই এটা
পাঁচফোৰণ- আন্দাজমতে
পিঁয়াজ- তেনেই সামান্য, মিহিকৈ কুটি লোৱা (নিদিয়াকৈও ৰান্ধিব পাৰে)
জলকীয়া, হালধি, নিমখ – আন্দাজমতে

প্ৰস্তুত প্ৰণালী প্ৰথমে শুকান ঔটেঙাৰ টুকুৰাকেইটা কুহুমীয়া গৰম পানীত অলপ নিমখ দি তিয়াই থৈ দিয়ক। আধাঘণ্টা মানৰ পাছত পানীৰ পৰা টুকি লোৱা ঔটেঙা আৰু বাকলি গুচাই লোৱা আলুটো একেলগে কুকাৰত পানী দি সিজাই দিয়ক। দুটা হুইছেল মাৰিলে নমাই থওক আৰু ঠাণ্ডা হবলৈ দিয়ক।
এতিয়া ভালকৈ বাছি নিমখ হালধি সানি লোৱা সৰু মাছ কেইটা তেলত ভাজি লওক। এইবাৰ কেৰাহীত সামান্য তেল দি গৰম হ’লে পাঁচফোৰণ ফুটাই লওক। এইবাৰ কুটা পিঁয়াজকণ ভালকৈ ভাজি কেঁচা জলকীয়া কেইটা দি দিয়ক। তাৰ পাছত নমাই থোৱা সিজোৱা ঔ আৰু আলুখিনি পানীৰ পৰা উলিয়াই ভালকৈ খচি লৈ কেৰাহীত দি দিয়ক। (পানীখিনি পেলাই নিদিব।) নিমখ, হালধি দি ভালকৈ লৰাই আলু আৰু ঔটেঙাখিনি ভাজি লওক। লাহে লাহে মিশ্ৰণটো ৰঙচুৱা হৈ আহিলে, ঔ আৰু আলু সিজোৱা পানীখিনি মিশ্ৰণত ঢালি উতলিবলৈ দিয়ক। ভালদৰে উতল আহিলে তাত মাছকেইটা দি ঢাকোন দি কিছুসময় পুনৰ উতলিবলৈ দিয়ক। এনেদৰে পাঁচমিনিট মান থৈ দি নমাই থওক আৰু গৰম ভাতৰ সতে পৰিৱেশন কৰক।

() মাহৰ বৰ আৰু কঁঠালগুটিৰে ঢেঁকীয়াশাকৰ টেঙাজোল

ঢেঁকীয়াশাকৰ ভাজি খাই প্ৰায় সকলোৱে ভাল পায়। পিছে আমাৰ ঘৰত (আইৰ ঘৰত) গৰমৰ দুপৰীয়া ঢেঁকীয়াশাকৰ টেঙাজোলখনৰ আদৰ আটাইতকৈ বেছি। মোৰ মাৰ হাতৰ এই ব্যঞ্জনবিধৰ জুতি আপোনালোকৰ বাবে—

উপকৰণ-

ঢেঁকীয়াশাক – এমুঠি (বা খাৱৰীয়া অনুযায়ী, কমকৈ ল’লে ভাল যাতে জোলখন পাতলীয়া হয়।)
মছুৰমাহ – সৰু বাটিৰে এবাটি, পানীত তিয়াই থোৱা
কঁঠালগুটি – খাৱৰীয়া অনুযায়ী, বাকলি গুচাই সিজাই ল’ব
পাঁচফোৰণ- আন্দাজমতে
নহৰু – চাৰি-পাঁচ ফুটা
জলকীয়া – দুটা
গোলনেমু – দুটা (কাজিনেমু হ’লে – এফাল)

প্ৰস্তুত প্ৰণালী

মাহৰ বৰ – তিয়াই থোৱা মচুৰমাহখিনি পটা বা মিক্সিত ভালকৈ বটি লওক। এইবাৰ নিমখ-হালধি আৰু সামান্য বেচন বা আটা বা পিঠাগুৰি সানি সৰু সৰুকৈ পিঠাৰ দৰে তেলত ভাজি লওক।
এইবাৰ কেৰাহীত মিঠাতেল তেনেই সামান্য পৰিমাণে দি গৰম হ’লে পাঁচফোৰণ দিয়ক। পাঁচফোৰণখিনি ফুটি শেষ হ’লে নহৰু কেইফুটা থেতেলিয়াই তেলত দি কিছুপৰ ভাজক। এইবাৰ বাচি, ধুই, কুটি সাজু কৰি থোৱা ঢেঁকীয়াশাক খিনি তেলত দি নিমখ আৰু হালধি দি ভাজক। ঢেঁকীয়াখিনি সামান্য ভাজখোৱা যেন হওঁতেই সিজাই থোৱা কঁঠালগুটিখিনি দি পুনৰ লৰাই দিয়ক। তাৰে কেইটামান কঁঠালগুটি ভাঙি দিবও পাৰে। এইবাৰ জোখমতে পানী দি ঢাকোন মাৰি দিয়ক। পানীৰ পৰিমাণটো এনেকুৱা হ’ব লাগে যাতে সম্পূৰ্ণকৈ উতল অহাৰ পাছতো আঞ্জাখন ডাঠ বা থপ্থপীয়া নহৈ পাতল হৈ থাকে। ভালকৈ উতল আহিলে শাকখিনি সুন্দৰকৈ পানীৰ লগত মিলি যাব। এনে সময়তে মছুৰমাহৰ বৰকেইটা জোলখনত দি পুনৰ ঢাকোন দি উতলিবলৈ দিয়ক। এইকণ সময়তে নেমু চেপি ৰসখিনি এটা কাঁচৰ বাটিত উলিয়াই লওক। টেঙা বেছিকৈ খোৱা লোকে সৰহকৈ নেমু ৰস ল’ব পাৰে। জোলখন ভালদৰে উতল অহাৰ পাছত জুই কমাই লৈ নেমুৰ ৰসখিনি জোলখনত দি ভালকৈ লৰাই দিয়ক। এক-দুইমিনিট কম জুইত থৈ কেৰাহী জুইৰ পৰা নমাই দিয়ক। চাব যাতে নেমুৰস দিয়াৰ পাছত বেছিপৰ জুইৰ তাপ দিয়া নহয়, নহ’লে তিতা হৈ যাব পাৰে। এইবাৰ এই তৰকাৰী গৰম ভাতৰ লগত খাই চাওক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!