অধ্যৱসায়ৰ এক নিদৰ্শনঃ কালিদাস

লেখক- মৰমী ওজা ৰয়

প্ৰাচীন ভাৰতীয় সাহিত্যৰ এটি উজ্জ্বল নক্ষত্ৰমহাকবি কালিদাস।

বিশ্ব বিশ্ৰুত এই মহান পণ্ডিতগৰাকীৰ বিষয়ে বিষদভাৱে জানিব পৰা নাযায় যদিও ধৈৰ্য আৰু একাগ্ৰতাৰ গুণতে তেওঁ পাণ্ডিত্য অৰ্জন কৰিছিল বুলি প্ৰচলিত আছে। সেয়ে, মহাকবিজনাৰ বিষয়ে যিখিনি পোৱা গৈছে, শ্ৰদ্ধা সহকাৰে তাৰেই সামান্য আভাস দিয়াৰ চেষ্টা কৰিছোঁ। কালিদাস আছিল একাধাৰে কবি, নাট্যকাৰ আৰু সংগীতানুৰাগী। ভাৰতীয় পণ্ডিতমণ্ডলীয়ে এইজনাক কবিকুলগুৰু বুলি স্বীকৃতি দিছে। আদিকবি বাল্মিকী আৰু ব্যাসদেৱৰ পিছতেই কালিদাসক তৃতীয়জন প্ৰসিদ্ধ মান্য কবি বুলি কোৱা হয়।

কিন্তু, এই বিশ্ববৰেণ্য পণ্ডিতগৰাকীৰ জন্ম, জন্মস্থান বা বংশ পৰিচয় সম্বন্ধে সঠিক বিৱৰণ এতিয়ালৈকে পোৱা হোৱা নাই।

কেৱল, তেওঁৰমেঘদূতকাব্যত মালাৱাৰ উজ্জয়িনীৰ কথা অলপৰহে উল্লেখ পোৱা যায়।

তাৰপৰা অনুমান কৰিব পাৰি যে কালিদাসে সম্ভৱতঃ উজ্জয়িনীত বাস কৰিছিল বা জীৱনৰ বেছিভাগ সময় সেই ঠাইত কটাইছিল।

বেছিভাগ পণ্ডিতৰ মতে কালিদাস গুপ্তযুগৰ ৰজা দ্বিতীয় চন্দ্ৰগুপ্ত বা বিক্ৰমাদিত্যৰ ৰাজকবি আছিল। 

যি কি নহওক, কালিদাস কেনেকৈ মহাকবি বা বিখ্যাত নাট্যকাৰ হ, সেই সম্বন্ধেও বিভিন্ন আখ্যান পোৱা যায়।

প্ৰচলিত জনশ্ৰুতি অনুসৰি কালিদাস এজন ব্ৰাহ্মণৰ সন্তান। বাল্যকালতে পিতৃমাতৃৰ মৃত্যু হোৱাত কোনো এজন গৰখীয়াৰ দ্বাৰা তেওঁ প্ৰতিপালিত হয়।

পিছত, ঘটনাক্ৰমে, কাশীৰাজ বিক্ৰমাদিত্যৰ মন্ত্ৰীসকলৰ প্ৰৰোচনাতে ৰাজকন্যাৰ লগত কালিদাসৰ বিবাহ হয়।

এটা সময়ত ৰাজকন্যাই পিছে কালিদাস এটা মুৰ্খহে বুলি জানিব পাৰি মনত ভীষণ আঘাত পায়।

উল্লেখ কৰা প্ৰয়োজন যে ৰাজকন্যাগৰাকীয়ে বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি যথেষ্ট জ্ঞান অৰ্জন কৰিছিল।

এক কথাত কবলৈ গলে, তেওঁ এগৰাকী পণ্ডিতেই আছিল।

তেওঁৰ মতে, মুৰ্খ এজনৰ লগত সংসাৰ পতা অসম্ভৱ!

সেয়ে, ক্ষোভিত হৈ কালিদাসক তেওঁ নানা তিৰস্কাৰ কৰাৰ লগতে ভগৱতী কালীক আৰাধনা কৰি জ্ঞান অৰ্জন কৰিবলৈয়ো এক উপদেশ দিয়ে। 

পত্নীৰ কথাত অপমানিত হৈ কালিদাসে সেই ৰাতিয়েই গৃহত্যাগ কৰি কোনো নিৰ্জন স্থানত গৈ একান্তচিত্তে ধ্যানত বহিলগৈ।

কিছুদিনৰ পিছত ধৈৰ্য্য আৰু একাগ্ৰতাৰ গুণত তেওঁ জ্ঞান লাভ কৰে। জ্ঞান প্ৰাপ্ত হৈ ঘৰলৈ উভতি আহোঁতেই পত্নীয়ে সুধিলে কথাবতৰাত এতিয়া তেওঁৰ কিবা উন্নতি হৈছেনে নাই!(অস্তি কশ্চিদ্ বাগ্বিশেষঃ)

কালিদাসে লগে লগেই যথোপযুক্তভাৱে উত্তৰ দিয়ে।

ইয়াৰ পিছতে, অতি কম সময়ৰ ভিতৰতেই তেওঁ পত্নীৰ প্ৰশ্নবাণৰ প্ৰতিটো শব্দকে প্ৰতীক হিচাপে লৈ একোখন কাব্য ৰচনা কৰে।

অস্তিশব্দৰে (অস্তুত্তৰস্যাং দিশি দেৱতাত্মা হিমালয়ঃ) কুমাৰ সম্ভৱম্, ‘কশ্চিৎশব্দৰে ( কশ্চিৎকান্ত বিৰহগুৰুণা ) মেঘদূতম, ‘বাক্শব্দৰে (বাগাৰ্থাৱিৱ সম্পৃক্তৌ) ৰঘুবংশম, ‘বিশেষশব্দৰে (বিশেষ সূৰ্যঃ স্পৃহনীয় চন্দ্ৰমা) ঋতুসংহাৰম্ নামেৰে চাৰিখন মহান কাব্য ৰচনা কৰি তেওঁ পাণ্ডিত্যৰ চানেকি দিয়ে।

ইয়াৰ উপৰিও, মালৱিকাগ্নিমিত্ৰম্, বিক্ৰমোৰ্বশীয়ম্ আৰু অভিজ্ঞান শকুন্তলম্ নামেৰে তিনিখন সফল নাটক ৰচনা কৰি তেওঁ কাললৈ খ্যাতি অৰ্জন কৰে। 

অৱশ্যে, কালিদাসৰ আগতে যে সংস্কৃত নাট্যকাৰ নাছিল, এনে নহয়। মহাকবিজনাইমালৱিকাগ্নিমিত্ৰম্নাটকৰ প্ৰস্তাৱনাত মহাকবিভাসৰ নাম উল্লেখ কৰালৈ চাই কালিদাসৰ নাটকত ভাসৰ প্ৰভাৱ পৰাৰ কথা পণ্ডিতসকলে মানি লৈছে। 

অভিজ্ঞান শকুন্তলম্কালিদাসৰ অমৰ সৃষ্টি। এই নাটকখনিৰ জৰিয়তে মহাকবিজনাই বিশ্বৰ সাহিত্য ক্ষেত্ৰত উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছে।

পাশ্চাত্যৰ পণ্ডিত উইলিয়াম জোন্সে অভিজ্ঞান শকুন্তলম্ পঢ়ি নাটকখনৰ সাহিত্যিক সৌন্দৰ্যত মুগ্ধ হৈ কালিদাসকভাৰতৰ শ্বেইকছপীয়েৰবুলি অভিহিত কৰিছে।

ইউৰোপৰ শ্ৰেষ্ঠ কবি গ্যেটেই কৈছে, “কোনোবাই যদি বসন্তৰ ফুল আৰু শৰতৰ ফল, কোনোৱে যদি সৰগমৰত একেলগে চাব খোজে, তেনেহলে শকুন্তলা নাটকতে পাব” (‘সংস্কৃত নাট্য সাহিত্য’ — কামাখ্যা চৰণ ভাগৱতী) 

কালিদাসেঅভিজ্ঞান শকুন্তলম্নাটকৰ কাহিনীভাগ মহাভাৰতৰ পৰা, ‘বিক্ৰমোৰ্বশীয়ম্নাটকৰ কাহিনীভাগ ঋকবেদৰ পৰা আৰুমালবিকাগ্নিমিত্ৰম্নাটকৰ কাহিনীভাগ ভাৰতীয় ইতিহাসৰ পৰা লৈছিল।

সেইদৰে, ‘কুমাৰ সম্ভৱমৰ কাহিনীভাগ পুৰাণৰ পৰা আৰুৰঘুৱংশমৰ কাহিনীভাগ ৰামায়ণৰ পৰা লৈছিল।

বেদ, ৰামায়ণ, মহাভাৰত, পুৰাণ আদিত যে কালিদাসৰ গভীৰ জ্ঞান আছিল, এই লেখাসমূহেই প্ৰমাণ কৰে।

তদুপৰি, লেখাসমূহত প্ৰকৃতিৰ বিভিন্ন দৃশ্যৰাজিৰ বৰ্ণনা তেওঁ যেনেদৰে কৰিছে, তাৰ পৰা মহাকবিজনাৰ শিল্পী মনৰো পৰিচয় পোৱা যায়।

মহাভাৰতৰ ওপৰত ভেটি কৰি নিজা সৃষ্টিৰে শকুন্তলাক তেওঁ নাটকৰ ৰূপ দিছে।

মহাভাৰতৰ মতে, শকুন্তলাই নিজৰ জন্মবৃত্তান্ত ৰজা দুষ্মন্তৰ আগত নিজে ব্যক্ত কৰিছে।

কিন্তু, কালিদাসে অনসূয়াৰ দ্বাৰাইহে শকুন্তলাৰ জন্মবৃত্তান্ত ৰজাৰ আগত কোৱাইছে।

নাট্যকাৰে শকুন্তলাক এজনী কইনা হিচাপেহে অংকন কৰিছে।

মহাভাৰতত আকআঙুঠিটোৰ কোনো বিৱৰণ নাই। কিন্তু, কালিদাসে আঙুঠিৰ দ্বাৰাই নাটখনিৰ গতি আগবঢ়াই নি অপূৰ্ব মৰ্যাদা প্ৰদান কৰিছে।

সেইদৰে, ঘটনাৰ ক্ৰম সজাবৰ বাবে সংযোগ কৰিলে শকুন্তলাৰ প্ৰতি ঋষি দুৰ্বাসাৰ অভিশাপ, যিটো মূল মহাভাৰতত নাই।

তেনেদৰে, প্ৰতিখন কাব্য তথা নাটকতে কালিদাসে এক স্বকীয়তা প্ৰদান কৰিছে। 

এই বিশ্বসাহিত্যিকগৰাকী এজন সংগীতানুৰাগী আছিল বুলিও কিছুসংখ্যক পণ্ডিতে কয়।

এইসকলৰ মতে কালিদাস পিছলৈ নৃত্যগীতৰ প্ৰতি আকৃষ্ট হৈছিল। 

বিশ্ববিশ্ৰুত এই সাহিত্যিকগৰাকীৰ মৃত্যু সম্বন্ধেও অনেক কথা প্ৰচলিত আছে।

জনশ্ৰুতি মতে, এজনী সাধাৰণ তিৰোতাই এই মহান পণ্ডিতগৰাকীক হত্যা কৰে।

সেই সময়ৰ ৰজা বিক্ৰমাদিত্য নিজেও এজন পণ্ডিত আছিল।

সেয়েহে, ৰাজসভাত তেওঁ কালিদাস প্ৰমুখ্যে নজন পণ্ডিতক স্থান দিছিল।

এবাৰ তেওঁ এটা শ্লোকৰ আধা অংশ নিজে ৰচনা কৰি, বাকী অংশ যিজনে লিখি শ্লোকটো সম্পূৰ্ণ কৰিব, সেইজনকে একলক্ষ স্বৰ্ণমুদ্ৰাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰিলে।

কালিদাসে সেই শ্লোকটো সম্পূৰ্ণ কৰিলে। দুষ্ট প্ৰকৃতিৰ নাচনী তিৰোতা এজনীয়ে পিছে এই কথাটো গম পাই পুৰস্কাৰৰ ধনখিনিৰ আশাতে কালিদাসক হত্যা কৰে।

এনেদৰেই যুগশ্ৰেষ্ঠ এই কবিজনাৰ জীৱনৰ পৰিসমাপ্তি ঘটিল বুলি কোৱা হয়। 

কালিদাসে যি কালজয়ী সাহিত্য ৰচনা কৰি গৈছে, সিয়ে মহাকবিজনাক অমৰত্ব প্ৰদান কৰিছে।

এই মহান কবিজনৰ কাল যিমানে পুৰণি হৈ আহিছে, সিমানে তেখেতৰ লেখাসমূহে বিশ্বসাহিত্যত গুৰুত্ব লাভ কৰিছে।

ঋষি অৰবিন্দ ঘোষে তেওঁৰকালিদাসৰ যুগগ্ৰন্থত কালিদাস পৃথিৱীৰ ভিতৰত এজন মহান কবি বুলি বৰ্ণনা কৰিছে।

মহাকবিজনাৰ ৰচনাৰাজিৰ ওপৰত বৰ্তমান বিশ্বব্যাপী চৰ্চা হবলৈ ধৰিছে।

এই প্ৰাচীন ভাৰতীয় পণ্ডিতজনাক লৈ আমি সঁচাকায়ে গৌৰৱান্বিত। 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments