প্ৰেমচন্দৰ "পূস কী ৰাত" গল্পৰ অনুবাদ ৰীতি: এটি চমু অৱলোকন

লেখক- ড° অৰ্চনা দেৱী

১.০০ প্ৰস্তাৱনা :

মুন্সী প্ৰেমচন্দ ( ১৮৮০/ ১৯৩৬) ভাৰতীয় সাহিত্যৰ এটি প্ৰথিতযশা নাম; দৰাচলতে অকল ভাৰতীয় সাহিত্য বুলি কোৱাতকৈ বিশ্বসাহিত্যৰ সৰ্বজন সামদৃত নাম বুলি কোৱা কথাটোহে বেছি যুক্তসংগত। “কলমৰ মজদুৰ” ৰূপে খ্যাত প্ৰেমচন্দে সাধাৰণ জন-গণৰ বাস্তৱ চিত্ৰ যথাযথ ৰূপত তেওঁৰ কথা সাহিত্যৰ মাজেৰে উপস্থাপন কৰিছিল। ১৯০১ চনত সাহিত্য জগতত প্ৰৱেশ কৰা অমৰ কথা- সাহিত্যিক প্ৰেমচন্দৰ প্ৰধান বৈশিষ্ট্য হৈছে গ্ৰাম্য জীৱনৰ লগত থকা তেওঁৰ নিবিড় সম্বন্ধ। অদূৰ ভৱিষ্যতে হয়তো ভাৰতীয় গাঁৱৰ বিশ্লেষণ কৰিবলৈ তেওঁৰ উপন্যাস আৰু কাহিনীবোৰকে পঢ়িব লগাত পৰিব যি আন সমকালীন সাক্ষ্যতকৈ অধিকতৰ প্ৰমাণিক বুলি গণ্য হব (প্ৰেমচন্দ: এটি দৃষ্টি/ পৰেশ চন্দ্ৰ দেৱ শৰ্মা/ পৃষ্ঠা ১১)।

প্ৰেমচন্দ ঔপন্যাসিক আৰু গল্প লিখক হোৱাৰ উপৰিও সাংবাদিক, নাট্যকাৰ, প্ৰৱন্ধকাৰ, সমালোচক আৰু অনুবাদকো আছিল।  তেওঁ ১৫খন উপন্যাস, ৩০০ৰো অধিক চুটিগল্প, ৩খন নাটক, ১০খন অনুবাদ গ্ৰন্থ আৰু ৭খন শিশু উপযোগী গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।

কালজয়ী এই সাহিত্যিকগৰাকীৰ বিভিন্ন ৰচনাসমূহ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। অসমীয়া ভাষালৈয়ো প্ৰেমচন্দৰ সমগ্ৰ ৰচনা অনূদিত হৈছে আৰু হৈ আছে। ‘নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া’ই প্ৰকাশ কৰা আৰু জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীয়ে “প্ৰেমচন্দৰ চুটি গল্প” নামেৰে অনুবাদ কৰা গ্ৰন্থখনত প্ৰেমচন্দৰ নিৰ্বাচিত শ্ৰেষ্ঠ ২৩টা গল্প সন্নিবিষ্ট কৰা হৈছে। প্ৰেমচন্দৰ গল্পসমূহৰ ভিতৰত শেষ স্তৰৰ গল্পসমূহ অতি জনপ্ৰিয়। বিশেষকৈ ‘কফন'(১৯৩০) আৰু ‘পূস কী ৰাত'(১৯৩৬) সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গল্প। শোষক, শাসক, শোষিতৰ বাস্তৱতা আৰু দৰিদ্ৰতাৰ তীব্ৰতাৰ চিত্ৰ এই দুটা গল্পৰ মাজত অতি স্পষ্ট।

২.০০ অনুবাদৰ প্ৰসংগ :

বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য এটা বিষয় হৈছে অনুবাদ। অৱশ্যে বৰ্তমান বুলি ক’লেও সাহিত্যৰ জন্মলগ্নৰেপৰা অনুবাদৰ পৰম্পৰাও চলি আহিছে। অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো একেই কথা খাপ খায়। অনুবাদ পৰম্পৰাই বৰ্তমান সময়ত বিশ্বসাহিত্যক একেটা থুপতে অধ্যয়ন কৰাৰ বাট মুকলি কৰিছে। সেয়ে সামগ্ৰিক অৰ্থত অনুবাদ কলা, বিজ্ঞান তথা শিল্পৰ সন্মিলিত ৰূপ বুলিব পাৰি। যদিও অনুবাদৰ পৰম্পৰা বহু বছৰ পুৰণি; বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা, সফলতা প্ৰধানকৈ মনকৰিবলগীয়া। অনুবাদ সাহিত্যৰ সমাদৰ বিশ্বৰ সকলো উন্নত সাহিত্য জগতত পৰিস্ফুট ৰূপত দেখা যায়। বিশেষকৈ কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰপৰা তুলনামূলক সাহিত্যৰ অধ্যয়নৰ প্ৰতি বিদ্বানসকলৰ ধাউতি বাঢ়ি অহাৰ ফলত অনুবাদ সাহিত্যই এক বিশিষ্ট স্থান অধিকাৰ কৰিছে (অনুবাদ তত্ত্ব/ভবেন্দ্ৰ কলিতা/ পৃষ্ঠা: ৪)

সেয়ে কোৱা হয় অনুবাদ বিশ্বৰ মানৱ সভ্যতা, সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য্য বিষয়। কিয়নো অনুবাদৰ যোগেদিয়েই আমি পৃথিৱীৰ বিভিন্ন ভাষা, জাতি আৰু সংস্কৃতিৰ সংযোগ আৰু সমন্বয়ৰ সেতু গঢ়িবলৈ সুবিধা পাওঁ।

আকৌ অনুবাদ এক কঠিন কলাও। সৃষ্টিশীল সাহিত্যৰ সমান্তৰালকৈ সকলো সাহিত্যতে অনুবাদে গুৰুত্ব লাভ কৰি আহিছে। কঠিন কলা বুলি এইকাৰণেই কোৱা হৈছে যে, অনুবাদকে বিভিন্ন ভাষাৰপৰা আন  ভিন্ন ভাষালৈ অনুবাদ কৰোতে দুয়োটা ভাষাই গভীৰভাবে আয়ত্বলৈ আনিব লাগে আৰু মূল সাহিত্যৰ ভাৱ, তাত প্ৰতিফলিত হোৱা সমাজ, সংস্কৃতিৰ যথাযথ ৰূপ অটুট ৰাখিব পাৰিব লাগে। নহ’লে নতুন অনূদিত সাহিত্য কৰ্ম বিকৃত হ’ব পাৰে। তেতিয়া তাৰ আচল সৌন্দৰ্য্য হানি হৈ পৰে। সেয়ে অনুবাদকে যথেষ্ট সচেতনতাৰে মূল গ্ৰন্থৰ ভাষা, সংস্কৃতি, সমাজ আদিক আয়ত্বৰ অধীনলৈ আনিব লগা হয়। অৰ্থাৎ অনুবাদ কাৰ্য্য অত্যন্ত নিষ্ঠাপূৰ্ণ আৰু আত্ম-উপলব্ধিৰ মাজেৰে সম্পন্ন কৰা প্ৰয়োজন।

এনেধৰণৰ অনুবাদ কাৰ্য সম্পন্ন কৰাৰ বাবে সততে থাকিবলগীয়া গুণ বা অৰ্হতাসমূহ হ’ল– —-

১/ মূলভাষা আৰু অনুবাদ কৰিবলগীয়া ভাষাটোৰ যথাৰ্থ জ্ঞান। এই ক্ষেত্ৰত শব্দজ্ঞান, বাক্যজ্ঞানৰ লগত শব্দৰ বিভিন্ন ব্যৱহাৰ আৰু বাক্যৰ বিভিন্ন গঠনৰ পৰিপূৰ্ণ জ্ঞান থকাটো অৱশ্যে বাঞ্ছনীয়।

২/ দুয়োটা ভাষাই প্ৰতিনিধিত্ব কৰা সমাজ দুখনৰ সামাজিক-সাংস্কৃতিক দিশটোৰ জ্ঞান।

৩/ অনুবাদ কৰিবলগীয়া পাঠটোৱে নিৰ্দেশ কৰা বিষয়বস্তুৰ পৰিপূৰ্ণ উপলব্ধি ।

৪/ আন্তৰিক উপলব্ধিৰে কৰা সহযোগ আৰু

৫/ মৌলিক প্ৰতিভা ।

এনেবোৰ গুণ থাকিলে এটা মূল পাঠৰ অন্তৰ্নিহিত সত্তা অক্ষুণ্ণ থকা সত্বেও এক নতুন ৰূপত অনূদিত পাঠটোক প্ৰত্যক্ষ কৰিব পৰা যায় আৰু অনুবাদে মূল গ্ৰন্থখনে দিয়া ধৰণৰ আনন্দকে পাঠকক প্ৰদান কৰিব পাৰে ( তুলনাত্মক সাহিত্য/ দিলীপ বৰা/ পৃষ্ঠা :৯৯-১০০)

পণ্ডিতসকলে অনুবাদৰ বিভিন্ন প্ৰকাৰভেদ সম্পৰ্কেও মতামত আগবঢ়াইছে আৰু সেইবোৰ হ’ল—

ক/ আক্ষৰিক অনুবাদ

খ/ ভাবানুবাদ

গ/ সাৰানুবাদ

ঘ/ ব্যাখ্যানুবাদ

ঙ/ ৰূপান্তৰণ—- (উক্ত গ্ৰন্থ/ পৃষ্ঠা/১০০)  ইত্যাদি।

৩.০০ মূল বিষয় :

প্ৰেমচন্দৰ সমগ্ৰ গল্প সাহিত্যৰ এককভাবে শ্ৰেষ্ঠ গল্পটোৱেই হৈছে ‘পূস কী ৰাত’। পূৰ্বে উল্লেখ কৰা গ্ৰন্থখনত মামণি ৰয়ছম গোস্বামীয়ে এই গল্পটো “পুহ মাহৰ ৰাতি” নামেৰে অসমীয়া অনুবাদ কৰিছে। সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত সাধাৰণতে ভাবানুবাদৰ প্ৰভাৱ বেছি। এই গল্পটোৰ অনুবাদৰ ক্ষেত্ৰত গোস্বামীয়ে অনুবাদকৰ থাকিবলগীয়া গুণৰাশি আয়ত্বলৈ আনি আক্ষৰিক, ভাবানুবাদ, আৰু সাৰানুবাদ-ৰ সমাহাৰত উত্তম অনুবাদকৰ কাম কৰিছে। মামণি ৰয়ছম গোস্বামীয়ে নিজৰ সৃষ্টিশীল সাহিত্যৰ মাজেৰে অসমৰ সমাজ জীৱনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰা কাৰ্যত লাগি থকা এগৰাকী প্ৰধান ব্যক্তি আছিল। আকৌ তেখেতৰ গল্প-উপন্যাসৰ পটভূমি অকল অসমতে সীমাবদ্ধ নাছিল। সৰ্বভাৰতীয় প্ৰেক্ষাপট তেখেতৰ সৃষ্টিশীল সাহিত্যত বিদ্যমান।

প্ৰেমচন্দৰ কথা সাহিত্যৰ প্ৰসংগত আৰম্ভণিতে কোৱা হৈছে যে যদি কিবা দুৰ্যোগৰ ফলত ভাৰতৰ সমাজ-সভ্যতাৰ সকলো ধ্বংস হৈ যায়, মাত্ৰ প্ৰেমচন্দৰ কথা সাহিত্য ৰৈ যায়; তেতিয়া তাৰ মাজেৰেই সমগ্ৰ ভাৰতীয় সমাজ ব্যৱস্থাৰ পুনৰ উদ্ধাৰ কৰিব পৰা যাব। বিশেষকৈ  ভাৰতীয় গ্ৰাম্য সমাজৰ জীৱন্ত দলিল প্ৰেমচন্দৰ সমগ্ৰ কথা সাহিত্য। এইক্ষেত্ৰত প্ৰেমচন্দৰ দৰে লেখকৰ ৰচনা মামণি ৰয়ছম গোস্বামীৰ দৰে ব্যক্তিয়ে অনুবাদ কৰা কথাটোৱে অত্যন্ত যুক্তিসংগত।

৩.০১ পূস কী ৰাত গল্পটোৰ অনুবাদ ৰীতি :

‘প্ৰেমচন্দৰ চুটি গল্প’ নাম দি গোস্বামীয়ে  প্ৰেমচন্দৰ নিৰ্বাচিত ২৩ টা গল্প অনুবাদ কৰিছে। প্ৰতিটো গল্পৰ  অনুবাদৰ ক্ষেত্ৰত গোস্বামীয়ে প্ৰেমচন্দকালীন সমাজখনক জীৱন্ত ৰূপত তুলি ধৰাত সফল হৈছে। লাগে-লগে অসমীয়া সমাজখনৰ বা অসমীয়া পঢ়ুৱৈৰ বোধগম্য হোৱাকৈ যথাযথৰূপত অনুবাদ কাৰ্যক আগবঢ়াই নিছে।

‘পূস কী ৰাত ‘ গল্পটোৰ ক্ষেত্ৰত গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ “হল্কু”ক গোস্বামীয়ে ” হতকু” বুলি দিছে। এয়া অনুবাদকৰ নিজস্ব নে ছপা ভুল বুজিব পৰা নাযায়। বিপৰীতে, অনুবাদৰ অন্যান্য দিশত উপযুক্ত শব্দৰ ব্যৱহাৰৰ কাৰণে গল্পৰ অৰ্থগত সাৰ্থকতা অটুট আছে। উদাহৰণ স্বৰূপে, মূল গল্পটো আৰম্ভ হৈছে—

“হল্কু  নে আকৰ স্ত্ৰী সে কহা— সহনা আয়া হ্যে, লাও, জ্যো ৰূপয়ে ৰখে হ্যে, উসে দে দ্যূ, কিসী তৰহ গলা ছ্যূতে।”

অসমীয়া অনুবাদ—-

“হতকুৱে স্ত্ৰীৰ ওচৰলৈ গৈ ক’লে— সহনা আহিছে, হাতত যিখিনি পইচা আছে সেইখিনিকে দে, কোনো মতে হাত সাৰিব পাৰিলেই ৰক্ষা।”

এনেদৰে মূল হিন্দী গল্প আৰু অসমীয়া অনুবাদটো পঢ়ি গ’লে ক’তো খোকোজা নলগাকৈ গল্পটো বুজি উঠিব পাৰি। হিন্দী শব্দৰ অনুৰূপ অসমীয়া শব্দ নিৰ্বাচন অনুবাদকৰ মূল সাৰ্থকতা। 

আকৌ প্ৰেমচন্দৰ এই গল্পটোত শোষিত আৰু শোষকৰ স্বৰূপ উদঙাই দিয়া হৈছে। তাৰকাৰণে গল্পকাৰে তীব্ৰ শ্লেষ আৰু ব্যংগৰ সহায় লৈছে। গল্পটোৰ সামৰণিত এই দিশটো অতি স্পষ্ট। অনুবাদক গোস্বামীয়ে সেই দিশটোও সম্পূৰ্ণ ৰূপে অটুট ৰাখিছে। যেনে, মূল গল্পত—

“অৱ  মজুৰী কৰকে মালগুজাৰী ভৰনী পড়েগী।

হল্কু নে প্ৰসন্নমুখ সে কহা— ৰাত কী ঠ্যণ্ড ম্যে য়্যাহা সোনা ত্যো ন পড়েগা “

অনুবাদত —

“এতিয়া মজুৰি কৰি হাড়ক পানী কৰিব লাগিব!

হতকুৱে উৎফুল্ল হৈ ক’লে— ভালেই হ’ব— ৰাতিৰ সেই শীতততো আৰু শুবলগীয়া নহয় …।”

গল্পটোত হল্কুৰ দৰে আদৰ্শ কৃষকসকলে শোষকসকলৰ কাৰণেই মজদুৰলৈ পৰ্যবসিত হ’ব লগা হোৱাৰ কাহিনী কঠোৰ বাস্তৱতাৰ মাজেৰে অংকিত হৈছে। গোস্বামীয়ে সেই সকলোবোৰ দিশ সাৰ্থকতাৰে অনুবাদ কৰিছে।  সম্পূৰ্ণ চাৰিটা খণ্ডত বিভক্ত গল্পটোত আৰম্ভণিতে হল্কুৰ অভাৱগ্ৰস্ত অৱস্থা, দ্বিতীয়তে পুহমাহৰ হাড় কঁপোৱা ৰাতি শতচ্ছিন্ন কপোৰ আৰু উদং ভৰিৰে দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ঋণ পৰিশোধ কৰিবলৈ শস্য ৰখাৰ নিৰ্মম চিত্ৰ; সমান্তৰালভাৱে শোষকৰ নিষ্ঠুৰ স্বৰূপ উদঙাই দেখুৱাইছে। কাৰণ প্ৰেমচন্দৰ সমাজখন শোষিত আৰু শোষকৰ দুটা শ্ৰেণীত বিভক্ত আছিল। মুমূৰ্ষু শোষিতবৰ্গই আছিল সৰহ আৰু শোষকবৰ্গ কম। এই শোষক শ্ৰেণীয়ে শোষিত অৰ্থাৎ কৃষক-মজদুৰসকলক শেষ কৰিব বিচৰা নাছিল বা তেওঁলোক শেষ হৈ যোৱাটোও কামনা কৰা নাছিল— কিন্তু তেওঁলোকক ভোকাতুৰ বা অৰ্ধনগ্ন কৰি ৰাখি পেট চুচৰি থকাটো কামনা কৰিছিল( প্ৰেমচন্দ :এটি দৃষ্টি/ পৰেশ চন্দ্ৰ দেৱ শৰ্মা/ পৃষ্ঠা/২৭)

অসমীয়ালৈ অনুবাদ কৰা ‘পুহ মাহৰ ৰাতি’ গল্পটোৰ মাজেৰে এই সকলোবোৰ দিশ হুবহু ৰূপত অংকিত হৈছে। কাৰণ মামণি ৰয়ছম গোস্বামীয়ে শ্ৰমিক-কৃষকৰ দুৰ্দশা অতি ওচৰৰৰপৰা দেখিবলৈ পাইছিল। তেখেতৰ ‘চেনাবৰ সোঁত’, ‘মামৰে ধৰা তৰোৱাল’ আদি উপন্যাসত তাৰ চিত্ৰ অতি জীৱন্ত। সেয়ে প্ৰেমচন্দৰ বক্তব্যক গোস্বামীয়ে ভালদৰে অনুধাৱন কৰিব পাৰিছিল। যেন সমকক্ষ সাহিত্যিকে  সম কাৰ্যহে কৰিছে; গল্পটোৰ অনুবাদে তাকেই প্ৰমাণিত কৰিছে। অৰ্থাৎ গোস্বামীয়ে অনুবাদকৰ সম্পূৰ্ণ গুণৰাশিক আয়ত্বলৈ আনি অনুবাদ কাৰ্য সফলতাৰে সম্পন্ন কৰিছে।

৪.০০  সামৰণি

চমু পৰিসৰৰ মাজেৰে আগবঢ়োৱা আলোচনাই প্ৰমাণিত কৰিছে যে, অনুবাদকৰ দায়িত্ব বহুত বেছি। যদি অনুবাদকে এই দায়িত্ব বা গুণক তেখেতৰ আয়ত্বলৈ আনিব পাৰে তেতিয়া পৃথিৱীৰ সকলো সাহিত্য একেটা থুপতে পঢ়িবলৈ, বুজিবলৈ আৰু সোৱাদ ল’বলৈ সকলো শ্ৰেণীৰ পাঠকৰ ক্ষেত্ৰত সহজ হৈ পৰে। সেয়ে সঁচাকৈয়ে অনুবাদ সাম্প্ৰতিক কালৰ এটি উল্লেখযোগ্য আৰু অপৰিহাৰ্য বিষয় ।

ড° অৰ্চনা দেৱী                        
শৈক্ষিক পৰামৰ্শদাতা
অসমীয়া বিভাগ
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়
নমাটি, নলবাৰী

********************

সহায়ক গ্ৰন্থপঞ্জী:

কলিতা, ভবেন্দ্ৰ (২০১১). অনুবাদ তত্ত্ব, নলবাৰী: জাৰ্ণাল এম্প’ৰিয়াম

দেৱ শৰ্মা, পৰেশ চন্দ্ৰ (১৯৮০). প্ৰেমচন্দ: এটি দৃষ্টি , গুৱাহাটী: মণি-মাণি প্ৰকাশ

প্ৰেমচন্দ (২০১১). পূস কী ৰাত , বাপী প্ৰকাশন

বৰা, দিলীপ (২০০৩). তুলনাত্মক সাহিত্য , গুৱাহাটী: চন্দ্ৰ প্ৰকাশ

ৰাধাকৃষ্ণ (সম্পা.) মামণি ৰয়ছম গোস্বামী (অনুবাদ) (১৯৭৫).  প্ৰেমচন্দৰ চুটি গল্প , নতুন দিল্লী: নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া                        

——————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments