অনুপ্ৰেৰণামূলক চিনেমা - “কৌন প্ৰবীণ তাম্বে?“

লেখক- ৰূপম দাস

হয়, আমি প্ৰবীণ তাম্বেক নাজানো। কিন্তু প্ৰবীণ তাম্বে হব পাৰে আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ অন্যতম উৎস। 

প্ৰবীণ তাম্বে মূলত: এজন ক্ৰিকেটাৰ যি জীৱনৰ ঘাতপ্ৰতিঘাত নেওচি ৪১ বছৰ বয়সতো ক্ৰিকেটক জীৱনৰ পৰা আঁতৰি যাবলৈ দিয়া নাই। মানুহজনবুঢ়াহৈ গৈছে, ৰঞ্জি ট্ৰফীত খেলাৰ সপোন লৈ থকা বয়স্ক খেলুৱৈজন বাৰে বাৰে বিফল হৈছে, নিৰ্বাচিত হোৱা নাই, অথচ বাৰে বাৰে তেওঁ ক্ৰিকেটৰ পিছতে দৌৰি আছে। 

পত্নী, সন্তানৰ দায়িত্ব, কৰ্মজীৱনগৈ আছে গতানুগতিক সাধাৰণ জীৱন। কাম সলনি হৈছে, কৰ্মজীৱন সলনি হৈছে অথচ সলনি হোৱা নাই ক্ৰিকেট খেলাৰ অদম্য হেঁপাহ। আনকি তেওঁ দিনত প্ৰশিক্ষণ লবলৈ ৰাতিও বাৰত কাম কৰিবলৈ লৈছে। অপমানিত হৈছে নামী ক্ৰীড়া সাংবাদিকৰ পৰা। 

বেছিভাগ ক্ৰিকেটাৰেই যি বয়সত সাধাৰণতে অৱসৰ লবলৈ চিন্তা কৰে, প্ৰবীণ তাম্বেই তেতিয়াও ৰঞ্জি ট্ৰফিত খেলাৰ সপোন লৈয়ে আগুৱাই থাকে। শুভাকাংক্ষীয়ে কয়, “খেলা বাদ দিয়া, প্ৰশিক্ষক হোৱা।আনকি প্ৰশিক্ষকৰ চাকৰিও তেওঁলৈ আগবঢ়োৱা হয়। কিন্তু প্ৰবীণ তাম্বেই খেলিবলৈ নেৰে। অৱশেষত এদিন তেওঁ সুযোগ পালে ২০১৩ চনত, জীৱনৰ ৪১ বছৰ বয়সত ৰাজস্থান ৰয়েলছৰ হৈ IPL খেলিবলৈ।  ২০১৪ চনৰ আইপিএলত তেওঁ হেটট্ৰিক কৰে। আৰু একে বছৰতে তেওঁ ৰঞ্জি ট্ৰফী খেলিবলৈ মুম্বাই টীমৰপৰাও আমন্ত্ৰণ পায়। 

প্ৰবীণ তাম্বেৰ বৰ্তমান বয়স ৫০ বছৰ। 

প্ৰবীণ তাম্বে বয়স আৰু জীৱনৰ ঘাতপ্ৰতিঘাতে হাৰ মনাব নোৱাৰা এজন পৰিশ্ৰমী খেলুৱৈ।

প্ৰবীণ তাম্বে এজন পথ প্ৰদৰ্শক। এজন সাধাৰণ মানুহ। নিজৰ সপোন সাকাৰ কৰিবলৈ অদম্য হেঁপাহেৰে জীৱনৰ ৪১ বছৰ বয়সতো অধ্যৱসায়ৰ মাজেৰে আনক বাট দেখুৱাব পৰা এক বিৰল ব্যক্তিত্ব। 

উল্লেখযোগ্য যে চিনেমাখনৰ সংগীত অসমৰ অনুৰাগ শইকীয়াৰ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!