আলিবাট

অনুবাদ- স্বপ্না দত্ত ভৰালী

মূল: – অক্টাভিঅ’ পাজ্ ল’জানৰ ‘The Street’

ইয়াত এটা দীঘল আৰু নিজান আলিবাট আছে,
আন্ধাৰে-মুন্ধাৰে মই গৈ আছোঁ,
উজুটি খাইছোঁ আৰু পৰিছোঁও।
পুনৰ উঠিছোঁ, আন্দাজতে আগুৱাইছোঁ,
নীৰৱে নিমাতে শিলবোৰ আৰু গছপাতবোৰ গছকি।
মোৰ পাছে পাছে আৰু কোনোবা এজন আহি আছে,
মই লাহে লাহে গ’লে তেৱোঁ যায়,
মই দৌৰিলে তেৱোঁ দৌৰে।
ঘূৰি চাওঁ, কোনো নাই দেখোন!
সকলোফালেই আন্ধাৰ, প্ৰবেশদ্বাৰবিহীন,
কেৱলমাত্ৰ মোৰ সচেতন খোজবোৰহে।
চুকে-কোণে ঘূৰি থাকোঁ মই,
য’ৰপৰা আলিবাটলৈ যাব পাৰি।
য’ত কোনেও অপেক্ষা কৰি থকা নাই,
কোনেও মোক অনুসৰণ কৰা নাই।
য’ত মই এজন মানুহৰ পাছ লৈছোঁ,
যিজনে পিছলিছে, উঠিছে আৰু মোক দেখা পাই কৈছে- ‘কোনো নাই।’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments