বনচাই

লেখক- পুলক জ্যোতি শৰ্মা

পৃথিৱীত জীৱনৰ বাবে অপৰিহাৰ্য্যতাৰ উপৰিও সৌন্দৰ্য্যবৰ্ধনত গছবিৰিখৰ বিশেষ প্ৰয়োজনীয়তা অনস্বীকাৰ্য্য। সেয়েহে আমি সকলোৱে ঘৰৰ আগফালে অলপীয়া ঠাই থাকিলেও বেছি ডাঙৰ নোহোৱা জোপোহা ধৰণৰ গছ ৰোওঁ, আগচোতাল আৰু বাৰাণ্ডাত টাবত বিভিন্ন সৰু বিৰিখ ৰুই আপদাল কৰোঁ, বতৰৰ ফুল কিছু পৰিমাণে হলেও লগাওঁ আৰু ঘৰখনৰ সৌন্দৰ্য বঢ়াবলৈ চেষ্টা কৰোঁ। নিজে ৰুই তুলিতালি উঠোৱা বিৰিখডালত নতুন আগ ওলালে, ফুলে পাহি মেলিলে হিয়া আনন্দতে উঠলি উঠে। আমাৰ সৌন্দৰ্য্যপিয়াসী মনৰ সেয়া এক প্ৰতিফলন। গছ ৰুই আৰু বিশেষকৈ টাবত বিভিন্ন ধৰণৰ তৰুতৃণ লগোৱাৰ আগ্ৰহ এটা মোৰ কম বয়সৰে পৰাই আছে; সম্ভৱত মাবাবাই সৰুকালৰে পৰা আমাৰ ভাইভনীকেইটাক আমি থকা প্ৰতিখন ঠাইতেই ফুল আৰু পাচলিৰ বাগান কৰোৱাৰ অভ্যাসৰ পৰাই এই আগ্ৰহ উপজিছিল।  প্ৰায় ত্ৰিশবত্ৰিশবছৰমান আগতে বনচাই কৰাৰ চখ এটাও কেনেবাকৈ মোৰ মনত সোমাল। অসমৰ এগৰাকী বনচাই বিশেষজ্ঞাই সেইবিষয়ে লিখা কিতাপ এখনৰ উপৰিও ভাল চিত্ৰসহ বিৱৰণ থকা ইংৰাজী কিতাপ এখনো কিনি পঢ়িলোঁ। ভালকৈ বুজিবাজিলৈ বনচাইৰ বাবে প্ৰয়োজনীয় বিশেষ পাত্ৰ আৰু অন্যান্য সাসঁজুলি শিলিগুড়ী চহৰৰ পৰা যোগাৰ কৰি অনিলোঁ আৰু তেতিয়াৰ মোৰ কৰ্মস্থলী উত্তৰবঙ্গৰ শিলিগুড়ী চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰমান আগলৈ ধুমডাঙ্গী গাঁৱৰ কাষত অৱস্থিত অইল ইণ্ডিয়াৰ সোণাপুৰ কলনিৰ আবাসগৃহত বনচাইৰ কাম আৰম্ভ কৰিলোঁ। বনচাইৰ বাবে প্ৰথমে বাচি ললোঁ পিৰালিৰ পকাৰ ফাঁটত গজি উঠা এটা আঁহত আৰু এটা বটগছৰ পুলি। কিছুদিনৰ পিছত আনদুটা পাত্ৰত ৰুলোঁ এটা সুমথিৰাৰ পুলি আৰু জবাফুলৰ শিপাধৰোৱা ঠানি এটা। কিতাপৰ বিৱৰণমতেই প্ৰতিজোপাৰে গুৰিত প্ৰয়োজনমতে এঙাৰ, সৰু শিল আদি দি শিপা দাঁতিলৈ বাঢ়িবলৈ দিলোঁ, ডালবোৰ বিশেষ তাঁৰেৰে বান্ধি মনে বিচৰামতে ভাঁজ দি ওপৰলৈ কম আৰু চাৰিওকাষলৈ বেচিকৈ বঢ়াৰ ব্যৱস্থা কৰিলোঁ। কোনোজোপাই যাতে প্ৰয়োজনকৈ বেছি বাঢ়িব নোৱাৰে তাৰবাবে অদৰকাৰী যেন লগা ডাল আৰু শিপা সন্তপৰ্ণে বিশেষ কেঁচিৰে কাটি দিওঁ সময়ে সময়ে। মুঠতে চাৰিওজোপাৰে বাঢ়ন সম্পূৰ্ণ মোৰ ইচ্ছাৰ নিয়ন্ত্ৰণাধীন। প্ৰতিজোপাই হব লাগিব ডালেপাতে, ঠালেঠেঙুলিয়ে, ফুলেফলে একোজোপা পূৰ্ণাঙ্গ গছৰ দৰে কিন্তু বিশেষ টাবৰ ভিতৰত নিয়ন্ত্ৰিত ব্যৱস্থাৰ মাজত খৰ্বাকৃতিৰ; পাত, ফুল আৰু ফলো সেই অনুৰূপে হব লাগিব সৰু সৰু। দুবছৰত কিছু সফল হোৱা দেখি বনচাইৰ সংখ্যা বঢ়াবলৈ মন গল। ইতিমধ্যে বিয়াৰ পিচত ঘৰখন সজাইপৰাই তোলাত ব্যস্ত হৈ পৰা পত্নী মালায়ো সেই কথাত হয়ভৰ দিলে। কিন্তু একেবাৰে পুলিৰ পৰা তুলিলে যিমান যত্ন কৰিব লাগে অফিচৰ কামৰ মাজত সিমান সময় উলিওৱতো টান। গতিকে ভাবিলোঁ যে বাচি বাচি আৰু চাৰিজোপা বনচাই নাৰ্চাৰীৰ পৰা কিনি আনিম আৰু আগৰ কেইজোপাৰ সৈতে একেলগে চোৱাচিতা কৰিম। সোণাপুৰৰ পৰা বিহাৰৰ পূৰ্ণিয়া হৈ তাৰো প্ৰায় ৫০ কিলোমিটাৰমান আগলৈ ডুমৰ নামৰ ঠাইত থকা অইল পাম্পিং ষ্টেচনটোলৈ সঘনেই যোৱা হয়। এবাৰ তেনেকৈ যাওঁতে সোণাপুৰলৈ ওভতাৰ বাটত বনচাই কিনিবলৈ পূৰ্ণিয়াৰ উপকণ্ঠৰ গুলাববাগত থকা ডাঙৰ নাৰ্চাৰীখনত সোমালোঁ। নাৰ্চাৰীখন থকা বাবেই ঠাইডোখৰৰ নাম গুলাববাগ। মোৰ মূল উদ্দেশ্য পূৰণৰ বাবে পোনেই নাৰ্চাৰীখনৰ বনচাই ৰখা ভাগলৈ গলোঁ। ভালেমান বনচাই বিক্ৰীৰ বাবে ৰখা আছে কিন্তু প্ৰতিজোপাৰে দাম মোৰ হিচাপতকৈ যথেষ্ট বেছি। কি কৰোঁ কি নকৰোঁ গুণাগথাঁ কৰি থাকোঁতেই কোনোবা এজনে কাষতে মাত দিলে

-“ক্যা দেখ ৰহে হ্যায় জীবোনচাই?” কথাষাৰত সেই অঞ্চলৰ কথিত ভাষাৰ সুৰ স্পষ্ট। মানুহজন পঞ্চাশ বছৰমান বয়সৰ হব। সাধাৰণ চেহেৰা, অলপ ক্ষীণ, মূৰৰ চুলি পাতলিছে; পিন্ধনত কিছু মদৰুৱা বৰণ লোৱা সাধাৰণ বগা পাইজামাপাঞ্জাবী আৰু চেণ্ডেল। 

উত্তৰ দিলোঁ –“হয়।” 

-“পছন্দ আয়া?”

কথাৰ ধৰণত তেওঁ নাৰ্চাৰীখনৰে মানুহ বুলি ভাবি কলোঁ—“পচন্দ হৈছে, পিচে দামহে মোৰ হিচাপতকৈ বেছি।” 

-“দামতো হবই; নিজৰ ইচ্ছা বিৰুদ্ধে বন্দী কৰি গছ এজোপাক এনেকুৱা ৰূপ দিবলৈ যথেষ্ট চেষ্টা আৰু সময় লাগে।” 

-“জানো মই, কাৰণ অলপীয়াকৈ হলেও ময়ো ঘৰত কেইজোপামান বনচাই কৰিছোঁ।” 

মানুহজনে একো নেমাতি তলমূৰ কৰিলে। মোৰ ভাললগা দুজোপালৈ আঙুলিয়াই দাম কিছু কম হব নেকি সুধিলোঁ। 

-“দামৰ কথা নাৰ্চাৰীৰ মালিক বা মেনেজাৰেহে কব পাৰিব।” 

-“আপুনি নাৰ্চাৰীখনত কাম নকৰে জানো।” 

-“মই নাৰ্চাৰীখনৰ মালিক বা কৰ্মচাৰী নহয়।” 

-“তেন্তে আপুনিও ফুল বা আন কিবা গছ কিনিবলৈ আহিছে নিশ্চয়?” 

-“ওহো নহয়।

-“তেন্তে -?” 

-“মই এই অঞ্চলৰে বাসিন্দা। পূৰ্ণিয়াৰ আশেপাশে চছিয়েল ফৰেষ্ট্ৰিৰ অধীনত লগোৱা গছবোৰৰ বাদে আন গছগছনি নায়েই। সেয়ে গছগছনিৰ মাজত কিছু সময় কটাবলৈ সদায় ইয়ালৈ এবাৰ আহোঁ যদিওবা নাৰ্চাৰীৰ গছবোৰ সৰু। আপুনি চাগে গছ লগাই, টাবত ফুল ৰুই ভাল পায়!” 

-“হয় ভাল লাগে। চাৰিজোপা বনচায়ো কৰিছোঁ। ভাবিছোঁ কেইজোপামান বনচাই ইয়াৰ পৰাই লৈ যাওঁ; ঘৰত প্ৰতিপাল কৰিম।” 

-“আচ্ছা চখ হ্যায় আপকা। নিজে লগোৱা পুলি এটা যেতিয়া লহপহকৈ বাঢ়ি আহে বৰ ভাল লাগে নহয়নে?” 

-“হয় হয়, পুলি একোটা যেতিয়া বাঢ়ি আহি নতুন পোখা মেলে, ফুল এজোপাত যেতিয়া কলি ধৰে, কলি মেলি যেতিয়া ফুল ফুলে বৰ ভাল লাগে।” 

-“অপনে বচ্ছে যৈসে বঢ় ৰহে হেয় ঐসাহী লগতে হোংগে।” 

-“হয় হয়, নিজৰ সন্তানক তুলিতালি ডাঙৰ কৰা যেনেই লাগে।” 

তেওঁ বনচাইবোৰলৈ আঙুলিয়াই তেওঁৰ লেহেমীয়া সুৰত কোমল মাতেৰে কলে –“ত ইন বচ্ছোনে আপকে যা হমাৰে ক্যা বিগাড়া হ্যায়, ইন্থে হম ক্যু বঢ়নে নহী দেতে!” 

-“চাওক ডাঙৰীয়া, বনচাই এক বিশ্বসমাদৃত জাপানী কলা; ই মানুহৰ সৌন্দৰ্য্যবোধৰ এক সুন্দৰ প্ৰকাশ।” 

-“হোতে হোংগে কলা; পৰ যে কৈসী কলা হেয় জো এক জিন্দা পৌধেকো অপাহিজ বনা দেতে হ্যায়।” মই নীৰৱে ৰলো। তেওঁ অনুনয়ৰ সুৰত কলে

-“ইয়ালৈ বনচাই কিনিবলৈ অহা আনসকলক কোৱাৰ দৰে আপোনাকো কওঁ অনুগ্ৰহ কৰি বনচাই নিকিনিব। নিজৰ ঘৰত যি কেইজোপাক আপুনি বন্দী কৰি থৈছে অনুগ্ৰহ কৰি মুকলি কৰি দিব। অপনে বচ্ছোকে যৈসে উন্থে বঢ়নে দিজিয়ে, ফুলনে দিজিয়ে ফলনে দিজিয়ে। নমস্তে”- মানুহজন নাৰ্চাৰীৰ আন এটা ফালে গুছি গল। 

মই ঠাইতে থৰ হৈ ৰলোঁ। লাহে লাহে মনত পৰিল কেইবছৰমান আগতে বন্ধু শ্যামলে এই মানুহজনৰ কথাকে কৈছিল, তেতিয়া মই কথাটোত গুৰুত্বই দিয়া নাছিলোঁ। 

আজি বনচাই নিকিনো আৰু বুলি ওলাই আহিলোঁ। বাকীছোৱা বাটত মনলৈ ভাৱ আহিল থাকিলআমি মানুহবোৰে মনৰ পৰিতৃপ্তিৰ বাবে বনচাই কৰিয়েই একোজোপা জীৱন্ত গছক পঙ্গু কৰা নাই, নিজৰ খাদ্যৰ চাহিদা পূৰণৰ বাবে ধান, ঘেহুঁ, ফলমূল, শাকপাচলি সকলোবোৰৰে জিণীয় পৰিৱৰ্তন ঘটাই স্বাভাৱিক সঁচবোৰ নোহোৱাই কৰি পেলাইছোঁ; মাংস, গাখীৰ, কণীৰ বাবে গৰু, , ছাগলী, গাহৰি, কুকুৰা আদি প্ৰাণীৰো জিণীয় পৰিৱৰ্তন আৰু বৰ্ণশংকৰ ঘটাই এক ভাৰসাম্যহীন অৱস্থালৈ আমি গৈ আছোঁ; কৃত্ৰিম প্ৰজননৰ দ্বাৰা এই প্ৰাণীবোৰৰ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়া এটাকে নস্যাৎ কৰি পেলোৱা হৈছে। কি দৈত্য দেখোন আমি। 

দুবছৰমান পিচত চাকৰিৰ বদলিৰ বাবে কোম্পানীয়ে গুৱাহাটীৰ কলনিত দিয়া ঘৰত উঠিলোঁ; লগতে বনচাই চাৰিজোপাও। তাতে সুমথিৰা জোপা আৰু জবাফুলজোপাক বন্দীত্বৰ পৰা মুকলি কৰি দিলোঁ। জবাজোপা ভালেমান দিন থিহিৰামাৰি থকাৰ পিচত স্বাভাৱিক ৰূপ ললে; মই বদলি হৈ সেই ঘৰটো এৰি যোৱাৰ পিচত পিছৰ ঘৰ মানুহে সুমথিৰা টেঙা খাই মোক লগ পাওঁতে কলে

 –“আপুনি লগাই থৈ যোৱা গছৰ ফল খাইছোঁ দেই।শুনি ভাল লাগিল। 

আঁহত আৰু বটডাল তাৰপিচতো কেইবছৰমান টাবতেই থাকিল। এনেয়েতো আঁহত আৰু বট মাটি নথকা ঠাই যেনে পকীঘৰৰ ওপৰত, পুৰণি ঘৰৰ বেৰৰ ফাঁটত, আন গছৰ ফেৰেঙনি আদিতো মাটি নোহোৱাকৈয়ে লহপহকৈ বাঢ়ে, গতিকে টাবত পাৰিবএই বুলি ভাবি সেই দুজোপাক টাবতে ৰাখিলোঁ যদিও বনচাইৰ দৰে কৰি ৰখাৰ চেষ্টা এৰি দিলোঁ, মাত্ৰ মাজে মাজে টাবৰ বাহিৰলৈ ওলাই অহা শিপাবোৰহে কাটি থাকিলোঁ। পূৰ্ণিয়াৰ নাৰ্চাৰীত মানুহজনে কোৱা কথাষাৰ এই দুজোপাক দেখিলেই মনত পৰি নিজকে দোষী দোষী যেন লাগে; সেই তেনেই সাধাৰণ যেন লগা মানুহজনৰ আশা গছবোৰ মুকলিমুৰীয়াকৈ বাঢ়ক, ফুলক আৰু ফল ধৰক আৰু মোৰ আশা আঁহত আৰু বটৰ দৰে বৃহৎ ৰূপ লব পৰা একোডাল গছক টাবৰ ভিতৰত বাঢ়িবলৈ নিদিয়াকৈ থুপুৰা কৰি ৰখা; তেওঁৰ ভাৱঅনুভূতিৰ তুলনাত মোৰ ভাৱঅনুভূতি দেখোন তেনেই বনচাইৰ দৰে সংকুচিত। সেয়ে নিজকে দোষী দোষী যেন লগা ভাবৰ পৰা মুক্ত কৰিবলৈ ছয় সাত বছৰমানৰ পিছত কোম্পানীৰ আন এখন কলনীত বাটৰ কাষৰ গছ নোহোৱা ঠাইত কিছু আঁতৰে আঁতৰে দুয়োজোপাকে ৰুই দি বন্ধনমুক্ত কৰিলোঁ; দুয়োজোপাৰ গুড়িত পানী দি কলোঁযাহঁক মনৰ সুখেৰে বাঢ়গৈ; গৰুছাগলীয়ে তহঁতৰ ছাঁত মনৰ সুখেৰে বহি ঘাঁহ পাগুলক, চৰাইবোৰে তহঁতৰ ডালত বহি গান গাওক, বাহ সাজি পোৱালি তোলক, গুটি খাই পেট পুৰাওক আৰু বতাহত জিৰিজিৰিকৈ কঁপি তহঁতৰ পাতবোৰে আমালৈ এৰি দিয়ক জীৱনদায়ী অম্লজান। 

  

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments