এখনি পত্ৰ - আকাশ বাণী গুৱাহাটীলৈ

লেখক- গদা ডেকা

প্ৰিয় কেন্দ্ৰ সঞ্চালক মহোদয়, 

আকাশবাণী গুৱাহাটী 

নমস্কাৰ গ্ৰহণ কৰিব 

জনম লৈছিলোঁ আমি গাওঁত। নলবাৰী জিলাৰ তেতিয়াৰ ভিতৰুৱা গাওঁ এখনত। সত্তৰৰ দশকত আমাৰ ঘৰলৈ যেতিয়া ৰেডিঅএটা আহিল, সেইটোৱেই আছিল আমাৰ অঞ্চলৰ প্ৰথমটো ৰেডিঅ বিস্ময়াভিভূত হৈ মন্ত্ৰমুগ্ধ হৈ পৰিছিলোঁ ৰেডিঅৰ মাতত। জোন বেলি তৰা বোৰৰ উপৰিও ৰেডিঅটো আছিল আমাৰ বাবে আন এক আশ্চৰ্য! 

বহিৰ্বিশ্ৱৰ লগত আমাৰ প্ৰথম পৰিচয় ঘটিছিল ৰেডিঅৰ যোগেদি। গীত, নাটক, বাতৰি আদিৰ সোৱাদ পাইছিলোঁ ৰেডিঅৰ জৰিয়তে। আকাশবাণী গুৱাহাটীৰ মাতত আমাৰ ৰাতি পুৱাইছিল, দিনটোৰ দস্তাবেজ হৈছিল। 

চাওঁতে চাওঁতে আকাশবাণী গুৱাহাটীয়ে গৌৰৱোজ্বল চৌশত্তৰ বছৰত সোমাল অনেক ঘাট প্ৰতিঘাতৰ মাজেৰে। আমাৰ জীৱনতো হেঙুলীয়া সূৰুজৰ ৰূপালী কিৰণ আহি পালে। তথাপিও শৈশৱতে হিয়াত থিতাপি লোৱা ৰেডিঅটো এতিয়াও বুকুত বান্ধি লৈ ফুৰিছোঁ। আকাশবাণী গুৱাহাটীৰ মাতত এতিয়াও আমাৰ ৰাতি পুৱায়। 

মোৰ এই অনুভৱখিনি অসমৰ বহুতো ৰেডিঅপ্ৰেমীৰ লগত সম্ভৱতঃ বহুখিনি সাদৃশ্য থাকিব। আমিবোৰৰ সৈতে ৰেডিঅৰ কিযে একাত্মতা, কি যে এক আবেগিক সম্পৰ্ক! 

বিভিন্ন লিখিত আৰু ইলেক্ট্ৰনিক গণমাধ্যমৰ ধামখুমীয়াত আকাশবাণী গুৱাহাটীয়ে সজোৰে নিজৰ ভেটি সুদৃঢ় কৰি অসমীয়া জাতিটোৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যি অৰিহণা যোগাই আহিছে সেইয়া চিৰনমস্য। 

এটা কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে নিজকে খাপ খুৱাই চলিবলৈ পৰিবৰ্তনৰ ধাৰা অব্যাহত ৰাখিব লাগিব। ই সদায় বোৱতী নৈ, বন্ধ পুখুৰীৰ দৰে আবদ্ধ হৈ থাকিব নোৱাৰে। আকাশবাণী গুৱাহাটীৰো বহুত পৰিৱৰ্তন, সংযোজ হ, পৰিবৰ্তনৰ লগতে কিছুমান পৰীক্ষা নিৰীক্ষা আমি লক্ষ্য কৰি আহিছোঁ, সময়ৰ সোঁতত নিজকে জীৱন্ত ৰূপত বৰ্তাই ৰখাৰ স্বাৰ্থত। 

অসমীয়া জাতিটোৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত বৰ্তমানে বহুতো প্ৰত্যাহ্বান আহি পৰিছে। বিভিন্ন কাৰণত নৱপ্ৰজন্মৰ আমাৰ ভাষাটোৰ প্ৰতি অনীহা সৃষ্টি হৈছে। নিজৰ ভাষা সংস্কৃতিক ভাল পাবলৈ অন্তৰত জাতীয়তাবোধ থাকিব লাগিব। আৰু এই জাতীয়তাবোধ জাগ্ৰত কৰিবলৈ মানুহে নিজৰ দেশখনৰ ঐতিহ্যময় অতীত, দেশখনৰ ভৌগোলিক পৰিৱেশ, জনবিন্যাস, বিভিন্ন প্ৰাকৃতিক উপাদান, কৃষ্টি সংস্কৃতিৰ বিষয়ে জানিব লাগিব। এই জাতীয়তাবোধ জাগ্ৰত কৰিবলৈ আমাৰ নৱপ্ৰজন্মক চালুকীয়া অৱস্থাৰ পৰাই অসমৰ গৌৰৱোজ্জ্ৱল ইতিহাসৰ শিক্ষা দিব লাগিব।

আমাৰেই দুৰ্ভাগ্য, স্কুলীয়া পাঠ্যক্ৰমৰপৰা বুৰঞ্জী আৰু ভুগোল বিষয় দুটাৰ বিলুপ্তি ঘটিল। অনস্বীকাৰ্য যে জাতীয় জীৱনত জাতীয়তাবোধ জাগ্ৰত কৰিবলৈ দেশ এখনৰ ভুগোল আৰু বুৰঞ্জীৰ জ্ঞান নিতান্তই জৰুৰী। 

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অসমৰ বুৰঞ্জী আৰু ভুগোল বিষয়ক কিছুমান ধাৰাবাহিক অনুষ্ঠান প্ৰচাৰ কৰি আমাৰ জাতিটোৰ বেদীত অক্ষয় বন্তিগছি জ্বলাই ৰখাৰ প্ৰভূত অৰিহণা যোগাব পাৰে। 

এই বিষয়ে আকাশবাণী গুৱাহাটীয়ে ধনাত্মক দিশত কাৰ্য্য ব্যৱস্থা ললে কৃতাৰ্থ হম। 

ধন্যবাদ 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!