ফেল

অনুবাদ- কলচুম বিবি

গল্পফেল 

গল্পকাৰৰবীন্দ্ৰনাথ ঠাকুৰ

আগ আৰু গুৰি, ৰাহু আৰু কেতু পৰস্পৰৰ মুখামুখি হলে যিদৰে দেখা গলহেঁতেন এয়াও ঠিক সেই ধৰণৰ। প্ৰাচীন হালদাৰ বংশটো  দুটা ভাগত বিভক্ত হৈ বাস কৰি থকা প্ৰকাণ্ড ঘৰখনৰ  সোঁমাজতে ভেটি উঠাই পৰস্পৰে পৰস্পৰৰ পিঠিয়াপিঠিকৈ  বসবাস কৰি আছে; কোনেও কাৰো মুখ দৰ্শন নকৰে।

নবগোপালৰ লৰা নলিন আৰু ননীগোপালৰ লৰা নন্দ একে বংশৰ, সমবয়সৰ, একেখন স্কুললৈ যায় আৰু পাৰিবাৰিক বিদ্বেষ তথা পৰস্পৰৰ মতানৈক্যৰ ফালৰ পৰাও দুয়োৰে মাজত সম্পূৰ্ণ ঐক্য আছে। 

নলিনৰ পিতৃ নবগোপাল বৰ কাঢ়া মানুহ। পুতেকক উশাহ লোৱাৰো অৱকাশ নিদিয়ে, পঢ়াশুনাৰ বাহিৰে আন কথা নাই। খেলাধূলা, খাদ্য তথা সাজসজ্জা সম্বন্ধীয় পুতেকৰ সকলো প্ৰকাৰৰ চখ তেওঁ বহী তথা স্কুলৰ কিতাপৰ তলত লিখি ৰাখে। নন্দৰ পিতাক ননীগোপালৰ শাসনপ্ৰণালী বৰ শিথিল আছিল। মাকে সিহঁতক অত্যন্ত পৰিপাটিকৈ স্কুললৈ পঠাইছিল, তিনি অনা মান জলপানীও লগতে দিছিল; নন্দই ভজা মছলাৰ লগতে কুলফি, লাটুম তথা মাৰ্বল ইচ্ছামতে লগৰবোৰৰ লগত বিতৰণ কৰি যশস্বী হৈ উঠিছিল। 

মনে মনে পৰাজয় অনুভৱ কৰি নলিনে কেৱল ভাবে, নন্দৰ পিতৃ যদি মোৰ পিতৃ হলহেঁতেন অথবা মোৰ পিতৃ যদি নন্দৰ পিতৃৰ স্থান অধিকাৰ কৰিলেহেঁতেন, তেনেহলে নন্দক মজা দেখুৱাই দিলোঁহেঁতেন। 

কিন্তু সেইধৰণৰ সুযোগ পোৱাৰ আগতে ইতিমধ্যে নন্দই বছৰে বছৰে প্ৰাইজ পাবলৈ ধৰিলে, নলিন ৰিক্তহাতে ঘৰলৈ আহি স্কুলৰ কৰ্তৃপক্ষৰ নামত অপবাদ দিবলৈ ধৰিলে। পিতৃয়ে তাক আন স্কুলত দিলে, ঘৰত আন মাষ্টৰ ৰাখিলে, শোৱাৰ সময়ৰ পৰা একঘণ্টা কাটি পঢ়াৰ সময় যোগ কৰিলে, কিন্তু ফলাফলৰ তাৰতম্য নঘটিল। নন্দই পাছ কৰি কৰি বি.. উত্তীৰ্ণ হ, নলিন ফেল কৰি কৰি এণ্ট্ৰেঞ্চ ক্লাছত ফান্দত লগা এন্দুৰৰ দৰে পৰি থাকিল।

ইমানদিনে তাৰ পিতৃয়ে তাৰ প্ৰতি দয়া কৰিলে। তেওঁ মৰিল। তিনিবছৰ সময় খাটি এণ্ট্ৰেঞ্চ ক্লাছৰ পৰা সি মুক্তি পালে আৰু স্বাধীন নলিনে আঙঠি, বুটাম, ঘড়ীৰ চেইন আদিৰে জকমক কৰি নন্দক নিষ্প্ৰভ কৰি দিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। এণ্ট্ৰেঞ্চ ফেল চৌঘোঁৰাৰ জুটি, বি, এ পাছৰ এক ঘোঁৰাৰ গাড়ীক  অনায়াসে পিছ পেলাই যাবলৈ ধৰিলে; যদিও বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ চকা ঘূৰাওঁতাৰ সৈতে সমানে সমানে চলিব নোৱাৰিলে। এদিন নলিন আৰু নন্দৰ বিবাহৰ বাবে পাত্ৰীৰ সন্ধান চলিল। নলিনৰ প্ৰতিজ্ঞা সি এনেকুৱা কন্যা এজনী বিবাহ কৰিব, যি তুলনাহীন, সিহঁতৰ জোৰা তথা তাৰ পত্নীৰ ওচৰত নন্দই হাৰ মানিব লাগিব। সকলোতকৈ শ্ৰেষ্ঠ বস্তটোৰ বাবে যিজনৰ আকাংক্ষা বেছি, সেই শ্ৰেষ্ঠ বস্তুটোৱেই সেইজনে পৰিত্যাগ কৰিব লগা হয়। ওচৰৰপাজৰৰ কোনো ছোৱালীকেই নলিনে পছন্দ কৰিবলৈ সাহস নকৰিলে, যদি তাতকৈ ভালজনী আন কাৰোবাৰ ভাগ্যত পৰে। 

অৱশেষত খবৰ পোৱা গ, ৰাৱালপিণ্ডিত এজন প্ৰবাসী বঙালীৰ এজনী পৰমাসুন্দৰী ছোৱালী আছে। ওচৰৰ সুন্দৰীতকৈ দূৰৰ সুন্দৰী বেছি লোভনীয় যেন অনুভৱ হয়। নলিন উন্মাদিত হৈ উঠিল; খৰচপাতি দি কন্যাক কলিকতালৈ অনা হল। কন্যাজনী সঁচাকৈয়ে সুন্দৰী। নলিনে কলে, “যিয়েই নকৰা কিয়, ফচ্ কৰি ৰাৱালপিণ্ডি এৰি গুছি যাব, এনে সাধ্য কাৰো নাই। অন্তত এই কথা কোনেও কবলৈ নোৱাৰে যে, এই ছোৱালীজনী আমি আগতেই দেখিছিলোঁ, পছন্দ হোৱা নাই বুলিহে সম্বন্ধ কৰা নাই।

কথাবতৰা একপ্ৰকাৰ স্থিৰ হৈ গৈছে, পানপাত্ৰৰ আয়োজন হৈছে, এনে সময়তে এদিন পুৱাই দেখা গ, ননীগোপালৰ ঘৰৰ পৰা বিচিত্ৰ থালৰ ওপৰত বিবিধ উপঢৌকন লৈ চাকৰ আৰু দাসীৰ দল এটা গৈ আছে। 

নলিনে কলে,”চাই আহাছোন কথাটোনো কি?”খবৰ আহিল, নন্দৰ ভাবী বধূৰ বাবে পানপাত্ৰ গৈছে। 

নলিন তৎক্ষণাত হোঁকা টানিবলৈ এৰি সচকিত হৈ বহিল; লে, “খবৰ লোৱা হৈছেতো।

তৎক্ষণাত গাড়ী ভাৰা কৰি দূত এজন গুমগুমাই শব্দ কৰি খৰধৰকৈ গল। বিপিন হাজৰা ঘূৰি আহি কলে,”কলিকতাৰ ছোৱালী, কিন্তু সুন্দৰী ছোৱালীনলিনৰ বুকুখন মোচৰ খাই উঠিল, লে,”কি কোৱা হে

হাজৰাই কেৱল কলে,”সুন্দৰী ছোৱালী?”

নলিনে কলে,”এতিয়াতো চাবই লাগিব।

সহচৰ্যজনে কলে,”সেইটোনো কি টান কাম।

 এইবুলি তৰ্জনী আৰু অঙ্গুষ্ঠৰে এটা কাল্পনিক টিলিকা বজাই দিলে। 

সুযোগ বুজি নলিনে ছোৱালীজনী চালে। যিমানেই ছোৱালীজনী নন্দৰ বাবে একেবাৰে স্থিৰ হৈ গৈছে বুলি মনলৈ ভাব আহিছে, সিমানেই ছোৱালীজনী ৰাৱালপিণ্ডিৰজনীতকৈ ভাল যেন অনুভব হবলৈ ধৰিলে। দ্বিধাপীড়িত হৈ নলিনে সহচৰ্যক সুধিলে,”কেনে দেখিছা হে?”

হাজৰাই কলে,”মহাশয় মোৰ চকুৱে ভালেই দেখিছে।

নলিনে কলে,”সেইজনী ভাল নে, এইজনী ভাল?”

হাজৰাই কলে,” এইজনীয়ে ভাল।

তেতিয়া নলিনৰ ভাব হ, এইজনীৰ চকুৰ পতা তাইতকৈ যেন আৰু অলপ ঘন; তাইৰ ৰংটো এইজনীতকৈ অলপ যেন অনুজ্জ্বল, এইজনীৰ গৌৰবৰ্ণত অলপ যেন হালধীয়া আভাত সোণ মিহলোৱাৰ দৰে। এইজনীক হাতৰ পৰা যাবলৈ দিব নোৱাৰি। 

নলিনে বিমৰ্ষ মনেৰে চিত হৈ হোঁকা টানি টানি কলে,”ঐ হাজৰা, কি কৰা যায় কচোন।

হাজৰাই কলে,”মহাৰাজ কিনো টান কাম।এইবুলি পুনৰ তৰ্জনী আৰু অঙ্গুষ্ঠৰে এটা কাল্পনিক টিলিকা বজালে। 

টিলিকাটো যেতিয়া সঁচাকৈ সশব্দে বাজি উঠিল তেতিয়া যথোচিত ফল ওলাবলৈ বিলম্ব নহল। কন্যাৰ পিতৃয়ে অকাৰণে কাৰণ এটি উলিয়াই দৰাৰ পিতৃৰ লগত তুমুল কাজিয়া কৰিলে। দৰাৰ পিতৃয়ে কলে,”তোমাৰ কন্যাৰ সৈতে মোৰ লৰাৰ যদি বিবাহ হয় তেন্তে–” ইত্যাদি ইত্যাদি। 

ইয়াৰ পিছত আৰু অলপো পলম নকৰি নলিনে নন্দক ফাঁকি দি শুভলগ্নত শুভবিবাহ সম্পন্ন কৰি পেলালে। আৰু হাঁহি হাঁহি হাজৰাক কলে,”বি,এ পাছ কৰা ইয়াকেই কয়। কি কোৱা হাজৰা। এইবাৰ আমাৰ সেইখন ঘৰৰ বৰবাবু ফেইল।

অনতিপলমে ননীগোপালৰ ঘৰত এদিন ঢাকঢোল, চেহনাই বাজি উঠিল। নন্দৰ গাত হালধি লাগিল। নলিনে কলে,”ঐ হাজৰা খবৰ লচোন পাত্ৰী কোন?” 

হাজৰাই আহি খবৰ দিলে,পাত্ৰী সেই ৰাৱালপিণ্ডিৰ ছোৱালীজনী। 

ৰাৱালপিণ্ডিৰ ছোৱালী! হাঃ হাঃ হাঃ। নলিনে বৰকৈ হাঁহিব ধৰিলে। সেইখন ঘৰৰ বৰবাবুবে আৰু ছোৱালী নাপালে, আমাৰ দ্বাৰা পৰিত্যক্ত পাত্ৰীগৰাকীক বিবাহ কৰাইছে। হাজৰাইও বৰকৈ হাঁহিলে। 

কিন্তু ক্ৰমান্বয়ে নলিনৰ হাঁহিৰ জোৰ কমি আহিল। সিহঁতৰ হাঁহিত কীট এটি প্ৰৱেশ কৰিলে। এটা ক্ষুদ্ৰ সংশয়ৰ তীক্ষ্ণ স্বৰে কাণে কাণে কবলৈ ধৰিলে,”আহ্ হাতৰ পৰা ওলাই গল। শেষ মূহুৰ্তত নন্দৰ কপাল ফুলিল।ক্ষুদ্ৰ সংশয়টো ক্ৰমশ ৰক্তস্ফীত জোঁকৰ দৰে ডাঙৰ হবলৈ ধৰিলে, সিহঁতৰ কণ্ঠস্বৰো মোটা হল। তেওঁ কলে,”এতিয়া আৰু কোনোমতেই তাইক পোৱা নাযাব, কিন্তু আচলতে তাইকেই ভাল দেখি। বৰ ঠগিলোঁ।” 

অন্তঃপুৰলৈ নলিন যেতিয়া খাবলৈ গল তেতিয়া তেওঁৰ স্ত্ৰীৰ সৰুসুৰা সমস্ত খুঁটবোৰে বৃহৎ আকাৰ এটি লৈ তেওঁক উপহাস কৰিবলৈ ধৰিলে। স্ত্ৰীয়ে তাক বৰকৈ ঠগোৱা বুলি মনলৈ আহিব ধৰিলে। ৰাৱালপিণ্ডিত যেতিয়া সম্বন্ধ হৈছিল তেতিয়া নলিনে সেই কন্যাৰ যি ফটো পাইছিল, সেইখন উলিয়াই চাবলৈ ধৰিলে।বাহ্ অপৰূপ ৰূপমাধুৰী। এনে লখিমীক হাততে পাই হেৰুৱালোঁ, মই ইমান গাধ।

বিবাহৰ দিনা গধূলি চাকি জ্বলাই বাজনা বজাই ঘোঁৰা গাড়ীত উঠি দৰা বাহিৰলৈ ওলাল। নলিন শুই শুই হোঁকা টানি নিজকে সান্ত্বনা দিবলৈ যৎসামান্য নিস্ফল চেষ্টা কৰিছে, তেনে সময়তে হাজৰা প্ৰসন্নবদনে হাঁহি হাঁহি আহি নন্দক লক্ষ্য কৰি পৰিহাস কৰাৰ উপক্ৰম কৰিলে।

নলিনে মাতিলে,”দাৰোৱান।

হাজৰাইও ত্ৰস্ত হৈ দাৰোৱানক মাত দিলে।বাবু হাজৰাক দেখুৱাই কলে,”এতিয়াই ইয়াক কাণত ধৰি বাহিৰলৈ উলিয়াই দে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!