দীঘলী পাৰৰ কথকতা

লেখক- অৰুন্ধতী শৰ্মা বৰুৱা

বিয়াঘৰৰ দৰা অহাৰ ঠিক আগমুহূৰ্তৰ উখল মাখলখিনি কাউৰী পুৱাৰ পৰা বিয়পি আছে হোষ্টেলটোৰ ইমূৰৰ পৰা সিমূৰলৈ।  অলপ আগত ৱাল মেগাজিন আৰু গেইট সজোৱাৰ দায়িত্বত থকা সঁজাতি দলটো কোনোবা কোঠালীৰ এটি নিজান চুক বিচাৰি বিছনাত বাগৰ দিছেগৈ। হিচাপ কৰি এলাৰ্ম দিয়া আছে, কেইঘণ্টা শোৱাৰ পাছত, শ্বেম্পু কৰি, চাদৰমেখেলা পিন্ধাৰ যুঁজ বাগৰখন সামৰিব। কিমান সময়ত চুলিখিনি শুকাব, চকু ওঁঠত লিপষ্টিক লগাই, ৰূমমেটক কুটুৰি কুটুৰি চকুত আইলাইনাৰ অঁকাই লওঁতে কিমান সময় লাগিব, সেই অংকও মিলোৱা আছে। 

নাই, আজি বাথৰুমৰ চিন্তা নাথাকে। নাইট শ্বিফ্ট কৰা কেইজনীৰ বাবে স্পেচিয়েল ট্ৰিটমেণ্ট হিচাপে, থাৰ্ড ইয়াৰৰ বাহঁতে নিজেই বাথৰুম বুক কৰি থব। 

অঞ্জলি দিয়াৰ পাছতে দল বান্ধি ওলাই যাব লাগিব, বয়জ হোষ্টেলৰ পূজা কেইখনটো আৰু মিছ কৰা নাযায়। গোটেই কেইজনীয়ে জানে কোনটো বয়জ হোষ্টেলৰ সমুখেদি গলে, কাৰ নাম শুনি কাৰ বুকু দুৰু দুৰু কঁপিব। ফেব্ৰুৱাৰীৰ শীতে জোকাই যোৱা ৰাতিপুৱাটোত, গায়ে মূৰে লোৱা কম্বলখনৰ উমত সুস্মিতাৰ মনতো যেন মাখনৰ দৰে গলি যায়। 

কলেজ সপ্তাহৰ সময়ৰ পৰাই আৰম্ভ কথাবোৰৰ। মাৰ্চপাষ্ট প্ৰতিযোগিতাৰ ইউনিফৰ্মযোৰ যোগাৰ হলেও, জোতাযোৰ কত পাই বাৰু! ইফালে, চিনিয়ৰে জোতা বিচাৰি বয়জ হোষ্টেল যাবলৈ আদেশ দিলেই। এইটো হেনো যুগ যুগ ধৰি অহা পৰম্পৰা। কটন গাৰ্লছৰ মাৰ্চপাষ্টৰ জোতা বয়জ হোষ্টেলৰ পৰা আহিবই লাগিব। আনকি জানুৱাৰীৰ মৰ ঠাণ্ডাত কুঁৱলী ফালি লতাশিল ফিল্ডত মাৰ্চপাষ্ট প্ৰেক্টিচ কৰি থাকোঁতে, জেকেট পিন্ধা বয়জ হোষ্টেলৰ চিনিয়ৰ কেইজন মানে ৰিঙিয়াই থৈ যায়ঐ উৰ্মি, কৰৱী জোতা লাগিলে কবি দেই! আমি আছোঁ। 

উৰ্মি বা, কৰৱী বা হত চিনিয়ৰ। জুনিয়ৰ খিনিক শীতৰ উমাল শেতেলীৰ পৰা তুলি লতাশিললৈ প্ৰেক্টিছ কৰিবলৈ অনাৰ দায়িত্বত থকা ৰঙাচকুৱা চিনিয়ৰ। 

কটা নিলাজ হত! ৰাতিপুৱা কেতিয়াবা দেখি পাইছিলিনে? মৰ্নিং ক্লাছ মিছ হওঁতে দেবেন দত্ত চাৰে কোনোদিনা মাতে ঠিক নাই। ছোৱালী চাবলৈ ঠিক আহিবি। 

উৰ্মি বায়ে ভোৰভোৰাই উঠে। 

জোতা আনিবলৈ আৰ.কে.বি লৈ গৈছিল সুস্মিতা। লগত ৰশ্মি বা। ৰশ্মিবাৰ মেজৰমেট আছিল ভাস্কৰ। চেৰী ব্লসম দি ৰঙ কৰি, ফটা কাপোৰ এডোখৰৰে মচিকাছি ধুনীয়াকৈ জোতাযোৰ তুলি দিছিলে তাইৰ হাতত ভাস্কৰে।  আঙুলিয়ে আঙুলি স্পৰ্শ কৰোঁতে বৈ গৈছিল এক অজান শিহৰণ বুকুৰ মাজলৈ। 

ভাস্কৰৰ চকু কেইটাৰ কথা সুস্মিতাই ভাবি থকা হৈছিল। 

পঢ়াৰ টেবুলত বহি নট বুক খনৰ শেষ পৃষ্ঠাটোত লিখি পেলাইছিল তাই ভাস্কৰৰ নাম। নামটোৰ ওপৰত কলমটো ঘঁহাই থাকোঁতে, শেষ পৃষ্ঠাৰ পৰা নামটো বিয়পি পৰিছিল নট বুকখনৰ বহু ভিতৰলৈ। 

সেই ভাস্কৰেই জনাইছিল তাইকসিয়ো ভাৱে তাইৰ কথা, তাই ভৱাৰ দৰেই। কলেজ সপ্তাহৰ মূল সাংস্কৃতিক সন্ধিয়াৰ দিনা ভাস্কৰে চুই চাইছিল তাইৰ আঙুলি কেইটা, কে. বি.আৰ হলৰ গ্ৰীণৰুমৰ পাতলীয়া অন্ধকাৰ খিনিত। 

মাৰ্চ পাষ্টত সিহঁত ফাৰ্ষ্ট হৈছিল! 

তাৰ বাবে কমখন টেনশ্যন নে? 

প্ৰেক্টিছৰ সময়ত ট্ৰেইনাৰে দিয়া গালি যেন কমেই পৰে। চিনিয়ৰ চিত্ৰলেখা বায়ে চিঞৰি উঠে অধৈৰ্য হৈ

নিলাক্ষী, কি হৈছে, হাত ওপৰলৈ যোৱা নাই কিয়? বায়ে কৈছে দাইনে কোৱা নাই নহয়!” 

সময় কম, ওহোঁ প্ৰেক্টিছ বিশেষ ভাল হোৱা নাই। এনেকৈ থাকিলে এছ.কে. এলে পুৰস্কাৰ লৈ যোৱা খাটাং! 

এৰা, একে কেম্পাছতে থাকি, সন্মিলিত ভাবে চিজি বা কটন গাৰ্লছ বুলি জনাজাত হলেও, দুইটা হোষ্টেলেই ইটো সিটোৰ সৰ্বপ্ৰধান প্ৰতিদ্বন্দ্বী ও শত্ৰু। খিৰিকীয়ে খিৰিকীয়ে বস্তু, কিতাপ, দোপাত্তা, কানফুলি, খাৰুৰ আদান প্ৰদান হৈ থাকিলেও, “হোষ্টেল চেণ্টি ইজ হোষ্টেল চেণ্টিএইষাৰ কথা একেবাৰে নৱাগত আদৰণিতেই কৰ্ণকুহৰত প্ৰৱেশ কৰাৰ পাছত কলেজ সপ্তাহৰ সময়লৈ নলিনী বালা দেৱী ছাত্ৰী নিবাস প্ৰতিগৰাকী আৱাসীৰ হাড়েহিমজুয়ে বিয়পি পৰেগৈ। 

সৰস্বতী পূজাৰ সময়লৈ হোষ্টেল চেণ্টি পকি টুপটুপিয়া দিয়ে। ডেকৰেশ্যন কেনেদৰে কৰিব, কেনেদৰে ৱাল মেগাজিনখন সঁজাব। থিম কি হ, ইউনিক কেনেকৈ কৰিব সকলোবোৰ! 

আমি অমুকটো চচিয়েল মেছেজ দিব পাৰোঁ নেকি ডেকৰেশ্যনৰ থিম হিচাপে!” 

ৱাল মেগাজিনৰ ফ্ৰেমটো টেৰাকতা ডিজাইন কৰিম হা

অৰুন্ধতী, ইংৰাজী আখৰখিনি তই লিখিবি ৱাল মেগাজিনৰ, সুস্মিতাই অসমীয়াখিনি লিখিব। 

পদুম পুখুৰীত ফাউণ্টেইন এটা বনাম, ৰাম সিং কাইক কলেই হল। যোগাৰ হৈ যাব। 

আলোচনাৰ ধুমুহাই মগজু উৰুৱাই নিয়ে একেবাৰে! এনেতে এটা খবৰ আহে, এছ.কে.এল ও বোলে পদুম পুখুৰীৰ অধিকাৰ লোৱাৰ পৰিকল্পনা কৰি আছে। গোপন সূত্ৰৰ পম খেদি পোৱা খবৰ। এনেকুৱা খবৰ অৱশ্যে বাকী সমূহ বয়জ হোষ্টেলৰ পৰাও আহে। হোষ্টেল প্ৰেমত উদ্বুদ্ধহৈহোষ্টেলতকৈ বয়ফ্ৰেণ্ড ডাঙৰ নহয়বুলি প্ৰতিজ্ঞা কৰা এচাম বীৰাংগনাৰ কৃতিত্ব এয়া। গতিকে প্ৰতিদ্বন্দ্বী হোষ্টেলৰ কি থিম, কি ডেকৰেশ্যনৰ বিষয়ে একেবাৰে পৰিকল্পনাৰ পৰ্যায়ৰ পৰাই মূল কমিটিৰ চিনিয়ৰসকল অৱগত। কেতিয়াবা অৱশ্যে, সকলোৱে মিলি কিছুমান কৌশলগত সিদ্ধান্ত লোৱা হয়, যেনে, 

. আৰ. বি. ৰ লগত নোৱাৰিম এইবাৰ বুজিছ, সিহঁতে বেলেগ লেভেলত খেলিছে! কিন্তু, আমি চেকেণ্ড পাবই লাগিব। 

এৰা, সৰস্বতী পূজাৰ শ্ৰেষ্ঠ মণ্ডপ, শ্ৰেষ্ঠ ৱাল মেগাজিন প্ৰতিযোগিতা। কলেজ সপ্তাহৰ পাছতেই সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা এখন আনুষ্ঠানিক প্ৰতিযোগিতা। অনানুষ্ঠানিক ভাৱে কোনে কি পিন্ধিব, কাক কেনেদৰে ধুনীয়া দেখিব, কোনে কাৰ চকুত চকু থৈ কৈ পেলাব বুকুত কঢ়িয়াই লৈ ফুৰা কথাবোৰ! 

সন্দিকৈ কলেজৰ সুন্দৰী সকলৰ লগত যেন এক অঘোষিত প্ৰতিযোগিতা! 

 

কাঢ়ি নিনিয়েতো কোনো সুন্দৰীয়ে, সেইদিনা অম্লান ছাৰৰ ক্লাছত, কীটছৰ কবিতা পঢ়োঁতে চকুৱে চকুৱে পৰা সেই ধুনীয়া চকুহালৰ কোমল চাৱনিটো। 

মনৰ ভিতৰত কৰবাত যেন অকণমান অস্থিৰতা! 

পিছে পিছমুহূৰ্তে পিন্ধি লয়বিউটি ৱিথ ব্ৰেইনৰ সেই ৰাজমুকুট নিজৰ শিৰত! 

কটন বয়জ, ..চি, জি. এম. চি ৰ পৰা অহা বয়ফ্ৰেণ্ডৰ পৰাঅলমষ্টবয়ফ্ৰেণ্ডলৈকে বিয়পি থকা এই বিশাল ৰেঞ্জটোৰ অন্তৰ্গত মানুহ বিলাকক পুৱাৰে পৰা কামাখ্যা ঠাকুৰৰ লগ হৈ পৰিষ্কাৰ কৰা দাইনিং হলটোত হাঁহি মুখেৰে আপ্যায়ন কৰিব পৰা, এই এটাই দিন। 

এই এটাই দিন, দিঘলী পুখুৰীৰ পাৰৰ পৰা পানবজাৰলৈ, প্ৰত্যেকটো বাট, প্ৰত্যেকটো কেঁকুৰীত ৰঙৰ পোহাৰ মেলাৰ। 

ফাগুনৰ বাঁ লগা মনবোৰ, মুকলি আকাশত কমোৱা তুলা হৈ উৰি ফুৰাৰ এই এটাই দিন, সৰস্বতী পূজাৰ। 

সেইবোৰ আছিলে মোবাইল নথকা দিনৰ কথা, না আছিল চেল্ফি, না আছিলে সুন্দৰী প্ৰতিযোগিতা। ডিজিটেল কেমেৰা নাছিল। আছিল সেই ৰিল থকা কেমেৰা। কোডাক! হিচাপৰ চয়ত্ৰিছখন ফটো। চিংগল, তুলিব নে গ্ৰুপ। ৰিল ভৰাইছে দুজনী মিলি। ভাগ বতৰা ভালকৈ কৰিব লাগিব, ফটোবোৰত দুইজনী থাকিব লাগিব সমানে, তেহে! আটাইতকৈ বিৰক্তিকৰ কামটো আছিলে ফটোবোৰ ডেভেলপ হৈ অহালৈ ৰৈ থকাটো। একদম নাযায় নোপোৱাই! কেতিয়াবা ফটোবোৰত লাইটৰ ইফাল, সিফাল হলে ফটোবোৰ জ্বলি গৈছিল। কেনেকুৱা যে হাৰ্ট ব্ৰেকিং মমেণ্ট আছিল সেইবোৰ, বুজিছা!” 

কটন হোষ্টেল এৰি অহাৰ সুদীৰ্ঘ পঁচিশ বছৰৰ পাছত, সৰস্বতী পূজাৰ দিনটোত সুস্মিতা আজি গুৱাহাটীত আছে। দহ বছৰীয়া জীয়েক আৰু গিৰিয়েকক এক প্ৰকাৰ জোৰ কৰিয়েই লৈ আহিছে তাই কটন হোষ্টেললৈ। এনেইতো ফটো দেখুৱাই তত নাপায়, আজি তাইৰ কথা যেন শেষেই নহব। ওহোঁ, ড্ৰাইভিং ছিটত বহি থকা তাইৰ জীৱন সঙ্গী ভাস্কৰ নহয়। ভাস্কৰ যে আজিকালি কত তাই খবৰয়েই নাপায়। ফেচবুকত বিচাৰি চোৱাৰ কোনো তাড়নাও তাই অনুভৱ নকৰে। তাই মানি লৈছে যে, কিছুমান সম্পৰ্কৰ হয়তো কোনো সুন্দৰ পৰিণতি নাথাকে। এম. চি. এ পঢ়িবলৈ আঁতৰি যোৱাৰ পাছত জটিল সাঁথৰত পৰিণত হোৱা ভাস্কৰৰ ব্যৱহাৰবোৰৰ কথা ভাবি ভাবি উজাগৰী নিশা কটাবলৈ বাদ দিছিল সুস্মিতাই। কিন্তু, আজিও যেন গাড়ী পাৰ্ক কৰি আৰ.কে.বি ৰ সমুখেদি খোজকাঢ়ি পাৰ হৈ যাওঁতে বুকুখন সামান্য কঁপি উঠে তাইৰ। 

ইমান সুন্দৰী ছোৱালী আমাৰ দিনত আছিল জানো!” হোষ্টেলৰ গেইটৰ মুখতে থমকি ৰয় তাই। প্ৰফেশ্যনল মেকআপ, অত্যাধুনিক সাজসজ্জাৰে সুন্দৰী সকলৰ ৰেম্প ৱাক কৰাৰ দৰেই লাস্যময়ী খোজ! 

কেইবাটাও চেনেলৰ ভেন পাৰ্ক কৰা গেইটৰ আগত। লাইভ সম্প্ৰচাৰিত হৈ আছে এই সকলোবোৰ জাকজমকতা।প্ৰজ্ঞা সুন্দৰী”, ”পূজা সুন্দৰীবিভিন্ন প্ৰতিযোগিতা চলি আছে হেনো। 

অচিনাকি মুখ বোৰৰ মাজেদিয়েই সুস্মিতা সোমাই গ, গেইট খনেদি ভিতৰলৈ। পদুম পুখুৰী সেই একেই আছে। ন ফুট বাই তিনি ফুটৰ এটা কংক্ৰিটৰে বন্ধোৱা গাঁতৰ অধিকাৰ পাবলৈ সেই কিমান কূটনীতি তেতিয়াৰ দিনত!  আজি যেন এই উৎসৱমুখৰ পৰিবেশত পদুম পুখুৰীটো তেনেই বেমানান! 

ইফালে সিফালে চাওঁতে ৰাম সিং কাইক দেখিলে তাই। দৌৰি গৈ চিনাকি দিয়াত তেওঁ চিনি পালে। ৰাম সিং কায়ে এতিয়াও সুৰক্ষা দিয়ে হোষ্টেলটোক। অভিভাৱকৰ দৰে আৱৰি ৰাখে হোষ্টেলটোক। ৰাম সিং কায়ে জনালে এতিয়াও আহে পুৰণি ছাত্ৰীবোৰ, বেছিভাগেই আহে সৰস্বতী পূজাৰ দিনা। আহি হেনো ভেবা লাগি চাই ৰয় হোষ্টেলটোক, নতুন ছোৱালীবোৰক, পদুম পুখুৰীক। 

গোঁফৰ তলত মিচিকিয়াই উঠে ৰাম সিং কায়ে। 

 দুজনী মৰম লগা ছোৱালী তাইৰ ওচৰলৈ আহি প্ৰসাদ লবলৈ মাতি যায়। স্মাৰ্ট যেন লগা লৰা কেইটামান ইফালে সিফালে দেখা গৈছে। দুটামানৰ ডিঙিত ওলমি ৰৈছে, ডি. এছ. এল. আৰ. কেমেৰা। 

মোক এনেকুৱা পজ এটাত ফটো এখন তুলি দে না, প্লিজ

মই আজি ফাৰ্ষ্ট চাদৰ মেখেলা পিন্ধিছোঁ ন’”

এই বেকগ্ৰাউণ্ডটো কিন্ত্ত আহিব লাগিব দেই। 

সুস্মিতাৰ কাণত পৰে সিহঁতৰ কথোপকথন। সকলো ফালে যেন প্ৰচেষ্টা মুহূৰ্তবোৰ ধৰি ৰখাৰ! সোঁৱৰণী বোৰ সাঁচি ৰখাৰ। 

হয়তো, এদিন তাইৰ দৰে সিহঁতেও সোঁৱৰণিৰ পাত লুটিয়াই কৈ উঠিবআসঃ কি সুন্দৰ আছিলে, আমাৰ সেই দিনবোৰ!” 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!