প্ৰাচীন ভাৰতৰ যোগাযোগ কলা

লেখক- বিদিশা মহন্ত

ভাৰতবৰ্ষৰ যোগাযোগৰ ইতিহাসলৈ চালে আমাৰ পোনপ্ৰথমেই মনত পৰে ভীমবেঠকাৰ গুহা চিত্ৰ সমূহলৈ। গুহা চিত্ৰ প্ৰাচীন কালৰ যোগাযোগৰ এক অন্যতম মাধ্যম আছিল। প্ৰত্নপ্ৰস্তৰ যুগ আৰু মধ্যপ্ৰস্তৰ যুগৰ মানৱৰ বাসভূমি এই ভীম বেঠকাৰ গুহা সমূহৰ দেৱালত অংকন কৰা চিত্ৰ সমূহে প্ৰায় ত্ৰিশ হাজাৰ বছৰীয়া পুৰণি যোগাযোগ কলাৰ বিষয়ে নিৰ্দেশ কৰে। এই গুহা চিত্ৰ সমূহে আদিম মানৱৰ নৃত্য আৰু চিকাৰৰ কাহিনী, বিনিময় প্ৰথা, তেওঁলোকে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ, তেওঁলোকে ভাগ লোৱা যুদ্ধ, মৃত পশু কঢ়িয়াই অনা মানুহ, গৰ্ভাৱতী নাৰী, মাতৃ আৰু শিশুৰ কাহিনী আমাৰ আগলৈ লৈ আহে। মধ্যযুগৰ অংকিত কিছুমান চিত্ৰত সেই সময়ৰ লোকৰ ধৰ্মীয় বিশ্বাস, তেওঁলোকৰ পূজ্য দেৱতা যক্ষ, বনদেৱতা, উৰন্ত ৰথ আদিৰ আভাস পোৱা যায়। শাক পাচলি, গছৰ গুটিৰ পৰা আৰম্ভ কৰি ৰঙীন খনিজাত পদাৰ্থৰে তেওঁলোকে চিত্ৰ সমূহত ৰং দিছিল। গুহাচিত্ৰৰ আন এটা উদাহৰণ হ’ল অজন্তা ইলোৰাৰ গুহাত অংকিত চিত্ৰ সমূহ। এই চিত্ৰ সমূহৰ কাল খীষ্ট পূৰ্ব দুই শতিকাৰ পৰা চাৰি পাঁচ শতিকালৈ বিস্তাৰিত। মূলতঃ বৌদ্ধধৰ্মৰ বিভিন্ন কলা কৃতি অংকিত এই গুহা সমূহ বৌদ্ধ ভিক্ষু, তীৰ্থ যাত্ৰী আৰু সদাগৰৰ জিৰণিস্থল আছিল। বিখ্যাত জাতকমালাক এই গুহা সমূহতে চিত্ৰৰূপত উপস্থাপন কৰা হৈছে। অজন্তা আৰু ইলোৰাৰ গুহা চিত্ৰই বৌদ্ধধৰ্মৰ দৰ্শন আৰু ধৰ্মীয় আচাৰ আচৰণৰ পৰিবৰ্তিত ৰূপটোও আঙুলিয়াই দিছে। সেয়ে এই চিত্ৰ সমূহ সাংস্কৃতিক যোগাযোগৰ এক মাধ্যম হৈ পৰিছে। যিকোনো গ্ৰন্থতকৈ ছবিয়ে সদায় বেছি কথা কয়। যোগাযোগৰ মাধ্যম হিচাপে প্ৰাচীন ভাৰতৰ এই গুহাচিত্ৰ সমূহৰ মূল্য অপৰিসীম।

প্ৰাচীন ভাৰতৰ যোগাযোগৰ আন এক মাধ্যম হ’ল সাধুকথা তথা মৌখিক পৰম্পৰা। আনকি বেদৰ আন এটা নাম আছিল শ্ৰুতি। কিয়নো প্ৰাচীন কালত কোনো লিখিত সাধন নথকা বাবে বেদৰ স্তোত্ৰ সমূহ কেৱল মৌখিক ভাবে আওৰাই মনত ৰখা হৈছিল আৰু সেই জ্ঞান আকৌ উপযুক্ত বুলি ভবা আন এজনলৈ প্ৰবাহিত কৰা হৈছিল। এক বিশাল সংখ্যক লোকৰ মাজলৈ যিকোনো এক পৰম্পৰা বা লোকাচাৰ অথবা বাৰ্তা মৌখিক পৰম্পৰাৰ মাজৰে প্ৰবাহিত হয়। এই ক্ষেত্ৰত আগভাগ লয় ভাট, ব’ৰাগী, বাউল আদি শ্ৰেণীৰ লোকে। তেওঁ‌লোকে গীত বা কবিতাৰ মাধ্যমেৰে জনপদৰ পৰা জনপদলৈ বাৰ্তা কঢ়িয়াই লৈ ফুৰে। আমাৰ প্ৰাচীন সাহিত্যৰ পাতে পাতে এই সকল লোকৰ উল্লেখ পোৱা যায়। আমাৰ ভাগৱতৰ নাৰদ মুনি এই শ্ৰেণীৰ ব্যক্তি। কৃষ্ণৰ গুণ গৰিমা ভাটৰ মুখত শুনিয়েই ৰুক্মিনী কৃষ্ণৰ প্ৰেমত পৰিছিল। আমাৰ অসমীয়া সাহিত্যতো বীন ব’ৰাগী কবিতাত বীণ ব’ৰাগীৰ উল্লেখ আছে।

লোককথাৰ জৰিয়তেও বাৰ্তা এখন ঠাইৰ পৰা আন এখন ঠাই, এখন সমাজৰ পৰা আন এখন সমাজলৈ বিয়পি যায়। সেয়ে তেজীমলা আৰু চিণ্ডাৰেলাৰ ইমান মিল। ৰাম্পেল ষ্টিল্ট স্কিন আৰু চালছিগা ভিকহু একে। আৰ কে নাৰায়নৰ আণ্ডাৰ দ্য বানিয়ান ট্ৰী নামৰ গল্পটোত সাধুকথাৰ জৰিয়তে গাৱৰ মানুহৰ সৈতে যোগাযোগ কৰা নাম্বি নামৰ মানুহ জনৰ কথা বৰ্ণিত হৈছে।

খ্ৰীষ্টপূৰ্ব সাত শতিকাত ভাৰতবৰ্ষই প্ৰথম আলোচনা সত্ৰ অনুষ্ঠিত কৰিছিল। মহৰ্ষি ভৰদ্বাজে সভাপতিত্ব কৰা এই আলোচনা সত্ৰ হিমালয়ত অনুষ্ঠিত হৈছিল। আৰু আলোচনাৰ বিষয় আছিল আয়ুৰ্বিজ্ঞান। চৰক সংহিতাত এই আলোচনা সত্ৰত উদ্ভাৱিত আৰু আলোচিত আয়ু বিজ্ঞানৰ বিভিন্ন দিশৰ খতিয়ান তথা অংশ গ্ৰহণকাৰীৰ সবিশেষ বৰ্ণিত হৈছে। এই আলোচনা সত্ৰকো আমি যোগাযোগৰ এক অন্যতম মাধ্যম বুলি ভাবিব পাৰোঁ।
প্ৰাচীন আৰু মধ্যযুগত যোগাযোগৰ আৰু এটা জনপ্ৰিয় পদ্ধতি আছিল দবা জাতীয় বাদ্য কোবাই জাননী দিয়া। এই পদ্ধতিটোৰ সহায়ত সৰহ সংখ্যক মানুহলৈ একেলগে বাৰ্তা পঠিয়াব পাৰি। অৰণ্যবাসী বহুলোকে সাংকেতিক শব্দ আৰু ধোৱা ব্যৱহাৰ কৰিও বাৰ্তা আদান প্ৰদান কৰিছিল।

বাৰ্তা বাহক হিচাপে মানুহ, পাৰ চৰাই, শেণ চৰাই আদিৰ ব্যৱহাৰ বহুল প্ৰচলিত। প্ৰাচীন ভাৰতীয় পৰম্পৰাত সেয়ে বাৰ্তাবাহী দূতৰ যথেষ্ট সন্মান আছিল। দূত অবধ্য। সেয়ে মহাভাৰতৰ শান্তি পৰ্বত শান্তিৰ প্ৰস্তাৱ লৈ যোৱা দূত ৰূপী কৃষ্ণক বন্দী কৰিব খোজা দূৰ্যোধন সকলোৰে গৰিহনাৰ পাত্ৰ হৈছিল।

গীত, নৃত্য আৰু অভিনয়ো যোগাযোগৰ এক অন্যতম মাধ্যম। লোক নাট্য আৰু পৰিৱেশ্য কলাৰ জৰিয়তে সৰহ সংখ্যক দৰ্শকক চুব পৰাকৈ প্ৰাচীন আৰু মধ্য যুগত নানা অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই প্ৰসংগত আমি অসমৰ ভাওনা, বংগৰ যাত্ৰা, পালা আদিৰ নাম ল’ব পাৰোঁ। লাহে লাহে মৌখিক পৰম্পৰাই লিখিত পৰম্পৰালৈ বাট কাটি দিলে আৰু তাৰ নিদৰ্শন হিচাপে আমি পাওঁ বিভিন্ন শিলা লিপি, তাম্ৰ লিপি, ভূৰ্জপত্ৰ, তালপত্ৰ, সাঁ‌চি পাতৰ পুথি।

ভাৰতীয় উপমহাদেশত খ্ৰীষ্টীয় সপ্তম শতিকাৰ মাজ ভাগৰ পৰা কাগজৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়। সপ্তম অষ্টম শতাব্দীত তীৰ্থযাত্ৰী চীনা বৌদ্ধ ভিক্ষু আৰু ভাৰতীয় বৌদ্ধ ভিক্ষু কাকলি আৰু চায়াই প্ৰথম কাগজ ব্যৱহাৰ কৰিছিল। খ্ৰীষ্টীয় ৬৪৪ চনত ভাৰতৰ পৰা ৫২০খন হাতেলিখা পুথি চীন দেশলৈ কঢ়িয়াই নিয়াৰ কথা য়ুৱান য়াঙৰ লেখনিত উল্লেখ আছে। অৱশ্যে এই সকলোবোৰ পুথি কাগজৰ নে অন্য পদাৰ্থৰ সেয়া তাত উল্লেখ নাই।
যি কি নহওক সেই সময়চোৱাটো কিন্তু তালপত্ৰ, সাঁচি-পাত আদিকে লেখনৰ উপযুক্ত মাধ্যম বুলি গণ্য কৰা হৈছিল। কাগজ বহুত প্ৰচলিত নাছিল। কাগজত লিখিত আটাইতকৈ পুৰণি গ্ৰন্থ শতপথ ব্ৰাহ্মণৰ এটা সংস্কৰণ (১০৮৯ চন) কাশ্মীৰত পোৱা গৈছে।

ৰাজস্থান আৰু গুজৰাটৰ জৈন মন্দিৰত পোৱা বৰ্তমান কালৰ সকলোতকৈ পুৰণি কিছু পুথি কাগজত লিখিত। সেই পুথি সমূহৰ কাল দ্বাদশ শতিকা বুলি ঠাৱৰ কৰা হৈছে।
লাহে লাহে প্ৰিণ্টিং প্ৰেচৰ আবিষ্কাৰ হ’ল আৰু ই মানুহৰ যোগাযোগ ব্যৱস্থাৰ বিকাশত এক অভূতপূৰ্ব পৰিবৰ্তন আনিলে। বাতৰি কাকত আৰম্ভ হ’ল। বেছ কিছু সময়লৈ বাতৰি কাকত আৰু আলোচনী যোগাযোগৰ এক অন্যতম গণমাধ্যম ৰূপে পৰিগণিত হৈ আছিল। ডাকঘৰ, টেলিগ্ৰাফ, ৰেডিঅ, টিভি আৰু টেলিফোন, কম্পিউটাৰ, মবাইল ফোন, সৰ্বশেষত স্মাৰ্ট ফোন আৰু ইণ্টাৰনেটে সমগ্ৰ যোগাযোগ ব্যৱস্থাতে এক বিপ্লৱৰ সৃষ্টি কৰিলে। যোগাযোগ মানুহে আবিষ্কাৰ কৰা এক অন্যতম কলা। প্ৰাগ ঐতিহাসিক যুগৰে পৰা এই কলাই বিভিন্ন ৰূপত বিভিন্ন সাঁচত পৰিবৰ্তিত হৈ আজিৰ ৰূপ পৰিগ্ৰহণ কৰিছে। এই ৰূপো বোধহয় স্থায়ী নহয়! অদুৰ ভৱিষ্যতে হয়তো আমি যোগাযোগৰ বহু নতুন নতুন ৰূপ দেখিবলৈ পাম।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!