ৰাজনৈতিক পৰিস্থিতি প্ৰতিফলিত দুটা সাম্প্ৰতিক গল্প

লেখক- দিগন্ত ওজা

সাহিত্য ৰাজনীতি বিবৰ্জিত হ’ব নোৱাৰে। জ্ঞানৰ শাখা-প্ৰশাখা নিৰন্তৰ বিস্তাৰিত হোৱাৰ পৰত, শ্ৰমৰ গুৰুত্ব বৃদ্ধিৰ বিপৰীতে শ্ৰমিকৰ অৱমূল্যায়নৰ যুগত, বিশ্বৰ প্ৰায় সৰ্বত্ৰ সমাজৰ বিভিন্ন গোষ্ঠী-শ্ৰেণীৰ আত্ম-উত্তৰণৰ প্ৰয়াসৰ কালত সাহিত্যত কোনো নহয় কোনো ধৰণে ৰাজনীতিৰ প্ৰৱেশ ঘটিবই। সাহিত্যিক যি সমাজৰ বাসিন্দা, সেই সমাজৰ সমস্যা বা সংকটক কেন্দ্ৰ কৰি তেওঁ নিৰ্বিকাৰ হৈ থাকিব কিদৰে? জঁ পল চত্-এ (Jean-Paul Sartre) একজিষ্টেন্সিয়েলিজম এণ্ড হিউমেনিজমত সোঁৱৰাই থৈ যোৱাৰ দৰে ‘এইটো’আৰু ‘সেইটো’ৰ নিৰ্বাচনৰ সময়ত একেলগে মন কৰিবলগীয়া দিশটো হ’ল নিৰ্বাচিত বিষয়টোৰ মূল্য নিশ্চিত কৰা, কাৰণ আমি জঘন্যটো বাচি ল’ব নোৱাৰোঁ, আৰু সমূহৰ বাবে ভাল এটাতকৈ আমাৰ বাবে আন কিবা এটা ভাল হ’ব নোৱাৰে। এই ভূমিকাই পঢ়ুৱৈৰ সৈতে লেখকৰো সংযোগ-স্থল। এইখিনিতেই লেখক-সাহিত্যিকে কিছু পৰিমাণে প্ৰজ্ঞাজীৱীৰ (intellectualৰ সততে ব্যৱহৃত অসমীয়া পৰিভাষা ‘বুদ্ধিজীৱী’তকৈ ‘প্ৰজ্ঞাজীৱী’গ্ৰহণ কৰাৰহে আমি পক্ষপাতী) ভূমিকাও পালন কৰিব লগীয়া হয়। সাহিত্যিক সেয়েহে ৰাজনৈতিকভাৱে সজাগ হ’বই লাগিব।

স্বাভাৱিকতে সমাজ ব্যৱস্থা যেতিয়া পূৰামাত্ৰাই ৰাজনীতি নিৰ্ভৰ, সেই ৰাজনীতিৰ চাপ কোনো নহয় কোনো ধৰণে সৃষ্টিশীল লেখকৰো ৰচনাত থাকিবই— সজাগ-সচেতনভাৱে তাক বৰ্জন কৰিব খোজাসকলহে এইক্ষেত্ৰত হ’ব ব্যতিক্ৰম। (এনেদৰে বৰ্জনৰ আঁৰতো সক্ৰিয় হৈ থাকে আন এক ৰাজনীতি, বা অধিক স্পষ্টকৈ ধূৰ্তামি। ) তাৰ মাজতো ৰাজনীতিয়ে মুখ্য স্থান লোৱা কোনো দিশ বা বিষয়ক লৈ সৃষ্টি কৰা সাহিত্যক সুকীয়াকৈ ৰাজনৈতিক সাহিত্য বুলি আখ্যায়িত কৰাৰ থল থাকে। অৱশ্যে ইতিমধ্যে উল্লেখ কৰাৰ দৰে ৰাজনীতিৰ প্ৰভাৱ যিহেতু প্ৰচলিত অভিধাৰে সৃজনীমূলক সাহিত্যত থাকিবই, সেয়েহে সৃজনীমূলক সাহিত্যক এনে শ্ৰেণী বিভাজন কৰাৰ যুক্তিযুক্ততাক লৈও প্ৰশ্ন উঠিব পাৰে। তথাপি এই অৰ্থতে অসমীয়া ভাষাত খুব প্ৰতুল নহ’লেও ৰাজনৈতিক সাহিত্যৰ এটা ধাৰা নথকা নহয়। যোৱা কিছু বছৰত এনে কিছু গল্প-উপন্যাস-কবিতাই এই সম্পৰ্কীয় অসমীয়া সাহিত্যৰ ক্ষীণ সুঁতিটোক জীপাল কৰাত ভূমিকা ল’ব ধৰিছে। আমি এইবোৰৰ মাজৰে অতি শেহতীয়াকৈ প্ৰকাশিত দুগৰাকী গল্পকাৰৰ দুটা গল্পৰ আলোচনা কৰিব খুজিছোঁ এইবাবেই যে লেখকৰ পৰ্যবেক্ষণ, দৰ্শন আৰু পৰিৱেশনে দুয়োটাকে বিশেষ ৰূপদান কৰিছে। গল্প দুটা ক্ৰমে সঞ্জীৱ পল ডেকাৰ ‘বৰমঝিলী’ আৰু অপু ভৰদ্বাজৰ ‘মাংস’। প্ৰথমটো প্ৰকাশ পাইছে ন-বছৰৰ পাছত প্ৰকাশিত ডেকাৰ দ্বিতীয়খন গল্প সংকলন বৰমঝিলীত (পাঞ্চজন্য, গুৱাহাটী, ছেপ্টেম্বৰ, ২০২০) আৰু দ্বিতীয়টো প্ৰকাশ পাইছে সাতসৰী আলোচনীৰ ২০২২ৰ জানুৱাৰী সংখ্যাত। দুয়োটা গল্পৰে বিষয় ভিন্ন, কিন্তু দুয়োটা বিষয়েই জোকাৰি আছে অসমৰ সমাজ।

সঞ্জীৱ_পল_ডেকাৰ ‘বৰমঝিলী’
গল্পকাৰ হিচাপে আত্মপ্ৰকাশৰ দিন ধৰি সঞ্জীৱ পল ডেকাৰ প্ৰতিটো গল্পৰেই অন্তৰালত ক্ৰিয়াশীল তেওঁৰ সমাজতাত্ত্বিক দৃষ্টিকোণ। আৰম্ভণিৰ গল্পত এই দৃষ্টিকোণৰ আধাৰ যদি জীৱন-অভিজ্ঞতাই গঢ় দিয়া মনন, পৰৱৰ্তীকালত তাত যোগ হৈছে সেই জীৱন-জিজ্ঞাসাজনিত অধ্যয়ন। অৱধাৰিতভাৱে তেওঁৰ গল্প হৈ উঠিছে উত্তৰণৰ গল্প। তেওঁক কিয় ‘বেৰ’ নাইবা ‘কাঁথিচেলেকা’ৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব পৰা নাযায়, তাৰ উদাহৰণস্বৰূপে বৰমঝিলী সংকলনৰ শীৰ্ষক গল্পটোৰ লগতে ‘নোকোৱা কাহিনী’লৈ আঙুলিয়াব পাৰি। অথচ অসমীয়া সাহিত্যত এটা সততে অনালোচিত প্ৰসংগৰ শক্তিশালী গল্প গোৱা সত্ত্বেও ‘নোকোৱা কাহিনী’ হেনো দুখনকৈ অগ্ৰণী আলোচনীৰ সম্পাদকে প্ৰত্যাখ্যান কৰিছিল! (আগকথা দ্ৰষ্টব্য) এই কথাই আমাৰ সাম্প্ৰতিক সাহিত্যৰ সম্পাদকসকলৰো বিচাৰৰ দৈন্যকেই প্ৰকট কৰে। এই গল্পটোৰ বিষয়ে পৰৱৰ্তীকালত আলোচনা কৰাৰ মন আছে। সম্প্ৰতি আলোচ্য পৰিসৰৰ ভিতৰুৱা ‘বৰমঝিলী’ৰ কথালৈ আহিব খুজিছোঁ।

স্বাধীনতাৰ ফেঁহুজালিৰে পৰা— দৰাচলতে বিদ্বৎ সমাজৰ এক অংশক তাৰো আগৰেপৰা উদ্বিগ্ন কৰি ৰখা অনুপ্ৰৱেশ আৰু প্ৰব্ৰজনৰ সমস্যাই অসমৰ সমাজ জীৱনক যিদৰে জোকাৰি গৈছে, তাৰ সমান্তৰালভাৱে দ্বিতীয় এটা সমস্যাক নিসন্দেহেই থিয় কৰিবপৰা নাযায়। বিগত শতিকাৰ অষ্টম দশকৰ শেষৰপৰা নৱম দশকৰ মাজভাগলৈ বিদেশী বিতাড়নৰ দাবীত মূৰ দাঙি উঠা আন্দোলনটোৰ পৰিণতিত হাজাৰ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হ’ল, ঘৰ-দুৱাৰেই নহয় বহু পৰিয়াল খাস্তাং হ’ল, গোষ্ঠী সংঘৰ্ষত জৰ্জৰ হ’ল ৰাজ্য—সামাজিক বান্ধোনো হ’ল জৰৌৰৱা। এই লৈ আন্দোলনৰ সময়ৰেপৰাই বিদ্বৎসমাজ যি শিৱিৰ-বিভক্ত হ’ল, সেয়া আজিও বৰ্তি আছে। এটা শিৱিৰে আনটো শিৱিৰক কৰা সমালোচনাই কেতিয়াবা মূল সমস্যাটোকেই ধূসৰিত কৰি তোলে, যেন অনুপ্ৰৱেশকেন্দ্ৰিক কোনো আৰ্থ-সামাজিক সংকট হোৱাই নাছিল! আন কেতিয়াবা সকলো গোষ্ঠী-সংঘৰ্ষৰ দায়-দায়িত্ব আকৌ জাপি দিয়া হয় অভিবাসীসকলকেই।

এনে এক ধূসৰিত পৰিৱেশতে বিদগ্ধ সমালোচক ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীৰ ভাষাত ‘পাতাল সন্ধানী গৱেষক’ সঞ্জীৱ পল ডেকাই কৰিছে সত্যৰ সন্ধান। তেওঁ বাছি লৈছে ‘জুয়ে পোৰা তিৰাশী’ৰ এক গণ-সংঘৰ্ষৰ থলি চাউলখোৱা চাপৰি। সেই চাউলখোৱা, য’ত ১৯৮৩ৰ ফেব্ৰুৱাৰিত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হৈছিল বহুজন। দি আছাম ট্ৰিবিউনৰ ১৮ ফেব্ৰুৱাৰি সংখ্যাৰ Indefinite Curfew at Mangaldoi শীৰ্ষক প্ৰধান বাতৰিত লিখা হৈছিল— Spreading arson and clashes took at least 22 more lives in the last 24 hours as Assam completed the second round of its blood splotched elections with less than moderate voter turn out, reports PTI. The worst clashes were repisted (reported) from Mangaldoi sub division where indefinite curfew… Nobody can say the actual extent of damage or loss of life. But according to unconfirmed report six persons were killed by the attackers who came from Chaulkhowa char and some other revirine areas of the river Brahmaputra…. পৰৱৰ্তী কেইদিনমানৰ কাকতত ধাৰাবাহিকভাৱে পৰিৱেশিত হৈছিল এই সংঘৰ্ষৰ বাতৰি। এই লৈ বিভিন্ন চৰ্চা ইতিমধ্যে হৈছে আৰু প্ৰকাশ পাইছে পাৰস্পৰিক দোষাৰোপৰ অনেক লেখা।

এই চাউলখুৱাই সঞ্জীৱ পল ডেকাৰ গল্পৰ ‘বৰমঝিলী’—ডাঙৰ মাজুলী। ‘তিৰাশী’ৰ তেজে ধোৱা চাপৰিৰ সেই ৰক্তাক্ত অধ্যায় উন্মোচন কৰিবলৈ গৈ ডেকাই গল্পটোত অৱতাৰণা কৰিছে এক বিশাল প্ৰেক্ষাপট, যাৰ আৰম্ভণি ১৯৭৩ চনৰ ডিচেম্বৰত, সমাপ্তি ২০১৯ চনৰ জানুৱাৰীত। পূৰ্ণকান্ত শৰ্মাই ‘ডাঙৰছলি’ আখ্যা দিয়া, চাপৰিত শৰ্মাৰ গাই-গৰু চোৱাচিতা কৰা চাদেক দেৱানীৰ পুত্ৰ ৰহিম আৰু শৰ্মাৰ সৰুপুত্ৰ কৰুণাৰ অপাৰ বন্ধুত্ব। বয়সৰ ব্যৱধান নেওচি ৰহিমৰ সৈতে চাপৰিত ঘূৰে, বিড়ি হুপে, অবাইচ মাত মাতে। শৰ্মাৰ ভৰলৈ ৰহিমহঁতৰ আহন-যাহন দেখি মৈমনসিঙীয়াৰ লগত কুৰ্মা বুলি কোনো-কোনোৱে ঠাট্টাও কৰে, তথাপি পূৰ্ণ শৰ্মাৰ অনুভৱ—একোতো অপকাৰ কৰা নাই ইহঁতে, বৰং তেওঁ উপকাৰহে পাই আছে ইহঁতৰপৰা। সেই কৰুণাৰ ককায়েক জগন্নাথ শৰ্মাই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লয়, আৰু এদিন বৰমঝিলীত (চাউলখোৱা) ৰহিমক কৰুণাই মাৰিবলৈ উদ্যত হওঁতে ৰহিম তথা তেওঁৰ লগত থকাসকলৰ হাতত কৰুণাৰ মৃত্যু হয়। প্ৰচলিত প্ৰবাদ অনুসৰি চাপৰিৰ পৰা পলাই অহাৰ পথত জাল মাৰি ‘মিঞা’ই কৰুণাক বধ কৰিছিল। এই গল্পত লেখকে উন্মোচিত কৰিছে প্ৰবাদৰ আঁৰৰ সত্য। এনে সত্য উন্মোচনৰ পথত উদ্ঘাটিত হৈছে বৰমঝিলীৰ অতীত— য’ত এটা সময়ত থলুৱা লোকৰেই আছিল আধিপত্য, কিদৰে ক্ৰমাৎ আহি বসতি কৰিবলৈ লৈছিল ‘মিঞা’সকলে, থলুৱাসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক। গল্পটোত বৰমঝিলীৰ বৰ্তমানেও ঠাই পাইছে। গল্পত চৰিত্ৰসমূহেই কৈ গৈছে সকলো কথা, আনকি পাছলৈ মন্ত্ৰী হোৱা কৰুণাৰ ককায়েক জগন্নাথ শৰ্মাই চাপৰিত মিঞা বহুওৱাৰ কথাও। বৰমঝিলী সংকলনটোৰ ‘আগকথা’ত ডেকাৰ এইষাৰ কথা গল্পটোৰ প্ৰসংগত গুৰুত্বপূৰ্ণ— “…অসম আন্দোলন সম্পৰ্কীয় এটি নিবন্ধ লিখিবলৈ অনুৰোধ কৰাৰ পিছত কিছুদিনৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু পিছলৈ চাউলখোৱাৰ গণহত্যা সম্পৰ্কীয় এখন ডকুমেণ্টৰী নিৰ্মাণ কৰিবলৈ যাওঁতেই ‘বৰমঝিলী’ৰ সূত্ৰপাত। পঢ়ুৱৈক জনাও যে গল্পটোত ব্যৱহৃত ৰহিম আলীৰ মুখৰ সংলাপকেইটা ভিডিঅ’ ক্লিপ চাই চাই অনুলিখন কৰি দিছোঁ।”

সেই সংলাপত চোক আৰু কাৰুণ্যৰ কি সমান্তৰাল—
“—কৰুণাৰ বন্দুকৰ গুলী ঢুকেইছিল। মই আছোঁ অলপ দূৰত। তাৰ পাছততো বন্দুকখান লৈ মোৰ মূৰত কোব দিবা খুত্ছি!
—আপোনাক? আশ্চৰ্যত তেওঁৰ চকু দুটা আৰু মাতটো ডাঙৰ হৈ গ’ল।
—মোক। –ৰহিম আলীয়ে শোকাকুল স্বৰেৰে ক’লে— এখন শেতেলীত থাক্ছু, এটা পাগত খাইছো! সি ৰান্ধছি, মই খাইছোঁ। সি যেতিয়া সেনেকে আহিল— মই ভাব্ছু, মইতো মৰবাই লাগ্বু। মোৰ হাততো হাথিয়াৰ নাই। আছেই হাতত ভাৰ কৰৱা বাংকা একপাট। সি যেতিয়া বন্দুক দাঙি লৈ আইছি— তেতিয়া মই দুইহাতযুৰি কোব এটা মাৰি দিলোঁ বাংকাপাটেদি। …”


‘বৰমঝিলী’ কেৱল গল্প হৈ ৰোৱা নাই, ই হৈ উঠিছে এক সত্যৰ প্ৰতিচ্ছবি। এই সত্য কেৱল জগন্নাথ শৰ্মাৰ ভাতৃৰ মৃত্যুৰ আঁৰৰ সত্য নহয়, ৰহিমে পেড়াত সুমুৱাই সাৱটি থকা পৰিয়াল-পৰিজনৰ মৃত্যুৰ প্ৰমাণ-পত্ৰৰ সত্য নহয়, তেনেবোৰ সত্যৰো আঁৰত থকা থলুৱা বিতাৰিত হ’বলগীয়া কাৰকবোৰৰ কথা, সামাজিক সন্তুলনলৈ অহা প্ৰত্যাহ্বানবোৰৰ কথা। এই সত্য কেৱল বৰমঝিলী বা দাঁতিকাষৰীয়া অঞ্চলৰ নহয়, সামগ্ৰিকভাৱে অসমৰ অনুপ্ৰৱেশজনিত সত্য। প্ৰতিটো ঘটনাৰে এটা আৰম্ভণি থাকে—‘বৰমঝিলী’য়ে পঢ়ুৱৈৰ ওচৰত তুলি ধৰে চাউলখোৱাৰ (আৰু তাৰ সূত্ৰ ধৰি বহুলাংশে অসমৰ অনুপ্ৰৱেশৰ) সূচনা-পৰ্বও। ইয়াত লেখকৰ অৱস্থান আন্দোলনকাৰীৰ বিবৃতিৰ পক্ষেও নহয়, বিৰোধী শিবিৰৰ প্ৰতিবেদনো তেওঁ গ্ৰহণ কৰা নাই— সেই চাপৰি নিজৰ পিতৃপুৰুষৰ বিচৰণথলী হোৱা সত্ত্বেও আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নত আবেগিক বহু ছবি লেখকৰ দুচকুত ভাঁহি উঠিলেও গল্পকাৰজনৰ অৱস্থান নিৰপেক্ষ গৱেষক বা বিচাৰকৰহে। গল্পটো পঢ়ি যাওঁতে সেয়ে মনলৈ আহে সাহিত্য আৰু নৈতিক নিৰ্বাচনৰ বিষয়ে ক’বলৈ গৈ দি ৰাইজ এণ্ড ডিক্লাইন অব ৱেষ্টাৰ্ণ লিবাৰেলিজমৰ লেখক এণ্টনী আৰ্ব্লাষ্টাৰে (জন হৰ্টন আৰু এণ্ড্ৰিয়া বাউমিষ্টাৰ সম্পাদিত আন এখন গ্ৰন্থ লিটাৰেচাৰ এণ্ড দি পলিটিকেল ইমাজিনেচনত) কৰা মন্তব্য— No rule, no general maxim, can be sufficiently precise and detailed to relieve us of the obligation and necessity of making our own moral choice in any particular situation. কাহিনী-কথনত নৈতিক অৱস্থানৰ প্ৰতি ডেকাৰ সজাগ-সচেতনতা, অথচ তাৰ মাজতো ঠায়ে ঠায়ে পঢ়ুৱৈক আন্দোলিত কৰিবপৰাকৈ বিদ্ৰূপাত্মক সুৰৰ প্ৰবাহ, সত্য-আধাৰিত গল্পৰ বক্তব্যৰ নিৰপেক্ষতা আৰু নিৰ্মিতিত দিয়া গুৰুত্বই ‘বৰমঝিলী’ক কৰি তুলিছে সাম্প্ৰতিক কালৰ এটা অতি শক্তিশালী ৰাজনৈতিক গল্প।

অপু_ভৰদ্বাজৰ ‘মাংস’
সম্ভৱতঃ কবিতাৰেই হৈছিল অপু ভৰদ্বাজৰ আত্মপ্ৰকাশ। কথাষাৰ এইবাবেই গুৰুত্বপূৰ্ণ যে তেওঁৰ বহু গল্পত অন্তৰ্লীন হৈ থাকে ভাৱৰ ছন্দময়তা। তদুপৰি আপাতদৃষ্টিত তেওঁৰ স্বকীয় গদ্যশৈলীয়ে গল্পৰ পাঠ সৰল কৰি তুলিলেও অন্তৰালৰ ভাষ্য বা গল্পকাৰৰ অৱস্থান হৃদয়ংগম কৰিবলৈ পঢ়ুৱৈয়ে কেতিয়াবা কচৰৎ কৰিবলগীয়া হয়। তেওঁৰ গল্পৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল গল্পত সাধন কৰিব খোজা ফেণ্টাছী আৰু ফিকচনৰ অন্বয়। এই অন্বয় ভৰদ্বাজৰ সজাগ প্ৰয়াস নহৈ তেওঁৰ মাজক সক্ৰিয় শৈশৱ-কৈশোৰৰ সৰল কল্পনা হোৱাৰো থল আছে। কাৰণ যিয়েই নহওক, তেওঁৰ গল্পৰ এই দিশটো সাম্প্ৰতিক অসমীয়া গল্পত সততে দেখা নাযায়। তেওঁৰ একেবাৰে শেহতীয়াকৈ প্ৰকাশিত গল্প ‘মাংস’ও ইয়াৰ ব্যতিক্ৰম নহয়। আনকি ‘মাংস’কো তেওঁ একেসময়তে উপস্থাপন কৰিছে বাস্তৱৰ সত্য হিচপেও, ৰূপক-ৰূপেও।
গল্পটোৰ আৰম্ভণিতেই ভৰদ্বাজে পঢ়ুৱৈক লৈ গৈছে আঢ়ৈ নিযুত বছৰৰ আগলৈ, এজাক নিয়েণ্ডাৰথেলৰ মাজলৈ। ভোকৰ তাড়নাত নিয়েণ্ডাৰথেলে মঙহৰ জুটি ল’লে। তাৰ পাছত এপিনৰ পৰা মাৰি গ’ল অৰণ্যৰ প্ৰাণীকুল। আৰু এদিন এজাক নিয়েণ্ডাৰথেলে খাবলৈ লওঁতে দেখিলে সিহঁতৰ জাকটোৰ এটা উধাও।

এই হেৰোৱা নিয়েণ্ডাৰথেলটোৱেই গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ। আঢ়ৈ নিযুত বছৰৰ পাছত সি আহি “ওলালহি ইয়াত। ইয়াত মানে একদম এইখিনিত।” আৰু ভোকত কলমটিয়াই সি সোমাল এখন পামত, য’ত এপিনে আছে গৰু, আনপিনে গাহৰি। — এইখিনিৰপৰাই আৰম্ভ হৈছে গল্পৰ আচল কাহিনী। নতুন এটা চৰিত্ৰৰ প্ৰৱেশ ঘটে, সেই চৰিত্ৰৰ মুখেৰে নিয়েণ্ডাৰথেলটোৱে জানিব পাৰে যে ধৰ্ম নোলোৱাকৈ মাংস খাব নোৱাৰি। গল্পটোত ঘটিছে কৌতুক-শ্লেষ-বিদ্ৰূপৰ সমাহাৰ। ধৰ্ম ল’বলৈ গৈ নিয়েণ্ডাৰথেলটো মুখামুখি হোৱা লটি-ঘটি, আলৈ-আহুকালৰ মাজেৰে গল্পকাৰে তুলি ধৰিব বিচাৰিছে দেশৰ সাম্প্ৰদায়িক মেৰুকৰণ। ভৰদ্বাজৰ স্বকীয় কথনশৈলীক বাদ দিও পঢ়ুৱৈক চুই যায় কৌতুকপূৰ্ণভাৱে উপস্থাপন কৰা বহু সংলাপে—

“—ধৰ্ম? মুছলমান হ’বি? আগেয়ে কি আছিলি? মৌলবীয়ে সুধিলে।
—আগেয়ে একো নাচিলোঁ। ভালেই চলি আছিল।”

সেইদৰে,
“—…যি মন যায় তাকে খা। কিন্তু মাংস খাবলৈ তোৰ ধৰ্মৰ অনুমোদন লাগিব।
—ঠিক আছে, পিছে ধৰ্মটো কি বস্তু মোক কওক।
—ধৰ্ম হ’ল ভুলে-শুদ্ধই এসোপা বাণী, কাৰোবাৰ মতে কাণী, মানিলে মানি, নামানিলে বেইমানী। এনেয়ে ফুলদানী, সময়ত দেওধনী।”

অৰ্থাৎ লেখকৰ নৈতিক অৱস্থানৰ ক্ষেত্ৰত ভৰদ্বাজৰ ভূমিকাও নিৰপেক্ষ। সামাজিক নেতিৰ প্ৰতি শ্লেষাত্মকভাৱে বক্তব্য উপস্থাপনত ভৰদ্বাজৰ সহজাত আৰু অনায়াসলব্ধ দক্ষতা এই গল্পতোত প্ৰতিফলিত হৈছে।
ইতিমধ্যেই উল্লেখ কৰা হৈছে, মাংস এই গল্পত একেলগে ৰূপক আৰু বাস্তৱৰ সত্য। ৰূপক, কাৰণ মঙহৰ আঁৰ-বেৰ লৈ চলা কাৰ্যকলাপৰ প্ৰতি গল্পকাৰৰ লক্ষ্য, আৰু বাস্তবৱ সত্য—মাংসক কেন্দ্ৰ কৰি ঘটিছে অনেক সংঘৰ্ষ। নিয়েণ্ডাৰথেলো ইয়াত ৰূপক, চৰিত্ৰটো নিয়েণ্ডাৰথেল নহৈ ভিন গ্ৰহৰ প্ৰাণীও হ’ব পাৰে, যাৰ বাবে এই সমাজ একেবাৰে আচহুৱা, য’ত “মাংস বৰ তত্ত্বগধূৰ বস্তু।” কিন্তু লেখকে নিয়েণ্ডাৰথেলক আনিছে আধুনিক মানৱ প্ৰজাতিৰ পিতৃপুৰুষৰ ৰূপক হিচাপে। সাম্প্ৰতিক পৰিস্থিতি এনে যে মানৱৰ বিৱৰ্তন শৃংখলৰ এই বিচ্যুত প্ৰজাতিয়ে (বাই প্ৰডাক্ট) আধুনিক মানৱৰ মগজুৰ ওচৰ চপা হোৱা সত্ত্বেও পেটৰ দায়ক লৈ এতিয়াৰ ৰাজনীতিত নাকনি-কাকনি খাব লাগিব। আধুনিক মানুহৰ ৰাজনীতিত ৰূপক হিচাপে পঢ়ুৱৈৰ ওচৰত হাজিৰ কৰোৱা হৈছে আৰু এটা চৰিত্ৰ— চুক ভেকুলী। এই চৰিত্ৰটোৱেই সহায়কৰ দৰে থিয় হৈ নিয়েণ্ডাৰথেলক দুৰ্গতিৰ অথাই সাগৰত পেলোৱাৰ মূল হৈ উঠে। চৰিত্ৰটোৰ নামাংকনো মন কৰিবলগীয়া। গল্পটোত ‘বুৰঞ্জীৰ শিল’-ও ৰূপক, যি মেলি ধৰিছে মাংসকেন্দ্ৰিক ইতিহাসৰ অনেক তথ্য।

গল্পটোৰ নিৰ্মিতিত ৰূপকৰ এনে সমাহাৰে এপিনে ‘মাংস’ৰ ৰহণ চৰাইছে, আনপিনে পঢ়ুৱৈৰ বাবে গল্পকাৰৰ বক্তব্যৰ সৈতে একাত্ম হোৱাত সহায়ক হৈছে। এই সজাগ নিৰ্মিতিয়ে লেখকৰ অৱস্থান স্থিৰ কৰাত সহায় কৰিছে। মাংসৰ ৰাজনীতিত গল্পকাৰ উদ্বিগ্ন, ঈশ্বৰ সন্দৰ্ভতো তেওঁৰ বিশ্বাস নাই। দুয়োটা বিষয়ক লৈ প্ৰবন্ধ-গ্ৰন্থ অনেক লিখা-মেলা হৈছে। কিন্তু ভৰদ্বাজৰ গল্পৰ ভাষাই পঢ়ুৱৈক বিদ্ধ কৰে। সেয়া নিয়েণ্ডাৰথেলটোৱে ধৰ্ম বিচাৰি দৌৰা-ঢপৰা কৰি গৈ দেউ আৰু মৌলবীৰ সৈতে কৰা আলাপৰ মাজেৰেই হওক বা বিদ্বানৰ সৈতে কৰা আলাপৰ মাজেৰেই হওক—
“—তেন্তে মোৰ বংশ কি?
—চা, তই যদি সঁচাই নিয়েণ্ডাৰথেল হৱ, তেন্তে আমাৰেই পূৰ্বপুৰুষ।
—মানে আপোনালোক মোৰ বংশধৰ? অথচ মোৰেই ধৰ্ম এটা নহ’ল, আপোনালোকৰ হ’ল। …”

আকৌ,
“…তহঁতৰ মাংসৰ গোন্ধ, আমি খোৱা মাংসৰ গোন্ধ বেলেগ। বহুত গোন্ধৰ মিশ্ৰণ থাকে আমি খোৱা মাংসবোৰত—গৰুৱেই হওক বা গাহৰিয়েই হওক, কাছই হওক বা হৰিণাই হওক।”
ইয়াত ‘গোন্ধ বেলেগ’ৰ কাৰণ নিয়েণ্ডাৰথেলে কেঁচা মাংস খোৱাৰ বাবে আৰু আধুনিক মানৱে সিজোৱা, মছলাযুক্ত মঙহ খোৱাৰ বাবেই নে? গল্পকাৰে কোৱা নাই। গল্পপাঠৰ মাজেৰে পঢ়ুৱৈয়ে বুজিব লাগিব ধূৰ্ত বিদ্বানজনে কোৱা এই গোন্ধৰ আঁৰত আছে মঙহত আৰোপিত ধৰ্ম আৰু বিধি-বিধানৰ প্ৰলেপ।

ভৰদ্বাজৰ অধ্যয়ন আৰু পৰিশ্ৰমৰ চিন ‘মাংস’ত স্পষ্ট। ইয়েই গল্পটোৰ একমাত্ৰ দুৰ্বল দিশ হৈ ৰ’ল যে অধ্যয়নৰ পথত প্ৰাপ্ত সমলৰ সমাহাৰ ঘটাওঁতে গল্পটোৰ পঠনীয়তা দুই-এঠাইত বিঘ্নিত হৈছে। গল্পকাৰে আৰু অলপ সময় দিলে অপু ভৰদ্বাজৰ ‘মাংস’ নিসন্দেহে হৈ উঠিব এই বিষয়ক, আৰু লগতে এই সময়ৰ এটা শক্তিশালী ৰাজনৈতিক গল্প।

(ভৰদ্বাজৰ গল্পত নিয়েণ্ডাৰথেলৰ প্ৰসংগত এটা কথা। নিয়েণ্ডাৰথেলৰ বিচৰণৰ মানচিত্ৰত যতদূৰ সম্ভৱ আফ্ৰিকা নাছিল। আফ্ৰিকাত Homo sapiens হে উদ্ভৱ হৈছিল। নিয়েণ্ডাৰথেলৰ বিচৰণক্ষেত্ৰ আছিল ইউৰেছিয়া। আন এক সূত্ৰমতে মানৱৰ আদিম প্ৰজাতিও আৰম্ভণিৰেপৰাই সৰ্বভক্ষী।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments