আখৰা

লেখক- বিদিশা শইকীয়া

পুহৰ মাজভাগৰে এটি আবেলি। বেলিটোয়ে লুকাও বুলি পথাৰখনৰ সিটো মূৰলৈ ঢাপলি মেলিছে। গাঁওখনত তেতিয়া মাঘৰ বছৰেকীয়া ভাওনাৰ আখৰা লাহে লাহে আৰম্ভ হৈছে। গধূলি হল বুলিলেই খোলতালৰ মাতে শীত খেদি গাওঁখন গৰম কৰি তোলে। পৰীক্ষা সামৰি আজৰি হোৱা লৰাহঁতক বিচাৰি মাকবোৰে আজিকালি হাবাথুৰি খাব নালাগে। ধান চপাই উদং হোৱা সমুখৰ পথাৰখনেই সিহঁতৰ ঠিকনা। আটাইবোৰ লগ খাই। লেচেৰী বুটলে, চেঁচু খান্দে, নৰা কাটি ক্ৰিকেটৰ পিটচ্ বনায়, খেলিবলৈ হাজাৰটা খেল বিচাৰি উলিয়ায়। আৰু আটাইবোৰৰ মাজত এতিয়া বৰকৈ জনপ্ৰিয় হৈ উঠিছে আন এটি খেল। ভাওনা। বছৰেকীয়া ভাওনাৰ আখৰাৰ সমান্তৰালকৈ সিহঁতে চলাই নিছে এইখনি ভাওনাৰো আখৰা। 

ভীম ভীম নকৰিবি ভীমৰ আগত

হাড়েমূৰে ভাঙি দিম গদাৰ কোবত। 

হাঃ হাঃ হাঃ। 

জেওৰা খুটি এটাৰ জোঙা মূৰটোত পূৰঠ নহওঁতেই সৰি পৰা ৰবাবটেঙা এটি গুজি বনাই লোৱা গদাটো একাষে কান্ধত লৈ বচন মাতি মাতি ৰণ্টুৰ প্ৰৱেশ। তাকে দেখি বায়েকৰ কলেজলৈ নিয়া বগা দীঘল চুৰণীখনৰ এটা‌ আগ স্কাৰ্টত খুচি আনটো আগ চাদৰৰ দৰে পিন্ধি, কপালত নয়নতৰা ফুল আৰু হাতত লেছেৰী এঠোক লৈ লক্ষ্মী দেৱী হৈ থকা আইমণিৰ টিঙিচকৈ খঙটো উঠিল। 

অই, তোক কিমান বাৰ কম এইখন ভাওনাত ভীম নাই বুলি। বেলেগ কিবা এটা হনা তই। 

 ৰণ্টুয়ে তাইৰ কথালৈ কাণসাৰ নিদি বচন‌ মাতি থাকিল। নাই, সি নুশুনে। সি ভীমৰ ভাওয়েই লব।  ভীমৰ ভাও কৰি গোটেই অঞ্চলটোতেই নাম কৰা বাপুদাই তাক কৈছে নহয়, “ভীমৰ চেহেৰাত উঠিছতই। ডাঙৰ হলে তয়েই কৰিব লাগিব। বৰ সহজ নহয় বুজিছ তই বচনবোৰ দুই এটা এতিয়াই মাতি থাকিবি।উমমম, হয়তো। সহজ কথা নি কিবা ইমান ডাঙৰ ভাও লোৱাটো। ৰণ্টুৰ মনত আছে যোৱাবাৰ ইন্দ্ৰদেৱৰ ভাও লোৱা অচিন্ত্যদায়ে যেতিয়া বচন পাহৰিছিল, গোটেই মানুহখনে কোৱাকুই কৰিছিল। 

 নাই নাই, মোৰ লগত এনেকুৱা হব নোৱাৰে দেই। মানুহৰ কথা বাদেই, কেনেবাকৈ বচন পাহৰিলে মাকে যে গোটেই ৰাস্তাটো পিটি পিটি ঘৰলৈ আনিব সেইয়া খাটাং। ৰাভা দিৱসৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত মঞ্চত গৈ কবিতাটো আধাতেই পাহৰোঁতে মাকে দিয়া কোবকেইটা তাৰ এতিয়াও মনত আছে। সেয়ে সি যেতিয়াই সময় পায়, বচনবোৰ আওৰাই চায়। খোলৰ চাপৰবোৰ মুখেৰে মাতি খোজকেইটা মিলাবৰ আখৰা কৰে।  

 আহে প্ৰিয়ে, তোহো কিছু চিন্তা নাহি কৰব্বি। মই তাক বুজায়া আছোঁ।  জনাই নজনাই বচনৰ দৰে সুৰ লগাই কথাকেইটা কৈ ৰণ্টুক বুজাবলৈ বুলি আগবাঢ়ি আহিল বিষ্ণুৰূপী মানৱ। পিন্ধনত এটা হালধীয়া হাফপেণ্ট, ডিঙিত এখন গামোচা, এহাতে এপাহি বনৰীয়া ফুল আৰু মূৰত মৰাৰ পাখিৰ সলনি আইমণিৰ ক্লিপ এটাৰে লগাই লোৱা কৃষ্ণচূড়াৰ এটি অকণমানি ডাল। সি হেনো জানে, ভগৱানে হালধীয়া পিন্ধে। সেইকাৰণে এই ভাওনাৰ আয়োজন হলেই সি এই হাফপেণ্টতো পিন্ধি আহে। প্ৰয়োজন হলে একেৰাহে কেইবাদিনো। কোনোবাদিনা মাকে লেতেৰা যেন‌ দেখি ধুই দিবলৈ ললে চোতালত বাগৰি কন্দাকটা কৰা অথবা আধা শুকাওতেই পিন্ধি ফুৰাতো মানৱৰ বাবে সাধাৰণ কথা। ভাওনাৰ খেলখনত সদায় বিষ্ণুৰ ভাও লোৱা বাবে আইমণিক যতেই দেখেআহে প্ৰিয়েবুলি সি চিঞৰি লৈহে কথা কয়। তাকেই দেখি কোনো কোনোৱে তাইক জোকায়। তাই লাজ কৰে। কেতিয়াবা খঙ কৰিও দেখুৱায়। পিছে তাক মানা কৰিবহে নোৱাৰে, মন নাযায়। 

 মানৱে ৰণ্টুক বুজাবৰ চেষ্টা কৰে। ওহো, সি নাচোৰবান্দা, নুশুনে। সিহঁতৰ কথাৰ কটাকটি বাঢ়ি গৈ কোনোবা এপাকত যুদ্ধৰ ৰূপ পায়। ভাওনাৰ যুদ্ধৰ ভংগিমাৰে এটাই আনটোৰ ফালে চোঁচা লয়। কথা বিষম দেখি লাহে লাহে আটাইবোৰ ওচৰ চাপি আহে। পেণ্টত নাৰিকলৰ পাত গুজি হনুমান, সুগ্ৰীৱ আৰু আন বান্দৰগণ হৈ ফুৰা কেইটাই মানৱক আঁতৰাই আনিবৰ চেষ্টা কৰে। আনফালে ডিঙিত লতা মেৰিয়াই হাতত শিৱৰাত্ৰিৰ মেলাত ওলোৱা বিশেষ ডম্বৰুধাৰী শিৱৰূপী নীলে ৰণ্টুক আঁতৰাই লৈ যায়। নীল ৰণ্টুৰ প্ৰিয়তম বন্ধু। সি তাৰ কথা নুশুনাকৈ নাথাকে। আইমণিকে ধৰি দেৱীসকলৰ ভাৱত থকা আটাইকেইজনী একেঠাইতে গৈ থূপ খায়। ভাওনাত দৈত্যৰ প্ৰৱেশত দেৱীসকলেত্ৰাহি মামধ্বনি দিলে ৰক্ষাৰ বাবে নামি অহা দেৱতাজনৰ দৰে সেইসময়তে আৱিৰ্ভাৱ হয় গৰু বিচাৰি অহা বাপুদাৰ।  দুজনীমানে লৰ মাৰি গৈ বাপুদাক মাতি আনে। 

 হো, তহঁতে ইয়াত খেলিবলৈ আহিছনে কাজিয়া কৰিব। ঘৰত লগাব লাগে। হালেই আঁতৰ হ 

 বাপুদাই দুয়োটাকে ধমক লগায়।  

 চাচোন বাপুদা, এইখন ভাওনাত ভীম নাইয়েই ই আকভীম হব আহিছে।মানৱে কৈ উঠে। 

 বাপুদা, তয়েইচোন কৈছিলি মোক ভীমৰ ভাওটোৰ আখৰা কৰিবলৈ। এতিয়া বেলেগে কিবা হৈ দিলে মই ভীমৰখিনি পাহৰি যাম।  ৰণ্টুয়ে ওলোটাই অভিযোগ দিয়ে। 

 ব। মনে মনে থাক দুয়োটা।বাপুদাৰ কথা‌ শেষ নৌহওঁতেই আইমণিয়ে মাত লগায়। 

বাপুদা, তয়েই কিবা সমাধান এটা আমাক দে। 

বাৰু শুন। তহঁতে কি ভাওনা কৰিছসেইয়া গুৰুত্বপূৰ্ণ নহয় বুজিছ তহঁত ভাওনাক লৈ যে আগ্ৰহী সেইটোহে মেইন। তহঁতৰ বয়সৰ এমখা লৰাছোৱালীয়ে এই ভাওনা, খোলমৃদংগ কি চিনিৱেই নাপাই বুইছ আনকি এনেকুৱা মুকলি পথাৰ এখনো সিহঁতৰ ভাগ্যত নাই। শৈশৱ হেৰুৱাইছে সিহঁতে। 

এটা হুমুনিয়াহ এৰি দি বাপুদাই আকৌ কবলৈ ধৰে, 

তহঁতে যাৰ যি ভাও ভাল লাগে, যাৰ যি কৰিবৰ মন গৈছে তাকেই কৰ। 

বাপুদাৰ আগৰ কথাখিনি সিহঁতে বৰ বুজি নাপায়। শেষৰ কথাষাৰ শুনি সিহঁত কিছু আচৰিত হয়। 

নীলে মাত‌ লগায়, “মানে, সুগ্ৰীৱ, ভীম, দৈত্য, বিষ্ণু সব একেলগে! “ 

উমম, সৱ একেলগে। ভালহে লাগিব। ব্যতিক্ৰম হব বুজিছ যা, সৌ আলিটোৰ পৰা তহঁত সবেই একেলগে প্ৰৱেশ কৰিবি। মই খোলৰ মাত দিম। যা। 

কিৰিলি পাৰি আটাইকেইটাই পথাৰৰ আলিটোলৈ লৰ মাৰে। মানৱেআহে প্ৰিয়েবুলি আইমণিক এখন হাতেৰে টানি লৈ যায়। অতপৰে মনে মনে থকা খুবেই চোকা বুলি পৰিচিত পলেও নিজৰ ঠাই লয়। সি শত্ৰুঘ্ন হব। এইবাৰৰৰাম বিজয়নাটখনৰ দেউতাকৰ বচনখিনি সি ইতিমধ্যেই মুখস্থ কৰি পেলাইছে।  

ৰেডী নে!” 

বাপু দায়ে চিঞৰ লগায়। 

ৰেডী, ৰেডী। 

আটাইয়ে কিৰিলি পাৰি উঠে। 

বাপুদায়ে খোলৰ মাত উলিওৱাৰ সমান্তৰালকৈ অকণ বৰবায়নৰ লৰা কিশোৰে চিঞৰি উঠে। 

হৰি 

ৰাম……. 

বাপুদায়ে এপাক সুৰ দি পদ গাই থকা, স্কুলত মডাৰ্ণ ডান্সত প্ৰথম পুৰস্কাৰ পোৱা কিশোৰৰ ফালে চায়। বায়নৰ ঘৰৰ‌ লৰা। সাঁচত উঠিছে। গৌৰৱত বাপুদাৰ বুকুখন ফুলি উঠে। কোনে কয় আমাৰ সংস্কৃতি সংকটত। ইহঁতে শৈশৱতে কৰা সংস্কৃতিৰ আখৰা ডাঙৰ হৈ জানো পাহৰিব পাৰিব! ওহো নোৱাৰে। ইহঁত এনেকুৱাই হব। উহ্ সুৰক্ষিত আমি। 

দুগুন উৎসাহেৰে তেওঁ মুখেৰে ঘাতবোৰ মাতে। পথাৰৰ গৰু নিবলৈ বুলি অহা ভোলাক বাপুদাই টিপতে কৈ পঠায়।মোৰ গৰুকেইটাও লৈ যাবি। আজি মোৰ অকন পলম হব। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments