অৰ্ধ নাৰী

লেখক- ৰঞ্জনা দত্ত

জুবেদাৰ যেতিয়া বিয়া হয় তাইৰ তেতিয়া পঁচিশ বছৰ বয়স। তাইৰ মাকদেউতাকৰ ১৭ বছৰতে তাইক বিয়া দিয়াৰ ইচ্ছা আছিল। কিন্তু মনৰ মতন কোনো সম্বন্ধ অহা নাছিল। যেতিয়াই তাইৰ বিয়াৰ কথা প্ৰায় ঠিক হয়, তেতিয়াই কিবা নহয় কিবা সমস্যা আহি পৰে। ফলত তাই ইমান দিন বিবাহপাশত আৱদ্ধ হব পৰা নাছিল। যেতিয়া জুবেদাই পঁচিশ বছৰত ভৰি দিলে তাইৰ দেউতাকে এজন অকলশৰীয়া ব্যক্তিৰ সতে তাইৰ বিয়াখন প্ৰায় ঠিক কৰি পেলালে।

জুবেদা আছিল মাকদেউতাকৰ একান্ত বাধ্য ছোৱালী। তাই নিজেই মাকদেউতাকৰ এই সিদ্ধান্ত মানি ললে বাবে বিয়াখনো সুকলমে হৈ গল আৰু জুবেদা পতিগৃহলৈ গুছি গল।

তাইৰ স্বামীৰ নাম আছিল ইলমুদ্দিন। খুব শান্ত আৰু সৎ প্ৰকৃতিৰ মানুহ, আৰু পতি হিচাপে কিদৰে প্ৰেম কৰিব লাগে সেইটো তেওঁ জানে। জুবেদাৰ সুখদুখৰ প্ৰতিটো খবৰ তেওঁ ৰাখে। প্ৰতি মাহেই জুবেদা এবাৰকৈ মাকদেউতাকৰ ওচৰলৈ যায়। এবাৰ যেতিয়া তাই মাকৰ ঘৰলৈ গল মূল দৰজাত ভৰিখন ৰাখিবলৈ নৌ পাওঁতেই তাই ঘৰৰ ভিতৰত কান্দোনৰ শব্দ শুনিবলৈ পালে। ঘৰৰ ভিতৰলৈ সোমাই গৈয়েই তাই গম পালে যে তাইৰ দেউতাকৰ হৃদৰোগত আক্ৰান্ত হৈ হঠাত মৃত্যু ঘটিছে। 

জুবেদাৰ মাক এতিয়া ঘৰত অকলেই থাকে। ঘৰত বনকৰা মানুহৰ বাদে আন কোনো নাছিল। সেইবাবে তাই স্বামীক কলে যদি তেওঁ অনুমতি দিয়ে তেতিয়া হলে নিজৰ মাকক তাই লৈ আনিব। ইলমুদ্দিনে জুবেদাক কলে, 

: ইয়াত অনুমতি লোৱাৰ কি কথা আছে? এইটো তোমাৰ নিজৰ ঘৰ, তোমাৰ মা মোৰো মা। ঘৰলৈ গৈ তেখেতক লৈ আনা। তেওঁৰ বস্তুবাহনি অনাৰ ব্যৱস্থা মই কৰি দিম।

জুবেদাই শুনি খুব সুখী হল। তাইৰ ঘৰটোও বেচ ডাঙৰ। দুই তিনিটা কোঠালী এনেয়ে খালি হৈ পৰি আছিল। তাই টাঙ্গাত গৈ মাকক লৈ আনিলে। 

এদিন তাইৰ মাকে তাইক কলে,

: মই ইয়ালৈ অহা দহ মাহৰ ওপৰ হলহি। এতিয়ালৈকে এটা পইচাও খৰচ হোৱা নাই। তোৰ দেউতাই দহ হাজাৰ টকা আৰু বহুত গহনা থৈ গৈছে।

জুবেদাই চৌকাত পাতল পাতলকৈ ৰুটি সেকি আছিল। তাই কলে 

: মা, তুমি কি কৈছা!

: মই সকলোখিনি ইলমুদ্দিনকেই দি দিলোঁহেঁতেন, কিন্তু কিয় নাজানো মোৰ ইচ্ছা হৈছে তোৰ লৰাছোৱালী এটা হলে তাকেই আশীৰ্বাদ হিচাপে সকলো দি দিম

জুবেদাৰ মাকৰ মনলৈ এটা কথাই বাৰে বাৰে আহি থাকিবলৈ ললে তাইৰ কিয় লৰাছোৱালী এটা হোৱা নাই। বিয়াৰতো প্ৰায় দুবছৰ পাৰ হৈ গল। কিন্তু এতিয়ালৈকে লৰাছোৱালী হোৱাৰ কোনো লক্ষণেই চকুত পৰা নাই।

জুবেদাৰ মাকে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গল। কত ধৰণৰ বড়ি কত ধৰণৰ ঔষধ তাইক খুৱালে। কিন্তু তথাপিও একো লাভ নহল। 

অৱশেষত জুবেদাক তেওঁ পীৰ ফকীৰবোৰৰ ওচৰলৈ লৈ গল। বহু ধৰণে শুশ্ৰূষা কৰিলে। বহুত তাবিজ পিন্ধালে। কিন্তু তেওঁৰ মনৰ আশা পূৰণ নহল।

এইবোৰ ইটো সিটো কৰি কৰি জুবেদাৰ এসময়ত এইবোৰৰ ওপৰত বিতৃষ্ণা জন্মিল। এদিন তাই ভীষণ বিৰক্ত হৈ মাকক কলে, 

: মা, এইবোৰ লৈ আৰু মূৰ নঘমাবা, ৰাছোৱালী নহলে নাই।

তাইৰ মাকে মুখ ভেঙুচাই কলে

: তই নাজান, এজনী ছোৱালীৰ কিয় সন্তান হোৱা দৰকাৰ। তোৰ মূৰটো কি বেয়া হৈ গৈছে? সন্তান এটা ঘৰলৈ আহিলে মানুহৰ জীৱন বাগিছা সুশোভিত হৈ পৰে। তেতিয়া

জুবেদাই চৌকাৰ পৰা উঠাই ফুলকা ৰুটি এখন বাচন এটাত ৰাখি কলে, 

: মা কেঁচুৱা যদি নহয় মই কি কৰিব পাৰোঁ? এইটো কি মোৰ অপৰাধ?

তাইৰ বৃদ্ধা মাকে কলে,

: এই দোষ কাৰো নহয়।কেৱল আল্লাৰ মেহেৰবাণীৰ প্ৰয়োজন।

জুবেদাই খোদাতাল্লাৰ কেৱল সেৱা যত্নই কৰা নাছিল। তেওঁৰ ওচৰত হাজাৰবাৰ প্ৰাৰ্থনাও কৰিছিল। খোদাই যেন কৃপা কৰি তাইৰ কোলাত সন্তান এটি দিয়ে। কিন্তু তাই কৰা ইমানবোৰ প্ৰাৰ্থনাৰ কোনো ফল নধৰিলে।

তাইৰ মাকে প্ৰতিদিনেই যেতিয়া তাইৰ সতে সন্তান জন্মৰ বিষয়ে কথা পাতে, তেতিয়া তাইৰ মনত ভাৱ হয় তাই যেন এখন অনুৰ্বৰ পথাৰ, যিখন পথাৰত কেতিয়াও কোনো গছগছনি অঙ্কুৰিত নহয়। ৰাতি জুবেদাই কিছুমান অদ্ভুত সপোন দেখে। প্ৰতিটো সপোনৰ দৃশ্যবোৰ অৰ্থহীন আৰু খেলিমেলি। ….কেতিয়াবা দেখে তাই কোনোজন মানৱহীন মৰুভূমিত অকলে থিয় হৈ আছে। তাইৰ কোলাত এটা হৃষ্টপুষ্ট শিশু। তাই সেই শিশুটোক এনেধৰণে শূণ্যলৈ দলি মাৰি দিলে যে শিশুটি আকাশৰ বুকুত কৰবাত হেৰাই গল।

কেতিয়াবা তাই সপোন দেখে, তাই এনেকুৱা এখন বিছনাত শুই আছে যিখন বিছনা কণ কণ শিশুৰ জীৱন্ত আৰু স্পন্দিত মাংসৰে তৈয়াৰ কৰা। এই ধৰণৰ সপোনবোৰ দেখি দেখি তাইৰ চিন্তা ভাৱনাৰ ভাৰসম্য হেৰুৱাই পেলালে। যেতিয়া তাই বহি থাকে সকলো সময়তে কেৱল তাইৰ কাণত সৰু লৰাছোৱালীৰ কান্দোনৰ মাত ভাঁহি থাকে। এদিন তাই মাকক সুধিলে

: কাৰ কেঁচুৱাই ইমান কান্দিছে মা?

তাইৰ মাকে কাণ থিয় কান্দোনৰ শব্দ শুনাৰ চেষ্টা কৰিলে। কিন্তু কোনো ধৰণৰ শব্দ শুনা নাপাই তাইক কলে 

: তা? কোনো কেঁচুৱাইতো কন্দা নাই।

: নাই মা কান্দিছে। কান্দি কান্দি লেবেজান হৈ গৈছে।

তাইৰ মাকে তাইক কলে, 

: হয় মই কাণেৰে কম শুনা হৈছোঁ আৰু নহলে তোৰ কাণত কিবা এটা হৈছে।

জুবেদাই আৰু একো কথা নবঢ়াই নিশ্চুপ হৈ পৰিল। কিন্তু বহুত সময় ধৰি কোনো নৱজাত শিশুৰ অবিৰাম কন্দাৰ শব্দ তাইৰ কাণত বাজি থাকিল। বহুসময়ত তাইৰ মনত ভাব হয় যেন তাইৰ বুকুৰ পৰা গাখীৰ টোপাটোপে পৰিছে। কিন্তু তাইৰ এই অনুভৱ তাই মাকৰ আগত ব্যক্ত নকৰিলে। যেতিয়া তাই নিজৰ শোৱা কোঠালৈ বিশ্ৰাম কৰিবলৈ গ, তাই ব্লাউজটো খুলি তাইৰ বুকুৰ ফালে চালে। তাই দেখিলে তাইৰ স্তন যুগল যেন গাখীৰেৰে টনটনাই আছে।

তাই সদায়েই শিশুৰ কান্দোনৰ শব্দ শুনে। কিন্তু তাই বুজিব পাৰিলে এইবোৰ তাইৰ মনৰ ভুল। সকলো সময়তেই তাইৰ মূৰত যেন হাতুৰীৰ কোব পৰে তাই ভাবি থাকে, কিয় তাইৰ লৰাছোৱালী হোৱা নাই!

তাই নিজকে ভীষণ অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। এই ধৰণৰ একাকিত্ব যিকোনো বিবাহিত মহিলাৰ জীৱনলৈ অহাটো একো অস্বাভাৱিক নহয়।

তাই আজিকালি সকলো সময়তে উদাস হৈ থাকে। চুবুৰীয়াৰ লৰাছোৱালীবোৰে হুলস্থূল কৰিলে তাইৰ কাণখন যেন ফাটি পৰে। ইচ্ছা হয় বাহিৰলৈ গৈ সিহঁতৰ যেন ডিঙি চেপি মাৰি পেলাব। কিন্তু তাইৰ পতি ইলমুদ্দিনৰ সন্তানৰ বাবে কোনো চিন্তা ভাৱনা নাছিল। তেওঁৰ কাপোৰৰ ব্যৱসায় দিনক দিনে ৰমৰমীয়া হৈ পৰিছিল। তেওঁৰ মাহিলী আয় আগতকৈ দুগুণ হৈ পৰিছিল। তেওঁৰ এই দুগুণ আয় বৃদ্ধিয়ে জুবেদাৰ মনলৈ একো স্ফূৰ্তিৰ ভাৱ আনিব পৰা নাছিল। তাইৰ স্বামীয়ে তাইৰ হাতত টকাৰ বাণ্ডিল দিলে তাই সেই টকাখিনি মোনাত ভৰাই গুন গুণকৈ নিচুকনি গীত গাই, তাৰপিছত কোনো কাল্পনিক দোলনাত টকাখিনি ৰাখি দোলাই থাকে।

এদিন ইলমুদ্দিনে দেখিলে তেওঁ পত্নীক যিখিনি টকা ৰাখিবলৈ দিছিল সেইখিনি গাখীৰ গৰম কৰা বাচনটোৰ মাজত ভৰাই থোৱা আছে। তেওঁ আচৰিত হ, টকাখিনি গাখীৰৰ বাচনটোৰ মাজত কোনে ভৰালে? তেওঁ জুবেদাক সুধিলে

: এই টকাখিনি চচপেনৰ মাজত কোনে ভৰালে?

জুবেদাই উত্তৰ দিলে

 : বাবাটো খুব দুষ্ট হৈছে। এই বদমাছি সিয়েই কৰিছে হবলা।

ইলমুদ্দিন আচৰিত হল। তেওঁ কলে 

: ইয়াত বাচ্চা তাচ্চা কতনো দেখা পালা?

জুবেদা তাইৰ স্বামীতকৈ আৰু বেচি আচৰিত হ, 

: আমাৰ ঘৰত কি বাচ্চা নাই? তুমি এইবোৰ কি কথা কৈছা? বাবাটো এইমাত্ৰ স্কুলৰ পৰা আহিব। সি আহিলেই সুধিম এই দুষ্টামি কোনে কৰিছে?

ইলমুদ্দিনে গম পালে যে তেওঁৰ ঘৈণীয়েকৰ মূৰৰ গোলমাল হৈছে।তেওঁৰ মনে মনে খুব বেয়া লাগিল। কিন্ত কিদৰে তাইৰ চিকিৎসা কৰিব তাকো ভাবি নেপালে। তেওঁ বন্ধুবান্ধবৰ সতে পৰামৰ্শ কৰিলে। কোনোৱে উপদেশ দিলে পত্নীক পগলা ফাটেকলৈ পঠাবৰ বাবে। কিন্তু এই পৰামৰ্শ তেওঁৰ বাবে হৃদয়হীন যেন ভাৱ হল। তেওঁ দোকানলৈ অহাযোৱা কৰা বন্ধ কৰিলে। সকলো সময় ঘৰতে থাকি জুবেদাৰ চোৱা চিতা কৰাত লাগিল যাতে তাই কোনো ভয়ঙ্কৰ কাণ্ড ঘটাব নোৱাৰে।

ইলমুদ্দিন সকলো সময়তে ঘৰত থকাৰ ফলত জুবেদাৰ অৱস্থাৰ কিছু উন্নত হল। কিন্তু ব্যৱসায় কোনে চলাইছে ভাবি তাইৰ ভীষণ চিন্তা হবলৈ ধৰিলে। তাই নিজৰ স্বামীক কেইবাবাৰো সুধিলে

 : তুমি দোকানলৈ যোৱা নাই কিয়?

ইলমুদ্দিনে খুব মৰমেৰে জুবেদাক কলে,

: কাম কৰি কৰি ভাগৰি পৰিছোঁ, সেইবাবে কেইদিনমান আৰাম কৰিছোঁ।

: কিন্তু দোকানৰ ভাৰ যাৰ ওপৰত দিছা তেওঁ বিশ্বাসীনে?

: অ খুব বিশ্বাসী। প্ৰতিটো পইচাৰ হিচাপ দিয়ে। তুমি একো চিন্তা নকৰিবা।

জুবেদাই বেচ চিন্তিত স্বৰেৰে কলে,

: মই চিন্তা নকৰিম কিয়? সন্তানৰ মাক মই, নিজৰ বাবে কোনো চিন্তা নকৰো, কিন্তু সন্তানৰ বাবেতো চিন্তা হবই….যদি তোমাৰ কৰ্মচাৰীজনে টকা নিদি পলাই যায় তেতিয়া বাবাটোৰ কি

ইলমুদ্দিনৰ চকুদুটা চলচলীয়া হৈ উঠিল। 

: জুবেদা তাৰ কথা নাভাবিবা। তাৰ ৰক্ষাকৰ্তা স্বয়ং আল্লা। মোৰ কৰ্মচাৰীজনো খুব বিশ্বাসী।

: মোৰ কিয় চিন্তা নহসন্তানৰ বাবে মাকে চিন্তা নকৰিলে আৰু কোনে কৰিব?

ইলমুদ্দিনৰ খুব চিন্তা হ, তেওঁ কি কৰিব বুজিব পৰা নাছিল। ….

জুবেদাই পুৰা দিনটো তাইৰ কল্পনাৰ সন্তানটোৰ বাবে কাপোৰকানি চিলাই কৰে, চুৱেটাৰ গোঠে। বহুবাৰ তাই নিজৰ পতিৰ হতুৱাই বিভিন্ন জোখৰ বহুতো চেণ্ডেল কিনাই আনিছে। প্ৰতিমাহে এবাৰ হলেও তাই নিজেই সেই চেণ্ডেলবোৰ পালিছ কৰে। ইলমুদ্দিনে তাইৰ সকলো কাম চাই থাকে। তেওঁৰ হৃদয়খন কান্দোনত ভাঙি পৰে। তেওঁ মনে মনে ভাবে, তেওঁ নিজে যি পাপ কৰিছে এতিয়া সেই পাপৰ প্ৰায়শ্চিত্ত কৰিছে। কিন্তু কি সেই পাপ? তেওঁ নিজেই সেই পাপৰ কথা ভাবি উলিয়াব নোৱাৰে। এদিন ইলমুদ্দিনৰ এজন বন্ধুৰ সতে দেখা হল। তেওঁক খুব চিন্তিত যেন লাগিছিল। তেওঁৰ সেই উদ্বিগ্নতাৰ কাৰণ জানিবলৈ বিচৰাত তেওঁ কলে যে এজনী ছোৱালীৰ সতে তেওঁৰ প্ৰেম আছে। ছোৱালীজনী মাক হবলৈ ওলাইছে। গৰ্ভপাতৰ সকলো ব্যৱস্থা কৰা হৈ গৈছে। কিন্তু এতিয়াও কৰা হোৱা নাই। ইলমুদ্দিনে তেওঁক কলে

: গৰ্ভপাত নকৰিবি, কেঁচুৱাটোৰ জন্ম হবলৈ দে।

তেওঁৰ বন্ধুজনে কলে, যিটো কেঁচুৱাৰ জন্ম হব তাৰ প্ৰতি তেওঁলোকৰ কোনো মৰম নাই। 

: কেঁচুৱাটো লৈ মই কি কৰিম?

: কেঁচুৱাটো মোক দি দিবি।

কেঁচুৱাটো জন্ম হবলৈ আৰু কিছুদিন বাকী আছিল। সেই সময়খিনি ইলমুদ্দিনে কামত লগালে। তওঁ জুবেদাৰ মনত বিশ্বাস জগাবলৈ সক্ষম হল যে তাই গৰ্ভৱতী। দুমাহমানৰ ভিতৰতে তাইৰ কেঁচুৱা জন্ম হব। 

তেওঁৰ বন্ধুৰ প্ৰেমিকাৰ এটা পুত্ৰ সন্তান জন্ম হল। জুবেদা যেতিয়া শুই আছিল ইলমুদ্দিনে তাইৰ কাষত কেঁচুৱাটো শুৱাই দিলে। তাৰ পিছত জুবেদাক জগাই দি কলে

: জুবেদা, কিমান দেৰি এনেকৈ বেহুছ হৈ পৰি থাকিবা, এইটো চোৱা, তোমাৰ বুকুৰ কাষত কোন শুই আছে?

জুবেদাই তাইৰ কাষত এটা সুন্দৰ শিশু দেখিলে। কেঁচুৱাটোৱে হাত ভৰি জোকাৰি আছিল। জুবেদাৰ খুব ভাল লাগিল।

: এই কেঁচুৱাটো কেতিয়া হ?

ইলমুদ্দিনে কলে: ৰাতিপুৱা সাত বজাত।

: বাঃ, মই গমেই পোৱা নাছিলোঁ। মই চাগে প্ৰসৱ বেদনাত অজ্ঞান হৈ পৰিছিলোঁ।

পিছদিনা ইলমুদ্দিনে দোকানলৈ যোৱাৰ আগতে জুবেদাক চাবলৈ গল। দেখিলে তেওঁৰ স্ত্ৰীৰ গোটেই গাতে তেজ। তাইৰ হাতত এখন চোকা চুৰি। চুৰিখন লৈ তাই নিজৰ স্তনটো কাটিছে। ইলমুদ্দিনে তাইৰ হাতৰ পৰা একে আজোৰে চুৰিখন কাঢ়ি আনিলে। 

: এয়া কি কৰিছা?

জুবেদাই তাইৰ কাষত শুই থকা কেঁচুৱাটোৰ ফালে চাই কলে

: ই গোটেই ৰাতি কান্দিছে। মোৰ স্তনৰ পৰা গাখীৰ ওলোৱা নাই। সেইকাৰণে…..

ইয়াতকৈ তাই আৰু এটা শব্দও বেচিকৈ কব নোৱাৰিলে। তেজত ডুবি থকা এটা আঙুলি তাই কেঁচুৱাটোৰ মুখত দিলে আৰু চিৰদিনৰ বাবে এই সংসাৰ ত্যাগ কৰি গুছি গল। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments