বিদেশত অসমীয়া ভাষাত সাহিত্য-চৰ্চা

লেখক- ডা: ভূপেন শইকীয়া

পাতনি: ডাঃ ভূপেন শইকীয়া ছাৰক চিনি নোপোৱা মানুহ হয়তো খুব কমেই ওলাব৷ ‘অসমীয়াত কথা বতৰা গোট’ৰ জৰিয়তে চিনাকি হোৱা শইকীয়া ছাৰৰ সৈতে মোৰ বন্ধুত্ব আছিল বহু পুৰণি৷ তেখেত কাটাৰত থকা দিনেতে প্ৰকাশ কৰা আলোচনীখনত মোৰ লেখা এটা প্ৰকাশ কৰিছিল। তেখেতৰ স্মৃতিত সেইখন এতিয়াও আলফুলে সাঁচি ৰাখিছোঁ মোৰ বুকুৰ মাজত৷ তেখেত যদি আজি আমাৰ মাজত থাকিলহেতেন, লেখা এটাৰ বাবে তেখেতকো অনুৰোধ কৰিলোঁহেতেন৷ সেয়ে, তেখেতৰ সোঁৱৰণিত তেখেতৰেই এটি পুৰণি লেখা পুনৰ প্ৰকাশ কৰিবৰ বাবে আমাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস৷

ইতি,

মনোজ মন কলিতা

সম্পাদক, সাহিত্য ডট অৰ্গ, মাৰ্চ-২০২২

বিদেশত অসমীয়া ভাষাত সাহিত্য-চৰ্চা

বিষয়টোৰ পৰিসৰ বৰ বৃহৎ৷ এনে এটা বিষয় আলোচনা কৰাৰ প্ৰয়াস কৰা মানেই হৈছে ‘হাতী মাৰি ভুৰুকাত ভৰোঁৱা’ৰ দৰে এক কথা৷ গোটেই বিশ্বৰ সৰু বৰ প্ৰতিখন দেশতেই কম-বেছি পৰিমানে হ’লেও অসমীয়া লোকৰ বসতি আছেই৷ ইয়াৰ প্ৰমাণ পোৱা গৈছিল নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিশ্বৰ চুকে-কোণে উঠা অসমীয়া ৰাইজৰ উত্তাল প্ৰতিবাদৰ সময়ত৷

‘অসমীয়া’ কেৱল এটা ভাষা নহয়৷ অসমীয়াত্ব হ’ল এটা সত্বা৷ কৃষ্টি-সংস্কৃতিৰ সৈতে একাত্ম হৈ থকা এটি জাতি সত্বাৰ ই এক পৰিচয়৷ গতিকে, অসমীয়া ভাষাৰ চৰ্চাৰ কথা আলোচনা কৰোঁতে অসমীয়া সংস্কৃতিৰ কথা কোনোপধ্যেই বাদ পৰি যাব নোৱাৰে৷ ধৰ্ম আৰু ক্ষুদ্ৰ জাতি সত্বাৰ উৰ্ধত হ’ল অসমীয়া জাতিৰ পৰিচয়৷ সেয়ে, পৃথিবীৰ য’তেই নাথাকক কিয় এমুঠি অসমীয়া, তেওঁলোকে ভাষা আৰু সংস্কৃতিৰ চৰ্চা কৰিবই৷

সুদূৰ আমেৰিকা,অষ্ট্ৰেলিয়া আৰু মধ্য প্ৰাচ্যৰ প্ৰবাসী অসমীয়াসকলেও অসমীয়াৰ জাতীয় উৎসৱ মাঘ বিহু আৰু ৰঙালী বিহু উদযাপন কৰাৰ বিষয়ে অসমৰ লোকসকল প্ৰায়ে অসমৰ বাতৰি কাকত আৰু টেলিভিছনৰ মাধ্যমেৰে অৱগত হৈ থাকে৷ ইয়াৰ লগত যোগ হৈছিল কাটাৰৰ ‘অসম সমাজ’য়ে পতা ঈদ সন্মিলনী আৰু বিষ্ণু ৰাভা দিৱস৷ প্ৰায়বিলাক প্ৰবাসী অসম চ’ছাইটিয়েই এনে উপলক্ষবিলাকত কবিতা আবৃত্তি আৰু প্ৰবন্ধ আদিৰে সাহিত্য চৰ্চা কৰাৰ উপৰিও বাৰ্ষিক বা দ্বি-তৃমাহিক আলোচনী বা স্মৃতিগ্ৰন্থ একোখন প্ৰকাশিত কৰে য’ত সেই দেশৰ ওপৰিও আন প্ৰবাসী অসমীয়াসকলৰো মানবিশিষ্ট লেখাসমূহে স্থান পায়৷ ইয়াৰ উদাহৰণ হৈছে অষ্ট্ৰেলিয়াৰ পৰা প্ৰকাশিত ‘এনাজৰী’, ‘পছোৱা’, কুৱেইটৰ পৰা প্ৰকাশিত ‘জেতুকা’, কাটাৰৰ পৰা প্ৰকাশিত ‘নেদেখা সোণালী সূতাৰে বন্ধা’ ইত্যাদি ৷ কাটাৰত কৰ্মৰত থাকোঁতে ডুবাই, বাহৰেইন আদি দেশৰ অসমীয়া সমাজৰ পৰা তেওঁলোকৰ চ’ভেনিয়াৰসমূহত প্ৰকাশ কৰিবলৈ লিখনিৰ বাবে বহুতো অনুৰোধ পাইছিলোঁ৷ তদানুৰূপ অনুৰোধ পাইছিলোঁ মুম্বাই আৰু বাংগালোৰৰ অসম এচচিয়েচনৰ পৰা৷

আমেৰিকাত সুখ্যাতি অৰ্জা ড০ দিলীপ দত্ত, ড০ লোহিত দত্ত বৰুৱা আদিৰ অসমীয়া ৰচনাৱলীৰ সৈতে অসমৰ বহুজনেই নিশ্চয় অৱগত৷ আকৌ অলপতে অকাল বিয়োগ ঘটা ডাক্তৰ কৰুণা সাগৰ দাসে সুদূৰ ইংলণ্ডৰ পৰাই দুটা দশক ধৰি প্ৰতি বছৰে প্ৰকাশ কৰি গ’ল – ‘লুইতৰ পৰা টেমচলৈ’ নামৰ এখনি অতি তথ্যগধুৰ দ্বিভাষিক আলোচনী৷ এই অভাজনেও প্ৰবাসত থকা কালত ৰচনা কৰিলে- ‘কাটাৰৰ ডায়েৰী’, ‘মনৰ প্ৰতিবিম্ব’, ‘চিনাকি পাচলিৰ অচিনাকি গুণ’, ‘স্বাস্থ্য কথা’, ‘নানান দেশ : নানান অভিজ্ঞতা’ আৰু ‘জীৱন- এক বৰ্ণিল যাত্ৰা’ আদি গ্ৰন্থ৷

মোখনিত এটা কথাই ক’ম- যেতিয়ালৈ বিশ্বৰ কোনোবা নহয় কোনোবা কোণত এমুঠি হ’লেও স্বাভিমানী অসমীয়া জীয়াই থাকিব, অসমীয়া ভাষাটোৰ মৰণ নাই৷ ৰক্তবীজৰ দৰেই তাতো প্ৰাণ পাই উঠিব- অসমৰ সুৱদি মাতষাৰ!

এই চমু ৰচনাক পাঠকে সমুদ্ৰত দৃষ্টমান বৰফৰ ওপৰৰ আশিংক টুকুৰা বুলি গণ্য কৰে যেন যাৰ বহুলাংশই পানীৰ তলত অদৃশ্য হৈ থাকিল৷

হে’ বিশ্বৰ চুকে-কোণে কৰ্মৰত প্ৰবাসী অসমীয়া লোকসকল – আমি আপোনালোকক লৈ সদায় গৌৰৱান্বিত৷ আপোনাসবৰ অসমীয়া সাহিত্য চৰ্চাৰ বিষয়ে যদি আমাক ই-মেইল যোগে অৱগত কৰে, পৰবৰ্তী সংখ্যাত সেই বিষয়ে আমি ৰাইজক অৱগত কৰিব পাৰিম৷”

* এই লেখাটো আজিৰ (৬মে ২০২১) ‘অসমীয়া খবৰ’ কাকতৰ ‘বিদেশত আপোনজন’ শিতানত প্ৰকাশিত হৈছে৷

ডা: ভূপেন শইকীয়া, গুৱাহাটীৰ পৰা, তাৰিখ- ৬ মে ২০২১

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!