গল্প নহয়, সত্য (-আব্দুছ ছাজিদ)

(১)

মাৰ্বল খেলৰ কথা, মাৰ্বল খেলৰ ভাষা…

_________________________

: ঘৰ খেলিবিনে বাকচ?

: সঁচাসঁচি খেলিবিনে মিছামিছি?

: দুই দুই খেলিম, খেলিবি?

: গুৰগুৰা মাৰিবিনে তক্কচ?

: মাইকী পাইছ নেকি? তক্কচ মাৰিম৷

: দে, ভালকৈ উৰ্দু পাত৷

: তোৰ ডাগিলটো চাওঁ?

: কি ভ’মপ্লাক অ’!

: কালি দুদুলৰ পৰা লৈছোঁ, পাঁচটা গুটি দি৷

: গাত নহয়, টিকনিত মাৰ না৷

: ষ্ট্ৰেইট দে৷

: ন’ ষ্ট্ৰেইট, ন’ চাফচুফ৷ আগতেই ক’লোঁ৷

: থাপিবি নেকি?

: উৰাই দিলোঁ৷

: এইটো নচলে দেই, বেলেগ গুটি দে৷

মাৰ্বল খেলৰ ভাষা!

চাৰিআলিত হৰেণদাৰ দোকানৰ আগৰ জৰীজোপাৰ তলত, ৰাস্তাৰ দাঁতিৰ সুচল ঠাইত, ৰবিহঁতৰ ঘৰৰ পানী-পতাত, ঠাকুৰনাথহঁতৰ চোতালত, সকলোতে জুম পাতি কেৱল মাৰ্বল৷ আমি ‘মাৰ্বল’ কওঁ৷ বহুতে ‘বিৰিং গুটি’ বোলে৷ তক্কচটো বহুতে টোপা নে টোপ্পা বুলিও কয়৷ গুৰগুৰাটোক চোঁচৰাই মৰা বুলিছিল চাগৈ৷

জিকি অনা মাৰ্বলবোৰ গোটাওঁ৷ বিছনাৰ ওপৰত দুই ভায়ে দুমূৰে বহি মাজত গুটি এটা থৈ এইম প্ৰেকটিছ কৰোঁ৷ মাৰ্বলৰ ভৰত পেণ্টৰ পকেট তললৈ ওলমি পৰে৷ খোজ কাঢ়িলে চনক চনক বাজে৷ দৌৰ মাৰিবলৈ হ’লে হাতেৰে ধৰি ল’ব লগা হয়৷ মাৰ্বল খেলি খেলি ধূলি-বালিৰে পোত খাই পৰি হাত-ভৰিকেইটাৰ অৱস্থা নাইকিয়া হয়৷ লেতেৰা হাত বাৰেপতি সুমুৱাওঁতে-উলিয়াওঁতে পকেটৰ মুখখনো চাব নোৱাৰা হয়গৈ৷ ভাত-পানী পাহৰি যাওঁ৷ পকেটৰ মাৰ্বলৰ বেচা-কিনাও চলে৷ দহ পইচাত দহটা৷ বেছিকৈ জিকিলে বাৰটাও দি দিয়া হয়৷ আকৌ খেলোঁতে সেইকেইটাও নিজৰেই হৈ যায়৷

এই মাৰ্বল খেলৰ বাবেই ঘৰত কতনা গালি! আনকি চৰ-কিল-ভুকুও খোৱা হয়৷ তথাপিও জানো মাৰ্বলক বিসৰ্জন দিব পাৰি? মাকে পুতেকৰ পৰা বলপূৰ্ৱকভাৱে কাঢ়ি লৈ মাৰ্বলকেইটা ক’ৰবাত লুকুৱায়৷ বাপেকে নিৰ্দয়ভাৱে যেনি-তেনি দলিয়ায়৷ হেডছাৰক লগাই দিয়ে৷ পুতেকৰ চকুপানী নিগৰে৷ হ’লেও আকৌ মাৰ্বল খেল৷ মাৰ্বলৰ অভাৱত কৰবী গুটিৰেও খেলা হয়৷

বুঢ়া আঙুলিত ভৰ দি মধ্যমাৰ আগত গুটিটো লগাই ইখন হাতৰ বুঢ়া আৰু তৰ্জনীৰে পিছলৈ টানি এৰি দিওঁ সন্মুখত থকা বিপক্ষৰ গুটিৰ ফালে৷ আচল নিচান লগোৱাৰ আগতে হাত উঠাবলৈ এনেয়ে দুবাৰমান ঘূৰাই লোৱা হয়৷ ট্ৰায়েল বুলিও এনেয়ে এবাৰ মৰা যায়৷ নীল বুলি কৈ বুঢ়া আঙুলিটোক আঁঠুৰ ওপৰত অৱস্থান কৰোৱাব পাৰি৷ বেঁকা মাৰোঁতে কেতিয়াবা ইমান জোৰত টিকোৱা হয় যে সিপক্ষৰ গুটিটো মাজতে দুফাল হৈ পৰে৷ ফলস্বৰূপে ক্ষতিপূৰণ ভৰিব লগা হয়৷ সামান্য টুকুৰা বা চকা এৰুৱা গুটিকেইটা পকাত ঘঁহি ঘঁহি মিহি কৰি চলোৱাৰ বুদ্ধি কৰোঁ৷

বহুত ডাঙৰলৈকে খেলিছোঁ যদিও মাৰ্বল এৰা ভালেমান বছৰেই হ’ল৷ পুৰণি ট্ৰাংকটোৰ ভিতৰত জৰ্দাৰ টেমা এটাত সেই তেতিয়াই জমাই ৰখা মাৰ্বলকেইটামান কিজানি এতিয়াও বিচাৰিলে ওলাব৷ আজিও বাটে-ঘাটে পৰি থকা মাৰ্বল দেখিলে, ক’ৰবাত মাৰ্বল হেৰাই পালে চিধাই বুটলি পকেটত ভৰাওঁ৷ হৃদয়ৰ সংযোগ এটা আছেযে! গুল্টি মাৰোঁতে চৰাইলৈ টোঁৱাই বাটলুগুটিৰ পৰিৱৰ্তে জিকি জিকি জমা কৰা মাৰ্বলো ব্যৱহাৰ কৰা হৈছিল৷ দুখৰ কথা, ল’ৰা-ছোৱালীহালে পিছে আজিও মাৰ্বল খেলি পোৱাই নাই৷ শিকোৱাৰ কথাটোও মনত খেলোৱাই নাছিল৷ আমাৰ খেলময় জীৱনৰ তুলনাত ইহঁতৰ সঁচাকৈ ক’বলৈ গ’লে আছেনো কিটো? স্কুল, টিউচন, টিভি, কম্পিউটাৰতে সীমাবদ্ধ! ঘৰ, বাকচ, দুই দুই, সঁচাসঁচি, মিছামিছি, গুৰগুৰা, তক্কচ, মাইকী, উৰ্দু, ডাগিল, ভ’মপ্লাক, টিকনি, ষ্ট্ৰেইট, চাফচুফ, থাপ, উৰা …মাৰ্বল খেলৰ সৈতে জড়িত, অভিধানবৰ্জিত অজ্ঞাত কাৰোবাৰ দ্বাৰা সৃষ্ট, মুখ বাগৰি অহা এই মধুৰ শব্দবোৰ সিহঁতে আজিও শুনাই নাই৷ ময়ো এতিয়াহে ঘপকৈ চিন্তা এটা কৰিছোঁ, শিকাই দিব লাগিব ইহঁতক৷ নহ’লে পিছলৈ সিহঁতৰ ক’বলৈকে একো নাথাকিবগৈ৷ মাৰ্বল খেলি পাইছানে তুমি? বুলি কোনোবাই কেতিয়াবা ক’ৰবাত যদি কিবা প্ৰসংগত সোধে, তেন্তে সেমেনা-সেমেনিকৈ উত্তৰ দিব… ‘নাই পোৱা আংকল’ বুলি৷ মাৰ্বল খেলৰ কথা নথকাটো… ভাবিবকে নোৱাৰিছোঁ৷ উলিয়াই আনোগৈ ৰ’ব গুটিকেইটা৷ টিউচনৰ পৰা আহি পালেই শিকাই দিম, আৰু খেলিম উৰাই-ঘূৰাই৷

(২)

সাত নম্বৰ জাৰ্চিটো…

________

ডিফু বজাৰ চলাথ কৰিব লগা হ’ল, আবেলি ফিল্ডত ফুটবল খেলিবৰ কাৰণে পচন্দৰ স্প’ৰ্টিং গেঞ্জী এটা বিচাৰি৷ খেলোঁতে পিন্ধা চোলাটোক সেই সময়ত ‘স্প’ৰ্টিং’ বুলিয়ে কৈছিলোঁ আমি৷ আনহাতে, আজিকালিৰ দৰে তেতিয়া য’তে-ত’তে ওলোমাই ৰখা ‘জাৰ্চি’ বস্তুটো মুঠেই সুলভ নাছিল৷ বিচাৰি বিচাৰি অৱশেষত এখন দোকানত নিজৰ জোখমতে এটা পালোঁগৈ যেনিবা৷ টিকটিকিয়া ৰঙা ৰং, ভি নে’ক৷ দোকানীয়ে প্লাষ্টিকৰ ঠোঙাৰ পৰা উলিয়াই দিলত জুখি চালোঁ৷ ঠিকেই আছে৷ কিনি পেলালোঁ৷ ঘৰ আহি পায়ে স্কেল, পেন্সিল, ৰং আৰু ব্ৰাছ লৈ বহি গ’লোঁ৷ স্প’ৰ্টিঙৰ পিঠিত নিজৰ হিচাপত নম্বৰ এটা লিখিম… 7, সাত নম্বৰ৷ মিডফিল্ডত অৱস্থান যেতিয়া সাতটোৱেই খাপ খাব৷ গেঞ্জীটোৰ ভিতৰত ডাঠ বাকলা এখন সুমুৱাই লৈ নম্বৰটো নিজেই লিখি উলিয়ালোঁ৷ তাৰ পিছত শুকাবৰ বাবে পিছফালৰ কাপোৰ মেলা তাঁৰডালত মেলি দিলোঁগৈ৷

সেইকালত ফুটবল খেলা হাফপেণ্টবোৰ আজিকালিৰ দৰে সোলোক-ঢোলোক আৰু আঁঠুৰ ওচৰলৈকে পৰা নাছিল৷ টান আৰু চুটি আছিল৷ চেঁপা মৰা বুলিও ক’ব পাৰি৷ মাজে মাজে টিভিত দিয়া আগৰ খেলবোৰলৈ মন কৰিবচোন৷ প্লেয়াৰবিলাকক তেনেকুৱা সাজতে দেখা পাব৷ গতিকে ফুটবল খেলা পেণ্ট হিচাপতকৈ দীঘল হ’লে তাক নিজেই কাটি-কুটি বা মোটোকাই চুটি কৰি চিলাই লৈছিলোঁ৷ লংপেণ্টকো নিজহাতেই বল খেলা পেণ্টলৈ ‘অল্টাৰ’ কৰা হৈছিল৷ স্প’ৰ্টচ পেণ্টত থকাৰ দৰে দুয়োফালে তিনিডালকৈ ষ্ট্ৰাইপ দিবৰ বাবে দীঘলকৈ কাপোৰ কাটি ঘৰতে মেচিনত চিলাই লৈছিলোঁ৷ চিলাই মেচিন, কেঁচি, সূতা, ববিন, স্কেল, পেঞ্চিল, ইস্ত্ৰি আদিৰে পটু দৰ্জীৰ সমানেই বৰ মনোযোগেৰে সেইখিনি সমাধা কৰিবলৈ চেষ্টা চলোৱা হৈছিল৷ পিঠিৰ সৈতে মিলাই সাত নম্বৰটো পেণ্টতো আঁকি লোৱা হৈছিল৷

আমি শুদা ভৰিৰেহে বল খেলিছিলোঁ৷ ৰ’দ-বতাহ-বৰষুণ নেওচি আবেলি বলৰ পিছত নদৌৰিলে নহৈছিলেই৷ প্ৰথমে এল.পি. স্কুল ফিল্ড আৰু ডাঙৰত পুলিচ ৰিজাৰ্ভ ফিল্ড আছিল আমাৰ নিয়মীয়া খেলপথাৰ, দৈনিক অনুশীলনৰ থলী৷ খোজ কাঢ়ি সদলবলে সময়মতে অহা-যোৱা৷

আমি লেচিং বল খেলিছিলোঁ৷ লেচিং বলটো বৰ আহুকলীয়া৷ চামৰাৰ ভিতৰত ব্লাডাৰটো প্ৰথমে সঠিকভাৱে পজিচন কৰি ল’ব লাগে৷ তাৰ পিছত পাম্প মাৰি ফুলাই ব্লাডাৰৰ মুখৰ নলীডাল ভাঁজ দি ভালকৈ বান্ধিব লাগে৷ সেইডাল চামৰাৰ ভিতৰত সুমুৱাই চামৰাৰ অংশটো জোতাৰ ফিটাৰ দৰে টানি টানি মিলাই বান্ধিব লাগে৷ লেচিং বন্ধাৰ এই আৰ্ট নাজানিলে বলটো টেমুনা টাইপৰ হৈ থাকে আৰু হে’ড কৰোঁতে মজা ওলাই যায়৷ গুৰিয়াওঁতেও ভৰি বিষায়৷ খেলি খেলি বলৰ চিলাই এৰ খালে বেজী-সূতা লৈ নিজেই চিলাই মাৰোঁ৷ কমপ্লিকেটেড কেছত মুচীৰ শৰণাপন্ন হওঁ৷ ব্লাডাৰ ফুটিলে চলিউচন লগোৱা হয়৷ নিজে নোৱাৰিলে চাইকেলৰ দোকানলৈ দৌৰোঁ৷ তেনেকৈয়ে বছৰদিয়েক পাৰ হ’ল৷ তাৰ পিছতহে ভৰিয়ে চুবলৈ পালে ৰাছিয়ান বল৷

সুবিধা কি পাইছোঁ-নাপাইছোঁ চাবলৈ নাই৷ মুঠতে খেল আৰু খেল৷ আমাৰ শৈশৱ-কৈশোৰত ডাঙৰ কথা এইটোৱেই আছিল৷ আবেলি হ’লে খেলিব লাগে বুলিয়েই আমি জানিছিলোঁ৷ বেলেগ একো কথা নাছিল৷

সেই সাত নম্বৰ জাৰ্চিটো, তিনিডাল ষ্ট্ৰাইপ দিয়া পেণ্টটো, টেমুনা ওলাই থকা বলটোলৈ আজিও বৰকৈ মনত পৰে৷

(৩)

ভবা ধৰণে খেলখন চোৱা নহ’ল

_________

যি হয় দেখা যাব ধৰণৰ ভাৱনা এটাৰেই পুৱাৰ নামনিমুৱা মৰিয়নি-গুৱাহাটী ইণ্টাৰচিটি ৰে’লখনত উঠি দিলোঁ৷ না ট্ৰেইনৰ ৰিজাৰ্ভেচন আছে, না আই.এছ.এল.ৰ টিকট! আগতীয়াকৈ একোৱেই নাই হাতত৷ কেতিয়াবা এনেকুৱা ব্লাইণ্ড শ্বট একোটা মাৰি দিয়া যায়৷ গল হ’লে হ’ল, নহ’লে নাই৷ জীৱনটোৱেইতো এটা খেল৷ মাজে মাজে খেলি থাকোঁ, এনেদৰে৷ মজা লওঁ জীৱনৰ৷ হৰা-জিকা পিছ কথা৷

ট্ৰেইনৰ জেনেৰেল টিকটটো বাৰু ডিফু ষ্টেচনৰ কাউন্টাৰত দীঘলীয়া শাৰীত থিয় হৈ গোটাই ল’লোঁ৷ পিছে সৰুসজাইত সোমোৱাটো কি হ’ব? হাজাৰটকীয়া প্ৰৱেশ-পত্ৰ আগতেই সংগ্ৰহ কৰি, যোৱা-অহা উভয় দিশৰে ৰিজাৰ্ভেচন কৰি ৰাজু-বিছু, পুতুলদা-সুধাংশুদাহঁত শৃংখলাবদ্ধভাৱে তপতিয়াৰ৷ পুৱাহে কথাটো ফাদিল হ’ল৷ আনহাতে মোৰতো একোৱেই নাই৷ কাম-কাম কৰি থাকোঁতেই গ’ল৷ গতিকে স্কুলৰ ডিউটিটো কৰিহে যাব পাৰিম বুলি বুদ্ধি এটা পাঙি সিহঁতৰ লগ এৰিলোঁ আৰু পিছৰ ট্ৰেইনত অকলে উঠি দিলোঁ৷ ফুটবল বুলিলে সৰুৰে পৰাই উত্ৰাৱল মনটোক দমাব নোৱাৰিয়েই এই অৱস্থা আৰু ব্যৱস্থা৷

আগৰাতি মাৰাথন গতিৰে লেখিকা সমাৰোহৰ স্বৰ্ণালী-ননীমা বাইদেউহঁতৰ এশ পৃষ্ঠাৰ ‘জোনাক’ৰ প্ৰুফটো কোনোৰকম যেনিবা ৰেডী কৰিলোঁ৷ ক’ভাৰ ডিজাইন বাকী থাকিলেই৷ তথাপি ৰিস্ক এটা লওঁ বুলিয়ে নখ কাটিছোঁ, দাড়ি খুৰাইছোঁ নিশা চাৰে বাৰত! কাম আৰু জীৱনৰ চিৰাচৰিত দ্বন্দ্বত জীয়াই থকাৰ মাদকতাক গুৰুত্বহীন কৰি পেলোৱা মানুহ মই নহওঁ৷ বৰং জয়যুক্ত কৰাৰ মতলবেৰেই সদায় জীৱনৰ পক্ষত হাত দাঙি আহিছোঁ৷ কোনো কামে, কোনো হকাবধাই জীৱনৰ নিৰ্ভেজাল আনন্দকণ গ্ৰহণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব৷ আনহাতে ফুটবলটো হৈছে আমাৰ দৰে মানুহক পগলা কৰাৰ অব্যৰ্থ পাশুপত৷ গতিকে সৰুসজাই ষ্টেডিয়ামৰ চুক এটাত হ’লেও সময়ত উপস্থিত থাকিবই লাগে৷ মনটোৱে ভিতৰি ভিতৰি কুটকুটাই আছে, কামৰ মাজতো উৰি উৰি গৈছে বাৰে বাৰে৷ থাকিব পৰা নাই৷

মূৰামূৰি সময়ত ওলাইছোঁ যদিও এইটো সঁচা যে গুৱাহাটীত থকা পুৰণি বন্ধু অখিল নাৰায়ণ বৰুৱাৰ সৈতে কেতিয়াবাতে টিকট সম্পৰ্কে কথা পতা হৈছিল৷ তেতিয়া টিকট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভই হোৱা নাই৷ মহানাগৰিক বন্ধুৱে পিছে তাৰটোও আকৌ মোকহে অনলাইনত গোটাবলৈ নিৰ্দেশ দিলে৷ কথাষাৰ শুনিয়ে, ‘গুৱাহাটীত তহঁতি এনেয়ে আছ অ’ বুলি ময়ো চিকুট এটা মাৰি দিলোঁ৷ ‘মহানগৰীত থাকি যদি এই কথা, টিকট এটা যদি যোগাৰ কৰি দিয়াৰ শক্তি নাই, তেন্তে গাঁৱলৈ ঘূৰি যা ভাই’ বুলিও মোলায়েমকৈ শুনাই দিলোঁ এষাৰ৷ পিছত এদিন টিকটৰ দাম, টিকট কিনাৰ বাবে দহটা আউটলেট দিয়াৰ খবৰটো সিয়ে পে’পাৰ পঢ়ি ফোনেৰে জনাইছিল, আমাৰ দৰে পিছ পৰা ঠাইৰ মানুহে গম নৌপাওঁতেই৷ ‘মোৰ বাবেও এটা কাটি থ’বিচোন দেই’ বুলি ক’লোঁহে মাত্ৰ, ‘তইতো ইণ্টাৰনেটত হাজাৰটকীয়া কাটিয়ে থৈছ’ বুলি কৈ নাচোৰবান্দা হৈ থাকিল৷ ‘নাই কৰা, তোৰ লগতহে চাম’ বুলিলেও নামানে৷ ককায়েক আৰ্চাৰী এছ’চিয়েচনৰ বিষয়ববীয়া হোৱাৰ সুযোগত তেওঁৰ পৰা ভি.আই.পি. পাছ এখন সি পোৱাৰ সম্ভাৱনা থকা বুলিও কথাৰ পাকত গোন্ধ এটা পাই গ’লোঁ৷ টিকট টিকট বুলি যিমানে হামৰাও কাঢ়িলোঁ সকলো মিছা হ’ল৷ সময়ত টিকট নাপালে গুৱাহাটীত তাৰ ঘৰতে টিভিত দুইটাই খেলখন চোৱাৰ প্ৰস্তাৱহে আগ বঢ়ালে সি!

একেটা প্ৰসংগই মহানগৰত বাস কৰা নতুন বন্ধু প্ৰশান্ত কুমাৰ বৰাৰ লগতো কেইদিনমানৰ ব্যৱধানত ঠাই পালে৷ তেৱোঁ ‘ষ্টেডিয়ামতে খেলৰ আগতে টিকট আৰামচে পাই যাম দিয়ক’জাতীয় ধাৰণা কৰি ‘আপুনি আহি যাব দাদা’ বুলি ক’লে যদিও আগতীয়াকৈ টিকট সংগ্ৰহত হ’লে পিছ হুঁহকি থাকিল৷ বৰদলৈ ট্ৰফী, জি.এছ.এ.ৰ লীগ, অন্যান্য ফুটবল টুৰ্ণামেণ্টত নেহৰু ষ্টেডিয়ামৰ উকা গেলাৰীৰ ছবিখনে চাগৈ তেওঁক সেইদৰে ভাবিবলৈ বাধ্য কৰিলে৷ ‘টিকট শেষ বুলি শুনিছোঁ, হয়নে? কি হ’ব এতিয়া?’ কথাষাৰ ফোনযোগে আগ সন্ধিয়া তেওঁৰ কাণত পেলালত গা মূৰ জোকাৰিলে যদিও তেতিয়ালৈ অনেক সময় অতীত হৈ গৈছিল৷ ‘কাইলৈ কি হয় চাওঁ ৰ’ব’ বুলি আশ্বাস এটা পালোঁ৷ তাকে সাৰোগত কৰি মেগাজিনখনৰ কামটো খৰখেদাকৈ কৰাত লাগি ধৰিলোঁ৷

গাড়ীত উঠাৰ পিছৰে পৰাই এই দুই ন-পুৰণি বন্ধুৰে সৈতে ফোনত যোগাযোগ ৰক্ষা কৰি গৈ থাকিলোঁ৷ অখিলৰ ভাবটো হ’ল, ইণ্টাৰনেটৰ যোগেদি মই মোৰ বাবে হাজাৰটকীয়া টিকট আগতেই কাটি পেলাইছোঁ আৰু দলে-বলে খেল চামগৈ৷ পিছে সেয়া নকৰি, দল ত্যাগ কৰি, বন্ধুক ভৰসা কৰি, এতিয়া ট্ৰেইনত ঘেটেং-মেটেংকৈ অকলেইযে সৰুসজাইলৈ আহি আছোঁ তাকে কোৱাত সি বিশ্বাসেই নকৰিলে৷ ‘মোৰ টিকট নাই’ বুলি উপৰ্যুপৰি জোৰকৈয়ে ক’ব লগা হ’ল৷ হ’লেও নামানিলে৷ ‘এতিয়া কি কৰোঁ’ বুলি সোধাত প্ৰথমে ‘এইখন নাচাওঁ দে, পিছৰখন চাম’ বুলিও শুনাই দিলে৷ মনটো সেমেকিল যদিও ৰে’লখনৰ লগে লগে দেহাটোৱে হ’লে গতি কৰি থাকিল৷ সমান্তৰালভাৱে, প্ৰশান্তৰ সৈতেও যোগাযোগৰ ফ্ৰিকুৱেন্সি বাঢ়িল, সম্ভাৱনাৰ আশা, যোগাত্মক বাৰ্তা বিচাৰি৷ অফিচত সোমাই চহীটো কৰিয়ে বেচেৰা সৰুসজাই পালেগৈ৷ গৈ দেখে, অল চ’ল্ড আউট৷ ১৩ তাৰিখৰ টিকট শেষ৷ কাউণ্টাৰ বন্ধ৷ খবৰ দিলে, ‘নাই নহ’ব দাদা৷ হ’লেও আপুনি আহিলে যেতিয়া, আহকচোন বাৰু’৷

অলপ পৰ চিন্তা-ভাবনা কৰি চালোঁ৷ তাৰ পিছত ‘গৈ থাকি লাভ নাই’ বুলি চাপৰমুখত ট্ৰেইনৰ পৰা নামি দিলোঁ৷ উজনিমুৱা গাড়ী কি আছে সোধ-পোছ কৰিলোঁগৈ৷ দুয়ো বন্ধুকে কথাটো কওঁ বুলি একোবাৰকৈ ফোন লগালোঁ… ‘চাপৰমুখ পাইছোঁহি৷ টিকট নহ’ব যেতিয়া মই ইয়াৰ পৰাই ফিৰি যোৱাটোকে ঠিক কৰিলোঁ৷’ প্ৰশান্তৰ পৰা জোৰদাৰ আশ্বাস আহিল, ‘চাওঁচোন ৰ’ব দাদা, আন কোনো চ’ৰ্চত কিবা পাওঁনেকি, আহি থাককচোন বাৰু আপুনি’ বুলি৷ অখিলৰ পৰা গালি খালোঁ, ‘কি ফাল্টু কথা কৱ তই, আহি থাক’ বুলি৷ অন্ধ-আশাৰে পুনৰ ৰে’লখনত উঠি আহি আগৰ ছিট পালোঁহি৷ যাত্ৰী কম আছিল৷ দীঘল ছিটটোত বাগৰ দি ল’লোঁ৷ অহৰহ ভাবিবলৈ ধৰিলোঁ, কি কৰা যায়, কি কৰা যায়? এতিয়ালৈকে একো এটা ভাল খবৰ নাহিলেই৷ ইমিডিয়েট মই কি কৰা উচিত? মনৰ সকলো সংকোচ বাদ দি নিজাববীয়া কেইটামান শক্তিশালী উৎসত লাষ্ট ট্ৰাই বুলি টুকুৰিয়াই চালোঁ… ‘খেল চাবলৈ আহিছিলোঁ, টিকট নাপালোঁ, কিবা উপায়?’ স্পৰ্টছ এছ’চিয়েচনৰ মানুহ, চিনিয়ৰ জাৰ্নেলিষ্ট, কোম্পানীৰ ডাইৰেক্টৰ… নাই, লাভ নহ’ল৷ আগতীয়াকৈ নোকোৱাৰ বাবে ওলোটাই কথাহে শুনিলোঁ৷ ঠিকেইতো, মৰিবৰ সময়ৰ মকৰধ্বজ বিচৰা বুলি ইয়াকেই নকয় জানো? এজনে জনালে, ‘টিকট বহুত আছিল৷ পিছে টেণ্ডুলকাৰ আহিব বুলি গম পাই লগালগ খতম হৈ থাকিল৷’ তেওঁৰ নিজা বিশ্লেষণ মতে মানুহবোৰৰ ইণ্টাৰেষ্টৰ ক্রমটো বোলে এনেকুৱা… এক. শচীন টেণ্ডুলকাৰ, দুই. জন আব্ৰাহাম, তিনি. নীতা আম্বানি, চাৰি. জুবিন-পাপন, পাঁচহে ফুটবল৷ সেই ক্ষণতে ময়ো সিদ্ধান্তটো কঠোৰ কৰি পেলালোঁ যে জাগীৰোড পোৱালৈকে যদি কিবা ভাল খবৰ আহে আহিল, নহ’লে নামি যাম৷ ফুটবল মেচ চাবলৈহে গৈ আছোঁ মই৷

আশাব্যঞ্জক খবৰ মূৰকতো নহাত স্বাভাৱিকতে উপনীত হ’লোঁগৈ ধৈৰ্যৰ শেষ সীমাত৷ ৱাক-অভাৰ দি দিয়াটোকে চূড়ান্ত কৰি নামি দিলোঁ জাগীৰোডত৷ ৰে’ল গুচি গ’ল গন্তব্যস্থানলৈ৷

চিধাই ষ্টেচন মাষ্টৰৰ গুৰিলৈ গৈ উজনিলৈ আহিবলগীয়া গাড়ীৰ খবৰটো ল’লোঁ৷ হাতত সময় তাকৰ৷ লাইন পাতি প্ৰথমে টিকটটো কৰি ল’লোঁ৷ তাৰ পিছত ষ্টেচনতে ক্রীমবন দুটাৰে সৈতে চাহ একাপ তুৰন্তে খাই ভোকটো নমাই ল’লোঁ৷ তৎ মুহূৰ্ততে গুৱাহাটী-মৰিয়নি ইণ্টাৰচিটি ৰে’লখন প্লেটফৰ্ম সোমালহি৷ উঠি দিলোঁ, ডিফু অভিমুখে৷ ধৰি ল’লোঁ, ব্লাইণ্ড শ্বট এটা মাৰিছিলোঁ, নিস্ফল প্ৰয়াস পেনাল্টি বক্সৰ বাহিৰৰ পৰা৷ বল নেটৰ পিনে নগ’লেই৷ বিপৰীতে, নিজেহে খালোঁ গ’ল৷

টিকটৰ সমস্যাৰ কথা লৈ পুতুলদাৰ সৈতেও যোগাযোগ চলিছিল৷ যথাস্থানত উপস্থিত হোৱাৰ পিছত ‘ধাণ্ডা এটা কৰিম’ বুলি কৈছিল পুতুলদাই৷ ওভতনি যাত্ৰাত হোজাই পাওঁতে প্ৰথমে তেওঁৰ ফোন আহিল৷ ‘ক’ত আছা?’ মই বোলোঁ, ‘এতিয়া ঘূৰি আহি হোজাই পাইছোঁ দাদা৷’ ‘হেঃ আহি যাব লাগিছিল৷ টিকট এটাৰ বন্দবস্ত মই কৰিছিলোঁতো৷ ধেইত…’

লংকাত অখিলৰ ফোন৷ ‘তই আহি পালিনে গুৱাহাটী?’ মই বোলোঁ, ‘মই ঘূৰি আহি এতিয়া লংকা পাইছোঁ৷’ ‘কি? কি ফাল্টু কথা কৱ?’ মই বোলোঁ, ‘ফাল্টু কথা নহয়, স্পষ্ট কথা কৈছোঁ৷ মোৰ টিকট নাই বুলি কোৱাত বিশ্বাস নকৰিছিলি নহয়৷ তাকে প্ৰমাণ কৰিবলৈকে মই ঘূৰি দিলোঁ৷ এতিয়া…৷’ সি খুব গালি পাৰিলে মোক৷

লামডিঙত ৩নং প্লেটফৰ্মত গাড়ী ৰওঁতে নামি গ’লোঁ, খাবলৈ কি পাওঁ চাওঁ বুলি৷ তেতিয়াই প্ৰশান্তৰ পৰা ফোন আহিল৷ ‘দাদা, আহি পালেনেকি?’ মই বোলোঁ, ‘মই এতিয়া লামডিং পাইছোঁহি৷’ ‘ইস, এশটকীয়া টিকট এটা যোগাৰ হৈ গৈছিল নহয়, শেষ মুহূৰ্তত৷ আপুনি আৰু অলপমান ধৈৰ্য ধৰা হ’লেই হৈ যায়! কথাটো বেয়া লাগিল৷’

টিকটটো মই পাইছিলোঁ৷ আগে আগে গৈ থকা পুতুলদাইযে ষ্টেডিয়াম পায়েই তেওঁৰ বন্ধু মহলৰ পৰা মোৰ বাবে কিবাকৈ এটা যোগাৰ কৰিব তাত বিন্দুমাত্ৰ সন্দেহ নাছিল৷ কৰিছিলেও৷ কিন্তু অকলে চোৱাৰ ইচ্ছা নাছিল৷ মই চাম, প্ৰশান্ত আৰু অখিলে নাচাব, সেইটো হ’বলৈ দিব নোৱাৰি৷ লাগিলে নিজেই নাচাওঁ ভাই৷ খেল চোৱা আৰু বন্ধুত্ব ৰখা …বিবেকৰ এই যুদ্ধখনত বন্ধুত্বৰ পক্ষই লৈ ল’লোঁ৷ পিছত গম পালোঁ, মই উভতি আহিলত প্ৰশান্তই এশটকীয়া গেলেৰীত আৰু অখিলে পাছ দেখুৱাই ভি.আই.পি. ষ্টেণ্ডত খেলখন চালে৷ খেল চাই ওলায়েই প্ৰশান্তই মোলৈ ফোন কৰিছিল৷ অখিলেও ক’লে, ‘তই জাগীৰোডৰ পৰা ঘূৰি যোৱাটোৱেই ভুল হ’ল৷’ দুইটাই মোৰ বাবে দুখ প্ৰকাশ কৰিছিল৷

নোচোৱা নহয়, খেলখন ময়ো চালোঁগৈ৷ অন্তিম বিকল্প এটা মোৰ হাতত নিশ্চিত ৰূপত আছিলেই৷ সেয়া হ’ল ঘৰৰ টিভিত৷ কিন্তু উক্ত সময়তে জাগীৰোডত ননমা হ’লে, সেই ট্ৰেইনখন কিবা কাৰণত মিছ কৰা হ’লে সেইটো হৈ নুঠিলহেঁতেন৷ গতিকে নিজৰ সিদ্ধান্তত বাৰুকৈয়ে অটল থাকিলোঁ৷ পিছত সিহঁতক টেলিভিছনৰ স্ক্ৰীণত দেখোঁ নেকি খুব চাইছিলোঁ, নেদেখিলোঁ৷ মোকতো বাৰু সিহঁতে নেদেখিবৰে কথা৷

অন্তত মই আত্মবিশ্লেষণ কৰি পোৱামতে মোৰ ভুল অখিলে কোৱাটো নহয়৷ প্ৰশান্তই কোৱাটোও নহয়৷ ব্লাইণ্ড শ্বট মাৰিবলৈ গৈ আনৰ ফুটবলপ্ৰীতিত হাৰমাল হোৱাটোহে মোৰ ভুল৷ এইবাৰৰ পৰা চিয়ৰ শ্বট মাৰিম বুলি শিক্ষা এটা ল’লোঁ৷

আচল কথাটো প্ৰথমতে নক’লোঁ, এতিয়া কওঁ৷ খুব চুপে-চাপে মনত ইচ্ছা আৰু প্ৰাৰ্থনা এটা আছিল যে নৰ্থ ইষ্ট ইউনাইটেড এফ.চি. আৰু কেৰালা ব্লাষ্টাৰ্চৰ মাজৰ ইণ্ডিয়ান ছুপাৰ লীগৰ প্ৰথম খেলখন মই একাষত নতুন বন্ধু এজনক লৈ আৰু আনকাষে পুৰণি বন্ধু এজনক লৈ সৰুসজাই ষ্টেডিয়ামৰ গেলেৰীত বহি ১৩অক্টোবৰ ২০১৪ তাৰিখে পূৰ্ণোদ্যমে উপভোগ কৰিম৷ সৰুৰে পৰাই ফুটবল ভাল পোৱা এই দুই বন্ধুৰে সৈতে ফুটবলক কেন্দ্ৰ কৰিয়ে জীৱনৰ কিছু মধুৰ সময় অতিবাহিত হৈছে৷ সেইবোৰে স্মৃতিক সদায়ে জোকাৰি থাকে৷ মই আৰু অখিলে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত জনাকীৰ্ণ পৰিৱেশত লাজং আৰু ইষ্টবেংগলৰ মাজৰ ফেডাৰেচন কাপৰ ফাইনেল খেলখন চাইছিলোঁ৷ ডিফুৰ পৰা গৈ অখিলৰ ঘৰতে লাজঙৰ সমৰ্থনত বেনাৰ লিখি লৈছিলোঁ আমি৷ গেলেৰীত থিয় হৈ পাৰ্যমানে চিঞৰিছিলোঁ, উৎসাহিত কৰিছিলোঁ প্ৰিয় দলক৷ আনফালে, মোক আগতে কাহানিও নেদেখা, কেতিয়াও লগ নোপোৱা ‘অকব’ৰ সদস্য প্ৰশান্তই ফুটবলৰ টানতে গুৱাহাটীৰ পৰা ডিফুলৈ গৈ আমাৰ ঘৰত দুদিন থাকি পুতুলদাৰ চোতালত ব্ৰাজিল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ কেউখন খেলা চাইছিল৷ সেইবোৰ পাহৰিব নোৱাৰি৷ গতিকে ফুটবল প্ৰেমৰ ক্ষেত্ৰত দৃষ্টিভংগীৰ মিল এটা পৰস্পৰৰ মাজত আমাৰ আছে৷ তাকে আকৌ এবাৰ কান্ধত ধৰাধৰিকৈ ৰিফ্ৰেচ কৰিম, অচিনাকি দুজনক চিনাকি কৰোৱাম, সৰুসজাইত নতুনকৈ আৰম্ভ হোৱা আই.এছ.এল.ত আমিও নতুন পণ ল’ম… একেবাৰে মনে মনে প্লেন এটা কৰিছিলোঁ৷ পিছে, ঈশ্বৰে সকলো প্ৰাৰ্থনা মঞ্জুৰ নকৰে যে! গ’ল খাই গ’লোঁ৷

(৪)

পাইপৰ টুকুৰা আৰু চিগাৰেটৰ পেকেটৰ তাচ

_________

কেপষ্টেন, চাৰমিনাৰ, উইলচ, নাম্বাৰ টেন, ৰিজেণ্ট কিং… পৰি থকা চিগাৰেটৰ পেকেট দেখিলেই দৌৰি যাওঁ, দেখা পালেই বুটলি লওঁ৷ আপুৰুগীয়া সম্পদ আমাৰ বাবে৷ কেনি ক’ত পৰি আছে সজাগ দৃষ্টি নিক্ষেপ কৰোঁ সততে৷ থপিয়াথপিও লাগি যায় তাকে লৈ৷ ডাঠ কাগজৰ পেকেটবোৰৰ অদৰকাৰী অংশ কাটি বা সমানকৈ হাতেৰে ফালি পেলাওঁ৷ এটা পেকেটৰ পৰা সমান জোখৰ তিনিখনকৈ ওলায়৷ আমি তাক ‘তাচ’ বোলোঁ৷ তেনেকুৱা এজাপ তাচ ৰবৰ বেণ্ড মাৰি জেপত সুমুৱাই লওঁ৷

পাব্লিক হেলথৰ পানীৰ পাইপ বহুওৱাৰ কাম চলি থাকে৷ কাম কৰি থকা মানুহকেইজনৰ কাষ চাপি যাওঁ৷ কাষ্ট আইৰণৰ পাইপৰ টুকুৰা খোজোঁ৷ ডাঙৰকৈ দিলে নিজেই হিচাপত পৰাকৈ হাঁতুৰী মাৰি, নহ’লে শিলেৰে মৰিয়াই ভাঙি লওঁ৷ তেনেকুৱা পাইপৰ টুকুৰা খেলিবলৈ ভাল৷ অন্যথা সুবিধাজনক জোখৰ চেপেটা শিল, টাইলচৰ টুকুৰাৰেও চলি যায়৷

তাৰ পিছত আঁচ এডাল মাৰি লৈ আৰম্ভ হয় খেলখন৷ খেলবিধকো ‘তাচ’ বুলিয়ে কৈছিলোঁ আমি৷ যিকোনো ঠাইতেই খেলিব পাৰি এই খেল৷ দুটা লগ হ’লেই হ’ল৷ এঠাইত ৰৈ এটাই টুকুৰাটো হাতেৰে অলপ দূৰলৈ দলিয়ায়৷ আনটোৱে টিকাব নোৱাৰিব বুলি ভবা দূৰত্বলৈ৷ আনটোৱে তাক সোধে… কেইখন? নিজৰ হাতত থকা তাচৰ ওপৰত নিৰ্ভৰ কৰি ই কয়, এক বা দুই বা পাঁচ বা অন্য যিকোনো সংখ্যা৷ ধৰাবন্ধা কথা নাই৷ তাৰ পিছতে সিটোৱে তাৰ হাতত থকা পাইপৰ টুকুৰাটো আগৰটোৰ টুকুৰাটোলৈ লক্ষ্য কৰি মাৰে৷ টিকাবলৈ যত্ন কৰে৷ টুকুৰাটো গৈ পৰা ঠাইখিনিলৈ দুইটাই লগে লগে দৌৰি আগ বাঢ়ি যায়৷ গৈ বুঢ়া আৰু মাজৰ আঙুলি মেলি ধৰি বেগেত হিচাপত জুখি চায়৷ টিকিল যদিতো টিকিলেই৷ নিটিকিলেও সেই এবেগেত ব্যাসাৰ্ধৰ ভিতৰত যদি কেনেবাকৈ ৰ’ল, তেনেহ’লে আগতে মৰাটোৱে ইতিমধ্যে অংগীকাৰ কৰা সংখ্যাৰ তাচ পিছত মৰাটোক দিব লাগিব৷ যদিহে ৰেঞ্জৰ ভিতৰত নপৰিল, তেনেহ’লে ওলোটা৷ পিছৰটোৱে সিমানসংখ্যক তাচ আগৰটোক দিব লাগিব৷

তাৰ পিছত দ্বিতীয়বাৰ খেল চলিব৷ জিকাটোৱে প্ৰথমে দলিয়াব৷ হৰাটোৱে সি দলিওৱা টুকুৰাটোক টিকাবলৈ চাব৷ এনেকৈয়ে চলি থাকে এই খেল৷ স্থানৰ কোনো বেমেজালি নাই৷ ওখ-চাপৰ, ঘাঁহনি-হাবিয়নি, পকী-কেঁচা মাটি য’তে-ত’তে, যেনি-তেনি চলিব পাৰে৷ প্ৰতিদ্বন্দ্বী আহি নোপোৱা পৰ্যন্ত নিজৰ সৈতে থকা টুকুৰাকেইটাকে এটুকুৰালৈ আনটুকুৰা দলিয়াই এইম প্ৰেকটিচ চলে৷ কাৰণ নিচান চিধা নহ’লে হাৰিব লাগিব৷

আজিকালি পিছে এনে খেল সমূলি নেদেখা হ’লোঁ৷ ‘অসভ্য মানুহৰ কাম’ বুলি আমাৰ ল’ৰা-ছোৱালীহঁত ‘ভদ্ৰলোকৰ খেল’বিধৰ গভীৰভাৱে ভক্ত হৈ মূৰ্খৰ বাকচটোৰ সন্মুখত বহি পৰিলত বহু খেলেই জীৱনৰ পৰা হেৰাই থাকিল৷ আমি পিছে খুব খেলিছিলোঁ দেই৷ কিমান জাতৰ যে দলিওৱা পদাৰ্থ নাছিল, কিমান জাতৰ যে তাচ নাছিল! বিছনা বা পঢ়া টেবুলৰ তলখনযে ক্রীড়া সামগ্ৰীৰ ভাণ্ডাৰেই আছিল …কথাবোৰ পাহৰা নাযায় কোনোদিন৷

বাৰু, আপুনি খেলি পাইছেনে এইটো খেল?

(৫)

সাত শিলগুটিৰ ‘লালে-লাল’ খেল

________

খেলবিধৰ কেইবাটাও নাম শুনিছিলোঁ৷ ‘চেভেন ষ্ট’নচ’, ‘চেভেন ষ্টপ’, ‘ষ্টপ খেল’৷ সাতটা শিলগুটি হেতুকে চেভেন৷ সেইটো তেতিয়াই নুবুজাকৈ নাছিলোঁ নিশ্চয়৷ বাকী ষ্ট’নচ, ষ্টপ… মুখত যি আহে তাৰেই চলি গৈছিল৷ কোনো কথা নাই৷ খেলিব পৰাটোহে আচল৷ বিশ্লেষণ কৰি চোৱাৰ বয়স তেতিয়া অৱশ্যে হোৱাই নাছিল৷ আনহাতে, নিচান কিন্তু ঠিক লাগে দেই ইয়াত৷ হাত পোন খেলুৱৈৰ কদৰেই বেলেগ৷

খেলটো খেলিবলৈ সৰু জোখৰ ৰবৰৰ বল এটা যোগাৰ কৰিব পাৰিলেই হ’ল৷ বাকী শিলগুটি সাতোটা য’তে-ত’তে এভেইলেবল৷ দুটা দলৰ মাজত সমান সমান হিচাপত পাৰ্টি ভগাই লোৱা হয়৷ খেলুৱৈৰ সংখ্যাটিৰো কোনো নিৰ্ধাৰিত বা ধৰাবন্ধা কথা নাছিল আমাৰ৷ আহি থাকে, সোমাই থাকে, তেনেকুৱা৷

সাতোটা শিলগুটি ইটোৰ ওপৰত সিটো পাতি থিয়কৈ সজোৱা হয়, স্তম্ভৰ দৰে৷ সেইকেইটা এনেকুৱা হ’ব লাগে যাতে একদম সমান বা চেপেটা নহয়৷ একেবাৰে সহজ নহৈ সেইকেইটা পাতিবলৈ যাতে কিছু সময় লাগে, কিছু ধৈৰ্য লাগে, বেলেন্স মিচ হ’লেই যাতে আকৌ খহি পৰে… তেনেকুৱাকৈ বিচাৰি উলিওৱা হয়৷ তেতিয়া খেলটো জমে৷ মুকলি ঠাই হ’লে খেলিবলৈ ভাল৷ নহ’লে বল হেৰোৱাৰ আশংকা থাকে৷ পছন্দৰ শিলগুটিকেইটা বিচাৰি ৰাস্তা নিৰ্মাণ কৰিবলৈ কাষত পেলাই থোৱা ষ্টেক বিলাক তেতিয়া আমি মহতিয়াই ফুৰাৰ চিত্ৰ মানস-পটত আজিও ভাহে৷

পাৰ্টি ভগাই লোৱাৰ পিছত প্ৰথমে টচ কৰা হয়৷ টচত জিকা পক্ষৰ এজন এজনকৈ আহি বলটো আগতীয়াকৈ সজাই ৰখা শিলগুটিৰ দ’মটোলৈ এইম কৰি ভাঙিবৰ উদ্দেশ্যে মাৰে৷ সহজে ভাঙিব নোৱাৰা দূৰত্বত মাটিত আঁচ এডাল টানি বা চেণ্ডেলবোৰকে লাইন পাতি থৈ তাৰ পৰাই বলটো দলিওৱা হয়৷ বিপৰীত পক্ষৰ এজনে দ’মটোৰ পিছফালে থিয় হৈ উইকেট কীপাৰৰ দৰে বল ধৰা কাম কৰে৷ প্ৰতিপক্ষৰ এজনে মাৰোঁতে স্তম্ভটো যদিহে নাভাগিল আৰু উইকেট কীপাৰজনে যদিহে একেটা ড্ৰপতে বলটো ধৰি পেলালে, তেনেহ’লে তেওঁ আৰু মৰাৰ সুযোগ নাপায়৷ ধৰিব নোৱাৰিলে কিন্তু আকৌ পায়৷ মুঠতে তিনিবাৰলৈকে সুযোগ পায়৷ সেইদৰে, এজনৰ মাৰত চেভেন ষ্ট’নচ ভাগি গৈও যদি বলটো মাটিত পৰাৰ আগতে বিপক্ষৰ কোনোবা খেলুৱৈয়ে কেচ ধৰাদি ধৰি লয়, তেন্তে মৰাজন বাহিৰ৷ ‘তই মৰিলি’ বুলি কোৱাৰ পিছত কৰিবলৈ একো নাই হৈ সিও এফালে চুপচাপ বহি থাকেগৈ৷ সেইবাৰ আৰু খেলিবলৈ নাপায়৷

এটা পক্ষৰ এজনেও ভাঙিব নোৱাৰিলে প্ৰতিপক্ষৰ মৰাৰ পাল পৰে৷ বল মাৰিবলৈ লোৱা দলৰ এজনে শিলগুটিৰ দ’মটোক এইম কৰি দলিয়াবলৈ উদ্যত হয়৷ দলৰ বাকীসকলে ইফালে-সিফালে সুবিধা বুজি পজিচন লয় যাতে পলাই সাৰিব পাৰি৷ সেইদৰে বিপক্ষ দলৰ এজনে দ’মটোৰ পিছফালে উইকেট কীপিঙত অৱস্থান কৰাৰ সময়তে অন্যসকলে চেগ বুজি ইফালে-সিফালে অৱস্থান কৰে যাতে নিজৰ মাজত বল পাছ কৰি সিহঁতক ফান্দত পেলাব পাৰি৷

শিলগুটিৰ দ’মটো ভাঙিব পাৰিলেই খেল চুৰু৷ দৌৰা-ঢপৰা আৰম্ভ হৈ যায়৷ ভাঙি পেলোৱা দলটোৰ খেলুৱৈসকলৰ কোনোবাই পাতিবলৈ যত্ন কৰে৷ কোনোবাই গাৰ্ড দিয়ে৷ তেওঁলোকে সাজি অন্ত কৰাৰ আগতেই সিটো দলে প্ৰতিজনকে মাৰিব লাগিব৷ সকলোকে মাৰি শেষ কৰাৰ আগেয়ে শিলগুটি সাতোটা পাতিব পাৰিলে ভঙা দলৰ জয়৷ নৌপাতোঁতেই গোটোইকেইটাকে মাৰিব পাৰিলে আনটো দলৰ জয়৷ ইয়াৰ বাবে তেওঁলোকে নিজৰ ভিতৰতে ইজনৰ পৰা সিজনলৈ বল দলিয়াই পাছ দিয়ে৷ সুযোগ বুজি প্ৰতিপক্ষৰ খেলুৱৈৰ গালৈ মাৰে৷ ‘ষ্টপ’ বুলি ক’লে খেদি আহিব নোৱাৰিব৷ য’তে আছে ত’তে ৰৈ তাৰ পৰাই মাৰিব লাগিব৷ ‘জেগা-ষ্টপ’ বুলিও কয় কোনোবাই৷ মানেটো হৈছে, যি জেগাত যেনেকৈ আছ তাতে তেনেকৈ ৰ৷ তাৰ পৰাহে বলটো গালৈ মাৰিব লাগিব৷ দুয়োখন হাতৰ কিলাকুটি পৰ্যন্ত বল লাগিলে একো নাই৷ বাকী অংশত লাগিলে কিন্তু মৰ অৰ্থাৎ আউট৷ আত্মৰক্ষাৰ বাবে হাতেৰে ভুকুৱাই বলটো ওফৰাব পাৰি৷ কিন্তু খামোচ মাৰি ধৰিব নোৱাৰিব৷ গতিকে ধৰিলে দুয়োটা মুঠিৰেহে ধৰিব লাগিব৷ তাৰ পিছত গাৰ জোৰত দূৰলৈ বা কোনো নথকা এফালে মাৰি পঠিয়াব পাৰে৷ কিন্তু কেনেবাকৈ মাটিত নপৰোঁতেই সিপক্ষৰ খেলুৱৈয়ে কেচ ধৰিলে হ’লে আউট৷

গাত বল মৰাক লৈ কিমানযে কি নঘটে! কোনোবাই কাৰোবাক জোৰত মৰাৰ বাবে তাৰ বদলা ল’বলৈ তাকো পিছত নিজৰ পালত কচি কচি মাৰে৷ আমাৰ সময়ত ইয়াক কোৱা হৈছিল টিকা লাল, পিঠি লাল, লালে লাল ইত্যাদি৷ মাৰৰ ভয়ত পলাই নিৰ্দিষ্ট এলেকাৰ পৰা পত্ৰং দিয়াও হয়৷ তেনেকুৱা মাৰৰ চোটত আৰু ভুকুৰ কোবত বল ফাটিও যায়গৈ৷ পাঁচ-দহ পইচাকৈ তুলি আকৌ এটা বল কিনিব লগা হয়গৈ৷ ডিফু বজাৰৰ মাজ-মজিয়াত থকা সুপ্ৰিয়দাৰ দেউতাক সুবোধ ৰয়ৰ দোকানলৈ গৈ জোখে-মাখে মিলা, ভাল চাই ৰবৰৰ বল এটা কিনি অনা হয়৷ বল কিনাৰ অচিলাৰে বজাৰতো তেতিয়াই এপাক ঘূৰা হৈ যায়৷

এই খেলৰ শুদ্ধ নামটো চেভেন ষ্ট’নচ৷ ইণ্ডিয়ান ট্ৰেডিচনেল গে’ম এইটো৷ কথাটো যোৱা পৰহিহে গম পালোঁ৷ সেইবোৰ একো নজনাকৈয়ে সৰু হৈ থকা অৱস্থাত আমি উধাই-মুধাই খেলিলোঁ কিন্তু৷ ‘লাল’ কৰিলোঁ, ‘লাল’ হ’লোঁ!

কওকচোন, খেলিছিলনে আপুনিও চেভেন ষ্ট’নচ?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!