কৈশোৰৰ উকি এটাই বিন্ধিছেহি বুকু (বিশাল অনুৰাগ)

নৰা বগৰীৰ ফুলবোৰ সৰিছে
ফাগুন আহিছে।
এটা কৈশোৰৰ উকি
ধূলি উৰুৱাই বুকুৰ বাটেৰে আগুৱায়।
তোৰ ফুটুকীয়া ফ্ৰকটোৰ সিঁয়নিত কি আছিল
ফিচিকা দুখ?
দূবৰিৰ কুঁহিৰে বাহিৰ কৰিছিল চোতালৰ পোক

কুঁহিপাঠৰ আখৰবোৰে সাঁথৰ হৈ জপটিয়াইছিল তোক।
শিমলুৰ ডালত ওলমি থকা দুপৰ
তোৰ খাগৰিৰ ডাঁৰিকীয়ে নাপায় ঢুকি
জ্বলি জ্বলি মৰে আৰু সৰে কাৰ আহত কলিজা।
পাছবাৰীৰ তালজোপাইদি যেতিয়া সন্ধিয়া নামে কঁপি কঁপি
তোৰ আয়ে আঁচলত বান্ধি গাৱঁৰ আখলৰ জুই আনে
ওৰেটো বাটত ছটিয়াই আহে মদৰুৱা তেজ।
তিনিটা বানত ডুবিছিল তোৰ পিতাইৰ তিনিবিঘা ৰূপিত মাটি

(এতিয়া তাত ঝাওবন)

এজাক কাউৰীয়ে ৰমলিয়াই খুঁটিয়াইছিল
নিজান এজাৰনিত ওলমি ৰোৱা তেওঁৰ বেজাৰৰ বেঙুনীয়া।
মাটিত এখন আকাশ আঁকিছিলি তই
এটা বেলি আৰু বেলিক ঢাকি ধূলি উৰুওৱা এজাক বতাহ।
কৈশোৰৰ উকি এটাই বিন্ধিছেহি বুকু
নৰা বগৰীৰ ফুলবোৰ সৰিছে
ৰিঙিয়াই নামাতিবি ৰিঙিয়াই নামাতিবি
উৰুঙা পদুলিত হেৰোৱা ফাগুন।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

Comment text..কবিতাটো পঢ়ি আপ্লুত হ’লো।