স্বপ্নাৱৰ্ত (প্ৰতীক্ষা প্ৰিয়ম)

১)

: মোক এইখিনি সময়ত আমনি নকৰিবি শান্তি! যা, কাম হ’ল যদি ঘৰলৈ যা; মোৰ টেবুলতে এশ টকা এটা থৈছোঁ লৈ যাবি, আজি এখেতৰ জন্মদিন।

: হ’ব বাইদেউ। কাইলৈ নাহোঁ, মাজুজনীক চাবলৈ মানুহ আহিব।

: নেলাগে।

আজি আঘোণৰ কিমান দিন গ’ল? পুহ সোমাবলৈ আৰু কিমান দিন বাকী? হিচাপবোৰ পাহৰি পেলাইছে তাই, বয়সৰ হিচাপটোও, সময়বোৰ ক’ৰবাত ৰৈ গৈছে। চকুৰ কোণত ডাঠ বগা চামনি, কোৱা শুনিছে কলেষ্টেৰ’ল হেনো। খোৱা-বোৱাৰ অনিয়ম, চশমাযোৰৰ অবিহনে পুৱাৰ কাকতখন পঢ়িব নোৱাৰে, উকা পৃষ্ঠাত আঁক এটা মাৰিবলেও সাহে নুকুলায়, হাতখন কঁপে। আইনাখনেও যেন একালৰ উদ্দীপিত বিহুৱতীজনীক উপহাস কৰি কয়, “আজি আৰু ক’ত তোৰ ঘন ক’লা নেঘেৰী খোপা, শৰীৰ, চুলিত ছটিয়াই লোৱা চন্দন কাঠৰ আতৰৰ সুৰভি, নিমজ সুগোল হাত ভৰি, ক্ষীপ্ৰ-স্পষ্ট পদচালনা, আকৰ্ষণীয় লয়লাস ভংগী, ক’ত সেই তন্বী দেহ, দেহৰ ভাঁজ। সকলো আজি ভগ্নপ্ৰায়। ৰৈ গৈছ মাথোঁ তই, সেই একেডোখৰ জেগাতেই। তোৰ দেহাই আৰু তোৰ বোজা কঢ়িয়াব নোৱাৰা হৈ আহিছে মন কৰিছ? কিয়, কি বস্তুলৈ ইমান অপেক্ষা তোৰ, কাৰ বাবে ৰৈ আছ ইয়াত একেদৰে? কি বিচাৰি? মোৰ সন্মুখলৈ নাহিবি যাঃ।”

এৰা অপৰ্ণা কাকতি ৰৈ আছে, স্থিৰ চিত্ৰ এখনিৰ দৰে ৰৈ আছে, বাৰাণ্ডাত পাৰি থোৱা কাঠৰ চকীখনত বহি ঘৰৰ মুখেদি আহ যাহ কৰা যান বাহনৰ পু পু পেঁ পেঁ শব্দবিলাকে কাণত বিন্ধিছে, তথাপি অপৰ্ণাই চাহত চুমুক মাৰিছে, লাহে লাহে। কঁপা কঁপা হাতেৰে প্লেটখনৰ পৰা মেৰী বিস্কুট এটা তুলি লৈছে, চাহকাপত লাহেকৈ জুবুৰিয়াইছে, বিস্কুটৰ এফাল সৰি পৰিছে চাহত, শব্দ নাই, কোনো শব্দ নাই। অথচ বিস্কুটটোৰ এফাল নাইকিয়া হৈ থাকিল, চাহত মিহলি হৈ গ’ল..এফাল নাই..কিন্তু কোনেও গম পালে? গম পালে মাথোঁ অপৰ্ণাই..ইতিমধ‍্যে বিস্কুট ফাল সৰি পৰিছিল। হাঁতখন কঁপি উঠিল, স্নায়ুৰ ৰোগটো বাঢ়ি আহিছে নেকি, হাতখন কেতিয়াৰ পৰা এনেদৰে কঁপিবলৈ লৈছিল বাৰু? মনত পেলাবলৈ চেষ্টা কৰিলে অপৰ্ণা কাকতিয়ে। নীড় জন্ম হোৱাৰ পাছৰ পৰাই নহয়নে, অত‍্যাধিক ঔষধ সেৱনৰেই ফল এইবিলাক, ঘন চুলিকোচাওতো তেতিয়াই সৰিবলৈ ধৰিছিল, মসৃণ ডিঙিটোও নিশ্চয় তেতিয়াৰপৰায়ে সোঁতোৰা সোঁতোৰ হ’বলৈ আৰম্ভ কৰা। ঔষধসোপা নোখোৱা হ’লেনো কি হ’লহেঁতেন? নীড় বাচি নাথাকিলহেঁতেন, সিমানেই। কত যে মৰণকাতৰ যন্ত্ৰণা, নীড়ৰ মস্ত ডাঙৰ মূৰটোৱে মাকৰ প্ৰসৱদ্বাৰেদি সৰকিবলৈ বাট নাপাইছিল, অৱশেষত ডাক্তৰে সন্মতি দিছিল চি চেকচন কৰা যাওক। কথা মতেই কাম, সকলো সুকলমে হৈ যোৱাৰ বহুত পিছত অপৰ্ণা কাকতিৰ আৱিস্কাৰ, পেটৰ চিলাইটো ভালকৈ ডাক্তৰে নামাৰিলে, এদিন প্ৰচণ্ড বিষত কেঁকাই জেঁকাই পুনৰ অপৰ্ণা ডাক্তৰৰ চেম্বাৰ পাইছিলগৈ, পেটৰ চিলাইটো খোল নোখোৱাকৈ পুনৰ মাৰি আহিবলৈ।

সেইবিলাক পুৰণি কথা, বৰ্তমান নীড় অসমত নাথাকে, কৰ্মসূত্ৰে দিল্লীত, বিয়া-বাৰুও পাতি দিলে, বোৱাৰী দিল্লীৰে, গোলাঘাটস্থিত এই আসাম টাইপৰ ঘৰটোক তাই আদৰি ল’ব পাৰিলে জানো? অপৰ্ণা কাকতিয়ে খুব আশা কৰিছিল, একমাত্ৰ সন্তানৰ বোৱাৰীয়েকজনীক আটোলটোলকৈ লগতে ৰাখিব, নিজ দুহিতাৰ দৰে। ঘৰৰ ইটো-সিটো কাম মন দি শিকালেহেঁতেন, এদিনতো মাটি-ভেঁটি সিহঁতহালেই চম্ভালিবগৈ লাগিব। নাথাকিল, অপৰ্ণাৰ কথাবিলাক শুনিবলৈ, মনৰ বুজ ল’বলৈও সিহঁতহালৰ আহৰি নহ’ল। অপৰ্ণাকনো বুজিছিল কোনে?

এৰা, অন্ধকাৰ শূন‍্যত বিলীন হৈ যাব খোজে তাইৰ দুচকু, মানুহে শূন‍্যলৈ কিয় চাই পঠিয়াই…কি বিচাৰি? আকাশখনলৈ মূৰ তুলি চালে নিজৰ দুখবোৰ পাতল হোৱা যেন বোধ হয়…..শূন‍্যলৈ চালে? হয়তো ক্ষন্তেক সময়ৰ বাবে দুখখিনিক উপেক্ষা কৰিব পৰা যায়, আলস‍্য ভাৱ এটাৰ স’তে।

ভিতৰৰ পৰা অপৰ্ণাৰ স্বামীৰ ক্ষীণ কণ্ঠস্বৰ শুনা গ’ল।

: হেৰা।

: আহিছোঁ ৰ’ব।

ভিতৰলৈ সোমাই গৈ চিধাই অপৰ্ণা স্বামী ৰুদ্ৰৰ কাষ পালেগৈ। আজি দুবছৰ ধৰি ৰুদ্ৰ পক্ষাঘাত ৰোগত আক্ৰান্ত। শৰীৰৰ এটা ফাল সম্পূৰ্ণ ৰূপেই বিকল। ফিজিয়’থেৰাপিষ্ট এজনে আহি মাজে মাজে চাই যায়হি। তেখেত আৰু অপৰ্ণাৰ জোৰতহে ৰুদ্ৰই আজি মাত উলিয়াব পাৰিছে, আস্ ৰুদ্ৰৰ একালত কি গমগমীয়া মাত..!

: আহিলোঁ, কওকচোন। কিবা খাব নেকি?

: বাহিৰলৈ যাওঁ।

: ব’লক।

অপৰ্ণাই ৰুদ্ৰক ধৰি ধৰি বাথৰুমলৈকে লৈ গৈছে। তাই যেন আজি কিছু অপ্ৰস্তুত। ৰুদ্ৰই মন কৰা নাই, কৰিব নোৱাৰে। এসময়ত তাইৰ দাঁতত ভাত এটা লাগিলেও চিন্তিত হোৱা ৰুদ্ৰই আজি নিজৰে খবৰ ৰাখিব পৰা অৱস্থাত নাই। অপৰ্ণাৰ ডিঙিটো যেন হঠাতে শুকাইছে, লাহে লাহে গিলাচৰ পৰা পানী বাকি খাইছে। এই যেন কিবা এটা ঘটিব, ফোনটোও নাবাজকচোন আজি। কিয়..?কিয় আহিছিল মানুহজন তাইৰ সপোনলৈ? এনেদৰে, এই সময়ত..? হঠাতে..তাকো এইৰূপত..? কিয়?

——————————–

২)

: বৌটি জেউতি জেঠাইহঁতৰ ঘৰলৈ নতুন কোনোবা থাকিবলৈ আহিছে নেকি?

: জেঠাইৰ ভায়েকটো হ’বপায়। সি আহিলে নেকি?

: মানুহ এজন দেখিছিলোঁ আগচোতালত, মুখ ধুবলৈ যাওঁতে দেখা মনত আছে.. জেঠাইৰ জপনামুখত।

: সিয়েই তেনেহ’লে, বেছিকৈ ওলাই মেলি নুফুৰিবি, যাঃ এতিয়া।

: ওলাই মেলি কিয় নুফুৰিম?

: এনেই আৰু, নুফুৰিবি।

: ইহ্ কচোন ক।

: গাভৰু হ’লি খবৰ আছে? দুঘৰ পাৰ হৈ সেইটো অচিনাকি বিয়া নপতা মানুহ এটা আহি আছেহি, মুখ হাতবোৰ আজিৰপৰা পিছফালে ধুবি, পানীপোতাত মুখ ধোৱা অভ‍্যাস এৰ।

পোন্ধৰ বছৰীয়া অপৰ্ণাই নুবুজে মাকে কিয় আগফালে ওলাইবলৈ মানা কৰে, জপনামুখত ৰৈ দেখা দিয়া মানুহজনলৈ ভয় কিয় কৰিব লাগে। তাই স্কুললৈ যায়, সেউজীয়া পাৰিৰ কপাহী চাদৰখনৰ আগটো কঁকালৰ আগলৈ আনি মেখেলাখনত খোঁচ দিবলৈ ৰৈ আইনাখনলৈ চাই থৰ লাগে, বুকুৰ ওপৰৰ চাদৰখন আৰু অলপ ঠিক ঠাক কৰি মিলাই লয়। চাদৰখন অবাধ‍্য, কিয় জানো অপৰ্ণাৰ এনে লাগে যেন শৰীৰৰ এক অংশ ঢাকিবলৈ চাদৰখন অক্ষম, কিয়নো সেই বিশেষ অংশ চাদৰখন টানি আঁজুৰি ঢাকিবৰ মন যায়  অপৰ্ণাই ভালকৈ বুজি উঠা হোৱা নাই, কিন্তু ঢাকে, হঠাতে ওন্দোলাই অহা লাজ এখিনিৰ পৰা তাই পলাই সাৰিব নোৱাৰে… চাদৰখন ইমান ঠেক কিয়? বহাগৰ বিহু পাবহিয়ে, বৌটিক নতুন চাদৰ দুখন লগাবলৈ ক’ব লাগিব- তাই মনতে ভাবে। মাকে যে কৈ গ’ল, জেউতি জেঠাইৰ জপনামুখত দেখা মানুহজনৰ আগত ওলাই মেলি নুফুৰিবি বুলি, সেয়া জানো সম্ভৱ? অপৰ্ণাৰ ইস্কুল যোৱা বাটটোতো সেইফালেদিয়েই। ‘ইটো নকৰিবি সিটো নকৰিবি’ৰ গণ্ডীত তাই জীৱন নিৰ্বাহ কৰিব নোৱাৰে, স্কুলত শিকিছে তাই এইবোৰ কথা, চিন্তন মননৰ যোগেদি মুখে মুখে বাগৰি অহা কথাবিলাকৰ আঁৰৰ বৈজ্ঞানিক কাৰণবোৰ যুক্তিৰে, উপযুক্ত বিচাৰ বিবেচনাৰে ফঁহিয়াই চাবলৈ তাইক স্কুলত শিকোৱা হৈছে। আজি দুদিনমানৰ পৰাতো তাই নিজৰ দেহত সংঘটিত হোৱা দৈহিক পৰিৱৰ্ত্তনৰ উৎস কি সেই বিষয়েও অলপ চলপ পঢ়িবলৈ লৈছে। স্থানীয় লাইব্ৰেৰীটোৰ এচুকত এখন কিতাপে তাইৰ মনোযোগ আকৃষ্ট কৰিবলৈ বিশেষভাৱে সক্ষম হৈছে। তাত ‘হৰমন’ বিষয়ক শিতানটোও তাই পঢ়িছে। ঘৰত মাকহঁতে নোকোৱা, মুখ ফুটাই পাতিবলৈ লাজ কৰা কথাবোৰৰ বিষয়ে তাই লাহে লাহে জানিবলৈ আৰম্ভ কৰিছে। অৱশ‍্যে সম্পূৰ্ণকৈ নহয়, কিছুমান বিষয় এতিয়াও ধূসৰতাৰ মাজতেই, খোলাখুলিকৈ পাতিবলৈও যে কোনো নাই।

সেইফালেদিয়েই পাৰ হৈ যায় অপৰ্ণা, মাকে সাৱধান কৰি দিয়া মানুহজনক ৰাস্তাৰ পৰাই দেখে, পুখুৰীপাৰৰ ঘাঁহ-বন চাফা কৰি থাকে নহ’লেবা বাঁহৰ কামি এডাল একান্তমনে চুঁচি থাকে, একো নকৰাকৈ কিন্তু নাথাকে। নঙলামুখলৈ ওলায়েই তাই জেউতি জেঠাইৰ জপনামুখলৈ ডিঙি মেলি চাই মানুহজন আছে নে নাই..কি যে অহেতুক ভয়। যদি নেদেখে তেতিয়া সোঁ-সোঁৱাই পাৰ হৈ যাব পাৰে, দেখা পালেহে লাগে লেঠা, যাওঁ নাযাওঁকৈ চাদৰখন টানি টুনি এনেদৰে পাৰ হৈ যোৱা হয় যেন এতিয়াই জপনাৰ ইপাৰৰ পৰা যুৱকে আহি চাদৰৰ আগটো নিজৰ ফালে টানিবলৈ ধৰিব! এই যে ভয় আৰু সংকোচ মিশ্ৰিত তাইৰ দৈহিক ভাষা, যুৱকজনে নিশ্চয় নপঢ়াকৈ নাথাকিল, এসপ্তাহমান কথাবিলাক এনেদৰে যোৱাৰ পিছত তেওঁ আৰু অপৰ্ণা স্কুল যোৱা সময়ত আগফালে নোলোৱা হ’ল, তাই তেখেতক পিছবেলাহে কেতিয়াবা দূৰৈৰপৰা দেখে পুখুৰীৰ পাৰটো চাফা কৰি থকা, আবেলি সময়ত আকৌ তেওঁ আগচোতালতে চকী এখন পাৰি কোমল ৰ’দজাক ল’বলৈ বুলি বহেহি। ডাঠ, ক’লা ফ্ৰেমৰ চচমা এযোৰ পিন্ধি কিবা এখন পঢ়ি থাকে, মাজে মাজে পঢ়ি থকাখনৰ পৰা মূৰটো তুলি শূন‍্যলৈ চাই কিবা এটা ভাবে। অপৰ্ণাই এইবোৰ দূৰৈৰপৰাই লুকাই চুৰকে’ চাই, তাইৰ মনটো দেখোন কেনেবাখন কৰে। কিবা জগৰ লগালে নেকি বাৰু তাই, তেখেত যে ৰাতিপুৱাবেলা ঘৰৰ পৰা ওলাই নহা হ’ল?

তাৰমানে নো কি, অপৰ্ণাই নিজকে নিজেই কোৱাৰ দৰে কয়, বিচাৰে নেকি মানুহজন ৰাতিপুৱা সেই একে জেগাতে তাই সন্মুখেদি পাৰ হৈ যোৱা চাবলৈ ৰৈ থাকক? তেওঁ জানো তাইক চাবলৈকে সেই জেগাত ৰৈ আছিল? ওহোঁ নাছিলতো। তাই নিজেই জানোঁ তেখেতৰ দৃষ্টিগোচৰ হোৱাৰ পৰা নিজকে বচাবলৈ চেষ্টা নকৰিছিল? কৰিছিলতো। মাকৰ সকীয়নিও আছিল, অবিবাহিত যুৱক, গাভৰু হ’লি বেছিকৈ ওলাই মেলি নুফুৰিবি। তেনেহ’লে হৈছে কি? গাত উচপিচনি এটা বাঢ়ি অহাৰ উমান কিয় পাইছে তাই, পাবতো নালাগে, পাবলৈ দিব নোৱাৰি..তথাপি বাঢ়ি আহিছে নিঃশব্দে! এজন মানুহৰ প্ৰতি ভয় আৰু আকৰ্ষণ একে সময়তে অনুভৱ কৰা সম্ভৱ নে?

: কাকু, জেঠায়েৰে কচু শাকৰ আঞ্জা খাবলৈ মন মেলিছিলে, যাচোন এইবাতি দি থৈ আহগে’, মই পঠিওৱা বুলি ক’বি।

অপৰ্ণাক ঘৰত কাকু বুলি মাতে।

: জেউঠি জেঠাইক ন? তই দেখোন মোক তালৈ যাবলে’ মানা কৰিছিলি।

: এহ্ একো নহয় যা, বাতিটো দি গুচি আহিবি।

বুলি কৈয়েই মাক সাউৎকৰে পিছদুৱাৰেদি শাকনি বাৰীৰ পিনে ওলাই গ’ল।

উগুল-থুগুল মন লৈ অপৰ্ণা জেউতি জেঠাইৰ দুৱাৰমুখ পালেগৈ, চিঞৰ লগালে—

: জেঠাই অ’ জেঠাই।

: কোন অ’ কাকু নেকি? বহচোন মই গা তিয়াবলৈ আহিলোঁ। এই সোমায়ে আহ ভিতৰলৈ, বাহিৰত ৰৈ নাথাকিবি। ঐ ঐ সুকুমাৰ…আ সুকু, শুনচোন ছোৱালীজনী আহিছে বহিবলৈ দে।

লৰচৰ নকৰাকৈ বাহিৰতে ৰৈ আছিল অপৰ্ণা, তেনেকুৱাতে ওলাই আহিছিল সেই বিশেষ মানুহজন- সুকুমাৰ যাৰ নাম। (নামটো পিছে অপৰ্ণাই সেইদিনাহে গম পাইছিল।)পিন্ধনত আঁঠুলৈকে কোচাই লোৱা ক’লাৰঙী পেণ্ট আৰু ছুটি হাতৰ চোলা, ভৰিত হাৱাই চেণ্ডেল। প্ৰায় ছফুট ওখ মানুহজনে এটা বিশেষ ভংগীমাত খোজ কাঢ়ে, চকু দুটাত অহৰহ কৌতুক এটা ওলমি থকাটো অপৰ্ণাই মন কৰিলে।

: অহ তুমি দেখোন! আহা সোমাই আহা।

গাৰ বাঢ়ি অহা কঁপনিটো কোনোমতে লুকুৱাই তাই জেউতি জেঠাইৰ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল সেইদিনা। দুভৰি যেন থৰক-বৰক, শীঘ্ৰেই এঠাইত বহি ল’ব পাৰিলেই ৰক্ষা। অজান অভ‍্যন্তৰত কিহবা এটাই কুটকুটাইছিল, সেইবোৰক উপেক্ষা কৰাৰ কৌশল অপৰ্ণাৰ সেই বয়সত আয়ত্ব কৰা হোৱা নাছিল। কাঠৰ চোফাখনতে তাই বহি পৰিল, ইতিমধ‍্যে কচুশাকৰ আঞ্জা এসোঁতা বাতিৰ কাণেদি বৈ আহিছিল, আঞ্জাই আহি তাইৰ হাত স্পৰ্শ কৰিলতহে যেন সম্বিৎ ঘূৰাই পালে। খৰধৰকৈ সন্মুখৰ টেবুলখনতে তাই আঞ্জা বাতি থ’লে। হাতখন তাই পিন্ধি অহা ফ্ৰকটোতেই মোহাৰিবলৈ যাওঁতেহে দেখিলে ফ্ৰকত হালধিৰ দাগ এসোপা লাগিয়েই আছে। সুকুমাৰৰ আগত তাইৰ মন সংকুচিত হ’ল।

: তোমাৰ নাম?

: অপৰ্ণা বৰুৱা।

: কোন শ্ৰেণী?

: এইবাৰ নৱমলৈ পাইছোঁ।

: বাহ্ পঢ়া-শুনা কেনে চলিছে?

: ভালেই।

: কিবা অসুবিধা পালে মোক নিঃসংকোচে সুধিব পাৰা, ময়ো তোমাৰ সমান ল’ৰা-ছোৱালীক টিউচন লৈছিলোঁ এসময়ত। মোক দাদা বুলিয়েই মাতিবা দেই, জোৰকৈ পাতি লৈছোঁ। হে হে!

গভীৰ কণ্ঠস্বৰ মানুহজনৰ, অপৰ্ণাৰ দৰে লাজে মানে জৰ্জৰিত ছোৱালী এজনীক দুআষাৰ কথাতেই আপোন কৰি তুলিবৰ ক্ষমতা তেখেতে ভালদৰেই অৰ্জন কৰি ৰাখিছিল। কথাবিলাক আগবাঢ়িছিল, সহজ হৈ উঠিছিল সময়বোৰ আৰু পৃথিৱীখন যেন হৈ উঠিছিল আগতকৈও বেছি সেউজীয়া….নৱবন্ধুত্ব উমেৰে। লাহে লাহে সুকুমাৰ শইকীয়া অপৰ্ণা বৰুৱাৰ একান্ত ভাল বন্ধু হৈ উঠিল। দাদা সম্বোধনেৰে জ‍্যেষ্ঠ ভাতৃৰ সন্মানেৰে সন্মানিত কৰা সুকুমাৰ শইকীয়াৰ প্ৰতি অপৰ্ণাৰ একালৰ সেই অবুজ বাখ‍্যাতীত মনোভাৱক সন্তপৰ্ণে দমন কৰিবলৈ তাই শিকি উঠিছিল যদিও মাজে মাজে উক যে দিয়া নাছিল তেনে নহয়। কিন্তু সন্মান, সম্বন্ধ আৰু বন্ধুত্ব সদায় আগস্থান। বিৰূপ ভাৱাপন্ন হৈ এই তিনিওটাকে অপদস্থ কৰিব নোৱাৰে অপৰ্ণাই।

——————————————-

৩)

: আজি সোনকাল যে?

: শেষৰ পিৰিয়ড দুটাৰ বাইদেউ নাহিল। গুচিয়ে আহিলোঁ।

: বান্ধৱীহঁতে লগ নধৰে নেকি আজিকালি?

: ধৰে, কৰবী, গীতাঞ্জলিহঁতে আজিতো টাউনত মেলা চাবলৈকে লগ ধৰিছিলে, মোৰ মন নাছিল, সিহঁতি কথাবিলাক বুজে আৰু।

: কি কথানো বুজে হে?– চকু টিপ মাৰি সুধিলে সুকুমাৰ শইকীয়াই।

: এই যে, মোৰ মন নগ’লে সিহঁতিও জোৰ নকৰে.. এনেকুৱা কথাবিলাক।

: সিহঁতি বেছ বুজন।

: ওম।

: পথাৰৰ সিটো পাৰে যাবা? পাহাৰৰ দাঁতি?

: মায়ে যদি গম পায়? পাহাৰৰ দাঁতিলৈতো বহুত দূৰ।

: বেছি নহয়, মই চমু ৰাস্তাৰে লৈ যাম তোমাক, বেলি পৰাৰ আগেয়ে আমি ঘূৰিও আহিব পাৰিম, আচলতে তোমাক মই তালৈ এটা বিশেষ বস্তু দেখুৱাবলৈ নিব খুজিছোঁ।

: কি আছে নো? মই জনাততো তাত সাপ-বেং অসংখ‍্য।

: সাপ-বেঙৰ পৰা ভয় নাই, তুমি সিহঁতক অপকাৰ নকৰালৈকে সিহঁতিও তোমাক কোনো অপকাৰ নকৰে। তাতে মই আছোঁ নহয় লগত, ব’লা না, যি বুজিছোঁ মই নোহোৱা হৈ গ’লে আৰু দাঁতিলৈ যোৱাৰ সৌভাগ‍্য নহ’ব তোমাৰ।

: ইহ আপুনি আকৌ কিয় নোহোৱা হৈ যাব! কথা যে কয়। ব’লক তেনেহ’লে যাওঁ।

মৌনতাৰ কিছু সময় অতিবাহিত কৰাৰ পাছত…

: অপৰ্ণা।

: হুঁ?

: আঁজলীজনী মোৰ। তোমাক লৈ মোৰ বহুত চিন্তা হয় জানা!

: কিয়?

সুকুমাৰ পুনৰ নৈঃশব্দৰ অটল গহ্বৰত, দূৰ শূন‍্যতাত লক্ষ‍্য স্থিৰ কৰি নিজ ভাৱনাত বিলীন।

: কি চিন্তাত জানো বিভোৰ হৈ থাকে আপুনি।

: হুঁ? চিন্তা? নাইতো..চোৱাচোন চোৱা আমি পথাৰৰ একেবাৰে মাজত আছোঁ, আমাৰ চাৰিওপিনে সুবিস্তৃত পথাৰ..আৰু ক্ৰমশ ওচৰ চাপি অহা সেই পাহাৰটো চোৱানা অপৰ্ণা! পাহাৰৰ টিঙত সেইবোৰ ডাৱৰ..

: পাহাৰৰ সৌন্দৰ্য‍্য দূৰৈৰ পৰাহে হেনো!

: পাহাৰখন বৰ ৰহস‍্যময় অপৰ্ণা। মই তোমাক কেতিয়াবা পাহাৰৰ কাহিনী ক’ম। কাৰ্বি আংলঙতেই মই স্কুলীয়া শিক্ষা সাং কৰিছোঁ।

: আপুনি ভাগ‍্যৱান। মোক ডিফুৰ কাহিনী ক’বই লাগিব কিন্তু।

: ক’ম নহয়। এই চাবা চাবা সাৱধান, ৰাস্তাটো বৰ ওখোৰা-মোখোৰা।

সেইদিনা সিহঁতি দাঁতিকাষৰীয়া গাঁও এখনত সোমাইছিল, ৰসেৰে চপচপীয়া ষ্ট্ৰবেৰী খাইছিল, বতাহত বনৰীয়া ফুলৰ মিঠা সুগন্ধি নাকেৰে উজাই দুয়ো আগবাঢ়িছিল, অৰ্কিড বাগিচাৰ পৰা এপাহি অৰ্কিড আনি সুকুমাৰে তাইক উপহাৰ দিছিল। সেই অৰ্কিডখিনি দেখুৱাবলৈকে যে সুকুমাৰৰ ইমান উচাহ!

: কাকু, তোৰ মতি-গতি মোৰ ভাল লগা নাই। মোৰ কথা নুশুনাৰ পৰিণাম তই সোনকালেই ভোগ কৰিবলৈ পাবি।

: হ’ল আৰু তোৰ বৌটি।

: গাৱঁত বু-বু বা-বা শুনিছোঁ, সেই সুকুমাৰ নে কি বোলাটোৰ লগত তোৰ ইমান কিহৰ হলি-গলি?

: সুকুমাৰ দা মোৰ ভাল বন্ধু, তোক আগেয়েও কৈছোঁ।

: বন্ধু? সৌ সিদিনা আবিৰ্ভাৱ হোৱা মানুহ এটা হঠাতে কেনেকৈ তোৰ ইমান ভাল বন্ধু হৈ পৰিল?

: চা বৌটি, এই বিষয়ে আৰু মই একো পাতিব নোখোজো। মোৰ ভাগৰ লাগিছে, বিচনালৈ যাওঁ।

: যা যা, শোৱা আৰু গা ঘেলোৱাৰ বাহিৰে তোৰ হৈছেনো কি? মেট্ৰিকটোকেই পাছ কৰ আৰু পাৰ যদি।

দিনবোৰ এনেকৈয়ে পাৰ হৈ গ’ল। ত্ৰিশ বছৰীয়া সুকুমাৰে পোন্ধৰ বছৰীয়া অপৰ্ণাৰ মাজত আৰু অপৰ্ণাই সুকুমাৰৰ এনে কি বিচাৰি পাইছিল সেয়া হয়তো সিহঁত দুটাৰ মাজৰ এটায়ো সঠিককৈ ক’ব নোৱাৰিব, আজিলৈকে। অন্তৰৰ কোনোবা একোণত সংগোপনে থিতাপি লোৱা সেয়া যে প্ৰথম যৌৱনৰ ৰোমাণ্টিক অনুভৱ নহয়, এই বুলিও একেআষাৰে নাকচ কৰি দিব পৰা অৱস্থাত অপৰ্ণা নাছিল। অন‍্যহাতে সুকুমাৰৰ ভাষা আছিল ভিন্ন। তাৰ মতে তাই তাৰ নিবিড়তম বন্ধু, যাৰ লগত সকলো ধৰণৰ কথা পাতিব পাৰি, মৌনতাৰ ভাষাৰেও জীপাল কৰি তুলিব পাৰি কোমল আবেলি অথবা কুঁৱলি আচ্ছাদিত চেঁচা সন্ধ‍্যাবোৰ। দুয়ো একেলগে পথাৰৰ আলিয়ে আলিয়ে খোজ কাঢ়ে, পুখুৰীৰ দলঙত বহি বৰশী বায়, পাহাৰৰ দাঁতিলৈ দৌৰ লগায়, ভাগৰি পৰিলত দুয়ো জিৰায়( সাধাৰণতে অপৰ্ণায়ে ভাগৰে, সুকুমাৰৰ শাৰীৰিক শক্তিৰ তুলনা নাই, অপৰ্ণাক ডাম্বেল, বুকদান মাৰি বহুত বাৰ দেখুৱাইছে), গাঁৱৰ নামঘৰৰ পিৰালিতো বহি দুয়ো কথা পাতে, সুকুমাৰে অপৰ্ণাৰ পঢ়া-শুনা চাই দিয়ে। যিদিনা নামঘৰৰ পিৰালিত বহাৰ দিন আহিব সেইদিনা গধূলি ডবা-কাঁহ বজালৈকে সিহঁতি তাতেই থাকে, বাহিৰৰ পৰাই একেবাৰে সেৱাটো কৰিহে ঘৰা-ঘৰি উভটে। ইয়াৰ উপৰি সিহঁতৰ কত যে কথা, সুকুমাৰৰ জহতে অপৰ্ণাই দেশ-বিদেশৰ অজস্ৰ নজনা কথা জানিবলৈ সক্ষম হ’ল।

এনেদৰেই ছয় মাহ পাৰ হৈ গ’ল, চকুৰ পচাৰতে।

————————- —–

৪)

: নগ’লে নহয়?

: মনঃপুত চাকৰি পাইছোঁ, নগ’লে কেনেকৈ হ’ব? ঘৰৰ অৱস্থাৰ কথাটো কৈছোৱেই তোমাক।

: চাকৰিত জইন কৰি কি কৰিব? বিয়া?

: অপৰ্ণা! ৰ’বাচোন বিয়াৰ কথা মই ভবায়ে নাই। বিয়া পাতিলেই মই গৃহবন্দী হৈ যাম। পৃথিৱী ভ্ৰমণ কৰাৰ সপোনটো তেতিয়া আৰু মোৰ সঁচা নহ’ব বুজিছা। হি হি হি।

: বিদায়ৰ মুহূৰ্তত যে আপোনাৰ হাঁহিও ওলাইছে, হুঁহ!

: অহ মোৰ অভিমানী প্ৰিয়া..!!

: নামাতিব মোক। অভিমানী প্ৰিয়া!! ইমান মূৰামূৰি সময়ত মোক খবৰটো দিছে, মই এক্কেবাৰেই সাজু নাছিলোঁ। উফ এতিয়া মই কি কৰিম, কেনেদৰে পাৰ হ’ব মোৰ দিনবোৰ।

: পাগলী, তই সঁচাকে’ মস্ত পাগলী এজনী। প্ৰেমিকায়ো এনেদৰে অভিমান নকৰে যিদৰে তুমি কৰিছা।

এইবাৰ লাহে লাহে অপৰ্ণাৰ মূৰত হাত বুলাই সুকুমাৰে কৈ গ’ল—–“তুমি এতিয়াও বহুত সৰু হৈ আছা অপৰ্ণা, পৃথিৱীখনৰ বহুত কথায়ে তোমাৰ জানিবলৈ বাকী আছে। তোমাৰ আলসুৱা মনটোৱে ভাবিব বিচৰাৰ দৰে কথাবিলাক ইমান সৰলো নহয়। তুমি আৰু বহুদূৰ আগুৱাব লাগিব অপৰ্ণা, বহুত দূৰ। জাকত জিলিকা হ’ব পাৰিবা তুমি, মোৰ দৃঢ় বিশ্বাস। এইখিনি সময়ত পঢ়া-শুনাত মন দিয়া। অযথা আৱেগত দহি নিজকে নিঃশেষ কৰি নেপেলাবা, তুমি মোৰ গৌৰৱ সোণজনী, তোমাৰ সংগসুখ, তোমাৰ সান্নিধ‍্য মই নাপাহৰোঁ। মোৰ অন্তৰত তুমি চিৰসেউজ হৈ থাকি যাবা, আজীৱন আমৃত‍্যু…”

: কিন্তু মই…..

: কোৱা।

: (নীৰৱ)

কিবা ক’ব খুজিও নোৱাৰিলে অপৰ্ণাই। ডিঙিটো যেন শুকাই গ’ল, সেপটো ঢুকুতে অলপ কষ্ট পাইছে, এই অনুভৱ হ’ল তাইৰ।

: হ’ব, সময়ে সকলো ঠিক কৰি নিব, মোৰ প্ৰিয়বন্ধু অপৰ্ণাৰ জীৱন হাঁহিৰে ফুলাম হওক।

নামঘৰৰ পিৰালিত বহি দীৰ্ঘদেহী সুকুমাৰ শইকীয়া গুচি যোৱাৰ দিশে চাই ৰৈছিল পোন্ধৰ বছৰীয়া অনভিজ্ঞ অপৰ্ণা বৰুৱাই। আজি তাইৰ সময়বোৰ অলপ অকলশৰে কটাবলৈ মন গৈছে। কি প্ৰত‍্যুত্তৰ দিলেহেঁতেন নো তাই, নিজেই বুজি নোপোৱা এটা সম্পৰ্কৰ যতি পৰিলত তাই সুখী হোৱাৰ প্ৰয়োজন আছিল নেকি? কাৰণ যোৱা ছমাহ আছিল তাইৰ বাবে অহৰ্নিশ অন্তৰ্দ্বন্দ্ব। কিছুমান কথা সুকুমাৰক জানিবলৈ দিয়া হোৱা নাছিল, বহুত চেষ্টা কৰি গোপনে ৰাখিছিল। সেইবিলাক কথাৰ আভাস সুকুমাৰে পাইছিল নে নাই তাই নাজানে। বয়সৰ অভিজ্ঞতাৰে পুষ্ট হৈ বহুত পিছত হে তাই উপলব্ধি কৰিলে…পাইছিল, কথাবিলাকৰ আভাস সুকুমাৰে ঠিকেই পাইছিল। যিদিনা এই কথাৰ উপলব্ধি হৈছিল সেইদিনাও প্ৰচণ্ড আক্ৰোশত দগ্ধ হৈছিল অপৰ্ণা, সিমানেই যিমান পোন্ধৰ বছৰ বয়সত তাই অনুভৱ কৰিছিল। আৰু তেতিয়াই তাইৰ আন এক উপলব্ধিও লগতে হৈছিল, তাইৰ বাবে সুকুমাৰ শইকীয়া নামৰ মানুহজন সজীৱ হৈ থাকি যাব আজীৱন, বিস্মৃতিৰ গহ্বৰত বিলীন হৈ নাযায়।

সুকুমাৰ বাৰু ঠগ নেকি? ওহোঁ মুঠেও হ’ব নোৱাৰে। সুকুমাৰৰ ওচৰত উপায় নাছিল, গোটেই জীৱনটো সন্মুখত পৰি থকা কোমলবয়সীয়া ছোৱালী এজনীক তেওঁ বান্ধি পেলাব নোৱাৰে।

যি কৰিলে সি ভালেই কৰিলে, অপৰ্ণাৰ বাটহে মুকলি কৰি থৈ গ’ল সি।

পিছে ইমানখিনি কথাটো নৱম শ্ৰেণীৰ ছোৱালী এজনীৰ মগজুৱে ঢুকি পোৱাতো অসম্ভৱ। কিদৰে চম্ভালি ল’লে সেই কণমানি ছোৱালীজনীয়ে নিজকে, এই কথা খোদ অপৰ্ণায়ো গম নাপায়, কিতাপ-বহীকেইখনৰ মাজতেই তাই কাণ মূৰ গুঁজি দিনবোৰ অতিবাহিত কৰিবলৈ ধৰিলে, দুখন চিঠি আহিছিল মাত্ৰ। চিঠি অহা কাৰবাৰটো মাকহঁতৰ একেবাৰেই পচণ্ডৰ নাছিল, ভালেই হ’ল দুখনৰ পিছত আৰু নহা হ’ল। শেষত অহা চিঠিখনৰ মতে সুকুমাৰ আছিল কলিকতাত।

ইতিমধ‍্যে ডিষ্টিংচনসহ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি জে.বি কলেজলৈ ঢাপলি মেলিছিল অপৰ্ণা বৰুৱা। বুকুত অযুত হেঁপাহ, সপোনৰ ডেউকা বহলকৈ মেলি উৰিব খুজিছিল তাই..পাৰিলেও, উৰিব পাৰিলে। বিহু নাচি নাচি বৰ বিহুৱতীৰ খিতাপো অৰ্জন কৰিলে। সুখ‍্যাতিৰে ইতিহাস বিষয় অনাৰ্ছ হিচাপে লৈ স্নাতক পাছ কৰিবলৈ সক্ষম হ’ল। তাৰপিছত গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ সেই সোণ-সোনোৱালী দিন, তাতেই লগ পাইছিল ৰুদ্ৰ কাকতিক। ল’ৰা ভাল, ছোৱালীও পচণ্ডৰ, না কৰাৰ প্ৰশ্নই নুঠে। উলহ-মালহেৰে দুয়োৰে বিয়াখন হৈ গ’ল। অপৰ্ণা বৰুৱা আহি হ’লহি অপৰ্ণা কাকতি। অপৰ্ণা-ৰুদ্ৰৰ সুখৰ সংসাৰ, কোনো আউল নাই, অপৰ্ণাই ঘৰখন নিকপকপীয়াকৈ ধৰি ৰাখিলে, সকলোকে মৰমেৰে আৱৰি ৰাখিব পৰাটো অপৰ্ণাৰ এটা বিৰল গুণ আৰু কৃতিত্ব। এসময়ত গৈ নিজে পঢ়া কলেজখনৰ পৰাই প্ৰাধ‍্যাপিকা হিচাপে অৱসৰো গ্ৰহণ কৰিলে অপৰ্ণা কাকতিয়ে। ল’ৰাও ডাঙৰ হ’ল, বিয়া বাৰু পাতিলে, অনেক দুখ কষ্টৰ মাজেদিও হাঁহি থাকিবলৈ শিকিছে অপৰ্ণা আৰু ৰুদ্ৰ কাকতিৰ পৰিয়ালে। সুকুমাৰ শইকীয়া তেতিয়ালৈ অতীত, তথাপি কৰুণ বাঁহীৰ সুৰ এটা হৈ বাজিয়ে থাকিল অপৰ্ণা কাকতিৰ বুকুৰ মাজত, কাকো গমো ল’বলৈ নিদিলে, সকলো সুচাৰুৰূপে চলি গৈ থাকিল।

এনেকুৱা নহয় যে সুকুমাৰ শইকীয়াৰ নাম তাই সেই দিনটোৰ পিছত আৰু ক’তো শুনা পোৱা নাই। পিছলৈ সি ৰাজনীতিৰ পথাৰত নামিছিল, সেই পথাৰৰ এজন দক্ষ খেলুৱৈ হিচাপে জনাজাত সুকুমাৰ শইকীয়া। সকলোৰে প্ৰিয়ভাজন, ৰাইজৰ মংগলাৰ্থে অহোপুৰুষাৰ্থ কৰ্ম কৰিবলৈ উদ‍্যত সুকুমাৰ নামধাৰী পুৰুষজন যেন অপৰ্ণাৰ বাবে হাতেৰে ঢুকি নোপোৱা এটা তৰা, এনেহে লাগিল তাইৰ। কোনোদিনা তাইৰ মনলৈ অহা নাছিল যে দক্ষ ৰাজনৈতিক নেতা সুকুমাৰ শইকীয়াক ভালে আছেনে বুলি মাত এষাৰ দিওঁ, নোৱাৰিলে দিব মাত। আচলতে দিব নুখুজিলে, চপৰা-চপৰ মেঘৰ দৰে অভিমানে ওন্দোলাই তোলে অপৰ্ণাৰ মনাকাশ, লগতে আৰু এটা ভয়, চলি থকা সুন্দৰ সংসাৰখনত সুকুমাৰ শইকীয়াৰ আগমনে কিবা আউল লগাই দিয়েহি যদি। নাঃ কাষ চাপিবলৈ দিব নোৱাৰি, তাই নিজৰ মন ও মগজুক নিয়ন্ত্ৰণাধীন কৰি ৰাখিব পাৰিবই লাগিব। আৰম্ভ হৈছিল আন এক অন্তৰ্দন্দ্ব, যিখনৰ উমানো অপৰ্ণাৰ চৌপাশৰ মানুহখিনিয়ে তিলমাত্ৰ পাব পৰা নাছিল। কঠিন শিলৰ চোলা পিন্ধি সকলো চলাই নিলে অপৰ্ণা কাকতিয়ে। সকলো কাম সময়মতে কৰি নিলে সুচাৰুৰূপে। বৰ্তমান পৰ্যন্ত কাকো আক্ষেপ কৰিবৰ সুযোগ দিয়া হোৱা নাই।

———————————

(৫)

সপোন——-

বেলি পৰিছে, আকাশখন ঘন কমলাবুলীয়া, চৰাই-চিৰিকটিৰ কিচিৰ-মিচিৰ মাত শুনা পোৱা গৈছে। অপৰ্ণাৰ মনত সন্দেহ, এয়া পুৱতি নিশা নে গধূলি বেলা? তাই অচিন পাৰ্ক এখনৰ মাজেদি খোজকাঢ়িছে, দূৰৈত ষ্ট্ৰীট লাইটৰ পাতল পোহৰ। খোজকাঢ়ি থাকোঁতে তাই আকাশখনলৈ চাই পঠিয়াইছে, নাই তৰা নাই জোন। ক’লৈ গৈ আছে তাই, নাজানে। আঁঠুৰ বিষটোৰ অৱস্থিতি শূন‍্য, পুনৰ যেন তাই চঞ্চলা গাভৰু, নৈ এখনৰ দৰে তাইৰ শৰীৰ, দেহৰ ভাঁজ সুস্পষ্ট, ঢোলৰ চেৱত যেন পুনৰ কঁকাল ভাঙি ভাঙি নাচি উঠিব। তাই দুহাত মেলি দিছে, গাত চেঁচা বতাহ এজাকে কোবাই গ’ল। এনেকুৱাতে এটা অৱয়ব…এটা চিল’ৱেট (silhouette), চিনাকি অচিনাকি যেন, কাৰ হ’ব পাৰে বাৰু। মানুহজন ক্ৰমাৎ ওচৰ চাপি আহিছে, লাহে লাহে প্ৰকট হৈ উঠিছে তেখেতৰ মুখমণ্ডল, হাত, ভৰি, পৰিধানত সেই চিনাকি বগা চাৰ্ট আৰু ক’লা পেণ্ট। চুলিখিনি ঢৌ খেলা, কাণৰ কাষলৈকে এটা বিশেষ ষ্টাইলত কটোৱা। কোন কোন? সুকুমাৰ শইকীয়া? হয়, তেৱেঁই হয়। সুকুমাৰ শইকীয়াই দুহাত মেলি দিছে অপৰ্ণাৰ ফালে, অপৰ্ণাই চাই ৰৈছে প্ৰশ্নবোধক চাৱনিৰে, কিন্তু লৰচৰ কৰা নাই, ৰৈ গৈছে। চাই পঠিয়াইছে সুকুমাৰৰ দুচকুলৈ, ভাৱলেশহীন, শেঁতা। এনেকুৱাতো নাছিল সুকুমাৰ দা, কি হৈছে তেখেতৰ? এইবাৰ তেওঁ তাইৰ কান্ধত হাত থ’লে। এইবাৰ দুয়ো আগবাঢ়িছে, লক্ষ‍্যস্থান অজ্ঞাত। তাই মাজে মাজে চাই পঠিয়াইছে তেওঁলৈ, তেওঁ নিৰ্বিকাৰ, ওঁঠত ঢৌ খেলোৱা হাঁহিটো যেন নাই, দৃষ্টি সন্মুখলৈ স্থিৰ, ভাৱলেশহীন, নিৰ্বাক, নিঃস্পন্দন!  এইবাৰ এখন ট্ৰেইন আহি ৰৈছেহি। সুকুমাৰে অপৰ্ণাৰ কান্ধৰ পৰা হাতখন এৰি দিছে, অতি নাটকীয়ভাৱে। তাই ট্ৰেইনত উঠিছে, পুনৰ চাইছে তলত ৰৈ থকা সুকুমাৰৰ মুখলৈ, সুকুমাৰৰ ওঁঠযোৰ কঁপি উঠিছে, কিবা এটা ক’ব খুজিও যেন ক’ব পৰা নাই। ট্ৰেইনখন চলিবলৈ ধৰিল, একে জেগাতেই ৰৈ গৈছৈ তাই, নাই….কেঁকুৰিটো পোৱাৰ ঠিক অলপ আগতেই সুকুমাৰ হেৰাই গ’ল, দৃশ‍্যপটত নাই।

: বাইদেউ অ’ বাইদেউ!

খপজপকৈ সাৰ পাই উঠিল অপৰ্ণা কাকতি।

: অহ শান্তি! ৰহ ৰহ গৈছোঁ।

দুৱাৰখন খুলি দি ক’লে;

: আজি বৰ সোনকালে আহিলি, মোৰো জানো কি হ’ল বহুত দেৰিলৈকে শুলোঁ। ছাৰে মাতিছিলে যদিও গম নাপাওঁ।

: সোনকালে উভটিব লাগিব আজি, সেইকাৰণে আহিলোঁও সোনকালে।

—————————————–

৬)

: গাটো গৰম নেকি আপোনাৰ চাওঁ।

: নহয়।

: ৰ’ব চুপ এবাতি কৰোঁগৈ।

: হুঁ।

ৰুদ্ৰ কাকতিক বিচনাত শুৱাই থৈ অপৰ্ণা পাকঘৰ সোমাল। পাচলি এখিনি মিহিকৈ কুটি ল’লে, ফ্ৰীজত চিকেন অলপ আছিল, তাকো মিহিকৈ কুটি পাচলিৰ স’তে প্ৰেচাৰ এটাত সিজিবলৈ গেছত বহুৱাই দিলে। মূৰ্গী মাংসৰ চুপ ৰুদ্ৰৰ প্ৰিয়, যদিও এতিয়া আগৰ দৰে হাঁড় মূৰ চোবাই খাব নোৱাৰা হ’ল, দহটামান প্ৰেচাৰ মাৰি চুপত দিয়া সামগ্ৰীখিনি নিসনি ভাততকৈও কোমলাব লাগিব। অপৰ্ণাই ইমান কোমল বস্তু খাব নোৱাৰে, দাঁত এতিয়াও ভাল হৈ আছে।

প্ৰেচাৰটো উঠাই কাপোৰ এখিনি জাপোঁ বুলি শোৱা কোঠাত সোমালে। এইটো নামতহে শোৱা কোঠা, বৰ্ত্তমান কোনো নুশোৱে ইয়াত। ৰুদ্ৰ সংলগ্ন কোঠাটোত থাকে, তেওঁক চাবলৈ অহা মানুহ ঢেৰ, সঘনাই আহি থাকে ফিজিঅ’থেৰাপিষ্টজন। হাজাৰ হ’লেও এখিনিমান বাহিৰা মানুহক একালৰ আপোন শোৱাকোঠাটোত সোমাবলৈ দিবলে’ অপৰ্ণাৰ মনে নকয়। এতিয়া ইয়াত গডৰেজ দুটা, আলনা এডাল, ড্ৰেছিং আইনাখন আৰু কোনো নুশোৱা দুজনীয়া বিচনাখন। কেতিয়াবা নীড়হঁত আহিলে সেই ৰুমটো ব‍্যৱহাৰ কৰে। অপৰ্ণা ৰুদ্ৰৰ ৰুমতেই শোৱে, বিচনাখন বেলেগ।

কামখিনি সামৰি টি.ভিটোকেই অন কৰি বহিল অপৰ্ণা। ৰাতিপুৱা দেখা সপোনটোৱে এনেও মনত অগা-দেৱা কৰি আছিলেই, মনটো কিবা এটাত নিমজ্জিত কৰি নাৰাখিলে নহয়, বাৰেপতি মনটো দেখোন সপোনটোলৈকে যাব খোজে।

চেনেলবোৰ এফালৰ পৰা সলাই গৈছে, আজিকালি মন ভাল লগা অনুষ্ঠানবোৰেই নোহোৱা হ’ল নে নিজৰ ৰুচিবোধেই হেৰাই থাকিল জানোঁ!

বাতৰিকেই চোৱা যাওক, আৰপিছত ‘পিয়া মিলেংগে’ ৰ এপিচ’ড এটাকেই চাম, মনতে ভাবি ল’লে অপৰ্ণাই। মনেই নবহে দেখোঁন কোনো এটা চেনেলতে, কোনোবা সাহিত‍্যিক এজন ঢুকাইছে, তাকেই লৈ স্পেচিয়েল ৰিপৰ্ট। এইবোৰ খবৰে মন-চন বেয়াহে কৰে, আজি আৰু মৃত‍্যুৰ বাতৰি এটা ল’ব পৰা অৱস্থাত অপৰ্ণা নাই।

: ক্ৰিং ক্ৰিং।

ম’বাইল ফোনটো বাজি উঠিল, টি.ভি টো আধাতে এৰি তাই উঠি গ’ল।

: হেল্ল’!

: অপৰ্ণা বাইদেউ ভালে আছেনে?

: হয়, ধৰিব পৰা নাই, কোন বাৰু?

: অহ্ ছৰি ছৰি, মই প্ৰেৰণা, আপোনাৰ একালৰ ছাত্ৰী। কিমান যে বিচাৰ-খোচাৰ কৰি আপোনাৰ নম্বৰটো উলিয়াইছোঁ নহয়, কি যে ক’ম‌। মোক বাৰু চিনি পাইছেনে আপুনি বাইদেউ?

: প্ৰেৰণা….প্ৰেৰণা……ওমমম…

: প্ৰেৰণা কলিতা। মাজুলীৰ যে…আপুনি পঢ়োৱা বিষয়ত সৰ্বোচ্চ নম্বৰ পাই পাছ কৰিছিলোঁ!

: অ’ অ’ এতিয়া মনত পৰিছে তোমাৰ মুখখন। কি খবৰ ভালে আছা? কি কৰি আছা…ক’ত তুমি এতিয়া কোৱাচোন।

: আছো বাইদেউ, বিয়া-বাৰু হ’লোঁ। বৰ্ত্তমান মই বিবাহসূত্ৰে গুৱাহাটীত থাকোঁ, পলিটিছিয়ান সুকুমাৰ শইকীয়াৰ পুত্ৰ সুনয়ন শইকীয়াৰ পত্নী হ’লোঁহি।

: কি? তুমি সুকুমাৰ শইকীয়াৰ ঘৰলৈ বিয়া হৈছা! মই গমেই নাপাওঁ ইমানবোৰ কথা।

: নক’ব আৰু, অস্ ৰ’বচোন বাইদেউ অলপ পিছত কথা পাতিম হাঁ, কিবা এটা হৈছে!

অপৰ্ণা কাকতিৰ ‘বাৰু ৰাখা’ টো শুনিবলৈ পোৱাৰ আগেয়ে সিপাৰে ফোনটো প্ৰেৰণাই ৰাখি দিলে।

অপৰ্ণায়ো টি.ভি টো অফ্ কৰি পাকঘৰৰ দুই-এটা কাম কৰিবলৈ ভিতৰলৈ গ’ল। ৰুদ্ৰক চুপ খুৱালে, নিজেও ৰুটি চবজী অলপ কৰি খালে। সমান্তৰালভাৱে যেন চলি থাকিল ফোনটো পুনৰ  বাজি উঠালৈ অপেক্ষা। অলপতে সুকুমাৰ শইকীয়াৰ বোৱাৰীয়েকে ফোন কৰি গ’ল যি নেকি তেওঁৰেই একালৰ ছাত্ৰী। হঠাতে..সকলো হঠাতে হৈ গৈছে। সপোনটোৰ স’তে যেন সুকুমাৰ শইকীয়া মানুহজনো আগবাঢ়ি আহিছে ক্ৰমাৎ অপৰ্ণাৰ জীৱনলৈ, অনাকাংক্ষিতভাৱে।

টি.ভি টোকেই চাওঁচোন, মনটো কিহবাত লাগেই কিজানি! পুনৰ টি.ভি অন, পৰ্দাত ভাঁহি উঠিল অলপ আগলৈকে চাই থকা নিউজ চেনেলটোৰ এটা দৃশ‍্যাংশ।

….বিশিষ্ট ৰাজনৈতিক নেতা সুকুমাৰ শইকীয়াক এন.এম.চি.এইচত ভৰ্ত্তি কৰোৱা হৈছে, তেখেত বহুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত সমস‍্যাত ভুগি আছিল বুলি আমি জানিবলৈ পাইছোঁ….

ক্ষন্তেক সময়ৰ বাবে টি.ভিৰ পৰ্দাত চকু স্থিৰ কৰি বহি ৰ’ল অপৰ্ণা….সুকুমাৰক হস্পিটেলত এডমিট কৰোৱা হৈছে। পঁচাশী বছৰ বয়স, এৰা বয়সোতো যথেষ্ট হ’ল মানুহজনৰ। টি.ভিৰ ক্ৰীণত সেয়া ভাঁহি আহিছে সুকুমাৰ শইকীয়া ৰাজনীতিৰ পথাৰত দপদপাই থকা কালৰ সপ্ৰতিভ মুখ। চাই আছে থৰ লগাকৈ অপৰ্ণাই, শৰীৰটো যেন লৰচৰ কৰিব পৰা নাই। এসময়ত টি.ভি টো অফ্ কৰি চোফাখনতে হেলান দি চকুদুটা মুদি দিলে। দহমিনিটমান তেনেদৰে থকাৰ পিছত কি ভাবি জানো এটা নম্বৰ ডায়েল কৰাৰ কথা তাইৰ মনত খেলালে…ধীৰ-স্থিৰ মনোভাৱেৰে ম’বাইলটো তুলি লৈ..কণ্টেক্টছ্…কল লগ…৯৮১৮২…..কল….

প্ৰেৰণা শইকীয়াৰ ফোন নংটো তেতিয়া বিজি।

————————–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments