অসমৰ দবাখেল সম্পৰ্কে কিছু আলোচনা – দিগন্ত চহৰীয়া

দবা খেল মগজুৰ খেল। এই খেলত পুৰুষ মহিলা, লৰা ছোৱালী উভয়ে একেলগে প্ৰতিদ্বন্দিতা কৰিব পাৰে । বয়সৰো কোনো কথা নাই । কম বয়সৰ খেলুৱৈৱে বেছি বয়সৰ খেলুৱৈৰ বিৰুদ্ধেও খেলিব পাৰে । দবা খেলিলে মগজুৰ ব্যায়াম হয়। মগজুৰ সক্ৰিয়তা বৃদ্ধি পায়। ধীৰ স্থিৰ হয়। ধৈৰ্যশক্তি বাঢ়ে। সংযমী হয়।
দবা শিকাৰ আদৰ্শ সময় বুলি কলে, দুই তিনি বছৰ বয়সৰ পৰাই শিশু এগৰাকীক দবাৰ সৈতে পৰিচয় কৰাই দিলে ভাল।
এতিয়া চছিয়েল মিডিয়াৰ বিস্ফোৰণৰ সময়ত ছাত্ৰ ছাত্ৰী কম বয়সৰ পৰাই ফেচবুক, ৱাটছএপৰ প্ৰতি আসক্ত হয়। চছিয়েল মিডিয়াক বেয়া বুলি কব খোজা নাই । কিন্তু পঢ়াৰ বোজাৰ মাজত বেছি সময় ফেচবুক, ৱাটছএপ আদিত থাকিলে ক্ষতি হোৱাৰ আশংকাই প্ৰবল। তেনেস্থলত ছাত্ৰ ছাত্ৰীক দবাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে ভাল ফলাফল আশা কৰিব পাৰি । দবা বুলি নহয়, কৈশোৰ যৌৱনৰ সন্ধিক্ষণত ছাত্ৰ ছাত্ৰীক খেল বা যিকোনো ভাল বিষয়ৰ সৈতে জড়িত কৰি ৰাখিব পাৰিলে, ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জীৱনত সফলতা লাভ কৰিবই। কেৰিয়াৰ নষ্ট হোৱাৰ কোনো ভয় নাথাকে । ব্যক্তিগতভাৱে মই দবা খেলক গুৰুত্ব দিওঁ। পঢ়াশুনাৰ ক্ষেত্ৰত দবা যথেষ্ট সহায়ক হয়। উচ্ছৃংখলতা ৰোধৰ ক্ষেত্ৰত দবা খেলৰ ভূমিকাক কোনোৱে নুই কৰিব নোৱাৰে।
কেন্দ্ৰীয় বিদ্যালয়ৰ বাদেও, দেশৰ বহুকেইখন ৰাজ্যৰ বিদ্যালয়ত দবা বাধ্যতামূলক খেল। অসমৰ চৰকাৰী স্কুলত কিন্তু দবা খেলক গুৰুত্ব দিয়া হোৱা নাই । অৱশ্যে গুৱাহাটীৰ বহুকেইখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অভিজাত স্কুলত দবা এটা বিষয় হিচাপে ৰখা হৈছে । ফলস্বৰূপে গুৱাহাটীত প্ৰতিভাশালী দবাৰুৰে ভৰি পৰিছে।
অসম চৰকাৰে দবাক স্কুল সমূহত বাধ্যতামূলক কৰা উচিত । ভাল খেলুৱৈ সৃষ্টি হোৱাত এই পদক্ষেপে নিশ্চয় সহায় কৰিব। সমাজৰ বাবেও ইতিবাচক প্ৰভাৱ পেলাব।
দবা খেলৰ সামাজিক প্ৰভাৱ আছে। আগতেও কৈছো, দবা খেলুৱৈ ধীৰ স্থিৰ, সংযমী হয়। যদি দবা এক সংস্কৃতি হিচাপে গঢ়ি উঠে, তেন্তে নিশ্চয়কৈ সমাজৰ কিছুমান নেতিবাচক দিশ নিৰ্মূল হব।
মই দবাৰ সামাজিক দিশটোহে উল্লেখ কৰিছো। কিন্তু বিশ্বমানৰ দবা খেলুৱৈ সৃষ্টি কৰিবলৈ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ প্ৰয়োজন । দবাৰ পাৱাৰ হাউছ ৰূপে স্বীকৃত অন্ধ্ৰ,তামিলনাডু আদি ৰাজ্যত প্ৰতি বছৰে দহখন মান ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা সমূহত দেশৰ আগশাৰীৰ খেলুৱৈৱে অংশ লয়। লগতে গ্ৰেণ্ড মাষ্টাৰৰ তত্ত্বাৱধানত প্ৰশিক্ষণ আছেই। বিদেশৰ গ্ৰেণ্ড মাষ্টাৰো আহে। উচ্চ ৰেংকিঙৰ খেলুৱৈৰ সৈতে খেলিলে নিজৰ খেলৰ উত্তৰণ ঘটা স্বাভাৱিক ।
অসমত দবাৰ এক সুস্থ পৰিবেশ গঢ়ি নুঠা নহয়। প্ৰতিযোগিতা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে । এয়া শুভ লক্ষণ । পিছে এয়াই যথেষ্ট নহয়। আৰু অধিক প্ৰতিযোগিতা নিয়মীয়াকৈ অনুষ্ঠিত হোৱা প্ৰয়োজন। লগতে নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা । বৰ্তমান অসমত ফিডে ৰেটিং লাভ কৰা দবাৰুৰ সংখ্যা তাকৰ নহয়।
আমাৰ অসমৰ দৰঙ জিলাৰ মঙলদৈত দবাৰ এক সুস্থ পৰিবেশ আছে। মঙলদৈৰ মহাশ্বেতা কুমাৰ, অসম দবা খেলুৱৈ জগতৰ চিনাকি নাম। ঠিক তেনেদৰে অসমত প্ৰতিভাবান দবাৰুৰ অভাৱ নাই। কিন্তু এটা সময়ত গৈ সকলো খেলুৱৈ ৰৈ দিবলগীয়া অৱস্হা এটা হয়গৈ। এটা পৰ্যায়ৰ পিছত আৰু খেলৰ উন্নতি ঘটাব পৰা নাই প্ৰতিভাবান খেলুৱৈ সকলে। এটা নিদিৰ্ষ্ট সময়ত ৰৈ যোৱাৰ বাবেই হয়তো আজিলৈকে এজনো অসমৰ পৰা ইণ্টাৰনেচনেল মাষ্টাৰ ওলোৱা নাই। গ্ৰেণ্ড মাষ্টাৰতো দূৰৰ কথা। ইয়াৰ কাৰণ আৰু এটা নিৰ্দিষ্ট সময়ৰ পাছত দবাৰু এজনে কিয় ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰে? এই দিশবোৰ সুক্ষ্মভাৱে ফঁহিয়াই চাই, তাৰবাবে প্ৰয়োজনীয় দিশবোৰ সামৰি আগবাঢ়ি গলেহে অসমৰ দবা খেলুৱৈ বিশ্বমানৰ খেলুৱৈ হিচাপে পোৱাৰ আশা কৰিব পাৰি । দবাৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰেও যথোচিত ব্যৱস্থা গ্ৰহণৰ সময় সমাগত।
*********=====

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক