নীলা তিমি – প্ৰাঞ্জল চক্ৰবৰ্তী

নীলা তিমি হৈছে পৃথিবীৰ সৰ্ববৃহৎ স্তন্যপায়ী প্ৰাণী৷

সচৰাচৰ তিমিমাছ বুলিয়েই কোৱা এইপ্ৰাণীবিধ আচলতে মাছ নহয়, এবিধ পোৱালি জগোৱা স্তন্যপায়ী প্ৰাণীহে৷ বাহ্যিকভাৱে মাছৰ লগত ইয়াৰ যথেষ্ট বেছি মিল থকা বাবে ইয়াৰ বৈজ্ঞানিক অৱস্থিতিক লৈ নানান বিভ্ৰান্তিৰ সৃষ্টি হয়৷ আনকি বহুতো পাঠ্যক্ৰমত ইয়াক আটাইতকৈ ডাঙৰ মাছ বুলিয়েই কোৱা হৈছে৷ এই লেখাটোৱে তিমি সম্পৰ্কে আমাৰ বহুতৰে মাজত থকা আসোঁ‌ৱাহ কিছু হ’লেও দূৰ কৰিব বুলি আশা কৰিলো৷

সাধাৰণ পৰিচিতিঃ

বৃহদাকাৰৰ প্ৰাণীবোৰৰ অন্যতম হৈছে সাগৰৰ বাসিন্দা এই তিমি (Whale)বোৰ৷ তিমিৰ কেইবাটাও প্ৰজাতিৰ ভিতৰত নীলা তিমি (Blue Whale) বিধেই হৈছে পৃথিৱীত থকা আটাইতকৈ ডাঙৰ প্ৰাণী৷ ইয়াৰ বৈজ্ঞানিক নাম Balaenoptera musculus. ইয়াৰ_দেহৰ_দৈৰ্ঘ্য প্ৰায় ৯০-১১০ ফুট আৰু ওজন ১, ৮০০-২, ০০০ কুইণ্টল পৰ্য্যন্ত হয়৷ ইয়াৰ জিভাখনৰ ওজনেই এটা হাতীৰ ওজনৰ সমান হ’ব পাৰে৷

ই মাংসাহাৰী যদিও আন তিমিৰ নিচিনাকৈ ডাঙৰ মাছকে ধৰি আন ডাঙৰ প্ৰাণী চিকাৰ কৰি খাব নোৱাৰে৷ কাৰণ, ইয়াৰ হনুত দাঁ‌ত নাথাকে৷ পিছে, ইহঁ‌তৰ উৰ্দ্ধ হনুত কেৰাটিন নামৰ প্ৰ’টিনৰ দ্বাৰা গঠিত এক অস্থিসদৃশ টান গঠন থাকে৷ ইয়াক “Whale bone“ বা “Baleen Plate“ বোলা হয়৷ ইয়াৰ আকৃতি চালনীৰ দৰে৷ ইহঁ‌তৰ প্ৰধান খাদ্য ক্ৰীল (এবিধ মিছামাছৰ নিচিনা সৰু প্ৰাণী)৷ বৃহৎ আকাৰৰ হোৱা বাবে ইয়াৰ কোনো স্বাভাৱিক শত্ৰু বা চিকাৰী নাই৷ কিন্তু, দুৰ্বল আৰু পোৱালি নীলা তিমিক “ঘাতক তিমি (Killer Whale)“ নামৰ আটাইতকৈ ডাঙৰ প্ৰজাতিৰ ডলফিনবিধে খাদ্যৰ বাবে আক্ৰমণ কৰি মাৰি পেলায়৷

নীলাতিমিৰ দেহত থকা স্তন্যপায়ীৰ লক্ষণসমূহঃ

মানুহকে ধৰি আন স্তন্যপায়ী প্ৰাণীসমূহত থকা বেছিভাগ লক্ষণেই নীলা তিমিৰ ক্ষেত্ৰত দেখা পোৱা যায়৷ অৱশ্যে, জলজ অভিযোজনৰ বাবে কিছুমান চৰিত্ৰ লোপ পায় কিম্বা অবিকশিত হয়৷ কেইটামান বিশেষ চৰিত্ৰ তলত উল্লেখ কৰিলো৷

(১)পোৱালি জন্মদিয়াঃ

নীলা তিমিকেই ধৰি সকলো ধৰণৰ তিমিয়েই জৰায়ুজ প্ৰাণী৷ অৰ্থাৎ, ইহঁতে পোৱালি জন্ম দিয়ে আৰু পোৱালি মাতৃৰ জৰায়ুৰ ভিতৰত বিকশিত হয়৷ পোৱালি জন্ম দিয়াটো স্তন্যপায়ীৰ আটাইতকৈ ডাঙৰ লক্ষণ৷

(২)স্তনগ্ৰন্থিৰ উপস্থিতিঃ

সকলো ধৰণৰ স্ত্ৰী মাইকী স্তন্যপায়ীৰ দেহতেই স্তনগ্ৰন্থি পোৱা যায়৷ মাইকী নীলা তিমিৰো স্তনগ্ৰন্থি আছে৷ পোৱালিয়ে মাকৰ গাখীৰ খায়েই ডাঙৰ-দীঘল হয়৷ মাছৰ স্তনগ্ৰন্থি নাথাকে৷

(৩)উষ্ণৰক্তী প্ৰাণী

সকলো ধৰণৰ স্তন্যপায়ী প্ৰাণীয়েই উষ্ণৰক্তী অৰ্থাৎ তেজৰ বা শৰীৰৰ উষ্ণতা বাহিৰৰ উষ্ণতাতকৈ অলপ হ’লেও বেছি৷ নীলা তিমিও ইয়াৰ ব্যক্তিক্ৰম নহয়৷ আকৌ, আন স্তন্যপায়ীৰ নিছিনাকৈ নীলা তিমিয়েও বাহিৰৰ পৰিবেশৰ লগত শৰীৰৰ ভিতৰৰ উষ্ণতাৰ সমতা বজাই ৰাখিব পাৰে৷ তিমিৰ ছালৰ তলতে ব্লাবাৰ নামৰ এক অতি ডাঠ চৰ্বিৰ স্তৰ থাকে৷ নীলা তিমিৰ ক্ষেত্ৰত এই ব্লাবাৰখন ১০-১২ ইঞ্চি পৰ্য্যন্ত হয়৷ এই ব্লাবাৰখনে শৰীৰৰ ভিতৰৰ উষ্ণতা বাহিৰলৈ ওলাই যাব নিদিয়ে৷ মাছবোৰ উষ্ণৰক্তী নহয়, শীতলৰক্তীহে৷

(৪)দেহত নোমৰ উপস্থিতিঃ

দেহত নোমৰ উপস্থিতি স্তন্যপায়ী প্ৰাণীৰ এক অন্যতম মুখ্য চৰিত্ৰ৷ পিছে, নীলা তিমিৰ ক্ষেত্ৰত এই চৰিত্ৰটো বৰ স্পষ্ট নহয়৷ ভ্ৰুণাৱস্থাত তিমিৰ নোম থাকে যদিও জন্মৰ ঠিক আগতেই নাইবা জন্মৰ পিছতেই নোমবোৰ নোহোৱা হৈ যায়৷ কোনো কোনো ক্ষেত্ৰত, মূৰৰ শীৰ্ষাংশত নোমৰ উপস্থিতি পৰিলক্ষিত হয়৷

(৫)বায়বীয় শ্বসনঃ

বায়বীয় শ্বসন অৰ্থাৎ বায়ুৰ মাধ্যমত উশাহ-নিশাহ লোৱাটো সকলো ধৰণৰ স্তন্যপায়ীৰ অন্য এক মুখ্য চৰিত্ৰ৷ নীলা তিমিয়ে পানীৰ তলত উশাহ-নিশাহ লব নোৱাৰে৷ ই হাঁওফাঁ‌ওৰ সহায়ত জলপৃষ্ঠৰ ওপৰলৈ আহিহে উশাহ-নিশাহ লয়৷ আনহাতে, মাছে ফুল বা জলক্লোমৰ সহায়ত পানীৰ তলতে উশাহ-নিশাহ লব পাৰে৷

ওপৰত উল্লেখ কৰা চৰিত্ৰসমূহদ্বাৰা গম পোৱা যায় যে নীলাতিমি মাছ নহয়, এক স্তন্যপায়ী প্ৰাণীহে৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!