গল্পকাৰ প্ৰশান্ত কুমাৰ দাসৰ সৈতে সাক্ষাৎকাৰ

(নব্বৈৰ দশকত গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰি জনপ্ৰিয় হৈ পৰা বিশিষ্ট গল্পকাৰ, স্তম্ভ লেখক, অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা (গল্পবোৰ), দৈনিক অসম সাহিত্য বঁটা (গল্পবোৰ) প্ৰাপক, ইণ্ডিয়ান এক্সপ্ৰেছৰ তৰফৰ পৰা ২০১২ চনত প্ৰস্তুত কৰা সাম্প্ৰতিক কালৰ ভাৰতীয় আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ নবীন লেখকৰ তালিকাত অসমীয়া ভাষাৰ একমাত্ৰ গল্পকাৰ ৰূপে স্থান লাভ কৰা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা উপন্যাস ৰচনাৰ বাবে ২০১১-১২ বৰ্ষত জ্যেষ্ঠ জলপানি বঁটা (Senior Fellowship Award) লাভ কৰা, বৰ্তমান সাদিন কাকতৰ জ্যেষ্ঠ মুখ্য ষ্টাফ ৰিপ’ৰ্টাৰ প্ৰশান্ত কুমাৰ দাসক নতুনকৈ চিনাকি কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন নাই৷

তেখেতৰ গল্পই পঢ়ুৱৈৰ মাজত সদায় এক বিশেষ স্থান দখল কৰি আহিছে৷ তেখেতৰ শেহতীয়া উপন্যাস “নীল তমালৰ ৰ’দ”এ পাঠকৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ তেখেতক জানিবলৈ, তেখেতৰ সৃষ্টিৰাজি আৰু সামগ্ৰিক অসমীয়া সাহিত্যৰ কথা জানিবলৈ সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা প্ৰাঞ্জল অনুভৱী আৰু উৎপলা কৌৰে আঁক-বাক প্ৰকাশন গোষ্ঠীৰ কাৰ্যালয়ত তেখেতক সাক্ষাৎ কৰিছিল৷ তেখেতৰ সৈতে হোৱা কথা-বতৰাখিনি ইয়াতেই উপস্থাপন কৰা হ’ল৷

(সম্পাদনা কক্ষঃ সাহিত্য ডট্ অৰ্গ)

সাক্ষাৎকাৰঃ


সাহিত্য ডট্ অৰ্গঃ আমি আজি অলপ গল্পৰ কথা পাতিম৷ আপোনাৰ ‘পৰ্যৱসন’ শিৰোনামৰ গল্পটো যেতিয়া ‘প্ৰান্তিক’ত প্ৰকাশ পাইছিল তেতিয়া প্ৰান্তিকৰ মুখ্য সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত মাননীয় ভবেন্দ্ৰ নাথ শইকীয়া চাৰে আপোনাক প্ৰান্তিকৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছিল৷ খুব সম্ভৱ আপুনি সেই সময়ত কলেজৰ ছাত্ৰ আছিল৷ এই বিষয়ে অলপ ক’ব নেকি?

প্ৰশান্ত কুমাৰ দাসঃ মই মানে প্ৰান্তিকলৈ গল্পটো পঠিওৱাৰ আগতে এনেয়ে লেখা মেলা কৰি থাকোঁ৷ কোনো চিৰিয়াচ মেগাজিনলৈ লেখা বা গল্প পঠিওৱা নাছিলো৷ কলেজ মেগাজিন আদিতেই এনেধৰণৰ অলপ লেখা মেলা আছিল আৰু৷ সেই সময়তে গল্পটো লিখিছিলোঁ৷ প্ৰান্তিকখন আমাৰ সেইটো সময়ত চবৰে প্ৰিয় এখন আলোচনী৷ গতিকে প্ৰথমতে তালৈকে পঠিয়াই দিলোঁ৷ লিখি থাকোঁতে প্ৰথমতে মনত প্ৰান্তিকলৈ পঠিয়াম বুলিয়েই ভাবি লৈছিলো৷ তেতিয়া হায়াৰচেকেণ্ডাৰী বোধহয় শেষ, মানে হাতত সময় আছিল৷ তাৰ পিছতে কি হ’ল- সেইটো তেনেকৈ পৰি থাকিল, কিছুদিন গ’ল, দুমাহ-তিনিমাহ গ’ল, নছপায় বুলিয়েই ভাবিছিলোঁ৷ তিনিমাহমান পাছত বোধহয় এখন চিঠি দিলে যে এইটো প্ৰকাশৰ বাবে ৰখা হৈছে, কিন্তু সময়টো ধৰি দিয়া নাই৷ তেনেকুৱা কিবা লেটাৰ এখন দিছিল৷ সেইখন তেওঁলোকৰ প্ৰিণ্ট কৰা লেটাৰ এখন৷ সাধাৰণতে লেখকসকলক দিয়ে যে কিবা এটা মনোনীত হ’লে পিছলৈ ছপাব তেনে এখন ৰেডিমেড ধৰণৰ লেটাৰ এখন পঠাই দিছিল৷ যি নহওক মানে মই প্ৰায় নিশ্চিত হ’লোঁ যে গল্পটো ওলাব৷ তাৰ পাছত আৰু ছমাহমান চাগে, মুঠতে মানে পঠিওৱাৰ পৰা ছমাহমান গ’ল৷ তাৰ পাছত এখন চিঠি পালো৷ প্ৰান্তিকৰ ইমৰাণ হুছেইনে লিখিছে, যে শইকীয়া চাৰে লগ পাব বিচাৰিছে৷ গল্পটোৰ সম্পৰ্কে আলোচনা এটা আছে৷ মানে আপোনাৰ লগত তেখেতে কথা হ’ব খোজে, এইধৰণৰ৷ সেইটো সময়ত আমি পঢ়া-শুনা কৰি থাকোঁ, ভবেন্দ্ৰ নাথ শইকীয়া আমাৰ কাৰণে এজন স্বনামধন্য মানুহ৷ তেওঁৰ দৰে মহান লোক এজন, প্ৰান্তিকৰ সম্পাদক, তেওঁ মোক লগ পাব বিচাৰিছে৷ তাকো এটা গল্পৰ বিষয়ে কথা পাতিবলৈ৷ সেইটো মই পঠিওৱা গল্প, মানে চিৰিয়াচলি লিখা, ক’ৰবালৈ পঠিওৱা এটা গল্প৷ গতিকে সেই কথাটো মোৰ বাবে বহুত সাংঘাতিক কিবা কথাৰ নিচিনা৷ চিঠিখন বহুদিন পকেটতে আছিল৷ চিঠিখন লগ-বন্ধুবোৰকো দেখাও৷ সেইটো সময়ত মই যদিও সাহিত্যৰ অনুৰাগী, গল্প লিখিবলৈ ভালপাওঁ, পঢ়ো কিন্তু এনেকুৱাও কোনো নহয় যে মোৰ মাজত কিবা এটা সম্ভাৱনা আছে৷ মই চিৰিয়াচলি লিখিব পাৰিম, সেই ধৰণে তেতিয়ালৈকে মোক কোনেও মন কৰা নাই৷ আৰু মই নিজেও সিমান ভবা নাই৷ মই মাত্ৰ এইটো এটা চখৰ নিচিনা বস্তু এটা আছিল বাবেই লিখিছিলো৷

গতিকে সেইটো সময়ত মই সুনাম থকা ধৰণৰ এজন নাছিলো৷ গতিকে যিসকলে মোক বেয়া বুলি ভাবে তেওঁলোকক চিঠিখন দেখাও আৰু শইকীয়া চাৰে মোক লগ ধৰিবলৈ বিচৰা, মই পঠিওৱা গল্প তেওঁলোকে উলিয়াব খোজা, এইধৰণৰ কথা কৈ মোৰো যে গুৰুত্ব এটা আছে সেইটোকেই চিঠিখন লৈ প্ৰমাণ কৰিব বিচাৰো৷ যি কি নহওক, তেওঁলোকে এটা তাৰিখ, এটা সময় ধৰি দিছিল, কোনোবা এটা বাৰ বা নহ’লে অমুক বাৰত তেওঁক পোৱা যাব৷ আহিলোঁ, আহি চাৰক দেখা কৰিলোঁ৷

তেওঁ বিশেষকৈ মোৰ লগত গল্পটো সম্পৰ্কে একো আলোচনা নকৰিলে৷ মাত্ৰ মোক লগ পাব বিচাৰিছিল৷ তেওঁ কি ভাবি মাতিছিল নাজানো, কাৰণ গল্পটো সম্পৰ্কে তেওঁ মোৰ লগত একোৱেই আলোচনা কৰা নাছিল৷ তেখেতে সুধিলে যে এটা পাৰ্টিকুলাৰ কেৰেক্টাৰ আছিল, নাম এটা আছিল- সেই নামটোৰ সেই মানুহজনক মই পাৰ্চনেলী লগ পাইছোঁ নেকি? কিবা কোনোবা পাৰ্চনেল মানে মই চিনি পোৱা মানুহৰ বিষয়ে লিখিছোঁ নেকি? মই ক’লো- নহয় আৰু এইটো এটা কাল্পনিক চৰিত্ৰ৷ তাৰপিছত ঘৰুৱা কথা-বতৰাবিলাক সুধিলে৷ খা-খবৰ ল’লে, আৰু ক’লে যে মোক মানে অলপ বয়সত ডাঙৰ বুলি ভাবিছিল হেনো৷ সেইখিনি কৈয়ে তেওঁ শুভেচ্ছা আদি দিলে আৰু গল্পটো ওলাব বুলিও ক’লে৷

কিন্তু মোৰ কাৰণে সেই চিঠিৰ মাহাত্ম্যটো মোৰ মাজত থাকি গ’ল মানে তাৰ প্ৰভাৱ জীৱনলৈ থাকি গ’ল৷ মই এটা গল্প প্ৰথম লিখিছোঁ আৰু সেই গল্পটোৱেই তেওঁলোকে ছপাব বুলি সিদ্ধান্ত লৈছে, আকৌ শইকীয়া চাৰে মোক লগ পাব বিচাৰিছে, লগ কৰিছে, তেওঁৰ লগত মুখামুখি হৈ কথা পাতিছোঁ, এইবোৰেই পিছৰ জীৱনত মোক লিখিবলৈ অনুপ্ৰেৰণা দিলে৷ মোৰ জীৱনত স্থায়ী ভাবে এটা ইতিবাচক প্ৰভাৱ পৰি গ’ল৷

সাহিত্য ডট্ অৰ্গঃ সেই সময়ত আপোনাৰ বয়স কিমান আছিল?

প্ৰশান্ত কুমাৰ দাসঃ তেতিয়া হায়াৰচেকেণ্ডাৰীত আছিলো৷ কিন্তু মই গল্পটো প্ৰকাশ পাওঁতে মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পাই গ’লোঁ৷ কাৰণ মাজৰ ঘটনাখিনিত যিখিনি সময়ৰ ব্যৱধান থাকিল, সেইখিনি সময়তে মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পাই গ’লোঁ৷

সাহিত্য ডট্ অৰ্গঃ দেখা গৈছে যোৱা কেইটামান বছৰত গল্পৰ তুলনাত উপন্যাস, কবিতাৰ কিতাপ প্ৰকাশ বেছিকৈ হৈছে৷ আমি এনেকৈ ভাবিলে ভুল হ’ব নেকি যে তুলনামূলকভাবে গল্পৰ পাঠকৰ কমিছে?

প্ৰশান্ত কুমাৰ দাসঃ  নাই, মই ক’ব খুজিছোঁ যে এখন আলোচনীৰ এজন সম্পাদকলৈ গল্প এটি পঠিওৱা গৈছে৷ ধৰক কোনোবা এজনে গল্প এটা পঠিয়াইছে৷ ধৰক নতুন লেখক এজন৷ সম্পাদক গল্পটো প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে, চিঠিৰে যোগাযোগ কৰিছে, লেখকজনক মাতি পঠিয়াইছে, উৎসাহ দিছে- এই বস্তুটো আজি ভাবিলে আচৰিত লাগে৷ আজিকালিতো বহুকেইখন সাহিত্য আলোচনী আছে৷ পিছে এইধৰণৰ উৎসাহ কিমানে পায় বাৰু সেইটোহে আচল কথা৷  এনে উৎসাহ সকলোৱে পোৱা উচিত৷ শইকীয়া চাৰৰ দৰে মই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ক্ষেত্ৰটো সেই একেই আছিল, তেখেতেও চিঠি দিছিল, লগ পাব বিচাৰিছিল৷ মানে চন্দ্ৰপ্ৰসাদ শইকীয়া বা ভবেন্দ্ৰ নাথ শইকীয়াৰ দৰে একোখন আলোচনীৰ সম্পাদকে কিমান কৰ্মনিষ্ঠাৰে সম্পাদনা কৰে, নতুন চামক উলিয়াই অনাৰ কাৰণে ব্যক্তিগতভাবেও কিমান প্ৰচেষ্টা লয়- এই বস্তুটো মানে খুব সাংঘাটিক কথা আছিল৷ আজিকালি সেইটো কিমান হয় নাজানো৷ আমি নিজেও কাকত-আলোচনীত গল্প ছপোৱা অৰ্থাৎ আলোচনী সম্পাদনাৰ দায়িত্বত থাকোঁ৷ এইধৰণৰ কাম আমিও সিমান চাগে নকৰোঁ৷ কিন্তু এইটো খুবেই জৰুৰী, খুব দৰ্কাৰ আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ সাহিত্য জগততে পৰে৷

সাহিত্য ডট্ অৰ্গঃ জীৱনলৈ থাকি যায়.. নহয়জানো?

প্ৰশান্ত কুমাৰ দাসঃ হয়, থাকি যায়৷ মানে ধৰক আজি মোক কৈছে, আন কাৰোবাকো কৈছে-এইটো নহয় যে তেওঁ মোকেই বিচাৰিছে৷ তেওঁৰ সেইটো সময়ৰ কবি, মানে প্ৰবন্ধ লিখা লেখক, গল্প লিখা লেখক, সকলোকে তেখেতে চিঠিৰে যোগাযোগ কৰে, কাৰোবাক মাতে, ভুল বিলাক দেখুৱাই শুদ্ধ পৰ্যন্ত কৰাই দিয়ে৷ এনেকুৱাও হয়, মোকো বহুবাৰ কৈছে- এইটো তুমি নতুনকৈ লিখা, শেষখিনি এনেকৈ কৰিবাচোন, কি হয় তুমি ভাবি থাকাচোন- এই ধৰণৰ৷ এইধৰণৰ যোগাযোগ ৰখা, ইমান নিষ্ঠা সহকাৰে কাম এটা কৰা, এইবোৰ বৰ দুৰ্লভ গুণ৷ এইধৰণৰ কাম প্ৰকৃত সম্পাদক এজনেহে কৰিব পাৰে যিয়ে সাহিত্য বা লেখকৰ প্ৰতি তেওঁৰ অপৰিসীম শ্ৰদ্ধা আৰু দায়বদ্ধতা থাকে৷ এই কামটো তেওঁৰ দৰে নমস্য সম্পাদক এজনৰ বাবেহে সম্ভৱপৰ৷

সাহিত্য ডট্ অৰ্গঃ প্ৰশ্নটো পুনৰ দোহাৰিলোঁ৷ দেখা গৈছে যোৱা কেইটামান বছৰত গল্পৰ তুলনাত উপন্যাস, কবিতাৰ কিতাপ প্ৰকাশ বেছিকৈ হৈছে৷ আমি এনেকৈ ভাবিলে ভুল হ’ব নেকি যে তুলনামূলকভাবে গল্পৰ পাঠকৰ কমি গৈছে?

প্ৰশান্ত কুমাৰ দাসঃ হয়, গল্পৰ পাঠক কমিছে৷ মই যেতিয়া বিভিন্ন প্ৰকাশকক লগ পাওঁ৷ আনকি  আঁক-বাকৰ সৌমিত্ৰ যোগীৰ কথাকেই কও৷ সৌমিত্ৰ্ৰৰ লগত মোৰ এটা ঘনিষ্ঠ সম্পৰ্ক, মই প্ৰায়ে পাই থাকোঁ আৰু অন্যান্য যিখিনি আগশাৰীৰ প্ৰকাশক আছে, তেওঁলোকক লগ পালেও প্ৰায়েই কয় যে সাহিত্যৰ অন্যান্য দিশবিলাকৰ তুলনাত গল্পৰ চাহিদাটো পাঠকৰ ওচৰত কম৷ তেওঁলোকে গল্প প্ৰকাশ কৰাতকৈ আন কিতাপ প্ৰকাশ কৰিবলৈ বেছি মানে আগ্ৰহী৷ বিশেষকৈ উপন্যাস৷ এজন লেখকে গল্পৰ সংকলন এখন উলিওৱাতকৈ এখন উপন্যাস উলিয়াবলৈহে বেছি আগ্ৰহী হয়৷ গতিকে তেওঁলোকেও কয় যে গল্পৰ চাহিদা কমিছে, মানুহে গল্প কমকৈ পঢ়ে, উপন্যাস পঢ়িবলৈ চাগে বেছি ভালপায়, তেনেকুৱা কথা৷

কিন্তু এইটো হয় যে গল্পৰ চাহিদাটো কমিছে৷ অৱশ্যে এইটো কথা অসমীয়া সাহিত্যৰ ক্ষেত্ৰতেই নহয়, সমগ্ৰ বিশ্বতে দেখোঁ যে মানে গল্পতকৈও উপন্যাস বা আন ধৰণৰ লেখাৰ কিতাপৰ প্ৰতিহে প্ৰকাশকসকল বেছি আগ্ৰহী হয়৷ এই ধাৰাটো কিয় হৈছে নাজানো৷ এজন মানুহৰ গল্প পঢ়াৰ যিটো আগ্ৰহ বা ইচ্ছা, সেইটো উপন্যাস সাহিত্য বা অন্য সাহিত্যলৈকে হয়তো সলনি হৈ গৈছে৷ কিন্তু একেবাৰে নহয়, কথাটো তুলনামূলকভাবেহে কব পাৰি৷ যোৱা বাৰটা মাহৰ বেষ্ট চেলাৰ কিতাপখিনিৰ প্ৰথম পাঁচখনৰ আটাইকেইখনেই প্ৰবন্ধ জাতীয় কিতাপ৷ ৰাজনৈতিক কিতাপবিলাকৰো চাহিদা বেছি৷ ‘ফাষ্ট এণ্ড ফুৰী’ নামৰ আমেৰিকান প্ৰেচিডেণ্টৰ ব্যক্তিগত জীৱনৰ বিষয়ে লিখা কিতাপ যিখন এইবাৰ সমগ্ৰ পৃথিৱীতে বেষ্ট চেলাৰ৷ প্ৰথম পাঁচখনৰ ভিতৰত এখনহে শিশুৰ বাবে উপযোগী কিতাপ আছে আৰু এখন চাইন্স ফিকশ্যন আছে৷

সাহিত্য ডট্ অৰ্গঃ বেজবৰুৱাৰ দিনৰ পৰা বৰ্তমানলৈকে চুটিগল্পৰ যি যাত্ৰা তাত চুটিগল্পই ন ন ৰূপ বিষয়বস্তু তথা শৈলীৰে সমৃদ্ধ হৈ আহিছে৷ আপুনি যেতিয়া প্ৰথম গল্প লিখিবলৈ আৰম্ভ কৰিছিল তেতিয়াৰ পৰা আপোনাৰ শেহতীয়া গল্পটোলৈকে আপোনাৰ লিখন শৈলীত কি পাৰ্থক্য অহা বুলি অনুভৱ কৰে?

প্ৰশান্ত কুমাৰ দাসঃ পাৰ্থক্য আহিছে৷ নিশ্চয়কৈ আহিছে৷ এইটো সকলো ক্ষেত্ৰতে হয়৷ আমি যেতিয়া লেখা-মেলা আৰম্ভ কৰোঁ সেইটো আমাৰ অপৈণত বয়স আছিল৷ স্কুলীয়া দিনত যৌৱনকালত, কলেজীয়া দিনত, মানে এটা অপৰিপক্ক বয়সৰ পৰা আৰম্ভ কৰা লেখা-মেলাবিলাক আহি আমাৰ এটা বয়সত পৰিপক্ক অৱস্থা পায়৷

আমি যেতিয়া প্ৰথম লিখিবলৈ লোৱা সময়ত সমুখত দেখা জগতখনৰ পৰা হোৱা অভিজ্ঞতাবিলাক, আমাৰ বিচাৰবোধ, চিন্তা কৰা শক্তি, এটা বস্তু পৰ্যবেক্ষণ কৰা শক্তি, তাক বিশ্লেষণ কৰা শক্তি, এই আটাইবোৰ অপৰিপক্ক হৈ থাকে৷

গতিকে সেই সময়ৰ লেখাবোৰৰ তুলনাত পৰৱৰ্তী বিশ-ত্ৰিশ বছৰ পিছত নিশ্চয়কৈ সলনি হ’ব৷ সলনি হোৱাটো অৱশ্যম্ভাৱী, কাৰণ মোৰ বয়সৰ লগে লগে মই জগতখন বেছিকৈ দেখিম, বেছিকৈ শিকিম, বিশ্লেষণ কৰাৰ, চোৱাৰ ধৰণবোৰ বেলেগ হ’ব, বেছি পৰিপক্ক হ’ব, কথাবোৰ নিৰপেক্ষ ভাবেও মই চাব পাৰিম৷

কম বয়সত আমাৰ অনুভূতিবোৰ বেছি, গতিকে লেখা-মেলা বিলাকতো ইম’শ্যন থাকে, দৃষ্টিভংগীবিলাক একপক্ষীয় হয়৷ কিন্তু যেতিয়া বয়স বাঢ়ি অহাৰ লগে লগে আমি নিৰপেক্ষ ভাবে যিকোনো কথা এটা বিচাৰ কৰাৰ ক্ষমতা এটা পাওঁ৷ গতিকে এটা বিষয় লৈ আমি বিশ বছৰ, বাইশ বছৰ বয়সত সাহিত্যত উপস্থাপন কৰা বিষয়টোৰ প্ৰতি মোৰ যিটো ধ্যান-ধাৰণা থাকে, বিশ্লেষণ থাকে সেই একেটা বিষয়ে যদি ত্ৰিশ বছৰ পিছত লিখিবলগীয়া হয়, সেই সময়ত হয়তো মই অন্যধৰণে লিখিম কাৰণ এই সময়ত বিষয়টোক মই নতুনকৈ চাবলৈ শিকিছোঁ৷

মানুহ এজন প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে বিষয় এটাক নতুনকৈ বেলেগ ধৰণে বিশ্লেষণ, নিৰপেক্ষ ভাবে বিশ্লেষণ কৰাৰ যিটো শক্তি পায় আৰু সেইটো আহৰণ কৰাৰ ফলতেই তেখেতে পিছৰ পৰ্যায়ত বেলেগকৈ লিখে৷ কিন্তু সেই একে সময়তে তেখেতৰ শৈলীৰ ক্ষেত্ৰটো এটা পৰিবৰ্তন আহে৷ এই শৈলীটো বিভিন্ন ধৰণে আহে৷ আপোনাৰ চিন্তাৰ ক্ষেত্ৰত পৰিপক্কতা অহাৰ ফলত আপুনি আগতে কলাসূলভ ভাবে কোৱা কথা এটা পিছৰ পৰ্যায়ত সলনি হৈ যাব৷ কাৰণ আপুনি এতিয়ালৈ বহুত আন কলা দেখিলে, বহুত কিতাপ পঢ়িলে, আপোনাৰ কথা কোৱাৰ ধৰণো সলনি হ’ল৷  গতিকে শেষলৈ মই যিয়েই নিলিখোঁ কিয় সেইটোৱেই প্ৰকাশ ভংগী হৈ পৰে৷ মই শিশু এটাক যি ধৰণে কথা কওঁ- সেই একেটা কথা আমি ডাঙৰ বা সমনীয়াজনক বেলেগকৈ ক’ম৷ ঠিক সেই ধৰণৰ কথাটো৷ যেতিয়া লিখি থাকিম, লিখি থকাৰ সময়ত মোৰ যিটো বৌদ্ধিক স্তৰ আৰু সেই স্তৰ অনুযায়ীহে মই কথাটো ক’ম৷ কিন্তু সময়ৰ লগে লগে মোৰ বৌদ্ধিক স্তৰটোও উন্নত হ’ব- তেতিয়া মোৰ কোৱাৰ ধৰণটো বেলেগ হ’ব৷ পৰিশীলিত হ’ব, ভাষা বেলেগ হ’ব, প্ৰকাশভংগী বেলেগ হ’ব, বাক্যবোৰ আবেগ নোহোৱাকৈ লিখিম৷ সেই শৈলীটোৰ ক্ষেত্ৰত এটা পৰিবৰ্তন আহিব৷ গল্প এটাৰ ক্ষেত্ৰতো এটা কাহিনী কৈ দিয়াৰ ধৰণে কলেই নহ’ব৷ মই এটা কাহিনী জানো আৰু ধৰা হওক যে কাহিনীটো এনেকৈ বৰ্ণনা কৰিলোঁ- এজন বুঢ়া আছিল, বুঢ়ী আছিল, ল’ৰা-ছোৱালী আছিল, অমুক হ’ল, এইটো হ’ল, এইটো হ’ল; এইটো এটা কাহিনী৷ এইটো কেতিয়াওতো নকৰোঁ? আমি গল্পটো কোৱাৰ চলেৰে আমি এটা কিবা এটা বেলেগ কথাহে ক’ম– এটা বিষয় ক’ম, মোৰ চিন্তাটো কি, এই গল্পটোৰ মাজেৰে মই কি ক’ব খুজিছোঁ, সেইটোহে আচল কথা৷

গতিকে সেই বস্তুটো মই পৰিষ্কাৰকৈ দেখা পোৱাৰ পিছৰ পৰ্যায়লৈকে মই এই কথাটো কেনেকৈ ক’ম, কোৱা কথাটোকে মই কিমানকৈ নতুন কথা ক’ম সেইটোকেই চিন্তা কৰিম৷ আনে লিখা গল্পটোকে হয়তো মই আকৌ এবাৰ লিখিম৷ কিন্তু মই মোৰ ধৰণে লিখিম, মই বেলেগকৈ লিখিম৷ মই এই ধৰণে লিখিবলৈ যত্ন কৰিম যাতে প্ৰতিজন পঢ়ুৱৈয়ে সেইটো গল্প পঢ়িবলৈ আগ্ৰহী হয়৷ গতিকে এই শৈলীটো মই কিতাপ পঢ়ি, সমসাময়িক সাহিত্যবোৰত কি ধৰণে কথা কয়, বিখ্যাত লেখকসকলে লেখা আমাৰ ভাল লগা গল্প বা কবিতা বা উপন্যাসবোৰৰ কথা, তেওঁলোকৰ পৰিবেশনৰ শৈলী, সেইবোৰো আমি পৰ্য্যবেক্ষণ কৰিহে আয়ত্ত কৰিম৷ এনেদৰে আমি আমাৰ কথাখিনিও সেইধৰণে, বা তেওঁলোকে কোৱাৰ বেলেগ ধৰণে ক’ব পাৰোঁ নেকি, বেছি আকৰ্ষণীয় কৰিব পাৰোঁ নেকি, সেইটো চিন্তাটো  মনত অনবৰতে থাকে৷ গতিকে শৈলীটো সেই সময়ৰ লগে লগে পৰিৱৰ্তন হয়৷ বিভিন্ন ধৰণৰ পঢ়া-শুনাৰ মাজেৰেও সেই শৈলীটো আয়ত্ত কৰোঁ৷ এটা সময়ত যেতিয়া ‘মেজিক ৰিয়েলিজিম’ বোলা বস্তুটো আহিছিল আমি তেতিয়া লাইব্ৰেৰীৰ পৰা অনুবাদ গল্প আনি পেলাই পঢ়ো৷ অনুবাদ সাহিত্য পঢ়ো, পঢ়োঁতে দুই এটা গল্প এনেকুৱা দেখোঁ যে সেইটো একেবাৰে অসম্ভৱ, অবিশ্বাস্য গল্প৷ সৰুতে পঢ়া এটা গল্প আছিল মোৰ মনত আছিল৷ কোনোবা এজন দেৱালৰ মাজেৰে সৰকি যোৱা৷ কোনে লিখিছিল মনত নাই, গল্পটোত এটা চৰিত্ৰ আছিল, চৰিত্ৰটোৰ এনেকুৱা অদ্ভুত ক্ষমতা এটা আছে যে দেৱালৰ মাজেৰে পাৰহৈ গুচি যায়৷ মানে দেৱালখনৰ মাজেৰে সৰকি গুচি যায়, কিন্তু আচলকৈ নহয়৷ তেওঁ বেৰৰ মাজৰে সৰকি যোৱা মানুহজনৰ মাজেৰে কাহিনী এটা কৈছিল৷ মই সেই সময়ত সেইটো পাহৰি গ’লোঁ, কিন্তু সেই লেখকে সেই কথাটো তেনেকৈ কিয় কৈছিল বা মূল কথাখিনি কি আছিল আৰু আবেদনটো কি আছিল নাজানো কিন্তু দেৱালৰ মাজেৰে সৰকা সেই ঘটনাটো বা চৰিত্ৰটোৰ অদ্ভুত, অবিশ্বাস্য ক্ষমতাটোৱে মোক উত্তেজিত কৰিবলৈ সক্ষম হৈছিল৷ আমি এই ধৰণৰ চুপাৰ ৰিয়েলিটি বা এবচাৰ্ড কথাও গল্পত লিখিব পাৰোঁ৷ ঠিক সেই সময়তে আমি মানে কলেজত পঢ়ি থাকোঁতে ‘কফকাৰ’ ‘মেটামোফ’চিচ গল্পটো পঢ়িবলৈ পালো৷ ‘মেটাম’ফ’চিচ’ গল্পটোৰ দৰে সেই ধৰণৰ গল্পৰ ক্ষেত্ৰত সিমান অভ্যস্ত নাছিলোঁ৷ মানে পঢ়াই নাছিলো৷ গল্পটোত গ্ৰেগৰ সামসাৰ নামৰ চৰিত্ৰ এটা আছিল৷ প্ৰথম বাক্যটোৱেই আৰম্ভণিতে এনেকুৱা- ৰাতিপুৱা সাৰ পাই দেখিলে যে সি এটা প্ৰকাণ্ড পতংগ হৈ আছে৷ পঢ়ি হতভম্ব হ’ব লাগিব যে এজন মানুহে ৰাতিপুৱা সাৰ পাই উঠি নিজকে এটা লেটাত পৰিণত হোৱা যোৱা দেখা পাইছে৷ তাৰ মানে এই বস্তুটো- এইযে এটা, কিবা এটা গল্প ক’ব, কাহিনী এটা ক’ব, কোৱাৰ লগে লগে তাত আমি বাস্তৱ বৰ্ণনাটোৱেই দিব লাগিব সেইটোত কোনো কথা নাই৷ গতিকে মূল বক্তব্যটোও আমি আন অন্য ধৰণেও ক’ব পাৰোঁ৷ মানে যি ধৰণে ক’লে মানুহে বেছি মনোযোগী হ’ব, আগ্ৰহী হ’ব, পঢ়িবলৈ চাব সেই ধৰণৰ শৈলী, সেই ধৰণৰ উপায় বা কৌশল লোৱা যাব পাৰে৷ সেইটো খুব পৰিকল্পিত ভাবে নহয়, এইটো স্বতঃস্ফূৰ্তভাৱে আহি যায়৷ এটা বিষয়ৰ লগত, সেই বিষয়টো কি ধৰণে ক’লে, উপযুক্ত হ’ব, যথাযথ হ’ব- সেই কথাটোলৈ মন কৰিলে তাৰ ৰূপটো নিজে নিজে আহি যায়৷ গতিকে মোৰ লেখাৰ শৈলীত, আগতে যিধৰণে লিখিছিলোঁ সেই লেখাবিলাক এতিয়া সেই শৈলীটোত নিশ্চয় নাই৷ পাঠকসকলে মোতকৈ ভালকৈ বুজি পাব৷ মই মানে সচেতনভাৱে কিবা সলনি কৰো বুলি কৰা নাই৷ এইটো নিজে নিজে, স্বতঃস্ফূৰ্তভাৱে হৈ যায়৷

সাহিত্য ডট্ অৰ্গঃ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক, সামাজিক পৰিৱেশক লৈ খুব বেছি গল্প সৃষ্টি হোৱা নাই যেন নালাগে৷ এই বিষয়ে আপুনি কি ভাবে?

প্ৰশান্ত কুমাৰ দাসঃ সেইটো সিমান শুদ্ধ বুলি নাভাবোঁ৷ মানে লিখিছে, নিলিখা নহয়৷ পলিটিকেল বিষয়ক লৈ, ৰাজনৈতিক বিষয়ক লৈ হয়তো কম হ’ব পাৰে৷ কিন্তু অসমীয়া সাহিত্যত একেবাৰে যে ৰাজনৈতিক দৃষ্টিভংগী নাই, ৰাজনৈতিক বিষয় নাই সেইটো নহয়৷ মোতকৈ কনিষ্ঠচাম, যেনে জুৰি বৰুৱা, পঞ্চানন হাজৰিকা, ৰত্না ভৰালী তালুকদাৰ, এনে লেখকসকলে লিখি আছে৷ বিপুল খাটনিয়াৰে তেওঁলোকৰ ৰাজনৈতিক বিষয় বিলাক খুব প্ৰত্যক্ষ ভাবে নহ’লেওঁ পৰোক্ষ ভাবে লিখি আছে৷ কিন্তু এনে বিষয়ৰ উপস্থাপন নোহোৱা হৈছে, একেবাৰে নাই যে তেনেকুৱা নহয়, আছে৷ কিন্তু হয়তো আমি ভাবোঁ যে বেছিহে লিখা দৰকাৰ নেকি?

সাহিত্য ডট্ অৰ্গঃ তুলনামূলক ভাবে কম…

প্ৰশান্ত কুমাৰ দাসঃ গল্প বুলিয়ে নহয়, সামগ্ৰিকভাৱে সাহিত্যত, উপন্যাস, কবিতা, গল্প এই আটাইবিলাকৰ ভিতৰত ৰাজনৈতিক বিষয়টো হয়তো ইয়াতকৈ বেছি আহিব লাগিছিল৷ কিয় লাগিছিল ক’ব লাগিব নেকি…?

সাহিত্য ডট্ অৰ্গঃ কওকচোন..৷

প্ৰশান্ত কুমাৰ দাসঃ আধুনিক মানুহৰ বাবে, আধুনিক পৃথিৱীখনৰ মানুহৰ বাবে ৰাজনীতি বিষয়টো খুব গুৰুত্বপূৰ্ণ বস্তু৷ ৰাজনীতি কংগ্ৰেছ, বিজেপি, এজিপি – এই ধৰণৰ দল বিষয়ক ৰাজনীতি নহয়৷ ৰাজনীতি হৈছে যে আপুনি আমি কোনো মানুহ স্বাধীন নহয়৷ কিবা নহয় কিবা প্ৰকাৰে আমি শাসিত৷ আমি কাৰোবাৰ দ্বাৰা পৰিচালিত হৈ আছোঁ৷ আপুনি কওঁ বুলি কথা এটা ক’ব নোৱাৰে, যাওঁ বুলি যাব নোৱাৰে, কৰোঁ বুলি কাম এটা কৰিব নোৱাৰে৷ আমাক ৰাজ্যৰ জৰিয়তে, সমাজৰ জৰিয়তে, সামাজিক অনুশাসনবিলাকে বান্ধি ৰাখিছে৷ কিছুমান নীতি-নিয়ম দিছে, সেই নীতি–নিয়মৰ মাজেৰে চলি আছোঁ৷ আমি সম্পূৰ্ণ স্বাধীন মানুহ নহয়৷ কিন্তু কথাটো হৈছে আমি কিয় শাসিত আৰু কি ধৰণে শাসিত? সেইটো এজন মানুহৰ কাৰণে বৰ জৰুৰী বস্তু আৰু এই বস্তু দুটায়েই জন্মৰ পৰা মৃত্যুলৈকে লগতে থাকে৷

গতিকে আমি যিহেতু শাসিত মানে সমাজখনত যেতিয়া একেলগ হৈ থাকিম, কিন্তু একনায়কত্ববাদততো যাব নোৱাৰোঁ, আমি কিছুমান নীতি-নিয়ম উলিয়াবই লাগিব৷ সেই নীতি-নিয়মবিলাক কোনে চম্ভালিব? আমিতো অকলশৰে থাকিব নোৱাৰোঁ, একলগ হৈয়েই থাকিব লাগিব৷ সকলোৰে মনবোৰ, দৃষ্টিভংগীবিলাক বেলেগ বেলেগ, মই যদি মোৰ মতে চলি থাকি বিচাৰোঁ, আপুনি যদি আপোনাৰ মতে চলি থাকিব বিচাৰে- ক’ৰবাততো এটা সংঘৰ্ষ হ’ব, সংঘাত এটা হ’ব- গতিকে আমাৰ ক’ৰবাততো এটা তাল-মিল ঘটাবৰ কাৰণে কিছুমান নীতি-নিয়ম লাগিব৷ সেই নীতি-নিয়মৰ কাৰণে সমাজ হ’ল, ৰাষ্ট্ৰ হ’ল৷ মানে সেই সমাজ আৰু ৰাষ্ট্ৰখন কোনোবাইতো চলাব লাগিব৷ গতিকে কোনোবাই চলাই থাকে৷ গতিকে আমি যিহেতু ৰাষ্ট্ৰ বা সমাজৰ নিয়মৰ অধীন, আমি শাসিত হৈ থাকিব লাগে, গতিকে আমি ইচ্ছাকৃতভাৱেই শাসিত৷ স্বেচ্ছাশাসিত৷ কিন্তু এই শাসন আমাৰ মংগলৰ বাবে হৈ আছে নে নাই, আমাৰ প্ৰতিজন ব্যক্তিৰ যিটো ব্যক্তিসত্তা, তাত ক’ৰবাত আঘাত পৰিছে নেকি? আমি নিজকে মানে দমনমূলক ব্যৱস্থাৰ মাজত আছোঁ নেকি? যদি সেইটো হয় তেন্তে কিমান অস্বস্তিদায়ক কথা হ’ব৷ গতিকে এতিয়াও আধুনিক পৃথিৱীখনত সকলোৱে এই ধৰণে সমাজৰ দ্বাৰা, ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত, শাসিত হৈ আছে৷ গতিকে সেই মানুহজনে.. তেওঁ নিশ্চয় বিচাৰিব.. তেওঁ শাসিত হ’ব কিন্তু তেওঁক যাতে দমন কৰি ৰখা নাযায়, তেওঁক যাতে শোষণ কৰা নাযায়- সেই কথাখিনিত তেওঁ নিশ্চিত হ’ব বিচাৰিব৷ গতিকে সেই বিষয়টো আমি এৰাই চলিব নোৱাৰো৷ আমি এই শাসন প্ৰক্ৰিয়াটোক ইমান নিয়ন্ত্ৰিত কৰি দিলোঁ, মানে গোটেই প্ৰক্ৰিয়াটো, কাৰবাৰটোৰ মাজত আমি যে শাসিত সেই কথাটো আমাৰ ভাবেই নহয়৷ আমি যে মুক্ত মানুহ নহয়, আমাৰ যে ভিতৰৰ যে অনুভূতি থাকে সেই কথাবোৰ প্ৰকাশ কৰিবলৈ গ’লে যে বহুত সীমাবদ্ধতাৰ মাজেৰে কৰিব লাগে সেই কথাটো আমাৰ ভাবেই নহয়৷ আমি ইমান অভ্যস্ত হৈ পৰিছো৷ গতিকে সাহিত্যততো মানুহৰ জীৱনৰ কথাকে কয়- আমিতো জীৱনটোকে তাত প্ৰতিফলিত কৰিম৷ গতিকে আমি যদি ক’ৰবাত দেখোঁ যে এই শাসন ব্যৱস্থাটোৰ মাজেৰে মানুহ এজনে ক’ৰবাত লাঞ্চিত হৈছে… তাক সীমাবদ্ধ কৰি তুলিছে তেতিয়া সেই কথাটো, সেই কথাবিলাক আমি প্ৰত্যেকে আপত্তি কৰিব লাগিব৷ গতিকে সেই আপত্তিবিলাক.. কোনোবাই আন্দোলন কৰিব, কোনোবাই কিবা কৰিব আৰু সাহিত্যিকবিলাকে কি কৰিব? লেখা-মেলা কৰা মানুহবিলাকে লেখা-মেলাৰ মাজেৰে প্ৰকাশ কৰিব৷ আৰু অন্য যিয়ে ক্ৰিয়েটিভ কাম কৰি থাকে- তেওঁলোকে তেওঁলোকৰ নিজৰ নিজৰ ফিল্ডত সেই ধৰণৰ কথাবিলাক প্ৰকাশ কৰিব৷ আপুনি মন কৰিব যে পৃথিৱীৰ বিখ্যাত সাহিত্যিক মানে অমৰ সাহিত্যিক, মহৎ সাহিত্যিক, তেওঁলোক আটইবোৰ পলিটিকেল মানুহ৷ গাৰ্চিয়া মাৰ্কুৱেজ, মিলান কুন্দেৰা, গুণ্টাৰ গ্ৰাছকে ধৰি তালিকা উলিয়াই লওক- আপুনি দেখিব তাৰে কিজানি ৮০% ৰাজনৈতিক মানুহ৷ ৰাজনৈতিক মানে তেওঁলোকৰ লেখা-মেলাবিলাকত ৰাজনৈতিক দৃষ্টিভংগী বিলাক নথকাকৈ নায়েই৷ নাৰী-পুৰুষৰ সম্পৰ্ক লৈও মিলান কুন্দেৰাই বহুত কিতাপ লিখিছে আৰু সেই কিতাপবোৰৰ মাজেৰেও ৰাজনৈতিক নীতি, ৰাজনৈতিক শাসন এইবোৰে মানুহৰ ইজন-সিজনৰ মাজত থকা সম্পৰ্ক, সামাজিক সম্পৰ্কবিলাক কি ধৰণে প্ৰভাৱিত কৰিছে সেই কথাবিলাক পঢ়িলেই গম পোৱা যায়৷ কিছুমান লেখকে ৰাজপথলৈকেও ওলাই আহে৷ যেতিয়াই সমাজত কিবা এটা সমস্যাই দেখা দিছে, ৰাজনৈতিক সংকটে দেখা দিছে, তেওঁলোকে ৰাজপথলৈ ওলাই আন্দোলনৰ অংশীদাৰ হয়৷ সক্ৰিয় ৰাজনীতিৰ অংশীদাৰ আছিল-মাৰিয়াছ ভাৰ্গিছ ল’ছা৷ মাৰ্কুৱেজহঁত, ছালমান ৰুশ্বদিৰ পৰা আৰম্ভ কৰি, ভি.এছ. নাইপলৰ পৰা আৰম্ভ কৰি সকলোৱে ৰাজনৈতিক দৃষ্টিভংগী নোহোৱাকৈ কোনো লেখকে স্থায়ী হ’ব নোৱাৰে৷ ৰাজনৈতিক মানে মই এইটোকে বুজাইছোঁ যে মানুহ এজনক নিয়ন্ত্ৰণ কৰি থকাৰ যিটো প্ৰক্ৰিয়া আৰু সামাজিক যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ মাজতে এজন মানুহে নিজকে কি ধৰণে অনুভৱ কৰে৷ সেই অনুভৱটোৱে ৰাজনৈতিক চেতনা৷

সাহিত্য ডট্ অৰ্গঃ পুনৰ গল্পৰ মাজলৈ উভতি আহিছোঁ৷ আপোনাৰ গল্পত প্ৰায়ে আমি নিঃসংগতা, একাকীত্বৰ অনুৰণন শুনিবলৈ পাওঁ৷ গ্ৰাস, বংশী চৌধুৰীৰ কি হ’ব, মজো কাকাৰ কাহিনী, যন্ত্ৰবোৰৰ ঘৰ ঘৰ,  ইত্যাদি গল্পবোৰত আমি নিঃসংগতাই দেখা পাওঁ৷ নিঃসংগতা আপোনাৰ প্ৰিয় বিষয় নেকি?

প্ৰশান্ত কুমাৰ দাসঃ প্ৰিয় নহয়৷ (হাঁহি)৷ প্ৰিয় বুলি কোনো অৱচেশ্যন নাই মোৰ নিঃস্ংগতাৰ প্ৰতি৷ কিন্তু যিটো সময়ত এইবিলাক লিখিছিলোঁ সেইটো সময়ত ….মানে…. কলেজ লাইফটোত আছিলোঁ বা কলেজ লাইফটো এৰি আহিছোঁ আৰু তেতিয়া জাষ্ট পঢ়া-শুনাটো শেষ হৈছে আৰু মই পঢ়া-শুনা শেষ কৰি আহি… পাৰ্টিকুলাৰ এই গল্পবিলাকৰ ক্ষেত্ৰত দেই.. সেইখিনি সময়ত মানে চাগে সকলো মানুহে এক ধৰণৰ একাকীত্ব অনুভৱ কৰেই আৰু৷ সেইটো সময়ত মানে বয়ঃসন্ধিৰ সময় এটা থাকেতো.. সেইটো মানে চাইক’ল’জিকেল কাৰবাৰ এটা হয়৷ সকলোৰে ক্ষেত্ৰতে হয়৷ মানে সেইখিনি সময়ত মানুহৰ মাজত থাকিও ক’ৰবাত অকলশৰীয়া অনুভৱ কৰা যায়৷ আৰু সংবেদনশীল মানুহৰ ক্ষেত্ৰত এইটো বেছি হয়৷ গতিকে চাগে কিছুমান কথাত সেই ধৰণে যদি আহিছে সেইটো মই নজনাকৈ আহিছে৷ নিঃসংগতা এটা প্ৰিয় চাবজেক্ট, মই তাক সাহিত্যত উপস্থাপন কৰিম, লিখিম- সেই ধৰণৰ নহয়, কিন্তু এই চৰিত্ৰবোৰৰ মাজত যিটো নিসংগতাৰ কথা আছে, যদি আছে বা তাৰ পাছতো কিছুমান চৰিত্ৰৰ মাজতো যদি আছে সেই নিসংগতাটো এনেকুৱা নহয় যে মানে… লগ-সংগ নাই, আত্মীয়-স্বজন ওচৰত নাই, অকলে ভাৰাঘৰত আছোঁ, অকলশৰীয়া লাগিছে- ঠিক সেইটো অনুভৱ নহয়৷ এইটো তাৰ নিজৰ অন্তৰৰ অনুভৱ, মনৰ ভিতৰত থকা এটা কাৰবাৰ এটা, বহুত হাজাৰ হাজাৰ, লাখ মানুহৰ মাজত ফিল্ড এখনত থিয় দি থাকিলেও সেই নিসংগতা থাকিব পাৰে৷ সেই বস্তুটোৱেই.. সেইটো অনুভৱ৷ সকলোৱে আচলতে নিসংগ, যি ন’হলেওঁ.. নিজৰ মাজতে নিজে থাকোঁ আৰু..৷ গতিকে সেই বস্তুটোৱে চাগে কেতিয়াবা ৰিফ্লেকশ্যনটো হ’ব পাৰে৷

সাহিত্য ডট্ অৰ্গঃ আপুনি এটা সময়ত ‘বিস্ময়’ত লিখিছিল৷ ক’ৰবাত পঢ়িছিলোঁ যে ‘বিস্ময়’ আলোচনীতে বহুত প্ৰতিষ্ঠিত লেখকে প্ৰথম আত্মপ্ৰকাশ কৰিছে৷ সেই হিচাপত অসমৰ আলোচনী জগতত বৰ্তমান ‘বিস্ময়’ৰ স্থান আপোনাৰ মতে কি?

প্ৰশান্ত কুমাৰ দাসঃ এইটো কথা সঁচা যে বিস্ময়খনৰ জৰিয়তে এতিয়াৰ বহু প্ৰতিস্থিত লেখকে আৰম্ভ কৰিছিল আৰু আন ক’ৰবাত যদি সাময়িক ভাবে লিখিছিলেও, তেওঁলোকে বিস্ময়তো লিখিছিলে৷ বিস্ময়খন অসমীয়া সাহিত্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অংশ৷ সাহিত্যৰ জগতখনত বিস্ময়খনে খুব এটা ডাঙৰ অংশ লৈ আছে৷ সেইটো সময়ত অন্যান্য আলোচনীবোৰো আছিল, চিৰিয়াচধৰ্মী আলোচনী আছিল.. সেইখিনি সময়তে শশী ফুকন ডাঙৰীয়াই বিস্ময়খন আৰম্ভ কৰিছিল৷ অন্যান্য আলোচনীবিলাকতকৈ তেওঁ অলপ বেলেগ ধৰণৰ সোৱাদ দিছিল৷ এটা পৰিয়ালৰ সকলোৱে পঢ়িব পৰা, সকলোৰে এটা ইণ্টাৰেষ্ট থকা, এনেকুৱা ধৰণৰ বিষয় লৈ, বিভিন্ন ধৰণৰ অনুবাদ গল্প, প্ৰবন্ধ, তাৰ পাছত চিনেমা এইধৰণৰ আলোচনী এখন৷ বিশেষকৈ বেংগলতো তেনেকুৱা ধৰণৰ আলোচনী আছিল, কিন্তু অসমীয়া সাহিত্যত বিস্ময়খন এই ক্ষেত্ৰত বাটকটীয়া আছিল৷ অসমীয়া মানুহৰ যিটো বৌদ্ধিক স্তৰ আৰু তেওঁলোকে বিস্ময়খনৰ লগত খুব আত্মীয়তাবোধ কৰিছিল৷ বিস্ময়ে এটা ডাঙৰ কাম কৰিলে যে দীৰ্ঘদিন ধৰি তেওঁলোকে পঢ়ুৱৈ সৃষ্টি কৰি আহিছে৷ আমাৰ দৰে যিসকলে এতিয়া লেখা-মেলা কৰোঁ বা পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী মানুহসকলে বিস্ময়খনেই প্ৰথমতে হাতত লৈছিলোঁ৷ কোনোবাই যদি চিনেমা শিতানটো চাইছিল আৰু শেষ পৃষ্ঠাটোও চাইছিল, তথাপিতো আলোচনীখন নিয়মীয়াকৈ পঢ়িছিল৷ বিস্ময়খন আমাৰ হাতত পৰাৰ সময়ত আমি ফেণ্টমৰ কমিকচখিনিৰে পঢ়া আৰম্ভ কৰিছিলোঁ৷ ফেণ্টমৰ কাৰ্টুন এটা আছিল, সেইটো পঢ়িয়েই ভাল পাইছিলোঁ৷ তাৰ পাছৰ পৰা বাকী লেখাবিলাকো পঢ়িবলৈ ল’লো৷ পঢ়ি যে ভাল লাগে, পঢ়াতো যে এটা নিচাত পৰিণত হয়- সেইটো কিন্তু বিস্ময়ৰ মাজেৰেহে আৰম্ভ হ’ল৷ কিন্তু অকল মোৰ ক্ষেত্ৰতে নহয়, আপুনি সুধিব- এতিয়া আমাৰ এই মানে আগৰ চামটো বা আমাৰ সমসাময়িক যিখিনি আছে, যিখিনি সাহিত্যৰ প্ৰতি আগ্ৰহী আৰু পঢ়া-শুনা কৰে, ভালপায় আৰু তেওঁলোক সকলোৱে বিস্ময়খন ভাল পাইছিল৷ গতিকে সেই যে বিস্ময়ে ভালপোৱা এটা জগাই তুলিছিলে সেইটোৱেই অসমীয়া সাহিত্যৰ কাৰণে তেওঁলোকৰ পৰা এটা ডাঙৰ বৰঙণি৷ কাৰণ বিস্ময়ক সাহিত্য আলোচনী হিচাপে সমালোচক সকলে বা সাহিত্যৰ বৌদ্ধিক মহলে স্বীকৃতি নিদিলে৷ কিন্তু স্বীকৃতি নিদিলেও বাকী সাহিত্যখিনি যে পঢ়িবলৈ এচাম নতুন পঢ়ুৱৈ আহিল, সেইখিনি বিস্ময়ৰ মাজেৰেই অহা৷ প্ৰদীপ বৰুৱাই এটা সময়ত বিস্ময়ৰ কিবা এটা প্ৰসংগক লৈ এইটো কথা কৈছিল৷ তেওঁলোকে ভালকৈ বুজিছিল৷ কাৰণ বিস্ময়ৰ বহুত পিছত প্ৰান্তিকখন উলিয়াইছিল আৰু প্ৰান্তিকত যিখিনিয়ে লেখা-মেলা কৰিছিল, প্ৰান্তিকৰ যিখিনি পাঠক-সেইখিনি কিন্তু প্ৰথমতে বিস্ময়ৰহে আছিল৷ কেবল মই পাঠকৰ সমাজৰ কথাটো ক’লোঁ যে এচাম নতুন পাঠক সৃষ্টি কৰাৰ ক্ষেত্ৰত বিস্ময়ৰ এটা যোগাত্মক অৰিহনা আছে৷ তাৰ লগতে তেওঁলোকে সমানে লেখক সৃষ্টিৰ ক্ষেত্ৰতো এটা ভূমিকা লৈছিলে৷ এতিয়া কিছুমানৰ নামো ক’ব পাৰোঁ, যিখিনি মোৰ মনত আছে আৰু.. মনোজ গোস্বামীহঁতৰ নিচিনা লেখকেও বিস্ময়ৰ পাততে আৰম্ভ কৰিছিল৷ মনোজ গোস্বামী, তাৰপাছত আৰু বহুত সাংবাদিক আছিল, মাণিক বড়া, তাৰপিছত সুৰেন্দ্ৰ নাথ মেধি.. ঠিক বিস্ময়ৰ পাতত আৰম্ভ হৈছিল নে নাজানো, কিন্তু বিস্ময়ত তেওঁলোক আটায়ে লিখিছিল৷ সেইটো সময়ত আনকি ভবেন শইকীয়াইও বিস্ময়ত লিখিছিল৷ বিস্ময়ৰ পাছৰ পৰ্যায়ত ৰংঘৰ নামৰ আলোচনী এখন উলিয়াইছিল, তাতো তেওঁলোকে লিখিছিল৷ তেনেকৈ বহু স্বনামধন্য লেখক, তেওঁলোকে কিন্তু আৰম্ভণিখিনি বিস্ময়ৰ মাজেৰে কৰা৷ গতিকে সেইযে লিখিবলৈ স্থান এটা পাইছে, গল্প এটা ওলাইছে সেইটোৱেই এটা উৎসাহ৷ তাৰ পাছৰ পৰা চিৰি বগাই বগাই গৈ থাকিবলৈ এটা সুবিধা হৈছে, গতিকে বিস্ময়ে সেই স্থানটো, সেই সুবিধাটো, সুযোগটো দিছিল, গতিকে বিস্ময়ৰ বৰঙণিটো আমি কেতিয়াও উপেক্ষা কৰিব নোৱাৰো৷ পিছে দুখৰ কথাটো এয়ে যে বিস্ময়ে যিখিনি মৰ্য্যাদা পাব লাগিছিল, আমি দিব নাজানিলোঁ৷

আৰু এটা কথা, সেইখিনি সময়ত প্ৰকাশ হৈ থকা সাহিত্যৰ আলোচনীবোৰ চিৰিয়াচ ধৰণৰ কিন্তু বিস্ময় খুব চিৰিয়াচ মেগাজিন নহয় – সেই ধৰণৰ ধাৰণা এটা বহুতৰে আছিল৷ কিন্তু সেইটো সময়ত বহু বিখ্যাত গল্প তেওঁলোকে অনুবাদ কৰিছিল, পঢ়ুৱৈক বিশ্বৰ বিখ্যাত সাহিত্যৰ আভাস দিছিলে, ক’ত কি হৈছিল আৰু সমসাময়িক ঘটনাপ্ৰৱাহ, বিজ্ঞানৰ পৰা ৰাজনৈতিক সকলো বিষয় তেওঁলোকে সামৰি লৈছিল৷ গতিকে বিস্ময়খনক অৱহেলা কৰাতো ভাল কথা নহয়৷

সাহিত্য ডট্ অৰ্গঃ আমাৰ দৰে অপৰিপক্ব গল্পকাৰৰ মনত সদায় এটা প্ৰশ্নই ভূমুকি মাৰে৷ ভাল গল্প মানে সাৰ্থক গল্প এটা লিখাৰ কৌশলটো কি?

প্ৰশান্ত কুমাৰ দাসঃ মই যিদিনাখন সাৰ্থক গল্পৰ কৌশলটো বিচাৰি পাম নিশ্চয়কৈ আপোনাক ক’ম (হাঁহি)৷ সাৰ্থক গল্পৰ কৌশলটো কেনেকুৱা জানেনে? আপোনাৰ পিঠিত তিল এটা আছে সেইটো আপুনি যে কোনো ধৰণৰ আইনা-তাইনা নোহোৱাকৈ চাবলৈ বিচাৰি আছে, কথাটো তেনেকুৱা৷ মই এটা সাৰ্থক গল্প লিখিম

One thought on “গল্পকাৰ প্ৰশান্ত কুমাৰ দাসৰ সৈতে সাক্ষাৎকাৰ

  • December 18, 2018 at 11:48 am
    Permalink

    সাক্ষাৎকাৰটোৰ যোগেদি বহুতো নজনা কথা জানিব পাৰিলোঁ। উপকৃত হ’লোঁ। অসমীয়া ডট অৰ্গ’ক এনে এটা সাক্ষাৎকাৰ উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!